ফটাঢোল

সম্পাদকীয়-মনজিৎ

আজিকালি অনুভৱ হয় সময়ৰ বেগ, পোহৰৰ বেগতকৈও বেছি চাগে। সপ্তাহটোক দিন, মাহটোক সপ্তাহ আৰু বছৰটোক মাহ যেনেই লগা হৈছেগৈ। সময়বোৰ ইমান সোনকালে গুছি যায় যে তলকিবই নোৱাৰি। আগৰ 31st ৰ হেং অভাৰ নেভাগোঁতেই নতুন বছৰ আহি যায়। এনেকৈ হ’লে দেখোন বেমাৰ-আজাৰ হোৱাৰ আগতে বুঢ়া হৈয়ে মৰিব লাগিব। মৰা মেলাবোৰ বাৰু পিছে পৰে দেখা যাব। এতিয়া কথা হ’ল বুজন হোৱাৰেপৰা ভালকৈ বুজি আহিছোঁ যে সময়েই হৈছে ‘জীৱন’ নামৰ বিদ্যালয়খনৰ প্রধান শিক্ষক। প্রতিটো খোজতেই সময়ে আমাক নতুন নতুন শিক্ষা দি যায়। ভুলবোৰ আঙুলিয়াই দিয়ে, শুধৰোৱাৰ সুযোগ দিয়ে। আমাৰ ওপৰত নির্ভৰ কৰে আমি ভুলবোৰৰপৰা শিক্ষা ল’লোঁ নে? তাক শুধৰাবলৈ চেষ্টা কৰিলোঁনে? এই ভুল শুদ্ধৰ সমষ্টিয়েই হৈছে ‘অভিজ্ঞতা’। শব্দটো ভাঙি দিলেই তাৰ অর্থটো ওলাই, ‘অভিগ_গতা’, মানে জীৱনৰ বাটত খোৱা ‘গতা’বোৰৰ সমষ্টিয়েই অভিজ্ঞতা। যি পৌঢ় কৰি তোলে আমাক। সময় সদায় অভিজ্ঞতাৰ সমানুপাতিক। সময় বাঢ়ি গৈ থাকিলে অভিজ্ঞতাও বাঢ়ি গৈ থাকে। সেয়ে কোনোবা অজ্ঞাত ব্যক্তিয়ে কৈ গৈছে যে,
“আমি সদায় জ্যেষ্ঠজনৰ কথা শুনিব লাগে, এই বাবে নহয় যে তেওঁলোক আমাতকৈ ডাঙৰ, এইবাবেহে যে তেওঁলোকৰ আমাতকৈ বেছি ভুল কৰাৰ অভিজ্ঞতা আছে।”

কথা হ’ল আমি অভিজ্ঞতাৰপৰা সঁচাই কিবা কিবি শিকো নে? যদি শিকো তাকে হাতে কামে কৰোঁ নে? যদি কৰোঁ সেই কামবোৰ ফলপ্ৰসু হয়নে? প্রশ্ন কেইবাটাও। উত্তৰবোৰ কিন্তু নিজৰ ওচৰতেই আছে। পিচে সেইখিনিতেই মূল সমস্যাটোৰ আৰম্ভণি হয়। সমস্যটো হ’ল যিকেইটা প্রশ্ন নিজক সুধিব লাগে সেইকেইটা প্রশ্ন আমি আনক সোধোঁ, আনে কৰিব বুলি বাট চাওঁ। এক কথাত ক’বলৈ গ’লে টেনিছ বা বেডমিণ্টন খেলৰ দৰে হৈ পৰে কথাবোৰ। যিকোনো প্রকাৰে বেলেগৰ কোর্টলৈ বল ঠেলিব লাগে। মানে নিজৰ কিবা দোষ ক্ৰটী থাকিলেও প্রাকে প্রকাৰে, চলে বলে কৌশলে সন্মুখৰজনকহে দোষী বুলি প্রতিপন্ন কৰাৰ প্রতিযোগিতা চলে। সঠিক আত্মবিশ্লেষণেৰে যিটো কাম সমাধা কৰিব পৰা হ’ল হয়, সেইটো ইজনে সিজনলৈ দোষ ঠেলাৰ মিউজিকেল শ্বেয়াৰ ধৰণৰ হৈ পৰেগৈ। ফলত সমস্যাবোৰৰ সমধান হোৱাৰ সলনি পাকহে লাগি ধৰে।

