ফটাঢোল

সমস্যা গুৰুতৰ – হিৰণ্যজ্যোতি দাস

খলিল আহমেদে উইকেট এটা পোৱাৰ লগে লগে যেনেদৰে নাচি উঠে ঠিক তেনেদৰে সেইটো মুহূৰ্তত মোৰো হাত দুখন দাঙি এপাক নাচি দিবলৈ মন গৈছিল৷ কিন্তু দুবছৰ আগতে তেনেকৈ নাচিবলৈ গৈ বাইকৰ হেণ্ডেলৰ পৰা হাত এৰি দি এমাহ হস্পিতালৰ বিচনাত পৰি থকা কথাটো মনত পৰাৰ বাবে আজি সেই এডভেন্সাৰ সিমানতে সামৰিলোঁ‌৷

বহুদিনৰ পৰা চেষ্টা কৰি থকা কামটো ইমান সুন্দৰকৈ সমাধা কৰিব পাৰিম বুলি মই সপোনতো ভবা নাছিলো৷ আজি ছমাহৰো বেছি দিনৰ পৰা যিটো সমস্যাই মোক অনবৰতে ভাৰাক্ৰান্ত কৰি ৰাখিছে সেই সমস্যা সমাধান কৰিব পৰাৰ কাৰণে ভগবানৰ ওচৰত মই কৃতজ্ঞ।

সমস্যাটো ক’ত কেতিয়া কেনেকৈ আৰম্ভ হ’ল মই আজিও ধৰিব পৰা নাই৷ কিন্তু এই সমস্যাটোৱে বিগত ছমাহ ধৰি মোৰ মন মগজুত এনেকৈ সোমাই গ’ল যে যেতিয়াই তেতিয়াই য’তে ত’তে সেইটো চিন্তাই মোক খুলি খুলি খাবলৈ ধৰিলে৷

ছমাহমান আগৰ কথা৷ এদিন মাছ কিনিবলৈ ওলাই মাছ বেপাৰীটোক এশটকীয়া নোট তিনিখন দিছিলোঁ‌৷ সি নোটকেইখন লৈ লগে লগে তাৰ পৰা এখন এশটকীয়া মোক ঘূৰাই দি ক’লে, দাদা বেলেগ নোট এখন দিয়ক৷ মইও নোটখন সলাই আন এখন এশটকীয়া তাক দি মাছ লৈ ঘৰ পালোঁ‌৷ সেয়াই সমস্যাটোৰ আৰম্ভণি৷ সন্ধিয়া ওচৰৰ গেলামালৰ দোকানখনত দুপদমান বস্তু কিনি উঠি মই তাক এশটকীয়া এখন দিলোঁ‌৷ সি নোটখন হাত পাতি লৈ উঠি ক’লে, “দাদা নোটখন বেয়া, আছে যদি বেলেগ এখন দিয়ক নহ’লে পাছত দি যাব দিয়ক৷” এইবাৰ মই নোটখন ভালকৈ চালোঁ‌। হয়, তাৰ কথা এশ শতাংশই শুদ্ধ৷ কোনোবা নিপুণ কাৰিকৰী শিল্পীয়ে নোটখন নিখূটভাৱে মাজেৰে কেচীৰে কাটি পুনৰ আঠা মাৰি ইমান সুন্দৰকৈ পুনৰ সৃষ্টি কৰিছে যে দিব্য দৃষ্টি নহ’লে সেই সৰু দোষ আমাৰ দৰে সাধাৰণ নৰ মনিছৰ চকুত নপৰে৷ লগে লগে মনত পেলাবলৈ চেষ্টা কৰিলোঁ‌ নোটখন মোৰ হাতলৈ কেতিয়া কেনেকৈ আহিল। কিন্তু মোৰ মগজুৰ সমস্ত কোষবোৰক একত্ৰিত কৰিও মই মনত পেলাব নোৱাৰিলোঁ‌৷ তাৰপাছত নোটখন মই মোৰ মানীবেগৰ এটা কোণত পেলাই থ’লোঁ‌৷ লগৰ বন্ধু বান্ধৱবোৰে মোৰ এই সমস্যাৰ বিষয়ে অৱগত হোৱাৰ পাছত মোক নানাধৰণৰ পৰামৰ্শ প্ৰদানত উঠিপৰি লাগিল৷

