ফটাঢোল

সমালোচনা সাহিত্য : এটি আলোকপাত — চবিনা ইয়াচমিন

সমালোচনা হৈছে সাহিত্যৰ এটা উল্লেখযোগ্য বিভাগ৷ ইয়াক নিবন্ধ সাহিত্যৰ এটা বিভাগ হিচাপে ধৰা হয়৷ কাৰণ সমালোচনাও এবিধ আলোচনাই৷ সম্যক ভাবে আলোচনা কৰিলেই সমালোচনা হয়৷ ই নিৰূপক ৰচনা৷ সমালোচনা হ’ল এক বিচাৰ পদ্ধতি৷ প্ৰাচ্য আৰু পাশ্চাত্য উভয় সাহিত্যই সমালোচনাক একে দৃষ্টিভংগীৰে গ্ৰহণ কৰি আহিছে৷ দোষ-গুণ উভয়কে সমান গুৰুত্ব দি বিচাৰ কৰিলেই কোনো বিষয়ৰ সমালোচনা এটা পোৱা যায়৷ সমালোচনাত বিষয়বস্তুৰ সূক্ষ্ম পৰ্যবেক্ষণ কৰি যুক্তিৰে দোষ গুণ নিৰ্ধাৰণ কৰা হয়৷ সাধাৰণ অৰ্থত সমালোচনা মানে প্ৰয়োজনীয় সকলো দিশৰ পৰা কৰা যথোপযুক্ত আলোচনা৷ এইফালৰ পৰা চাবলৈ গ’লে সমালোচনা হ’ল বিচাৰ বা সিদ্ধান্ত৷ আন কথাত ক’বলৈ গ’লে এজন বোধশক্তি সম্পন্ন পাঠকে কোনো গ্ৰন্থ এখন পঢ়ি তাৰ গুণাগুণ সমন্ধে যি নিৰপেক্ষ বিচাৰ ডাঙি ধৰে তাকে সমালোচনা বোলে৷

সাহিত্যৰ কোনো ভাল লগা বা বেয়া লগাৰ কাৰণ সম্পৰ্কে কৰা বিশ্লেষণ বা এই সম্পৰ্কত কোনো এজনে নিন্দা বা প্ৰশংসা কৰি নিজৰ অভিমত উত্থাপন আৰু তাক প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিলে সেই কাৰ্যব্যৱস্থাকে সমালোচনা সাহিত্য বোলে৷ সাহিত্যৰ উৎকৰ্ষ বা অপকৰ্ষ বিচাৰমূলক সম্যক আলোচনাই সাধাৰণভাবে সাহিত্য সমালোচনা৷

সমালোচনা সমন্ধে প্ৰাচ্য আৰু পাশ্চাত্যৰ সাহিত্যত বৰ্তমানলৈ যিমানবোৰ পদ্ধতি অনুসৰণ কৰা হৈছে সেইবোৰৰ ভিতৰত ঐতিহাসিক পদ্ধতি আৰু তুলনামূলক পদ্ধতি অন্যতম৷ ইয়াৰ উপৰিও সমালোচনাৰ আৰু কিছুমান পদ্ধতি আছে৷

ব্যক্তিগত সমালোচনা : এই সাহিত্য বিচাৰ পদ্ধতিত সমালোচকৰ অনুভূতিৰ কথা প্ৰধান হৈ উঠে৷ গ্ৰন্থ পাঠৰ পাছত সমালোচকৰ মনত যিবোৰ অনুভূতি সৃষ্টি হয় সেইবোৰক ব্যক্তিপন্থী সমালোচকে বিশেষ গুৰুত্ব দিয়ে৷ ইয়াক বৃহৎ গ্ৰন্থৰ মাজত দুঃসাহসিক অভিজান আখ্যা দিব পাৰি৷ এখন মহৎ গ্ৰন্থ পাঠ কৰি সমালোচকৰ চেতনাত কিছুমান ব্যক্তিগত অনুভূতি আৰু চিন্তাৰ উদয় হয়৷ সেই অনুভূতিবোৰক ৰূপ দিয়া সমালোচকৰ কৰ্তব্য৷ গ্ৰন্থৰ সাহায্যত সমালোচকৰ মুগ্ধ মনত যি ভাব জাগ্ৰত হয় তাৰ আত্মপ্ৰকাশেই হ’ল ব্যক্তিগত সমালোচনাৰ মূল কথা৷ বহু সময়ত এই সমালোচনা পদ্ধতিত বক্তব্য বিষয় গৌণ হৈ পৰে আৰু বক্তাৰ নিজা কথা প্ৰাধান্য লাভ কৰি উঠে৷ তদুপৰি এই শ্ৰেণীৰ সমালোচনা অনেক সময়ত অযোগ্য সমালোচকৰ স্পৰ্ধাৰ আস্ফালনত পৰ্যবসিত হ’ব পাৰে৷ অধিক সময়ত ইয়াত অতিৰঞ্জনক প্ৰশ্ৰয়ো দিয়া হয়৷

