ফটাঢোল

সফল ব্যৱসায়ী শ্ৰীঅলকেশ ভাগৱতীৰ জীৱনৰ এটা দিন – অভিজিত কলিতা

অসমীয়া মানুহে হেনো ব্যৱসায় কৰিব নাজানে, বা জানিলেও নকৰে। সঁচাকৈয়ে চাবলৈ গ’লে ব্যৱসায়ৰ ক্ষেত্ৰখনত প্ৰতিষ্ঠা লাভ কৰা অসমীয়া মানুহৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা। আজিও সাধাৰণ অসমীয়া লোকসকলে নিজৰ সন্তানক ডাঙৰ হৈ ভাল ব্যৱসায়ী হ’ব বুলি আশা নকৰে। ঐতিহাসিক ভাৱে অসমীয়াসকলে ব্যৱসায়ক গুৰুত্ব নিদিয়া বাবে, অসমীয়াই কেতিয়াও ব্যৱসায়িক নেটৱৰ্ক এটা গঢ়ি তুলিব নোৱাৰিলে। আৰু অনভ্যাসৰ বাবেই অসমীয়া লোকৰ ব্যৱসায় বুদ্ধি একেবাৰে সীমিত হৈ থাকি গ’ল বুলি ক’লেও ভুল নহ’ব।
কিন্তু এই প্ৰতিকূল পৰিবে‍শৰ মাজতো, দুই এজন অসমীয়া লোকে ব্যৱসায়ৰ জগতখনত প্ৰতিষ্ঠা লাভ কৰাই নহয়, উদ্ভাৱনীমূলক ব্যৱসায় বুদ্ধিৰে প্ৰতিষ্ঠিত ব্যৱসায়ীসকলৰ লগত সমানে খোজ দি ধনৰ পাহাৰ গঢ়িবলৈ সক্ষম হৈছে। আজি আমি আপোনালোকক চিনাকি কৰি দিব খুজিছোঁ তেনে এজন উদীয়মান, প্ৰতিভাবান আৰু সফল ব্যৱসায়ী, শ্ৰীঅলকেশ ভাগৱতীৰ সৈতে।

উজনি অসমৰ এখন অখ্যাত ঠাইত জন্ম লাভ কৰা ভাগৱতী পঢ়াত মধ্যমীয়া আছিল যদিও তেখেতৰ তীক্ষ্ণ বুদ্ধিৰ বাবে সৰুকালতেই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছিল। পৰৱৰ্তী সময়চোৱাত তেওঁ উচ্চশিক্ষাৰ বাবে গুৱাহাটীলৈ আহে আৰু নিজৰ অজ্ঞাতসাৰেই ব্যৱসায়ৰ জগতখনত সোমাই পৰে। আৰু কালক্ৰমত তেওঁ ব্যৱসায়ত দোপত দোপে আগুৱাই যায়, আৰু আজি আমি পাঠকক জনাবলৈ পাই সুখী হৈছোঁ যে, আজিৰ তাৰিখত ভাগৱতীৰ নামী বেনামী মিলাই মুঠ সম্পত্তিৰ পৰিমাণ চাৰিশ কোটিতকৈয়ো বেছি।

মাত্ৰ দহ-পোন্ধৰ বছৰৰ ভিতৰতে প্ৰায় শূন্য মূলধনেৰে ব্যৱসায় আৰম্ভ কৰি ভাগৱতীয়ে আজি এই অৱস্থাত উপনীত হৈছেহি। কি তেওঁৰ ব্যৱসায়, তেওঁৰ USP বা ইউনিক চেলিং প্ৰপ’জিচন কি, যাৰ বাবে তেওঁ এনেদৰে দোপত দোপে উন্নতি কৰিব পাৰিছে?

কথাটো জানিবলৈ আমি এটা দিন কটাইছিলোঁ শ্ৰীভাগৱতীৰ সৈতে, মাজে মাজে দুই এটা প্ৰশ্ন সুধিছিলোঁ, জানিবৰ চেষ্টা কৰিছিলোঁ তেওঁৰ ভিতৰৰ মানুহজন। এয়া সাক্ষাৎকাৰ নহয়, সেই সাক্ষাৎকাৰৰ ভিত্তিত যুগুত কৰা এটা লেখনিহে।

