ফটাঢোল

সম্পাদকীয়ৰ পৰিৱৰ্তে – দিগন্ত কুমাৰ ভট্টাচাৰ্য

জপনামুখতে শৈশৱৰ ‘মেধি ঐ মেধি’য়ে আহিল খেদি:

: ঐ তাৰ ঘৰ পাবলৈ হৈছেই
: আজি তই আৰম্ভ কৰিবি
: না: কালি সি হেডছাৰক কৈ দিম বুলি কৈছিল
: ঠিক আছে, মই আৰম্ভ কৰিম। তহঁতে একেলগে গাবি…
হাইস্কুলৰ তলৰ শ্ৰেণীত তেতিয়া আমি। স্কুল ছুটীৰ পাছত খোজ কাঢ়ি আমি এজুম আহি থাকোঁ ঘৰলৈ। মনজিতৰ উপাধি আছিল মেধি। সি আমাক ঘাইপথত এৰি তাৰ ঘৰলৈ বুলি উপপথেৰে সোমাই যাবলৈ লওঁতেইআমি চিঞৰোঁ -“মেধি ঐ মেধি, কুকুৰে নিলে খেদি। মেধি পৰিল খালত, কুকুৰে কামুৰিলে গালত”!
সি খঙতে খেদি আহে। আমি দৌৰোঁ।
আমাৰ দৌৰত মাটি লৰে, হাঁহি-কিৰিলিত আকাশ কঁপে।
“ঐ বামুণ, লেংটি খুলিব তোৰ, চাবি!”- মনজিত মেধিয়ে চিঞৰে। তাৰ চিঞৰত আমাৰ হাঁহিৰ মাত্ৰা দুগুণে বাঢ়ে।।
ইনামূলে ঢেকঢেকাই হাঁহে- “মেধিৰ গাল ‘খুলিব’ কুকুৰৰ কামোৰত”!
“তোক দেখি সৌ গৰুটোৱে ভয়তে দৌৰিছে, ইনা” – আকৌ মেধিৰ চিঞৰ।
আমি আগবাঢ়োঁ তাক তাতে এৰি। মুখৰ ভিতৰত তেতিয়াও বাজি থাকে -“মেধি ঐ মেধি….”!

ঘৰৰ ওচৰৰ খুৰাৰ তিনি-চাৰিমহীয়া কণমানিটোৱে হাঁহিবলৈ শিকিছিল। কেঁচুৱাৰ হাঁহি দেখিবলৈ পোৱাটো আমি সৰুবোৰৰ কাৰণে এক নতুন অভিজ্ঞতা আছিল। ৰৈ থাকিছিলোঁ আমিবোৰ। এটা হাঁহিৰ এক-দুই ছেকেণ্ডৰ সময়খিনিও আমাৰ বাবে অপুৰুগীয়া আছিল। লাহে লাহে গম পাইছিলোঁ, কণমানিটোৰ সন্মুখত ৰৈ অংগী-ভংগী কৰিলে সি অলপদেৰি চাই চাই হঠাতে হাঁহি মাৰে।
আমি তাৰ ওচৰ পালেই ভিন্ন অংগী ভংগীৰে এজন ‘জোকাৰ’লৈ পৰিৱৰ্তিত হওঁ। আমাৰ আশা – কণমানিটোৰ হাঁহি।
মন কৰিলোঁ, চকুৰে ভালকৈ মনিব নোৱৰা ককাকেও তেনেকুৱা অংগী-ভংগী কৰি নাতিটোৰ হাঁহিৰ শব্দটো শুনিবলৈ বিয়াকুল হৈছিল। তেঁৱো হৈ পৰে ‘জোকাৰ’। তেওঁৰ হেঁপাহ – হাঁহিৰ শব্দ।
শয্যাশায়ী আইতাকেও দুয়োখন হাত বেঁকা কৰি ‘মেও মেও’ নহ’লে ‘ভৌ ভৌ’টো হ’বলৈ বৃথা চেষ্টা কৰে। তেঁৱো হৈ পৰে একোটা ‘জোকাৰ’।
কণমানিটোৰ এটা হাঁহি – সকলোৰে আশা, সকলোৰে হেঁপাহ।
এটা সময়ত হঠাতে সি হাঁহে।
তাৰ হাঁহিত মিলাই সকলোৱে হাঁহে।
হাঁহিৰে ভৰি পৰে চৌপাশ। ফৰকাল হয় চৌপাশ। হাঁহিৰ ৰামধেনুৰে ৰঙীণ হয় চৌপাশ।।