বৈধী সমালোচনা : এইবিধ সমালোচনাত ৰীতি নীতি চূড়ান্ত ৰূপত গ্ৰহণ কৰা হয়৷ প্ৰাচীন কালতে সৃষ্টি হোৱা সাহিত্যৰ বিভিন্ন নীতি-কৌশল অৰ্থাৎ এৰিষ্টটল, হ’ৰাছ, কুইণ্টিলিয়ান আদি পুৰণি মহান গ্ৰীক লেটিন সমালোচকসকলৰ নীতি কৌশল মানি লৈ এইবিধ সমালোচনা অগ্ৰসৰ হয়৷ সময়ৰ পৰিৱৰ্তনলৈ লক্ষ্য নকৰাকৈ প্ৰাচীন নীতি-নিয়ম অপৰিৱৰ্তনীয় বুলি ভবা হয়৷ ইংৰাজী সাহিত্যৰ জনছন এইবিধ সমালোচনাৰ প্ৰধান প্ৰবক্তা৷

দাৰ্শনিক সমালোচনা : দাৰ্শনিক সমালোচনাত আলোচ্য সাহিত্যই কিমানখিনি সমাজ কল্যাণ কৰিবলৈ সক্ষম হৈছে আৰু তাৰ সৌন্দৰ্য কিম্বা ৰস তত্ত্বৰ স্বৰূপ কি সেই বিষয়ে আলোচনা কৰা হয়৷ কৃষ্ণ কথাৰ সমালোচনাত শংকৰদেৱে আৰু ৰাস তত্ত্বৰ সমালোচনাত লক্ষ্মীনাথ বেজবৰুৱাই এই পদ্ধতি ব্যৱহাৰ কৰিছে৷ কিন্তু কাব্য বা সাহিত্যৰ লক্ষ্য সমাজৰ হিত সাধন নহয় আৰু এই মতটো প্ৰকৃত কাব্য পৰীক্ষাৰ ফলো নহয়৷ আনহাতে জীৱন স্পৰ্শ বৰ্জিত ৰস তত্ত্বৰ আলোচনা পাৰলৌকিক নন্দন তত্ত্বৰ আলোচনা হোৱাৰ বাবে সাহিত্যত তাৰ প্ৰয়োগ অপ্ৰাসংগিক৷

আপেক্ষিক সমালোচনা : এইবিধ সমালোচনাই লেখকৰ মানসিকতা তথা জীৱন দৰ্শনৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ বিশেষ ধৰাবন্ধা নিয়ম কানুন নাথাকিলেও গ্ৰন্থখন কি পৰিৱেশত ৰচিত হৈছিল তাৰ প্ৰতি দৃষ্টি ৰাখিহে মূল্যায়ন কৰা হয়৷ মনোবৈজ্ঞানিক আধাৰ সম্পৰ্কে এইবিধ সমালোচনা সচেতন৷ লেখকৰ দৃষ্টিভংগী আৰু অনুভূতিসহ লেখকৰ অন্তৰ্নিহিত জীৱনৰ উল্লিখন ইয়াত পোৱা যায়৷ একেখন গ্ৰন্থৰে সমালোচক অনুযায়ী ভিন ভিন সমালোচনা হ’ব পাৰে৷ কাৰণ পৰম্পৰাগত সমালোচনা পদ্ধতিক আপেক্ষিক সমালোচনাই গ্ৰহণ নকৰে৷

