ফটাঢোল

সম্পাদকীয় – ৰিণ্টুমনি দত্ত

বিষয়ঃ ‘ফেচবুকীয়া সাহিত্যিক’, চুগাৰক’টেড মন্তব্য আৰু অন্যান্য

‘ফেচবুকীয়া সাহিত্যিক!’ যিখন প্লেটফ’ৰ্মত ভেজা দি এই মুহূৰ্ত্তত আমি কিছু কথা লিখিবলৈ সুযোগ পাইছোঁ, সেই প্লেটফ’ৰ্মখনেও ‘ফেচবুক’ৰ বুকুতেই পোখা মেলিছিল৷ সেইবাবেই হয়তো প্ৰথমতেই ফেচবুক বা ফেচবুকীয়া সাহিত্যিকৰ কথা মনলৈ অহাটো অস্বাভাৱিক নহয়৷ যতদূৰ সম্ভৱ, এই ‘ফেচবুকীয়া সাহিত্যিক’ শব্দটো প্ৰথমে ভাতৃপ্ৰতীম দিগন্ত কুমাৰ ভট্টাচাৰ্যই তেওঁৰ কোনোবা এটা ফেচবুক আপডেটত আক্ষেপ কৰি লিখিছিল৷ কোনে লিখিছিল সেই কথা সঠিককৈ মনত নাথাকিলেও কিন্তু শব্দটো মনত চিৰস্থায়ী হৈ থাকি গ’ল৷ শুনিবলৈ অলপ অখজা যেন লাগিব পাৰে, তথাপিও আলোচনাৰ খাতিৰত সদ্যহতে সেই শব্দটোকে ব্যৱহাৰ কৰোঁ‌৷

ফেচবুকলৈ অহা প্ৰায় এঘাৰ বছৰ হ’ল৷ এই এঘাৰ বছৰত ফেচবুকত বহুতো সুন্দৰ সুন্দৰ লেখাৰ ৰসাস্বাদন কৰিলোঁ৷ কোনোকালেই ছপা আখৰত নেদেখা বহুতো লেখকৰ লেখাবোৰে ফেচবুকত মোৰ লগতে আন বহুতকে আকৰ্ষিত কৰিছিল৷ এইখন প্লেটফৰ্মতে তেওঁলোকৰ প্ৰতিভাৰ উমান পাবলৈ সক্ষম হৈছিলোঁ৷ এনে কিছু অনামী লেখকৰ বহু লেখা আমাৰ চকুত পৰিছিল, যিবোৰ আমি সততে কাগজে পত্ৰই পঢ়িবলৈ পোৱা কিছুমান লেখাতকৈ বহু বেছি উন্নত মানৰ যেন বোধ হৈছিল৷

আজি এঘাৰ বছৰ পাছত ফেচবুকৰ মজিয়াত আমি সকলোৱেই প্ৰতিদিনে অজস্ৰ সুন্দৰ লেখাৰ সৈতে চিনাকি হওঁ৷ ফেচবুকত অসমীয়া বৰ্ণমালাত লিখিবলৈ প্ৰথম সুবিধা হোৱাৰ সময়ত দুই এজনে চেগা চোৰোকাকৈ অসমীয়াতে সৰু সুৰা আপডেট লিখিবলৈ আৰম্ভ কৰাৰ দিনাৰে পৰা আজিলৈ অজস্ৰজনে দৈনিক নানা সুন্দৰ লেখাৰে ফেচবুকৰ পৃষ্ঠা ভৰাই পেলোৱা এই সময়লৈ গোটেই পৰিক্ৰমাটো একেবাৰে চুটি নহ’লেও বহু বেছি দীঘলো নহয়৷ তুলনামূলকভাৱে এক কম সময়ৰ ভিতৰতেই ফেচবুকত অসমীয়া সাহিত্যৰ চিন্তা চৰ্চাৰ এক নতুন পৰিৱেশ গঢ় লৈ উঠিছে যিটো নিঃসন্দেহে আমাৰ অসমীয়া সাহিত্যৰ জগতখনৰ বাবেই এক শুভ লক্ষণ৷ ভিন্ন গোটৰ মজিয়াত আত্মপ্ৰকাশ কৰা বহুকেইজন লিখকৰ কিতাপ ইতিমধ্যে ছপা আখৰত ওলাইছে আৰু পাঠকৰ পৰাও বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে৷ আন বহুতৰ লেখাই আকৌ ‘প্ৰান্তিক’, ‘গৰীয়সী’ আদিকে ধৰি নানা গুৰুত্বপূৰ্ণ অসমীয়া আলোচনীৰ মজিয়া শুৱনি কৰিবলৈ সক্ষম হৈছে৷ কিছুমানে আকৌ ফেচবুকতেই প্ৰথম লেখা মেলাৰ চৰ্চা আৰম্ভ কৰি বৰ্তমান বাতৰি কাকতত নিয়মিতভাৱে লেখা-মেলা চলাই গৈছে৷

