ফটাঢোল

সম্পাদকীয় – অনুৰূপ মহন্ত

“বহাগ মাথোঁ এটি ঋতু নহয়
নহয় বহাগ এটি মাহ,
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গণ জীৱনৰ ই সাহ”

গণশিল্পী শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ গীতত বহাগৰ যি সংজ্ঞা সেয়াই বহাগৰ পৰিচয়ৰ বাবে যথেষ্ট৷ চাওঁতে চাওঁতে চ’ত মাহ পাৰ হৈ বহাগ সোমাবৰ হ’ল৷ গছত নতুন কুঁহিপাত, কুলি কেতেকীৰ মাত আৰু বৰ্ষাৰ আগজাননী লৈ অহা বৰদৈচিলাৰ আগমনে বহাগ অহাৰ জাননী দিছে৷

আমাৰ অসমীয়া জাতিটো এটা সংমিশ্ৰিত জাতি৷ ইতিহাসৰ বিভিন্ন সময়ত বিভিন্ন জাতি, উপজাতিৰ লোকৰ অসম ভূখণ্ডলৈ প্ৰব্ৰজন ঘটিছিল৷ সেইবাবেই হয়তো অসমত বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ পয়োভৰ দেখা যায়৷ পূৰ্বৰে পৰা অসমীয়া জাতিয়ে বহাগ মাহৰ আৰম্ভণিতে বহাগ বিহু পালন কৰি আহিছে৷ এই বিহুত নাচি বাগি ৰং ধেমালি কৰা হয় বাবেই ৰঙৰ বিহু বা ৰঙালী বিহু বুলি কোৱা হয়৷ ৰং ধেমালি সকলোৰেই প্ৰিয় বাবেই বছৰৰ আন উৎসৱসমূহতকৈ সৰ্বসাধাৰণ ৰাইজৰ বহাগ বিহুলৈ আকৰ্ষণ বেছি৷

অসমৰ ভূখণ্ডত বসন্ত কালত প্ৰকৃতিয়ে যি এক বিনন্দীয়া ৰূপ গ্ৰহণ কৰে, সেয়াও বহাগ বিহুৰ আকৰ্ষণৰ অন্যতম কাৰণ হ’ব পাৰে৷ এই মনোৰম পৰিবেশত বহুতৰে মন ৰোমাণ্টিক হৈ পৰে৷ অতীজতে সমগ্ৰ চ’ত মাহটো জুৰি ৰং-ধেমালি হৈছিল বাবে এই বিহুক চ’তৰ বিহুও বোলা হৈছিল৷ যিসময়ত আৰ্যসকলৰ প্ৰভাৱত অসমত জ্যোতিষ শাস্ত্ৰৰ চৰ্চা কৰা হৈছিল, সেই সময়চোৱাতে মহাবিষুৱ সংক্ৰান্তিৰ দিনা ৰঙালী বিহু পালনৰ পৰম্পৰা আৰম্ভ হ’ল বুলিও কোনো কোনোৱে ক’ব খোজে৷ হয়তো বিষুৱ শব্দৰ পৰা ‘বিষু’ আৰু কালক্ৰমত ‘বিষু’ শব্দৰ পৰাই ‘বিহু’লৈ পৰিৱৰ্তন হ’ল৷

যি কি নহওক, অতীজৰে পৰা অসমত বহাগ বিহুত কিছুমান নিৰ্দিষ্ট কৃষ্টি সংস্কৃতি পালন কৰি অহা হৈছে৷ চ’ত আৰু বহাগৰ সংক্ৰান্তিৰ দিনাৰে পৰা সাত দিনলৈ সাত বিহু পালন কৰাৰ পৰম্পৰা আছিল৷ সাত বিহু হ’ল – গৰু বিহু, মানুহ বিহু, গোঁসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, চেনেহী বিহু আৰু চেৰা বিহু৷