ভাষাতাত্ত্বিক সমালোচনা : এইবিধ সমালোচনা প্ৰধানকৈ বৈয়াকৰণ আৰু ভাষাতাত্ত্বিক দিশৰ পৰা কৰা হয়৷ অৱশ্যে ইয়াত বিষয় আৰু বিষয়ী কোনোটোৱেই প্ৰধান আলোচ্য বিষয় নহয়৷ প্ৰধান বক্তব্য হ’ল শব্দতত্ত্ব, বাক্য নিৰ্মাণৰ কংকালতত্ত্ব৷ চছাৰৰ ‘ইংৰাজ’, বডুচণ্ডিদাসৰ ‘শ্ৰীকৃষ্ণ কীৰ্তন’, ৰমাই পণ্ডিতৰ ‘শূণ্যপূৰাণ’ৰ ভাষাগত আলোচনা হ’ব পাৰে আৰু ভাষাতত্ত্বই হ’ল সেইবোৰৰ প্ৰধান বিচাৰ মাধ্যম৷ প্ৰাচীন আলংকৰিকসকলৰ অনেক আলোচনাই হ’ল কেৱল শব্দৰ ব্যায়াম, অলংকাৰ কৌশল ব্যাখ্যা কৰা বৈয়াকৰণিক আনন্দ৷ সাধাৰণতে প্ৰাচীন গ্ৰন্থৰ সম্পাদনাত এই ৰীতি অনুসৰণ কৰা হয়৷ ভাষাতাত্ত্বিক বিচাৰে মূল সাহিত্য সমালোচনাক নানা দিশৰ পৰা সহায় কৰে৷ কিন্তু এইধৰণৰ সমালোচনাক যথাৰ্থ সাহিত্য বিচাৰ বুলিব নোৱাৰি৷ য’ত ৰস বিচাৰ নাই, গুণ-কলাৰ বিশ্লেষণ নাই তাক সাহিত্য বিচাৰ আদৰ্শ হিচাপে গ্ৰহণ কৰিব নোৱাৰি৷

সংখ্যাতাত্ত্বি সমালোচনা : এই শ্ৰেণীৰ সমালোচনাত ৰেখাচিত্ৰ আৰু পৰিসংখ্যাৰ সহায়ত কেইবাটাও বিশেষ সাহিত্য কৰ্মৰ তুলনামূলক বিচাৰ বিশ্লেষণ কৰা হয়৷ গতিকে ই একপ্ৰকাৰৰ তথ্যভিত্তিক প্ৰায়োগিক সমালোচনা৷ ইয়াত শব্দ সম্ভাৰ ৰচনাশৈলী আৰু বাক্যৰ দৈৰ্ঘ্যৰ ভিত্তিত একোজন লিখকৰ বা একোটা যুগৰ ৰচনা চৰিত্ৰ নিৰূপণ কৰা হয় আৰু তাৰ দ্বাৰা বিশেষ সাহিত্য কৃতিৰ উৎকৃষ্টতা বা নিকৃষ্টতা সম্পৰ্কে সিদ্ধান্ত দিবলৈ প্ৰয়াস কৰা হয়৷ এই সমালোচনা হ’ল কোনো এক আলোচনাৰ বিতৰ্কজনক ৰচয়িতাৰ ক্ষেত্ৰত নিৰ্ভুল সিদ্ধান্তত উপনীত হ’ব পৰা একমাত্ৰ উপায়৷ উইলিয়ামছ, য়ুল প্ৰভৃতি কেইজনমান পৰিসংখ্যাবিদে এইটো পদ্ধতি অৱলম্বন কৰি মাৰ্ক টোৱেইন, ছেক্সপীয়েৰ প্ৰভৃতিৰ ৰচনাৱলী সংক্ৰান্তীয় কিছুমান বিতৰ্কৰ ওৰ পেলাবলৈ সক্ষম হৈছে৷ বৰ্তমান কালত এই শ্ৰেণীৰ সমালোচনাই যথেষ্ট অগ্ৰগতি লাভ কৰি উঠিছে৷ কাৰণ বিষয় এটা যেতিয়া তুলনামূলক পৰিসংখ্যাৰ ভিত্তিত ডাঙি ধৰা হয় তেতিয়া সি সহজে গৃহীত হয়৷