আচলতে ফেচবুকীয়া লেখা মানে নো কি? ই কিয় ছপা সাহিত্যতকৈ পৃথক? এইখিনিতে এই কথাষাৰ অলপ চালি জাৰি চোৱাৰ প্ৰয়োজনবোধ কৰিছোঁ‌৷ সাধাৰণতে ছপা মাধ্যমত প্ৰকাশ হোৱা লেখাবোৰ এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হৈ যাব লগা হয়, প্ৰথমতে এজন অভিজ্ঞ সম্পাদকে লেখাটো সম্পাদনা কৰে, তাৰ পাছত কম্পজিং হয়, প্ৰুফ ৰীডাৰে বানান, বাক্যগাঁঠনি আদি পৰীক্ষা কৰে, তাৰ যথেষ্ট সময়ৰ পাছতহে লেখাটো পাঠকৰ ওচৰ পায়গৈ৷ আপাততঃ এইটো এটা সুন্দৰ প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াৰ মাজেৰে জ্যেষ্ঠ আৰু অভিজ্ঞজনৰ দক্ষতা, চিন্তা, অভিজ্ঞতা আৰু কৌশল এজন নতুন লেখকৰ ওচৰ পায়গৈ৷ ছপাত প্ৰকাশ হোৱা লেখা আচলতে কেৱল লেখকজনৰ নহয়, এক সামুহিক প্ৰচেষ্টাৰ ফচল বুলিব পাৰি৷

কিন্তু ব্লগ বা ফেচবুকত সেয়া নহয়, লিখকে যিয়েই নিলিখক, ‍যিদৰেই নিলিখক সেয়া পোনে পোনে পাঠকৰ ওচৰ পাইগৈ আৰু পাঠকেও লগে লগে নিজৰ প্ৰতিক্ৰিয়া জাহিৰ কৰিব পাৰে৷ ইয়াত সম্পাদনাৰ কোনো স্থান নাই আৰু সেই বাবেই হয়তো একাংশ প্ৰতিষ্ঠিত সাহিত্যিকে ফেচবুক বা ইণ্টাৰনেটৰ লেখাক গুৰুত্ব সহকাৰে লব নোখোজে৷