আমাৰ ঘৰলৈ প্ৰতি দেওবাৰে এজন যুৱকে ভিক্ষা খুজিবলৈ আহিছিল। তেওঁ আছিল লেঙেৰা। তেওঁ ঘৰৰপৰা পদূলিলৈ ওলাই যাওঁতে আমি কেতিয়াবা তেওঁৰ ভংগীত খোজ কাঢ়ি পিছে পিছে গৈছিলোঁ। তেওঁ দেখিছিল। হয়তো খঙ কৰিছিল। কিবা হয়তো কৈছিলও। আচলতে তেওঁ কিবা ক’লেও আমি বুজি পোৱা নাছিলোঁ। শব্দবোৰ মুখেৰে অস্পষ্টকৈ ওলাইছিল। আমিও তেওঁৰ দৰে অস্পষ্টকৈ মাত উলিওৱাৰো চেষ্টা কৰিছিলোঁ। আমি ফূৰ্ত্তি পাইছিলোঁ।
প্ৰায়েই আমি তেনে কৰিছিলোঁ।
হঠাতে এদিন মায়ে দেখি গালি দিলে, বুজালে। কিছুদিন পাছত আকৌ তেনে কৰাত হাতত কোবালে। হাতত বেতৰ দাগকেইটাই বহু কথা শিকাই গ’ল।
সঁফুৰাৰ দুষ্টবুদ্ধিৰে ভৰপূৰ ‘মহাদুষ্ট’য়ো সোঁৱৰাই গ’ল আন এটা কথা – “যি ধেমালি নুবুজে, তেওঁৰ লগত ধেমালি নকৰিবা”। আৰু যিয়ে বুজে?? তেওঁ ধেমালি বুজি নাপালে নকৰোঁ, কিন্ত মোৰ লগত ধেমালি কৰিবলৈ মই ধেমালি বুজোঁনে? সদায় সুধিব লাগিব নিজকে।
আমি অনুভৱ কৰি বুজি পাইছিলোঁ কথা কিছুমান:
কাক চাই হাঁহিবা,
কি চাই হাঁহিবা আৰু..
আৰু কেতিয়া হাঁহিবা!

বাহ ল’ম তোমাৰ অন্তৰৰ এচুকত:

: তোমাৰ দুই ওঁঠত মই হাঁহি বিৰিঙাই তুলিম
: আৰু?
: মোৰ কাৰণে তোমাৰ চকুৰে চকুলো নিগৰিব
: কাৰোবাৰ চকুৰে চকুপানী উলিওৱাটো জানো ভাল?
: সেই চকুপানীয়ে শোকাহত নকৰে। অনুভূতিপ্ৰৱণ হ’বলৈ, জীৱনটোক চাবলৈ, জীৱনটোক ভাল পাবলৈ শিকাব।
: তাৰ পাছত?
: তেনেকৈয়ে তোমাৰ হৃদয়ৰ এচুকত মই বাহ ল’ম।
: কেনেকৈ?
: মোৰ কথাৰে, মোৰ কামেৰে।
: কথাৰে, কামেৰে কাৰোবাৰ অন্তৰ স্পৰ্শ কৰাটো জানো ইমানো উজু?
: নহয়
: তেনেহ’লে?
: মোৰ সৃজনশীলতাই তোমাক প্ৰায়েই তোমাৰ মনৰ খোটালিৰপৰা মোক উলিয়াই চাবলৈ বাধ্য কৰিব তোমাৰ আমৃত্যু। এই যে তুমি মোক এদিনৰ কাৰণে হ’লেও মনত পেলাবা মোৰ অবৰ্তমানত, তাতেই লুকাই থাকিব মোৰ জীৱনৰ সাৰ্থকতা।