এই সময়তে ৰং ৰহইচৰ উপৰিও গাঁৱৰ মুখিয়াল লোকসকলে একগোট হৈ ধনী দুখীয়া নিৰ্বিশেষে সকলোৰে ঘৰে ঘৰে গৈ চোতালত ঘূৰণীয়াকৈ ঘূৰি ঘূৰি এক মাংগলিক নৃত্য কৰিছিল আৰু গৃহস্থৰ সৰ্বতোপ্ৰকাৰ মংগল কামনাৰে আশীৰ্বাদ দিছিল৷ এনেদৰেই সমাজত সকলোৱে একতাৰ ডোলেৰে বান্ধ খাইছিল৷ কালক্ৰমত এইবিধ নৃত্যই হুঁচৰি নাম পাইছিল৷ এতিয়াও হুঁচৰি আৰম্ভ কৰাৰ আগতে ভক্তিমূলক ঘোষা গোৱাৰ পৰম্পৰা আছে৷

হুঁচৰিত বিহুনাচৰ সংযোজন বহু পিছতহে হৈছিল৷ বিহুনাচ চঞ্চল, যৌৱনৰ উন্মাদনা থকা গছৰ তলৰ নৃত্য আছিল, আনহাতে হুঁচৰি আছিল গৃহস্থৰ ভিতৰ চোতালত গোৱা গম্ভীৰ আৰু ভক্তি ৰসাত্মক নৃত্য৷ হুঁচৰিত গৃহস্থই ৰাইজলৈ ভক্তিভাৱেৰে ডিঙিত বস্ত্ৰ লৈ নিজৰ সামৰ্থ অনুসৰি যি পাৰে তাকেই তামোল পাণৰ সৈতে শৰাইত আগবঢ়াই আঁঠু লৈছিল আৰু ৰাইজেও গৃহস্থক হিয়া উজাৰি আশীৰ্বাদ দিছিল৷ সেই সময়ত ৰাইজৰ প্ৰতি ভক্তি আৰু আনুগত্য হে মুখ্য আছিল৷ টকা পইচা, অৰিহণা আদি গৌণ আছিল৷

সাম্প্ৰতিক সময়ৰ বহাগ বিহু পালনৰ ৰীতি-নীতি, পৰম্পৰালৈ চালে অতীজৰ বহাগ বিহুৰ পৰম্পৰাৰ পৰা আমি কিমান দূৰ আঁতৰি আহিছোঁ অনুভৱ কৰিব পাৰি৷ বৰ্তমান ঘৰে ঘৰে গৈ হুঁচৰি গোৱাৰ পৰম্পৰা নাই৷ তাৰ ঠাইত সমাজৰ আঢ্যৱন্ত সকলে মোটা অৰিহণাৰ লোভ দেখুৱাই ঘৰলৈ হুঁচৰি মাতি নিব লগা হয়৷ এনে নিমন্ত্ৰণ পাবৰ বাবে হুঁচৰি দলবোৰো আগ্ৰহী হৈ থাকে৷ গছ তলৰ বিহু গৈ এতিয়া নগৰ চহৰৰ লাখটকীয়া মঞ্চত উঠিল৷

বহাগৰ আৰম্ভণিতে বহাগী আদৰণি, বহাগী উৎসৱ, আৰু জেঠৰ মাহত বহাগী বিদায় উৎসৱৰ নামত লাখ লাখ টকাৰ শৰাধ কৰা হয়৷ বিহু পালনৰ নামত অনা অসমীয়া লোক, অনাঅসমীয়া ব্যৱসায়ী, বিষয়া-কৰ্মচাৰী, ব্যৱসায়ীসকলৰ পৰা এচামে চান্দা বিচাৰি হাৰাশাস্তি কৰে৷ আনকি বাট-পথ ভেটি গাড়ী মটৰ আগুৰিও জোৰকৈ হলেও বিহুৰ চান্দা উঠোৱা হয়৷ তাৰবাবে অনা-অসমীয়াসকলে সততে আমাৰ মৰমৰ বিহুটিক লৈ তাচ্ছিল্যসূচক মন্তব্য কৰাও শুনা যায়৷

এতিয়া কথা হ’ল আমি সঁচাকৈয়ে বহাগ বিহুৰ পৰম্পৰা ৰক্ষা কৰিব পাৰিছোনে? কেৱল হুঁচৰিয়েই নহয়, বিহুৰ বিহুৱান অৰ্থাৎ অসমীয়াৰ সংস্কৃতিৰ এক অনন্য উপাদানস্বৰূপ গামোচাখনৰ স্বকীয়তা ৰক্ষা কৰিব পৰিছোনে?

