ফটাঢোল

সম্পাদকীয় – অলকেশ ভাগৱতী

এমাহ আগতে এদিন বিপদত পৰি মোৰ মনলৈ অহা বহুতকে সহায় বিচাৰি ফোন কৰিলোঁ –

“কেনেবাকৈ মোক এইবাৰ উদ্ধাৰ কৰা দোস্ত৷ তোমাৰ এই সহায় মই কোনোকালেই নাপাহৰোঁ৷”

সেইফালৰ পৰা বিভিন্ন উত্তৰ –

“ইস্‌! কি যে কোৱা বন্ধু! মোৰ দৰে ডালদৰিদ্ৰ এটাক খুজি লাজ কিয় দিছা? তুমিচোন জানাই মোৰ অৱস্থা।”

“দাদা, আপোনাৰ পৰাহে খুজিম বুলি ভাৱি আছিলোঁ৷ পূজাও আহিলেই৷ এইবাৰ আমাৰেই একদম বেয়া অৱস্থা।”

“ইয়ে ৰাম! বৰ বেয়া সময়ত খুজিলা৷ দুদিন আগতে এজনক দি দিলোঁ৷ এতিয়া একদমেই খালী৷ বেয়া নাপাবা ভাই৷”

“এইমাহত একদম নোৱাৰিম জানা৷ অহা মাহত হ’লে চেষ্টা এটা কৰিব পাৰিম।”

“মোক যে ভাবিলা ইমানৰ মানুহ বুলি, তাৰ বাবেই ধন্যবাদ ভাই৷ নোৱাৰিম বুজিছা।”

এনে অজস্ৰ উত্তৰ, অজস্ৰ মেছেজ৷

বহু ঠাইৰ পৰা আশাকৰা ধৰণে সঁহাৰি নাপাই চকীখনত বহি মূৰে কপালে হাত দি ভাবিবলৈ আৰম্ভ কৰিলোঁ “হে প্ৰভু, তুমি মোক কিয় এনেকৈ অথাই সাগৰত পেলালা?”

দুইমিনিটমান ভাবি একো উত্তৰ বিচাৰি নাপাই এইবাৰ নিজেই দ্বিতীয় প্ৰশ্ন এটা মনত জগাই ল’লোঁ। “ওকে প্ৰভু, মানি ল’লোঁ যে তোমাৰ বাৰু কমেডি কৰিবলৈ মন গ’ল, সেয়ে তুমি মোক ঠেলা মাৰি পেলাই দিলা৷ পিচে মোৰ ইমান কেইজন ভাল মৰমৰ বন্ধু, দাদা, বাইদেউ, ভাতৃয়ে যে মোক নিৰাশ কৰিলে, সেইটো কিয় প্ৰভু? হোৱাই? তেওঁলোকেতো মোক সঁচাকৈয়ে ভাল পায় আৰু তেওঁলোকে মোক সহায় কৰিবলৈও চেষ্টা কৰিছিল৷ মোক সহায় কৰিব পাৰিলে তেওঁলোকৰ নিজৰো ভাল লাগিলহেঁতেন৷ তাৰ পিছতো নোৱাৰিলে৷ হোৱাই প্ৰভু, হোৱাই? ইউ চি প্ৰভু, দিজ পিপ’ল…, দে লাভ মি৷ বাট ষ্টিল …..”

ধা…ৰা……ম………!!

বজ্ৰপাতৰ দৰে শব্দ এটা কৰি হঠাতে মোৰ সম্মুখত প্ৰভুৰ আৱিৰ্ভাৱ৷

“তোৰ সেই গ্ৰামাৰ নোহোৱা ইংৰাজী বন্ধ কৰ মূৰ্খ৷ মই প্ৰথমবাৰ অসমীয়াতেই তোৰ প্ৰশ্নটো বুজি পাইছোঁ৷ শুন মূৰ্খ, উত্তৰটো মই তোক বহুবছৰ আগতেই দিছিলোঁ৷ কিন্তু তই কথাবোৰ পাহৰি যাৱ৷ ভেকুলীৰ সাধুটো মনত আছেনে? সেই যে ভেকুলীটো- এবাৰ গাঁতত সোমায়, এবাৰ গাঁতৰ পৰা ওলায়৷ মনত আছেনে তোৰ?”

“ভেকুলী প্ৰভু? কি ভেকুলী? এবাৰ গাঁতত সোমায় আৰু এবাৰ গাঁতৰ পৰা ওলায়! ভেকুলীৰ তেনে কি সাধু আছেনো? সেই সিংহ আৰু নিগনিৰ সাধুটো নেকি? তাতো দেখোন কোনো ভেকুলী নাই প্ৰভু? মনতেই পৰা নাই নহয়!”

ক্ৰি….ই….ই……ইং…….৷ চাডেনলি ডিমাক কা বট্টিটো বাৰ্ণ হৈ গ’ল৷ মানে জ্বলি গ’ল!

“অ’, অ’, মনত পৰিল প্ৰভু৷ অ’ আই, সেই যে এণ্টাৰ-এক্সিট টো? সিঃ সিঃ সিঃ! ভাল বচাইছিলা দেই প্ৰভু সেইদিনা৷ মনত আছে প্ৰভু৷ সিঃ সিঃ সিঃ!”

“তেন্তে মূৰ্খ, তই সেইদিনা বিপদত পৰোঁতে এই সাধুটো কৈ লগৰ কেইটাক উৎসাহ নিদিলি কিয়? তোক না কোৱা বহুতেই তেতিয়া তোক সহায় কৰাৰ বাবে চেষ্টা কৰিবলৈ উৎসাহ পালেহেঁতেন৷ কিয় নকলি?”

“ঔ মাই প্ৰভু! হয়তো কথাটো৷ মানে একদম বিলাণ্ডাৰ গৈ গ’ল প্ৰভু৷ এতিয়া সেই মিছটেক্, আই মিন বিলাণ্ডাৰটো কেনেকৈ ৰেক্টিফাই কৰোঁ প্ৰভু?”

প্ৰভু

প্ৰভু……

ইউ দেয়াৰ?

প্ৰ…ভু…….

নাই৷ নো ৰেচপন্স৷ মই কথা পাতিব খোজা গডজন সংযোগ সীমাৰ বাহিৰত৷ মানে মোক কথাখিনি কৈয়েই প্ৰভু অন্তৰ্ধান হ’ল! টোটেল ভেনিছ্…

প্ৰভুৰ পৰা কোনো ৰেচপন্স নাপাই এইবাৰ মই ভেকুলীৰ সাধুটোতেই কনচেনটিৰেট কৰিবলৈ ধৰিলোঁ৷ মনটো বহু বছৰ আগলৈ উৰি গ’ল……

বহু বছৰ আগতে মেট্ৰিকৰ টেষ্ট পৰীক্ষা চলি থকা সময়ৰ কথা৷ সেইদিনা বিজ্ঞানৰ পৰীক্ষা আছিল৷ পঢ়া শুনাত সৰুৰে পৰাই বিলিয়েন্ট আছিলোঁ৷ গতিকে স্বাভাৱিকভাবেই, আনদিনাৰ দৰে সেইদিনাও পৰীক্ষা হলত মোৰ অৱস্থা একেবাৰে কাহিল৷ যি দুই এটা প্ৰশ্নৰ উত্তৰ জানো, সেই কেইটাৰ সম্পূৰ্ণ নম্বৰবোৰ যোগ কৰিলেও পাছ কৰা নম্বৰতকৈ দুই নম্বৰমান কম ওলায়৷ এতিয়া কৰোঁ কি? ফেইল কৰাৰ কথা কল্পনাও কৰিব নোৱাৰোঁ৷ ইফালে পাছ কৰাৰো কোনো উপায় দেখা নাই৷ কিন্তু বিশেষ চিন্তা কৰা বাদ দি প্ৰথমে নিজে জনা উত্তৰবোৰ ভালকৈ লিখি ল’লোঁ৷ তাৰ পিছত এক ভয়ানক শূন্যতা৷ নহয় নহয়, মানে আপোনালোকে ভবাৰ দৰে সেই শূন্যতা নহয়৷ ৰূমটো পাৰফেক্টলি ভৰ্তিয়েই আছিল৷ এয়া মনৰ শূন্যতা৷ মোৰ চকুৰ আগত ভাঁহি আহিবলৈ ধৰিলে যে মোৰ উত্তৰ বহীৰ প্ৰথম পৃষ্ঠাত এটা মস্ত শূন্যই বহি লৈ মোলৈ চাই খিলখিলাই হাঁহি আছে ..

যিখিনি লিখিলোঁ সেইখিনিৰে পাছ কৰিব নোৱাৰোঁ৷ মোক আৰু চাৰি নম্বৰমান লাগে৷ পিচে উত্তৰ এটাৰো নাজানোঁ৷ কৰোঁ কি? ভয়তে ঘামি-জামি একাকাৰ হৈ বহুত সময় প্ৰায় অচেতন অৱস্থাতেই থাকিলোঁ৷ জীৱনত কোনোদিনেই ফেইল কৰি পোৱা নাই৷ সেইদিনা যদি ফেইল কৰোঁ তেন্তে সেয়া মোৰ কাৰণে হ’ব মৃত্যুৰ সমতুল্য৷ এহ্‌, ইগো নহয়হে৷ ফেইল কৰা কথাটোক লৈ মোৰ একোৱেই পাৰ্চনেল ফিলিং নাছিল৷ ফেইলহে কৰিছোঁ, ষ্টেণ্ডতো কৰা নাই৷ গতিকে ইমান ইমোচনেল হ’বলৈ কি আছে? মই টোটেল কুলেই আছিলোঁ৷ কিন্তু প্ৰব্লেমটো এইটোৱেই যে ঘৰত মোৰ পিঠি এনেকৈ ফলা যাব যে সেয়া মৃত্যুৰ দুৱাৰদলিৰ পৰা সাউৎকৈ এবাৰ পাক এটা মাৰি অহাৰ দৰেই হ’ব৷ লগৰ ল’ৰাবিলাকৰ পৰা সহায় লৈ নকল কৰিলে হয়তো কেইটামান নম্বৰ পাই যাম৷ পিচে ঠিক কৰিলোঁ যে মই নকল নকৰোঁ৷ যিটো কাম জীৱনত কোনোদিনেই কৰা নাই সেই কামটো আজি কৰি নিজৰ চকুত মই মৰি নাযাওঁ৷ দৰকাৰ হ’লে দেউতাৰ হাততেই মৰিম৷

মৃত্যুভয়ত এনেকৈ ঘামি-জামি বহু সময় কঁপি থাকিও একো উপায় বিচাৰি নাপাই শেষত হঠাৎ মনলৈ বুদ্ধি এটা আহিল৷ কিবা অকণমানো সহায়ক হ’ব পাৰে বুলি শেষ আশা এটা লৈ গাৰ্ড দি থকা ছাৰৰ ওচৰলৈ গৈ প্ৰশ্নকাকতত প্ৰশ্ন এটা দেখুৱাই সুধিলোঁ, “ছাৰ, এই প্ৰশ্নটো ভালকৈ বুজি পোৱা নাই৷” (প্ৰশ্নটো কি আছিল সেয়া মোৰ আজিও সঠিককৈ মনত নাই)৷ ছাৰ আছিল গণিতৰ শিক্ষক৷ তেওঁ প্ৰশ্নটো পঢ়ি চাই ক’লে, “ইয়াত বুজি নাপাবলৈ কি আছে? জীৱ-জন্তু বিলাকে পৰিবেশ আৰু পৰিস্থিতি সাপেক্ষে ভিন ভিন বতৰত কেনেকৈ নিজৰ দেহটোক সেই বতৰৰ লগত খাপ খোৱা কৰি তোলে সেইটো লিখ”৷

ছাৰলৈ ভেবা লাগি চায়েই থাকিলোঁ৷ মানে অৰ্থটো এইটো যে, “ছাৰ, সেইটোতো ময়ো বুজি পাইছোঁ৷ কিন্তু ইয়াৰ উত্তৰটো কি?”

তাত মুখ মেলি ৰৈ থকা দেখি গণিত শিকোৱা ছাৰে মোক বিৰক্তিত ক’লে, “তোৰ মূৰটোত কি আছে? ঠাণ্ডাৰ দিনত ভেকুলীবোৰ গাঁতত থাকে আৰু গৰম দিনত ওলাই আহেনে নাই?”

“আহে ছাৰ৷”

“তেনেহ’লে তেনেকৈ জীৱ-জন্তুবোৰে বতৰৰ লগত কেনেকৈ নিজকে খাপ খুৱায় সেইবোৰ লিখ৷”

একো ক্লু যোগাৰ কৰিব নোৱাৰি এইবাৰ আকৌ সুৰসুৰাই আহি বেঞ্চত বহিলোঁ৷ ইচাট-বিচাট কৰি কিছুসময় থকাৰ পিছত মোৰ মগজুত হঠাতে ক্ৰিংকৈ সৰু বেল এটা বাজি উঠিল৷ এইবাৰ এই কথা মনলৈ আহিল যে “ছাৰক সুধিবলৈ যোৱাৰ আগতে এই ঠাইত বহি থকা ‘মই’ টো আৰু ছাৰৰ ওচৰৰ পৰা ঘূৰি অহাৰ পিছত এতিয়া ইয়াত বহি থকা ‘মই’ টোৰ মাজত এটা পাৰ্থক্য আছে দেখোন! এই পাৰ্থক্য ইনফৰমেচনৰ পাৰ্থক্য৷ সৰু হ’ব পাৰে, কিন্তু পাৰ্থক্য আছে৷ আগৰ ‘মই’ টোৱে এই প্ৰশ্নটোৰ বিষয়ে একোৱেই নাজানিছিলোঁ, কিন্তু এতিয়াৰ ‘মই’ টোৱে অন্তত এটা কথা জানো যে ঠাণ্ডাৰ দিনত ভেকুলী গাঁতত সোমায় আৰু গৰমৰ দিনত ওলাই আহে৷”

মাত্ৰ এটা বাক্য! কিন্তু মৃত্যুভয়ত মই ঠিক কৰিলোঁ যে ৭ নম্বৰৰ মস্ত প্ৰশ্নটোৰ বাবে এইটোৱেই হ’ব মোৰ উত্তৰ৷ এই উত্তৰ লিখিয়েই মই পাঁচ নম্বৰ আনিব লাগিব৷ কিন্তু কেনেকৈ??

