ফটাঢোল

সমাধান-সূত্ৰ – ঈশান জ্যোতি বৰা

আধুনিক পৃথিৱীৰ তলা-নলাবোৰ খৰচি মাৰি বুজি লোৱা মোৰ লগৰ কেইবাজনো তীক্ষ্ণ মগজুৰ বন্ধুয়ে তেওঁলোকৰ আপোন ভাষাটো ‘ইউজ্’ কৰি মোক ‘এদভাইচ’ দিয়ে,– “বুজিছ, টাইম্ থাকোঁতেই ভাল কেৰিয়াৰ এটা ‘চুজ্’ কৰিব নোৱাৰিলে তোৰ লাইফৰ ‘নেক্সট ষ্টেজ’টো তামাম ‘পেথেটিক্’ হ’ব৷”
দূৰদৰ্শী চোকা বন্ধুকেইজনৰ সাৰুৱা কথাবোৰ হৃদয়ংগম কৰিবলৈ এই ‘অদূৰদৰ্শী গাধ’ৰ দুদিন সময় লাগিল৷ ‘পেথেটিক্’ শব্দটোৰ অৰ্থোদ্ধাৰ কৰিবলৈ অভিধান এখনৰ সহায়ো ল’বলগীয়া হ’ল৷ তাৰপিচতহে বোধ হ’ল-এৰা, সিহঁতৰ কথাবোৰে ঠিকেই৷ ভাল কেৰিয়াৰ ‘চুজ্’ কৰিব নোৱাৰা ল’ৰা-ছোৱালীৰ জীৱনৰ শেষ পৰিণতি চকুৰ আগতেই প্ৰত্যক্ষ কৰি আছোঁ৷ ভীষণ ‘পেথেটিক্’৷
মোৰ বাবে এইয়া এক প্ৰত্যাহ্বান৷ সময় থাকোঁতেই এটা সুন্দৰ আৰু উপযুক্ত কেৰিয়াৰ নিৰ্বাচন কৰিব লাগিব৷ সময় নামৰ ৰথখনৰ চকা দ্ৰুতবেগেৰে ঘূৰিছে৷ থমাৰ নামেই নলয়৷ অন্যহাতে, নিৰাশা আৰু ব্যৰ্থতাৰ ক’লীয়া ডাৱৰ ফালি মনৰ আকাশখন পোহৰাই তোলাৰ লক্ষ্যৰে আৰম্ভ কৰা মোৰ জীৱন-ৰথৰ চকাকেইটাৰ বেগ বাঢ়ক চাৰি বাৰেপতি য’তে-ত’তে উজুটি খাই থমকিহে ৰৈছে৷ ‘অসম চৰকাৰ’ নামৰ গছজোপাত লাগি থকা ‘চাকৰি’ নামৰ লাখটকীয়া ফলটোৰ সোৱাদ ল’ম বুলি প্ৰতিবাৰেই গৈ গছৰ তলত থিয় দিওঁ৷ আৰু প্ৰতিবাৰেই কোনো দুষ্ট দানৱে অদৃশ্য হাতোৰাৰে ফলটোক আত্মসাৎ কৰি থয়৷ নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস!
