ফটাঢোল

সম্পাদকীয়–তৃষ্ণা টি. ভূঞা

 

“নোৱাৰোঁ কথাটি হেৰা বেয়া কথা বৰ
কদাপি নহয় সিটি কথা মানুহৰ৷“

শ্ৰেণীকোঠাত মাষ্টৰৰ মাৰৰ ভয়তে মুখস্থ কৰি আঁওৰোৱাৰ পৰা গধূলি মা দেউতাক দেখাই টেটু ফালি আবৃত্তি কৰালৈ ওপৰোক্ত কবিতালানি আমাৰ আটাইৰে আপোন৷ “তোমাৰ প্ৰিয় কবিতা এফাকি গোৱা“ বুলি কলেজ ৰেগিঙত সোধোঁতেও মুখেৰে এইফাকি কবিতাহে ওলাইছিল৷ সময় বাগৰিল৷ কবিতা নতুন হ’ল৷ মডাৰ্ণ কবিতা আহিল য’ত কবিয়ে প্ৰেয়সীৰ চুলিক চাওমিনৰ লগত তুলনা কৰিও ৱাহ ৱাহ বুটলিলে৷ খাৰখোৱা মগজুৱে কিন্তু সেইবোৰ নুবুজিলে আৰু স্কুলীয়া দিনৰ সেই সাৰুৱা কবিতাবোৰহে মনত ৰাখিলে৷

আজি ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহৰ দুৱাৰদলিত ভৰি দি অনুভৱ কৰিছোঁ, এইবোৰ যে কবিতা অকবিতাৰ কথা গাই আছোঁ, জীৱনৰ কোন ক্ষণত বাৰু এই সাৰুৱা কবিতাবোৰৰ বচন আখৰে আখৰে পালন কৰিছোঁ৷ “মই গান্ধীজীৰ দৰে হ’ম, সদায় সত্য পথত ৰ’ম“ বুলি হেঁপাহেৰে আবৃত্তি কৰা চোকা ল’ৰাজন আজি দুৰ্নীতিৰ বোকাত কিয় লিপ্ত? বা “ডাল ভৰি ভৰি ফল ফুল লাগে ক’ত পাওঁ তলসৰা“ শীৰ্ষক শুৱনি গাঁওখন এতিয়া অভাৱে জুৰুলা কৰা পৰিত্যক্ত অঞ্চল কিয় হৈ পৰিলে? “এনেখন শুৱলা মাত“ ৰ অসম দেশখন এতিয়া কিয় অবাইচ মাত, ক্ষোভ, গৰিহণা, ঠগবাজিৰ কেন্দ্ৰভূমি হৈ উঠিল?

এই অল্পমতিৰ মগজুৰ পৰিসৰে ঢুকি পোৱামতে এই সকলো সমস্যা, সকলো গ্লানি-বিদ্বেষ, হিংসা-প্ৰতিহিংসাৰ কাৰক হৈছে আমাৰ অন্তৰত থূপ খাই থকা ঋণাত্মক চিন্তাধাৰা আৰু তাৰেই নিৰ্ধাৰিত আমাৰ জীৱনৰ সিদ্ধান্ত আৰু গতিপথ৷ শৈশৱত খোলা চকুৰে দেখা আমাৰ সেই নিষ্পাপ সপোনবোৰো এই বৰ্তমানৰ ঋণাত্মক চিন্তাৰ ক’লা ডাৱৰে জানো পংগু কৰি পেলোৱা নাই? ’নাজানো’, ’নোৱাৰোঁ’, ’নহ’ব’, ’অসম্ভৱ’ ইত্যাদিৰে দিনটো আৰম্ভ কৰি ৰাতিটোও শেষ নকৰোঁ জানো আমি আজিকালি?