ফলা খৰি আৰু ছিৰাছিৰ হৈ যোৱা পিঠিখনৰ কথা মনত পৰাৰ লগে লগেই মই আৰম্ভ কৰি দিলোঁ, “বিশ্বৰ সকলো জীৱ জন্তুৱেই আমুক তামুক কৰে (সেই কথাখিনি প্ৰশ্নকাকততেই লিখা আছিল৷ কেনেকৈ কৰে সেইটোহে বুজাব লাগে)৷ বুজোৱাটো পিছত কৰিম, প্ৰথম কৰে বুলিতো লিখি লওঁ৷ কাৰণ উত্তৰটো দেখাত অলপ দীঘলীয়া কৰিব লাগিব৷ তেনেকৈ সেই একেই কথাটোকে আৰু এপাক দি লিখাৰ পিছত মই আৰম্ভ কৰিলোঁ – “উদাহৰণস্বৰূপে ঠাণ্ডাৰ দিনত ভেকুলীবোৰ গাঁতত থাকে আৰু গৰমৰ দিনত বাহিৰলৈ ওলাই আহে৷” আৰু তাৰ পিছত মই যি আৰম্ভ কৰিলোঁ, কলম চলিয়েই গৈ থাকিল৷ ঘূৰাই পকাই ৰহণ সানি নানা কথা লিখিলোঁ৷ অজস্ৰ কথা৷ কিন্তু সকলোৰে মূল অৰ্থ এটাই যে ঠাণ্ডাৰ দিনত ভেকুলী গাঁতত থাকে আৰু গৰমৰ দিনত ওলাই আহে৷ তিনি পেজমান অতি সাৱধানে একেখিনি কথাকেই শিক্ষকে তৎক্ষণাৎ ধৰিব নোৱৰাকৈ উৰাই ঘূৰাই লিখাৰ পিছত হঠাত মনলৈ আহিল, “ঠাণ্ডাৰ দিনত বাৰু ভেকুলীবোৰ এনিটাইম গাঁততেই থাকেনে? মাজে মাজে ওলাই আহিবওতো পাৰে কিজানি৷ ওলাই আহিলেতো সৰ্বনাশ, উত্তৰটোত শূন্য পাম৷ অংকৰ ছাৰেহে কৈছে যে ঠাণ্ডাৰ দিনত ভেকুলী গাঁতত সোমাই থাকে আৰু গৰমৰ দিনত বাহিৰলৈ ওলাই আহে৷” সেয়েহে এইবাৰ মই নিৰীক্ষকে ধৰিব নোৱাৰাকৈ কথাবোৰত আৰু বেছি পাক দিয়া আৰম্ভ কৰিলোঁ৷ এনেকৈ ঘূৰাই পকাই লিখা আৰম্ভ কৰিলোঁ যে উত্তৰটো পঢ়ি যাতে শিক্ষকৰ এনে লাগে যেন – হয় ই লিখিছে যে ঠাণ্ডাৰ দিনৰ গোটেই সময়চোৱা ভেকুলী গাঁতত সোমাই থাকে আৰু গৰমৰ দিনৰ গোটেই কাল গাঁতৰ বাহিৰতেই থাকে৷ আনহাতে যদিহে ঠাণ্ডা বা গৰমৰ গোটেই সময়খিনিত ভেকুলীবোৰ এনেকৈ গাঁতৰ ভিতৰত বা বাহিৰত নাথাকেও, তেতিয়াও এনেই লাগিব যে মই আচলতে সেইটোৱেই লিখিছোঁ৷

আজিৰ অসমীয়া চেনেলবোৰে একেটা কথাকে যেনেকৈ উৰাই ঘূৰাই কৈ থাকি দৰ্শকক আমুৱাই দিয়ে, ঠিক তেনেকৈ ময়ো ভেকুলীৰ এই সাধাৰণ কথাটোকে বহুত বেলেগকৈ নানা ৰহণ সানি পাঁচ পৃষ্ঠা লিখি বহীখন জমা দি ঘৰলৈ আহিলোঁ৷

সেইদিনাৰ পিছৰ পৰা ৰিজাল্টৰ দিনটোলৈ নিজ ঘৰতে কচাইখানাৰ ছাগলীটোৰ দৰে ভয়ে ভয়েই কটালোঁ৷ ৰিজাল্টৰ দিনা বিজ্ঞানৰ ছাৰে মোক কমন ৰূমলৈ মাতি লৈ গৈ সুধিলে, “তই ঘৰত বিজ্ঞানৰ বাবে কি কি ৰেফাৰেন্স কিতাপ ব্যৱহাৰ কৰ?”

ৰেফাৰেন্স কিতাপ! মই স্কুলৰখনেই ভালকৈ পঢ়া নাই এতিয়ালৈ৷ ঢেকঢেককৈ ওলাই আহিব খোজা হাঁহিটো কিবাকৈ সম্বৰণ কৰি একেবাৰে অজলা টাইপৰ এক্সপ্ৰেচন এটা মুখলৈ আনি সেহাই সেহাই ক’লো, “নাই ছাৰ, বিশেষ তেনে নাই৷ আমাৰ স্কুলৰখনেই পঢ়োঁ আৰু৷”

“তেন্তে তই এই প্ৰশ্নটোৰ উত্তৰ ক’ৰ পৰা লিখিলি?”

এইবাৰ ছাৰে মোৰ চকুৰ সন্মুখত মোৰ উত্তৰ বহীখন দাঙি ধৰিলে৷ ছাৰৰ আঙুলিটো মোৰ ভেকুলীৰ উত্তৰৰ ওপৰত৷

মোৰ অৱস্থা তেতিয়া “ফাট মেলা বসুমতী পাতালে লুকাওঁ”৷ সেপ ঢুকি ঢুকি আৰম্ভ কৰিলোঁ “নাই ছাৰ….. , মই মানে ছাৰ….. , মানে উত্তৰটো ….. , মানে ছাৰ……. ”

” Excellent লিখিছ৷ তোৰ এই উত্তৰত মই Impressed হৈ গৈছোঁ৷”

মোৰ তেতিয়া অবাক হোৱাৰ পাল৷

ইয়াৰ পিছত ছাৰে কমন ৰূমত তেওঁৰ লগতে বহি থকা লগৰ ছাৰ দুজনকো বহীখন দেখুৱাই ক’লে “চাওক ই কি সুন্দৰকৈ এই উত্তৰটো বৰ্ণনা কৰিছে৷ কিতাপত ভেকুলীৰ উল্লেখেই নাই, তাৰ পিছতো ইমান সুন্দৰ উদাহৰণ দি কথাখিনি লিখিছে৷”

লাহেকৈ সেপ ঢুকি ওচৰলৈ গৈ বহীখন চাই দেখোঁ যে সঁচাকৈয়ে মই একচিলেণ্ট উত্তৰেই লিখিছোঁচোন৷ হিঃহিঃ হিঃ! জীৱনত বহুদিনৰ মূৰত কোনো এটা প্ৰশ্নত সম্পূৰ্ণ নম্বৰ পাইছোঁ৷ সাতৰ ভিতৰত সম্পূৰ্ণ সাত৷ মনটো কিবা খেলিমেলি লাগি গ’ল৷ ইয়াৰ পিছত ছাৰে সকলো ছাত্ৰকে ক্লাছত বহুৱাই লৈ মোৰ উত্তৰটোৰ শ্ৰুতলিপি দিলে নোট হিচাবে৷ মোতকৈয়ো ভাল বুদ্ধিৰ কেইজনেও মোৰ ভেকুলী গাঁতত ওলোৱা আৰু সোমোৱা উত্তৰৰ শ্ৰুতলিপি লিখি থকা দেখি একেবাৰে কনফিউজিয়াই গ’লোঁ৷

ইয়াৰ পিছত ঘৰলৈ আহি মাইণ্ডটো কিছু ইষ্টেবল হোৱাৰ পিছত ভাৱিবলৈ আৰম্ভ কৰিলোঁ যে মই নিজেও আজিলৈ বুজি নোপোৱা এই উত্তৰটো কেনেকৈ ইমান বেছি ভাল হ’বলৈ পালে? বহুদিন নানা ভৱা চিন্তা আৰু এনালাইজ কৰাৰ পিছত লাহে লাহে মই এটা সৰু উত্তৰ বিচাৰি পালোঁ৷ তাকেই আজি আপোনালোকক ক’বলৈ ওলাইছোঁ৷

এতিয়া আকৌ প্ৰথমৰ কথালৈ আহোঁ৷ মোক “না” কোৱা সেই লোক সকলৰ কথালৈ৷

নহয় নহয়, ভুল বুজিছে৷ মই সেইদিনা তেওঁলোকক টকা ধাৰলৈ খুজি ফোন কৰা নাছিলোঁ৷ মই তেওঁলোকক ফোন কৰিছিলোঁ আমাৰ আলোচনীখনৰ বাবে লিখনি একোটাকৈ বিচাৰি৷ পিচে কিছুমানৰ পৰা আশাকৰা ধৰণে সঁহাৰি পালোঁ যদিও বেছিভাগৰ পৰাই না শুনিলোঁ৷ মানে তেওঁলোকৰ মোক সহায় কৰিবলৈ মন আছে কিন্তু নিজৰ ওপৰত কনফিডেন্স নাই৷ মনৰ ভাৱ “ধেই, মই আজিলৈ একোৱেই লিখি পোৱা নাই, এতিয়া কেনেকৈ লিখিব পাৰিম / ইচ, লিখিবলৈ একো প্লটেই মনলৈ নাহে নহয়/ মই কিবা লিখিলে সকলোৱে মোক লাজহে দিব ইত্যাদি ইত্যাদি৷

মানে যিটো দেখিলোঁ, সকলোৰে নিলিখাৰ মূল কাৰণ এইকেইটাই –

1) মই লিখিবলৈ টপিক ভাৱি পোৱা নাই৷

2) কিবা এটা ভাৱিছিলোঁ, কিন্তু প্লটটো বনাব পৰা নাই৷

3) দাদা, দিবলৈ বহুত মন আছিল৷ কিন্তু মই চিৰিয়াছ কথাহে লিখোঁ, ব্যংগ লিখিবলৈ একদমেই নাজানো ৷

4) লিখাৰ মুডেই অহা নাইচোন৷ যদি মুড আহে তেন্তে পাক্কা লিখি দিম৷

টপিক? প্লট? Genre? Mood ??

বেছি তত্বগধুৰ কথা লিখিবলৈ মোৰ সামান্যতম জ্ঞানো নাই৷ সেই কাৰণে এই সম্পাদকীয়ত একেবাৰে সাধাৰণ কথা এটা কৈ মই মোৰ সেইসকল বন্ধুক কিছু হ’লেও সাহস আৰু উৎসাহ দিবলৈ খুজিছোঁ যি সকলে এতিয়াও ভাৱি আছে যে তেওঁলোকে সঁচাকৈয়ে একো লিখিব নাজানে বা নোৱাৰে৷

আকৌ এবাৰ কৈ থ’লোঁ, এই কথাখিনি কেৱল মাত্ৰ সেইসকলৰ বাবেহে যিসকলে কিবা এক সংকোচত আজিলৈ একো লিখিবলৈ চেষ্টা কৰা নাই৷ যিসকলে আগতে লিখিছে বা লিখামেলা কৰি থাকে তেওঁলোকক কোৱাৰ ধৃষ্টতা মোৰ নাই৷ পৰুৱাই হাতীক পাঞ্জাখেলৰ কিটিপ শিকাবলৈ যোৱাতো বাতুলতা বুলি জানো৷

এইযে, “টপিক ভাবি পোৱা নাই”, এই টপিকটো কি বস্তুনো? শুনাত বহুত দুষ্প্ৰাপ্য কিবা যেনেই লাগে৷ কাৰণ এই ‘টপিক’ক বিচাৰি নাপায়েই হেনো বহুতে লিখিব পৰা নাই৷ পিচে আচলতে কথাটো তাৰ একদম ওলোটাহে৷ টপিকেই হ’ল পৃথিৱীৰ আটাইতকৈ সহজলভ্য বস্তু৷ এই ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তু, প্ৰতিটো কৰ্ম, প্ৰতিটো কথাই একো একোটা টপিক৷

ৰাস্তাইদি খোজকাঢ়ি যাওঁতে সন্মুখেৰে ৰিক্সা এখন পাৰ হৈ গ’ল- তাৰ মানে এইমাত্ৰ আপোনাৰ সন্মুখেদি টপিক এটা পাৰ হৈ গ’ল৷

মানুহজনে কলৰ বাকলিটোত পিচল খাই পৰিল – টপিক এটা ধুমকৈ পৰিল৷

পঢ়া টেবুলখনৰ ওপৰত পৰুৱাৰ দীঘল শাৰী – মানে টপিকৰ এক লানি নিছিগা সোঁত৷

এজন বিখ্যাত গায়কে কিবা এটা শব্দ ক’লে- লগে লগে গায়কো টপিক, শব্দটোও টপিক৷

আপোনাৰ গাটো জ্বৰ জ্বৰ লাগিছে? তাৰমানে এটা টপিকৰ ওপৰত আন এটা টপিকে ক্ৰিয়া কৰি আছে৷

মুঠতে বিশ্বৰ প্ৰতিটো ধূলিকণা, প্ৰতিটো শব্দ, প্ৰতিটো কৰ্ম, সকলো একোটা টপিক৷ ভেকুলী ঠাণ্ডাত গাঁতত সোমায়, গৰমত বাহিৰ ওলায়- টপিক এটা টপিক এটাত সোমায়, টপিকৰ পৰা ওলায়৷

গতিকে টপিকৰ কথা ভাৱি ‘টেনচন’ নল’ব৷ চকুৰ সন্মুখত দেখি থকা নাইবা নেদেখা যিকোনো এটা টপিক নিৰ্বাচন কৰি লওক আৰু লিখিবলৈ আৰম্ভ কৰক৷

‘প্লট’? টপিক নিৰ্বাচন কৰাৰ পিছত ‘প্লট’ আপোনাৰ মনলৈ লাহে লাহে আহি থাকিব৷ প্ৰথমে টপিকটো ঠিক কৰি লৈ সেইটোৰ কথা এশাৰী লিখক৷ এতিয়া ভাৱি লওক যে আপুনি তাক দীঘলীয়াকৈ লিখিবই লাগিব৷

কি কৰিব?
কেনেকৈ দীঘল কৰিব?
কেনেকৈ তাক আমোদজনক কৰিব?