জীৱনৰ তেনে এক জৰুৰীকালীন সময়তে মই এগৰাকী উদাৰ ব্যক্তিৰ সান্নিধ্যলৈ আহিলোঁ-যিজনে মোক কেৰিয়াৰ নিৰ্বাচনৰ সন্দৰ্ভত সুন্দৰ দিহা এটা দিলে৷ তেখেতৰ মত,– “নিৰাশ হোৱাৰ প্ৰয়োজন নাই৷ যুৱক-যুৱতীক কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত সঠিক নিৰ্দেশনা দিবলৈ অসমত ঠায়ে-ঠায়ে আজিকালি কেৰিয়াৰ কাউঞ্চিলৰ নাইবা কেৰিয়াৰ পৰামৰ্শদাতা আছে৷ তুমি অনতিপলমে তেনে এজন কেৰিয়াৰ কাউঞ্চিলৰৰ কাষলৈ গৈ তোমাৰ সমস্যাৰ সমাধান বিচাৰা৷”  তেখেতৰ উৎসাহজনক কথা-বতৰাই মোৰ মনৰ আন্ধাৰ কোঠালিত এগছি আশাৰ চাকি জ্বলালে৷ পূৰ্ণ উদ্যমৰে এইবাৰ এজন অভিজ্ঞ কেৰিয়াৰ পৰামৰ্শদাতাৰ সন্ধানত নামি পৰিলোঁ৷
যথেষ্ট বিচাৰ-খোচাৰৰ অন্তত মনে বিচৰা পৰামৰ্শদাতাজনৰ ঠিকনা লাভ কৰিলোঁ৷ এতিয়া আৰু ৰৈ থকাৰ সময় নাই৷ সময়ৰ শৰ সময়ত মাৰিব লাগে বুলি ককা-আইতাহঁতে কৈয়েই থাকে৷ তদুপৰি কেৰিয়াৰৰ দুঃশ্চিন্তা আৰু বেদনাত ইতিমধ্যেই জীৱনৰ অনেক মূল্যৱান সময় পাৰ হৈ গৈছে৷
পৰামৰ্শদাতাক সাক্ষাৎ কৰাৰ দিন-বাৰ ফোনযোগে আগতীয়াকৈ ঠিক কৰিলোঁ৷ পিচৰ দেওবাৰটোত মোৰ দিন পৰিল৷ সময় আবেলি৷ নিৰ্দিষ্ট সময়ত তেওঁৰ ঘৰত গৈ মই হাজিৰ হ’লোঁ৷ সৌজন্যসূচক চিনা-পৰিচয়ৰ পাছত আমাৰ মূল আলোচনা আৰম্ভ হ’ল৷
লেপটপটো খুলি কি-বৰ্ডত কিবা-কিবি ছুইছ টিপি পৰামৰ্শদাতাই তেওঁৰ পৰামৰ্শমূলক বক্তৃতা আৰম্ভ কৰিলে-
“বাৰু, মিডিয়া সম্বন্ধে তোমাৰ মত কি? মানে মই আমাৰ এই নিউজ চেনেলবোৰৰ কথা কৈছোঁ৷ সেইটো সম্পদতটো অসম এতিয়া বহু চহকী৷ ”
মোৰ এই বিষয়ে স্পষ্ট মত,- “মিডিয়াত টিকি থাকিবলৈ যথেষ্ট সাধনাৰ প্ৰয়োজন৷ ঘণ্টাই প্ৰতি পঞ্চাছ-ষাঠিৰ হাৰত ব্ৰেকিং নিউজ দেখুৱাই থাকিব পৰাটো এটা বিৰল কলা বুলিয়েই ভাবোঁ-যিটো কলাৰ অধিকাৰী মই কস্মিনকালেও হ’ব নোৱাৰিম৷ সেইবোৰ নহ’লেও অনুসন্ধিৎসু মন এটাতো লাগিবই৷ কাৰ ঘৰত কোনে কেতিয়া ভাত খাই থাকোঁতে কাৰ ভাতৰ কাঁহীত ভেনা মাখি এটা পৰি দুঘণ্টা ভেনভেনাই থাকি তীব্ৰ আলোড়নৰ সৃষ্টি কৰিলে, কাৰ বাৰীৰ পিচফালৰ কোন জোপা গছ প্ৰয়োজনতকৈ কিমান ফুট ওখ হৈ সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিলে, ধুবুৰীৰ কোনখন কলেজৰ প্ৰেমিকে শদিয়াৰ কোনখন কলেজৰ প্ৰেমিকাক মিছ্ড কল দি মানসিকভাৱে নিৰ্যাতন কৰিলে, – এইধৰণৰ তীব্ৰ চাঞ্চল্যধৰ্মী, আলোড়নকাৰী তথ্যৰ বিতং বিৱৰণ দাঙি ধৰিবলৈ কৌতূহলী অথবা অনুসন্ধিৎসু হোৱাটো অত্যন্ত জৰুৰী৷ তদুপৰি, টক্-শ্ব’ কৰিবলৈও আজিকালি উপযুক্ত সুৰ-তাল-লয়ত আমাৰ গাঁৱৰ সেই ৰাম-বিজয় ভাওনাৰ দৰে আলাপ, সংলাপ আৰু প্ৰলাপ মাতিব পাৰিব লাগিব৷ তিনি-চাৰিটা অসমীয়া শব্দৰ মাজে মাজে দহ-বিছটা ইংৰাজী শব্দ ‘প্ৰ’নাউঞ্চ্’ কৰিব জানিব লাগিব৷ অমুকাৰ ব্যক্তিত্বত এই গুণবোৰৰ কোনো দেখা-সাক্ষাতেই নাই৷ ভৱিষ্যতে সন্ধান পাম নে নাপাম, তাৰো কোনো নিশ্চয়তা নাই৷” –মিডিয়া সম্বন্ধে মোৰ মতামতখিনি মহাশয়ৰ আগত দ্বিধাহীনভাৱে দাঙি ধৰিলোঁ৷

“ঠিক আছে, ঠিক আছে৷ নৌ প্ৰবলেম৷ চিন্তাৰ কোনো প্ৰয়োজন নাই৷ তোমাক এটা ব্যতিক্ৰমী কেৰিয়াৰৰ সন্ধান দিব খুজিছোঁ৷ ”
“জনাবচোন৷“
“গিনিজ বুকত কেৰিয়াৰ৷ মানে সৰ্বসাধাৰণৰ চকু কপালত উঠা নাভ্ৰুত-নাশ্ৰুত কিছুমান ব্যতিক্ৰমী কাম কৰি গিনিজ বুকত তোমাৰ নামটো লিপিবদ্ধ কৰা৷”-লেপটপৰ মনিটৰৰ পৰা দৃষ্টি আঁতৰাই পৰামৰ্শদাতাই মোৰ প্ৰতিক্ৰিয়াৰ ওপৰত দৃষ্টি নিবদ্ধ কৰিবলৈ তৎপৰ হ’ল৷
“ছাৰ, কেৰিয়াৰটোৰ বিষয়ে উদাহৰণসহ ব্যাখ্যা কৰিলে মোৰ বুজি উঠাত সহজ হ’ব৷ গতিকে..!”
“বুজিছোঁ৷ বুজিছোঁ৷”- মোৰ বাক্যটোক আধাতে কাটি পৰামৰ্শদাতাই কৈ উঠিল,- “ব্যতিক্ৰমী কাম, এই ধৰা-হাত দুখনৰ সহায়েৰে কলগছ এজোপা বগাই গৈ কলজোপাৰ ওপৰত ‘জানমণি তোমাৰ বাবে’ বিহুগীতটো গাই গাই নাচি থাকিলা, তোমাৰ চোকা আগদাঁত দুটাৰে নাৰিকল এশটাৰ বাকলি গুচাই নাৰিকলৰ পানীখিনি নাকেৰে পি কাণেৰে উলিয়াই দিলা, ভেকুলীৰ দৰে জঁপিয়াই জঁপিয়াই যোৰহাটৰ পৰা আহি নগাঁৱত প্ৰৱেশ কৰিলাহি-ইত্যাদি ইত্যাদি৷”
“কষ্ট বহুত দেখিছোঁ এইটো কেৰিয়াৰত৷”