কিন্তু আমি সদায় শুনি আহিছোঁ‌, কলা-সাহিত্যৰ ক্ষেত্ৰত DECONSTRUCTION বা প্ৰতিষ্ঠিত নিয়ম ভংগ কৰা এক গ্ৰহণযোগ্য প্ৰক্ৰিয়া৷ কলাৰ ক্ষেত্ৰত কোনো এটা ভাল নিয়ম বহু দিনৰ পৰা চলি আহিছে বুলিয়েই তাক মানিবই লাগিব বুলি কোনো কথা নাই৷ প্ৰকৃতাৰ্থত ক’বলৈ গ’লে এই নিয়ম ভঙাৰ নিয়মৰ বাবেই বহুতো উন্নততৰ কলা-সাহিত্যৰ সৃষ্টি হয়, শিল্পী-সাহিত্যিকে স্বইচ্ছাৰে যিকোনো পৰীক্ষণ কৰাৰ স্বাধীনতা কলাত আছে৷ ফেচবুক বা ব্লগৰ সাহিত্যও তেনে এক পৰীক্ষা৷ বহু লেখকে তেওঁৰ লেখা আন কোনোবাই সম্পাদনা কৰিলে ভাল নাপাবও পাৰে৷ লেখকে লিখে পাঠকৰ বাবে আৰু তেওঁ কেতিয়াবা নিজস্ব দৃষ্টিভংগী একেবাৰে নিৰ্ভেজাল ৰূপত পাঠকৰ ওচৰলৈ নিবলৈ ইচ্ছা কৰিব পাৰে৷ যিমানেই গুণী জ্ঞানী নহওক, এজন সম্পাদকৰ দৃষ্টিভংগী বা সামাজিক দ্বায়িত্ববোধৰ ধাৰণাটো লেখকৰ সৈতে নিমিলিব পাৰে৷ গতিকে নিজৰ লেখা পোনে পোনে পাঠকৰ ওচৰলৈ লৈ যাব খোজা কথাটো দোষণীয় বুলি ক’ব নোৱাৰি৷ সেয়ে আজিকালি ‘চেল্ফ পাব্লিছিং’ বা স্ব-প্ৰকাশনক আন্তৰ্জাতিক ক্ষেত্ৰখনতো যথেষ্ট গুৰুত্বসহকাৰে লোৱা হয়৷ অসমীয়া সাহিত্যতো ই বিৰল নহয়, হীৰুদায়ো ‘সুগন্ধি পখিলা’ নিজে প্ৰকাশ কৰিছিল৷ ‘চেল্ফ পাব্লিছিঙ’ত লেখাৰ গুণগত মান নিৰূপণৰ দ্বায়িত্ব সম্পূৰ্ণৰূপে পাঠকৰ হাতত ন্যস্ত থাকে৷ ই পাঠক আৰু লেখক দুয়োজনৰ বাবেই এক মুক্তাৱস্থা৷ ই মানুহক লিখিবলৈ উৎসাহ দিয়ে, আৰু সিয়েই এক ধনাত্মক পৰিবেশৰো সৃষ্টি কৰে৷

সংক্ষেপে ক’বলৈ হ’লে বৰ্তমান সময়ত ফেচবুকে অসমীয়া সাহিত্যৰ মূলসুঁতিলৈ ভালেকেইজন প্ৰতিভাশালী লেখকক উলিয়াই অনাত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লৈছে৷ হয়তো ফেচবুকতেই প্ৰথম লেখা মেলা আৰম্ভ কৰি পাঠকৰ সমাদৰ নোপোৱা হ’লে এওঁলোকৰ বহুতেই কিতাপ, আলোচনী, খবৰ কাকত আদিৰ জগতত লিখক হিচাপে কোনোদিনেই আত্মপ্ৰকাশৰ চেষ্টা নকৰিলেহেঁতেন৷ কিন্তু ফেচবুকত তেওঁলোকৰ লেখাই পোৱা ধনাত্মক সঁহাৰিবোৰে এঢাপ এঢাপকৈ তেওঁলোকৰ আত্মবিশ্বাস বঢ়াই তোলাৰ লগতে লেখাবোৰকো দৈনিক আগতকৈ বেছি পৰিপক্ব কৰি গৈ থাকিল আৰু শেষত তেওঁলোকে কিতাপ, আলোচনী আদিৰ জগততো ভুমূকি মাৰি তাতো সুকীয়া সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হ’ল৷ ফেচবুকৰ পাততেই নিজৰ লেখা-মেলা আৰম্ভ কৰা এইসকল প্ৰতিভাশালী লেখকে আজিৰ এই অৱস্থাটো পোৱাৰ মূলতেই হ’ল ফেচবুকত তেওঁৰ লেখাৰ পাঠক সমাজ৷ কাৰণ কোনো এটা লেখা প্ৰকাশ হোৱাৰ লগে লগেই সেই লেখাৰ মানদণ্ড সম্পৰ্কে পাঠকে মন্তব্য দি লেখকক উৎসাহিত কৰিব পৰা ব্যৱস্থা এটা আজি কেইবছৰমান আগলৈ ক’তোৱেই নাছিল৷

