ফটাঢোল

সম্পাদকীয় – ঈশান জ্যোতি বৰা

(১) ষ্টিফেন হকিঙৰ হাঁহি
কেইদিনমানৰ আগতে ইহ-সংসাৰৰ পৰা বিদায় লোৱা ষ্টিফেন হকিঙ ‘বিজ্ঞানী’ হিচাপে যিমান জনাজাত আছিল,সিমানেই তেওঁ পৰিচিত আছিল নিজৰ স্বভাৱজাত ‘চেন্স অৱ হিউমাৰ’ৰ বাবে৷ তেওঁ নিজেও অকপটে স্বীকাৰ কৰিছে -“মোৰ কৰ্ম আৰু মোৰ ‘চেন্স অৱ হিউমাৰ’- এই দুটা কথায়েই মোক জীৱনত আগুৱাই যাবলৈ প্ৰেৰণা যোগাই আহিছে৷” যৌৱনৰ আৰম্ভণিতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা ষ্টিফেন হকিঙৰ বাবে জীৱনৰ পদূলিমুখত অপেক্ষা কৰি আছিল এটা দুৰ্দশাগ্ৰস্ত আৰু যন্ত্ৰণাপিষ্ট জীৱনে৷ কিন্তু হকিঙৰ দুৰ্দান্ত মনোবল আৰু অসামান্য ইতিবাচক শক্তিৰ সন্মুখত সেই অসহনীয় শাৰীৰিক বিপৰ্যয়ে হাৰ মানিবলৈ বাধ্য হৈছিল৷ শাৰীৰিক বাধা-বিঘিনিক পদচ্যুত কৰি জীৱনৰ নাটঘৰত নায়ক হৈ জিলিকি উঠিছিল ষ্টিফেন হকিং৷ তেওঁৰ বৈজ্ঞানিক মতবাদ,তেওঁৰ দ্বাৰা আৱিষ্কৃত তত্ববোৰ আমাৰ বহুতৰে বাবে অচিনাকি;কিন্তু তেওঁৰ মুখখন যেন আমাৰ বাবে অতি চিনাকি,তেওঁৰ মুখত জিলিকি থকা গৌৰৱোজ্জ্বল হাঁহিটো যেন আমাৰ অতি আপোন-যিয়ে অগণন হৃদয়লৈ বোৱাই আনে এক অনিবৰ্চনীয় ইতিবাচক শক্তিৰ স্ৰোত,প্ৰেৰণাৰ এক নিৰ্মল-প্ৰোজ্জ্বল ধাৰা৷
কিন্তু যদিহে মটৰ নিউৰন বেমাৰত আক্ৰান্ত হোৱাৰ পিছৰ দিনকেইটা ষ্টিফেন হকিঙে জীৱনটোক দোষাৰোপ কৰিয়েই কটাই দিলেহেঁতেন;যদিহে ষ্টিফেন হকিঙে বিস্ময়কৰ পৃথিৱীখনৰ বিষয়ে,কৃষ্ণগহ্বৰৰ বিষয়ে একোকে চিন্তা নকৰি ওৰেটো জীৱনৰ অপ্ৰাপ্তিবোৰকেই সাবটি কটাই দিলেহেঁতেন;তেন্তে বোধহয় ‘ষ্টিফেন হকিং’ নামৰ মানুহজন ক’ৰবাত হেৰাই গ’লহেঁতেন,বিশ্বৰ অগণন মানুহৰ মাজত তেওঁ ইমান জনপ্ৰিয় হৈ নুঠিলেহেঁতেন, হয়তো আলোড়ণকাৰী গ্ৰন্থ ‘সময়ৰ সংক্ষিপ্ত ইতিহাস’ও(A Brief History of Time) লিপিবদ্ধ নহ’লহেঁতেন৷ সেই ‘হেঁতেন,কিন্তু,হয়তো’ আদি অনিশ্চয়তাবোৰক একাষৰীয়া কৰি ষ্টিফেন হকিঙ জীৱন-যুঁজত জয়ী হৈছিল ৷ পুনৰ এবাৰ প্ৰতিস্থাপিত হৈছিল মানুহৰ গৌৰৱ-গাঁথা,পুনৰ লিপিবদ্ধ হৈছিল বিদ্যুৎসাহী মানৱীয় সত্তাৰ পুনৰুত্থানৰ এক জীয়া কাহিনী-যি কাহিনীৰ চিৰস্মৰণীয় প্ৰতীক