কাৰোবাৰ মন-মগজুক আলোড়িত কৰিবলৈ, মন-মগজুত ঠাই পাবলৈ সৃষ্টিশীল বা সৃজনশীল হ’বই লাগিব। সময়ে তেওঁলোকৰ হে নাম-কাম বুকুত সাৱটি ৰাখে যিসকল সৃজনশীল।
মানুহৰ জীৱন দুদিনীয়া- আমি সকলোৱে জানোঁ। হয়তো উপলব্ধি কৰিবলৈ পাহৰি যাওঁ প্ৰায়েই। পঞ্চভূতত দুদিনীয়া জীৱনটো বিলীন হৈ যোৱাৰ লগে লগে সকলো শেষ – আমি ভাবোঁ। সঁচাকৈয়ে শেষ হয়তো বহুতৰে বাবে। কিন্তু তাৰপাছতো যিসকলৰ নাম-কৰ্ম স্মৰণ কৰে সময়ে, সেইসকলৰ হে জীৱন কিজানিবা সফল-সাৰ্থক।
অকল জীৱন যাপন নকৰি, তাক সাৰ্থক-সফল কৰি তুলিবলৈ মন সকলোৰে নাযায় নে? নিশ্চয়কৈ যায়। মানুহে জন্মতে সৃজনশীল হৈ আহে নে? বহুতো উদাহৰণ পাম ইয়াৰ সপক্ষে আৰু বিপক্ষে।
মই ভাবোঁ, আমি প্ৰত্যেক গৰাকী ব্যক্তিয়েই সৃজনশীল। সৃজনশীলতা তেজত থাকে। কিন্তু আমি বহুতেই হয়তো সেয়া নিজেই বিচাৰি উলিয়াবলৈ অপাৰগ। অথবা, নিজে জানিলেও তাক আনৰ সন্মুখলৈ লৈ আহিবলৈ মনতে লৈ ফুৰোঁ এক শংকা।
কিয় এই শংকা?
আপুনি ভাল লিখিব পাৰে। শৈশৱত আনে গম নোপোৱাকৈ কবিতা লিখা নাছিল? মনে মনে দৈনিক কাকতৰ শিশু শিতানলৈ কবিতাবোৰ পঠিওৱা নাছিল?
আপুনি ভালকৈ গান গাব পাৰে। কৈশোৰত ‘বিলতে হালিছে ধুনীয়া পদুমী’টো ‘মাইক’ত গোৱাৰ হেঁপাহ নাছিল?
আপুনি জানে ছবি আঁকিব। ৰং.. হয়, ৰংবোৰেই আপোনাৰ জীৱন নাছিল এসময়ত?
আপোনাৰ আঙুলিত যাদু আছে। আপোনাৰ স্পৰ্শই ৰুমালবোৰত হাজাৰৰঙী ফুলক প্ৰাণ দিয়া নাছিল?
কিন্তু এতিয়া?
কিয় শেষ হৈ গ’ল সকলো? মন নাযায় এইবোৰৰ সংগত আকৌ উমলিবলৈ? ভৱিষ্যতে আপোনাক এশজনে স্মৰণ কৰাটো নিবিচাৰে? তেনেহ’লে শংকা-লাজ কিহৰ?
আহক, মন বান্ধো জীৱনটোত কিবা এটা কৰাৰ। জীৱনটো শেষ হৈ যোৱাৰ পাছতো যেন এশজনে মনত পেলায় -‘হয়, তেওঁ এনেকুৱা আছিল। তেওঁ এইবোৰ কৰি গৈছে। এইবোৰ কথা-কামৰ বাবেই আজি স্মৰণীয় তেওঁ’!
আহক, নিজকে দৃঢ় কৰোঁ!
সময়?
সময় শেষ হৈ গ’ল এইবোৰ নতুনকৈ চিন্তা কৰিবলৈ?
নে সময়ৰ অভাৱ?
সময়ৰ লগত দৌৰত আপোনাৰ জীৱনটো বহু পিছত ৰৈ গ’ল? ভাগৰুৱা আজি?