কিছুমান বন্ধুই দিয়া পৰামৰ্শ সৰোগত কৰি এদিন নোটখন সলাই ল’বলৈ বেংকত গৈ উপস্থিত হ’লো৷ কিন্তু দাতাই দিলেও বিধাতাই নিদিয়ে বাণীক শুদ্ধ প্ৰতিপন্ন কৰি বেংকৰ কৰ্মচাৰীয়ে মোক সবিনয়ে জনালে যে সপ্তাহত এদিন অৰ্থাৎ মঙলবাৰেহে বেংকত এই কামফেৰা সমাপন হয়। সেইদিনা বুুধবাৰ বাবে মোক পাছৰ সপ্তাহৰ মঙলবাৰে গৈ নোটখন সলাই ল’বলৈ অনুৰোধ জনালে৷ ইতিমধ্যে নোটখনৰ চিন্তাত মোৰ ৰাতিৰ টোপনি নোহোৱা হৈছে। ছয়টাদিন মোৰ নাযায় নুপুৱাই যেন লগা হ’ল৷ মঙলবাৰে ৰাতিপুৱা দহবজাতে গৈ বেংকত হাজিৰ হ’লো। কিন্তু বিধাতাৰ লিখন খণ্ডাব কোনে? কিবা এটা ষ্ট্ৰাইকৰ বাবে বেংকৰ কাম-কাজ সেইদিনা বন্ধ আছিল। গতিকে মই ঠোঁ‌ট মুখ চেলেকি গুচি আহিব লগা হ’ল৷ আৰু সাতদিনৰ বাবে অপেক্ষা কৰিব লগা হ’ল।

এসপ্তাহ পাছত পুনৰ বেংকলৈ গ’লো। এইবাৰ গৈ দেখিলোঁ‌ যিটো কাউন্টাৰত পুৰণি ফটা-ছিটা নোট সলাই আছে তাৰ আগত প্ৰায় ত্ৰিছজনমান মানুহ লাইন পাতি আছে। একত্ৰিছ নম্বৰত লাইন পাতি থিয় হ’লো। আধাঘন্টাৰ পাছত দেখিলো য’ত আছিলোঁ‌ তাতেই আছোঁ‌। এক নম্বৰজনে প্ৰায় দুুশখনমান নোট লৈ এখন এখনকৈ সলাই আছে৷ দুই নম্বৰজনলৈ চালোঁ‌ তেওৰ হাততো প্ৰায় এশখন ফটা-ছিটা নোট। তাৰ পাছৰজনৰো হাতত বহুকেইখন নোট। এজন এজনকৈ মোৰ আগত লাইনত থকা প্ৰতিজনলৈ চকু গ’ল৷ দেখিলোঁ‌ সকলোৰে হাতত কেইবাখনকৈ নোট৷ অকল এখন নোট সলনি কৰিবলৈ অহা মানুহ তাৰমানে অকল মইয়ে, তাকো লাইনৰ ত্ৰিছ নম্বৰত। আজি যে মোৰ কামটো সমাধা হ’ব তাৰ কোনো আশা নাই৷ ইতিমধ্যে দুঘণ্টা গ’লেই। লাইনৰ প্ৰথমজন গ’ল। অলপ, মানে এজনৰ হিচাপত আগবাঢ়িলোঁ‌। দুইবজাৰ লগে লগে কাউণ্টাৰ বন্ধ কৰি ভিতৰত থকা মানুহজন টিফিন খাবলৈ গ’ল। লাইনৰ আগৰ চাৰিজনমান গ’ল ইতিমধ্যে। অলপ আগুৱাই আহিছোঁ‌। আঢ়ৈবজাৰ লগে লগে মানুহজন আহি পুনৰ কাম আৰম্ভ কৰিলে৷ মই লাইনতে আছোঁ‌৷ লাহে লাহে আহি দহ নম্বৰমান পালোঁ‌। ভোক পিয়াহত অণ্ঠ-কণ্ঠ শুকাই গৈছে। চাৰি বজাৰ লগে লগে কাউণ্টাৰ বন্ধ কৰি ভিতৰৰ মানুহজন গ’লগৈ৷ তাৰমানে আৰু এসপ্তাহ৷ ভোকে শোকে তাৰপৰা গুছি আহিলোঁ‌৷ ভাবিলোঁ‌, “আইৰ ঘৰলৈ যাম দুই হাতে খাম, বিধাতাই বোলে মইও পাছে পাছে যাম৷” এই নোটখন মোৰ তাতেই নষ্ট হৈ যাব৷ মোৰেই এশ টকাৰ লোকচান। উপায় নাই আৰু।