আহক এই চেগতে অকণমান আত্মবিশ্লেষণ কৰোঁ আৰু এই ঋণাত্মক চিন্তাধাৰাক মন-মস্তিস্কৰ পৰা আজুৰি উলিয়াই দিওঁ৷

আমি মানুহবোৰে জীৱশ্ৰেষ্ঠ বুলি নিজকে গণ্য কৰিলেও কিন্তু এক সুস্থিৰ চিন্তাধাৰাৰ জীৱ বুলি সদায়ে পৰিচয় দিব নোৱাৰোঁ৷ আমাৰ চিন্তা পৰিৱৰ্তনশীল, বহু সময়ত আত্মবিৰোধী আৰু পশ্চগামী৷ সৰুতে যিটো বীজগণিতৰ নিমিলা অংক মিলাবলৈ দিন ৰাতি একাকাৰ কৰিছিলোঁ, এতিয়া আনকি বজাৰৰ বাজেটখন নিমিলিলে আমি হাৰ মানি “থ হেৰৌ“ বুলি স্মাৰ্টফোনটো হাতত লৈ ফেচবুক খুলি বহি যাওঁ৷ আমি অলপ বিপদ বা বিৰোধ পালেই আমাৰ সপোনৰ পৰা দৈনন্দিন কাৰ্য্যসূচীলৈ সকলো পৰিৱৰ্তন কৰি দিওঁ৷ অসফল হোৱাৰ ভয়টোৱে আমাৰ মন-মগজুক এনেদৰে গ্ৰাস কৰি পেলাইছে যে আমি জীৱনৰ পথত অহা বহুখিনি কাম, সপোন, কৰ্তব্য এনেদৰে ভৰিৰে পিটিকি মোহাৰি পেলাই দিছোঁ যাতে আমাৰ নামৰ কাষত অসফলতাৰ মোহৰ নালাগে৷

কিন্তু জীৱনৰ চৰম সত্যটোৱে হৈছে যে আমি জীৱনত আগুৱাই যাবলৈ বহুত ঘাত-প্ৰতিঘাত, তিতা-কেঁহা, ককৰ্থনা-তিৰস্কাৰ সহ্য কৰিবলগীয়া হ’বই৷ “জীৱন জীৱন বৰ অনুপম“ এনেই শুই বাগৰি অনুভৱ কৰিব নোৱাৰি৷ এই কঠোৰ বাটচোৱা বা ঘাত-প্ৰতিঘাতবোৰ আমাৰ জীৱনত নানা ৰূপত, বিভিন্ন সময়ত, অপ্ৰত্যাশিত বা অসামান্য ক্ষণ বা ঠাইত আহিব পাৰে৷ জীৱনৰ যুঁজখনৰ কোনো ধৰা-বন্ধা স্থান-কাল-পাত্ৰ নাথাকে৷

নিউটনৰ সিদ্ধান্ত অনুসৰি সকলো ক্ৰিয়াৰে এক সমৰৈখিক আৰু বিপৰীতমূলক প্ৰতিক্ৰিয়া থাকে৷ জীৱনৰ প্ৰাকৃতিক চকৰিটোও প্ৰায় এনেকৈয়ে চলে৷ ভিৰ বাছ এখনত দৌৰি সোমাব লাগিলেই যদি প্ৰত্যাহ্বানৰ সন্মুখীন হবলগীয়া হয়, জীৱনৰ যুঁজত কুমজেলেকুৱা হৈ হাত সাৱটি থাকিলে কেনেকৈ বহি বহি সাফল্য পাব বাৰু!

ইয়াতেই মহাকাশচাৰী বিজ্ঞানীসকলৰ এক উদাহৰণ দিব বিচাৰিছোঁ৷ মহাকাশচাৰীসকলৰ অনুভৱ অনুসৰি যেতিয়াই তেওঁলোক বহিঃমণ্ডললৈ যায়, তাত ঘৰ্ষণ আৰু মাধ্যাকৰ্ষণ অতি কম পৰিমাণে অনুভৱ কৰে৷ তেনেকুৱা অৱস্থাত তেওঁলোকৰ মাংসপেশী আৰু হাড় ইমানেই দুৰ্বল হৈ পৰে যে তেওঁলোকৰ বহুতেই খোজ কঢ়াৰ সামৰ্থ্য বা পৃথিৱীলৈ ঘূৰি অহাৰ সামৰ্থ্য হেৰুৱাই পেলায়৷ এক বিৰোধমুখী প্ৰতিক্ৰিয়া অৰ্থাৎ ঘৰ্ষণ আৰু মাধ্যাকৰ্ষণৰ অবিহনে যে মানৱ জীৱনৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াও বন্ধ হ’ব পাৰে তাৰ এক জ্বলন্ত উদাহৰণ এই মহাকাশচাৰীসকলৰ অনুভৱ৷ তথাপিও তেওঁলোক পিছ হুহুঁকি নৰয়, অসফলতা বা মৃত্যুৰ ভয়ে তেওঁলোকৰ সপোনক কুঠাৰাঘাত কৰি পংগু কৰি নোতোলে৷