***
সেইদিনা পুৱাতে গৈ আমি উপস্থিত হৈছিলোঁ ভাগৱতীৰ ব্যৱসায়স্থলীত। প্ৰকাণ্ড খেলপথাৰৰ দৰে স্থান এখনত চাৰিওকাষে সৰু সৰু জুপুৰী সাজি থোৱা আছে, দুটামান দমক’ল আৰু কেইটামান তৰ্জাৰ বেৰৰ গা-ধোৱা ঘৰ, পায়খানা আদি। ঘৰবোৰত ভৰি ভৰি মানুহ। হুলস্থূল লাগি পৰিছে, কোনোবাই গা ধুইছে, কোনোবাই পায়খানাৰ বাহিৰত বহি ভিতৰত থকাজনক ওলাই আহিবলৈ দুৱাৰত ঢকিয়াই আছে। কেইজনীমান শাৰী পিন্ধা মহিলাই কালৈকো ভ্ৰূক্ষেপ নকৰাকৈ দমক’লৰ পাৰতে গা ধুই আছে। নাকত শেঙুন ওলোৱা কেইটামান কেঁচুৱাই চিঞৰ বাখৰ কৰি দৌৰি ফুৰিছে। একাষৰ এটা অলপ ডাঙৰ যেন লগা ঘৰত ভাত ৰন্ধা হৈছে। তিনিটকীয়া চাউল আৰু সেমেকা মচুৰ দাইলৰ সুগন্ধ বিয়পি পৰিছে।

-“ঐ, সোনকাল কৰ। ন বজাত ট্ৰাক আহিব, চব ৰেডী হৈ যাবি। দেৰি কৰিলে হাজিৰা কাটিম, পিছত কাঁই কাঁই কৰি নেথাকিবি!”
ঠাইডোখৰৰ এচুকত থকা অলপ অফিচ যেন দেখা ঘৰ এটাৰপৰা ভাগৱতীৰ টেঙটেঙীয়া মাত ভাঁহি আহিল। মানুহবোৰৰ হুলস্থূল আৰু বাঢ়ি গ’ল।

আমি ইফালে-সিফালে চাই অফিচ ঘৰটোৰ ফালে আগবাঢ়ি গ’লোঁ। অফিচটো পকা, ভিতৰখিনি সুন্দৰকৈ সজোৱা। এয়াৰ কণ্ডিচনাৰ চলি আছে, চোফা-টেবুল আদিৰে বিলাসী কাৰবাৰ। টেবুলত ভাগৱতী বহি আছে, আৰু চাৰি পাঁচজন লোক থিয় হৈ তেওঁক কিবা কিবি কাগজ পত্ৰ দেখুৱাই আছে। এজন অনুচৰ যেন লগা ল’ৰাই ভাগৱতীক কৈ আছে।

-“দাদা আজি তিনিটা প্ৰগ্ৰেম আছে। কলিয়াবৰত এটা ৰাষ্টা ৰোকো, দুলীয়াজানত এটা ধৰ্মঘট আৰু এটা শোভাযাত্ৰা। শোভাযাত্ৰাটো লাষ্ট গে’টলৈ যাব।”
-“অকে! শোভাযাত্ৰাৰ পাৰ্মিচন লৈছে নেকি?”
-“নাই লোৱা দাদা। আমি আৰু ক’ত…”
-“ভাল কৰিছ। মই তেনে শোভাযাত্ৰাতে থাকিম, ঝেং হোৱাৰ চান্স আছে। পুলিচলৈ দুই এটা শিলগুটি মাৰিব লাগিব, ৰেডি কৰি থ’বি। বাকী ৰাষ্টা ৰোকোৰ বাবে এশ মানুহ দি খগেনক পঠাই দে, ট্ৰাক আহি যাব। আচ্ছা ধৰ্মঘটৰ কাৰণটো কি আছিল?”
-“ৰব দাদা, পাহৰিলোঁ নহয়, দুলীয়াজানৰ লোকেল এজেণ্টজনক ফোন কৰি আপোনাক জনাম।”
-“সেই কাৰণেই মই তোক বহী এখনত সকলো লিখি ৰাখিবলৈ কওঁ। ঘপকৈ কোনোবাই কিবা সুধি দিলে মই বিপদত পৰি যাম, কিমান ইছ্যু আছে। মই কি চব অকলে মনত ৰাখিব পাৰিম নেকি? অলগদ্ধ চব, কোনো কামৰ নহয় তহঁত। দুলিয়াজানত কবি যেনে তেনে অইলৰ ওপৰত প্ৰেছাৰ বনাই ৰাখিবই লাগিব। পোন্ধৰখন জেচিবি দিম বুলি কৈ আজিলেকে দিয়া নাই! ৰাষ্টা ৰোকো বেছি দেৰি নকৰিবি, দুই তিনিঘণ্টা হ’লেই যথেষ্ট! বেছি হ’লে নিগেটিভ যাব পাৰে। আৰু ক’বি যে মাৰপিট কৰিবলগা হ’লে ডেকা মানুহবোৰক কৰে যেন, বুঢ়া, মহিলা আৰু শিশুৰ গাত হাত নিদিয়ে যেন।”