অতীজতে কামৰূপী ‘গামচাও’ শব্দৰ পৰা অহা গামোচাখন সাধাৰণ চহা লোকৰ বাবে বৰ আদৰৰ, গা ধুই গা মচিবলৈ ব্যৱহাৰ কৰা এডোখৰ সৰু বস্ত্ৰ আছিল৷ এসময়ত শুদ্ধ কপাহী সূতাৰে তিনিফালে ৰঙা আচু আৰু এফালে ৰঙা সূতাৰ ফুল বাচি শিপিনীসকলে ঘৰতে বৈ উলিওৱা গামোচা এখন এতিয়া পাবলৈ নোহোৱা হোৱাৰ দৰেই৷ এতিয়া গামোচা আহে বহিঃৰাজ্যৰ পৰা৷ বাৰেমিহলি সূতাৰে দুয়োফালে ফুল বাচি জাকত জিলিকা কৰিবলৈ চেষ্টা কৰা, মিলত বোৱা গামোচা খনেৰে গা মচাতো দুৰৰে কথা, গৰমকালি বেছিপৰ কান্ধতো লৈ থাকিব নোৱাৰি৷ অতীজতে মান্যজনক মান ধৰিবলৈ ব্যৱহাৰ কৰা গামোচাখন এতিয়া ন-অসমীয়াৰ অসমীয়াত্বৰ চিনাকি৷ কিন্তু এতিয়াও মাংগলিক কামত আৰু বিহু নাচিবলৈ সাদৰেৰে লোৱা গামোচাখন নহলে অসমীয়া জাতীয়তাবোধৰ পৰিচয় পোৱা নাযায়৷

সময় ৰৈ নাথাকে৷ সময়ৰ লগে লগে সলনি হয় কৃষ্টি, সংস্কৃতি, ৰীতি-নীতি আদি৷ গতিকে বহাগ বিহুলৈ পৰিৱৰ্তন অহাটো একো আচৰিত কথা নহয়৷ কিন্তু সেই পৰিৱৰ্তন ইতিবাচক হোৱা উচিত৷

সমাজত আনৰ আগত সগৌৰৱেৰে মূৰ ডাঙি ঠিয় হৈ অসমীয়াৰ পৰিচয় দিবলৈ আমি অসমীয়াই কেইটামান বিশেষ দিশত চকু ৰাখিবই লাগিব:-

ক) বিহুৰ চান্দা প্ৰথাই যেন আমাৰ জাতিটোক আনৰ আগত ভিক্ষাৰী নসজায়৷ অনাড়ম্বৰভাবেও কৃষ্টি সংস্কৃতি ৰক্ষা কৰিব পাৰি৷

খ) গামোচাৰ স্বকীয়তা বজাই ৰাখি কেৱল কপাহী সূতাৰে গামোচাখন ‘গা মচা’ৰ উপযোগী কৰি তুলিব লাগে৷ বহিঃৰাজ্যৰ মিলত বোৱা গামোচাৰ ব্যৱহাৰ বন্ধ কৰি থলুৱা শিপিনীক উৎসাহিত কৰিব লাগে৷

গ) বিহুৰ সময়ত সমাজৰ ধনী-দুখীয়া বিচাৰ নকৰি সকলো ৰাইজক মুক্ত মনে বিহু পালন কৰি ৰং-ৰহইচ কৰাৰ সুবিধা দিব লাগে৷

ঘ) উঠি অহা নতুন প্ৰজন্মক অসমীয়া কৃষ্টি-সংস্কৃতিৰ বিভিন্ন ৰূপৰ সৈতে চিনাকী কৰাবলৈ বিহুৰ বতৰকেই অৱলম্বন হিচাপে লব পাৰি৷