অ’ সময় ধীৰে নাযাবা, মোৰ জীৱনৰ গতি তোমাতকৈ আগত:

আমাৰ জীৱনত এটা অজুহাত হ’ল ‘সময়’। প্ৰকৃতাৰ্থত ‘সময় নাপাওঁ’টো অজুহাত হ’ব পাৰে নে? এই অজুহাতটো দিব পাৰিলে আজি এই মুহূৰ্ত্তত (নিশা এতিয়া এক বাজিছে), মই এইখিনি হয়তো লিখি নাথাকিলোঁহেঁতেন। আপুনিও একেই অজুহাতত এই মুহূৰ্ত্তত এইখিনি কথা নপঢ়াকৈয়ো থাকিব পাৰিলেহেঁতেন।
কথাবোৰ ভাবি থাকোতে বহুদিন আগেয়ে পঢ়া লেখা এটাৰ কথা মনলৈ আহিছে। কথাখিনিৰ মূলভাবটো একেই ৰাখি কাহিনী হিচাপে তলতে লিখিবলৈ চেষ্টা কৰিলোঁ:

কণমানি ছোৱালীজনীয়ে ভাগৰুৱা দেউতাকক অ’ফিচৰপৰা অহাৰ পাছত সুধিলে, “দেউতা, তুমি কাম কৰি এঘন্টাত কিমান পইচা পোৱা?”
দেউতাকে একো নামাতিলে মুখেৰে৷ আকৌ সুধিলে ছোৱালীজনীয়ে৷ এইবাৰ বিৰক্তিৰে ক’লে দেউতাকে- “দুশ টকা”৷
কণমানিজনীয়ে এইবাৰ দেউতাকক এশ টকা খুজিলে৷ মৃদু ধমক দি দেউতাকে কৈ উঠিল, “পুতলা কিনিবলৈ মই তোমাক এশ টকা দিব নোৱাৰোঁ৷ যোৱা শুই থাকাগৈ”৷
মুখখন ফুলাই তাই বিচনাত পৰিল৷
অলপ পিছত দেউতাকৰ মনটো বেয়া লাগিল। তেওঁ তাইৰ কাষলৈ গ’ল -“মাজনী, বেয়া নাপাবা দেই৷ অ’ফিচৰ টেনছনৰ কাৰণে তোমাক মিছাকৈ খঙতে কিবা কৈ দিলোঁ৷ এয়া লোৱা এশ টকা”৷
তাই মিচিকিয়া হাঁহি মাৰি টকাখিনি গাৰুৰ তলত থলে। দেউতাকে দেখিলে গাৰুৰ তলত বহুত খুচুৰা পইচা৷
“হাৰে, তোমাৰ লগত দেখো বহুত পইচা আছে!”
“এতিয়া মোৰ লগত মুঠ দুশ টকা জমা হ’ল!” – পইচাখিনি গণি ক’লে তাই৷
“ইমান পইচাৰে তুমি কৰিবা কি? পুতলা-আইচক্ৰীমত খৰচ নকৰিবা কিন্তু”
তাই হাঁহিলে- “তোমাক দিম দেউতা৷ এই দুশ টকাৰে তোমাৰ পৰা এঘন্টা কিনি ল’ম যাতে কাইলৈ তুমি এঘন্টা আগত ঘৰলৈ আহি মোৰ লগত অলপ খেলিব পাৰা”৷
…… ব্যস্ততা! সকলো ব্যস্ত!
তথাপিও, নিজৰ কাৰণে অলপ সময় আমি উলিয়াব নোৱাৰোঁ নে? সেই সময়খিনিত কৰিব পাৰোঁ আমি নিজৰ কাম, আমাৰ আত্মাটোৱে সন্তুষ্টি পোৱা কিছুমান কাম, আমি ভৱিষ্যতলৈ এৰি থৈ যাব পৰা কিছুমান কাম। নোৱাৰিম জানো?

