ফটাঢোল

সম্পাদকীয় – দেৱজিত শইকীয়া

____________________________________________________________________________________________________________________________

 “অলপ হাঁহি অলপ অশ্ৰু
অলপ নুবুজা ডাৱৰ
এয়ে পৃথিৱীৰ সেউজী দূবৰি
যাউতিযুগীয়া সাঁথৰ “
                       – নিৰ্মলপ্ৰভা বৰদলৈ

সঁচাকৈয়ে, মানুহৰ জীৱনটো সুখ-দুখ, হাঁহি কান্দোনেৰে সমৃদ্ধ এক অবুজ সাঁথৰ৷ তথাপি প্ৰতিজন মানুহেই জীৱনত সুখী হ’বলৈ বিচাৰে আৰু এই ’সুখ’ মানুহৰ মনৰ এক অধিৱস্থা৷ সংগ্ৰাম অবিহনে কাহানিও প্ৰকৃতিত এটা সাধাৰণ বেক্টেৰিয়াও জীয়াই থাকিব নোৱাৰে৷ সংগ্ৰামৰ মাজেদিয়েই ঠন ধৰি ডাল পাত মেলি ডাঙৰ হোৱা বট-বৃক্ষজোপাকহে প্ৰকৃতিয়ে নিৰ্বাচন কৰে৷ কাঁইটৰ মাজতেই গোলাপৰ কলিটো সুশোভিত হৈ সুগন্ধি বিলাই সকলোৰে মন জুৰায়, গতিকে জীৱন বুলিলে সংগ্ৰাম নিশ্চিত আৰু সংগ্ৰামৰ মাজেদিয়েই অগ্ৰসৰ হৈ জীয়াই থকা দিনবোৰত হাঁহিমুখে আগুৱাই যাব পৰাজনহে প্ৰকৃত সুখৰ অধিকাৰী হয়৷ দুখৰ মাজতো যি দৰে সুখ, কান্দোনৰ লগতে হাঁহিৰ সমলো লুকাই থাকে৷ নানা সমস্যাৰে জৰ্জৰিত জীৱনৰ মাজতো হাঁহিব পৰাটো সুখী জীৱনৰ চাবিকাঠি, জীয়াই থকাৰ কলা৷ কিয়নো জীৱনটো সুখী কৰি তোলাত হাঁহিৰ মহত্ত্ব অপৰিসীম৷

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই কৈছিল, ‘‘জীৱনৰ অৰ্থই হ’ল হাঁহি৷ তোমাৰ হাঁহিখিনি আনৰ সৈতে ভগাই ল’বা আৰু কান্দোনখিনি নিজে লুকুৱাই থ’বা৷ তুমি যিমানেই হাঁহি বিলাবা সিমানেই মহান হ’বা৷’’

মানুহৰ জীৱনৰ এটা মৌলিক উপাদান তথা ব্যক্তিত্বৰ এটি অন্যতম দিশেই হৈছে ’হাঁহি’৷ হাঁহিয়েই মানৱ জীৱনৰ এনে এক ঈশ্বৰ প্ৰদত্ত সম্পদ যিয়ে মানুহক সকলো দুখ-বেদনা, জ্বালা-যন্ত্ৰণাৰ পৰা সকাহ দিয়ে আৰু মগজু শীতল কৰে৷ মানুহক ইতৰ জীৱৰপৰা বাহ্যিকভাৱে পৃথক কৰি ৰখা একমাত্ৰ পাৰ্থক্যটোৱেই হৈছে যে মানুহে হাঁহিব পাৰে, যিটো ইতৰ প্ৰাণীয়ে নোৱাৰে৷ হাঁহিৰেই মানুহে জীৱনৰ যন্ত্ৰণাক পাহৰিব পাৰে, জীৱনটোক সৌষ্ঠৱশালী কৰিব পাৰে। চিন্তা, হতাশা, অৰ্থহীন অহংকাৰেৰে জীৱন কোনেও গঢ়িব নোৱাৰে, বৰঞ্চ এইবোৰে জীৱনলৈ তিক্ততাহে আনে৷ হাজাৰ চিন্তা-ক্লেশৰ মাজতো আপোনজনৰ অথবা এটি শিশুৰ নিষ্পাপ হাঁহিটোৱে জীৱনলৈ সজীৱতা আনে৷ দুখ-কষ্টৰ মাজতো হাঁহিয়ে সদায় মানৱ জীৱনত সুখানুভৱৰ উন্মেষ ঘটাব পাৰে আৰু সেয়ে হয়তো যিজন মানুহে হাঁহিব জানে তেওঁ দীৰ্ঘজীৱী হয়৷

হাঁহিৰ ব্যাখ্যা বিভিন্নজনে বিভিন্ন ধৰণেৰে আগবঢ়াইছে৷ বহুতৰ মতে হাঁহি হৈছে সুখৰ নিমিত্ত মাত্ৰ বা আত্মসন্তুষ্টিৰ প্ৰকাশহে মাথোন বা মনক সান্ত্বনা দিয়াৰ এক বাৰ্তাবাহক৷ কিন্তু হাঁহিৰ সংজ্ঞা যিয়েই নহওক কিয় প্ৰকৃতাৰ্থত হাঁহিয়ে পৃথিৱী উজ্জ্বলায়৷ শাৰীৰিক দৃষ্টিকোণৰ ফালৰপৰা চাবলৈ গ’লে হঁহাটো স্বাস্থ্যৰ পক্ষে উপকাৰী৷ হাঁহি সুখ, আনন্দ আৰু সুস্থতাৰ প্ৰতীক৷ হাঁহিয়ে মানুহৰ মন-মগজু বিকাশ কৰাত পুষ্টিদান কৰাৰ উপৰিও চিন্তাশক্তি তথা আমাৰ শৰীৰৰ অন্তৰ্নিহিত শক্তি বৃদ্ধি কৰে যিয়ে কোনো কাৰ্য্য সক্ৰিয় ৰূপত পৰিচালনা কৰাত সহায় কৰে৷ হাঁহিয়ে মানুহৰ সহনশীলতা বৃদ্ধি কৰাৰ উপৰিও মনক সন্তুষ্টি প্ৰদান কৰে আৰু অকৃত্ৰিম হাঁহিয়ে মনৰ উদ্বিগ্নতা হ্ৰাস কৰে৷

এই হাঁহিতেই আছে নানা মনোদৈহিক উপকাৰিতা৷ লি-বাৰ্ক নামৰ প্ৰখ্যাত চিকিৎসকজনৰ মতে হাঁহিয়ে মানসিক চাপ আঁতৰ কৰি বিভিন্ন ৰোগৰ সংক্ৰমণ নিৰ্মূল কৰে আৰু আমাক বহুক্ষেত্ৰত সুস্থ ৰাখিব পাৰে৷ হাঁহি শক্তিদায়ক, ই দেহৰ ৰোগ প্ৰতিৰোধ শক্তিক উজ্জীৱিত কৰে, বেথা লাঘৱ কৰে, মানসিক চাপৰ পৰা মুক্তি দিয়ে আৰু মগজুলৈ ৰক্তসঞ্চালন বৃদ্ধি কৰে৷ হাঁহিলে দেহত বিভিন্ন প্ৰকাৰৰ নিউৰ’পেপ্টাইড যেনে ডপামাইন, এণ্ড্ৰফিন আৰু চেৰ’টনিন আদি নিসঃৰিত হয় যিয়ে মগজুৰ নিউৰনৰ চালিকা শক্তি বৃদ্ধি কৰি এজন ব্যক্তিক মানসিক চাপৰ পৰা মুক্তি দিয়ে, লগতে দেহত হৃদস্পন্দনৰ মাত্ৰা সঠিক কৰি ৰাখে আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে তথা শ্বাসতন্ত্ৰ পৰিষ্কাৰ কৰে৷ কেলিফ’ৰ্ণিয়াৰ লোমা লিণ্ডা ইউনিভাৰ্চিটীৰ স্কুল অব মেডিচিনৰ গৱেষকসকলৰ মতে, হাঁহিয়ে আমাৰ প্ৰতিৰোধ ব্যৱস্থাক উত্তেজিত কৰা শ্বেতকণিকা ‘টি-কোষ’ সৃষ্টিত সহায় কৰে৷ হাঁহি মৰাৰ ফলত গামা ইণ্টাৰফেৰ’ন টি-কোষ আৰু বি-কোষ বৃদ্ধি পায়৷ যাৰ বাবে অধিক পৰিমাণে এণ্টিবডি সৃষ্টি হয়৷ ফলত দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দৃঢ় হয় আৰু নানা জীৱাণুৰ সংক্ৰমণৰপৰাও দেহক ৰক্ষা কৰিব পাৰি৷ গৱেষকসকলৰ মতে, ৰোগ নিৰাময়ত হাঁহি উপকাৰী৷ তেওঁলোকৰ মতে, ক্ৰোধ-ঘৃণাভাবে আমাৰ শৰীৰৰ প্ৰতিটো ব্যৱস্থা নিস্তেজ কৰি পেলায়৷ কিন্তু আনন্দই প্ৰতিৰোধ ব্যৱস্থাক উজ্জীৱিত কৰি ৰাখে৷