“তোমালোকৰ দৰে কম-পৰিশ্ৰমী অথবা এলেহুৱা মানুহৰ বাবেও কেতবোৰ ব্যতিক্ৰমী কাম আছে৷ উদাহৰণস্বৰূপে, দহ-বিছবছৰ দাড়ি-চুলি নাকাটি ৰাজহুৱা প্ৰদৰ্শনৰ হেতু সেইবোৰ মোকলাই দিয়া, এমাহ-দুমাহমান বিছনাতে শুই ভাত-পানী খাই শৰীৰৰ ওজন বঢ়োৱা৷ ফে’চবুকত একাউণ্ট আছে যদি চৌবিছঘণ্টাই একেলেথাৰিয়ে ফে’চবুক খুলি ষ্টেটাছত ভাত খালোঁ, মাছ খালোঁ, টিভি চালোঁ-আদি কথাবোৰ লিখি থাকা৷”
“বস্তুটো বেয়া নহ’ব দেখিছোঁ৷ কিন্তু এইখিনিতে এটা কথা৷ ধৰি লওক,-কোনেও নকৰা বিচিত্ৰ কাম এটা কৰি মই গিনিজ বুকুত নামটো লিখিলোঁ৷ তাৰ পিচত কি হ’ব? ”-পৰামৰ্শদাতাৰ কথাবোৰে মোৰ মনৰ উৎসুকতা বৃদ্ধি কৰিলে৷

“তাৰপিচত তোমাৰ ভৱিষ্যত অতি উজ্জ্বল৷ বাইক, মো’বাইলৰ সামান্য অংশ এটা বদলি কৰি সেইবোৰক নতুন মডেল হিচাপে বজাৰত উলিয়াই দিয়াৰ দৰে তুমিও বছৰেকত একেটা কামকে ভিন্ন ষ্টাইলত কৰি মানুহৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰা৷ দৰকাৰ হ’লে সংবাদ-মেল সম্বোধন কৰা৷ শেহত গৈ ‘মোৰ নাম গিনিজ বুকত ওলাল৷ মোৰ প্ৰতিভাক উচিত স্বীকৃতি দিয়ক৷ চৰকাৰে মোক বছৰেকীয়া সাহায্য প্ৰদান কৰক’ -ধৰণৰ ফলক দুখনমান লৈ দুজনমান প্ৰতিবাদী পুৰুষ-মহিলাৰ সৈতে লাষ্টগেটলৈ গৈ ধৰ্ণা দি তোমাৰ প্ৰাপ্যভাগ আদায় কৰা৷ চৰকাৰৰ পৰা সাহায্য নোপোৱা পৰ্যন্ত তোমাৰ কান্দোন জাৰি ৰাখা৷”
“বুজিছোঁ৷ কিন্তু এই কেৰিয়াৰৰ উন্নতিৰ জখলাডাল বহুত দীঘল দেখোন৷ জখলা বগাই ওপৰ পাওঁগৈ মানে দাড়ি-চুলি পকি আলৰ বুঢ়া হোৱাৰ প্ৰৱল সম্ভাৱনা আছে৷ তদুপৰি, বছৰৰ আটাইকেইটা দিনেই লাষ্টগেটত গৰিহণা দিয়া প্ৰতিবাদী, ধিক্কাৰ দিয়া প্ৰতিবাদীকে ধৰি ৰাইজৰ বিপুল সহাঁৰি আদায় কৰা ভিন্নধৰ্মী বহু প্ৰতিবাদকাৰীৰ ভিৰ থাকে৷ তেনেস্থলত আমাৰ দৰে প্ৰতিভাধৰসকলৰ বাবে তাত ঠাই ওলাব জানো!”- সামান্য হতাশা মিহলি কণ্ঠেৰে মনৰ শংকা ব্যক্ত কৰিলোঁ৷
“ঠিক আছে৷ নৌ প্ৰবলেম৷ সেইটো কেৰিয়াৰ যদি তোমাৰ ল’বলৈ মন নাই, তেন্তে তুমি ‘অবৈদ্যুতিক লাইট-ফেন’ তৈয়াৰ কৰা এটা আধুনিক প্ৰযুক্তিশালা স্থাপন কৰিও জীৱনত উন্নতি কৰিব পাৰা৷ ”
“বুজাই কওকচোন৷ ”