ধৰা হ’ল টপিক “ভেকুলী”৷ লিখি যাওঁক….. ভেকুলীটো গাঁতত সোমাল, তাৰ পিছত ওলাই আহিল৷ তাৰ পিছত? কি লিখিব?

মনত ৰাখিব যে কাহিনীটো দীঘল কৰিবই লাগিব৷ উপায় কি?

………….ওলাই অহাৰ পিছত ভেকুলীটোৰ ভোক লাগিল আৰু সি চিকাৰ বিচাৰি গ’ল৷ ৰাস্তাত যাওঁতে শিয়ালক লগ পাই দুটা কথা পতিলে, পুৰণা শত্ৰু কেৰ্কেটুৱাক পাই তাৰ লগত মাৰামাৰি কৰিলে, তাৰ পিছত দুটামান পৰুৱা খাই সি আকৌ গাঁতলৈ ঘূৰি আহিল৷ লিখি যাওক৷

গাঁতত সোমোৱাৰ পিছততো কাম শেষ! কিন্তু নাই, শেষ হ’লে নহ’ব৷ দীঘল কৰিবই লাগিব৷ গতিকে কি লিখা যায়?

আইডিয়া, ভেকুলীৰ ঘৈণীয়েকে ভেকুলীক ক’লে “হেৰি শুনিছেনে, আমাৰ সৌ বৰগছৰ তলৰ গাঁতত থকা নেউলৰ ঘৈণীয়েকে কালি পাৰ্লাৰলৈ গৈ নোমবোৰ ষ্ট্ৰেইট কৰি আহিল৷ ইম্মান যে কিউট লাগিছে নহয়! মই ভাৱিছো কালি ময়ো পাৰ্লাৰৰ পিনে …..”

“এহ্‌ মনে মনে থাকাহে৷ তোমাৰ সেই খহটা ছালখনত এতিয়া কি বিউটি পাৰ্লাৰৰ মেকুৰীজনীয়ে নোম গজাই দিব?”

“নহয়, মানে মই ভাবিছিলোঁ পিঠিখন অলপ মেনিকিউৰ পেডিকিউৰ কৰি আহোঁ৷”

“হেৰৌ মেলেং বস্তিৰ মদাহী ভোম ভোকোলাৰ দাংকাটি জীয়েক, সেইটোক মেনিকিউৰ পেডিকিউৰ নকয় বাঘে খাইতী৷”

“হৌৰি, কঁঠালৰ তলৰ এই সৰু গাঁতটোত সোমাই থাকি বৰ বৰ কথা ক’বলৈ নাহিবহে৷ আমাৰ ডেডিক ধৰি একদম কথা নক’ব কিন্তু৷ কৈ দিছোঁ৷ আৰু আপুনি মোক কি মেনিকিউৰ পেডিকিউৰ শিকাবহে? আমাৰ ডেডিৰ গাঁতটোত তিনিখনকৈ পাৰ্লাৰ ভাড়ালৈ দিয়া আছেহে৷ সৰুৰে পৰাই দেখি আহিছোঁ সেইবোৰ ……..”

লিখি থাকক, লিখি থাকক৷ কথাবোৰ কলমেৰে ওলাই গৈ আছে৷ লিখনিটো দীঘল হৈ গৈ আছে৷ আপোনাৰ অজানিতেই লাহে লাহে প্লট এটাই ঠন ধৰি উঠিছে৷ চিন্তা নকৰাকৈ লিখি থাকক৷ এটা সময়ত গৈ গৈ দেখিব যে আপোনাৰ কলম ৰৈ গৈছে৷ আৰু কোনোপধ্যেই আগ নাবাঢ়ে৷ বঢ়িয়া৷ আৰু আগ বঢ়াৰ দৰকাৰো নাই৷ ৰৈ দিয়ক৷ এইবাৰ আপোনাৰ লিখনিটো উৰাই ঘূৰাই চাৰি পাঁচবাৰ মনোযোগেৰে পঢ়ক৷

এক…দুই…তিনি..চাৰি…পাঁচ নম্বৰবাৰ পঢ়াৰ পিছত আপুনি দেখিব যে আপোনাৰ মনত এটা আইডিয়া আহি গৈছে৷ লিখনিটোৰ মাজতে আপুনি এটা প্লট বিচাৰি পাইছে৷ এতিয়া সেই আইডিয়ামতে আগৰ লিখনিটোৰ বহু অংশ কাট-কুট কৰক৷ বহু কাটক, বহু সলনি কৰক, বহু নতুনকৈ জোৰা লগাওক৷

তাৰ পিছত নতুন লিখনিটো আকৌ পাঁচবাৰ পঢ়ক৷ আকৌ নতুন আইডিয়া৷ লাহে লাহে প্লটটো মসৃণ হৈ গৈ আছে৷ এডিট কৰক৷ আকৌ পঢ়ক৷ আকৌ এডিট কৰক৷ এনেকৈ চাৰি পাঁচবাৰ কৰাৰ পিছত হঠাতে আপুনি এবাৰ আৱিষ্কাৰ কৰিব যে “আৰে ৱাঃ! ইমান সুন্দৰ লিখনিটো ময়েই লিখিলোনে?”

হয়, আপুনিয়েই লিখিলে৷ আপুনিও সুন্দৰ লিখিব পাৰে৷ মাথোঁ এবাৰ চেষ্টা কৰি চাওক৷ প্ৰথম দুই তিনিটা লিখনিত হয়তো আপোনাৰ পাঁচ ছয়বাৰ এডিটিঙৰ দৰকাৰ হ’ব৷ কিন্তু লাহে লাহে দেখিব যে আপুনি লিখি যোৱাৰ লগে লগে এবাৰতেই প্লট এটা সৃষ্টি হৈ গৈ আছে৷ কথাষাৰ মাথোঁ এবাৰ এপ্লাই কৰি লিখিবলৈ চাওকচোন৷

মনলৈ অহা ব্ৰহ্মাণ্ডৰ যিকোনো বস্তু এটা টপিক ভাৱি লওক তাৰ পিছত কাগজ কলম লৈ চালে-বেৰে কোবাবলৈ আৰম্ভ কৰক৷ সেই যে “ঠাণ্ডাৰ দিনত ভেকুলী গাঁতত সোমায়, গৰমৰ দিনত ওলাই আহে…… ”

বহুতে আকৌ এইবাৰ মোক কৈছে “দাদা আপোনালোকৰখন ব্যংগ আলোচনী৷ মোৰ লিখিবলৈ মন আছিল৷ কিন্তু মই চিৰিয়াছ কথাহে লিখোঁ, ব্যংগ লিখিব নাজানো নহয়!”

চিৰিয়াছ লিখিব জানে অথচ ব্যংগ লিখিব নাজানে!! যদি লিখিব জানে, তেন্তে আপুনি Serious, Critical, Coma, Dead, ব্যংগ সকলো লিখিব পাৰিব৷ “মই কান্দিবহে জানো, হাঁহিব নাজানোঁ” বুলি কিবা কথা থাকিব পাৰে নেকি? আপুনি নিজে এনেই ভাৱি লৈছে যে আপুনি চিৰিয়াছ লিখে বাবে ব্যংগ লিখিব নাজানে, নাইবা ব্যংগ লিখে বাবে চিৰিয়াছ লিখিব নাজানে৷ আকৌ ভেকুলীৰ উদাহৰণটোলৈ আহক৷ ভেকুলীয়ে ঘৈণীয়েকৰ লগত কাজিয়া আৰম্ভ কৰিলে৷ গল্পটো লাহে লাহে কমেডিৰ দিশলৈ গতি কৰিছে …..৷ পিচে আপোনাক এইবাৰ কমেডি নহয়, চিৰিয়াছ গল্প এটাৰহে প্ৰয়োজন৷

কি কৰিব? “মই কমেডিহে লিখোঁ, চিৰিয়াছ লিখিব নোৱাৰিম” বুলি কলম সামৰি থ’ব? নথ’ব৷ থোৱাৰ দৰকাৰ নাই৷ ভেকুলীটোক এইবাৰ গাঁতত সোমোৱাৰ লগে লগে ঘৈণীয়েকৰ সন্মুখীন নকৰাই, গাঁতত সোমাই চোপ লৈ থকা এডাল প্ৰকাণ্ড ক’লা ফেঁটীৰ সন্মুখীন কৰি দিয়ক৷ মুহূৰ্ততেই ঘটনাই চিৰিয়াছ ৰূপ লৈ ল’ব৷ তাৰ পিছত আগৰ কিটিপ মতে লিখি যাওক৷ চিৰিয়াছ গল্প এটাই লাহে লাহে প্ৰাণ পাই উঠিবলৈ ধৰিব৷ ল’ৰা এটা বাটত পিচল খাই পৰিল৷ ‘টপিক’৷ পিচে টপিকটো নিজ দৃষ্টিভংগী আৰু প্ৰয়োজন অনুসৰি চিৰিয়াছ বা কমেডি অনায়াসে কৰিব পাৰি৷ কমেডি লাগে যদি তাৰ পেণ্টটো ফালি দিয়ক, ট্ৰেজেডি লাগে যদি তাৰ কঁকালখন ভাঙি দিয়ক৷

মুঠতে এনে কোনো কথা নাই যে আপুনি ট্ৰেজেডি বা কমেডিৰ যিকোনো এটাহে লিখিব পাৰে৷ আপুনি দৰাচলতে সকলো ধৰণৰ লিখনিয়েই লিখিব পাৰে, কিন্তু আপুনি চেষ্টা কৰা নাই৷ এইবাৰ কৰি চাওকচোন৷

“লিখাৰ বাবে এটা মুড লাগে”৷ আমাৰ বেছিভাগেই কোৱা এই কথাষাৰ এক গোকাট মিছা কথা৷ দৰাচলতে লিখাৰ বাবে একো মুড নালাগে৷ সকলো সময়তেই লিখিব পাৰি৷ যদি আপোনাৰ মূৰত এটা পিষ্টল লগাই দিয়া হয়, তেন্তে প্ৰাণৰ ভয়ত আপুনি এই মুহূৰ্ততেই হুৰহুৰকৈ লিখা আৰম্ভ কৰি দিব৷ ভয়ত অণ্ঠ-কণ্ঠ শুকাই গৈ একো টপিক মনলৈ নাহিলে মূৰটোত লাগি থকা পিষ্টলটোক লৈয়েই আপোনাৰ টপিক আৰম্ভ হৈ যাব৷ পিঠিত ফলা খৰিৰ কোবৰ টেনচনত ভেকুলীটোক কেনেকৈ গাঁতত ওলোৱা সুমুওৱা কৰিছিলোঁ সেই কথা মোৰ আজিও মনত আছে৷ যেতিয়া আপোনাৰ সন্মুখত লিখাৰ বাহিৰে কোনো বেলেগ ৰাস্তাই খোলা নাথাকিব, তেতিয়া আপুনিও সলসলীয়াকৈ, একো যতি নপৰাকৈ লিখি যাব পৰা হৈ যাব৷ আৰু লিখা শেষ হোৱাত আপুনি দেখিব যে আপোনাৰ লিখনিটো বেয়া হোৱা নাই৷ গতিকে লিখাৰ কোনো সময় বা মুড নাথাকে৷ ওহোঁ, মুঠেও নাথাকে৷ এইবোৰ মাথোঁ নিজকে ফাঁকি দিয়াৰ এটা বাহানা৷

এইখিনিতেই এটা সৰু অথচ জীৱনৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ শিক্ষা থকা কাহিনী কওঁ –

এবাৰ হাবিৰ মাজেৰে শহা এটা ক’ৰবালৈ ফুৰিবলৈ গৈ আছিল৷ এনেতে ৰাংকুকুৰ এটাই দেখি তালৈ চোঁচা ল’লে৷ কুকুৰটোক দেখা মাত্ৰেই অহা বাটে উভতি শহাই নিজ গাঁতলৈ বুলি প্ৰাণটাকি দৌৰিবলৈ ল’লে৷ কিন্তু গাঁতলৈ তেতিয়াও বহু দূৰ৷ ক’ত শহাৰ সৰু সৰু জাঁপ আৰু ক’ত প্ৰকাণ্ড কুকুৰৰ তীব্ৰ গতি! কোনো তুলনাই নহয়৷ কিন্তু তথাপিও আগ পিছ নাভাবি শহাই মাথোঁ ঊৰ্দ্ধশ্বাসে দৌৰি থাকিল৷ আৰু অতি আচৰিতভাৱে এনেকৈ দৌৰি থাকি এটা সময়ত সি ভুৰুংকৈ গৈ নিজ গাঁতত সোমাই পৰিল৷

অতি কষ্টেৰে ইমান দূৰ খেদাৰ পিছতো বিফল হোৱাত ঘামি-জামি একাকাৰ হোৱা কুকুৰটোৱে এইবাৰ শহাৰ গাঁতলৈ মুখখন নি ফোঁপাই-জোপাই শহাক ক’লে “ঐ শহা, আজি তোৰ ভাগ্য ভাল৷ তই বাচি গ’লি৷ এতিয়াতো তোৰ টেনচন নাই৷ Chill মেন৷ ময়ো ঘৰলৈ যাওঁ৷ বাই দা ৱ্যে, যোৱাৰ আগতে তই মোক এটা কথা ক’চোন৷ মই ইমান মস্ত এটা ৰাংকুকুৰ আৰু তই এটা সামান্য শহা৷ তাৰ পিছতো তই মোক পিছ পেলাই উচেইন ব’ল্ট টাইপৰ এই দৌৰটো কেনেকৈ মাৰিব পাৰিলি? হাউ মেন? তই কিবা ড্ৰাগছ চাগছ লৈছিলি নে কি? ড’পিং?”