তথ্য-প্ৰযুক্তিৰ অভাৱনীয় উন্নতিয়ে বৰ্তমান লেখক, পাঠক আৰু সমালোচকসকলক একেবাৰে এক সৰু বৃত্তৰ মাজত সুমুৱাই ল’লে৷ আৰু ই যিকোনো সাহিত্যৰ বাবেই এক আশাব্যঞ্জক কথা৷ কাৰণ পাঠক আৰু সমালোচক অবিহনে কোনো লেখকৰ লেখায়েই পৰিপক্বতা পাব নোৱাৰে৷ গঠনমূলক সমালোচনাই লেখকক নিতৌ তুলাচনীত নিজকে তুলি চাই পূৰ্ণতাৰ দিশলৈ আগবাঢ়ি যাবলৈ এক নতুন দিশ আৰু গতি দিয়ে৷ সমালোচকৰ নীৰৱতাই যিদৰে নতুন লেখকসকলৰ সৃজনশীল সাহিত্যক মৃত্যুমুখলৈ ঠেলি দিব পাৰে, সেইদৰে গঠনমূলক সমালোচনাই তেওঁলোকৰ সৃষ্টিক এক অনন্য শক্তিশালী সঞ্জীৱনী সুধা প্ৰদান কৰিব পাৰে৷

এইখিনিতে মনলৈ আহিছে মোৰ অন্যতম প্ৰিয় লিখক দেবব্ৰত দাস ছাৰৰ ‘হয়তোবা ভেশচন’ নামৰ কিতাপখনৰ পাতনিত তেওঁ কৰা স্বীকাৰোক্তিলৈ: – “বহুদিনলৈকে মোৰ গল্পবোৰৰ গুণাগুণ চালি-জাৰি চাবলৈ যেতিয়া ক’তো আলোচনা আদি ছপা নহ’ল, তেতিয়া ধাৰণা হ’ল কিজানি মোৰ লেখা আলোচনাৰ উপযুক্ত হৈ উঠিব পৰা নাই৷ এনে সময়তে ‘প্ৰকাশ’ৰ এটা বিশেষ গল্প সংখ্যাত ড° হীৰেন গোহাঁই আৰু ড° নগেন শইকীয়াৰ দৰে শ্ৰদ্ধেয় দুজন আলোচকৰ গঠনমূলক সমালোচনাই মোৰ কলমৰ আত্মঘাতী ইচ্ছাবোৰ আঁতৰাই ৰাখিবলৈ সমৰ্থ হয়৷”

ছাৰৰ এই স্বগতোক্তিৰ পৰাই আমি বুজিব পাৰোঁ‌ যে এজন লেখকৰ বাবে তেওঁৰ লেখাৰ ওপৰত সমালোচনা হোৱা কিমান জৰুৰী৷ দেবব্ৰত দাসৰ দৰে চূড়ান্ত প্ৰতিভাশালী লেখকেও আনকি সমালোচকৰ অভাৱত হীনমন্যতাত ভুগিছিল৷ হয়তোবা ড° হীৰেন গোহাঁই আৰু ড° নগেন শইকীয়াদেৱৰ গঠনমূলক সমালোচনা অবিহনে পাঠকক মোহাচ্ছন্ন কৰি ৰাখিব পৰা এনে এজন লেখকেও লাহে লাহে লেখা-মেলাৰ পৰা নিজকে আঁতৰাই আনিলেহেঁ‌তেন৷

এইখিনিতে ফেচবুক বা ব্লগত প্ৰকাশিত বেছিভাগ গল্প, উপন্যাস, প্ৰবন্ধ বা কবিতাৰ ক্ষেত্ৰত হোৱা এটা ব্যতিক্ৰম আমাৰ চকুত পৰিছে৷ সেয়া হ’ল, সেই লিখাবোৰৰ ওপৰত সঁচা অৰ্থত হোৱা গঠনমূলক সমালোচনাৰ কিছু অভাৱ৷ যিকোনো সৃজনশীল কৰ্মৰ উত্তৰোত্তৰ উন্নতিৰ বাবে গঠনমূলক (আকৌ কৈছোঁ‌, গঠনমূলক) সমালোচনাৰ অতীব প্ৰয়োজন৷ ভুল-ভ্ৰান্তিবোৰ শুধৰাবলৈ অথবা পৰৱৰ্তী লেখাবোৰক আৰু উন্নত কৰিবলৈ সমালোচনাৰ প্ৰয়োজন অনস্বীকাৰ্য৷ কিন্তু ফেচবুকৰ গল্প, কবিতা বা আন লেখাৰ ক্ষেত্ৰত সচৰাচৰ দেখা যায় তাত যিবোৰ মন্তব্য আহে, সেইবোৰ সদায় “খুব ভাল লাগিল”, “সুন্দৰ হৈছে”, “আপ্লুত হ’লো” জাতীয় ইতিবাচক মন্তব্যহে৷ হয়তো নানা কাৰণত এই ক্ষেত্ৰত পাঠকে তেওঁলোকৰ দায়িত্ব হিচাবে থকা সমালোচনাৰ দিশটোক কিছু আওকাণ কৰে৷

