ফটাঢোল

সম্পাদকীয়–খনিন্দ্ৰ ভূষণ মহন্ত

হৃদয়েই নহয়, জীৱনো এখন যুদ্ধক্ষেত্ৰ। টিকি থাকিবলৈ হ’লে ৰণক্ষেত্ৰ এৰিব নোৱাৰোঁ। গোলকীয় চাকনৈয়াত জীৱন দিনে দিনে গভীৰতালৈ গতি কৰিছে। মানুহবোৰ নিজৰ অলক্ষিতেই জীৱন যুদ্ধৰ জটিলতাত সোমাই পৰিছে। গতিশীল জীৱনৰ বাটত দৈনিক আমি হাজাৰজন অচিন লোকৰ সান্নিধ্য লভিছোঁ। দুদিনীয়া এই জীৱন নাটত লগ পোৱা কোনোজনক আমি পাহৰি পেলাওঁ, কোনোজনে আমাক পাহৰি যায়। ইমানৰ পাছতো জীৱন নিজৰ মতেই আগুৱাই গৈ থাকে।

কথা নাই যে এজন মানুহে কেৱল এজন মানুহকহে হৃদয়ত স্থান দিব পাৰে। যিমান মৰম-চেনেহ আনৰ পৰা পোৱা যায়, সিমানতে নিজৰ মনটোক ক্ষান্ত ৰাখিবলৈ চেষ্টা কৰাটো ভাল। আমাৰ প্রাপ্য কিজানি সিমানেই! কোনে কাক কিমান মৰম কৰে বা ভাল পায়, আমি কাক বেছি মৰম কৰোঁ বা ভালপাওঁ জাতীয় প্রশ্নবোৰৰ পৰা সদায় নিজকে দূৰত ৰাখিব পাৰিলেই অনাহক আহুকালবোৰ কেতিয়াও আমাৰ জীৱন বাটৰ প্রাচীৰ হ’ব নোৱাৰে। এইবোৰ প্রশ্নই প্রকৃততে সময়ৰ অপব্যয় আৰু ইয়াৰ উত্তৰ বিচৰা প্রক্রিয়াটোৱে মানসিক কষ্ট প্রদান কৰাৰ বাদে আন একো নকৰে।

আচলতে এইবোৰৰ বিষয়ে যিমান চিন্তা কৰা যায় সিমানেই দেখোন নিজকে দুখ দিয়া যেনহে লাগে! এসময়ত যিজন বন্ধুৰ লগত নিৰন্তৰ কথা পাতিছিলোঁ, এতিয়া সপ্তাহ কি মাহেক-পষেকৰ মূৰত মাতষাৰ দিওঁ বা পাওঁ। অজুহাত ব্যস্ততা। আমি পাহৰি পেলাওঁ-“ব্যস্ততা বুলিবলৈ একো নাই, প্রাধান্য দিয়াৰ কিটিপহে বিৰাজমান।” মুহূর্তৰ খবৰ মুহূর্তে পাই থকা মানুহজনকো এতিয়া সুধিব লাগে ভাল-বেয়াৰ খবৰ! ভাবিলে আচৰিত লাগে, সময় ইমান সোনকালে কেনেকৈ সলনি হ’ব পাৰে!

বর্তমান প্রযুক্তিবিদ্যাৰ সুলভ দিনত হাতৰ মুঠিতেই এখন পৃথিৱী থাকে, এটা টিপাতে পাব পাৰি সিপাৰৰজনৰ খবৰ। ইমানবোৰ সুবিধা উপলব্ধ হোৱাৰ পাছতো কিন্তু আমাৰ মনৰ দূৰত্ব বাঢ়ি গৈছে। আচৰিত ধৰণে মানুহবোৰৰ ধৈর্য শক্তি তথা সংযমতা কমি আহিছে। প্রয়োজনতকৈ বেছি ভোগবাদী তথা স্বার্থান্বেষী হৈ পৰাটোৱেই ইয়াৰ মূল কাৰক বুলিব পাৰি।

ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰৰ কথাই যদি চাওঁ, আমাৰ মাজত ঋণাত্মক কথাবোৰ যে বৰ দ’ কৈ শিপাই আছে, সেইবোৰ তেনেই সহজেই অনুমেয়। ভাল খবৰ এটাৰ প্রচাৰ বা প্রসাৰ যিদৰে হ’ব লাগে, তাৰ সম্পূর্ণ ওলোটা ছবি এখনহে দেখা পাওঁ। যিবোৰ বাতৰি আনৰ লগত ভাগ-বতৰা নকৰিলেও হয়, সেইবোৰেৰে এতিয়া ফেচবুক, হোৱাটচ্-এপ ভৰপূৰ হৈ থকা দেখা যায়। কোনোবাই কাৰোবাক বেয়াকৈ ক’লে, কিবা সৰু কথা এটাত মনত আঘাত পালে, বেলেগ কথা চিন্তা কৰিবলৈ নাই; চিধাই ছ’চিয়েল মিডিয়াৰ যোগেদি আওপকীয়াকৈ হ’লেও সকলোকে কথাটো জনাইহে শান্তি পোৱা যায়। হয়, ভগাই দিলে দুখবোৰ আধা আৰু সুখবোৰ দুগুণ হয়। সেইবুলি কোনবোৰ কথা, ক’ত, কেতিয়া ক’ব লাগে সেই বিষয়ে এক সম্যক জ্ঞান সকলোৰে থকাটো বাঞ্চনীয়। তাৰোপৰি ‘ভিন্ন মানুহৰ ভিন্ন মত’ বোলা কথাষাৰো আমি পাহৰি পেলাওঁ। একমাত্র মত ভিন্ন হোৱাৰ বাবেই মনবোৰো ভিন্ন কৰি তোলা মানুহো দেখিছোঁ। আনকি ফেচবুকৰ প’ষ্টৰ আঁত ধৰিয়েই ব্যক্তিগত পর্যায়ত ভুল বুজা-বুজি হোৱাৰ নজিৰো বিদ্যমান। তাৰ ফলতেই ছ’চিয়েল মিডিয়াত আনফ্রেণ্ড, আন-ফ’ল’, ব্লক আদি কৰি বন্ধুত্বৰ বিচ্ছেদ ঘটোৱা দেখা যায়। কিন্তু মনৰ পৰা জানো কাৰোবাক সম্পূর্ণ ৰূপে ডিলিট বা ব্লক কৰিব পৰা যায়?

বহুতেই ফেচবুক আদিৰ দৰে মঞ্চ এখন সমাজ হিচাপেই গণ্য কৰি আহিছে। ভিন্ন ৰুচিৰ, ভিন্ন মনৰ মানুহ লগ পোৱা যায়। তেনেকৈয়ে দাদা-ভাইটি, বা-ভনী আদি সম্বন্ধবোৰ গঢ় লৈয়ো উঠা দেখা যায়। এক কথাত এখন ঘৰ ইয়াতো আছে। মই এটা কথা বিশ্বাস কৰোঁ যে, তেজ-মঙহৰ সম্বন্ধ থকাবোৰেই কেৱল আপোন নহয়, আপোন হ’বলৈ মূলতে লাগে বিশ্বাস আৰু আনক বুজি পোৱাৰ মানসিকতা। সকলোকে ভাল পাব নোৱাৰিলেও কাকো বেয়া পাব নালাগে। আমাৰ সুধাকণ্ঠই এনেই গাই থৈ যোৱা নাই, “যিমানে বিলাই দিবা
সিমানে মহান হ’বা…”

এটা কথা সত্য যে সম্বন্ধ এটাত দিন বাগৰাৰ লগে লগে পাৰস্পৰিক কথাবোৰ অভ্যাসৰ দৰে হৈ পৰে। আত্মীয়তা তথা মৰম-চেনেহবোৰ কিন্তু তেতিয়াও একেই থাকে। কিজানি বাঢ়েহে। কিয়নো এইবোৰৰ কোনো হৰণ-ভগন নহয়; হ’ব নোৱাৰে। তেনে সম্বন্ধবোৰ গৈ গৈ এনে এটা স্তৰত উপনীত হোৱা যায় যে তাৰ পাছত যেন আৰু একো নাই -না কিবা হেৰুওৱাৰ ভয়, না কিবা পোৱাৰ হাবিয়াস! অৰ্থাৎ, সম্বন্ধ এটাৰ প্ৰাপ্তিৰ শেষ সীমাত যেন আমি ৰৈ দিছোঁ। এইটোও ধুৰূপ যে কিবা দেনা-পাওনাৰ হিচাপ কৰি কোনো প্ৰকৃত সম্বন্ধ গঢ় নলয়, ল’ব নোৱাৰে৷ ই এক আত্মিক টান; অনুভৱে অনুভৱে বৈ থকা এটি নিজৰা…।