হাঁহিৰ যথেষ্ট সামাজিক মূল্যও আছে৷ হাঁহিয়ে কেৱল মানসিক আৰু সুস্থতা প্ৰদান কৰাই নহয় এটা হাঁহিৰ যোগেদিয়েই এজনে আনজনক আপোন কৰি ল’ব পাৰে তথা বন্ধুত্বৰ এনাজৰী কটকটীয়া কৰিব পাৰে৷ এটা আত্মবিশ্বাস ভৰা হাঁহিয়ে মনলৈ সাহস কঢ়িয়াই অনাৰ উপৰিও হীনমন্যতা দুৰ কৰে, সহনশীলতা বৃদ্ধি কৰে তথা মনক সন্তুষ্টি প্ৰদান কৰে৷ হাঁহি এজন ব্যক্তিৰ বাবে আনক বিলাব পৰা এক মূল্যৱান সম্পদ তথা এজন ব্যক্তিৰ ব্যক্তিত্ব আৰু আকৰ্ষণৰো কেন্দ্ৰ বিন্দু হ’ব পাৰে৷

তৎস্বত্বেও সাম্প্ৰতিক সময়ৰ শ্বাসৰুদ্ধকৰ পৰিবেশ, দৈনন্দিন কৰ্মব্যস্ততা আৰু মানসিক চাপৰ বাবে আজিৰ মানুহে হাঁহিবলৈ পাহৰি গৈছে৷ ভাৰতীয় শাস্ত্ৰত নৱৰসৰ ভিতৰত হাস্যৰসক অন্যতম স্থান প্ৰদান কৰা হৈছে৷ সাহিত্যতো হাস্যৰসৰ গুৰুত্ব অপৰিসীম৷ সাহিত্য এখন সমাজৰ দাপোন স্বৰূপ৷ কিন্তু দুৰ্ভাগ্যক্ৰমে অসমীয়া সাহিত্যৰ মুকুটবিহীন সম্ৰাট সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱে অতি ক্ষোভেৰে কৈছিল যে অসমীয়া মানুহে হাঁহিব নাজানে৷ আজি আমি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী উলহ মালহৰে উদযাপন কৰিছো৷ কিন্তু তেখেতে ব্যংগ তথা খুহুতীয়া ৰচনাৰ যি এক ধাৰা অসমীয়া সাহিত্যলৈ আনিছিল সেই ধাৰা তেখেতৰ পিছত আমি আজিৰ অসমীয়াই অব্যাহত ৰাখিব পাৰিছোনে? বিষয়টো চিন্তনীয়৷

“অসমীয়া মানুহে হাঁহিব নাজানে“- ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে তাহানিতে কোৱা কথাষাৰ এতিয়াও প্ৰাসংগিক৷ সঁচা কথা৷ বহুতে কয় অসমীয়া মানুহে হাঁহিব নজনাই নহয়, আনকি হঁহাৰ কাৰণটোও উলিয়াব নাজানে৷ সকলোক্ষেত্ৰতে কেৱল এক ৰক্ষণশীল মনোভাৱে বিৰাজ কৰে৷ জ্যেষ্ঠজনৰ সন্মুখত কনিষ্ঠই ডাঙৰকৈ হঁহা নিষেধ, কনিষ্ঠজনৰ সন্মুখত জ্যেষ্ঠই হঁহা নিষেধ, বোৱাৰীয়ে শহুৰ-শাহুৰ সমুখত হঁহা নিষেধ, জীয়ৰী ছোৱালীয়ে ডাঙৰকৈ হাঁহিলে ধমকি… মুঠৰ ওপৰত নিষেধেই নিষেধ৷ এই নিষেধৰ চেপাত প্ৰজন্মৰ পিছত প্ৰজন্ম যুগ যুগ ধৰি হেঁচা খাই থকাৰ পিছত হঁহাৰ কথা পাহৰিয়েই থাকিল৷