এতিয়া কথা হ’ল, এই যে অতবোৰ বেবেৰিবাং কথা লিখি আছোঁ, আপোনালোকে ভাবিছে চাগে সম্পাদকীয় নে কিবা সাঁথৰ! সেয়ে আহক উদাহৰণসহকাৰে বুজোঁ কথাটো।

আমি আজিকালি প্ৰায়েই ঘৰে বাহিৰে বা আড্ডাতেই হওক নাইবা চচিয়েল মেডিয়াতেই হওক, ক’ৰবাত কিবা এটা গণ্ডগোল হ’লেই চৰকাৰক গুৱাল গালি পাৰিবলৈ ধৰোঁ। নিকম্মা, নিষ্কৰ্মা, বেকাৰ, কোনো কামৰ নহয় বুলি। মানুহবোৰক গালি পাৰোঁ হেন তেন, অমুক তমুক বুলি। কিন্তু কথা হ’ল আমাৰ বাৰু সঁচাই চৰকাৰকে বা আন কাৰোবাকে গালি পৰাৰ যোগ্যতা আছে নে? চৰকাৰে কিবা কৰক বা নকৰক আমি কি কৰিছোঁ দেশৰ কাৰণে, সমাজৰ কাৰণে, সেইখিনি আত্মবিশ্লেষণ কৰিছোঁ নে? দকৈ ভাবিলে বুজোঁ দেশ বা সমাজ সলাবলৈ বৰ ডাঙৰ ডাঙৰ কাম কৰিব নেলাগে, সৰু সৰু কথা কিছুমানত মন দিলেই আপোনা আপুনি সলনি হ’ব দেশ, সমাজ আৰু মানুহবোৰ। মাথো লাগে সামান্য সদিচ্ছা আৰু আন্তৰিকতা। বেলেগে কি কৰিছে নাই কৰাতকৈ সকলোৱে নিজে কি কৰিছোঁ তাত গুৰুত্ব দিলে চকুত লগা পৰিৱর্তন আহিব। পৰিৱর্তনৰ বাবে বেলেগকৈ চৰকাৰৰ মুখলৈ চাব নেলাগে। সেয়ে মই তালিকা হিচাপে কেইটামান আমি কৰিব পৰা সৰু কিন্তু সমাজ অথবা পৰিবেশ সলাব পৰা কাম দাঙি ধৰিলোঁ। আশা কৰিম আপোনালোকেও সহযোগ কৰিব।
কামৰ তালিকাখন নতুন নহয়, চৰকাৰেও পদক্ষেপ লৈছে তথাপিও আমাৰ সার্মথ্যৰে চেষ্টা কৰোঁ আহক,

ক) স্বচ্ছতাৰ দিশে দুখোজ

১) মাত্ৰ দুখোজ বেছিকৈ আগুৱাই গ’লেই আপুনি দূৰৰপৰা দলিয়াই দিয়া আপোনাৰ ঘৰৰ জাবৰৰ টোপোলাটো পৌৰসভাই ৰখা ডাষ্টবিনৰ ভিতৰত পেলাব পাৰে। আহক সকলোৱে পণ লওঁ, ডাষ্টবিনৰ লগতে স্বচ্ছতাৰ পিনে দুটা খোজ বেছিকৈ আগুৱাওঁ।