কুকুৰৰ কথা শুনি ভাগৰত লেবেজান হৈ পৰা শহাই সেহাই সেহাই ক’লে, “ছাৰ, মই ড্ৰাগছ চাগছ একো লোৱা নাই৷ মাজে মাজে দুই এহোপা চিগাৰেট টানো যদিও তাৰ বাহিৰে মোৰ কোনো বেয়া অভ্যাস নাই৷ মই আজি অকল্পনীয় ভাৱে এই ৰেচত আপোনাক ‘বিট’ কৰিব পৰাৰ কাৰণটো সম্পূৰ্ণ বেলেগ৷ আমাৰ দুয়োৰে দৌৰত এটা পাৰ্থক্য আছিল৷ কথাটো অলপ ফিল’ছফিকেল ছাৰ।”

“আবে, মামুলি শহা, তয়ো আজি মোক ফিল’ছফিৰ জ্ঞান দিব পৰা হ’লি? বাৰু কচোন, কি সেই ফিল’ছফি?”

“ছাৰ, আপুনি যেতিয়া মোক খেদি আছিল, তেতিয়া আপুনি কেবল মাথোঁ আপোনাৰ ভোকৰ বাবে দৌৰি আছিল৷ আৰু সেই একেই সময়ত মই মোৰ প্ৰাণৰ বাবে দৌৰি আছিলোঁ ছাৰ৷ সেইটোৱেই পাৰ্থক্য৷”

য়েচ, সেইটোৱেই পাৰ্থক্য৷ জীৱনৰ এক মহান ফিল’ছফি৷ পৃথিৱীৰ যিকোনো প্ৰাণীৰ সন্মুখত যেতিয়াই জীৱন-মৰণৰ প্ৰশ্নটো আহি পৰে, তেতিয়াই সেই প্ৰাণীটোৱে নিজৰ সৰ্বস্ব উজাৰি দি ‘আল্টিমেট পাৰফৰমেন্স’ দিব পাৰে৷ সেই সময়ত ‘মুড’ৰ কথা নাহে৷ মনত ৰাখিব যে সেইদিনা শহাটোৰো দৌৰাৰ কোনো মুড নাছিল৷ বেচেৰা গৈছিল ডেটিঙলৈ৷ কিন্তু যি মুহূৰ্ততেই তাৰ সন্মুখত জীৱনৰ বাজী লাগি গ’ল, সেই সময়তেই সি সকলো পাহৰি ঊৰ্দ্ধশ্বাসে দৌৰা আৰম্ভ কৰি দিলে৷ আৰু আচৰিতভাবে একেবাৰে মুড নথকা স্বত্বেও পৰিস্থিতিৰ কবলত পৰি সি সেইদিনা জীৱনৰ আটাইতকৈ সফল দৌৰটো মাৰিবলৈ সক্ষম হ’ল৷

এই পৃথিৱীত এনে অজস্ৰ উদাহৰণ আছে য’ত এজন লিখকে এটা সামান্যৰো সামান্য টপিক, এক অতি সাধাৰণ প্লটক লৈ জীৱনৰ আটাইতকৈ বেয়া সময়খিনিত বা ‘মুড’ ত (কাৰাগাৰত থাকি, পলাতক অৱস্থাত, যুদ্ধক্ষেত্ৰত নাইবা হস্পিটালৰ বিচনাত পৰি থাকি) এক এক কালজয়ী লিখনি লিখি উলিয়াইছে৷ কেনেকৈ? কাৰণ সেই সময়ত তেওঁলোকৰ মগজুত মাথোঁ এটা কথাই ক্ৰিয়া কৰি আছিল যে “মই লিখিব লাগিব৷ টপিক থাকক বা নাথাকক, প্লট থাকক বা নাথাকক, মুড থাকক বা নাথাকক, মই লিখিবই লাগিব৷”

আৰু তাৰ পিছত তেওঁলোকে লিখিছেও৷ কোনো সাধাৰণ লিখনি নহয়, বিশ্বসাহিত্যৰ অতি সমাদৃত লিখনিবোৰৰ একো একোটা লিখিছে৷

গতিকে মুডৰ কথা একো ভাৱি নাথাকিব৷ পাৰফেক্ট মুড কোনোকালেই নাহে৷ বৰ্তমানৰ মুডতেই আপুনি লিখিব লাগিব৷

লিখাৰ সময়ত আৰু এটা কথা মনত ৰাখিব লাগিব যে আপোনাৰ পাঠক কোন? বয়স, ভৌগোলিক পৰিসীমা, সংস্কৃতি আদি বিভিন্ন ভাগেৰে পাঠক সমাজক ভাগ কৰিব পাৰি৷ এইবোৰ একো একোটা Segment. এনে প্ৰতিটো segment ৰ পাঠকৰ ৰুচিও ভিন্ন৷ সেয়েহে লিখাৰ আগতে এইটো ঠিক কৰি লওক যে আপুনি কোনটো segment ৰ পাঠকৰ কাৰণে লিখিব৷ তাৰ পিছত সেই হিচাবে আপোনাৰ লিখনিটোক গঢ় দিয়ক৷ নাইবা লিখনিটো যদি আগতেই লিখা হ’ল, তেন্তে এই কথা সাৱধানে ভাৱক যে লিখনিটো পাঠক সমাজৰ কোনটো চেগমেণ্টক লক্ষ্য কৰি আপুনি উলিয়াই দিব৷ আৰু সেইমতে আপুনি তাক প্ৰকাশ কৰাৰ মাধ্যম বাচনি কৰক৷ মনত ৰাখিব, আপুনি যিমানেই ভাল নিলিখক কিয়, কম বয়সীয়া পাঠক সমাজক যদি ভক্তিৰসৰ জ্ঞানগৰ্ভ কথা বুজাবলৈ যায়, নাইবা বয়োজ্যেষ্ঠ পাঠকৰ সমাজত যদি ‘মাইকেল জেকচনৰ নৃত্য শৈলী আৰু তাৰ বিশিষ্টতা” টাইপ লিখনি এৰি দিয়ে তেন্তে সেইটো বুমেৰাং হোৱাৰ সম্ভাৱনাই বেছি৷ গতিকে আপুনি আপোনাৰ নিজৰ ৰুচিতকৈয়ো পাঠকৰ ৰুচিৰ প্ৰতি বেছি সচেতন হোৱাটো বাঞ্ছনীয় ৷

ধৰক, আপুনি মম’ খাই ভাল পায়৷ কি ক’লে, ধৰিব নালাগে, আপুনি সঁচাকৈয়ে মম’ খাই ভাল পায়? য়ে মজ্জা৷ মোৰো ম’ম’ খায়েই আটাইতকৈ বেছি ভাল লাগে৷ মোৰ ফেভাৰিট ফুড৷ নাম শুনিলেই জিভালৈ পানী আহি যায়৷ ‘ম’ম হাট’ৰ সেই গৰম গৰম চিকেন মম’ আৰু অলপ জালুক দিয়া চুপ৷ আস! স্বৰ্গীয়৷ দামটো অলপ বাঢ়িছে যদিও টেষ্ট আগৰ দৰেই আছে৷ মইতো কওঁ যে মম’ক আমাৰ জাতীয় খাদ্য হিচাবে ঘোষণা কৰি দিব লাগে৷

পিচে “আমি মম’ খাই ভাল পাওঁ” – সেয়া মোৰ আৰু আপোনাৰহে ৰুচি৷ কিন্তু মাছে কেঁচু, বৰলৰ টোপ আদিহে খাই ভাল পায়৷ সেয়া মাছৰ ৰুচি৷ এতিয়া যদি আপুনি বৰশী বাবলৈ গৈ আপোনাৰ ৰুচিমতে মম’ৰ টোপ বনায়, তেন্তে গোটেই দিনটো গৰমত মাখি মাৰি থকাৰ বাহিৰে আপোনাৰ বিশেষ একো কাম নোলায়৷ গতিকে, সেই সময়ত আপুনি নিজৰ ৰুচিক বাদ দি, মাছৰ ৰুচিকহে টোপ হিচাবে লগাব লাগিব৷ যদিহে আপোনাৰ টোপৰ নিৰ্বাচন সঠিক হয়, তেন্তে বৰশীত মাছ লগাটো নিশ্চিত৷ এটা দুটা নহয়, খালৈ ভৰি ভৰি৷ সেয়ে নিজৰ ৰুচিৰ কথা বাদ দি মাছৰ ৰুচিৰ কথা ভাৱিব৷

(অলপ আগতে যে মই মম’ খাই ভাল পাওঁ বুলি ক’লোঁ, সেয়াও গোকাট মিছা কথা৷ মই মম’ খাই ভাল নাপাওঁ৷ আচলতে মই মম’ নাখাওঁৱেই৷ কিন্তু মোৰ অনুমানমতে এই লিখনিটো পঢ়া গৰিষ্ঠ সংখ্যক পাঠকেই মম’ খাই ভাল পায়৷ সেয়ে এতিয়া এই সময়ত মই নিজৰ ৰুচি বাদ দি পাঠকৰ ৰুচিটোকেই সমৰ্থন কৰিবলৈ মম’ক জাতীয় খাদ্য কৰাৰ কথা কৈছোঁ৷ মনত এয়াই আশা যে এই প্ৰস্তাৱটোক মম’ প্ৰেমী পাঠকসকলে ভাল পাব ৷ কাৰণ এই মুহূৰ্তত আপোনালোকেই মোৰ মাছ৷ আৰু বৰশী পেলাইছোঁ যেতিয়া টোপৰ নিৰ্বাচন সঠিক কৰি বৰশীত দুটা মাছ উঠাবই লাগিব৷)

লিখা মেলা কৰাৰ বাবে ইয়াতকৈ হয়তো উত্তম সময় পৃথিৱীত কোনোকালে নাছিল৷ আগতে নিজৰ লিখনি প্ৰকাশ কৰাৰ মূখ্য উপায় দুটাই আছিল৷ নিজ লিখনিবোৰ আলোচনী/বাতৰি কাকতলৈ পঠাই দি এক দীঘলীয়া অপেক্ষা কৰা নাইবা সেইবোৰক কিতাপ আকাৰে প্ৰকাশ কৰা৷ কিন্তু এতিয়া সেই সময় সলনি হৈছে৷ বৰ্তমান পৃথিৱীত তথ্যপ্ৰযুক্তিৰ এক মহাজাগৰণ আৰম্ভ হৈছে৷ এতিয়া নিজৰ লিখনি প্ৰকাশ কৰাৰ বাবে কেৱল ইণ্টাৰনেটতেই অজস্ৰ উপায় আছে৷ ফেচবুকেই তাৰ এক উদাহৰণ৷ ইয়াৰোপৰি ব্লগ, অনলাইন আলোচনী আদিৰো বহু সুবিধা আছে৷ আমাৰ সকলোৰে চকুৰ সন্মুখতেই ফেচবুকত লিখা বহু লিখকে কিতাপৰ পৃথিৱীখনতো লিখক হিচাবে ভুমুকি মাৰিছে৷ এওঁলোকে অত্যন্ত সুন্দৰ লিখে৷ কিন্তু হয়তো ফেচবুকৰ পৃথিৱীখন নাথাকিলে এওঁলোকৰ বহুতে গমেই নাপালেহেঁতেন যে তেওঁলোকৰ ভিতৰতো এনে এক ঈৰ্ষণীয় প্ৰতিভা লুকাই আছে৷ তেওঁলোকে প্ৰথম ফেচবুকত লিখা আৰম্ভ কৰিলে৷ সেইবোৰ পঢ়ি মানুহ আপ্লুত হ’ল আৰু তেওঁলোকৰ লিখনিৰ প্ৰশংসা কৰিলে৷ তেওঁলোকে এইবোৰক আশীৰ্বাদ আৰু প্ৰেৰণা হিচাবে গ্ৰহণ কৰি নিয়মিত লিখা আৰম্ভ কৰি দিলে৷ লিখনিবোৰ দিনে দিনে বেছি মসৃণ আৰু মনোগ্ৰাহী হৈ গৈ থাকিল৷ আৰু শেষত আজি তেওঁলোকৰ বহুতেই কিতাপ প্ৰকাশ কৰি লিখক হিচাবে পাঠকৰ সমাদৰ পাবলৈ সক্ষম হৈছে৷