হৈ জিলিকি থাকিল তেওঁৰ মুখৰ সেই নিৰ্মল,নিষ্পাপ হাঁহিটো৷ প্ৰচণ্ড আশাবাদী হকিঙে কৈছে-“জীৱন যিমানেই কষ্টদায়ক নহওক কিয়,খং নকৰাকৈ থাকিব পৰাটো দৰকাৰী কথা৷ কাৰণ,যদি তুমি তোমাৰ নিজৰ ওপৰত আৰু নিজৰ স্বাভাৱিক জীৱনটোক লৈ হাঁহিব নোৱাৰা,তেন্তে তোমাৰ সমস্ত আশাই হেৰাই যাব৷” যুগদ্ৰষ্টা এই বিজ্ঞানীজনৰ মুখত বিৰিঙি উঠা হাঁহিটোত সদায়েই যেন প্ৰতিফলিত হৈছিল কালজয়ী কৌতুক-অভিনেতা চাৰ্লি চেপলিনৰ এষাৰ অবিস্মৰণীয় বাক্য-“A day without laughter is a day wasted.”(নহঁহাকৈ পাৰ কৰা  এটা দিন এটা অসম্পূৰ্ণ দিন৷)

(২) আধুনিক মানুহৰ হাঁহি
‘হাঁহি’-শব্দটোৱেই যেন এক অন্তহীন শক্তিৰ উৎস৷ হাঁহি এনে এটা সোঁচৰা ৰোগ,যিয়ে মানুহৰ মনলৈ আতংক নাইবা ভীতিৰ বীজাণু নকঢ়িয়ায়৷ তাৰ পৰিৱৰ্তে ই মাথোঁ মানুহৰ অন্তৰে অন্তৰে সিঁচি দিয়ে জীৱনৰ  এছাটি সুকোমল ৰং- যি ৰঙৰ পৰশে প্ৰতিজন তেজ-মঙহৰ মানুহকে কৰি ৰাখে তৰুণ,যাৰ পৰশত পুনৰাৱিষ্কৃত হয় ‘মানুহ’ নামৰ সত্তাটোৰ স্বাভাৱিক স্বৰূপ৷

আধুনিক মানুহৰ জীৱনত সুখ আৰু হাঁহিৰ সমাহাৰ ঘটাবলৈ শেহতীয়াকৈ আমাৰ পৃথিৱীখনত ‘পৰিৱৰ্তন’ৰ বতাহ অহৰহ বলিব ধৰিছে৷ চৌপাশে সৃষ্টি হৈছে এখন ‘বজাৰ’ৰ৷ সুখান্বেষী মানুহক অকণমান আনন্দৰ যোগান ধৰিবলৈ চৌপাশৰ এই ‘বজাৰ’খন উঠিপৰি লাগিছে৷ সুখৰ বাবে,আনন্দৰ বাবে আৰু মুখত এমোকোৰা হাঁহি বিৰিঙাবৰ বাবে মানুহ যে এই ‘বজাৰ’খনৰ ওপৰত নিভৰৰ্শীল হ’ব লাগিব-সেইটো কথা বুজাবলৈ বাৰম্বাৰ চেষ্টা কৰা হৈছে ৷ মানুহেও তেনেবোৰ মন-ভুলোৱা কথাত দিশহাৰা হৈ ক্ৰমাৎ বজাৰমুখী হৈছে৷ ‘আনন্দ প্ৰদানকাৰী’ সামগ্ৰী ক্ৰয় কৰি ঘৰ-দুৱাৰ ভৰাই পেলাইছে ৷ পিছে দুই-তিনিদিনৰ পিছতেই সেই ‘আনন্দ’ৰ ম্যাদ উকলিছে ৷ ৰাইজক পুনৰ হতাশা আৰু অসহায়তাই ছানি ধৰিছে৷
টিভিৰ পৰ্দাত সততে দেখিবলৈ পাই থকা বিজ্ঞাপন এটাৰ কথা মনলৈ আহিছে৷
তাৰে প্ৰথমটোঃ
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
ঘৰলৈ অতিথি আহিছে ৷ এতিয়া দুপৰীয়াৰ দামোদৰৰূপী অতিথিক কিদৰে আপ্যায়ন কৰা হ’ব-তাকে লৈ শাহুৱেক আৰু বোৱাৰীয়েকৰ মাজত আলোচনা আৰম্ভ হ’ল-
-বোৱাৰী !!!