বেজবৰুৱাদেৱে তেওঁৰ “বাখৰ“ নামৰ শিশু পুথিখনত হাঁহিৰ বিষয়ে কৈছে যে- আনন্দই মুখ উজ্জ্বল কৰে৷ শোকে অন্তৰ ধ্বংস কৰে৷ আনন্দদায়ী কোনো কাৰ্যত নিমগ্ন হোৱা, দেখিবা, চাৰিওফালৰ পৰা আনন্দৰ সোঁতে তোমাৰ মন বুৰাই পেলাবহি৷ ৰঙিয়াল মানুহৰ সঙ্গ লোৱা, সঙ্গগুণত তোমাৰ মনো ৰঙিয়াল হ’ব৷ হাঁহা, খুব হাঁহা, তোমাৰ মনৰ গ্লানি কাটি যাব৷ হাঁহি তোলা মানুহৰ লগ লোৱা, তেওঁৰ হাঁহিয়ে তোমাৰ মন প্ৰফুল্ল কৰিব৷ হাঁহি সোঁচৰা বস্তু; ৰং-হাঁহিৰ কথা কোৱা মানুহৰ ওচৰলৈ আহিলে তোমাৰ মনো তেনে গুণীয়া হ’ব নিশ্চয়।“

বেজবৰুৱাদেৱৰ আদৰ্শকে শিৰোগত কৰি বৰ্তমান জনজীৱনৰ অতি শক্তিশালী গণসংযোগ মাধ্যম ফেচবুকৰ সৃজনীশীল তথা যোগাত্মক চিন্তাৰে গঠিত ফেচবুকৰ অন্যতম জনপ্ৰিয় গোট ‘ফটাঢোল’ বৰ্তমান হাঁহি ধেমালিৰ বা হাস্যৰসৰ লগত জড়িত হৈ থকাই নহয় এক অনুষ্ঠানলৈ লাহে লাহে পৰিৱৰ্তিত হৈছে আৰু বেজবৰুৱাদেৱৰ হাস্য-ব্যংগক ই-মাধ্যমৰ যোগেদি কৰ্ষণ কৰাত তথা আগুৱাই নিয়াত মাহেকীয়া ই-আলোচনীখনৰদ্বাৰা এক চালুকীয়া প্ৰয়াস কৰা হৈছে৷ নৱপ্ৰজন্মক ব্যংগ সাহিত্যৰ প্ৰতি আকৃষ্ট কৰাৰ লগতে ব্যংগ সাহিত্যৰ ওপৰত চৰ্চা তথা পাঠকক বিমল আনন্দ আৰু হাঁহিৰ তথা নতুন চিন্তাৰ খোৰাক যোগাবৰ অৰ্থে আলোচনীখনে এক পদক্ষেপ লৈছে৷ আহক, আমি সকলোৱে এই যাত্ৰাৰ সহযাত্ৰী হওঁ, নিজেও হাঁহো আৰু আনকো হঁহুৱাও৷ এটি হাঁহিৰ কাৰণ হওঁহক, হাঁহিৰে জীৱন সজাই জীৱনটো আনন্দময় কৰো আহক৷

ধন্যবাদেৰে-

দেৱজিত শইকীয়া
সম্পাদক, ফটাঢোল
অক্টোবৰ ২০১৭

29 Comments

  • অসমী গগৈ

    অভিনন্দন। এখন সৰ্বাংগ সুন্দৰ আলোচনী উপহাৰ দিয়া বাবে আণ্তৰিক ধন্যবাদ জনালো।

    Reply
  • দেৱজিত

    ধন্যবাদ বাইদেউ৷ আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে

    Reply
  • বিকাশ শইকীয়া

    পঢ়িলোঁ এই মাত্ৰ সম্পাদকীয়টো। ওপৰে ওপৰে আলোচনীখনো চালো। সুন্দৰ আলোচনীখন উপহাৰ দিয়া বাবে ধন্যবাদ।

    Reply
  • ramanuj

    খুবেই আটোমটোকাৰীকৈ লিখিলে সম্পাদকীয়…খুবেই তথ্যগধুৰ…

    এটি সুন্দৰ কাম আমাক উপহাৰ দিলে..