খালী হাতেৰে নিখুঁত গোল বৃত্ত এটা অঁকাটো যিদৰে প্ৰায় অসম্ভৱ, সেইদৰে গল্প বা কবিতা এটাও সম্পূৰ্ণ নিখুঁতকৈ (পাৰফেক্টলি পাৰফেক্ট) লিখাটোও প্ৰায় অসম্ভৱ৷ আমাৰ দৰে সাধাৰণ লোকৰ কথা বাদেই, আনকি বিশ্বৰ মহানতম লেখকসকলৰ কোনেও তেওঁলোকৰ কোনো এক সৃষ্টিক একেবাৰেই নিখুঁত বুলি ক’ব পৰা নাই৷ অৰ্থাৎ তেনে চমৎকাৰ লেখাকো আৰু কিছু উন্নত কৰাৰ থল থাকিব পাৰে বুলি হয়তো তেওঁলোকে নিজেও ভাবে৷ এই জগতত চৰম পূৰ্ণতা প্ৰাপ্তি বুলি কোনো কথাই নাই৷

ফেচবুক বা ব্লগতো হয়তো কোনোবা লেখাত এক সুন্দৰ লেখাৰ মাজতো লেখকে কোনোবা ঠাইত উজুটি খোৱা সাধাৰণ পাঠকৰ দৃষ্টিগোচৰ হয়৷ কিন্তু তাৰ পিছতো লেখকৰ লগত ফেচবুকত বেয়া নোহোৱাৰ স্বাৰ্থতে কোনেও সেই ভুলবোৰ আঙুলিয়াই দিব নিবিচাৰে৷ সুন্দৰ লেখা এটাক প্ৰশংসা কৰি লেখকক উৎসাহিত কৰাটো যেনেকৈ অতি দৰকাৰী, তেনেকৈ সেই লেখাটোত থকা সৰু-সুৰা খুঁটি-নাটিবোৰো আঙুলিয়াই দি লেখকক আৰু বেছি পৰিপক্ব কৰাত সহায় কৰাটোও দৰকাৰী৷ এয়া দৰাচলতে সকলো পাঠকৰে দায়িত্ব৷ তেনে নকৰিলে গঠনমূলক সমালোচনাৰ অভাৱত সেই লেখকসকলৰ লেখা অভিজ্ঞতা বাঢ়ি যোৱাৰ লগে লগে উন্নততৰ হৈ গৈ নাথাকি একেটা মানতে থাকি যোৱাৰ সম্ভাৱনা থাকে৷

