ফটাঢোল

সমীৰণ দা – নাজিফ হাজৰিকা

১)
“চাইলেণ্ট, চাইলেণ্ট, চাইলেণ্ট …… ”
‘চতপ’
বৰদলৈ চাৰে টেবুলত এচাৰী ডালেৰে মাৰি চিঞৰিলে। গুণগুণাই থকা গোটেই পৰীক্ষা হলটো মৌন হৈ পৰিল। ডিগ্ৰী 1st year, 2nd year, 3rd year ৰ পৰীক্ষা চলি আছে। মই 1st year ৰ পৰীক্ষা দি আছোঁ। নতুনকৈ আহিছোঁ বাবে অলপ ভয়ে ভয়ে পৰীক্ষা দি আছোঁ। আমাৰ হোষ্টেলৰ ছিনিয়ৰ অমৰ দা, সমীৰণ দা, ৰাজা দাহঁতেও 2nd year, 3rd year ৰ পৰীক্ষা দি আছে।

কেতিয়াও হাঁহি নমৰা, ‘গহীন’ বুলি জনাজাত সমীৰণ দাই গহীন-গম্ভীৰ ভাবে নকলৰ পুৰীয়াবোৰ উলিয়াই বিন্দাচ নকল মাৰি আছে। বৰদলৈ ছাৰে হাতত এচাৰিডাল লৈ পৰীক্ষাৰ্থীৰ মাজত ঘূৰি আছে। হঠাৎ ছাৰৰ চকু পৰিল সমীৰণ দাৰ ওপৰত। পিছফালৰ পৰা গৈ থাপ মাৰি ধৰিলে তাৰ হাতত।

: ঐ ঐ ঐ এইবোৰ কি?
সমীৰণ দা গহীনত নীৰৱে ৰৈ থাকিল।

: এইবোৰ কি?
: ছাৰ নকল। ( গহীনত কৈ দিলে )

পৰীক্ষাৰ্থী সকলৰ মাজত খুক-খুককৈ হাঁহিৰ ৰোল উঠিল।
: এইবোৰ কিয়? ভালকৈ পঢ়ি অহা নাছিলি নেকি?
: ছাৰ পঢ়িছিলোঁ। ( আকৌ গহীন )
: তেন্তে?
: তেন্তে ছাৰ যিখিনি পাৰিলোঁ মগজত ভৰালোঁ আৰু নোৱাৰাখিনি পকেটত ভৰালোঁ।

গোটেই পৰীক্ষা হলটোৱে গিৰ্জনী মাৰি হাঁহি দিলে। বৰদলৈ ছাৰেও একো নোকোৱাকৈ তাৰ হাতৰ পৰা নকলখিনি কাঢ়ি লৈ আহিলে। পেটে পেটে চাগে তেওঁৰো হাঁহি উঠিছিল।

২)
আমাৰ হোষ্টেলত বাকী ল’ৰাবোৰত কৈ সমীৰণ দা বেলেগ, একদম গহীন। থাকেও অকলে, চিংগল ৰুম। সমীৰণ দাৰ ৰুমত কেতিয়াও ৱাৰ্ডেন ছাৰ নোসোমাই। কিন্তু কিয় নোসোমাই কোনেও নাজানে। সেইটো আমাৰ বাবে বৰ ডাঙৰ ৰহস্য।

আজি দেওবাৰ। গোটেই ল’ৰাবোৰে ৰাতিপুৱা চাহ খাই আগফালে আড্ডা মাৰি আছে।
: ঐ নতুনকৈ যে আহিছে ইকনমিক্সৰ মেমজনী, বৰ্ষা মেম। কিছু চালত থাকে ন? – বিপুলে আৰম্ভ কৰিলে।
: অ বে, বয়সো হোৱা নাই। M.A পাছ কৰিয়ে সোমাইছে। – তিলকে ক’লে।
: তামাম ষ্টাইল বে। স্কুটি যি উৰাই আহে।
: অ, কৈয়েই দিব মন যায়।
: কি বুলি?
: “মেম, আপুনি ইমান ষ্টাইল কৰে” বুলি।
: পৰিবি? দম আছে? কাৰ দম আছে?