দুজন ব্যক্তিৰ মাজত থকা বিশ্বাসক অত্যাধিক বিশ্বাস কৰাৰ ফলত, হিতে বিপৰীত হোৱা খবৰবোৰো আমি সময়ে সময়ে ছ’চিয়েল মিডিয়াৰ যোগেদিয়েই পাই আহিছোঁ৷ কিয়নো এচামে এই বিশ্বাস বোলা শব্দটোক বৰ তুচ্ছ স্বাৰ্থত ব্যৱহাৰ কৰে৷ যাৰ ফলত, সহজ-সৰল সাধাৰণ মানুহখিনিৰ জীৱনত আউল লগা পৰিলক্ষিত হয়৷ অৱধাৰিতভাৱে, সকলো বস্তুৰে ভাল আৰু বেয়া দিশ দুইটা থাকেই৷ এতিয়া আমি কোনটো দিশ বাচি লওঁ, সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে৷ নহয়নে?

তাৰ মাজতে কিছুমান মানুহ আত্মাত এনেকৈ থিতাপি লয় যে অতি-যোজন দূৰত্বয়ো তেওঁলোকৰ সম্বন্ধত কোনো প্রভাৱ পেলাব নোৱাৰে। এনে সম্বন্ধবোৰত বাহ্যিকতাৰ স্থান শূন্য। তেনে সম্বন্ধবোৰ উশাহে উশাহে জীয়াই থাকে। আত্মীয়তা এক প্ৰহেলিকা৷ মন কৰিলেই গঢ়িব নোৱাৰি সঁচা, কিন্তু এবাৰ গঢ় লোৱাৰ পাছত ছিঙিবও নোৱাৰি৷ ইয়াক নিৰ্দ্দিষ্ট বন্ধনীত সুমুৱায়ো ৰাখিব নোৱাৰি৷

আত্মীয়তা কোনো সামগ্রী নহয় যাক তুলাচনীত জুখিব পাৰি। বাহ্যিক কাৰকৰ দ্বাৰা ইয়াক একাকাৰ কৰাটো মুর্খামিৰ বাদে আন একো নহয়। কোনোৱে ঠিকেই কৈছে, “কথা নাই যে আত্মীয় হ’বই লাগিব, য’তেই বিশ্বাস তাতেই আত্মীয়তা৷”