সেয়েহে অসমীয়া সাহিত্যৰ উন্নতিৰ স্বাৰ্থত আমি বিচাৰোঁ‌, ফেচবুক আৰু ব্লগৰ জৰিয়তে সাহিত্য চৰ্চা কৰা তৰুণ লেখকসকলৰ সৃষ্টিৰো গঠনমূলক সমালোচনা হওক৷ সুন্দৰ লেখা লিখা লেখকসকলৰ পৰা অনাগত দিনত তাতকৈয়ো বেছি সুন্দৰ লেখা পোৱাৰ স্বাৰ্থতেই আমি তেনে কৰা দৰকাৰ আছে৷ সন্দেহ নাই যে তেওঁ যি লিখিছে, সুন্দৰ লিখিছে৷ কিন্তু তাক আৰু অধিক কৰাৰ কিবা থল আছে নেকি? যদি আছে তেন্তে তেওঁক সেইটো অতি বিনয়েৰে ধনাত্মক ভাৱে দেখুৱাই দিয়ক৷ সেয়া হ’লে পৰৱৰ্তীকালত তেওঁৰ পৰা আৰু বেছি সুন্দৰ লেখা আমি পঢ়িবলৈ পাম৷ গতিকে ইয়াত লেখকৰ লগতে পাঠকৰো স্বাৰ্থ সমানেই জড়িত হৈ আছে৷ তেখেতে যিদৰে লিখিছে কেৱল তেনেকৈয়েই পঢ়ি সামৰি গৈ থাকিলে আমি অতি সম্ভাৱনাপূৰ্ণ লেখকৰ আৰু বেছি সোৱাদলগা লেখাৰ পৰা বঞ্চিত হ’ম৷ মনত ৰাখিব লাগে, পনিয়ল এটা এনেয়ে খাই দিলে সোৱাদ নলগা নহয়, লাগে, কিন্তু তাক যদি দুই মিনিটমান হাতেৰে লিৰিকি বিদাৰি হেচুঁকি থাকি তাৰ পিছতহে খোৱা হয়, তেন্তে তাৰ সোৱাদ আগৰবাৰতকৈ বহু বেছি হয়৷ লেখাবোৰো পনিয়লৰ দৰেই৷ গঠনমূলক সমালোচনাৰে লিৰিকি বিদাৰি থাকিলে আগলৈ সি আৰু বেছি মিঠা হৈ গৈ থাকে৷ সেয়েহে ফেচবুকতো কিছু নিষ্ঠাৱান সমালোচক আগবাঢ়ি আহক, ফেচবুকৰ এই তৰুণ লেখকসকলৰ সৃষ্টিৰ ভুল-ত্ৰুতিবোৰ আঙুলিয়াই দিয়ক৷ কিন্তু লগতে তেওঁলোকক উৎসাহ দিবলৈও নাপাহৰিব৷ লেখক সকলেও গঠনমূলক সমালোচনাক নম্ৰভাৱে গ্ৰহণ কৰি তেনে সমালোচকক নিজৰ শুভাকাংক্ষী হিচাবে চিহ্নিত কৰক৷

অৱশ্যে সমালোচনা হ’লেই সৃষ্টিৰ প্ৰকৃত মূল্যায়ন হ’ব বুলি ভবাটো কিমানদুৰ ফলপ্ৰসূ হ’ব, সেইবিষয়ে মই নিজেই সন্দিহান৷ ক’ৰবাত পঢ়িছিলোঁ‌, লকহাৰ্ট নামৰ এজন দুধৰ্ষ সমালোচকৰ বিষাক্ত সমালোচনাৰ সন্মুখীন হৈ কীটছৰ দৰে বিখ্যাত কবিয়েও কবিতা লিখিবলৈ এৰি দিছিল৷ সেয়েহে এই প্ৰক্ৰিয়াটো তেতিয়াহে ফলপ্ৰসূ হ’ব, যেতিয়া কোনো নিষ্ঠাবান সমালোচকে কোনো গোষ্ঠীবাদৰ আশ্ৰয় নোলোৱাকৈ গঠনমূলকভাৱে ফেচবুক বা ব্লগৰ তৰুণ লেখকসকলৰ গল্প-কবিতাৰ সমালোচনা কৰিব।

লেখক আৰু পাঠকে অন্তৰংগভাৱে মত বিনিময় কৰি নিজৰ লগতে অসমীয়া সাহিত্যকো আগুৱাই লৈ যাওক৷ সেই সময়ত দুয়োপক্ষই সজাগ হৈ থাকক যাতে কোনো ক্ষেত্ৰতে এই মধুৰ সম্পৰ্ক তিক্ততাপূৰ্ণ নহয়৷ সমালোচক লেখকৰ শত্ৰু নহয়৷ ভৱিষ্যতে আৰু বেছি মিঠা পনিয়লৰ খোৱাৰ আশাতহে তেওঁৰ এই চেষ্টা৷

■■

বিষয়ঃ সাহিত্যৰ প্ৰয়োজনীয়তা, হোমেন বৰগোঁ‌হাই মুৰ্দাবাদ আৰু দেৱচৌধুৰী চাৰ

 

১৯৯৩-৯৪ চনৰ কথা৷ আমি তেতিয়া অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ৷ কিতাপৰ নামত পাগল, যি পাওঁ‌ তাকেই গোগ্ৰাসে গিলোঁ‌৷ গুৱাহাটী গ্ৰন্থমেলা মানে আমাৰ বাবে এক উৎসৱ৷