২) অকণমান কষ্ট কৰি যদি আমি সকলোৱে বজাৰলৈ মোনাটো লৈ যোৱাৰ অভ্যাস গঢ়িব পাৰোঁ তেতিয়াও দেশত ব্যৱহৃত পলিথিনৰ পৰিমাণ নাই নাই বুলিও ৫০% ৰ অধিক কমি যাব। কেতিয়াবা মোনা নিবলৈ পাহৰিলেও পলিথিনৰ সলনি মোনা এটাও কিনি ল’ব পাৰে। সেইটো একপ্ৰকাৰৰ নিজকে দিয়া সকিয়নিৰ দৰে হ’ব যে মোনা পাহৰিলে মোনা কিনিবলগীয়া হয়। সেয়ে সেই খৰচ বচাবলৈ লগত মোনা লৈ যোৱাটো বাধ্যতামূলক। নিজৰ গাড়ী বা বাইকত নাইবা অফিচলৈ নিয়া বেগতো মোনা এটা ৰাখিব পাৰে।

৩) সতকাই দেখিবলৈ পোৱা যায় যে আমি চিপচ খাই চিপচৰ পেকেট, পানী খাই পানীৰ বটল গাড়ীৰ খিৰিকীৰে অকণো চিন্তা নকৰাকৈ দলিয়াই দিওঁ। ই এক এৰাব নোৱাৰা বদঅভ্যাস আমাৰ। চুবুৰীয়া ৰাজ্য চিকিমৰ দৰে আমিও যদি চৰকাৰী বেচৰকাৰী বা নিজা সকলো ধৰণৰ বাহনতে GARBEG বেগ এটা ৰাখোঁ, চিপচৰ পেকেট, কেপি, ৰজনীগন্ধা অথবা পানী বটলবোৰ খোৱাৰ পিছত সেই গাৰবেজ বেগত জমা কৰি, য’তেই ডাষ্টবিন পাওঁ তাত পেলাই যোৱা ধৰণৰ অভ্যাস এটা গঢ়ি তোলো, তেন্তে মই ভাবোঁ আন নহ’লেও “কৃত্ৰিম বানত উটি গ’ল মহানগৰীৰ আভিজাত্য” নামৰ “চিজনেল ব্ৰেকিং নিউজ”টোৰপৰা কিছু উপশম পোৱা যাব।

৪) কোনোবা মহান ব্যক্তিয়ে কৈ গৈছে, “তামোল পাণ, গুটখা আৰু দুৰ্নীতি নোহোৱা হৈ গ’লে সমাজখন নিজে নিজেই পৰিষ্কাৰ হৈ যাব।” পিচে সেইখিনি নোহোৱা কৰা বৰ কঠিন কাম। কিন্তু কিছুমান কাম আমি কৰিব পাৰোঁ। ধৰক ৰাজহুৱা স্থানবোৰত যেনে অফিচ কাছাৰী, ৰাজহুৱা শৌচাগাৰ, চিকিৎসালয় ইত্যাদিৰ চুকে কোণে পিক পেলোৱাৰ অভ্যাসটো সলাই ডাষ্টবিন অথবা বাথৰুমৰ বেচিনত পেলাই পানী ঢালি দিব পাৰোঁ, যাতে আমাৰ ৰঙচুৱা প্রতিভাবোৰ চুকবোৰত ৰাজপথত ৰঙা ডাঠ চামনি পাতি জিলিকি থকাৰ সলনি পানীৰ সৈতে উটি গুছি যায় আৰু ৰাজহুৱা ঠাইকণৰো সৌন্দৰ্য অটুট থাকে। সেয়াও নোৱাৰিলে লগত বটল বা ঠোঙা জাতীয় কিবা এটা ৰাখি তাতো পেলাব পাৰোঁ।

৫) ঠিক তেনেকৈ পিকনিকলৈ যাওঁতে সদায় লগত ডাষ্টবিন লৈ যোৱাটো পিকনিক স্পটটো তথা সমাজৰ বাবে অত্যন্ত উপকাৰী অভ্যাস৷