যুক্তিবাদী সমালোচনা : এইবিধ সমালোচনাই নিৰ্ধাৰিত সূত্ৰ বা সাহিত্যৰ ৰীতি-নীতিৰ মাপ-কাঠিৰে জোখমাখ নকৰি সাহিত্যত নিহিত থকা গুণাৱলীৰ যুক্তিনিষ্ঠ ভাবে আলোকপাত কৰে৷ ই প্ৰায় তৰ্কশাস্ত্ৰৰ ব্যাখ্যাৰ দৰে স্বনিৰ্ভৰশীল যুক্তিৰ দ্বাৰা পৰিচালিত হয়৷ প্ৰকৃত গুণৰ অন্বেষণ এইবিধ সমালোচনাৰ মূল বৈশিষ্ট্য৷ গ্ৰন্থৰ মূল্য নিৰূপণ কৰিবলৈ সাহিত্যৰ সঠিক মূল্যায়নত গুৰুত্ব দিয়া হয়৷ সাহিত্য বা গ্ৰন্থৰ নিজস্ব সত্ত্বাৰ অনুসন্ধানেই যুক্তিমূলক সমালোচনাৰ মূল লক্ষ্য৷ লেখকৰ লেখাৰ মাজতে দোষ গুণৰ বিচাৰত আবদ্ধ ৰখাই ইয়াৰ নিয়ম৷

সমাজতাত্ত্বিক সমালোচনা : সামাজিক পাৰিপাৰ্শ্বিক অৱস্থাৰ প্ৰতি সচেতন হৈ সাহিত্যকৰ্মক কোনো এখন সমাজক কেন্দ্ৰ কৰি ৰচিত আৰু সমাজভুক্ত সম্পদ হিচাপে ধৰি এই সমালোচনা অগ্ৰসৰ হয়৷ এটা বিশেষ সময় আৰু সমাজ ইয়াত প্ৰতিফলিত হোৱাত লেখকৰ সামাজিক দায়বদ্ধতাৰ বিচাৰ কৰা হয়৷ এই সমালোচনাত বাস্তৱ সমাজৰ প্ৰয়োজনবোধৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হয়৷ এই শ্ৰেণীৰ সমালোচনাত সাহিত্য সমাজৰ দাপোণ বুলি সমালোচকজনে মত প্ৰকাশ কৰে৷

ঐতিহাসিক সমালোচনা : যি সমালোচনাত সমালোচকে কোনো গ্ৰন্থৰ আলোচনা কৰোঁতে যদি তাৰ বিষয়বস্তুৰ ৰাজনৈতিক, সমাজিক, ধৰ্মীয় আদি পটভূমিৰ বিশ্লেষত প্ৰাধান্য দিয়ে আৰু তাৰ ওপৰতে গ্ৰন্থখনৰ মূল্য নিৰূপণ কৰে, তেন্তে তেনে সমালোচনাক ঐতিহাসিক সমালোচনা বোলে৷ এই সমালোচনাৰ মতে ইতিহাস, সমাজ, নৃতাত্ত্বিক বৈশিষ্ট্য আৰু জীৱন-যাপন প্ৰণালীয়ে সাহিত্যৰ গতিপথ নিৰ্দেশ কৰে৷ ঐতিহাসিক সমালোচনাৰ মূল কথাষাৰ হ’ল ইতিহাসৰ থেও ধৰি সাহিত্য বিচাৰ পদ্ধতি৷ এইটো ধাৰাৰ অগ্ৰণী ব্যক্তি হ’ল ফৰাচী সমালোচক এডলভ টেইন৷ পাঁচটা খণ্ডত ইংৰাজী সাহিত্যত ইতিহাস ৰচনা কৰি তেওঁ ঐতিহাসিক সমালোচনা প্ৰৱৰ্তন কৰে৷ তেওঁৰ মতে সাহিত্যৰ ইতিহাস দৰাচলতে জাতীয় জীৱনৰ ইতিহাসৰে তাৎপৰ্যপূৰ্ণ প্ৰতিফলন৷ সাহিত্য যুগমাসৰেই সৃষ্টি৷ সাহিত্য চিত্তলোকৰ বিষয় হ’লেও তাৰ এটা অৱস্থান ভূমি আছে৷ সেই অৱস্থান ভূমি হ’ল ইতিহাস আৰু সমাজ৷