-অ’ মা !
-তুমি মুৰ্গীৰ মাংসকণ বনাবা আৰু মই হাঁহৰ মাংসকণ বনাম৷ পিছে,হেৰি নহয়-মছলা কি ব্যৱহাৰ কৰিবা?
-মা,আপুনি এক্কেবাৰেই চিন্তা নকৰিব ! মোৰ ওচৰত আছে ‘কিবাকিবি’ মছলা৷ আলহীয়ে খাই বৰ সোৱাদ পাব৷
-অ’ হয় নেকি ! ব’লা তেন্তে ৷
(ৰন্ধন প্ৰক্ৰিয়া আৰম্ভ হ’ল৷ আৰু এসময়ত পৰিৱেশনো কৰা হ’ল৷)
গৃহস্থই ভবামতেই আলহীয়ে ‘কিবাকিবি’ মছলাৰে ৰন্ধা মাংস খাই বৰ সোৱাদ পালে৷ তাৰ উজ্জ্বল প্ৰমাণ দেখিবলৈ পোৱা গ’ল-মাংস খাই খাই হাঁহিত ফাটি পৰা অতিথিবৃন্দৰ আচৰণত ৷ এই হাঁহি-তামাছা চলি থকাৰ মুহূৰ্ততেই এজন বিশিষ্ট ব্যক্তিৰ সেইস্থানে আৰ্ৱিভাৱ ঘটিল৷ গম্ভীৰ,আত্মবিশ্বাসী কণ্ঠেৰে তেওঁ ক’লে-
“দেখিলে ৰাইজ, ‘কিবাকিবি’ মছলাৰ এটা পেকেটে আলহীক কিমান আনন্দ দিলে৷ গতিক আপুনিও ব্যৱহাৰ কৰক-‘কিবাকিবি’ মছলা৷”
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
এটা বিখ্যাত মছলা কোম্পানীৰ বিজ্ঞাপনৰ আঁত ধৰি উক্ত কথাখিনি লিখা হৈছে৷
আচলতে,এই মছলাৰ পেকেটটো এটা মাত্ৰ প্ৰতীকহে৷ সুখান্বেষী মানুহক সুখ আৰু আনন্দৰ মূল ধাৰণাৰ পৰা বিচলিত কৰি,কেতবোৰ বিভ্ৰান্তিজনক ব্যাখ্যাৰে মন-মগজু ছায়াচ্ছন্ন কৰি,এখন ‘মায়াবী’ জগতলৈ লৈ যোৱাৰ উদ্দেশ্যপ্ৰণোদিত ব্যৱসায়িক প্ৰয়াসবোৰৰেই এটা প্ৰতীক হ’ল এই মছলাৰ পেকেটটো৷ ‘এইখন গাড়ী কিনক আৰু জীৱনটো আনন্দময় কৰি তোলক’, ‘অমুক বস্তুটো খাওক আৰু প্ৰাণখুলি হাঁহক’-ইত্যাদি জাতীয় কথাৰে বহুজাতিক কোম্পানীবোৰে গ্ৰাহকৰ মনোযোগ আকৰ্ষণৰ চেষ্টা চলাইছে৷ কিন্তু এটা মছলাৰ পেকেটে মাংসৰ আঞ্জাকণৰহে সোৱাদ বঢ়ায়৷ আমাৰ জিভাখনকহে তৃপ্ত কৰে৷ আমাৰ মনটোক তৃপ্ত কৰিবলৈ পৰিৱেশনকাৰীৰ আন্তৰিকতা আৰু স্নেহৰ প্ৰয়োজন৷ নানাৰঙী মছলাৰে প্ৰস্তুত কৰা সুস্বাদু ব্যঞ্জনৰ থালিখন পৰিৱেশনকাৰীয়ে আনি যদি আপোনাৰ সন্মুখত ঠেকেচ্‌কৈ পেলাই দিয়ে,আপোনাৰ বাবে সেই ভোজন কিমান আনন্দদায়ক হ’ব বাৰু? প্ৰশ্নৰ উত্তৰটো আমি সকলোৱে জানো,কিন্তু তৎসত্ত্বেও আমি বহুতেই সেই মছলাৰ পেকেটটোকেই সুখ আৰু আনন্দৰ উৎস বুলি ভাবি আহিছোঁ৷