গুৰুত্বপূৰ্ণ আলোচনা চলি থকা দেখি আমি অফিচত সোমাবলৈ অলপ ইতঃস্তত কৰিলোঁ। এয়া ব্যৱসায়ৰ সময়, আমি আহি যেন অসুবিধাহে দিলোঁ। কিন্তু অলপ পাছতে ভাগৱতীয়ে আমাক দেখা পালে,

-“ঐ! কোন সেইকেইটা! কি লাগে ইয়াত। ধৰি আন এইকেইটাক।”

পলকতে অনুচৰবৰ্গই আমাক পুলিচে এৰেষ্ট কৰাৰ দৰে ধৰি ভাগৱতীৰ ওচৰলৈ চোঁচৰাই লৈ গ’ল, আমি ভয় খালোঁ।

-“কোন তঁহত?”
-“মানে দাদা, আমি আলোচনীৰপৰা আহিছোঁ, আপুনিয়ে আমাক মাতিছিল। সময়ো দিছিল, এটা দিন আপোনাৰ লগত কটোৱাৰ কথা আছিল।”
-“হাঁ! হয় নেকি? অহহহহ মনত পৰিছে! য়েছ। ফোন এটা কৰি আহিব লাগে নাজান নেকি? মই বিজি মানুহ, কিমান চিন্তা মোৰ। বহ বহ!”

সাক্ষাৎকাৰ ল’বলৈ অহাজনক ‘তই’ বুলি মতা সাধাৰণতে শুনা নেযায়! অলপ চেণ্টিতো লাগিল। তথাপিও মই তেখেতৰ কাষতে থকা চকীখনত বহি পৰিলোঁ।

-“অলপ আঁতৰি বহচোন তই। মোৰ কেতিয়াবা খং উঠি যাব, চৰ মাৰি দিম। যা দূৰত গৈ বহ।”

এইবাৰ মোৰ সঁচাকৈয়ে খং উঠিল, কি অসভ্য মানুহ।

-“কি চৰ মাৰি দিম বুলি কয়হে? মাৰক, মাৰক দম আছে যদি। ময়ো হাতত খাৰু পিন্ধি অহা নাই। ×@#&^$ ইণ্টাৰভিউ দিম বুলি নিজে মাতিব আৰু অহাৰপৰা ইমান অসভ্যালি কৰি আছে। কি বুলি ভাৱিছে আমাক? মাৰক! মাৰক চৰ! মাৰক বুলিছোঁ নহয়। তাৰ পাছত ময়ো চাম ক’ৰ পানী ক’লৈ যায়।”, মই সঁচাকৈয়ে উত্তেজিত হৈ পৰিলোঁ।

ভাগৱতীয়ে অলপ সময় তভক মাৰি মোলৈ চাই থাকিল। আৰু হঠাত ঢেকঢেকাই হাঁহি উঠিল..মই আচৰিত হ’লোঁ।

-“কেনে লাগিল মোৰ এক্টিং? তোমাৰ খং উঠিল নে? পূৰা তাঁৰ চিঙি গ’ল না? হা হা, তাৰ মানে মই চাক্সেছফুল। আৰু দুষাৰ কথা কৈয়ে মই তোমাক মোৰ ওপৰত হাত তুলিবলৈ বাধ্য কৰিব পাৰিলোহেঁতেন আৰু তাৰ পাছত তোমাক কিছুদিনৰ বাবে জেললৈয়ো পঠাব পাৰিলোহেঁতেন। হা হা ! এয়াই মোৰ ব্যৱসায়িক সফলতাৰ মূলমন্ত্ৰ! এই সুদক্ষ অভিনয়েৰেই মই লাখ লাখ মানুহক বুৰ্বক বনাই মোৰ প্ৰডাক্টবিলাক কিনিবলৈ বাধ্য কৰি আহিছোঁ। আই এম গ্ৰে’ট!! বহা বহা, অই চাহ লৈ আন। মই অলপ কাম কৰি লওঁ।”

আমি চুচুক চামাককৈ বহি থাকিলোঁ। অলপ পাছত সাহস গোটাই সুধিলোঁ,

-আপোনাৰ কামবিলাক আচৰিত লাগিছে। আচলতে ব্যৱসায়টো কি আপোনাৰ?