গতিকে তথ্য প্ৰযুক্তিয়ে আনি দিয়া এই বিৰাট সম্ভাৱনাৰ আপুনিও অংশীদাৰ হওক৷ ফেচবুকত লিখক, হোৱাটছ্এপত লিখক, ব্লগ লিখক, অনলাইন আলোচনীত লিখক৷ মুঠতে লিখক৷ আৰু Rejection ক লৈ সংকোচ নকৰিব৷ লিখাৰ পিছত ৰিজেক্ট হৈছে যদি আকৌ নতুন কিবা লিখক, আকৌ ৰিজেক্ট হ’লে আকৌ লিখক৷ এই পৃথিৱীত এনে কোনো লিখক নাই যি জীৱনত কোনোদিনেই Rejection ৰ সন্মূখীন হোৱা নাই ৷ এনে কোনো লিখকো নাই যাৰ সকলো কিতাপ ‘বেষ্ট চেলাৰ’ ৷ সফলতাৰ দৰেই বিফলতাও জীৱনৰ এক অবিচ্ছেদ্য অংগ ৷ কোনো ক্ৰিকেটাৰে সদায় চেঞ্চুৰী কৰিব নোৱাৰে, কোনো এথেলেটে সদায় সোণৰ পদক নাপায়, কোনো অভিনেতাৰ সকলো চিনেমা ‘হিট’ নহয় ৷ গতিকে rejection ৰ কথাত বেছি চিন্তিত নহ’ব ৷

আপুনি ভগৱানৰ এক সুন্দৰতম সৃষ্টি৷ আপুনি একক৷ আপুনি অনন্য৷ আপোনাৰ মনটো, আপোনাৰ দৃষ্টিভংগী, আপোনাৰ অনুভৱ, সকলো একক৷ জীৱনত হোৱা আপোনাৰ অভিজ্ঞতাবোৰো একক৷ গতিকে এই একক দৃষ্টিভংগী, অনুভৱ আৰু অভিজ্ঞতাৰে আপুনি লিখা লিখনিও একক হ’ব৷ পৃথিৱীৰ সকলো লিখকৰে লিখনি একক৷

তেন্তে আপুনি কিয় বেলেগৰ লগত নিজৰ লিখনিৰ তুলনা কৰি হীনমন্যতাত ভূগে? তেওঁলোকৰ লিখনি বেলেগ হ’বই, আপোনাৰ লিখনিও বেলেগ হ’ব৷ অ’, এইটো সত্য যে তেওঁৰ অভ্যাস যিহেতু বেছি, সেয়েহে তেওঁৰ লিখনি হয়তো বেছি মসৃণ হ’ব৷ আপোনাৰ অভ্যাস কম, গতিকে আপোনাৰ লিখনিত হয়তো কিছু খলাবমা থাকিব৷ কিন্তু সেই ভয়তে আপুনি কেতিয়াও নিলিখিবই নেকি? লিখিব লাগিব৷ লিখি লিখি এদিন আপোনাৰো হাত মসৃণ হৈ যাব৷ তাৰ পিছতো লিখি থাকিলে সেয়া দিনে দিনে বেছি মসৃণ আৰু উপভোগ্য হৈ গৈ থাকিব৷ কিন্তু সেই ঠাই পাবলৈ হ’লে প্ৰথমে আপুনি আৰম্ভণি কৰি লিখিবই লাগিব৷ খলা বমা একা বেঁকা ….

গতিকে লিখক৷ যেতিয়াই তেতিয়াই লিখক৷ যি মন যায় তাকেই লিখক৷

পুনৰ দোহাৰিছোঁ যে মই এই কথাবোৰ আমাৰ লিখা মেলাৰ অভ্যাস থকাসকলক কোৱা নাই৷ এই কথাখিনি মাথোঁ মোৰ সেই বন্ধুসকলক কৈছোঁ যিসকলে কিবা সংকোচ কৰি নাইবা হীনমন্যতাত ভুগি থাকি এতিয়ালৈ লিখা মেলাৰ চেষ্টা কৰা নাই৷ আপোনালোকে পাৰিব৷ নিজৰ ওপৰত ভৰসা ৰাখক৷ কাগজ কলম হাতত লওক, তাৰ পিছত ভেকুলীটোক গাঁতত সুমুৱাই দিয়ক আৰু উলিয়াই আনক৷ আকৌ সুমুৱাই দিয়ক৷

মোৰ ফালেই চাওক৷ মইনো ইমান সময়ে কি কৰি আছোঁ?  টপিক নাই, প্লট নাই, মুডো নাই৷ কিন্তু এইবোৰ নাথাকিলেও সম্পাদকীয় লিখাটো জৰুৰী৷ লিখিবই লাগিব৷ গত্যন্তৰ নাই৷ মূৰত বন্দুক লাগি আছে৷ সেয়ে তেতিয়াৰে পৰাই চালে-বেৰে কোবাই ভেকুলীটো এবাৰ গাঁতত সুমুৱাই দিছোঁ, এবাৰ উলিয়াই আনিছোঁ৷ আকৌ সুমুৱাই দিছোঁ৷ একেখিনি কথাকেই উৰাই ঘূৰাই লিখি কিবাকৈ দীঘল কৰি গৈ আছোঁ৷ পিছত কেতিয়াবা আকৌ সম্পাদক হ’লে এইবোৰ এডিট কৰি মসৃণ কৰি ল’ম৷

অ’, কি কৈ আছিলোঁ? কৈ আছিলোঁ যে ঠাণ্ডাৰ দিনত ভেকুলী গাঁতত সোমায় আৰু গৰমৰ দিনত বাহিৰলৈ ওলাই আহে৷ কাৰণ ঠাণ্ডাত………….

 

ধন্যবাদেৰে

অলকেশ ভাগৱতী

সম্পাদক, ফটাঢোল ই-আলোচনী, দ্বিতীয় বছৰ তৃতীয় সংখ্যা

১ চেপ্তেম্বৰ, ২০১৮

☆★☆★☆

 

298 Comments

  • সুন্দৰ কথাবোৰ৷ হয়তো হাতৰ কলম আৰু এৰিব নোৱাৰিম৷ সম্পাদকীয়ই বহুতো প্ৰেৰণা দিলে৷ অভিনন্দন অলকেশ৷

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ 😊

      Reply
      • Shyamal Barman

        বহুত ভাল পালো ‘সম্পাদকীয়’ পঢ়ি ৷ প্ৰেৰণাদায়ক ৷

        Reply
      • Irani Saikia

        অলকেশ সুন্দৰ আৰু অগতানুগতিক সম্পাদকীয় । খুব ভাল লাগিল পঢ়ি । তোমাৰ সম্পাদকীয় পঢ়ি আজিৰ পৰা ময়ো মনলৈ অহা বিভিন্ন টপিক বোৰ লিখিবলৈ যত্ন কৰিম ।

        Reply
  • Rintumoni Dutta

    সুন্দৰ সম্পাদকীয়, অগতানুগতিক। খুব ভাল লাগিল পঢ়ি অলকেশ।

    সৰ্বাংগসুন্দৰ সংখ্যা এটাৰ বাবে আন্তৰিক ধন্যবাদ

    Reply
  • Asomi Gogoi

    সম্পাদকীয়ৰ কি সুন্দৰ উপস্হাপন। আকৰ্ষিত আৰু অনুপ্ৰাণিত হলো।

    Reply
  • Mridula Gogoi

    অতি সুন্দৰ । সম্পাদকীয় প ঢ়ি প্ৰেৰণা পালো ।

    Reply
  • দেবজিত শৰ্মা

    ইমান ধুনীয়া, প্ৰেৰণাদায়ক সম্পাদকীয় আজিলৈকে পঢ়া মনত নাই ৷ ফালি দিয়া বুলি ইয়াকে কয় ৷

    Reply
  • Priyanka Hazarika

    সম্পাদকীয় খুব সুন্দৰ হৈছে। সাধাৰণতে দেখা সম্পাদকীয়তকৈ ব্যতিক্ৰমী হৈছে। নতুনকৈ লিখিবলৈ চেষ্টা কৰি থকাসকলে উৎসাহ পাব। অভিনন্দন

    Reply
  • এই সম্পাদকীয়টোৰ বাবে মই এটা পাৰ্টী দিম অলকেচ৷ বহুত অনপ্ৰেৰণা দিলা৷

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ দাদা 😊

      Reply
  • ফৰিজা আৰফিন

    ধন্যবাদ ধন্যবাদ আৰু ধন্যবাদ। ইমান সুন্দৰ লিখনি এটা পঢ়িবলে পালো সম্পাদকীয়ৰ ৰূপত। বহুত উৎসাহ পালো। লিখিছিলো আগতে কিবাকিবি, প্ৰায় এৰখোৱা নিচিনাই এতিয়া। নাই নেৰো এইবাৰৰ পৰা।

    Reply
  • Bhaskar Jyoti Sarma

    অনন্য ভাগৱতী দা। কথাখিনিয়ে বহুতক প্ৰেৰণা দিব। সুন্দৰ আলোচনীখনৰ বাবে ধন্যবাদ।

    Reply
  • অলকেশ ভাগৱতী

    অশেষ ধন্যবাদ ৷

    Reply
  • ৰামানুজ

    ফটাঢোল ইতিহাসৰ. দীঘতম সম্পাদ.কীয়

    অতি মন পৰশা.

    Reply
  • Nilakshi

    বহুত অনুপ্ৰেৰণাদায়ী সম্পাদকীয়। কথাখিনি ওৰে জীৱন মনত ৰাখিম।

    Reply
  • সময়োপযোগী সম্পাদকীয়। আমাৰ দৰে বহুতৰ বাৰে প্ৰেৰণাদায়ক ।

    Reply
  • অনুৰূপ মহন্ত

    মাইণ্ড ব্লয়ি, ফেণ্টাষ্টিক, চুপার্ব আৰু শব্দৰ অভাৱ ইমানকে কলো।

    Reply
  • অম্লান জ্যোতি

    অতি সুন্দৰ সম্পাদকীয় দেই ।

    Reply
  • Bijoy Mahanta

    প্ৰেৰনাদায়ক

    Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

    বহুত ভাল লগা সম্পাদকীয় অলকেশ দা।উৎসাহ,প্ৰেৰণা সকলোবোৰ পালো।

    Reply
  • Priti Sarma

    অকল আপুনিহে এনেকুৱা সম্পাদকীয় লিখিব পাৰে।এইটোৰ বাবেই ৰৈ আছিলোঁ।জানিছিলোৱেই যে এইবাৰৰ সম্পাদকীয় অগতানুগতিক হ’ব।👍👍 mind blowing.🙏🙏🙏

    Reply
  • আপোনাৰ সম্পাদকীয়ই মোৰ দৰে নতুন চামকযে বহু প্ৰেৰণা দিব ই ধ্ৰুৱক৷একো নিলিখিও বহুখিনি কথাই কৈ গ’ল অলকেশ দা ৷ সুন্দৰ লাগিল ৷ উৎসাহিত হ’লো ৷

    Reply
  • মৃদুল শইকীয়া

    সম্পাদকীয়টো পঢ়ি বৰ ভাল লাগিল৷ লিখিবৰ বাবে বহুতো সাহস তথা অনুপ্ৰেৰণা যোগালে৷ ধন্যবাদ অলকেশ দাদা৷

    Reply
  • Nazim Mintu

    ভাল লাগিল। প্ৰেৰণাদায়ক লিখনি। এই লিখনিটো প্ৰিন্টমেডিয়াত প্ৰকাশ হলে আমাৰ দৰে বহুতে লিখিবলৈ প্ৰেৰণা পাব।

    Reply
  • দুলাল চন্দ্ৰ বৰা

    এই সৰু মগজুত ইমানখিনি কথা কেনেকৈ সুমুৱাই ৰাখে হে…
    সুন্দৰ উপস্থাপন দাদা । 👌👌

    Reply
  • জ্যোতি মণি বৰা

    গাঁতত সোমাই থকা ভেকুলীটো গাঁতৰ পৰা উলিয়াই আনিবলৈ কৰা সম্পাদকীয় প্ৰচেষ্টা অতুলনীয় ।

    Reply
  • গায়ত্ৰী গোস্বামী অধ্যাপক

    ফটাঢোলৰ এইবাৰৰ সম্পাদকীয়টোলৈ অপেক্ষা কৰি আছিলো আৰু আশা কৰা মতেই পঢ়ি সাংঘাটিক লাগিছে । অনুপ্ৰেৰণা চৌচৌৰাই আছে । তাতে আজিহে বুজিলো, মোৰ বৰসিত মাছ কিয় নুঠে,, ম’ম’….