(৩) বৰ্তমানৰ পৃথিৱীতেই আছে হাঁহি আৰু আনন্দৰ সমল

আন এটা বিজ্ঞাপনৰ কথা ৷
এজাক ল’ৰা-ছোৱালীয়ে মঞ্চত নৃত্য-নাটিকা এখন কৰি আছে আৰু তেওঁলোকৰ পিতৃ-মাতৃয়ে দৰ্শকৰ আসনত বহি সেই অনুষ্ঠান উপভোগ কৰিছে৷ এসময়ত নৃত্য-নাটিকা শেষ হ’ল৷ কিন্তু কি আচৰিত ! সৰু ল’ৰা-ছোৱালীজাকক সামান্য উৎসাহ দিবলৈ অভিভাৱকসকলৰ এজনেও হাত-চাপৰি নামাৰিলে৷ তেওঁলোক চকীৰ পৰা উঠিল হয়,কিন্তু হাত-চাপৰি মাৰিবলৈ নহয়৷ ম’বাইলেৰে ল’ৰা-ছোৱালীহঁতৰ ফটো তুলিবলৈহে৷ তেনেতে এজন মানুহ নিজ আসনৰ পৰা উঠিল আৰু ল’ৰা-ছোৱালীহঁতক উদ্দেশ্যি হাত-চাপৰি মাৰিবলৈ ধৰিলে৷ উদাস হৈ উঠা কণমানিহঁতৰ মুখবোৰ এতিয়াহে আনন্দত উজলি উঠিল৷ সিহঁতৰ মুখবোৰ এমোকোৰা হাঁহিৰে উপচি পৰিল৷ হাঁহি আৰু আনন্দৰ সেই তিৰ্‌বিৰণিয়ে সমগ্ৰ পৰিৱেশটোৱেই নিৰ্মল কৰি তুলিলে ৷ লগতে টিভিৰ পৰ্দাত বিজ্ঞাপনটো চাই থকা দৰ্শকলৈ এৰি থৈ গ’ল দুটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন৷
চকুৰ আগত ঘটি থকা যি-কোনো ঘটনাকেই স্মাৰ্ট ফোনৰ কেমেৰাৰে চোৱাটো এতিয়া আমাৰ এৰাব নোৱাৰা এক অভ্যাসত পৰিণত হৈছে৷ তাকে কৰিবলৈ গৈ আমি কেতিয়াবা পাহৰি পেলাইছোঁ মানৱ দেহত থকা প্ৰকৃতি-প্ৰদত্ত চকু দুটিৰ অপৰিসীম প্ৰভাৱ আৰু ক্ষমতা৷ খালী চকুৰে চোৱা পৃথিৱীখনতো যে হাঁহি আৰু আনন্দৰ অলেখ সমল লুকাই থাকে-সেইটো কথা আমি যেন বহুতেই পাহৰি পেলাইছোঁ৷ আপোন মানুহৰ সৰু-সৰু প্ৰাপ্তিৰ মুহূৰ্তবোৰ উপভোগ কৰি,সেইবোৰক উৎসাহিত কৰি কিদৰে মুহূৰ্তবোৰ অধিক আনন্দদায়ী আৰু সুখময় কৰিব পাৰি,কিদৰে আনন্দৰ স্ৰোত এজনৰ হৃদয়ৰ পৰা আনজনৰ হৃদয়লৈ বোৱাই নিব পাৰি-তাকো যেন আমি কেতিয়াবা পাহৰি যাওঁ ৷ ফলত সুখ আৰু আনন্দবোৰ আধৰুৱা আৰু ক্ষণস্থায়ী হৈ থাকে৷