ভাগৱতীৰ চকু মুখত মিচিকি হাঁহি এটা বিয়পি উঠিল।

-“মোৰ বিজিনেছটো ইউনিক। এই দেখিছাই নহয়! চিধা কথাত ক’বলৈ গ’লে জংগী আন্দোলন কৰাই মোৰ ব্যৱসায়। মই আন্দোলন কৰিবৰ বাবে মানুহ ৰেডি ৰাখোঁ, খুৱাই বুৱাই, পইচা পাতি দি। যাতে আধাঘণ্টাৰ ভিতৰতে আমি কিবা এটা গণতান্ত্ৰিক প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিব পাৰোঁ। টাইম ইজ মানি। ইয়াত দেৰি কৰি থাকিলে আনে সুবিধা লৈ ল’ব। সেইকাৰণে কুইক একচন লাগে। ইছ্যু এটা ওলোৱাৰ বৰ বেছি এঘণ্টা পাছতে আমি সমগ্ৰ অসম বন্ধ কৰি দিব পাৰোঁ। গতিকে মানুহে মোলৈ ভয় খায়, আৰু মই এই ভয়টো জীয়াই ৰাখো। এই যে তোমাক ধমকি দিলোঁ, হকে বিহকে, সেয়াও ভয় খুওৱাৰে এটা টেকনিক।”
-“মানে আমি বুজা নাই। আপুনি যে আন্দোলন কৰে, ব্যৱসায় ভিত্তিত কৰে নেকি?”
-“আৰু কি! বাকী বিজিনেছত সোমাবলৈ সুৰুঙা ক’ত। মই এই ধান্দাটোত প্ৰচপেক্ট দেখিলোঁ। অৱশ্যে মোৰ আগৰপৰাও বহুতে এইটো ব্যৱসায় কৰি আহিছে। মই তাত যেনিবা অলপ নতুনত্ব দিব পাৰিলোঁ। সেয়ে মোৰ গ্ৰাহক বেছি।”
-“কিন্তু তাৰ পৰা ইনকাম কেনেকৈ হয়?”
-“এহ ৰ’বাহে, বৰ অধৈৰ্য তুমি। অলপ সময় মোৰ লগত থাকা সকলো বুজি পাবা”
-“কিন্তু এটা কথা নহয়, আপুনি ৰাইজৰ বিশ্বাসক লৈ বিজিনেছ কৰিছে, কেনেবাই ৰাইজে গম পাই যায় যদি….ধৰা পৰি…………”

“অসম আমাৰ ৰূপহী গুণৰো নাই শেষ………………….”

মোৰ প্ৰশ্নৰ মাজতে ভূপেনদাৰ গানৰ ৰিংটোনেৰে ভাগৱতী ডাঙৰীয়াৰ ফোনটো বাজি উঠিল, ফোনটো লৈ চাই তেওঁ মোক ফুচফুচাই ক’লে,

-“ৰবা, অমুক মন্ত্ৰীৰ ফোন! মই ধৰি লওঁ।”

তেওঁ যিজন প্ৰৱল প্ৰতাপী মন্ত্ৰীৰ কথা ক’লে, তেওঁ দেখোন অফিচিয়েলি ভাগৱতীৰ প্ৰধান শতৰু। তেওঁ চাগে এতিয়া ফোনটো লৈ আঁতৰলৈ উঠি যাব, গোপন কথা হ’ব চাগে।

কিন্তু আচৰিত ভাৱে, তেওঁ উঠিতো নগ’লেই, ফোনটো সকলোৱে শুনাকৈ লাউড স্পীকাৰতহে দিলে, আমি মন্ত্ৰীৰ মাত স্পষ্টকৈ শুনা পালোঁ,