    Reply
  • সীমান্ত মেনা

    এইটো লিখোতে বহুত ৰেফাৰেঞ্চ বুক পঢ়া যেন লাগিছে ।

    Reply
  • Anjan Sadhanidar

    সৰু কথাবোৰৰ মাজেদিয়েই ইমানবোৰ শিক্ষা দিলে৷ ধন্যবাদএহ নহয় বহুত ধন্যবাদ৷ দৰকাৰীকথা কেইটামান শিকাই দিলে৷ আলোচনীখন অতি সুন্দৰ হৈছে৷

    Reply
  • Aditya Borthakur

    কি সাংঘাতিক সম্পাদকীয়….

    Reply
  • অভিভূত হলোঁ দাদা

    Reply
  • Dhurjjati

    ফালি দিছেহে বঢ়িয়া লাগিল

    Reply
  • ঔ মাই প্ৰভু, ইমান ভাল লাগিল সম্পাদকীয় পঢ়ি। ইমান সৰু কথা এটা লৈ ইমান ধুনীয়াকৈ লিখিলে।

    Reply
  • Monzeet

    ব্ৰাপৰে ব্ৰাপ.. কি সম্পাদকীয় ঔ। টুপি খুলি দিলো দেই, তাকো থৈয় হৈও নহয় চকীৰ ওপৰত উঠি। সাংঘাতিক,দুৰ্দান্ত ,অভাৱনীয়..

    Reply
  • Monzeet

    ব্ৰাপৰে ব্ৰাপ.. কি সম্পাদকীয় ঔ। টুপি খুলি দিলো দেই, তাকো থৈয় হৈও নহয় চকীৰ ওপৰত উঠি। সাংঘাতিক,দুৰ্দান্ত ,অভাৱনীয়

    Reply
  • অঞ্জলি গগৈ বৰগোহাঞি

    ভিন্নস্বাদৰ সম্পাদকীয়… বহুত ধুনীয়া লাগিল

    Reply
  • Achyut Nandan Saikia

    Bole tohh জাক্কাছ

    Reply
  • Gautama das

    ইয়াতকৈ প্ৰেৰণাদায়ক আৰু কি লিখিব….ফেচবুক খুলি ফটো আপলোড কৰাৰ বাদে, আন একো নকৰা, নিলিখা লোকৰ বাবে অত্যন্ত সুমধুৰ লিখা….সচাকৈয়ে ভাল লাগিল…..

    Reply
  • Diganta sarma

    বহুত প্ৰেৰণা পালো।

    Reply
  • Saduddin Ahmed

    ইমান ধুনীয়া, লিখাৰ জগতে হওক বা বাস্তৱ জগতেই হওক আগুৱাই যাব পৰাকে এক উদ্দীপনামূলক লিখনী | ধন্যবাদ দাদা

    Reply
  • গৌৰীশংকৰ শৰ্মা

    অগতানুগতিক লেখা৷ ইমান সুন্দৰকৈ কথাবোৰ উপস্থাপন কৰিলে৷ মোৰ দৰে বহুতো অনুপ্ৰাণিত হ’ব আপোনাৰ সম্পাদকীয় পঢ়ি৷ হয়তো ফটাঢোলৰ ইতিহাসত আটাইতকৈ দীঘল সম্পাদকীয়৷ হেটচ অফ ভাগৱতী দাদা৷ বহুত বহুত অভিনন্দন জনালোঁ আপোনাক এখন সৰ্বাংগসুন্দৰ আলোচনী আমাক উপহাৰ দিয়াৰ বাবে৷

    Reply
  • Girish Bora

    পঢ়ি খুবেই ভাল লাগিল।অনন্য, অগতানুগতিক ,অতুলনীয় উপস্থাপন ।

    Reply
  • Manisha Kakati

    আপুনি একক।

    Reply
  • Anwesha Bhagawati...

    আন্তৰিক অভিনন্দন!

    Reply
  • প্ৰমথ

    একদম ফাটাফাটি অগতানুগতিক চম্পাদকীয়!!👌
    বিঙ্গ তেৰে মেৰে ক’ৰবাতে থাকিল।

    Reply
  • Samimul Ahsan Saikia

    পঢ়ি সচাকৈ আপ্লুত হলো অলকেশ দা, বহুখিনি প্ৰেৰণা পালো আপোনাৰ পৰা। ইমান দীঘলীয়া আছিলে তথাপিও কিন্তু পাছলৈ পঢ়িম বুলি থৈ দিবলৈ মনেই নগল। বঢ়িয়া দাদা।

    Reply
  • সম্পাদকীয় ইমান সুন্দৰ হ’ব পাৰে !

    Reply
  • আকাশ প্ৰদীপ বৰা

    এনে সম্পাদকীয় আগতে পঢ়া মনত নপৰে । একদম ফাটাফাটি । সকলো সদস্যৰ বাবে প্ৰেৰণাদায়ক হৈছে , এনে মহান দায়িত্ব একান্তভাৱে পালন কৰাৰ বাবে অভিনন্দন জনালো ।

    Reply
  • বৰ্ণিল

    সাংঘাতিক সম্পাদকীয়। মই আজিলৈকে পঢ়া আটাইতকৈ শ্ৰেষ্ঠ সম্পাদকীয়।

    Reply
  • Gitika Saikia

    অগতানুগতিকভাৱে আৰম্ভ কৰি তাতোকৈ অগাতনুগতিকভাৱে সমাপ্ত কৰা এক সুন্দৰ সম্পাদকীয়। পঢ়ি যাওঁতে কথোপকথনৰ দৰে লাগিল। সৰু সৰু উপমাৰে বহুতো গুৰুত্বপূৰ্ণ কথাৰ বিশদ ব্যাখ্যা বিচাৰি পোৱা গ’ল। বহুত বহুত অভিনন্দন।

    Reply
  • Aniruddha Deka

    সম্পাদকীয় বুলি পঢ়োতে মাজতে কেইবাটাও গল্পৰো সোৱাদ পালো। তাতে আকৌ মানুহে টপিক বিচাৰি নাপায়। মিহিকৈ তামাম লাজ দিলে দেই। শেষত বুজি পালো যে “ঠাণ্ডাৰ দিনত ভেকুলী গাঁতত সোমায় আৰু গৰমৰ দিনত বাহিৰলৈ ওলাই আহে৷ কাৰণ ঠাণ্ডাত….”।

    Reply
  • Shariful Islam

    কিহে মানুহ আপুনি! এটা সৰু ভেকুলীক কেইবাৰ গাঁতত সোমাই আৰু ওলায়। বেচেৰাৰো এটা প্ৰাণ আছেতো।
    অ ই মৰা নাই দেখোন। তাৰমানে বাৰে বাৰে ওলোৱা সোমোৱা কৰিলেও নমৰে।
    হব বাৰু। জীৱনৰ প্ৰথম ফটাঢোলৰ ই আলোচনীৰ সম্পাদকীয় পঢ়িলো। বেলেগৰ মন্তব্যত আটাইতকৈ দীঘল হোৱা বুলি গম পালো। মোৰ দীঘল নালাগিল কাৰন আগৰবিলাক পঢ়া নহল যে। আপোনাৰ সম্পাদকীয়ৰ বাবেই বাট চাই আছিলোঁ।
    গুলী ফুটাইহেএৰিলে। সকলো ঠিকেই লাগিছে খালী এডিটিং হে কৰিব নোৱাৰিম কাৰণ পৰীক্ষাৰ বহীত ভুল লিখাৰ পাছত শুদ্ধটো জনাৰ পিছতো শুধৰোৱা নিয়ম অমুকাই কৰি নাপালো। হেট্চ অফফ।
    আজিৰ পৰা এই ভেকুলী নমৰালৈকে সোমোৱা – ওলোৱা আৰম্ভ।

    Reply
  • খনিন্দ্ৰ ভূষণ মহন্ত

    অগতানুগতিক সম্পাদকীয়| বহুখিনি প্ৰেৰণা পাইছোঁ| বৰ ভাল লাগিল|

    Reply
  • প্ৰেৰণাদায়ক লিখনি।এই লিখনিটোৱে বহুতক নতুনকৈ কথাবোৰ ভাবিবলৈ উৎসাহিত কৰিব।ইমান ধুনীয়া সম্পাদকীয়টোৰ বাবে ধন্যবাদ আপোনাক।

    Reply
  • বৰ্ণালী

    ভাষা নাই ভাগৱতী৷প্ৰথমৰ পৰা শেষলৈকে ইমান মোহাচ্ছন্ন কৰি ৰাখিলে৷এটা লাইন কি এটা শব্দ বাদ নিদিয়াকৈ পঢ়িলোঁ৷ঠিক পঢ়িলোঁ নহয় পঢ়িবলৈ বাধ্য কৰালে৷আৰু উৎসাহ খিনিৰ বাবে এটা দীঘল চেলুট৷অনন্য৷বহুত বহুত ধন্যবাদ

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ😊

      Reply
    • ভাস্কৰ দাস

      বহুত ভাল লাগিল পঢ়ি | প্ৰবহুত ভাল লগা সম্পাদকীয় |উৎসাহ, প্ৰেৰণা সকলোবোৰ পালো ।

      Rep

      Reply
  • Sweet lena Das

    ইমান ধুনীয়া সম্পাদকীয়।

    Reply
  • কল‍্যাণ বৰা

    মননশীল আৰু নিখুঁত সম্পাদকীয়।অভিনন্দন

    Reply
  • উত্তৰা

    অনন্য। আৰু কবলৈ বিচাৰিয়ে পোৱা নাই এটাও শব্দ।
    দুবাৰো পঢ়িলো এনে লাগিল এটা এনাৰ্জী ড্ৰীক হে খাই উঠিলো।

    Reply
  • সদানন্দ ভূঞা

    সুন্দৰ সম্পাদকীয় । পঢ়ি যথেষ্ট আপ্লুত হলো । উপমা খিনি যথেষ্ট ভাল লাগিল ।

    Reply
  • PRATIM PALLAB GOSWAMI

    ৱাহ, কি লিখিছে দেই । হাঁহিৰ চলেৰেই ইমান অনুপ্ৰেৰণামূলক লেখা লিখিছে। একদম দিলখুছ বলে তৌ মাইণ্ড ব্লৱিঙ্গ । 👌👌👌

    Reply
  • চাওঁ খুন শিৱ ডেকা

    এক অনন্য সম্পাদকীয় ভগৱতী দাদা | কি কম একো ভাৱি পোৱা নাই | তিনিটা প্লটৰ এটা বন্দুকৰ গুলি লাগি গ’ল |

    Reply
  • ৰূপাঞ্জলী

    বহুত ভাল লাগিল। অগতানুগতিক। ইমান প্ৰেৰণাদায়ক। ধন্যবাদ।

    Reply
  • Jayshree Sharma

    ইমান সুন্দৰ সম্পাদকীয়৷বৰ ভাল লাগিল৷

    Reply
  • Manash Saikia

    তেন্তে ভেকুলী ওলাল আৰু সোমাল৷
    সুন্দৰ অনুপ্ৰেৰণামূলক সম্পাদকীয়৷
    বৰ ভাল লাগিল৷

    Reply
  • নয়নজ্যোতি শ‌ইকীয়‌‌া

    ফটাঢোলতো ৰগৰ তুলিব পৰা ভাগৱতীদা অনন্য

    Reply
  • Dhananjoy Nath

    অতুলনীয় দাদা

    Reply
  • বিৰাজ কলিতা

    কথাখিনি পঢ়ি যথেষ্ট ভাল লাগিল।সম্পাদকীয় নহৈ যেন কিবা গল্প এটাৰ মাজলৈহে মনটোক টানি লৈ গ’ল।
    ধন্যবাদ দাদা

    Reply
  • Meghali Goswami

    ইমান দীঘল সম্পাদকীয় যদিও মন্ত্ৰমুগ্ধ হৈ একেবাৰতে পঢ়ি পেলালো।যথেষ্ট অনুপ্ৰেৰণামূলক ।

    Reply
  • Mitali saharia

    ক’বলৈ শব্দ বিচাৰি পোৱা নাই দাদা বহুত ধুনীয়া লাগিল। আমাৰ বাবে প্ৰেৰণাদায়ক সম্পাদকীয়…..