আজিৰপৰা কেইবছৰমান আগলৈকে-যেতিয়া ম’বাইল ফোন আৰু ছ’ছিয়েল মিডিয়া ইমান জনপ্ৰিয় হৈ উঠা নাছিল-তেতিয়া স্কুলীয়া ল’ৰা-ছোৱালীয়ে বাহনত উঠিয়েই কথা পাতিবলৈ আৰম্ভ কৰিছিল৷ কথা পাতি পাতি সিহঁত হাঁহিত ফাটি পৰিছিল৷ কিছুমান কথাত সিহঁতৰ মনোজগতখনৰ আভাস পাইছিলোঁ৷ এতিয়া ম’বাইল ফোনটোৱে সেই কোলাহল বহুপৰিমাণে দূৰ কৰিছে; কিন্তু মনৰ মাজত অন্য কিছুমান অশান্তিকৰ ‘কোলাহল’ৰ সৃষ্টি কৰিছে৷
স্মাৰ্টফোনত নিবদ্ধ এই ল’ৰা-ছোৱালীজাকৰ চকুহালে দেখা নাপায়-ৰাস্তাৰ কাষৰ চোতালখনত ককা আৰু নাতিৰ মাজত চলি থকা বেডমিণ্টন খেলৰ উত্তেজনাপূৰ্ণ দৃশ্যটো,কাৰোবাৰ ঘৰত চাহ-তামোল খাই হাঁহি-মাতি মেল মাৰি থকা বিভিন্ন বয়সৰ মহিলাৰ জাকটো৷ সিহঁতে নেদেখে তাঁতশালৰ মনোযোগী শিপিনীগৰাকীক,মূঢ়াত বহি কাঠি-কামি কৰি থকা মানুহ দুজনক,ক্ৰিকেট খেলি হাই-উৰুমি কৰি থকা সমনীয়াজাকক৷ গধূলিৰ আকাশৰ ৰঙা বেলিটোৰ ৰঙে সিহঁতক বিভোৰ নকৰে৷ গৃহাভিমুখী চৰাইৰ জাকটোৱে সিহঁতক শিহৰিত নকৰে৷ ঘৰলৈ উভতি অহা গৰুৰ জাক আৰু সিহঁতৰ পিছে পিছে এছাৰিডাল লৈ গৈ থকা বাপুকণক দেখি সিহঁত তিলমানো আলোড়িত নহয়৷
প্ৰাত্যহিক জীৱনৰ এই সৰু-বৰ দৃশ্যবোৰেও আমাৰ মনলৈ নিৰ্মল সুখ তথা আনন্দৰ সুকোমল বতাহ এছাটি বোৱাই আনিব পাৰে৷ সেইবোৰ দৃশ্যইয়ো যে আমাৰ মুখত এমোকোৰা হাঁহি বিৰিঙাব পাৰে-সেইটো কথা বোধহয় আমাৰ বহুতৰে উপলব্ধিৰ বাহিৰত৷ আমি শাৰিৰীকভাৱে বৰ্তমানত আছোঁ ঠিকেই৷ কিন্তু আমাৰ চকুহাল,আমাৰ মনটো,আমাৰ চিন্তাৰ জগতখন কোনোবা দূৰ-দূৰণিত৷ চৌপাশৰ সুন্দৰ পৃথিৱীখনৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আমি বৰ্তমানৰ পৃথিৱীখনৰ লগত প্ৰকৃতাৰ্থত ‘কানেক্টেড’ হ’ব লাগিব৷ অন্যথা বৰ্তমানত থাকিও আমি বৰ্তমানৰ পৰা ‘ডিছকানেক্টেড’ হৈ থাকিম৷

(৪)অসমীয়া মানুহৰ ‘চেন্স অৱ হিউমাৰ’