খ) জাতীয়তাবাদ

১) হিন্দু বাংলাদেশী আনি আমাৰ ভাষা সংস্কৃতি ধ্বংস কৰিব খুজিছে বুলি চৰকাৰক দোষ দি সমস্যাটোক অৱহেলা কৰাতকৈ যদি অাত্মবিশ্লেষণ কৰোঁ, তেতিয়া দেখিম যে, “অ’ ময়ে দেখোন মোৰ ল’ৰা ছোৱালীয়ে অসমীয়া লিখিব পঢ়িব নেজানে বুলি ফুটনি মাৰি ফুৰোঁ।” গতিকে সেই ফুটনি এৰি নিজৰ বুলি ভাবি অলপ আন্তৰিকতাৰে ল’ৰা ছোৱালীকেই হওক বা ভাগিন ভতিজাকেই হওক মাতৃভাষাৰ প্রতি আগ্ৰহ জন্মাওঁ আহক। সিহঁতক বুজাওঁ যে মাতৃভাষাক বাদ দি আমাৰ কোনো অস্তিত্বই নাই। সিহঁতে বিশেষ নাজানে, গতিকে তাক বুজোৱাৰ দায়িত্ব আমাৰ। আমি ঠিকে থাকিলে হেজাৰ বাংলাদেশী আহিলেও ভাষা সংস্কৃতিৰ একো হীনদেড়ি ঘটাব নোৱাৰে।

২) জাতীয় চেতনাত টগবগাই থকা আবেগে আমাক প্রায়ে ৰাজপথলৈ লৈ আনে নিজৰ প্রাপ্য অধিকাৰ বিচাৰি। দৰকাৰ, ন্যায্য প্রাপ্তিৰ বাবে প্রতিবাদ, আন্দোলনৰো দৰকাৰ। কিন্তু সকলোৰে সীমা থকা উচিত। প্রতিবাদৰ চোক বেছি হ’লে নিজৰ মানুহখিনিৰে অপকাৰ হয়। সেয়ে মনে প্রাণে বিচাৰিম কিছুমান প্রতিবাদ, আন্দোলন ৰাজপথত নহৈ হাতে কামেৰেও হওক। যি আন্দোলনে আমাক স্বাৱলম্বী হোৱাত সহায় কৰে, যি আন্দোলনে আমাক স্ব-নির্ভৰশীল কৰি তোলে। নিজৰ অভাৱ নিজেই পুৰণ কৰিব পাৰোঁ, কোনো বহিৰাগত বনিয়াৰ গোলামি নকৰাকৈ। জাতীয়তাবাদৰ মূল মন্ত্ৰফাকিয়েই হওক, “কর্মই আচল ধর্ম”। শেহতিয়াকৈ এচাম নতুন প্রজন্মই স্বাৱলম্বী হোৱাৰ বাট লোৱাটো নিঃসন্দেহে আশাৰ বতৰা।

গ) অন্যান্য

১) চহৰ নগৰবোৰৰ অন্যতম মূল সমস্যা হ’ল ট্ৰেফিক। তাতকৈ ডাঙৰ সমস্যা হৈছে ট্ৰেফিকৰ নিয়ম নমনাটো। যধে মধে OVERTAKE, য’তে ত’তে PARKING। বাইকাৰৰ উৎপাত, কেৱল নিজে আগত যোৱাৰ প্রবণতা। এইবোৰ হৈছে সমস্যা। কিন্তু সমাধান কি? মই ভাবোঁ ইয়াৰ সমাধানৰ বাবে পাইলট প্রজেক্ট নেলাগে সৰু সৰু অভ্যাস কিছুমান গঢ়ি তুলিলেই বহুলাংশে কমি যাব সমস্যাটো। যেনে, যধে মধে অভাৰটেক নকৰি শাৰী মতে গৈ থাকিলে যান জঁট বহুখিনি কমি যাব। একেবাৰে দোকানখনৰ বা মলটোৰ সন্মুখত বা গন্তব্যস্থানৰ আগতেই নমাৰ অভ্যাসটো পৰিহাৰ কৰি আহল বহল অথবা সুচল ঠাইত নামি অলপ দূৰ খোজকাঢ়ি যোৱাৰ অভ্যাসটো গঢ়ি তুলিলে যান জঁটৰ লগতে ৰাইজেও বহুত উপশম পাব। নিজৰ ল’ৰাটোক ১৮ বছৰ নহওঁতেই মটৰ চাইকেল কিনি দি নিজৰ লগতে সমাজৰো অপকাৰ কৰা হয়। সেই বিষয়ে প্রতিজন অভিভাৱক সচেতন হ’লে আপোনাৰ আপোনজন অনাকংক্ষিত দুর্ঘটনাৰপৰা হাত সৰাৰ লগতে ৰাজপথো বহু পৰিমাণে সুৰক্ষিত হৈ থাকিব।