    Reply
  • ভেকুলীৰ উপমাৰ পৰা বেং আৰু তাৰ পৰা বিগ বেং তাৰ পৰা বিগ বেং থিয়ৰী সচাই আমাৰ টপিক বহুত ৷ ৰসাল ,ওখ অনুপ্ৰেড়ণা পোৱা ৷ বৰ ভাল পালো দাদা ৷

    Reply
  • ধৰিত্ৰী শৰণীয়া

    সাধাৰণতে দীঘলীয়া লিখনি পঢ়িব টান পাওঁ,অাপোনাৰ লিখনিত থকা যাদুই গোটেই লিখিনিটো পঢ়িব বাধ্য কৰিলে অাৰু নিজক বিচাৰি পালোঁ।অাাপুনি কোৱাবোৰ মানি লিখিব চেষ্টা কৰিম।ৰিজেকশ্যন নাপালে অহংকাৰ হয় ,যদিও হীনমান্যতা অাহে তথাপি ৰিজেকশ্যনে নিশ্চয় ভাল লিখিবৰ বাবে প্ৰেৰণাও যোগাব।ধন্যবাদ অাপোনাক

    Reply
  • ইমান প্ৰেৰণাদায়ক৷অতি ভাল লাগিল৷ময়ো কেতিয়াবা কিবাকিবি লিখো৷কিন্তু এতিয়াৰ পৰা সংকোচহীন ভাৱে লিখিব যত্ন কৰিম৷এক অনন্য সম্পাদকীয়৷ধন্যবাদ৷

    Reply
  • সুন্দৰ সম্পাদকীয়l মোৰ দৰে এলেহুৱাজনীয়ে লিখিবলৈ প্ৰেৰণা পালোl

    Reply
  • প্ৰেৰণাদায়ক সম্পাদকীয়, বহুত বহুত বহুত ভাল লাগিল।

    Reply
  • দৃষ্টি বিকাশ

    ভাল লাগিল অলকেশ দা

    Reply
  • Nipom das

    দাদা এটা বুজাব নোৱাৰা সন্তূষ্টি লাভ কৰিলো,বহুত উৎসাহ পালো।অশেষ ধন্যবাদ দাদা।

    Reply
  • বিদ্যুৎ শৰ্মা

    হাস্যৰসৰ মাজেৰেই খুব সুন্দৰ বাৰ্তা আগবঢ়ালে।

    Reply
  • Nipu Gogoi

    সম্পাদকীয় ভাল লাগিল দাদা, আমাৰ বাবে প্ৰেৰণা এই সম্পাদকীয়।

    Reply
  • Angarag bhuyan

    বৰ ভাল লাগিল।আপোনাৰ প্অৰতি থকা প্ৰত্যাশা পূৰণ কৰিলে। অনলাইন আলোচনীৰ সম্পাদকীয় আগতে ইমান সুখপাঠ্য আছিল বুলি অভিজ্ঞতাই নকয়। বহুতকে উদ্বুদ্ধ কৰিব।

    Reply
  • অতি প্ৰেৰণাদায়ক সম্পাদকীয়। সৰলভাৱে সকলোকে মনৰ ভাৱ প্ৰকাশৰ বাবে উৎসাহিত কৰিলে এই লিখনিয়ে। বহুত ভাল লাগিল কথাখিনি।

    Reply
  • অমৰ জ্যোতি শৰ্মা

    দাদা,বহুত উৎসাহ পালো।

    Reply
  • ঋতুপৰ্ণা মহন্ত

    অগতানুগতিক.. মননশীল.. অতুলনীয়!

    Reply
  • জিমী শ‌ইকীয়া

    সঁচাকৈ পঢ়ি তৃপ্ত হ’লো।ধন্যবাদ

    Reply
  • নয়ন মনি বৰুৱা

    ইয়াকে কয় টেলেন্ট।।প্ৰেৰণা পালোঁ

    Reply
  • প্ৰনৱ জ্যোতি দেউৰী

    ভাল লাগিল।যি ধৰনে বুজালে সছাকে প্ৰেৰনাদায়ক।

    Reply
  • সৌৰভ শৰ্মা

    আত্যন্ত উদগনি মুলক আৰু গুৰুত্বপূৰ্ণ সম্পাদকীয় এটা পঢ়িলোঁ। 👍👍🏽👍👍🏽👍👍🏽👍👍🏽👍👍🏽👍

    Reply
  • Anonymous

    বহুত ভাল লাগিল ৷ অনন্য ৷

    Reply
  • জ্যোতিপ্ৰসাদ হাজৰিকা

    বহুত ভাল লাগিল ৷ অনন্য ৷

    Reply
  • Mridul Barman

    দাদা,পঢ়ি খুব ভাল লাগিল ।

    Reply
  • Utpal saikia

    সম্পাদকীয় বৰ সুন্দৰ । পঢ়ি প্ৰেৰণা পালোঁ। অলকেশ ভাগৱতী দা। লাভ ইউ।

    Reply
  • অপূৰ্ব

    উৎসাহ পালোঁ দাদা৷ইমান সুন্দৰ কৈ সাধৰণ ভাবে বুজাই দিলে৷চেষ্টা কণ কৰিম৷ধন্যবাদ

    Reply
  • Rakesh Sarmah

    এইটো লিখা মোৰ কাৰণে অক্সিজেন। উৎসাহ পালো বিগ ব্ৰাদাৰ

    Reply
  • Mousumi gogoi

    ইমান সাৱলীল অনুপ্ৰেৰণামূলক সম্পাদকীয় পঢ়ি ধন্য হলো ।আপোনাৰ বহুমূলীয়া সম্পাদকীয়টো মই চেভ কৰি লগত ৰাখিম ।অশেষ ধন্যবাদ দাদা ।।

    Reply
  • Sudarshon borah

    কেৱল মুখত এটা হাঁহি বিৰিঙিছে।তাৰ বাহিৰে শলাগ লোৱাৰ অন্য ভাষা নাই।উৎসাহিত কৰাৰ যি তৰিকা।।।আচৰিত

    Reply
  • পূৰৱী

    প্ৰথমতে ক্ষমা….. তাৰ পাছত বহুত বহুত ধন্যবাদ জনালোঁ। ইমান সুন্দৰ সম্পাদকীয়…..
    বহুত ভাল লাগিল দাদা, আচলতে মইও অলপ অসুবিধাত পৰিছিলো, ইমান বিশেষ ব্যক্তি এজনক কথা দি কথা ৰাখিৱ নোৱাৰিলো…. নিজৰেই কিবা লাজ লাজ লাগি গৈছিল। কিন্তু আপোনাৰ সম্পাদকীয় পঢ়ি উৎসাহিত অনুভৱ কৰিছো।

    Reply
  • পূৰৱী

    প্ৰথমতে ক্ষমা….. তাৰ পাছত বহুত বহুত ধন্যবাদ জনালোঁ। ইমান সুন্দৰ সম্পাদকীয়…..
    বহুত ভাল লাগিল দাদা, আচলতে মইও অলপ অসুবিধাত পৰিছিলো, ইমান বিশেষ ব্যক্তি এজনক কথা দি কথা ৰাখিৱ নোৱাৰিলো…. নিজৰেই কিবা লাজ লাজ লাগি গৈছিল। কিন্তু আপোনাৰ সম্পাদকীয় পঢ়ি উৎসাহিত অনুভৱ কৰিছো।

    Reply
  • অতুল নাথ

    ন-লেখকৰ বাবে প্ৰেৰণাৰ অমল উৎস হৈ ৰ’ব এই সম্পাদকীয় ।

    Reply
  • জয়ন্ত দাস

    অনন্য, অতুলনীয়৷ এক ব্যতিক্ৰমী সম্পাদকীয়৷ এতিয়ালৈকে পঢ়া সম্পাদকীয়বোৰৰ ভিতৰত শ্ৰেষ্ঠতম৷ এনে লাগিছে যেন ইয়াত মন্তব্য দিয়াটোও বাটুলামি৷

    Reply
  • বিশ্বজিৎ বৰুৱা

    ভাল লাগিল।

    Reply
  • Bishnu Ray

    পঢ়ি খুবেই ভাল লাগিল দা ৷
    খুবেই প্ৰেৰনাদায়ক কথাখিনি ৷ লাইফত কামত আহিব
    ধন্যবাদ দা ৷

    Reply
  • অবিনাশ শৰ্মা

    অগতানুগতিক আৰু প্ৰেৰণা দায়ক সম্পাদকীয়টো পঢ়ি ভাল লাগিল ৷প্ৰেৰণাও পালোঁ ৷ধন্যবাদ দাদা এনে সুন্দৰ আলোচনী এখন পঢ়িবলৈ আগবঢ়াই দিয়াৰ বাবে ৷

    Reply
  • ব্ৰজেন দাস

    বাপৰে্ একে উশাহতে পঢ়িলো গোটেইখিনি…. এতিয়া মনতোকেই বুজাব পৰা নাই ইমান দীঘল সম্পাদকীয়তো …কেতিয়া পঢ়িলো বাৰু…. সচাকৈ পঢ়িলোনে…. ইচ ৰাম ইমান দীঘল লিখা একে উশাহতে পঢ়া মনতেই নপৰেচোন….. সুন্দৰ লাগিল……

    Reply
  • Chitra jit Bora

    এটা সুন্দৰ প্ৰেৰণাদায়ক সম্পাদকীয়।।।
    ন লিখাৰু সকলৰ বাবে মহৌষধ ৰূপী

    Reply
  • ননী গোপাল দত্ত

    ককাইদেউ পঢ়ি উঠি কিবা এটা হঠাৎ মনটোত সংযোগ হোৱা যেন পালো,সেইটো নিজৰ ওপৰত বিশ্বাস নে সাহস নাজানো!!!ধন্যবাদ

    Reply
  • নন্দিতা ৰাভা

    প্ৰেৰণা পালোঁ ,,,

    Reply
  • চন্দনা কাশ্যপ

    ইমান ভাল লাগিল ! ব্যংগ লিখিব নোৱাৰোঁ‌টো মইএ কৈছিলোঁ । এতিয়াৰ পৰা চেষ্টা কৰিম । হাতত ধৰি শিকাই দিয়া যেন লাগিল ।

    Reply
  • Nirmali Bormudai

    kailoi mur exam ata ase..abar kitap khn abar mobile tu sau. last t nuarilu ru dada, editorial nopohakoi thakibo. ki kom apunar lihioni r kotha..compliment dibo porakoi u jugyo nhoi. jiman val hbo buli vabisilu tatkoi u besi val. .
    ( mur Assamese keyboard e kam nokora hol, so enekoi e comment likhilu)

    Reply
  • Ujwal

    বৰ ভাল লাগিল অলকেশ ভাগৱতী দা ৷ ভেকুলীটো প্ৰেৰণাদায়ী জীৱ হৈ পৰিল আজিৰে পৰা ৷

    Reply
  • Ujwal Pratim Choudhury

    বৰ ভাল লাগিল অলকেশ ভাগৱতী দা ৷ ভেকুলীটো প্ৰেৰণাদায়ী জীৱ হৈ পৰিল আজিৰে পৰা ৷

    Reply
  • পাৰ্থ

    প্ৰেৰণাদায়ক. সুন্দৰ লিখনি.. অভিনন্দন দাদা

    Reply
  • Homeswar Das

    প্ৰেৰিত হ’লোঁ

    Reply
  • Utpal Goswami

    ইমানৰ পাছতো অমুকাৰ সাহস নহল।

    Reply
  • Ankur Bordoloi

    আপোনাৰ লিখনি সঁচাই প্ৰেৰণাদায়ক। মোৰ নিজৰ লগতে এনেকুৱা প্ৰব্লেমবোৰ হয়। লিখিব বিচাৰো কিন্তু কি লিখিম, কেনেকে লিখিম, প্লট, তপিক, মুদ এইবোৰে প্ৰব্লেম। এইবাৰ ভাবিছোঁ এইবোৰ চিন্তা নকৰি বচ লিখি যাম। ধন্যবাদ এই প্ৰেৰণাদায়ক সম্পাদকীয় বাবে।

    Reply
  • প্ৰসেনজিৎ গোস্বামী

    বিদ্যা ভেকুলী দেখিলেই সুধিম। সম্পাদক দাদাক সুধি গাতৰ পৰা ওলাইছে নে গৰম দিন কাৰণে ওলাইছে।

    সুন্দৰ

    Reply
  • Raju Kumar Nath

    আপোনাৰ সম্পাদকীয় পঢ়ি বহু উপকৃত হ’লো। মানুহৰ তিনি নম্বৰৰ হাতখন হ’ল,অজুহাত। বহুতেই এইখনৰ দোহাই দি কামত বাগি মাৰে। ময়ো কেতিয়াবা এইখন ব্যৱহাৰ কৰো। কিন্তু আপোনাৰ লিখনিয়ে অজুহাত ব্যৱহাৰ কৰিবলৈ এতিয়া মোক বাধা দিব।

    Reply
  • কি বুলি আপোনাক ধন্যবাদ দিম!এই সম্পাদকীয়ই যিমানক লিখাৰ বাবে উৎসাহিত কৰিব যি আজিলৈকে বিয়াগোম সাহিত্য পণ্ডিতৰ সম্পাদকীয়ই কৰিব পৰা নাই। পুন:অশেষ ধন্যবাদ। মইও ফটা ঢোল হ’ম দা।

    Reply
  • হেৰি জীৱ হত্যা মহাপাপ, কিয় কলো বাৰু??? বুইছেনে বাৰু? আজি কালি মোৰ দৰে বয়সৰ মানুহে কথা কবলৈকে ভয় নহয়, এচাম আছে নহয় কথাৰ প্ৰসংগ টানি নি কোন সাগৰত পেলায় হাবুডুবু খুৱাব কি থিক, অসম বুলো থিকেই কিন্তু অসমীয়া সংজ্ঞাটো কিবা ধুসৰ,,,, ভেকুলীৰ দৰেই অসমীয়াটো গাঁতৰ পৰা এটাই খুচি বিন্ধি ওলিয়াই,,,, খুচনি বিন্ধনিত ওংলাইও আহে পিছে nrC, ব, আ, ম, সো, ক, ইত্যাদি বোৰৰ ইটোৰ ওপৰত সিটোৰ খোছত ওলোৱা সোমোৱা কৰি কৰি মৰি মৰি জী আছে, ঠিক যেনেকৈ আপুনি ভেকুলীটোক শেষলৈকে উলিয়াই সুমোৱাই ভেকুলীটোক ভাগৰত জুৰুলা কৰি মাৰিছে,,,,,, ভাল লাগিল এটা অগতানুগতিক সম্পাদকীয় পঢ়িবলৈ পাই, আপোনাক অতি সোনকালে লগ পাম, গুৱাহাটিত, মাথো ফোন নম্বৰটো দিব, ৰথা পাতিম বহুতোো,,,,,

    Reply
  • Sidananda borah

    অভিজ্ঞতাৰ ফচল বুলি চাগৈ ইয়াকেই কয় ৷ বিন্দুৰ পৰা সিন্ধুৰ সৃষ্টি কেনেকৈ হয়, তাৰ প্ৰতিচ্ছবি বাৰুকৈ ফুটাই তুলিলে এই সম্পাদকীয়ই ৷লগতে দিলে পাঠকৰ ধৰ্ম চাই কৰ্ম কৰাৰ ইংগিত ৷ যাৰ বাস্তৱতাক নুই কৰিব নোৱাৰি ৷

    নিশ্চিত ভাৱে ই বহুৰে বাবে হব প্ৰেৰণাৰ উৎস৷ তাতেই সফল সম্পাদক ৷

    কিন্তু ফটাঢোলীয়াৰ ভাষাত কওঁ___ গোঁসাইৰ (আমাৰ জনৰ) শপত… চকুৱে পাই গৈছে আজি !!!!