এই যে জপনামুখতে ‘মেধি ঐ মেধি’ৰ পৰা আপুনি মোৰ লগত একেলগে আহি আছে এইখিনিলৈকৈ, তাৰ কাৰণে আপোনালৈ ধন্যবাদ আৰু কৃতজ্ঞতা!
শেষত আহকচোন দুটামান কথা চিন্তা কৰোঁ:
আহক, হাঁহিৰ ৰামধেনুৰে ৰঙীণ কৰোঁ চৌপাশ,
আহক, চকুলোৰে অনুভূতিপ্ৰৱণ কৰোঁ সমাজ,
আহক, সৃষ্টিশীল কামেৰে বাহ সাজিবলৈ চেষ্টা কৰোঁ আনৰ হৃদয়ত,
আহক, আমাৰ গতিত ৰৈ যাওঁক সময়। জীৱনৰ দৌৰত পিছত পৰি ৰওঁক সময়।।

১ জুলাই, ২০১৯

☆★☆★☆

74 Comments

  • দিম্পল

    সময়বোৰৰ কাহিনী।
    বৰ ভাল লাগিল দাদা

    Reply
    • দিগন্ত কুমাৰ ভট্টাচাৰ্য

      অশেষ ধন্যবাদ!

      Reply
  • Junmoni Boruah Deka

    বৰ ভাল লাগিল ,অনন্য সুন্দৰ সম্পাদকীয় ।

    Reply
    • দিগন্ত কুমাৰ ভট্টাচাৰ্য

      ধন্যবাদ জনালোঁ

      Reply
  • Nilakshi Devi Deka

    সাংঘাতিক অনুপ্ৰেৰণাদায়ী লিখনি। আপ্লুত হলোঁ।

    Reply
  • কাবেৰী মহন্ত

    লেখাটো পঢ়াৰ সময়ত গমেই নাপালো ,ইমান সোনকালেই শেষ হলনে ! বান্ধি ৰাখিলা ..

    Reply
    • দিগন্ত কুমাৰ ভট্টাচাৰ্য

      আন্তৰিক ধন্যবাদ!

      Reply
      • Atrayee Bordoloi

        অনুভৱী…আপ্লুত হৈ পৰিলোঁ

        Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    প্ৰেৰণাদায়ক সম্পাদকীয়। পঢ়ি বৰ ভাল লাগিল।

    Reply
    • দিগন্ত কুমাৰ ভট্টাচাৰ্য

      আন্তৰিক ধন্যবাদ!

      Reply
  • ৰাস্না বৰা

    অনন্য সুন্দৰ, অগতানুগতিক সম্পাদকীয়। ভাল লাগিল দিগন্ত।

    Reply
    • দিগন্ত কুমাৰ ভট্টাচাৰ্য

      আন্তৰিক ধন্যবাদ জনালোঁ!

      Reply
  • Manjil Nath

    ক’ৰবাত জোকাৰি গ’ল 😊 ৷ ভাল লাগিল দাদা 💐

    Reply
    • দিগন্ত কুমাৰ ভট্টাচাৰ্য

      আন্তৰিক ধন্যবাদ !

      Reply
  • মিনতি মহন্ত ।

    পঢ়ুৱৈৰ প্ৰতি লক্ষ্য ৰাখিয়ে সুন্দৰ সম্পাদকীয় লিখিলা নহয় নে দিগন্ত ! মোৰ আৰু পঢ়িবলৈ মন থাকিল । অতি সুন্দৰ ।

    Reply
    • দিগন্ত কুমাৰ ভট্টাচাৰ্য

      আন্তৰিক ধন্যবাদ জনালোঁ!

      Reply
  • Anonymous

    সুন্দৰ সম্পাদকীয় 💐ভাল লাগিল দাদা

    Reply
    • দিগন্ত কুমাৰ ভট্টাচাৰ্য

      আন্তৰিক ধন্যবাদ!

      Reply
  • কমল তালুকদাৰ

    সচাঁ‌ কৈয়ে , গতিশীল সময়ক ধৰি ৰাখিব পাৰি কিছুমান মধুৰ স্মৃতিৰে ••

    ভাল লাগিল সম্পাদকীয়টো পঢ়ি ।

    Reply
    • দিগন্ত কুমাৰ ভট্টাচাৰ্য

      আন্তৰিক ধন্যবাদ জনালোঁ!