গোটেই ল’ৰাবোৰ মনে মনে থাকিল। ইমান সময় মনে মনে থকা সমীৰণদা আগবাঢ়ি আহিল।
: মোৰ দম আছে, মই কম।
: কি? – সকলোৱে একেলগে চিঞৰিলে।
: উম মই কম। কিন্তু তহঁত সবে মিলি মোক ‘বাবা হোটেল’ত মাংস ভাত খুৱাব লাগিব।
: ok done .- সকলোৱে হয়ভৰ দিলে।

পিছদিনা আমি সকলো সমীৰণদাৰ পিছে পিছে ঘূৰি ফুৰিছোঁ। তেনেকুৱাতে বৰ্ষা মেম জিন্স-T চাৰ্ট পিন্ধি একদম চালত স্কুটি চলাই সোমাই আহিল। সমীৰণদাৰ ওচৰ পোৱা লগে লগে সমীৰণদাই চিঞৰিলে –
“মেম, ষ্টাইল মাৰি আছে?”

আমি সকলোৱে আচৰিত হৈ গলোঁ, কোনেও নাহাঁহিলোঁ। বৰ্ষা মেমে স্কুটিখন ব্ৰেক মাৰি খঙত নামি আহিল সমীৰণদাৰ ওচৰলৈ।
: What nonsense, কি ক’লা তুমি? কি ক’লা?
: কি ক’লোঁ মেম?
: এইমাত্ৰ মোক কি কৈছিলা?
: “মেম ষ্টেণ্ড পৰি আছে” বুলি কৈছিলোঁ। আপোনাৰ স্কুতিৰ ষ্টেণ্ডডাল পৰি আছিল। কিবা বেয়া ক’লোঁ নেকি মেম? ( একদম গহীনত কৈ দিলে) । বৰ্ষা মেমে একেথৰে সমীৰণদাৰ চকুলৈ চালে। তাৰ পিছত ক’লে –
: অহ, মই বেলেগ কিবা শুনি গ’লোঁ। হব দিয়া। বৰ্ষা মেম গুচি যোৱাৰ পিছত আমাৰ হাঁহি উঠিল। কিন্তু সমীৰণদা একদম গহীন।

৩)
আমি চাৰিটা 1st year ৰ ল’ৰা মিলি অভিষেকৰ ৰুমত গধূলি তাচ খেলি আছোঁ। গধূলি বেলেগৰ ৰুমত সোমাই থকাটো পিচে হোষ্টেলৰ নিয়ম নহয়।

: ঐ তোৰ ওচৰত ‘গোলাম’ আছে, মাৰ। গেজু নেখেলিবি।
: নাই বে, মোৰ ওচৰত। মা কচম।
: তেন্তে অভিষেকৰ ওচৰত আছে। অভিষেক তই গেজু নেখেলিবি দেই। ‘চাহাব ‘ বচাই ‘গোলাম’ মাৰিব আহিছ।

আমি নিজৰ মাজত তৰ্ক কৰি থাকোঁতেই ৱাৰ্ডেন ছাৰ আহি সোমাই দিলে।
: তোমালোকে ইয়াত কি কৰি আছা?
: নাই, ছাৰ। এই কথা এটা পাতিবলৈ আহিছিলোঁ।
: তাচ খেলি আছা? চাওঁ তাচখিনি দিয়া। অভিষেকে তাচ খিনি ছাৰক দিলে।
: এইয়া লাষ্ট ৱাৰ্নিং! next যদি এনেকুৱাকৈ আকৌ পাওঁ, তেন্তে তোমালোকৰ ঘৰত কম্পলেইন দিম।

ৱাৰ্ডেন ছাৰে এটা এটাকৈ হোষ্টেলৰ গোটেইকেইটা ৰুম সোমাই চাই গ’ল। কিন্তু সমীৰণদাৰ ৰুমত নোসোমালে। আমাৰ জানিবলৈ মন গ’ল, কেছটো কি!