সেয়েহে, যদি আমি কেতিয়াও প্ৰত্যাহ্বান বা বিৰোধৰ সন্মুখীন নহওঁ, আমি ক’ব নোৱাৰিম যে আমি প্ৰকৃত অৰ্থত মানৱ জীৱন যাপন কৰিছোঁ৷ বিখ্যাত সমাজবিজ্ঞানী গফমেনৰ মতে এই ভোগ-বিলাসৰ দুখ-কষ্টবিহীন আৰামী জীৱন কেৱল ঘৰচীয়া বা পোহনীয়া প্ৰাণীৰহে হ’ব পাৰে, সমজুৱা প্ৰাণী হিচাবে আমি মানুহবোৰে সুখ-দুখ, হাঁহি-কান্দোন ইত্যাদিৰ সন্মুখীন হোৱাটো বাঞ্চনীয়৷ ‘Presentation of Self in Everyday Life’ শীৰ্ষক কিতাপখনত গফমেনে পুনৰাই লিখিছে যে আপুনি যদি আপোনাৰ জীৱনত কোনোদিন দুখ বা সংঘৰ্ষ অনুভৱ কৰা নাই, তেতিয়া হয়তো আপোনাৰ জীৱনটো inherited অৰ্থাৎ আহৰণ কৰাহে, acquired অৰ্থাৎ আয়ত্ব কৰা নহয়৷ যিকোনো ধনাত্মক জীৱনৰ পৰিচয় ইয়াক আয়ত্ব কৰিবলৈ কৰা ঋণাত্মক সংঘৰ্ষসমূহৰ ফল যিয়ে আমাৰ জীৱনক এক সুকীয়া দৃষ্টিৰে চোৱাত সহায় কৰে৷ এই যে ঋণাত্মক ভাৱনা, গতিবিধি এইবোৰৰ কথা আলোচনা কৰি আছোঁ এয়া আন একো নহয় বৰঞ্চ আমি আমাৰ ব্যক্তিগত বা সামাজিক জীৱনত মুখামুখি হোৱা মুহূৰ্তবোৰ – কৰ্মক্ষেত্ৰত পোৱা দৈনন্দিন বিৰক্তি বা তিক্ততা, আপোনাৰ নিজৰ পৰিবাৰ বা স্বামীৰ লগত হোৱা মনোমালিন্য, বেৰোজগাৰী ইত্যাদি৷

সেয়েহে, খোলা চকুৰে সপোন দেখি তাক বাস্তৱ ৰূপ দিব পৰা সামৰ্থ্যৱান এক সফল ব্যক্তি হ’ব বিচাৰিলে আমি এই ঘাত-প্ৰতিঘাতবোৰ হাঁহিমুখে আকোৱালি লৈ আগুৱাই যাব লাগিব৷ তাৰ কাৰণে প্ৰতি পদতে লাগিব আমাক এক নিষ্পাপ শিশুৰ দৰে জগত জিনিব পৰা সপোন৷ “নোৱাৰোঁ কথাটি হেৰা বেয়া কথা বৰ“ বুলি আঁওৰোৱাৰ লগতেই এই বাক্যশাৰী জীৱনৰ গতিপথত আখৰে আখৰে পালন কৰিবও পাৰিব লাগিব৷ হিংসা-দ্বেষ আদিৰ দৰে ঋণাত্মক ভাৱনাবোৰক মচি নাইকিয়া কৰি মানুহ হিচাবে খোজ দিব লাগিব৷ সদায় মনত ৰখা উচিত যে আমি জীৱশ্ৰেষ্ঠ মানৱ৷ আমাক আন জন্তুতকৈ শ্ৰেষ্ঠ আমাৰ বিচাৰ বিবেচনাই বনায়৷ সেয়েহে অসফলতা, ভয়, লাজ ইত্যাদিক গতিয়াই আকৌ মানুহ হিচাবে পৰিচয় দিওঁ আহক৷