      Reply
  • চিদানন্দ বৰা

    লিখনিৰ যাদু কি___ ইয়াকে কয় ৷ অপূৰ্ব প্ৰকাশভংগী !!

    ধন্যবাদ , এনে এক সম্পাদকীয় উপহাৰ দিয়াৰ বাবে !

    Reply
    • দিগন্ত কুমাৰ ভট্টাচাৰ্য

      আন্তৰিক ধন্যবাদ জনালোঁ!

      Reply
  • ৰিমঝিম

    পঢ়িলে পঢ়ি থাকিবলৈ মন যোৱা সম্পাদকীয়। সাংঘাতিক ভাল লাগিল। বাকী আলোচনীখন😍❤️

    Reply
    • দিগন্ত কুমাৰ ভট্টাচাৰ্য

      অশেষ ধন্যবাদ জনালোঁ!

      Reply
  • পূৰৱী

    বৰ ভাল লাগিল…
    আমাৰ গতিত ৰৈ যাওঁক সময়

    Reply
    • দিগন্ত কুমাৰ ভট্টাচাৰ্য

      আন্তৰিক ধন্যবাদ জনালোঁ!

      Reply
  • তৃষ্ণা সো

    অনবদ্য সম্পাদকীয়। সচাকৈ আটকধুনীয়া হৈছে আলোচনীখন

    Reply
    • দিগন্ত কুমাৰ ভট্টাচাৰ্য

      অশেষ ধন্যবাদ জনালোঁ!

      Reply
  • আৰাধনা বৰুৱা

    অগতানুগতিক গল্পৰ দৰে 😊
    অনুপম,প্ৰেৰণাদায়ী সম্পাদকীয়

    Reply
    • দিগন্ত কুমাৰ ভট্টাচাৰ্য

      অশেষ ধন্যবাদ জনালোঁ!

      Reply
  • খুব সুন্দৰ সম্পাদকীয় আৰু অনুপ্ৰেৰণাদায়ক৷অভিনন্দন৷

    Reply
    • দিগন্ত কুমাৰ ভট্টাচাৰ্য

      অশেষ ধন্যবাদ জনালোঁ!

      Reply
  • Bikash

    মনোৰম সম্পাদকীয়

    Reply
    • দিগন্ত কুমাৰ ভট্টাচাৰ্য

      অশেষ ধন্যবাদ জনালোঁ

      Reply
  • Rintumoni Dutta

    আলোচনীৰ দ্বায়িত্ব তুমি লোৱাৰ পৰাই আশা কৰি আছিলো, এটা সুন্দৰ সম্পাদকীয় পঢ়িবলৈ। আশাটো পূৰণ হ’ল। ইমান সুন্দৰ “কবিতা-কবিতা” লগা ভাষা, দিগন্তৰ বাবেহে সম্ভৱ।

    খুব ভাল লাগিল দিগন্ত

    Reply
    • দিগন্ত কুমাৰ ভট্টাচাৰ্য

      অশেষ ধন্যবাদ ৰিন্টু দা!

      Reply
  • Nirmali

    অগতানুগতিক তথা অনন্য সুন্দৰ দাদা..

    Reply
    • দিগন্ত কুমাৰ ভট্টাচাৰ্য

      অশেষ ধন্যবাদ !

      Reply
  • চৈয়দা চেমিন ইছলাম

    এনেকুৱা সুন্দৰ সম্পাদকীয় আগতে ক’তোৱেই পঢ়া মোৰ মনলৈ অহা নাই।সম্পাদক হিচাপে নিজৰ লিখনিটোৰ জৰিয়তে সকলোকে মোহাচ্ছন্ন কৰি লিখিবলৈ উৎসাহিত কৰা কাৰ্যৰ শলাগ লৈছোঁ। সম্পাদকৰ এয়া এক উদাৰতা তথা নিৰহংকাৰী মনৰ পৰিচয় ডাঙি ধৰিলে আপুনি। বৰ ভাল পালো পঢ়ি। শুভকামনা 💐💐