কেইবছৰমানৰ আগতে গুৱাহাটীলৈ যাওঁতে,হোটেল এখনৰ বেৰত এষাৰি বৰ ব্যতিক্ৰমী সাৱধানবাণী দেখিবলৈ পালোঁ৷ ব্যংগাত্মক ভাৱশৈলীৰ সেই গোহাৰিটো পঢ়ি মই ইমানেই অভিভূত হৈ পৰিলোঁ যে-সেইখন ফটো মাৰি মই মোৰ নিজৰ ম’বাইলতো ৰাখি থ’লোঁ৷ গোহাৰিটোত লিখা হৈছিল-“পিক্ পেলাই এই ঠাই অলংকৃত কৰা সকলো পিক্ “মাষ্টাৰ”ক আগন্তুক “কিং অৱ পিক্” প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসমৰ নাম উজ্জ্বল কৰিবলৈ অনুৰোধ জনোৱা হ’ল৷” তাৰপিছত সেই একেখিনি কথা ইংৰাজীতো অনুবাদ কৰি লিখি থোৱা হৈছে৷ কথাখিনি পঢ়ি মই মনে মনে হাঁহিলোঁ৷ গোহাৰিখন কোনে লিখিলে-সেইটো কথা সেইদিনা গম নাপালোঁ যদিও অভিনৱ উপস্থাপন আৰু প্ৰখৰ কৌতুকবোধৰ চানেকি দাঙি ধৰা সেই গোহাৰিখনৰ মনে-মনে প্ৰশংসা নকৰি নোৱাৰিলোঁ৷ ‘অসমীয়া মানুহৰ চেঞ্চ অৱ হিউমাৰ’ৰ এক উজ্জ্বল দৃ্ষ্টান্ত হৈ সেই গোহাৰিখন আজিও মোৰ মানসপটত জিলিকি আছে৷
সেই ঘটনাটোলৈ মনত পেলাই এতিয়া ভাবিছোঁ-যদিহে সেইদিনা মই হাতত লৈ থকা ম’বাইলটো পিটিকি-পাটাকি সেই ঠাইখিনি অতিক্ৰম কৰিলোঁহেঁতেন,তেন্তেহ’লে সেই ব্যতিক্ৰমী গোহাৰিখন নেদেখিলোঁহেঁতেন৷ আৰু আজি এইদৰে আপোনালোকৰ লগত সেই গোহাৰিখনৰ বিষয়ে আলোচনা কৰিব নোৱাৰিলোঁহেঁতেন৷
সৰুতে চাইকেল চলাবলৈ শিকি থকা সময়ছোৱাৰ কথা৷ ইতিমধ্যে ‘হাফ-পেডেল’ৰ পৰ্যায় অতিক্ৰম কৰি ‘ফুল-পেডেল’ৰ পৰ্যায়ত উপনীত হৈছোঁ৷ সাহস সামান্য বাঢ়িছে৷ তাৰপিছত দুদিনমান ঘৰৰ চোতালতে বৃত্তাকাৰে,অঁকাই-পঁকাই চাইকেল চলাই ‘অগাধ আত্মবিশ্বাস’ গোটাই ল’লোঁ৷ এতিয়া আৰু ৰাস্তালৈ চাইকেলখন উলিয়াই নিয়াত মোক কোনেও বাধা দিব নোৱাৰে৷ কথা মতেই কাম৷ এদিন ভাল দিন-বাৰ এটা চাই চাইকেল নি পদূলি পোৱালোঁগৈ৷ গাঁৱৰ ইটো মূৰত দৃষ্টি নিবদ্ধ ৰাখি তাৰপিছত চাইকেল-চালনা আৰম্ভ কৰিলোঁ৷ ‘ফুল-পেডেল’ মাৰি মাৰি এটাৰ পাছত দুটাকৈ পদূলিবোৰ পাৰ হৈ গৈ আছোঁ,গৈ আছোঁ৷ মনত একেবাৰে বিশ্বজয়ৰ আনন্দ ! তেনেতে ক’ৰপৰা জানো আহিল আকাশ-বাণীটো- “অ’ হ’ল !! অ’ ল’ৰা, তোৰ চাইকেলৰ চকা দেখোন পিছলৈ ঘূৰিছে৷” তাৰপিছত ঢেকঢেকাই হাঁহি৷ মই থত-মত খালোঁ৷ লগে-লগে ‘ক্ৰেচচচ্’৷ ব্ৰেক মাৰি চাইকেল ৰখাই দিলোঁ৷ চাইকেলৰ পৰা নামি পিছ চকাটোলৈ তীক্ষ্ন দৃষ্টিৰে অলপ পৰ চালোঁ৷ নাই,ঠিকেইতো আছে৷ কোনোবাই ধেমালিহে কৰিছে মোৰ লগত৷ মুখৰ পৰা অজানিতে হাঁহি এটা ওলাই গ’ল৷
সেইয়া মাথোঁ আৰম্ভণিহে৷ বাটেৰে চাইকেল চলাই গৈ থাকোঁতে তাৰপিছত বহুবাৰ সেই ‘চাইকেলৰ চকা পিছলৈ ঘূৰিছে’ সংলাপটো শুনিবলৈ পাই থাকিলোঁ৷ কোৱাটো নিষ্প্ৰয়োজন,নতুনকৈ চাইকেল চলাবলৈ শিকা(বা কেতিয়াবা অভিজ্ঞ চাইকেল-চালককো) সেইসময়ৰ বেছিভাগ ল’ৰা-ছোৱালীয়েই অগ্ৰজসকলৰ পৰা সেই সংলাপটো শুনিবলৈ পাইছিল৷ আমাৰ সময়ত সেই সংলাপৰ পৰিৱৰ্ধন ঘটি ‘তোৰ চাইকেলৰ চকা ওলাই দৌৰ মাৰিছে’লৈ ৰূপান্তৰিত হ’ল৷ কোনোবাই আকৌ এখোপ ওপৰলৈ গৈ ‘তোৰ দেখোন দুয়োটা চাইকেলৰ চকা দুফালে ঘূৰিছে’লৈ সলনি কৰিলে৷ আৰু এনেকৈয়ে এটা বিশেষ বাক্যৰ সামান্য সংশোধন-বিয়োজন ঘটি এটা প্ৰজন্মৰ পৰা অইন এটা প্ৰজন্মলৈ বাগৰি থাকিল৷ সৰুতেই পৰিচিত হোৱা সেই কৌতুকত হাস্যৰসৰ পৰিমাণ আছিল অধিক৷ কিন্তু সেই কৌতুকে ল’ৰা-ছোৱালীৰ আত্মবিশ্বাস আৰু বুদ্ধিমত্তাৰো পৰীক্ষা লৈছিল৷
গাঁৱৰ কাৰোবাৰ ঘৰত ভোজ খাবলৈ গৈছোঁ৷ দালি বিলাই থকা বৰদেউতাজনে দালিত ওপঙি থকা তেজপাতটো মোৰ ওচৰতে বহি থকা সমনীয়াজনৰ পাতত পেলাই দিয়ে আৰু গহীন মাত এটা উলিয়াই কয়-“খা,মাছ এটা দিছোঁ৷খা৷” বৰদেউতাৰ কথা শুনি আমাৰ প্ৰাণখোলা হাঁহি৷ সন্মুখতে বহি থকা খুৰাজনে পৰামৰ্শ দিয়ে-“খাই ল৷ ভালকৈ খাই ল৷ ঘৰত গৈ আৰু খাবগৈ নালাগে৷” আমি খুৰাৰ কথা শুনি পুনৰ হাঁহো৷ হাঁহি-হাঁহিয়েই এসময়ত ভোজ-পৰ্ব শেষ হয়৷