শেষত, বাইবেলৰ এষাৰি কথাৰে সামৰণি মাৰিছোঁ য’ত জোচেফে নিজৰ ভায়েকসকলক কৈছে “তোমালোকে ভাবিছা মোৰ ওপৰত অত্যাচাৰ হৈছে, কিন্তু ভগৱানে ইয়াৰ ছলেৰে তোমালোকক বৰদান দিছে৷ দুখ নকৰিবা, দুখ-বেদনা, কান্দোন, খঙ ইত্যাদিক এক ধনাত্মক ৰূপ দিবলৈ চেষ্টা কৰা৷ বিৰোধী পাহাৰখন ভাঙি দিয়া এক সুখ আৰু হাঁহিৰ বন্যাৰে আৰু সিহঁতক ভুল প্ৰতিপন্ন কৰা!“

ধন্যবাদেৰে

তৃষ্ণা টি. ভূঞা
সম্পাদিকা
বিংশতিতম সংখ্যা
ফটাঢোল ই-আলোচনী

☆★☆★☆

68 Comments

  • অতি সুন্দৰ সম্পাদকীয়। অভিনন্দন তৃষ্ণা

    Reply
  • ৱাহ, খুব ভাল লাগিল ।
    প্ৰথম সম্পাদকীয়ই পঢ়িবলৈ লৈছিলো, সম্পাদকীয়ই নিৰাশ নকৰিলে ।
    অভিনন্দন ।

    Reply
  • Mitali Saharia

    বৰ ধুনীয়া সম্পাদকীয়। অভিনন্দন ….

    Reply
  • Bikash

    সুন্দৰ সম্পাদকীয়

    Reply
  • সৌৰভ শৰ্মা

    সুন্দৰ চম্পাদকীয়। বাকীসমুহ পঢ়িম এতিয়া। মেগাজিন ঝাকাছ হব।

    Reply
  • Nirmali

    সুন্দৰ লাগিল…..

    Reply
  • দিম্পল

    বঢ়িয়া বাইদেউ।
    আৰম্ভণি কৰিছোঁ ।
    ধন্যবাদ লগতে

    Reply
  • কমল তালুকদাৰ

    ভাল লাগিল সম্পাদকীয় পঢ়ি।
    “ভোগ-বিলাস, দুখ-কষ্টবিহীন আৰামী জীৱন কেৱল ঘৰচীয়া বা পোহনীয়া প্ৰাণীৰহে হ’ব পাৰে” — গফমেন । সুন্দৰ উদ্ধৃতি ।

    Reply
  • অবিনাশ শৰ্মা

    সুন্দৰ সম্পাদকীয়৷ভাল লাগিল৷

    Reply
  • অনুৰূপ মহন্ত

    বৰ সুন্দৰ আৰু সময়োপযোগী হৈছে সম্পাদকীয়টো। অভিনন্দন জনালোঁ তৃষ্ণা।

    Reply
  • ডলী তালুকদাৰ

    সুন্দৰ সম্পাদকীয় । পঢ়ি বহুত ভাল লাগিল।

    Reply
  • Rintumoni Dutta

    সুন্দৰ আৰু সময়োপযোগী সম্পাদকীয় তৃষ্ণা, ভাল লাগিল পঢ়ি।

    বাকী লিখাবোৰ পঢ়ি আছো, এতিয়ালৈ পঢ়া আটাইবোৰেই ভাল লাগিছে।

    আন্তৰিক অভিনন্দন

    Reply
  • সুন্দৰ আৰু অনুপ্ৰেৰণাদায়ী সম্পাদকীয়।

    Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

    ভাল লাগিল সম্পাদকীয়টো,ঋণাত্মক ভাৱধাৰাবোৰ মনৰ পৰা আতৰাই ৰাখিব পাৰিলেহে সকলোবোৰ বস্তু সুন্দৰ দেখি।

    Reply
  • ধ্ৰুৱজ্যোতি অৰ্জুনা

    মই পৰহিহে গম পাইছিলো তুমি সম্পাদিকা বুলি । প্ৰথম সেয়ে সম্পাদকীয়টোকে পঢ়িলো । খূউৱ সুন্দৰ হৈছে ।