ঙ) পৃথিৱীৰ বিভিন্ন অঞ্চলত ব্যৱসায় বা কৰ্মসূত্ৰে বসবাস কৰা অসমীয়াসকল তথা তেওঁলোকৰ উত্তৰসূৰী সকলকো প্ৰযুক্তিৰ মাধ্যমেৰে বাৰেৰহণীয়া তথা অতি প্ৰাচীন অসমীয়া সংস্কৃতিৰ সৈতে এই বিহুৰ বতৰতেই চিনাকী কৰাবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷

ভূপেন হাজৰিকাদেৱৰ গীতেৰেই কও –

“বহাগত জাতিয়ে স্নান কৰে
মলিয়ন বস্ত্র সলায়
সংগ্রামী জীৱনতো
ৰণ প্রেৰণা
দিয়ে বৰদৈচিলাই
ওফৰায় দুখ নাগপাশ৷”

অতীজতে বিহু পালনৰ উদ্দেশ্য আছিল অসমীয়া সমাজখনক একতাৰ ডোলেৰে বন্ধাটো৷ ভৱিষ্যতেও এই উদ্দেশ্য অটুট থাকক, ইয়াকেই আজিও কামনা কৰো৷

সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালো৷

ধন্যবাদেৰে
অনুৰূপ মহন্ত

সম্পাদক
দ্বাবিংশতিতম সংখ্যা
ফটাঢোল ই-আলোচনী

☆★☆★☆

48 Comments

  • ডলী তালুকদাৰ

    সম্পাদকীয় পঢ়ি ভাল লাগিল

    Reply
    • অনুৰূপ মহন্ত

      ধন্যবাদ বাইদেউ

      Reply
  • ৰাজশ্ৰী শৰ্মা

    ভাল লাগিল পঢ়ি সম্পাদকীয় টো অনুৰূপ।

    Reply
    • অনুৰূপ মহন্ত

      ধন্যবাদ ৰাজশ্ৰী

      Reply
  • কাবেৰী মহন্ত

    সুন্দৰকৈ লিখিলা অনুৰূপ ৷

    Reply
    • অনুৰূপ মহন্ত

      ধন্যবাদ জনাইছোঁ

      Reply
  • অলকেশ ভাগৱতী

    সুন্দৰ সম্পাদকীয় ৷

    Reply
    • অনুৰূপ মহন্ত

      ধন্যবাদ দাদা

      Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

    সুন্দৰ সম্পাদকীয়

    Reply
    • অনুৰূপ মহন্ত

      ধন্যবাদ দাদা

      Reply
  • Anonymous

    ভাল লাগিল..। অসমীয়া জাতিৰ পৰিচয় আমি নিজেই নোহোৱা কৰিব ধৰিছোঁ। আমি আগতকৈ আৰু অধিক সচেতন হ’ব লাগিব…।

    Reply
  • পঢ়িলো।বৰ ভাল লাগিল।সয়আৰু সমাজক প্ৰতিফলিত কৰিব পৰা লেখা।

    Reply
    • অনুৰূপ মহন্ত

      ধন্যবাদ বাইদেউ

      Reply
  • ভাল লাগিল সম্পাদকীয়টো পঢ়ি। সময় উপযোগী লেখা ।
    আপোনালৈও বিহুৰ শুভেচ্ছা জনাইছো

    Reply
    • অনুৰূপ মহন্ত

      অশেষ ধন্যবাদ

      Reply
  • Jayshree Sarmah

    ধুনীয়া লিখিছা

    Reply
    • অনুৰূপ মহন্ত

      ধন্যবাদ বা

      Reply
  • চন্দন মহন্ত

    এটা সময়োপযোগী তথা মনোগ্ৰাহী সম্পাদকীয় ৷ ভাল লাগিল ৷

    Reply
    • অনুৰূপ মহন্ত

      অশেষ ধন্যবাদ

      Reply
  • হেমন্ত কাকতি

    ভাল লাগিল অনুৰূপ৷

    Reply
    • অনুৰূপ মহন্ত

      ধন্যবাদ দাদা, আপোনালোকৰ সহায় সহযোগৰ বাবেই হে এইয়া সম্ভৱ হৈছে।

      Reply
  • Sankar Jyoti Bora

    ভাল লাগিল পঢ়িIসময় উপযোগীI

    Reply
    • অনুৰূপ মহন্ত

      ধন্যবাদ দাদা

      Reply
  • হেমেন ডেকা

    কম কথাত বিহুৰ সাৱলীল বিশ্লেষণ৷ সুন্দৰ সময়োপযোগী বাৰ্তাৰে সমৃদ্ধ সম্পাদকীয়৷ভাল লাগিল৷