ঐতিহাসিক সমালোচনাৰ লক্ষ্যবস্তু সাহিত্যৰ মূল্য নিৰূপণ কৰাটো নহয়৷ সাহিত্যৰ গাত আউজি জাতীয় ইতিহাসৰ এক বৈশিষ্ট্যপূৰ্ণ অধ্যয়ন কৰাটোহে৷ গতিকে ঐতিহাসিক সমালোচনাৰ লগত সাহিত্যৰ আচল সম্পৰ্কটো ক্ষীণ৷

ঐতিহাসিক সমালোচনাত যুগচিত্তৰ পাৰিপাৰ্শ্বিক আৰু গ্ৰন্থকাৰৰ ব্যক্তি মানস কিমানখিনি প্ৰকাশ পাইছে তাৰ বিচাৰ কৰা হয়৷ সেয়েহে ঐতিহাসিক সমালোচকে অৱলম্বন কৰা ৰীতি বহুতো দিশৰ পৰা মূল্যবান৷ অৱশ্যে যুগচিত্তৰ পাৰিপাৰ্শ্বিকে লিখকৰ ব্যক্তি মানসক প্ৰভাৱিত কৰিব পাৰে বাবেই কেৱল এই বিচাৰতেই সাহিত্যৰ শ্ৰেষ্ঠত্ব প্ৰমাণিত নহয়৷ এই পদ্ধতিত অনেক সময়ত অতিৰঞ্জনৰ দ্বাৰা কোনো কোনো কাব্যক শ্ৰেষ্ঠ বুলি গ্ৰহণ কৰিব পৰা যায়৷ সেয়ে ই নিৰাপদো নহয়৷ সাহিত্য হ’ল ব্যক্তি মনৰ একক নিৰ্মাণ৷ সৃষ্টিশীল সাহিত্যই ইতিহাসৰ প্ৰভাৱ এৰায়ো যাব পাৰে৷ কিন্তু ঐতিহাসিক সমালোচনাই সেইটো উপলব্ধি কৰিব নুখোজে৷ যি কি নহওক এইটো ঠিক যে ঐতিহাসিক সমালোচনাৰ দ্বাৰা সাহিত্যৰ বস্তুগত ভিত্তি চিনি লোৱা সহজ হয়৷

তুলনামূলক সমালোচনা : তুলনামূলক সমালোচনা হ’ল আধুনিক বিচাৰ পদ্ধতি৷ বৰ্তমান দেশ কালৰ সীমা সংকোচিত হৈ অহাৰ বাবে এখন দেশৰ সাহিত্য আন এখন দেশৰ সাহিত্যৰ দ্বাৰা প্ৰভাৱিত হ’বলৈ ধৰিছে আৰু এখন দেশৰ সাহিত্যৰ সৈতে আন এখন দেশৰ অনুৰূপ সাহিত্যৰ তুলনা দি কৰা সমালোচনা আধুনিক কালত অধিক জনপ্ৰিয় হৈ উঠিছে৷ যেতিয়া কোনো সমালোচকে আন আন গ্ৰন্থৰ সমভাবাপন্ন কথাৰ লগত সাদৃশ্য বিচাৰি আৰু প্ৰয়োজন মতে বিপৰীত ভাবাপন্ন কথাৰ লগত বৈসাদৃশ্য বিচাৰ কৰি কোনো গ্ৰন্থৰ বিচাৰ কৰে তেন্তে তাকে তুলনামূলক সমালোচনা বোলে৷ এই সমালোচনাত দুজন ভিন্ন লেখকৰ শব্দসম্পদ তুলনামূলক বিচাৰৰ দ্বাৰা উভয়ৰে কৃতিত্ব নিৰ্ধাৰণ কৰা হয়৷ তুলনামূলক সমালোচনাত জনসাহায্য এটাই আনটোক যেনেকৈ বুজিব পৰা যায় তেনেকৈ এখন দেশৰ সৈত্যে আন এখন দেশৰ চৰিত্ৰগত সাদৃশ্যৰ বৈপৰীত্যও লক্ষ্য কৰিব পৰা যায়৷ এনে তুলনাৰ বাবে দুয়োৰে মাজত সামান্য ধৰ্মৰ ঐক্য থাকিব লাগে৷ বিশেষ ধৰ্মৰ মিল নাথাকিলেও কিন্তু বিষয়বস্তুত যাৰ মাজত মুটামুটি ঐক্য নাই তাৰ মাজত তুলনামূলক সমালোচনা চলিব নোৱাৰে৷