    অভিনন্দন
    ______________ভাগৱতী !!

    Reply
  • চিদানন্দ বৰা

    অভিজ্ঞতাৰ ফচল বুলি চাগে ইয়াকেই কয়৷
    বিন্দুৰ পৰা সিন্ধুৰ উৎপত্তি কিদৰে সম্ভৱ__ উপমাৰে তাকেই সহজাত ভাৱে প্ৰকাশ কৰি লিখা এই সম্পাদকীয়ই বহুতৰ বাবে নিশ্চিত ভাৱে অনুপ্ৰেৰণাৰ কাৰক হব ৷

    সুন্দৰ সম্পাদকীয় _____ ভাগৱতী৷

    অভিনন্দন !!

    Reply
  • মন্দিৰা শৰ্ম্মা

    কি সুন্দৰ আৰু প্ৰেৰণাদায়ক সম্পাদকীয়। এনে ধৰণৰ সম্পাদকীয় আগতে পঢ়া মনত নাই। উৎসাহিত হ’লো। কথাবোৰ অন্য ধৰণে চিন্তা কৰিবলৈ বাধ্য হ’লো। অশেষ ধন্যবাদ আপোনাক।

    Reply
  • পূৰ্ণানন্দ শৰ্মা

    বহুত বহুত ভাল লাগিল । মোৰ দৰে এলেহুৱা, কেলেহুৱা, এশ এবুৰি বাহানাৰে লিখা-মেলাৰ পৰা আতৰত থকা, নৰ মনিচৰ ৰূপত জেগা দখল কৰি থকা সকললৈ কেইকোব মান সোধাব পৰা সম্পাদকীয় ।

    Reply
  • Ashok Hujuri

    দাদা পঢ়িলো।বহুত ভাল লাগিল।

    Reply
  • Anonymous

    মাই গড অলকেশদা এনে সম্পাদকীয় কি এনে প্ৰেৰণাদায়ক লেখা জীৱনত পঢ়ি পোৱা নাছিলো। আ বিগ চেল্যুট টু ইউ।

    Reply
  • দিলীপ কুমাৰ দাস

    মা কচম !ভেকুলী এটা গাঁতৰ পৰা গৰমৰ দিনত উলিয়াই আৰু ঠাণ্ডাৰ দিনত গাঁতত সুমুৱাইয়ে এনেকুৱা অসাধাৰণ সম্পাদকীয় এটা লিখিলে । হেটছ অফ 🙏 । এতিয়া অনুপ্ৰাণিত হৈ ফেচবুকত মোৰ নিচিনা গণ্ডাই গণ্ডাই লিখকৰ আবিৰ্ভাৱ হলে কিন্তু পিছত আফছচ নকৰিব।

    Reply
  • Anonymous

    সম্পাদকীয় টো পঢ়ি খুব ভাল লাগিল|

    Reply
  • নীল বসন্ত

    অভিভূত হলো অলকেশ দা।ইমান সুন্দৰ উপস্থাপন।অনাগত দিনবোৰত আপোনাৰ লিখনিয়ে যে ধুমুহাৰ বতৰা আনিব সেয়া নিশ্চিত।

    Reply
  • ঈশান

    সুন্দৰ !!! অনুপ্ৰেৰণাৰ কি সুউচ্চ জোৱাৰ !! অভিভূত হ’লোঁ ।

    Reply
  • পলাশ ৰন্জন

    ফাটাফাটি অলকেশ দা

    Reply
  • নেত্ৰ কমল গোস্বামী

    সম্পাদকীয় পঢ়ি থাকোতে নিজৰ গালতে চৰিয়াইছো, পেটত থপৰিয়াইছো, ভৰিত ঢকিয়াইছো৷ কাষতে থকা গামোছাখনকে বিচনি কৰি লৈছো, গাৰ জোল বৈ গৈছে৷ পানীৰ বটলটো লৈ কটকটকৈ পি দিছো৷ এনে লাগিছে গাটো যেন তিয়াই পেলাম৷ দুবাৰ গাধুই পানী খৰচ কৰাৰো ইচ্ছা নাই৷ কি কৰা যায়! এনেকুৱাও লিখিব পাৰেনে! “মূৰটো খাই পেলাম” বুলি কোৱাতহে মাছডোখৰ হেৰুৱাৰ ভয়ত গা লৰালো; মহৰ কামোৰ, গৰম-পিয়াহ একোৱেই আঁতৰাই নিব পৰা নাই লেখাটোৰ পৰা৷ ফটাঢোল প্ৰথম পঢ়িছো৷ সম্পাদকীয়ৰ পৰাই আৰম্ভ কৰিছো৷

    Reply
  • Dhruba jyoti sutradhar

    অলকেশ দা খুবেই ভাল লাগিল পঢ়ি ।অনাগত দিনত সুনীল দত্ত দাৰ লিখনি ও এই আলোচনীখনত পঢ়িবলৈ পাম বুলি আশা থাকিল ।

    Reply
    • অলকেশ ভাগৱতী

      আপোনাক অশেষ ধন্যবাদ ৷ সুনীলৰ লিখনি অহাবাৰ খুজিম ৷

      Reply
  • Anonymous

    আপোনাৰ লিখনি পঢ়ি আপ্লুত হ’লো ।সুন্দৰ অতুলনীয়

    Reply
  • অত্ৰেয়ী গোস্বামী

    প্ৰেৰণাদায়ক,ব্যতিক্ৰমী সম্পাদকীয়৷তিনিবাৰ পঢ়িলো এতিয়ালৈকে৷আকৌ পঢ়িম৷

    Reply
  • অনুপ্ৰানিত হ’লো দাদা।অতি সুন্দৰ লিখনি।

    Reply
  • Nabajit Baishya

    “আপ্লুত হ’লো” এই কথাষাৰৰ ইজ্জত ফেচবুকে নষ্ট নকৰা হ’লে মই তেনেকৈয়ে কলোহতেন, কাৰণ সঁচাই আপ্লুত হ’লো৷ টুপী খুলি দিলো৷

    Reply
  • Ayushpranzalsaikia

    বহুত ভাল লাগিল দাদা

    Reply
  • ৰাজশ্ৰী শৰ্মা

    ইয়াতকৈ ভাল, প্ৰেৰণামূলক সম্পাদকীয় কেতিয়াও পঢ়ি পোৱা নাছিলো। অশেষ ধন্যবাদ দাদা আমাক এখন সৰ্ব্বাঙ্গসুন্দৰ আলোচনী পঢ়িবলৈ সুযোগ দিয়াৰ বাবে। আপোনাৰ লিখনি অতুলনীয়।

    Reply
  • Anonymous

    এইয়াহে সম্পাদকীয়, পঢ়ি যথেষ্ঠ উপকৃত হ’লো। আগলৈও এনেধৰণৰ উৎসাহমূলক আৰু প্ৰেৰণাদায়ক লিখনি আশা কৰিছোঁ। বহুত ধন্যবাদ আপোনাক

    Reply
  • Krishna Kanta Das

    এইয়াহে সম্পাদকীয়, পঢ়ি যথেষ্ঠ উপকৃত হ’লো। আগলৈও এনেধৰণৰ উৎসাহমূলক আৰু প্ৰেৰণাদায়ক লিখনি আশা কৰিছোঁ। বহুত ধন্যবাদ আপোনাক

    Reply
  • Sanjib Phukan

    অনুপ্ৰানিত হ’লো দাদা।অতি সুন্দৰ!

    Reply
  • বহুত বহুত ধন্যবাদ | আপোনাৰ লিখনিতেই দেখিবলৈ পাইছো ই-আলোচনীখনৰ ব্যংগাত্মক আৰু ৰসিকতাৰ সমাহাৰ | দাদা, আপোনাৰ ভেকুলীটো সচাঁই বৰ অনুপ্ৰেৰণাদায়ক |

    Reply
  • Julima Deka

    আপুনি বহুত ভাল লিখে সেইয়া আগৰ আপোনাৰ লিখনিৰ পৰাই জানো।কিন্তু আপোনাৰ এই সম্পাদকীয়টো মই পঢ়া সকলো সম্পাদকীয়তকৈ সৰ্বশ্ৰেষ্ঠ।সাংঘাটিক ভাল লাগিল।

    Reply
  • Dip Chuladhara

    বহুত ভাল লাগিল দাদা। আজিৰ পৰা কিবা এটা লিখিম বুলি মনত ভাবিবলৈ সাহস পাইছোঁ। মোৰ দৃষ্টিত এইটো এটা শ্ৰেষ্ঠ সম্পাদকীয়।

    Reply
  • Pankaj Talukda

    অগতানুগতিক সপাদকীয় লিখনি,আগলৈ বহুত আশাৰে বাট চাম অলকেশ ভাগৱতীৰ লিখনিলৈ…

    Reply
  • Bhakta jyoti Gogoi

    আজিলৈকে মই পঢ়া – মই দেখা আটাইতকৈ ভাল সম্পাদকীয় ৷ অশেষ ধন্যবাদ ৷ কেনেকৈ লিখিব লাগে আজিহে জানিলো ৷ নহলে মইও প্লট টপিক ফিলিং বিচাৰি নাপাইছিলো ৷ আজিৰপৰা পাম ৷

    Reply
  • Chiranjib kotoky

    আপোনাক মূৰৰ টুপি খুলি ৰেষ্টপেক এটা দিলো কিন্ত । বৰ দেনজাৰাছ মানুহ হে আপুনি । বৰ সুখ পালো এদিটৰিয়েলটো পঢ়ি ।

    Reply
  • ৰাস্না বৰা

    সাধাৰণতে সম্পাদকীয় বুলি কলে মনলৈ যিটো ধাৰণা আহে আপোনাৰ সম্পাদকীয় পঢ়ি সম্পূৰ্ণ সলনি হৈ গল । ইমান সুন্দৰকৈ উদাহৰণ সহ অনুপ্ৰেৰণা মূলক লিখনিটো আমাক উপহাৰ দিলে তাৰবাবে আপুনি ধন্যবাদৰ পাত্ৰ। এইটো মই পঢ়া সকলো সম্পাদকীয়তকৈ শ্রেষ্ঠ।

    Reply
  • Anonymous

    ইমান সুন্দৰকৈ উদাহৰণ সহ অনুপ্ৰেৰণা মূলক কথাখিনি সম্পাদকীয় ৰূপে লিখিছে বৰ ভাল লাগিল। মই পঢ়া সম্পাদকীয় সমূহৰ ভিতৰত এইটোক শ্ৰেষ্ঠ বুলি কবলৈ কুণ্ঠাবোধ নকৰোঁ। বৰ ভাল লাগিল ভাগৱতী।

    Reply
  • ৰাস্না বৰা

    ইমান সুন্দৰকৈ উদাহৰণ সহ অনুপ্ৰেৰণা মূলক কথাখিনি সম্পাদকীয় ৰূপে লিখিছে বৰ ভাল লাগিল। মই পঢ়া সম্পাদকীয় সমূহৰ ভিতৰত এইটোক শ্ৰেষ্ঠ বুলি কবলৈ কুণ্ঠাবোধ নকৰোঁ। বৰ ভাল লাগিল ভাগৱতী।

    Reply
  • kasturi

    সম্পাদকীয় পঢ়ি প্ৰথম বহুত ভাল লাগিল।অগতানুগতিক।অলকেশ ভাগৱতীৰ সম্পাদকীয়।
    ভেকুলীটো বাৰু ঠাণ্ডাত গাতৰ পৰা নোলায়েই নেকি??

    Reply
  • অভিজিত কলিতা

    মই পঢ়াৰ ভিতৰত অন্যতম আকৰ্ষণীয় লেখা এইটো। ফটাঢোল আলচনীৰ এক অবিস্মৰণীয় সম্পাদকীয়

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ দাদা 😊

      Reply
  • ভাস্কৰজ্যোতি দাস

    দাদা, সম্পাদকীয়, সম্পাদনা কি ক’ম! কি সম্পাদকীয় লিখিছে৷ ব্যতিক্ৰমী, পৃথক, সম্পাদকীয়ৰ এক নতুন ষ্টাইল দেখিলো৷ পঢ়িলোঁ৷ অনুপ্ৰেৰণাও পালোঁ৷ একঘেয়ামীৰ পৰা আঁতৰত৷ এক নিজা শৈলী৷ এটা শব্দত “ক্লাছ”৷

    Reply
  • আপোনাৰ লিখনিত যাদু আছে।

    Reply
  • Arindam Goswami

    উপমাৰে সতে সুন্দৰ সম্পাদকীয় |অনুপ্ৰানিত হ’লো |

    Reply
  • A W Ansary

    What a writing !!!
    Really, this writing can engage a less interested reader to read without break…..

    Reply

Leave a Reply

Your email address will not be published.