কিছুদিন নোটখনৰ কথা চিন্তা কৰিবলৈ বাদ দিলোঁ‌৷ তিনি মাহমান পাছৰ কথা৷ নোটখন মানীবেগৰ এটা কোণত শুই আছে৷ দোকান এখনত অলপ বস্তু কিনি উঠি পইছা দিবলৈ ওলাই বেলেগ এখন এশ টকাৰ নোট দিলোঁ‌৷ দোকানীজনে নোটখন হাতত লৈ মোক ক’লে নোটখন দেখোন বেয়া৷ মই কি বেয়া সোধাত নোটখনৰ মাজত থকা ফুটা এটা দেখুৱাই নোট ল’বলৈ অস্বীকাৰ কৰি বেলেগ নোট এখন দিবলৈ দাবী জনালে৷ মইয়ো মোৰ কপালকে দোষ দি বেলেগ নোট এখন উলিয়াই দি দোকানৰ পৰা বিদায় ল’লোঁ‌। আহোঁ‌তে মনত মোৰ ভাৱ হ’ল আগৰখনে অকলে থাকি বেয়া পাইছে চাগে, সেইকাৰণে লগৰী এজন গোটাই লৈছে৷ ইফালে মোৰ সমস্যা দুগুন হ’ল। এখনকে সলনি কৰিব পৰা নাই, এতিয়া দুখন এশ টকীয়াক মই কি কৰোঁ‌। পুনৰ মোৰ মন মগজক নোট দুখনৰ চিন্তাই আৱৰি ধৰিলে৷ কি কৰিলে মই নোট দুখনৰ চিন্তাৰ পৰা আহৰি পাম। পুৰণি নোটখন মানীবেগৰ এটা কোণত অকলে আছে যদিও নতুনকৈ সোমোৱা ফুটা নোটখনক মই অন্য নোটবোৰৰ মাজতেই ৰাখিলোঁ‌৷ মোৰ মনৰ ভাৱ, দুইটাক লগ কৰি ৰাখিলে কিজানি আৰু বেয়া নোটক ইহঁতে আমন্ত্ৰণ কৰি আনে৷

এনেকৈ দুমাহমান যোৱাৰ পাছত হঠাৎ এদিন আৱিষ্কাৰ কৰিলোঁ‌ মোৰ মানীবেগত পিছত সোমোৱা নোটখন নাই৷ কেতিয়া ওলাই গ’ল গমেই নাপালোঁ‌। লগে লগে মোৰ মন আনন্দত নাচি উঠিল৷ কিন্তু ভিতৰত অকলে সোমাই থকা নোটখনৰ কথা মনত পৰি মনটো সেমেকি গ’ল। যি কি নহওক ভগবানে মোক চকু মেলি চালে। সেই সময়তে বন্ধু এজনে মোৰ সমস্যাটোৰ বিষয়ে গম পাই মোক আন এটা উপায় দিলে৷ সি ক’লে “তোৰ বেয়া দিন শেষ হৈ আহিছে, এই সময়তে তই আগৰ নোটখনো খৰচ কৰি পেলা। মোৰ বুদ্ধিমতে কাম কৰিলে তোৰ সেই নোটখনো তোৰ হাতৰ পৰা ওলাই যাব৷”

আৰু আজি তাৰ বুদ্ধিমতেই মই সেই ছমাহ ধৰি মোৰ শান্তি বিঘ্নিত কৰা নোটখন পেট্ৰ’ল ডিপ’ত তিনিখন বেলেগ এশটকীয়াৰ মাজত সোমাই চাৰিশ টকাৰ পেট্ৰ’ল বাইকত ভৰাই তেল দি থকা ল’ৰাজনৰ হাতত দিলোঁ‌। ল’ৰাজনে নোটকেইখন হাত পাতি লৈ বেলেগ এখন বাইকত তেল দিবলৈ আৰম্ভ কৰিলে৷ ময়ো স্বস্তিৰ নিশ্বাস পেলাই বাইকখন ষ্টাৰ্ট কৰিছোঁ‌হে, হঠাৎ ল’ৰাজনে মাত লগালে “দাদা অলপ শুনকচোন।”

☆★☆★☆

6 Comments

  • Rintumoni Dutta

    আপোনাৰ বৰ্ণনাশৈলী বৰ সুন্দৰ, খুব ভাল লাগিল পঢ়ি

    Reply
    • হিৰণ্যজ্যোতি দাস

      ধন্যবাদ

      Reply
  • ডলী তালুকদাৰ

    ভাল লাগিল পঢ়ি

    Reply
    • হিৰণ্যজ্যোতি দাস

      ধন্যবাদ

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা।

    পঢ়ি ভাল লাগিল।

    Reply
    • হিৰণ্যজ্যোতি দাস

      ধন্যবাদ

      Reply

Leave a Reply

Your email address will not be published.