এটা সময়ত দেশ কালৰ সীমা দুলংঘ্য আছিল৷ আৰু এখন দেশে আন এখন দেশৰ পৰা সাহিত্য ধাৰ কৰা কথা উঠিবই নোৱাৰিছিল৷ তথাপিও দেখা যায় দূৰৰ দুখন ঠাইৰ সাহিত্যৰ মাজত অদ্ভুত ধৰণৰ সাদৃশ্যই বিৰাজ কৰিছে৷ যেনে- ইৰানৰ সাধু আৰু আমাৰ বুঢ়ী আইৰ সাধুৰ মাজত দেশ দষ্টুৰৰ বাদে মূলত কোনো প্ৰভেদ নাই৷ ইয়াৰ একমাত্ৰ কাৰণ হ’ল মানৱ মন সকলো ক্ষেত্ৰতে একেই৷ তুলনামূলক সাহিত্যৰ দ্বাৰা এনে সাদৃশ্য থকা সাহিত্যৰ বিচাৰ কৰা হয়৷

তুলনামূলক সমালোচনাৰ কাৰণে প্ৰয়োজন উচ্চ স্তৰৰ পাণ্ডিত্যৰ, বিভিন্ন সাহিত্যৰ যথোচিত জ্ঞান আৰু বুদ্ধিমত্তাৰ৷ তদুপৰি সমালোচকজনৰ তুলনামূলক বিচাৰ অনুভূতিৰ সূক্ষ্মতাও থাকিব লাগে৷ এই সমালোচনাৰ দ্বাৰা নানান দেশৰ সাহিত্য আৰু লিখকৰ পৰিচয়ৰ ব্যৱধান দূৰ হয়৷ মানসিক সংকীৰ্ণতা দূৰ কৰাৰ বাবে আধুনিক কালত তুলনামূলক সমালোচনাৰ প্ৰভাৱ বৃদ্ধি হৈছে৷ এই পদ্ধতিত দুখন গ্ৰন্থৰ উৎকৰ্ষ-আকৰ্ষ বহুখিনি স্পষ্ট হৈ উঠে৷ তদুপৰি এখন দেশৰ পাঠকে অন্য এখন দেশৰ ভাষা শিকিবলৈ আগ্ৰহান্বিত হয়৷ আনৰ প্ৰতি প্ৰতিকূল মনোভাৱো নাইকিয়া হয়৷ বৰ্তমান সময়ত সেয়ে তুলনামূলক সমালোচনা সাহিত্যৰ অন্যতম বিচাৰ পদ্ধতি ৰূপে পৰিগণিত হৈছে৷

বিশ্লেষণাত্মক সমালোচনা : বিশ্লেষণাত্মক সমালোচনাত মূল গ্ৰন্থখনে প্ৰাধান্য লাভ কৰে৷ এই সমালোচনাত বৈধী সমালোচনাৰ দৰে সাহিত্য তত্ত্বৰ কটকটীয়া নীতি-নিয়ম মানি চলা নহয় বা ব্যক্তিগত সমালোচনাৰ দৰেও সমালোচকৰ ব্যক্তি মনৰ ভাল লগা বা বেয়া লগা কথাবোৰে প্ৰাধান্য লাভ নকৰে৷ বিশ্লেষণাত্মক সমালোচনাত মূল গ্ৰন্থৰ আধাৰত সকলো বিষয় তন্ন তন্নকৈ আলোচনা কৰা হয়৷ এনে সমালোচনা বস্তুধৰ্মী আৰু নিৰপেক্ষ হয়৷ এই সমালোচনাত মূল গ্ৰন্থৰ কথাবোৰ সমালোচকে প্ৰথমে বিচাৰ বিশ্লেষণ কৰি সেইবোৰ সহজ সৰল ভাষাত পাঠকৰ আগত নিবেদন কৰা হয়৷ তাৰ ফলত পাঠকেও মূল গ্ৰন্থৰ প্ৰকৃত ৰস লাভ কৰে৷ বিশ্লেষণাত্মক সমালোচনাৰ প্ৰধান অসুবিধা হ’ল এই সমালোচনাই যি দৰে সাহিত্যৰ বহিৰঙ্গ দিশৰ আলোচনাত বিশ্লেষণ আগবঢ়াই সেইদৰে সাহিত্যৰ অন্তৰঙ্গ ৰস বিশ্লেষণত গুৰুত্ব আৰোপ নকৰে৷