    Reply
  • সংগীতা ফুকন

    কৰবাত যেন হেৰাই যাব খোজা নিজকে বিচাৰি অনাৰ বাবে কোনোবা আপোনজনৰ প্ৰেৰণাদায়ক বাণী।কেইবাবাৰো জোকাৰি গ’ল, কব নোৱাৰাকৈয়ে দুচকু সেমেকি উঠিল । এনে এটি সুন্দৰ লিখনি সন্নিবিষ্ট সম্পাদকীয়ৰ বাবে আপোনাক অশেষ ধন্যবাদ ।

    Reply
  • গীতিকা শইকীয়া

    “তথাপিও, নিজৰ কাৰণে অলপ সময় আমি উলিয়াব নোৱাৰোঁ নে? সেই সময়খিনিত কৰিব পাৰোঁ আমি নিজৰ কাম, আমাৰ আত্মাটোৱে সন্তুষ্টি পোৱা কিছুমান কাম, আমি ভৱিষ্যতলৈ এৰি থৈ যাব পৰা কিছুমান কাম। নোৱাৰিম জানো?” –

    পঢ়ি যাওঁতে শৈশৱ, কৈশোৰ সকলো গৰকি আহিলোঁ। একেলগতে দুবাৰ পঢ়িলোঁ। গতানুগতিকাতৰ পৰা আঁতৰত, অথচ সহজতে দেখা, শুনা কথাবোৰেৰে এক অপূৰ্ব সম্পাদকীয়। সঁচাকৈয়ে আগ্ৰহেৰে বাট চাই আছিলোঁ এই মাহৰ সম্পাদকীয় পঢ়িবলৈ! অশেষ ধন্যবাদ।

    Reply
  • হাঁহিৰ মাজৰ সচেতনতা বোৰ সচাই প্ৰয়োজনীয়। 👏👌👌

    Reply
  • Gayatri Sahu

    ইমান সুন্দৰ অগতানুগতিক সম্পাদকীয় দাদা…খুব ভাল লাগিল

    Reply
  • পূৰ্ণানন্দ শৰ্মা

    ভাল লাগিল ৷ প্ৰেৰণাদায়ক ৷

    Reply
  • অলকেশ ভাগৱতী

    সুন্দৰ সম্পাদকীয় ৷

    Reply
  • Kaur Utpala

    Awesome as usual!👌👌

    Reply
  • অগতানুগতিক সম্পাদকীয়৷ এক সুকীয়া আমেজ৷ পঢ়ি ভাল লগাতকৈ ডাঙৰ কথা হ’ল সম্পাদকীয় অত্যন্ত আকৰ্ষণীয় হৈছে৷ কোনো পাঠকেই এই সম্পাদকীয় নপঢ়াকৈ থাকিব নোৱাৰিব৷

    Reply
  • Sankar Jyoti Bora.

    প্ৰতিবাৰৰ সংখ্যাতআপোনাৰ লেখা পঢ়িবলৈ ৰৈ থাকোঁ৷এইবাৰ সম্পাদকীয় পঢ়িবলৈ ৰৈ আছিলো৷ভাবিথকাৰ হৰেই মনোগ্ৰাহী,লগতে প্ৰেৰণাদায়ক৷

    Reply
  • Anonymous

    একে উশাহতে পঢ়ি শেষ কৰি ভাবিছোঁ …..বহুত কথাই কলা। তোমাৰ লগতে নিজৰ ল’ৰালিলৈও উভতি গলো। চুই গ’ল। আশা কৰিছোঁ এই বাৰ আলোচনী খনেও অন্য মাত্ৰা পাইছে।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    সাধু সাধু লগা এটি সুন্দৰ প্ৰেৰণাদায়ক লিখনি দাদা। সঁচাকৈয়ে সময়বোৰ…

    Reply
  • হেমন্ত কাকতি৷

    পঢ়াত অলপ দেৰি হল৷ প্ৰথমে সম্পাদকীয়টোৱে উলিয়াই লৈছোঁ৷
    বৰ ভাল লাগিল দিগন্ত৷ সঁচাকে মন চুই যোৱা সম্পাদকীয়৷ শেষৰ দুশটকাৰে সময় কিনা কাহিনীটোৱে বহু কথা কৈ গ’ল৷

    Reply
    • Chandrama Nath

      বৰ ধুনীয়া লিখিছে…সচাকৈয়েঅজুহাত আমাৰ বহুত…

      Reply
  • মন চুই যোৱা কথাখিনি. .