    Reply
    • অনুৰূপ মহন্ত

      অশেষ ধন্যবাদ দাদা

      Reply
  • তৃষ্ণা সোণোৱাল

    সুন্দৰ আৰু মনোগ্ৰাহী সম্পাদকীয় দাদা। ভাল লাগিল পঢ়ি

    Reply
    • অনুৰূপ মহন্ত

      বহুত ধন্যবাদ তৃষ্ণা

      Reply
  • কমল নেওগ, তেজপুৰ৷

    সম্পাদকীয়ত মোৰ মনৰ কথাখিনিকে লিখিিলা৷ সুন্দৰ আৰু সময়োপযোগী হৈছে৷

    Reply
    • অনুৰূপ মহন্ত

      অশেষ ধন্যবাদ

      Reply
  • Manashi Borah

    আন্তৰিক অভিনন্দন অনুৰূপ ।প্রথম তোমাৰ সম্পাদকীয়টোকে পঢ়িল ।সকলোৰে মনৰ কথা ।ভাল লাগিল ।আগতিয়াকৈ বিহুৰ শুভেচ্ছা তোমালৈ।

    Reply
    • অনুৰূপ মহন্ত

      অশেষ ধন্যবাদ, আপোনালৈ ও শুভেচ্ছা জনালো

      Reply
  • সময়োপযোগী আৰু মনোগ্ৰাহী সম্পাদকীয়, বহুত ভাল লাগিল অনুৰূপ।

    Reply
    • অনুৰূপ মহন্ত

      অশেষ ধন্যবাদ, আপোনালৈ ও শুভেচ্ছা জনালো

      Reply
  • Mridula Gogoi

    ভাল লাগিল সম্পাদকীয় পঢ়ি ।

    Reply
    • অনুৰূপ মহন্ত

      ধন্যবাদ বা

      Reply
  • কমল তালুকদাৰ

    সুন্দৰ সম্পাদকীয় , লগতে আলোচনীখনো মনোগ্ৰাহী হৈছে ।

    Reply
    • অনুৰূপ মহন্ত

      ধন্যবাদ দাদা

      Reply
  • Anjan Sadhanidar

    পঢ়িলোো দেই৷ ধুনীয়াকৈ লিখিলা৷

    Reply
    • অনুৰূপ মহন্ত

      ধন্যবাদ দাদা

      Reply
  • সৌৰভ শৰ্মা

    পঢ়িলোঁ অনুৰূপ। ভাল লাগিল।🙏👌🏾👌🏾👌🏾❤️❤️❤️❤️❤️

    Reply
    • অনুৰূপ মহন্ত

      ধন্যবাদ দাদা

      Reply
  • ৰিমঝিম

    সুন্দৰ সম্পাদকীয়

    Reply
    • অনুৰূপ মহন্ত

      ধন্যবাদ ৰিম

      Reply
  • মৌচুমী বৰি

    সুন্দৰ সম্পাদকীয়৷ ভাল লাগিল ভাইটি৷ অভিনন্দন তোমাক

    Reply
    • অনুৰূপ মহন্ত

      অশেষ ধন্যবাদ দাদা

      Reply
  • অৰবিন্দ

    এটি সুন্দৰ সম্পাদকীয় লিখিলা অনুৰূপ।বৰ্ত্তমান কথাবোৰ তুমি লিখাৰ দৰেই চিন্তনীয় হৈ পৰিছে।পঢ়ি অপ্লুত হ’লো।

    Reply
    • অনুৰূপ মহন্ত

      হয় দাদা, অশেষ ধন্যবাদ আপোনালৈ

      Reply

Leave a Reply

Your email address will not be published.