ধন্যবাদেৰে
খনিন্দ্ৰ ভূষণ মহন্ত

সম্পাদক
দ্বিতীয় বছৰ, একাদশ সংখ্যা
ফটাঢোল ই-আলোচনী

☆★☆★☆

28 Comments

  • অনুৰূপ মহন্ত

    ভাল লাগিল। একেবাৰে মনৰ কথা। সুন্দৰ হৈছে সম্পাদকীয়।

    Reply
    • খনিন্দ্ৰ

      আন্তৰিক ধন্যবাদ জনালোঁ

      Reply
  • পঢ়ি ভাল লাগিল৷ বৰ্তমানৰ এক অতি গুৰুত্বপূৰ্ণ বিষয় এইটো৷

    Reply
    • খনিন্দ্ৰ

      আন্তৰিক ধন্যবাদ জনালোঁ

      Reply
  • ৰিণ্টু

    সুন্দৰ সম্পাদকীয়। আলোচনী পঢ়িবলৈ আৰম্ভ কৰিছো।

    তোমাৰ বহুমূলীয়া সময়কণ আমাক দিয়াৰ বাবে ধন্যবাদ খনিন্দ্ৰ

    Reply
    • খনিন্দ্ৰ

      আপোনালোকৰ সহায়খিনি সদায় মনত ৰাখিম ককাইদেউ

      Reply
  • Mridula

    সম্পাদকীয় বৰ ভাল লাগিল । সময়োপযোগী ।

    Reply
    • খনিন্দ্ৰ

      অশেষ ধন্যবাদ জনালোঁ

      Reply
  • সৌৰভ শৰ্মা

    বাস্তৱ কথাবোৰ সুন্দৰকৈ তুলি ধৰিছে। পঢ়ি ভাল লাগিল।

    Reply
    • খনিন্দ্ৰ

      আন্তৰিক ধন্যবাদ জনালোঁ

      Reply
  • চিদানন্দ বৰা

    আজিৰ প্ৰেক্ষাপটত দেখা এখন জ্বলন্ত ছবি |

    সুন্দৰ !!!!

    Reply
    • খনিন্দ্ৰ

      চেষ্টা কৰিলোঁ| ধন্যবাদ জনালোঁ|

      Reply
  • ৰাজীৱ শৰ্মা

    ভাল বতৰা কঢ়িয়াইছে সম্পাদকীয়টোৱে।

    Reply
  • কমল তালুকদাৰ

    সুন্দৰ সম্পাদকীয় ,সময়োচিত ।

    সঁ‌চাকৈয়ে আত্মীয়তা হ’ল বিশ্বাস , বিশ্বাসৰ দোল যিমানেই মজবুত হব আত্মীয়তাও সিমানেই গাঢ় হব ।

    পুনৰ সম্পাদকক অভিনন্দন জনালোঁ , ইমান সুন্দৰ আলোচনী খন দিয়া বাবে ।

    Reply
  • কথাখিনি বৰ প্ৰাসংগিক।বহুত ধুনীয়াকৈ উপস্থাপন কৰিছা ভাই।সুন্দৰ সম্পাদকীয়।

    Reply
  • প্ৰাসংগিক কথাখিনিৰ পৰিশীলিত উপস্থাপন। বৰ ভাল লাগিল ।

    Reply
  • ডলী তালুকদাৰ

    ভাল লাগিল সম্পাদকীয়

    Reply
  • Rekha Gogoi

    সুন্দৰ লগতে সময়োপযোগী সম্পাদকীয় ৷

    Reply
  • উষা মহন্ত

    পঢ়ি বৰ ভাল পালো ‌‌ সুন্দৰ উপস্থাপন ‌।

    Reply
  • হেমন্ত কাকতি

    সুন্দৰ সম্পাদকীয়৷ সৰ্বাংগসুন্দৰ আলোচনী এখন আমাক উপহাৰ দিয়াৰ বাবে ধন্যবাদ৷

    Reply
  • Nirmali

    সুন্দৰ

    Reply
  • তৃষ্ণা সো

    সুন্দৰ সম্পাদকীয়। অভিনন্দন জনালোঁ

    Reply
  • বৰ্তমানৰ বৰ প্ৰয়োজনীয় কথা, সুন্দৰ সম্পাদকীয় খনিন্দ্র।

    Reply
  • লীলা কান্ত শইকীয়া

    বৰ সুন্দৰ হৈছে সম্পাদকীয় সময়ৰ উপযোগী। ভাল লাগিল

    Reply
  • ৰামানুজ

    অ দৃশ্য বান্ধোন এটাক সচা জিীৱনৰ লগত সাঙুৰি এটা সাংঘাতিক সম্পাদক ীয় …

    বৰ ভাল লাগিল..

    Reply
  • Sankar Jyoti Bora

    সম্পাদকীয় আজিহে পঢ়িলো৷বৰ সুন্দৰকৈ লিখিলা৷আলোছনীৰ বাবে অভিনন্দন৷

    Reply
  • গীতিমল্লিকা গগৈ

    আজিহে পঢ়িলো। ভাল লাগিল।

    Reply
  • Tulika Borah

    সঁচাকৈ য’ত বিশ্বাস আছে তাতেই আত্মীয়তা আছে

    Reply

Leave a Reply

Your email address will not be published.