-“কি ভাগৱতী, কালি টিভিত খুব মোৰ বদনাম গালে নহয়! হা হা ! গাওক গাওক, মানুহৰ এণ্টাৰটেইমেণ্ট হৈ থাকিব লাগে। বাকী খবৰ কওক।”
-“হে হে ! সুবিধা পাই প্ৰতিশোধ ল’লোঁ আকৌ, সেইদিন আপুনি নিউজ পেপাৰত যে মোক খুন্দি পেলাইছিলে পাহৰিলে হ’বলা, হা হা !”
-“হমমমম! বুজি পাইছোঁ মই। বাৰু একো নাই! আজি কি বৰ বিজি নেকি? “
-“নাই, বেছি বিজি নহয়। দুটামান কেছ কৰিম। বৰ গৰম পৰিছে নহয়।“
-“আচ্ছা শুনক। এই উত্তৰ গুৱাহাটীৰ মাটিৰ কে’চটো আপুনি এতিয়াই ফ’কাচত নানিব। বহুত লোকচান হৈ যাব মোৰ। কেতিয়াবা কিবা কৰিবলগা হ’লে মই ক’ম। সদ্যহতে আপুনি পুৰণা কেচকেইটাকে কৰি থাকক।”
-“মই জানো আপুনি কিবা দৰকাৰতহে মোলৈ ফোন কৰিছে। মোৰ ওচৰত উত্তৰ গুৱাহাটীৰ কেচটো আহিছে, আপোনাক মই ফোন কৰাৰ কথাই আছিল। হিচাপমতে মই ইমিডিয়েট কিবা এটা কৰিবই লাগে। কিন্তু আপুনি মোৰ পুৰণা বিজিনেছ পাৰ্টনাৰ, আপোনাৰ কথা মই ৰাখিম। সদ্যহতে একো নকৰোঁ। কেৱল মোৰ ফীজটোৰ কথা নাপাহৰিব। যোৱাবাৰ আপুনি বহুত দেৰি কৰিলে।”
-“না না, তেনে নকৰো। আজিৰ ভিতৰত তিনি এটা পঠাই দিম। লাগিলে পিছত আকৌ দৰকাৰ হ’লে ক’ব। কে’চটো ওলাব নেলাগে কিন্তু।”
-“ড’ণ্ট ৱৰী, নোলায়। মই কথা দিলোঁ।”
-“অকে দেন, থেংক ইউ। পিছত লগ পাম।”
-“বাই!”

ফোনটো সামৰি তেওঁ আকৌ মোলৈ চালে,

-“কি সুধিছিলা?”
-“নাই সুধিবৰ প্ৰয়োজন নাই আৰু, আমি বুজিলোঁ। পইচা কেনেকে আহে, বা ধৰা পৰিলে কি হ’ব…আমি বুজিছো।“
-“এয়া চোৱা, ঘৰতে যাঁচি পইচা দিলেহি মানুহে। মই আচলতে উত্তৰ গুৱাহাটীৰ কে’চটো একো নাজানোৱেই, নিজেই মোক জনালে, আৰু পইচাও দিলে। হা হা, এয়াই মোৰ ৰেপুটেচন, বিজিনেছত ৰেপুটেচন বৰ ডাঙৰ বস্তু।
-“পিছে মই এতিয়া কথাটো ইনভেষ্টিগে’ট কৰিম, অলপ তথ্য গোটাই থ’ব পাৰিলে ভাল। আৰু মন্ত্ৰীৰনো কি আহে যায়, তেওঁ কি নিজৰ জেপৰপৰা এই তিনিকোটি মোক দিব নেকি? মই জানো! আৰু তুমি ধৰা পৰাৰ কথা কৈছে। হৌৰা, মই দেখোন সদায়ে ধৰা পৰি থাকোঁ, আজিলৈকে মোৰ কিবা হৈছে নেকি। তুমিও শুনিলা মোৰ মন্ত্ৰীৰ লগত কথা বতৰা। যোৱা, কাইলে পেপাৰত লিখাগৈ, টিভিত কোৱাগৈ। মোৰ নোম এডালো লৰাব নোৱাৰা তুমি! এই যে ধৰা পৰা কথাটো, তাৰ বিপক্ষে মোৰ অস্ত্ৰ মজুত আছে। মোক যিয়েই ধৰে, তাকেই মই বদনাম কৰি দিম। যদি পুলিচে ধৰে, পুলিচক গালি দিম, যদি হাইকৰ্টে শাস্তি দিয়ে, হাইকৰ্টক বিক্ৰী যোৱা বুলি ক’ম, যদি চুপ্ৰীম কৰ্টে ঝেং কৰে, চুপ্ৰীম কৰ্ট চৰকাৰৰ বহতীয়া বুলি ক’ম, আনকি যদি কাইলৈ ৰাষ্ট্ৰসংঘইয়ো মোক কিবা বেয়া বুলি কয়, মই ৰাষ্ট্ৰসংঘকে পূঁজিবাদী আমেৰিকাৰ ভেৰোণীয়া সন্থা বুলি আন্দোলন চুৰু কৰি দিম। আৰু মই জানো, অসমৰ মেডিয়া আৰু ৰাইজ মোকেই বিশ্বাস কৰিব। এনেও অসমীয়া মানুহৰ এটা হীনমন্যতা আছে, সকলোৱে আমাক এনিটাইম শোষণেই কৰি থাকে বুলি ভাবে, গতিকে তেওঁলোকে মোকেই বিশ্বাস কৰিব। আৰু মেডিয়াইয়ো ৰাইজে যি ভাল পায়, তাকে দেখুৱাব। বুজিলাতো?”
-“বুজিলোঁ ডাঙৰীয়া, আপোনাৰ আত্মবিশ্বাস অতুলনীয়। এটা কথা কওকচোন, শুনামতে আপুনি প্ৰথমতে মানৱ অধিকাৰৰ ব্যৱসায়ত হাত দিছিল, সেই ব্যৱসায় কিয় এৰিলে? তাত লাভ ক’ম নেকি?”
-“লাভ ক’ম নহয়, সেইটোও এটা ভালেই ব্যৱসায়। কিন্তু তাত যিবোৰ ঠাইত এটেক দিব লাগে, সেই ঠাইবোৰ বৰ বিপদজনক। প্ৰায়বোৰ কে’চেই মিলিটেৰী, পুলিচ আদিৰ বিপক্ষে থাকে। তেওঁলোকৰ লগত লাগি থকা ভাল কথা নহয়, কোনোবা দিনা এনকাউণ্টাৰ কৰি হাতত হস্তনিৰ্মিত পিষ্টল এটা দি, নিউজ পেপাৰৰ ফটো বনাই দিব পাৰে। ইমান ৰিস্ক লোৱা ভাল নহয়। তাৰ তুলনাত বৰ্তমান মোৰ টাৰ্গেটবিলাক সহজ, মানে এই কৰ্পৰেটবিলাক। বেচেৰা তাৰ চাকৰিয়ালকেইটাই মূৰ গুজি পঢ়ি পঢ়ি ডিগ্ৰী গোটাই থাকোঁতে প্ৰেক্টিকেল লাইফ নেদেখিলেই। এচি ৰূমত সোমাই বিজিনেছ টাৰ্গেট এনালাইছিছ কৰি থাকোতেই জীৱন গ’ল। এওঁলোক বিৰাট ভীৰু আৰু সেয়ে ভালনাৰেবল। এটা ধমকিতে লাইনত আহি যায়। লগতে বহুত পইচা আছে হাতত। কৰ্পৰেটক টাৰ্গেট কৰাৰ পাছতহে মোৰ ব্যৱসায়ত ইমান উন্নতি হৈছে।”

-“হয় হয়, বুজিলোঁ।”
-“আচলতে এই গেপ এনালাইছিচটো বৰ দৰকাৰী। মোৰ পূৰ্বসূৰীসকলে গেপ এনালাইছিচ কৰোঁতে ভুল কৰিছিল। বা কেতিয়াবা আবেগ প্ৰৱণ হৈ পৰিছিল। সেয়ে তেওঁলোকে মোৰ দৰে সফলতা পাব পৰা নাই। পিছে কিছুমান নতুন ল’ৰা উঠি আহিছে, ভাল লাগিছে দেখি। তেওঁলোকো মোৰ দৰেই এদিন সফল হব।”
-“বৰ ভাল লাগিল কথাখিনি জানি। কিন্তু আপোনাৰ পলম হোৱা নাই জানো। আপুনি ওলাওক, আমিও লগতে যাম। চাম আপোনাৰ কাম কাজ কেনেকৈ চলে।”
-“নিশ্চয় নিশ্চয়। মই সাজু হৈয়ে আছোঁ। এই ফটা পেণ্ট আৰু ছাৰ্টটো মই বেগত লৈয়ে ফুৰো। ৰাইজৰ আগত ওলাবলগীয়া হ’লেই এই ড্ৰেছটো পিন্ধি লওঁ। ইমেজ বনাই ৰাখিব লাগে যে। আমি প্ৰথম ৰহালৈ যাম। তাত দুঘণ্টামান ৰাষ্টা বন্ধ কৰি আহি লাষ্ট গে’টত অলপ ঝেং কৰিম, অলপ লাঠি চাৰ্জ টাৰ্জ হ’লে ভাল। অহ ৰ’বা দৰকাৰী ফোন এটা কৰিবলৈ পাহৰি গ’লোঁ।”