“চোৱা৷ অসমত মানুহৰ ঘৰত বৈদ্যুতিক লাইট-ফেনবোৰ আজিকালি এনেইহে ওলমি থাকে৷ হাতেৰে লৰাই দিলেহে ফেনৰ পাংখাকেইখন অকণমান ঘূৰে৷ আমাৰ মাহঁতৰ দৰে গাঁৱৰ বুঢ়া মানুহখিনিয়ে গৰমৰ দিনকেইটাত নিজৰ কোঠাৰ বাল্বটো খুলি তাৰ ঠাইত লেম এটা ওলোমাই থয়৷ ৰাতিয়ে-দিনে কোঠাটো পোহৰ হৈ থাকে৷ গৰমৰ দিনকেইটাত খোৱা-বোৱাৰ কামবোৰ তেওঁলোকে তাতেই কৰে৷ তুমি ন-ন টেকন’লজি ব্যৱহাৰ কৰি তোমাৰ হাই-টেক প্ৰযুক্তিশালাত এনে কিছুমান ‘ফেন’ আৰু ‘লাইট’ তৈয়াৰ কৰা যিবোৰ জ্বলিবলৈ বা চলিবলৈ কোনো বিদ্যুৎ শক্তিৰ প্ৰয়োজন নহয়৷ এইটো এটা নতুন কেৰিয়াৰ৷ আৱিষ্কাৰক এই অভাজন৷”- শেষৰ বাক্যটো কওঁতে পৰামৰ্শদাতাৰ চকুত গৌৰৱৰ আভা দেখিবলৈ পোৱা গ’ল৷

পিছে মহাশয়ৰ গৌৰৱৰ চাকিগছি নুমুৱাই মই তৎক্ষণাৎ কাউণ্টাৰ-এটেক কৰিলোঁ,-“আপুনিও ভাল কৌতুক কৰে দেই৷ হেৰি, এইবিধ কেৰিয়াৰত দেখোন আৰম্ভণিতেই কেণা৷ হাই-টেক প্ৰযুক্তিশালাটো চলাব কেনেকৈ! দেশ দেখোন অন্ধকাৰ৷ মেচিনে কাম কৰিবলৈ আৰম্ভ কৰাৰ পূৰ্বেই সকলো হাই-টেক মেচিনতে মকৰাই জাল গুঠি বিশ্বকাপ ফুটবল খেলিবলৈ আৰম্ভ কৰিব৷ আপোনাৰ আৱিষ্কাৰ ফুটা কলহৰ বাহিৰে একো নহয়৷” মোৰ নিৰ্ভীক মন্তব্য শুনি মহাশয় সম্পূৰ্ণ দুই মিনিটৰ বাবে মৌন হৈ ৰ’ল৷
“ৰ’বা-ৰ’বা সাংঘাতিক কেৰিয়াৰ কথা এটা মনলৈ আহিছে৷”- দুই মিনিটৰ পিচত পৰামৰ্শদাতা পূৰ্বৰ গতিলৈ ঘূৰি আহিল৷
“সঁচানে? ”
“একেবাৰে সঁচা৷ তুমি সভাপতি হ’ব পাৰা দেখোন! ”
“সভাপতি! কিহৰ? ”- মই আচৰিত৷
“বিহু সমিতি, পূজা সমিতিৰ এইবোৰৰ আকৌ৷ মোৰ ভতিজা যোৱা পাঁচবছৰ ধৰি এই প্ৰফেচনত আছে৷ ৰঙালী বিহু সমিতিৰ সম্পাদকৰ পদ অলংকৃত কৰিয়েই এতিয়া তাৰ দুখন বাইক, এখন গাড়ী হ’ল৷ যোৱা মাহত দুখন বিদেশী সুৰাৰ দোকানো খুলিছে৷ অহা বছৰলৈ বিহুত ইনকাম ভাল হ’লে সি হেনো তেল ডিপো এটা খুলিব৷ মোলৈ অহা শেহতীয়া তথ্য মতে, আজিকালি গায়ক-গায়িকাতকৈ সম্পাদক, উপদেষ্টা, সভাপতিৰহে ইনকাম বেছি৷ ছমহীয়া ৰঙালী বিহুটো চলিয়েই আছে৷ সন্মুখত দুৰ্গাপূজা, বিশ্বকৰ্মা পূজা, লক্ষ্মীপূজা, কালীপূজা আদি কিমান ৰকমৰ যে পূজা আহি আছে! তুমি দেখোন কেইজনমানৰ সৈতে লগ-লাগি ৰছিদ-বহী এসোপামান গোটাই সেইটোতে লাগি যাব পাৰা৷ গ্যাৰাণ্টি দি কৈছোঁ-তোমাৰ উন্নতি অভাৱনীয় হাৰত বৃদ্ধি পাব৷”- পৰামৰ্শদাতাৰ চকু উজ্জ্বল৷