সৌন্দৰ্যতাত্ত্বিক সমালোচনা : সৌন্দৰ্যতাত্ত্বিক সমালোচনাত সাহিত্যৰ শিল্পকলাৰ দিশটোৰ ওপৰত গুৰুত্ব দিয়া হয়৷ এইবিধ সমালোচনাৰ প্ৰধান প্ৰবক্তা হ’ল অস্কাৰ ৱাইল্ড৷ তেওঁৰ মতে- “সকলো শিল্পকলাই প্ৰয়োজনৰিক্ত”৷ সৌন্দৰ্যমূলক সমালোচনা সৃষ্টিকৰ্ম আৰু নৈৰ্ব্যক্তিক বিশ্লেষণৰ সেতুবন্ধ স্বৰূপ৷ কাৰণ নন্দনতাত্ত্বিক সমালোচকসকল নতুন নতুন ধ্যানধাৰণাৰ শিল্পী৷ তেওঁলোকে নিজস্ব ৰুচি আৰু ৰসানুভূতিৰ আধাৰত বিশেষ শিল্পকৰ্মৰ সৌন্দৰ্য পোহৰলৈ উলিয়াই আনিবৰ বাবে চেষ্টা কৰে৷ মহাকবি গ্যেটেই কালিদাসৰ ‘অভিজ্ঞান শকুন্তলম’ৰ যি ব্যাখ্যা ডাঙি ধৰিছিল সেয়া সৌন্দৰ্যতাত্ত্বিক সমালোচনাৰ এক সুন্দৰ নিদৰ্শন৷ সেইদৰে জাৰ্মান সমালোচক শ্লেগেলে মাথোন এষাৰ উক্তিৰেই ছেক্সপীয়েৰৰ ‘হেমলেট’ নাটকৰ সমস্ত সৌন্দৰ্য উদঙাই ধৰিছিল৷ গতিকে
সৌন্দৰ্যতাত্ত্বিক সমালোচনাই সাহিত্যৰ সুন্দৰ ৰূপটোক পোহৰাই তোলে৷

সাহিত্য সমালোচনা হ’ল সাহিত্যৰ সম্যক আলোচনা৷ বুদ্ধি, সূক্ষ্ম দৃষ্টিভংগী আদিৰ সহায়ত সমালোচনাৰ জৰিয়তে সাহিত্যৰ দোষ-গুণ বিচাৰ কৰা হয়৷ বিভিন্ন পদ্ধতিৰ সহায়েৰে ভিন ভিন দিশৰ পৰা সাহিত্যৰ সমালোচনা কৰা হয়৷ এৰিষ্টটলে তেওঁৰ ‘পয়েটিক্স’ গ্ৰন্থত সমালোচনাক শিল্পৰ ৰূপ আৰু ৰসৰ উৎকৰ্ষ আৰু অপকৰ্ষৰ বিচাৰ আখ্যা দিছে৷ বিভিন্ন দিশৰ পৰা সাহিত্যত সমালোচনাৰ প্ৰয়োজনীয়তা লক্ষ্য কৰা যায়৷ সমালোচনাৰ জৰিয়তে লেখক আৰু পাঠক উভয়েই উপকৃত হোৱাৰ লগতে সমালোচনাই সাহিত্যৰ গুণগত মান উন্নীতকৰণতো প্ৰভুত অৱদান আগবঢ়াইছে৷

☆★☆★☆

2 Comments

  • Rintumoni Dutta

    তথ্যসমৃদ্ধ প্ৰবন্ধ, ভাল লাগিল চবিনা

    Reply
  • Mridula

    ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published.