ভাগৱতীয়ে ফোনটো উলিয়াই কাৰোবালৈ ডায়েল কৰিলে। এইবাৰ কিন্তু লাউড স্পীকাৰ নহয়, কেৱল ভাগৱতীৰ কথাখিনিহে শুনিলোঁ আমি।

-“হা হা, চাৰ গুড মৰ্নিং। শুনক, আজি আমাৰ লাষ্ট গে’টত প্ৰগ্ৰেম আছে জানেই নহয়। অলপ ঝেং হ’ব হা, সাজু থাকিব। আৰু মোক এৰে‍ষ্ট কৰিবলগাও হ’ব পাৰে, কেৱল টি ভি কেমেৰা অহালৈকে অপেক্ষা কৰিব, কভাৰেজটো ভাল হ’ব লাগে। পাৰিলে এৰেষ্ট কৰাৰ প্ৰগ্ৰেমটো আবেলি তিনিমান বজাৰ পাছত কৰিব, আগতে মোৰ অলপ কাম আছে। এইবাৰ বেছিদিন জে’লত থাকিবলগা ধাৰা নলগাব, অলপ বিজি আছোঁ মই এইকেইদিন। হা হা, আৰাম কৰিব মন গ’লে আপোনাক কমেই নহয়। হা হা, আপুনি চিন্তা নকৰিব, আপোনাৰ কে’চটো মই ঠিক কৰি দিম। আপুনি মই ইজন সিজনৰ কামত নাহিলে কেনেকৈ হ’ব? হয়নে নহয়! সকলো মিলি মেলি জীয়াই থাকিব লাগিব নহয়। আপোনাৰ কে’চটো লৈ একেবাৰে চিন্তা নকৰিব। মই আছোঁ।”

সেই দিনটো আমি ভাগৱতী ডাঙৰীয়াৰ একেবাৰে ওচৰে-পাজৰে কটালোঁ। অনন্য অভিজ্ঞতাৰে সমৃদ্ধ হ’লোঁ আমি। আৰু সেইদিনাই গধূলি আইন শৃংখলা বজাই ৰখাৰ সতৰ্কতামূলক ব্যৱস্থা হিচাপে ভাগৱতী ডাঙৰীয়াক পুলিচে এৰেষ্ট কৰিলে।

** This is a work of fiction and any resemblance to any person or object living or dead is un-intentional and coincidental.**

☆★☆★☆

34 Comments

  • Asomi Gogoi

    উচ্চ মানৰ ব্যংগ। পঢ়ি ভাল লাগিল।

    Reply
  • গৌৰীশংকৰ শৰ্মা

    -“অলপ আঁতৰি বহচোন তই। মোৰ কেতিয়াবা খং উঠি যাব, চৰ মাৰি দিম। যা দূৰত গৈ বহ।”
    —কিবা এটা মনত পৰি গ’ল। উদাহৰণ আৰু বহুত আছে। বৰ সুন্দৰ ব্যংগ।
    এই ব্যৱসায়ৰ বাবেই এদিন অসমীয়াক ইতিহাসে হাঁহিব। এই ব্যৱসায়ৰ লাল বাতি জ্বলক।

    Reply
  • বৰ গধূৰ চিন্তাৰ দৌৰ। উন্নত মানদণ্ডৰ। ভাল লিখিছে আপুনি……

    Reply
  • Suntu

    Again Fantastic one

    Reply
  • বৰ্ণালী

    ভাষা নাই দেই কিবা কোৱাৰ৷দীঘল চেলাম এটা দিলোঁ

    Reply
  • Anjan Sadhanidar

    অলপ আঁতৰি বহচোন তই। মোৰ কেতিয়াবা খং উঠি যাব, চৰ মাৰি দিম। যা দূৰত গৈ বহ।”
    এইবাৰ মোৰ সঁচাকৈয়ে খং উঠিল, কি অসভ্য মানুহ। কিবা এটা ছবিয়ে আমনি কৰিলে৷ অতি উন্নত মানৰ ব্যংগ

    Reply
  • Dhruv Kashyap

    টুপী খুলি দিলোঁ৷ (y)

    Reply
  • Bijoy Mahanta

    তামাম লিখিলে দাদা।চাও অলপ আতৰি দিয়ক

    Reply
  • কমেন্ট কৰিবলৈ ভাষা নাই।

    Reply
  • ৰিণ্টু

    দাদা, কি লিখিম, ৱৰ্ডলেচ।

    একেবাৰে ক্ষুৰধাৰ

    Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

    বঢ়িয়া দাদা,তীব্ৰ ব্যঙ্গ।

    Reply
  • সদানন্দ ভূঞা

    সুন্দৰ ব্যঙ্গ ৰচনা । পঢ়ি বৰ ভাল লাগিল ।

    Reply
  • Manash Saikia

    বাঃ! কি ব্যংগ! চেলুট দিলোঁ৷

    Reply
  • Anonymous

    One more question “Why you are not contesting election even after forming a political party”