“কথাবোৰ সঁচা৷ ” মই নিৰুত্তাপ হৈ মোৰ ‘মন কি বাত’ কথা আৰম্ভ কৰিলোঁ-“পিচে এইখিনিতে অলপ ব্যক্তিগত মত এষাৰ দাঙি ধৰাৰ প্ৰয়াস কৰিছোঁ৷ আপোনাৰ ভতিজাৰ দৰে মোৰ পেহাৰ ল’ৰাটোও এই বৃ্ত্তিত জঁপিয়াই পৰি কম সময়তে ঈৰ্ষণীয় সাফল্যৰ গৰাকী হৈছে৷ চাবলৈ গ’লে এই বৃত্তিধাৰীৰ এজন মানুহ অলৰেডি আমাৰ পৰিয়ালত আছেই৷ একেটা কামকে মোৰ কৰিবলৈ মন নাই৷ তদুপৰি কামটো একঘেয়ামী৷ অলপ সৃজনীশীলতাৰ পৰিচয় দিব পৰা কেৰিয়াৰ হ’লে ভাল৷”
“অ আচ্ছা৷ তাকেই নোকোৱা কিয়!”-পৰামৰ্শদাতাই তিনি-চাৰিগুণ অধিক উৎসাহেৰে ক’লে,–“সৃজনীশীলতাৰ সুবিশাল পাহাৰটো কঢ়িয়াই লৈ ফুৰা তোমাৰ দৰে ডেকাহঁতৰ বাবে মোৰ ওচৰত সৰ্বকালৰ সৰ্বোত্তম কেৰিয়াৰটো আছে৷ তুমি গুৱাহাটীত নাও নিৰ্মাণৰ কাৰখানা এটা স্থাপন কৰা৷ বাঁহৰ, কাঠৰ, প্লাষ্টিকৰ, কলগছৰ, তামোল গছৰ ইত্যাদি বেলেগ বেলেগ ডিজাইনৰ নাও নিৰ্মাণ কৰা৷ কেইজনমান নাও চলাব জানা মানুহক বন্দোৱস্ত কৰা৷ গুৱাহাটী মহানগৰীত মাহেকে-পষেকে বানপানী হৈয়েই থাকে৷ দেখিতো আছাই তুমি৷ গতিকে উজ্জ্বল ভৱিষ্যতৰ সম্ভাৱনা বহন কৰা এই নাঁৱৰ ব্যৱসায়ত তুমি পলম নকৰি জঁপিয়াই পৰা৷”
“আপুনি ভবাৰ দৰেই ময়ো ভাবিছিলোঁ৷ কিন্তু কেইদিনমানৰ আগতে নিউজ চেনেলৰ ষ্টুডিঅ’ এটাত দুজনমানে গুৱাহাটীৰ বানপানীৰ স্থায়ী সমাধান কৰিবই বুলি হুংকাৰ দিয়া বাতৰিটো অহুকাণে-পহুকাণে শুনিবলৈ পাইছোঁ৷ সমস্যাটোৰ স্থায়ী সমাধান হৈ গ’লে মোৰ বিজনেছ দেখোন সম্পূৰ্ণ ফ্লপ মাৰিব৷” –সন্দেহবাদী মনৰ পৰিচয় দি মনৰ সন্দেহখিনি তেৰাৰ ওচৰত নিঃসন্দেহে প্ৰকাশ কৰিলোঁ৷
“মহা মস্কিল৷”
এইবাৰ পৰামৰ্শদাতা দুৰ্ঘোৰ চিন্তাত পৰিল৷ বোধহয় মোৰ দৰে অসন্তুষ্ট ‘ক্লায়েণ্ট’ তেওঁ অতীতত পোৱা নাছিল৷ লেপটপৰ সমুখৰ পৰা উঠি তেওঁ কোঠাটোতে পায়চাৰি কৰি থাকিল৷ মই ৰ’ লাগি তেওঁৰ কৰ্ম-কাণ্ড নিৰীক্ষণ কৰি থাকিলোঁ৷ এক মিনিট, দুই মিনিটকৈ মোটামুটি পোন্ধৰমিনিট সময় অতিবাহিত হ’ল৷