    ধন্যবাদ

    Reply
    • দেৱজিত

      ধন্যবাদ জনালো দাদা

      Reply
  • বন্দিতা গগৈ বৰা

    অভিনন্দন।
    বৰ সুন্দৰ সম্পাদকীয়।

    বাকীখিনি লেখাও পঢ়ি আছো,এককথাত কবলৈ গল ভাল হৈছে।

    Reply
  • সম্পাদকীয় পঢ়ি ভাল লগিল৷ আলোচনীও পঢ়ি আছো৷

    Reply
  • Manash saikia

    অভিনন্দন জনালো ।

    Reply
    • দেৱজিত

      ধন্যবাদ জনালো দাদা

      Reply
  • ভাস্কৰজ্যোতি দাস

    তথ্যসমৃদ্ধ তথা মনোগ্ৰাহী সম্পাদকীয়৷ এই সম্পাদকীয়টো যি পঢ়িব আৰু অনুধাৱন কৰিব তেওঁ নিশ্চয় হাঁহিবলৈ বা জীৱনৰ ৰস উপলব্ধি কৰিবলৈ শিকিব৷ সম্পাদকলৈ অভিনন্দন৷

    Reply
    • দেৱজিত

      আন্তৰিক ধন্যবাদ জনালো

      Reply
  • কুসুমাঞ্জলি শৰ্মা

    অতি সুন্দৰ সম্পাদকীয়, সঁচাকৈয়ে আমি সুখ আৰু এটা হাঁহি বিচাৰি ফুৰিব লগীয়া তথা কিনিব লগীয়া পৰিস্থিতি হৈছে। বেজবৰুৱাদেৱে তাহানিতে কৈ যোৱাৰ দৰে অসমীয়া মানুহে হাঁহিব নজনা কথাটো এতিয়াও প্ৰাসংগিক। আজিও আমি ভাবোঁ, হাঁহিলে আমাৰ প্ৰেষ্টিজ তথা ইমেজ নষ্ট হব। ভাবকচোন অনাদি অনন্ত এই ধৰাত আমাৰ এই ফাল্টু কথাবোৰৰ কিবা অৰ্থ আছেনে?
    ব্যক্তিগত ভাবে যদি শুবৰ সময়তো হিচাব ক’ৰোঁ, আজি মই হাঁহিলোনে, মনত নপৰেচোন।
    এই সংখ্যা ফটাঢোল অত্যন্ত সুন্দৰ হৈছে। সম্পাদক নিশ্চয় প্ৰসংশাৰ প্ৰাপ্ত। সম্পাদকৰ লগতে ফটাঢোল কতৃপক্ষ আৰু লেখক- লেখিকা সবলৈকে অভিনন্দন আৰু শুভকামনা জনালোঁ। ফটাঢোলৰ গমগমনি চৌদিশে বিয়পি পৰক!

    Reply
    • দেৱজিত

      ধন্যবাদ জনালো। ইমান সাৰুৱা মন্তব্য়, সঁচাকৈ আপ্লুত তথা উৎসাহিত হ’লো

      Reply
  • ভাল লাগিল দাদা। লগতে ধন্যবাদ ইমান ধুনীয়া আলোচনী এখন উপহাৰ দিয়া বাবে…

    Reply
    • দেৱজিত

      ধন্যবাদ জনালো দিম্পল

      Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

    মনোগ্ৰাহী সম্পাদকীয়,বহুত বহুত অভিনন্দন।

    Reply
  • আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ এখন সুন্দৰ আলোচনী আগবঢ়োৱা বাবে।
    সুন্দৰ, মনোগ্ৰাহী, তথ্যসমৃদ্ধ সম্পাদকীয়।ভাল পালোঁ।

    আহা আহা সকলো আহা
    হাঁহিৰে জীৱন ৰঙেৰে বোলোৱা–

    Reply
  • ঈশান

    “A day without laughter is a day wasted.”-Charlie Chaplin
    চেপলিনৰ এই উক্তিষাৰৰ জৰিয়তে আমি আমাৰ জীৱনটোক যদি চাবলৈ যাওঁ;তেতিয়া প্ৰশ্ন উত্থাপিত হয়-আমি আমাৰ দিনবোৰ ঠিকমতে যাপন কৰিছোঁ নে কৃত্ৰিমতাৰ মাজত জীৱনৰ হাঁহিবোৰ হেৰুৱাই পেলাইছোঁ ?