সৰু সৰু পদক্ষেপ, কিন্তু সমাজ হিতৈষী পদক্ষেপ। এইবোৰৰ লগতে আপাৰ ডিপাৰৰ ন্যুনতম জ্ঞান থকাটোও দৰকাৰ। বহু ক্ষেত্ৰত দেখা যায় আপাৰ ডিপাৰৰ সঠিক ব্যৱহাৰ নজনাৰ বাবেও বহুজনে প্রাণ হেৰুৱাবলগীয়া হয়।

২) শেহতীয়াকৈ দেখা দিয়া অন্যতম সমস্যা হিচাপে দেখা দিছে উৰাবাতৰিয়ে। হাতে হাতে স্মার্টফোন হ’ল যদিও আমি মানুহবোৰ সেই হিচাপত স্মার্ট হ’বগৈ পৰা নাই আজিও। হাতত হোৱাটচ আপ আছে, ফেছবুক আছে, ক’ৰবাত কিবা পালেই বাচ বিচাৰ নকৰাকৈ আঙুলিৰে টিপা মাৰি গোটেইখন বিয়পাই দিওঁ। তাৰ পৰিণতিতে ডকমকা কাণ্ডৰ দৰে দুর্ভাগ্যজনক ঘটনা এটা ঘটি গ’ল। ডাইনী হত্যা যদি অন্ধবিশ্বাস হয় তেন্তে ইও একপ্রকাৰৰ ডিজিটেল অন্ধবিশ্বাসেই। সেয়ে আমি আৰু অধিক সচেতন হোৱাৰ দৰকাৰ। চচিয়েল মেডিয়াত কিবা পালেই তাক চকু মুদি বিয়পাই দিয়াতকৈ খবৰটোৰ সত্যতা বিচাৰ কৰক। যদি মিছা হয় তাতে ডিলিট কৰি পেলাওক আৰু তেনে খবৰ বিলোৱাজনকো সকিয়নি দিয়ক মিছা খবৰ বিয়পাই নিদিবলৈ। আনকি সামান্য সন্দেহ থাকিলেও তাক ফৰৱাৰ্ড নকৰিব। মনত ৰাখিব ফিৰিঙতিৰপৰাই খাণ্ডৱ দাহ হয়। বহুত বেছি নহ’লেও স্মার্টফোন চলাবলৈ সিমানখিনি ‘স্মার্ট’ হ’লেও আমি উৰাবাতৰিৰ কৰাল গ্ৰাসৰপৰা সমাজখনক বচাব পাৰিম। একেখিনি কথা নিউজ চেনেলবোৰৰ ক্ষেত্ৰতো খাতে। সাংবাদিকসকলে খবৰৰ ভিতৰলৈ নগৈ ওপৰে ওপৰে ‘মচলা’ ঢালি পৰিবেশন কৰা বাতৰিয়ে বহুতৰ প্রাণ ল’ব পাৰে, বহু ঘৰ উজাৰিব পাৰে। সেয়ে সকলো সচেতন হোৱা খুবেই প্রয়োজনীয়।

৩) অসমীয়া মানুহৰ অন্যতম পুৰণি সমস্যা আনৰ ভাল দেখিব নোৱাৰা আৰু কথাই প্ৰতি খুঁট ধৰা। নিজৰ মাজত টনা টনি লাগি থকিলে কাষৰজন আগবাঢ়ি গুছি যায়। “সি ভাল কৰিছে তাক টানি নমাই দে” জাতীয় মানসিকতা এৰি “সি ভাল কৰিছে মই তাতকৈ ভাল কৰিম” মানসিকতাক আকোৱালিব লাগিব, তেহে জাতিয়ে আগুৱাব পাৰিব। হাতে হাত ধৰক। টনা টনি কৰিবলৈ নহয় লগে ভাগে আগবাঢ়িবলৈহে। ভুল আঙুলিয়াই দিয়া আৰু দোষ খোচৰাৰ মাজত আন্তৰিকতাৰ পার্থক্য আছে। সমালোচনাবোৰ সন্মুখৰপৰা হওক, গঠনমূলক হওক। “সি পাৰিছে তাক লেং মাৰোঁ আহ”ৰ সলনি “সি পাৰিছে মই তাতকৈ বেছিকৈ পাৰিম” হ’ব লাগিব। নেতা আৰু একতাৰ অভাৱ আমাৰ অসমীয়া জাতিৰ চিৰন্তন শত্ৰু। হয়তো মনবোৰ উদাৰ নহয় বাবেই এই সমস্যাৰ আজিকোপতি সমাধান ওলোৱা নাই হ’ব পায়। সবে মিলি ইয়াৰ উপায় চিন্তা কৰোঁচোন আহক। উদাহৰণস্বৰূপে আমি আমাৰ ফটাঢোল গ্ৰুপটোকে ল’ব পাৰোঁঁ। ইয়াত ইজনতকৈ সিজন চৰা। তথাপিও কাৰো গপ ভেম নাই, সকলো মিলি জুলি আছে। কম সময়তে বহু গঠনমূলক কামেৰে জিলিকি উঠিছে। কিয়নো ইয়াত একতা আছে, আন্তৰিকতা আছে, সদিচ্ছা আছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে মনবোৰ উদাৰ। প্রতিযোগিতা ইয়াতো হয়, সেয়া ইজনতকৈ সিজনে বেছি ভাল কৰি দেখুৱাৰ। সমালোচনা ইয়াতো হয়, কিন্তু সেয়া গঠনমূলক। গতিকে এনেকৈ সৰু সৰু ধনাত্মক কথাবোৰেই সমাজ এখনলৈ শুভবার্তা কঢ়িয়াই আনে। বাট দেখুৱাই, ইচ্ছা কৰিলেই আমি বহু কিবা কিবি কৰিব পাৰোঁ বুলি আৰু এনেকৈয়ে আশাৰ ৰেঙনি এচেৰেঙাই মনটোক নিচুকাই যায় হাজাৰ প্রতিকুল সময়ৰ মাজতো। আহক অভ্যাস কেইটা নতুন বছৰৰ সংকল্প বুলিয়েই ধৰি আৰম্ভ কৰোঁ। চাব পৰিবর্তনো আহিব আচ্ছে দিনো আহিব। সকলো আমাৰ হাততে আছে।

ধেৰ কিবা কিবি ক’লোঁ। কিমান দূৰ ভুল বা শুদ্ধ নাজানো কিন্তু এটা কথা ঠিক যে আন্তৰিকতা আৰু সদিচ্ছাৰে আমি বহু কাম কৰিব পাৰোঁ। গেলিব ধৰা সমাজখনক সামান্য হ’লেও সকাহ দিব পাৰোঁ। নিজৰ বাবে নহ’লেও নতুন প্রজন্মৰ বাবে বাট দেখুৱাব পাৰোঁ। সকলোৰে ভাল হওক, মনবোৰ মুকলি হওক। নতুন আহি নঙলা মূৰত, সকলোলৈকে নতুন বছৰৰ অলেখ অযুত শুভকামনা। ৰাইজৰ ভাল হওক, সমাজৰ ভাল হওক, দেশৰ ভাল হওক, সকলোৰে সুস্বাস্থ্য কামনা কৰি আজিলৈ সামৰিলোঁ। ভুল ক্ৰুটিবোৰ নিজ গুণে মৰিষণ কৰে যেন।