হঠাত যেন আকাশত বিজুলীহে চমকিল! স্থিতপ্ৰজ্ঞ বুলি ভাবি থকা মানুহজনে ঠাইতে প্ৰকাণ্ড জাঁপ এটা মাৰি মোৰ কাষলৈ দুপদুপাই দৌৰি আহিল৷
“পাই গ’লোঁ বুজিছা৷ পাই গ’লোঁ৷ ”
“সঁচাকে কৈছেনে আপুনি? কেৰিয়াৰটো কিহৰ? ”-তেৰাৰ সাফল্যত ময়ো সমানেই উৎফুল্ল৷
“কেৰিয়াৰ-পৰামৰ্শদাতাৰ কেৰিয়াৰ! ”

“হোৱাট ডু ইউ মিন? ”- নিমখৰ মাজত সোমাই পৰা জোকডালৰ দৰে মই কোঁচ খাই উঠিলোঁ৷
“আৰে ভাই, চোৱা৷ এইখন অসমত এতিয়া সৰ্বাধিক হাৰত পোৱা বস্তুবিধেই হৈছে নিবনুৱা৷ তাকো শিক্ষিত নিবনুৱা৷ কেৰিয়াৰৰ চিন্তাত আমাৰ ল’ৰা-ছোৱালীহঁত এতিয়া অতিশয় আতংকিত৷ ভয়ে-সংশয়ে ল’ৰা-ছোৱালীহঁত যাবনো ক’লৈ! এইখিনি ল’ৰা-ছোৱালীক পোহৰৰ দিশেৰে আগুৱাই নিবলৈ এতিয়া ৰাজ্যত বিপুল পৰিমাণৰ কেৰিয়াৰ-পৰামৰ্শদাতাৰ আৱশ্যক৷ মইতো অলৰেডি এইটো লাইনত নামিছোঁৱেই৷ তুমি যদি আহি যোৱা, খেলখন জমি উঠিব৷ ”
“কিন্তু..”
“কোনো কিন্তু নাই৷ অতপৰে কথা পাতি গম পাইছোঁ-তোমাৰ আৰু মোৰ মনৰ ভালেখিনি মিল আছে৷ যদি আমি দুয়োটা একলগ হওঁ, তেন্তে গড প্ৰ’মিছ কৈছোঁ-অসম আকৌ দপদপাই উন্নতিৰ পথলৈ আহি যাব৷ ল’ৰা-ছোৱালীবোৰৰ মুখত হাঁহি বিৰিঙিব৷ তেন্তে, মিলোৱা হাত….’- মহাশয়ে মোৰ ফালে সোঁহাতখন আগবঢ়াই দিলে৷ মুখত এমোকোৰা দিগ্বিজয়ী হাঁহি৷
মই প্ৰথমতে অলপ অপ্ৰস্তুত হ’লোঁ৷ সংশয়, শংকাবোৰতো আছিলেই৷ সেইবোৰেও হেঁচা মাৰি ধৰিলে৷ সিপিনে মহাশয়ৰ সোঁহাতখন দহমিনিটমান শূন্যতে ওলমি থাকিল৷ হাঁহি পিচে ম্লান হোৱা নাই৷ লক্ষ্য কৰিলোঁ- কিবা যেন আছে এই হাঁহিটোত৷ লাহে লাহে সেই হাঁহিটোৱেই বোধহয় মোৰ মনত মনোবলৰ উদ্গীৰণ ঘটালে৷ ভাৱ হ’ল-এইটোৱেই যেন মোৰ বাবে উত্তম কেৰিয়াৰ; ইয়াতেই যেন মোৰ সপোনবোৰে পোখা মেলিব, ইয়াৰ পৰাই যেন মোৰ আশাবোৰে ধুমুহাৰ গতিৰে ডেউকা কোবাই দূৰ-দিগন্তলৈ গতি কৰিব৷ ‘আত্মবিশ্বাস’ৰ গগনচুম্বী ঢৌবোৰে মনৰ সাগৰত থিতাপি ল’লেহি৷ আস্! কি যে সিহঁতৰ বিদ্যোৎসাহী ভংগীমা! ! অনুভৱৰ কি যে স্বৰ্ণোজ্জ্বল প্ৰকাশ!!!