পিছদিনা ৰাতিপুৱা অলপ সাহস গোটাই সমীৰণদাৰ ৰুমলৈ গ’লোঁ। দুৱাৰত টুকুৰীয়ালোঁ। সমীৰণদাই দুৱাৰ খুলি দিলে।
: কি হ’ল?
: সমীৰণদা, কথা এটা আছিল।
: কি কথা?
: মানে অহা বছৰ আপুনিতো পাছ কৰি ইয়াৰ পৰা ওলাই যাব।
: উম, তাতে কি হ’ল?
: যোৱাৰ আগতে মোক কথা এটা শিকাই দিয়ক না।
: কি কথা শিকাব লাগে?
: আপোনাৰ যে ৰুমত ৱাৰ্ডেন ছাৰ নোসোমাই, তাৰ কাৰণটো কি ?
: অহ, সেইটো শিকাব লাগে। মোক কি খুৱাবি?
: যি খাই তাকে খুৱাম।
: বাৰু! বাবা হোটেলত মাংস-ভাত খুৱাব লাগিব কিন্তু।
: একদম খুৱাম, কথা দিলোঁ।
: যা তেন্তে, দুটা গজাল, এটা সাঁতুৰি আৰু এক মিটাৰ দীঘল তাঁৰ এডাল লৈ আন।
: মানে?
: মানে সেইটোৱেই। মই যিটো কৈছোঁ সেইটো কৰ।

মই দৌৰি গ’লোঁ চকীদাৰ মুকুল দাৰ ঘৰলৈ। বস্তু কেইটা লৈ আহি সমীৰণ দাক দিলোঁ।
: ব’ল তোৰ ৰুমলৈ।
: ব’লক।

সমীৰণদাই মোৰ ৰুমৰ দৰ্জাখনৰ চৌকাঠটো চালে। প্ৰায় ৫ ফুট ২ ইন্সি মান উচ্চতাত দুটা গজাল দুফালে মাৰিলে। তাৰ পিছত তাঁৰদাল ইটো গজালৰ পৰা সিটো গজালত বান্ধিলে। তাৰ পিছত সমীৰণদাই ক’লে –

: হৈ গ’ল।
: হৈ গ’ল? মানে?
: মানে ইমানেই কাম আছিল। বেলেগ একো নাই।
: মই একো বুজি পোৱা নাই সমীৰণদা।
: মানে আজিৰ পৰা সন্ধিয়া ৬ বজাত তোৰ যিমান কেইটা আণ্ডাৰপেণ্ট আছে গোটেইকেইটা এইডাল তাঁৰত মেলি থৈ দিবি। তিতি থকা, আধা শুকুৱা আণ্ডাৰপেন্ট থাকিলে মাজত ৰাখিবি। ৱাৰ্ডেন ছাৰ ঘেণ্টাও তোৰ ৰুমত নোসোমাই। কাৰণ হাতেৰে আণ্ডাৰপেণ্ট কেইটা আঁতৰাই ছাৰ তোৰ ৰুমলৈ সোমাই নাহে, বুজিলি।

কথাখিনি কৈ সমীৰণদা গহীনাই মোৰ ৰুমৰ পৰা ওলাই গ’ল । সমীৰণদাই লগাই থৈ যোৱা তাঁৰ দাললৈ মই নীৰৱে চাই থাকিলোঁ। পেটে পেটে খুব হাঁহি উঠিছিল মোৰ।

☆★☆★☆

4 Comments

  • আপোনাৰ গল্প আগৰপৰাই ভাল লাগে । এক কথাত নাজিফ হাজৰিকাৰ লেখা বুলিলেই নতুন সোৱাদ । আপোনাৰ শব্দবোৰৰ মাজত নিজক বিচাৰো । এইটোও ব্যতিক্ৰম নহল । এনে সুন্দৰ সৃষ্টিৰ বাবে লেখকক আৰু লেখাটো পঢ়ুৱৈ সমাজলৈ আগবঢ়াই দিয়া বাবে আলোচনীৰ সম্পাদনা সমিতিক ধন্যবাদ নিদি নোৱাৰি ।

    Reply
  • Mitali Saharia

    আপোনাৰ লিখনিবোৰ খুব লাগে।

    Reply
  • হেমন্ত কাকতি

    তামাম দেই৷ লাষ্টৰটো চুপাৰ ডুপাৰ

    Reply
  • জয়ন্ত দাস

    মজা৷ তামাম লিখিলে

    Reply

Leave a Reply

Your email address will not be published.