    Reply
  • দেবজিত শৰ্মা

    খুব ভাল লাগিল পঢ়ি ৷ সময়োপযোগী ৷

    Reply
  • অলকেশ ভাগৱতী

    সুন্দৰ সম্পাদকীয় ৷ আপোনাৰ লগতে আলোচনীৰ লগত জড়িত সকলোলৈ
    ইমান ধুনীয়া আলোচনী এখন উপহাৰ দিয়াৰ বাবে অভিনন্দন থাকিল৷

    Reply
  • Anjan sadhanidar

    সম্পাদকীয় পঢ়িভাল লাগিল। আশা কৰা মতেই সুন্দৰ আলোচনী।

    Reply
  • Trishna

    সদৌটি ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছো৷ আপোনালোকৰ মৰম আৰু অনুপ্ৰেৰণাৰ কাৰণে মই চিৰ কৃতজ্ঞ হৈ ৰম৷ 🙏

    Reply
  • ৰাজশ্ৰী শৰ্মা

    খুব ভাল হৈছে সম্পাদকীয়। আলোচনীও সৰ্বাংগসুন্দৰ । অভিনন্দন তৃষ্ণা।

    Reply
  • আলোচনীখন প্ৰথমতে সম্পাদকীয়ৰ পৰাই আৰম্ভ কৰিছো ।যথেষ্ট মনোগ্ৰাহী হৈছে ।অভিনন্দন তৃষ্ণা ।

    Reply
  • তৃষ্ণা সো.

    অতি মননশীল সম্পাদকীয়, সুন্দৰ সংখ্যাটিৰ বাবে অভিনন্দন তৃষ্ণা বা

    Reply
  • হেমন্ত কাকতি

    সম্পাদকীয় অতি সুন্দৰ৷ এনে এখন মেগাজিন উপহাৰ দি এমহীয়া কষ্টখিনি পাহৰাই দিয়া বাবে অশেষ ধন্যবাদ৷

    পোনহৈ থকা ফটো এখন নোপোৱাৰ দুখটোও পাহৰি গ’লো

    Reply
  • প্ৰেৰণাদায়ক সম্পাদকীয়, খুউব ভাল লাগিল তৃষ্ণা।

    Reply
  • কমলা দাস

    সুন্দৰ সম্পাদকীয় । বৰ ধুনীয়া কথা লিখিছা ।

    Reply
  • ভাল লাগিল তৃষ্ণা৷অভিনন্দন৷

    Reply
  • উষা মহন্ত

    সুন্দৰ ভাৱ আৰু সাৱলীল ভাষাৰ উপকৰণেৰে সম্পাদকীয় লিখনি বৰ উপাদেয় হৈছে ।পঢ়ি বৰ ভাল পালোঁ ।

    Reply
  • সুন্দৰ সম্পাদকীয়। আত্মবিশ্লেষণৰ বৰ প্ৰয়োজন আমাৰ।
    অভিনন্দন জনালোঁ।

    Reply
  • সুন্দৰ সম্পাদকীয়! পঢ়ি বৰ ভাল লাগিল৷ আপোনালৈ অভিনন্দন থাকিল৷

    Reply
  • Utpal

    ভাল হৈছে ৱাইফী৷ মৰম মৰম 😘😘😘

    Reply
  • হিৰণ্যজ্যোতি দাস

    সম্পাদকীয় পঢ়ি আপ্লুত হ’লো ৷ ইমান ধুনীয়াকৈ লিখিছে ৷

    Reply
  • ভাল লাগিল পঢ়ি । ফটাঢোল ই আলোচনী প্ৰথম বাৰৰ বাবে পঢ়িছোঁ, প্ৰায় লেখাবোৰেই পঢ়িছোঁ বহুত ভাল লাগিছে ।

    Reply
  • জয়ন্ত দাস

    বৰ সুন্দৰ সম্পাদকীয়৷ সচাকৈয়ে ঋণাত্মক চিন্তাধাৰণা বোৰ এৰি নিদিলে বিপদ অনিবাৰ্য্য৷

    Reply
  • Smritirekha das

    তৃষ্ণা ,বৰ ধুনীয়া সম্পাদকীয়।

    Reply

Leave a Reply

Your email address will not be published.