অৱশেষত সেই শুভক্ষণটো আহিল৷ প্ৰবল আত্মবিশ্বাসত আত্মসমৰ্পিত মোৰ সোঁহাতখন মহাশয়ৰ হাতৰ লগত চামিল হ’ল৷
“ঠিক আছে!”- তেওঁ মোৰ হাতখন আৱেগত চেপি ধৰিলে৷
মহাশয়ৰ চকুহাল এতিয়া নিষ্পাপ জ্যোতিৰে জ্যোতিৰ্ময়৷ যুগান্তকাৰী এই মুহূৰ্তটো তেওঁৰ উপভোগ কৰিবৰ মন গ’ল হ’বলা৷ সেয়ে পাকঘৰৰ ফালে চাই মহাশয়ে পত্নীক নিৰ্দেশ দিলে,-
“হ’ৰা শুনিছা! চাহ-পকৰি কি আছে বনোৱা৷ আজিৰে পৰা আমি দুটা হ’লোঁ৷”
মোৰ মুখত সফলতাৰ হাঁহি এটা ফুটোঁ-নুফুটোঁকৈ ফুটি উঠিল৷
———————————————————-০০০০০০০০০০০——————-
উপসংহাৰ-সেইদিনাৰ পৰা মোৰ কেৰিয়াৰে পাতনি মেলিলে৷ এতিয়া সন্মুখত এটা লেপটপ লৈ দুনীয়াৰ ল’ৰা-ছোৱালীক কেৰিয়াৰৰ পৰামৰ্শ দিওঁ৷ নতুন কেৰিয়াৰৰ সন্ধান, বিত্তীয় লেন-দেন, ছ’ছিয়েল মিডিয়াত আমাৰ প্ৰচাৰ-প্ৰসাৰ-এইবোৰ কামো ময়েই চাব লাগে৷ মাজে-সময়ে টিভিৰ পৰ্দাতো ভুমুকি মাৰোঁ৷ চেলিব্ৰিটিময় অনুভৱে মন-প্ৰাণ চুই যায়৷ অভিভাৱকৰ পৰাও অন্তহীন মৰম-চেনেহ পাইছোঁ৷ ল’ৰা-ছোৱালীয়ে চাকৰি পাওক-নাপাওক; অভিভাৱকখিনিয়ে মোক ভগৱান দেখাদি দেখে৷ কেতিয়াবা বাটে-পথে লগ পালে লালমোহন এটোপোলা, কাজু বৰ্ফিৰ বিয়াগোম পেকেট একোটা দি পঠিয়ায়৷ তাৰ বাবদ এক টকাও নলয়৷ কি যে স্বৰ্গীয় তৃপ্তি! সঁচায়ে ভাল লাগিছে এই নতুন জীৱনটো, নতুন কেৰিয়াৰটো৷ আপোনালোকে প্ৰাৰ্থনা কৰিব দেই-এইদৰেই যাতে মই মোৰ কেৰিয়াৰত দোপত-দোপে উন্নতি সাধিব পাৰোঁ৷ ভগৱানে আপোনালোকৰ মংগল কৰিব৷
(বিঃদ্ৰঃ চাকৰিপ্ৰত্যাশী যুৱক-যুৱতীক মোৰ কথা ক’বলৈ নাপাহৰিব৷)

☆★☆★☆

One comment

  • অবিনাশ

    বহুত ভাল লাগিল ৷

    Reply

Leave a Reply

Your email address will not be published.