    Reply
  • monzeet

    আনকালৰ দৰেই অতুলনিয় আপুনি আৰু আপোনাৰ কলম

    Reply
  • Anonymous

    খুউব

    Reply
  • Momita Goswami

    খুউব সুুন

    Reply
  • প্ৰেৰণাদায়ক সম্পাদকীয়, ভাল লাগিল।

    Reply
  • Anima Das

    সুন্দৰ সম্পাদকীয়।ভাল লাগিল পঢ়ি।

    Reply
  • Tulika dutta

    অগতানুগতিক সম্পাদকীয় , খুব ভাল লাগিল পঢ়ি I

    Reply
  • মানসী বৰা

    অনন্য, অনুপম,অগতুগতিক সম্পাদকীয়…নোকোৱাকৈ যেন বহু কথা কৈ দিলে..ভাল লাগিল..

    Reply
  • মানসী বৰা

    অনন্য, অনুপম,অগতানুগতিক সম্পাদকীয়…নোকোৱাকৈ যেন বহু কথা কৈ দিলে..ভাল লাগিল..

    Reply
  • ধনজিত কলিতা ( নিয়ৰ কলিতা)

    ভাল লাগিল পঢ়ি |

    Reply
  • পৰাগ

    আপোনাৰ লিখনিবোৰ চিনেমাৰ দৰেই, চকুত ভাঁহি আহে…

    Reply
  • নীলাঞ্জনা

    দিগন্ত তোমাৰ লেখা পালেই পঢ়ো কেতিয়াও নিৰাশ হোৱা নাই৷ এই লেখাটোৰে এটা বহুমূলীয়া বাতৰি দিলা পঢ়ূৱৈসমাজক৷ সৃষ্টিশীল এটি মন মানুহ নামৰ প্ৰাণীবিধৰ গাইপতি হয়তো আছে, কিন্তু কিমানে তাৰ সদ্ব্যৱহাৰ কৰো৷ অজুহাতবোৰ এৰিবৰ হ’ল সঁচাকে৷ বহুত ধন্যবাদ৷

    Reply
  • মুন উপাধ্যায়

    ভাল লাগিল।

    Reply
  • সঞ্জীৱ।

    অনন্য সুন্দৰ।ভাল লাগিল।

    Reply
  • Mridula

    সাংঘাতিক প্ৰেৰণা দায়ক সম্পাদকীয় । বহুত ধন্যবাদ আপোনাক

    Reply
  • মুগ্ধ হ’লোঁ। আকৰ্ষণীয়, মন ভাল লগা সম্পাদকীয়। তোমাৰ কলমত জাদু আছে। আগবাঢ়ি যোৱা এইদৰেই—

    Reply
  • অনুৰূপ মহন্ত

    বৰ ভাল লাগিল, অতি সুন্দৰকৈ লিখিছে।

    Reply
  • বৰ সুন্দৰকৈ কথাখিনি উপস্থাপন কৰিলে দাদা ।অনুপ্ৰাণিত হলো ।অশেষ ধন্যবাদ আপোনাক ।

    Reply
  • ঈশান

    “কাক চাই হাঁহিবা,
    কি চাই হাঁহিবা আৰু..
    আৰু কেতিয়া হাঁহিবা!”
    ..
    বৰ সুন্দৰ সম্পাদকীয় ।
    আলোচনীও বৰ সুন্দৰ হৈছে ।

    Reply
    • দিগন্ত কুমাৰ ভট্টাচাৰ্য

      ধন্যবাদ জনালোঁ ঈষান

      Reply

Leave a Reply

Your email address will not be published.