শৈশৱৰ বেছিভাগ সন্ধ্যায়েই পাৰ হৈছিল আইতাৰ মুখত সাধুকথা শুনি৷ সন্ধ্যাপৰত যদি বিদ্যুৎ-যোগান ব্যাহত থাকে,তেতিয়াতো গাখীৰতে ম’হৰ খুঁটি৷ য’ৰ কিতাপ ত’তে এৰি,কোবাকুবিকৈ দৌৰ মাৰি আইতাৰ ওচৰ পাইছিলোঁগৈ৷ কাষতে খুন্দনাটো লৈ,তামোল খুন্দি-খুন্দি আইতাই ৰসাল কথনভংগীৰে এফালৰ পৰা তেজীমলা, চিলনিৰ জীয়েকৰ লগত পৰিচয় কৰাই গৈছিল৷ তাৰে মাজত আমাক খুহুটীয়া সাঁথৰ কিছুমান সুধিছিল৷ আমি  পিছে সাঁথৰবোৰৰ উত্তৰ নিজে দিয়াতকৈ আইতাৰ মুখেৰেহে শুনিবলৈ আনন্দ পাইছিলোঁ৷ সাঁথৰৰ উত্তৰ ভাঙি আইতাই ঢেকঢেকাই হাঁহিছিল৷ হাঁহি হাঁহি আমিও আইতাৰ কোলাত বাগৰি পৰিছিলোঁ৷ আন্ধাৰত আমি আইতাৰ হাঁহি থকা মুখখন দেখা পোৱা নাছিলোঁ,আৰু আইতাইও আমাৰ হাঁহি থকা মুখখন দেখা পোৱা নাছিল৷ কিন্তু এন্ধাৰৰ মাজেৰেই যেন হাঁহিৰ ৰসবোৰ সংক্ৰমিত হৈছিল আইতাৰ মুখৰ পৰা আমাৰ মুখলৈ৷ আন্ধাৰৰ মাজতো আমাৰ মুখবোৰ পোহৰ হৈ পৰিছিল-হাঁহিৰে৷
যিকেইটা বিশেষ গুণে অসমীয়া মানুহৰ চৰিত্ৰটোক বিশিষ্টতা প্ৰদান কৰিছে,তাৰ ভিতৰত ‘চেন্স অৱ হিউমাৰ’ও অন্যতম৷ অসমীয়া মানুহৰ বুদ্ধিদীপ্ততা আৰু সূক্ষ্ম দৃষ্টিভংগীৰ বাহক এই ‘চেন্স অৱ হিউমাৰ’৷ কাৰোৰে অন্তৰত দুখ নিদিয়া,নিৰ্ভেজাল আৰু স্বতঃস্ফূৰ্ত এই ৰসবোধ আমাৰ জীৱনবোৰত জীয়াই থকালৈকে আমিও ‘আমি’ হৈ থাকিম৷ ‘হাঁহি’ হৈ থাকিব আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ ৷
প্ৰকৃতাৰ্থত সুখ,আনন্দ আৰু হাঁহিৰ অগণন উৎস আমাৰ আশে-পাশেই সিঁচৰতি হৈ থাকে৷ স্মাৰ্টফোনৰ শক্তিশালী কেমেৰাটো আমাৰ ওচৰত নাথাকিলেও আমি সিহঁতক চাব পাৰোঁ৷ কেৱল আমাৰ ‘অন্তৰৰ চকু’হাল মেল খাই থাকিলেই হ’ল ৷
শেষত মোৰ এষাৰ প্ৰিয় উক্তিৰেই এই সম্পাদকীয় সামৰিছোঁ-
“কান্দিবৰ বাবে ‘জীৱন’-এ তোমাক যদি এশটা কাৰণ দেখুৱায়,তেন্তে তুমি ‘জীৱন’ক হাঁহিবৰ বাবে হাজাৰটা কাৰণ দেখুউৱা৷”(When life gives you a hundred reasons to cry, show life  that you have a thousand reasons to smile.)

সকলোৰে মংগল কামনাৰে,
ঈশান জ্যোতি বৰা,
সম্পাদক,
ফটাঢোল,মে’ সংখ্যা

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *