ফটাঢোল

সম্পাদকীয় – মৌচুমী বৰি

জগত সভালৈ অসমীয়া হাস্য-ব্যংগ সাহিত্য:

সাহিত্য সৃষ্টিৰ দিনৰে পৰা সাহিত্যত হাস্যৰসৰ প্ৰকাশ ঘটিছে৷হাস্যৰস সৃষ্টিৰ বাবে কিছুমান কথা বেঁকাকৈ বা ব্যংগভাৱে কোৱা হয়৷ এনে ব্যংগৰ জৰিয়তে হাস্যভাৱ প্ৰদান কৰাটোৱেই যেতিয়া সাহিত্যৰ প্ৰধান গুণ হৈ উঠে তেন্তে তেনে সাহিত্যক হাস্য-ব্যংগ সাহিত্য বুলি ক’ব পাৰি৷হাস্য-ব্যংগ সাহিত্যৰ লঘু কল্পনাপূৰ্ণ হাস্যৰসাত্মক ব্যক্তিনিষ্ঠ প্ৰবন্ধকে ৰম্যৰচনা বোলা হয়৷ দাৰ্শনিকতাৰ পৰিৱৰ্তে লঘু মন্তব্য, মহত্ত্বৰ(sublimity) পৰিৱৰ্তে ঘৰুৱা ৰসঘন পৰিৱেশ, যুক্তিৰ ঠাইত অনুভূতি, বিষয়বস্তুৰ গুৰুত্বৰ পৰিৱৰ্তে প্ৰকাশভঙ্গীৰ অভিনৱত্ব আৰু ব্যক্তি নিৰপেক্ষতাৰ পৰিৱৰ্তে একান্ত ব্যক্তিনিষ্ঠতা এইবিধ ৰচনাৰ বিশেষত্ব৷ সমালোচক মুনীন বৰকটকী দেৱে ৰম্যৰচনা নিবন্ধ বিষয়ত এনেকৈ কৈছে—“নিবন্ধয়ো ধেমালিৰ ছলেৰে, উপজাত ফল হিচাপে জ্ঞানৰ পোহৰ বিলাব পাৰে৷ তথাপি ইয়াৰ প্ৰধান অভীষ্ট হ’ল আনন্দ দান, চিত্তবিনোদন, কল্পনাভাবনা, আৱেগ-অনুভূতি ৰূপায়ণ, হৃদয়বৃত্তি আৰু বুদ্ধি-বোধিৰ সঞ্জীৱন আৰু উত্তৰণ৷”

অসমীয়া প্ৰাক-বৈষ্ণৱ, বৈষ্ণৱ আৰু উত্তৰ বৈষ্ণৱ যুগৰ সাহিত্যত চেগা-চোৰোকাকৈ হাস্যৰস পোৱা যায়৷ শংকৰদেৱে তেওঁৰ বহুকেইখন কাব্য আৰু নাটকত(ৰুক্মিণী হৰণ, পাৰিজাত হৰণ) হাস্যৰসৰ সৃষ্টি কৰিছে৷ ৰাম সৰস্বতীৰ বধকাব্যসমূহো হাস্যৰসেৰে পূৰ্ণ৷ আধুনিক অসমীয়া সাহিত্যত হাস্য-ব্যংগ সাহিত্যৰ জন্মদান কৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱে৷ কেৱল জন্মদান কৰাই নহয়, এই শ্ৰেণীৰ সাহিত্যত বেজবৰুৱাদেৱে অফুৰন্ত প্ৰতিভা আৰু অপৰিসীম দক্ষতা দেখুৱাই গৈছে৷ অসমীয়া সাহিত্যত হাস্য-ব্যংগ লেখকসকলৰ নাম ল’বলৈ হ’লে একাদিক্ৰমে লক্ষ্মীনাথ বেজবৰুৱা, হলিৰাম ডেকা, সত্যনাথ বৰা, দণ্ডিনাথ কলিতা, চন্দ্ৰধৰ বৰুৱা, হেম বৰুৱা, ড০ হেমচন্দ্ৰ বৰুৱা, তিলক হাজৰিকা, হেমচন্দ্ৰ শৰ্মা, নৱকান্ত বৰুৱা, ললিত বৰা, কিৰণ শৰ্মা, অশ্বিনীকুমাৰ শৰ্মা, ভদ্ৰ বৰা, কীৰ্তিনাথ হাজৰিকা, দুলাল বৰঠাকুৰ, পীতাম্বৰ ৰাজমেধি, কুমাৰ মধুসূদন(মহেশদেৱ গোস্বামী), প্ৰেমনাৰায়ণ, মেমেৰা মেধি(৺যোগেন্দ্ৰ বৰকাকতী), লীলা গগৈ, পুণ্য শইকীয়া, দুলাল বৰঠাকুৰ, প্ৰিয়দাস তালুকদাৰ, অৰ্পণ দত্ত, ব্ৰজপতি মহন্ত, হীৰেন গোহাঁই, সত্যেন বৰকটকী, ডা:বিকাশ বৰুৱা, ডা:ভৃংগেশ্বৰ শৰ্মা, জ্যোতিদেৱ গোস্বামী, প্ৰমোদ ভট্টাচাৰ্য, ড০ মুকুল চক্ৰৱৰ্তী, দীনেশ দাস, বাপন কলিতা, গৌতম শৰ্মা আদি সকলৰ নাম ল’ব লাগিব৷

বৰ্তমান সততে উঠা এটি প্ৰশ্ন হ’ল যে–অসমীয়া সাহিত্যত হাস্য-ব্যংগ সাহিত্যৰ অভাৱ নেকি অথবা অসমীয়া সাহিত্যত হাস্য-ব্যংগ সাহিত্য উপেক্ষিত আৰু অৱহেলিত নেকি? সাহিত্যিক সমালোচক ড০ সত্যেন্দ্ৰনাথ শৰ্মা দেৱৰ মতে – “জাতি হিচাপে আমি হয়তো কিছু বেৰসিক;কিন্তু এইটোৱেই একমাত্ৰ কাৰণ হ’ব নোৱাৰে৷হয়তো বেজবৰুৱাৰ দিনত সমাজে ব্যংগাত্মক হাস্যৰসৰ সমল অধিক পৰিমাণে যোগান ধৰিছিল,এতিয়াৰ সমাজত যে ভণ্ডামি,উৎকেন্দ্ৰিকতা নাই তেনেও নহয়৷বোধকৰো হাস্যৰসৰ অভাৱৰ প্ৰধান কাৰণ হ’ল এয়ে যে লেখক সকলে হাস্য ৰচনাক লঘু ৰচনা বুলি আৰু যশ প্ৰতিষ্ঠাৰ পথত সহায়ক নহয় বুলি অৱজ্ঞা কৰিব খোজে, দ্বিতীয়তে অত্যাধুনিক ব্যক্তিনিষ্ঠ ৰচনাই মৃদু হাস্যৰস অন্তৰ্ভুক্ত কৰি লোৱাত পৃথকভাৱে হাস্যৰস প্ৰকাশৰ চেষ্টা নোহোৱা হৈছে৷”

গল্পকাৰ,প্ৰবন্ধকাৰ,ঔপন্যাসিক,ব্যংগ-সাহিত্যিক ডা:ভৃংগেশ্বৰ শৰ্মাদেৱৰ মতে-“অসমীয়া সাহিত্যত (হাস্য) ব্যংগ সাহিত্য উপেক্ষিত আৰু অৱহেলিত৷ আমাৰ তথাকথিত লেখক, সাহিত্যিক, বুদ্ধিজীৱীসকলে হাস্য-ব্যংগ সাহিত্যক মূল সূঁতিৰ সাহিত্য বুলি মানি ল’বলৈ টান পায়। কিন্তু সেইসকল সাহিত্যিক, সমালোচকেই বেজবৰুৱাৰ হাস্য-ব্যংগ বুলি ক’লে ভক্তিত গদগদ হৈ পৰে। অসমীয়া সাহিত্যৰ ‘সাহিত্যৰথী’ গৰাকীৰ হাস্য-ব্যংগক অৱহেলা কৰাৰ, উপেক্ষা কৰাৰ বা মূল সূঁতিৰ সাহিত্য নহয় বুলি ক’বলৈ কোনোবা অসমীয়া সাহিত্যিক, সমালোচক, বুদ্ধিজীৱীৰ বুকুত সাহস আছে জানো!”

সঁচাকৈ দেখা যায় যে আজি অসমীয়া সাহিত্যত “হাস্য-ব্যংগ সাহিত্য” যেন বৰ দুখলগাকৈ অৱহেলিত আৰু উপেক্ষিত৷সেয়ে হাস্য-ব্যংগ সাহিত্যৰ এই সংকটৰ সময়ত আমি বিচাৰোঁ এটি নৱজাগৰণ আৰু এই নৱজাগৰণৰে এটি ক্ষুদ্ৰ প্ৰয়াস অসমৰ একমাত্ৰ হাস্য-ব্যংগ ই-আলোচনী “ফটাঢোল” যাৰ জৰিয়তে অসমীয়া হাস্য-ব্যংগ সাহিত্যই আজি জগতসভালৈ যোৱাৰ বাট মুকলি কৰিলে৷

হাঁহি জীৱনৰ সংগীত:

হাঁহিৰ বিষয়ে বহুজনে বহুসময়ত বহু কথা কৈ আহিছে, যেনে — এটি ধুনীয়া হাঁহিৰে সুখৰ আৰম্ভণি হয়,হাঁহি খৰছবিহীন মহৌষধ,এটি খোলা হাঁহিয়ে আমাক বহু সময়লৈকে অৱসাদমুক্ত কৰি ৰাখে ইত্যাদি ইত্যাদি৷অলপতে হোৱাটচএপত হাঁহি বিষয়ক এটা ভিডিঅ চাবলৈ পাইছিলোঁ– এজন মানুহ ট্ৰেইনত উঠিল আৰু তেওঁ নিজৰ টেবলেটটোত কিবা এটা চোৱাত ব্যস্ত হৈ পৰিল৷অলপ পিছতে তেওঁ মিহিকৈ হাঁহিব ধৰিলে,যি সকলে তেওঁৰ মুখলৈ চালে সেইসকলৰ মুখতো এটি মিহি হাঁহিৰ ৰেশ দেখা পোৱা গ’ল৷ক্ৰমাৎ মানুহজনৰ হাঁহিৰ শব্দ ডাঙৰ হৈ আহিল আৰু জোৰজোৰকৈ টেবলেটটোৰ ওপৰত চকু দি হাঁহিবলৈ ধৰিলে৷লাহে লাহে যাত্ৰীসকলৰো মিহি হাঁহি তেওঁৰ দৰেই ডাঙৰ হৈ পৰিল৷অলপ সময়ৰ ভিতৰতে গোটেই পৰিবেশটো হাঁহিৰে উপচি পৰিল আৰু মানুহবোৰৰ মুখবোৰ উজ্জ্বল সুখী দেখা গ’ল৷সঁচাই হাঁহি আমাৰ সুখ-আনন্দৰ কাৰক৷এখন গোমোঠা মুখ কোনো লোকৰে পচন্দৰ নহয় কিন্তু এজন হাঁহিমুখীয়া লোকে নিজৰ হাঁহিৰে আনকো সুখ বিলাব পাৰে৷

সাহিত্যৰথী বেজবৰুৱা দেৱে “হাঁহি” নামৰ লেখাটিত লিখিছিল যে তেতিয়াৰ সমাজখনে বাপেকে পুতেকৰ আগত, ঘৈণীয়েকে গিৰীয়েকৰ আগত, গুৰুৱে শিষ্যৰ আগত, বোৱাৰীয়ে শাহুৰ আগত হাঁহিব নোৱাৰে বা নাপায় বুলি ভাবিছিল৷ কিন্তু আজি যুগৰ পৰিৱৰ্তন হৈ সেইবোৰ দিন নোহোৱা হ’ল৷ আজিকালি বাপেকে পুতেকৰ লগত বন্ধুৰ দৰে হাঁহি থকা দৃশ্য, শিষ্য আৰু গুৰুৱে একেলগে হাঁহি থকা দৃশ্য, ঘৈণীয়েকে গিৰীয়েকৰ গাত ঢকিয়াই হাঁহি থকা দৃশ্য বিৰল নহয়৷ তথাপি আজি মানুহে হাঁহিবলৈ বিচাৰি যেন কৰবাত থমকি ৰৈছে৷ দিনে দিনে সমাজত বাঢ়ি অহা কলুষ-কালিমা, মানৱতাৰ অৱক্ষয়, যান্ত্ৰিক জীৱনৰ ব্যস্ততা, অত্যন্ত প্ৰতিযোগিতামুখী মানসিকতা – এইবোৰৰ ধামখুমীয়াত পৰি মানুহে যেন হাঁহিবলৈ বিচাৰিও হাঁহিবলৈ পাহৰিছে৷ সাম্প্ৰতিক সময়ত চছিয়েল নেটৱৰ্কিং চাইট ফেচবুক, হোৱাটচএপ আদিয়ে সমাজত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাইছে৷ এই মাধ্যমসমূহৰ সুযোগ-সুবিধা গ্ৰহণ কৰি যদিও মানুহ এফালে লাভান্বিত হৈছে আনফালে এচাম দুষ্টচক্ৰই সমাজত অনবৰতে বিষ-বাষ্প ছটিওৱাত ব্যস্ত হৈ পৰিছে৷ উৰাবাতৰি, অন্ধবিশ্বাসৰ দ্বাৰা পৰিচালিত হোৱাৰ ভয়াৱহ পৰিণতি স্বৰূপে সমাজে অলপতে কাৰ্বি-আংলংৰ নৈসৰ্গিক শোভা চাবলৈ যোৱা দুজন অসমীয়া প্ৰতিভাৱান সুন্দৰ যুৱকক বৰ কৰুণভাৱে হেৰুৱাবলগা হয়৷ গতিকে এই অসুস্থ সময়ৰ পৰিপ্ৰেক্ষিতত সমাজ সজাগ হ’বৰ হ’ল৷ অন্ধবিশ্বাস,মানৱতাৰ অৱক্ষয়ৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিবৰ হ’ল৷ সকলো অসুস্থ সময়ৰ প্ৰত্যাহবানক নেওচি আমি পুনৰ হাঁহিবলৈ শিকিম, জীৱনৰ মধুৰস পান কৰিম৷ এখন কলুষ-কালিমা বিহীন সুন্দৰ পৃথিৱীৰ সপোন দেখিম৷ ভাল-বেয়া সকলো মানুহৰ ভিতৰতে এজন বুদ্ধ থাকে৷ প্ৰতিজন মানুহৰ মাজত সেই বুদ্ধক জগাবৰ প্ৰয়োজনীয়তা আহি পৰিছে৷

ব্ৰহ্মাকুমাৰী শিৱানীৰ এটি উক্তি আজিৰ সময়ত বৰ উপযোগী বুলি ভাবোঁ—
“My every thought radiates into the World, Influences Animals, Plants, Water, Earth & Air. My Enviroment is a reflection of my Emotions.
Every day I pollute the environment with my Ego, Greed, Anger, Attachment, Expectations. Do I still Complain or Do I Change?
Practice Humility, Compassion and Unity,Heal Yourself to Heal the Planet.”

শ্ৰদ্ধাঞ্জলি:
কাৰ্বি আংলং জিলাৰ নৈসৰ্গিক শোভা চাবলৈ গৈ উৰাবাতৰি তথা অন্ধবিশ্বাসৰ বলি হৈ ডকমকাৰ পাণজুৰিত এচাম নৃশংস বৰ্বৰ মানুহৰ হাতত বৰ কৰুণভাৱে মৃত্যুক সাৱটি লোৱা প্ৰতিভাৱান যুৱকদ্বয় ক্ৰমে অভিজিৎ নাথ আৰু নিলোৎপল দাসৰ আত্মাৰ চিৰশান্তিৰ বাবে পৰমপিতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু “ফটাঢোল”ৰ তৰফৰপৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সম্পাদকীয় সামৰিছোঁ৷

জয়তু ফটাঢোল৷

ধন্যবাদ সহকাৰে,
মৌচুমী বৰি
সম্পাদক, ফটাঢোল
১ জুলাই, ২০১৮

☆★☆★☆

36 Comments

  • পাৰবীন

    তথ্যসম্বলিত সম্পাদকীয়টো ফটাঢোলৰ এক সমল হৈ ৰ’ব

    Reply
    • Mousumee Bori

      বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা পৰী মৰমী জনী

      Reply
  • অনুৰূপ মহন্ত

    বৰ সুন্দৰ কৈ লিখিলে কথা খিনি, পঢ়ি মনটো ভাল লাগি গ’ল।

    Reply
  • Bijoy Mahanta

    সুন্দৰ সম্পাদকীয়

    Reply
  • Anjan Sadhanidar

    বহুত ভাল লিখিছা। চিন্তাৰ খোৰাক থকাকৈ ঊপস্হাপন কৰিলা। ভাল লাগিল পঢ়ি।

    Reply
  • সুন্দৰ সম্পাদকীয়। সৰ্বাংগসুন্দৰ সংখ্যা এটি উপহাৰ দিয়াৰ বাবে আপোনালৈ ধন্যবাদ।

    Reply
  • ৰিণ্টু

    সুন্দৰ সম্পাদকীয়, ভাল লাগিল পঢ়ি

    বাকীবোৰ পঢ়িব আৰম্ভ কৰিছো

    Reply
  • সুন্দৰ সম্পাদকীয়। সৰ্বাংগসুন্দৰ সংখ্যা এটি উপহাৰ দিয়াৰ বাবে আপোনালৈ ধন্যবাদ।

    Reply
  • হেমন্ত কাকতি

    সম্পাদকীয় পঢ়িলোঁ৷ বৰ সুন্দৰ হৈছে মৌচুমী৷ ইমান সুন্দৰ সংখ্যা এটা আমাক উপহাৰ দিয়া বাবে ধন্যবাদ আৰু বহুত অভিনন্দন থাকিল৷

    Reply
    • Mousumee Bori

      আপোনালৈও বহুত ধন্যবাদ আৰু কৃতজ্ঞতা থাকিল হেমন্ত দা৷ আপোনালোকৰ সহায় অবিহনে এই যাত্ৰা অসফল৷

      Reply
  • প্ৰসেনজিৎ গোস্বামী

    ভাল লাগিল পঢ়ি সম্পাদকীয় লিখা খিনি।

    Reply
  • প্ৰসেনজিৎ গোস্বামী

    ভাল লাগিল সম্পাদকীয় লিখা খিনি পঢ়ি।

    Reply
  • তৃষ্ণা সো.

    সম্পাদকীয়টোৱে মন ভৰাই তুলিল। ধন্যবাদ আৰু অভিনন্দন জনালো।

    Reply
  • Rajib Sarma

    সুন্দৰ সম্পাদকীয়। বহুকথা সামৰি লিখিলে।

    Reply
  • ৰাস্না বৰা

    এখন সৰ্বাঙ্গ সুন্দৰ আলোচনীৰ হাস্য ব্যঙ্গৰ তথ্য সম্বলিত সুন্দৰ সম্পাদকীয়টি পঢ়ি আপ্লুত হলো।

    Reply
  • সুন্দৰ সম্পাদকীয় এটি পঢ়িবলৈ পালোঁ।

    Reply
  • Mitali saharia

    বহুত ধুনীয়াকৈ লিখিলে।

    Reply
  • সুন্দৰ সম্পাদকীয়l অভিনন্দন মৌচুমী বা l

    Reply
  • Gitika Saikia

    সুন্দৰ তথ্য সমৃদ্ধ সম্পাদকীয়। পঢ়ি আপ্লুত হ’লো।

    Reply
  • গৌৰীশংকৰ শৰ্মা

    সম্পাদকীয় লেখাটো বৰ ভাল হৈছে। অন্য এক উচ্চমানৰ লেখা। অভিনন্দন জনালোঁ আপোনাক এই সংখ্যাটো আটকধুনীয়াকৈ সজাই পৰাই আমালৈ আগবঢ়াই দিয়াৰ বাবে।

    Reply
  • অবিনাশ

    সম্পাদকীয় বৰ সুন্দৰ হৈছে ৷এখন সৰ্বাংগসুন্দৰ আলোচনী পঢ়িবলৈ পাইছো ৷

    Reply
  • প্ৰদীপ বৰা

    মনোমোহা সম্পাদকীয়ই আমাৰ মনপ্ৰাণ শীতল কৰি তুলিলে আপুনি অসমীয়া সাহিত্যৰ ভড়ালত নিৰৱচ্ছিনে ভাৱে মৌচুমী বতাহৰ বা দি আমাৰ সাহিত্যৰ পথৰ খন সেউজীয়া কৰি তোলক ৷বহুত ধন্যবাদ ৷

    Reply
  • ঋতুপর্ণা

    ভাল লাগিল সম্পাদকীয় পঢ়ি। অভিনন্দন।

    Reply
  • পৰিস্মিতা বৰদলৈ

    বৰ সুন্দৰ বাৰ্তাবাহী সম্পাদকীয়৷খুবেই ভাল লাগিল

    Reply
  • মৃদুল শইকীয়া

    তথ্যসম্বলিত সম্পাদকীয়টো পঢ়ি বহুত ভাল লাগিল৷

    Reply
  • অভিজিৎ কাশ্যপ (চিকু শৰ্মা)

    ধুনীয়া কৈ লিখিলে কথা খিনি। ভাল লাগিল পঢ়ি

    Reply
  • Mousumee Bori

    সকলোকে মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷

    Reply
  • Padma Gogoi

    গুৰুজনাৰ ৰুক্মীণি হৰণ , পাৰিজাত হৰণৰ পৰা আশীষ লৈ, ৰসৰাজৰ চৰণ চুই হলিৰাম ডেকা হৈ আহি ডা: বকাশ বৰুৱা, ভৃংগেশ্বৰ শৰ্মালৈকে মাত এষাৰি লগাই সুন্দৰ সম্পাদকীয় আমোদী লতাডালি দুখৰ মুখত ৰ’লহি য’ত আমি অভিজিত নীলোৎপলক হেৰুৱালোঁ ! হাস্য-ব্যংগ সাহিত্যৰ সংজ্ঞাক চুই যোৱা সম্পাদকীয় লেখাটিৰ পুতল আৰু পোতনে পাঠকক বিষয়টোৰ বিষয়ে নিশ্চিতভাৱে ভবোৱাব ৷ হাস্য-ব্যংগৰ চৰ্চা আৰু ভাৱনাই ভংগুৰ পৃথিৱীৰ অতৃপ্ত মানুহৰ চঞ্চল মনবোৰো মধুৰ হওক !!

    Reply
  • ঈশান

    সৰল ভাষাত লিখা মননশীল,তথ্যসমৃ্দ্ধ সম্পাদকীয়টোৰ বাবে ধন্যবাদ ৷ সৰ্বাংগসুন্দৰ সংখ্যাটোৰ বাবে অশেষ ধন্যবাদ আপোনাক ৷

    Reply
  • ৰাজদ্বীপ বৰা

    সুন্দৰ সম্পাদকীয় !

    Reply
  • সদানন্দ ভূঞা

    আপোনাৰ সম্পাদকীয় প্ৰতিবেদনৰ পৰা বহু নজনা কথা জানিব পাৰিলোঁ । সচাকৈ এখন বিশুদ্ধ তথ্য সম্বলিত প্ৰতিবেদন পঢ়ি যথেষ্ট আপ্লুত হলো ।

    Reply

Leave a Reply

Your email address will not be published.