    Reply
  • Manisha Kakati

    কি ধাৰাল! ৰেপি দিছে একদম।

    Reply
  • এনেকুৱা লেখাই ‘ফটাঢোল’ক অনন্য মাত্ৰা প্ৰদান কৰিছে।

    Reply
  • Anonymous

    ভাষাই বিচাৰি পোৱা নাই ৷ মজ্জা লাগিল পঢ়ি

    Reply
  • ভাল লাগিল পঢ়ি ৷ এই ব্যৱসায়ে আমাক কিদৰে ঠগি আছে জলন্তভাৱে প্ৰকাশিত হ’ল ৷

    Reply
  • Utpal Gogoi

    সুন্দৰ ব্যঙ্গ।

    Reply
  • Anonymous

    ভাল লাগিল

    Reply
  • অভিজিৎ কলিতা

    সকলোকে অশেষ ধন্যবাদ।

    Reply
  • Anonymous

    সুন্দৰ লিখনি। উচ্চ মানৰ ব্যংগ। এনে ব্যৱসায় ৰ জৰিয়তে কিছুৱে উন্নতি লাভ কৰিব পাৰিছে যদিও সাধাৰণ লোকে কিছু বিষয়ে জানিব পাৰে।

    Reply
  • পূৰ্ণানন্দ শৰ্মা

    সচাঁকৈয়ে অসমত আন্দোলনো এটা অতি লাভজনক ব্যৱসায় ! ময়েই সাংবাদিকতাৰ পথ দেখুৱাই দিয়া এজন ‘ছাত্ৰনেতা’ই বহু বছৰ তেনেকৈয়ে পৰিয়াল পুহি আছিল ।

    Reply
  • samiran

    Abhijit daa Moja lagil…

    Reply
  • Anima Das

    সুন্দৰ ব্যংগ লিখিলে
    ভাল লাগিল পঢ়ি।

    Reply
  • Akash Pradip Borah

    ভাল লাগিলে পঢ়ি , আপোনাৰ লিখনিৰ জবাব নাই । আপুনি উল্লেখ কৰা ব্যৱসায়টো বৰ্তমান অসমত প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে বহুতেই কৰি আছে কিন্তু মেকুৰীৰ ডিঙিত টিলিঙা কোনে বান্ধিব ?

    Reply
  • Akash Pradip Borah

    ভাল লাগিলে পঢ়ি , আপোনাৰ লিখনিৰ জবাব নাই । আপুনি উল্লেখ কৰা ব্যৱসায়টো বৰ্তমান অসমত বহুতেই প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৰি আছে কিন্তু মেকুৰীৰ ডিঙিত টিলিঙা বান্ধিব কোনে ?

    Reply
  • Anonymous

    অলপ আঁতৰি বহচোন তই। মোৰ কেতিয়াবা খং উঠি যাব, চৰ মাৰি দিম। যা দূৰত গৈ বহ।”

    আৎসা, মানুহজন মানে The অলকেশ ভাগৱতী দা আছিল ।

    মজা মজা, বহুত কনচেপ্ট যুগ যুগান্তৰলৈ ক্লিয়াৰ হৈ গ’ল

    Reply
  • অনুৰূপ মহন্ত

    অতি উন্নত মানৰ ব্যংগ। পঢ়ি বৰ ভাল পালো।

    Reply
  • গীতিকা শইকীয়া

    অতি উচ্চ মানদণ্ডৰ লিখনি। বাস্তৱক সাংঘাতিকভাৱে উদঙাই দিছে। পঢ়ি যাওঁতে বাস্তৱত দেখা কিছুমান মানুহৰ কথা-কাণ্ডবোৰ মনলৈ আহি থাকিল। অশেষ ধন্যবাদ।

    Reply
  • জয়ন্ত দাস

    বাপৰে তামাম৷ বহুুত ভাল লাগিল

    Reply
  • অৰিন্দম গোস্বামী

    বাস্তৱ ব্যঙ্গ | পঢ়ি উপকৃত হ’লো |

    Reply
  • Jyoti Raj Goutam

    Bhal lagile dei..

    Reply

Leave a Reply

Your email address will not be published.