    যি কি নহওক,সম্পাদকীয়টো পঢ়ি অনুপ্ৰাণিত হ’লোঁ ৷নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউৰ যিটো উক্তিৰে আপুনি লেখাটো আৰম্ভ কৰিছে-সেইষাৰ উক্তিয়ে সংগ্ৰামেৰে পৰিপূৰ্ণ মানৱ-জীৱনত মহৌষধৰ দৰে কাম কৰিব ৷লগতে সম্পাদকীয়টোত আপুনি আপোনাৰ জীৱনমুখী চিন্তাধাৰাৰ যি অপূৰ্ব চানেকি দাঙি ধৰিছে -সেইয়া আমাৰ দৰে নতুন চামৰ বাবে অনুকৰণযোগ্য বুলি বিনাদ্বিধাই ক’ব খুজিম৷ অশেষ ধন্যবাদ আপোনাক
    সম্পাদকীয়টোৰ বাবে ৷শেষত,জীৱনৰ পৰিপূৰ্ণতা বিচাৰি পোৱা ভূপেনদাৰ এটি গীতৰ এষাৰী আপোনালোকৰ লগত ভগাই ল’বলৈ মন গ’ল-
    “সংগ্ৰামে আনে মোৰ প্ৰশান্ত সাগৰত প্ৰগতিৰ নতুন দিগন্ত”

    Reply
  • সম্পাদকীয় টো তিনিবাৰ পঢ়িলো, যিমানবাৰেই পঢ়িছো ভাল লাগি আহি আছে ৷ ধন্যবাদ নিদিওঁ, পাৰ্টি এটা কৰিম!

    Reply
  • ৰিণ্টু

    সুন্দৰ আৰু মনোগ্ৰাহী সম্পাদকীয়। সমগ্ৰ সংখ্যাটো সুন্দৰ হৈছে। অভিনন্দন

    Reply
  • parishmita gogoi

    আলোচনীখনৰ লগতে সম্পাদকীয়ও খুৱেই মনোগ্ৰাহী আৰু অৰ্থপূৰ্ণ হোৱাৰ লগতে চিন্তাৰ খোৰাক যোগালে। সৰ্বাঙ্গ সুন্দৰ আলোচনী এখন উপহাৰ দিয়াৰ বাবে সম্পাদকৰ লগতে আলোচনীখনৰ লগত জড়িত প্ৰতিজন সদস্যলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ‌।

    Reply
  • বিজিত নাথ

    ঢোলটোৰ শব্দ ইমান সুন্দৰ হব ধৰিছে ইয়াক ফটাঢোল বুলি জানো কব পাৰি
    হাস্য, ব্যংগ আৰু ছিৰিয়াছ সকলোটি আছে চাবাচোন ইয়াৰ এটি এটি শাৰী
    পঢ়িবলৈ খুলি ললো মই
    নহল মোৰ সময় অপচয়
    বহু হাহি বহু ধেমালিৰ এখন সুকীয়া পৃথিৱী যি মাথোঁ আমেজেৰে ভাৰী।

    Reply
  • Krishnaa

    বৰ ধুনীয়া সম্পাদকীয়…!
    ভাল লাগিল।
    লেখা খিনিও যথেষ্ট উন্নত মানৰ হৈছে…!
    Long live ফটাঢোল❤

    Reply
  • জ্ঞান বৰদলৈ

    অৰ্থবহ সম্পাদকীয়, নিস্তেজ অসমীয়াৰ মুখত হাঁহিৰ খিলখিলনি উঠক। সম্পাদকৰ উদ্দেশ্য সফল হওঁক তাৰেই আশা কৰিলো। লগতে অসমীয়া ব্যংগ আলোচনীৰ অভাৱ পূৰণ কৰিলে এই ফটা ঢোলে। ব্যংগ সাহিত্যৰ চৰ্চা কৰা সকলৰ বাবে উপযুক্ত মঞ্চ এটা পোৱা গল। প্ৰত্যেক অসমীয়াৰ হাতে হাতে ফটা ঢোল ৰজনজনাই থাকক। ই হাঁহিব নজনাৰ অভিযোগ থকা অসমীয়াৰ স্বভিমানৰ প্ৰতীক হওঁক।

    Reply

Leave a Reply

Your email address will not be published.