ধন্যবাদেৰে
মনজিৎ
সম্পাদক
ঊনবিংশতিতম সংখ্যা
ফটাঢোল ই আলোচনী

☆★☆★☆

40 Comments

  • ধুনীয়া আৰু উপাদেয় সম্পাদকীয় ।
    বাট চাই আছিলো আলোচনীখনৰ এই সংখ্যাটোলৈ ।
    সম্পাদক আৰু সম্পাদনা সমিতিৰ আটাইলৈকে অভিনন্দন আৰু ধন্যবাদ আলোচনীখন আটকধুনীয়াকৈ সজাই আমাক উপহাৰ দিয়া বাবে ।
    শেষত, ৩৬৫ টা সুখৰ প্ৰভাতত সাৰ পাওঁক সকলোৱে….পোৱা নোপোৱাৰ মাজতেই স্বাগতম নৱবৰ্ষ । আটাইলৈ নতুন বছৰৰ শুভেচ্ছা থাকিল ।

    Reply
    • Anonymous

      বহুত বহুত ধন্যবাদ অপৈনত হাতৰ লিখনি ভাল পাইচে বুলি জানি সুখ পালো

      Reply
  • দিম্পল

    বৰ ধুনীয়াকৈ লিখিলে মন দা।
    ভাৱিব লগা , আমিও কৰিব বহুত আছে অকল চৰকাৰে নোৱাৰে সকলো

    Reply
    • Anonymous

      বহুত বহুত ধন্যবাদ হেন্চু ভাইটী বৰ সুখ পালো

      Reply
  • তৃষ্ণা সো.

    সম্পাদকীয় পঢ়ি মন ভৰিল, সুন্দৰ আলোচনীখনৰ বাবে আপোনালৈ ধন্যবাদ আৰু অভিনন্দন

    Reply
  • অভিজিত কলিতা

    সুন্দৰ সম্পাদকীয়। ভাল লাগিল,

    Reply
  • অনুৰূপ মহন্ত

    বৰ সুন্দৰ হৈছে সম্পাদকীয়। সঁচাকৈ আমাৰ কৰিব লগীয়া আৰু কৰিব পৰা বহুত কামেই আছে। এইটোৱেই প্ৰথম পঢ়িলোঁ। বাকী বিলাক লেখা পঢ়িম হে। আশা কৰিছোঁ মনে বিচৰাৰ দৰেই হৈছে সংখ্যাটো। আপোনাৰ লগতে টিম ফটাঢোলক নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ।

    Reply
    • Anonymous

      বহুত বহুত ধন্যবাদ অনুৰুপ

      Reply
  • আপোনাৰ কথাখিনি সম্পূৰ্ণ সত্য। হয় আমি প্ৰতিটো ক্ষেত্ৰতে চৰকাৰৰ গাত দোষ ঠেলি থাকিলে নহব। আমাৰো কৰিব লগা বহুত আছে। সুন্দৰ সম্পাদকীয়। আপোনাৰ লগতে টিম ফটাঢোললৈ নৱবৰ্ষৰ আন্তৰিক শুভকামনা জনালোঁ।

    Reply
    • Anonymous

      হয় আমি সকলোৱে উপলব্ধি কৰাটো দৰকাৰ। আপোনাক ধন্যবাদ উ ৎসাহিত হলো

      Reply
  • অলকেশ ভাগৱতী

    সুন্দৰ সম্পাদকীয় ৷

    Reply
    • Anonymous

      দাদা বহুত ধন্যবাদ দেই । কিমান পাৰিছো নাজানো আৰু

      Reply
  • কমল তালুকদাৰ

    সুন্দৰকৈ বুজাই দিলে । পৰিবৰ্তন নিজৰ মনৰ পৰা হব লাগিব , কোনো আইনৰ জৰিয়তে হব নোৱাৰে । ভাল লাগিল সম্পাদকীয় শিতানটো পঢ়ি ।
    ফটাঢোল আলোচনী তথা সম্পাদকলৈ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ

    Reply
    • Anonymous

      বহুত বহুত ধন্যবাদ দেই 😊

      Reply
  • Sankar Jyoti Bora

    সুন্দৰ সম্পাদকীয়৷ ভাল লাগিল৷
    সুন্দৰ সংখ্যাটোৰ বাবে অভিনন্দন৷

    Reply
  • তুষাৰ গৰীয়াখনিয়া

    ভাল লাগিল.. সুন্দৰ সম্পাদকীয় মনাই দা

    Reply
  • Mitali Saharia

    বৰ ধুনীয়া সম্পাদকীয়। ভাল লাগিল ।

    Reply
  • Anjan sadhanidar

    ভাল লাগিল দেই। সৰু সৰু কথা বোৰ গুৰুত্ব দি লিখা তোমাৰ সম্পাদকীয় ই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব।

    Reply
    • Anonymous

      আশা কৰিম আমি সকলোৱে মিলি কথাবোৰ সলাব পাৰিম 😊

      Reply
  • খুউব ভাল লাগিল সম্পাদকীয় পঢ়ি। অভিনন্দন সম্পাদক মহোদয়।

    Reply
  • সৌৰভ শৰ্মা

    সুন্দৰ সম্পাদকীয়, বহ কিবাকিবি সলনি কৰাৰ বাবে মই নিজে সাহস পালোঁ।👌🏾👌🏾👌🏾👌🏾👍🏾👍🏾👍🏾

    Reply
    • Anonymous

      হয় আমি সকলোৱে মিলি এক হলে সলনি হব সমাজ। লাগে মাথো সামন্য সদিচ্ছা

      Reply
  • হেমন্ত কাকতি

    ভাল লাগিল মনাই৷ পৰিবৰ্তন নিজৰ পৰাই আহিব লাগিব৷ সুন্দৰ সংখ্যা এটা উপহাৰ দিলা৷ বহুত ধন্যবাদ আৰু নতুন বছৰৰ শুভেচ্ছা জনালোঁ৷

    Reply
    • Anonymous

      বহুত বহুত ধন্যবাদ কাকতি দা আপোনালোকৰ সান্নিধ্যত মোক নিজকে বেলেগকৈ আবিষ্কাৰ কৰিলো 😊

      Reply
  • Bikash

    সুন্দৰ সম্পাদকীয় |

    Reply
  • Dolly Talukdar

    সুন্দৰ সম্পাদকীয় । ভাল লাগিল পঢ়ি ।

    Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

    সুন্দৰ সম্পাদকীয়।ভাল লাগিল।

    Reply
  • জয়ন্ত দাস

    খুব সুন্দৰ লিখিলা৷ অনবদ্য৷ সচাকৈয়ে পৰিবৰ্তন নিজৰ পৰাই আৰম্ভ কৰিব পাৰি৷

    Reply
  • ৰিণ্টু

    সুন্দৰ সম্পাদকীয় মনজিত। আলোচনীও সুন্দৰ হৈছে। অভিনন্দন।

    বিগত মাহটোত বৰ কামোৰ দিলো, বেয়া নাপাবা

    Reply
  • Jayshree Sharma

    বিৰাট ধুনীয়া লিখিছা Mon zeet

    Reply
  • গৌৰীশংকৰ শৰ্মা

    এইবাৰ পঢ়োঁতে পলমেই হ’ল। সম্পাদকীয়টোত এখন সুস্থ সমাজ গঢ়িবলৈ ভালে কেইটা দিশ দাঙি ধৰিছে। সুন্দৰকৈ লিখা সম্পাদকীয়। অভিনন্দন মনজিৎ, আন এখন সৰ্বাংগসুন্দৰ আলোচনী আমাক উপহাৰ হিচাপে দিয়া বাবে। ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

    Reply

Leave a Reply

Your email address will not be published.