দুজন লেখকৰ নাম শুনিলেই সেইসময়ত মই বলিয়া আছিলোঁ‌, এজন ‘অনুৰাধাৰ দেশ’ৰ লেখক শ্ৰদ্ধাৰ দেৱচৌধুৰী চাৰ আৰু আনজন ‘হিয়াৰ পখিলাবোৰ’ৰ লগত ‘পাৰ্মুটেচন-কম্বিনেচন’ৰ খেল খেলা, ব্যতিক্ৰমী শৈলীৰ লিখক শ্ৰদ্ধাৰ দেৱব্ৰত দাস চাৰ৷ কলেজত পঢ়ি থকা সময়ছোৱাত এই দুইজন লেখক মোৰ ইমানেই প্ৰিয় আছিল যে তেওঁলোকৰ প্ৰত্যেকটো লেখা মই সাত-আঠবাৰকৈ পঢ়িছিলোঁ‌, তথাপি হেঁপাহ নপলাইছিল৷

প্ৰত্যেকবাৰৰ দৰে সেইবাৰো ক্লাছ শেষ কৰিয়েই গ্ৰন্থমেলাৰ বাকৰিত উপস্থিত হৈছিলোঁ‌৷ গ্ৰন্থমেলালৈ গ’লে প্ৰথম লক্ষ্য হয় বনলতা, সেইবাৰো ব্যতিক্ৰম নহ’ল৷ বনলতাৰ বিপণীত প্ৰৱেশ কৰিয়েই দূৰৰ পৰাই চকু পৰিছিল ৰঙা বেটুপাতৰ এখন কিতাপ – “হোমেন বৰগোঁহাই মুৰ্দাবাদ৷” মোৰ দৃষ্টি কাঢ়ি নিবলৈ নামটোৱেই যথেষ্ট আছিল৷ লেখকৰ নামটো দেখাৰ পিছত সেইদিনাৰ বাবে আৰু বেলেগ কিতাপ বিচৰাৰ ইচ্ছাটো নাইকিয়া হৈ গ’ল৷ কিয়নো কিতাপখনৰ লেখক আছিল, সেই সময়ত মোৰ মন-প্ৰাণ মোহাচ্ছন্ন কৰি ৰখা দেৱচৌধুৰী ছাৰ৷ সেইখন কিতাপ সেইদিনাই যি পঢ়া আৰম্ভ কৰিলোঁ‌ তিনি বছৰৰ আগতে কিতাপখন হেৰোৱালৈকে চাগৈ মুঠতে দহবাৰমান পঢ়িলোঁ‌৷ সম্পাদকীয়ৰ এই অংশটো এই কিতাপখনৰ এটা প্ৰবন্ধৰ আলমতে লিখা৷

প্ৰথমে বিষয়বস্তুৰ লগত সংগতি ৰাখি সেই কিতাপখনত পঢ়া কাহিনী এটা ইয়াত চমুকৈ উপস্থাপন কৰোঁ‌৷

স্বাধীনতাৰ আগৰ আন্দামান দ্বীপপুঞ্জৰ এটা বন্দীশালৰ কাহিনী৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বৃটিছ বাহিনীক খেদি জাপানী সৈন্যই আন্দামান অধিকাৰ কৰিছিল৷ এদিন এটা দেওবাৰে জাপানী সৈন্যই বন্দীশালৰ লগতে লাগি থকা জিমখানা পথাৰত সকলোকে একগোট হ’বৰ বাবে আহ্বান জনালে৷

সকলো কাম এৰি ৰাইজ ঢাপলি মেলিলে জিমখানা পথাৰলৈ, কিয়নো সেই সময়ত জাপানীসকলৰ আদেশ উলংঘা কৰা মানেই আছিল নাৰকীয় অত্যাচাৰ৷ জিমখানা পথাৰত এদল জাপানী সৈন্যই এজন অচিনাকি ভাৰতীয় মানুহক চাবুকেৰে কোবাই শাস্তি দি আছে৷ উপস্থিত সকলো মানুহ নিৰ্বাক, দুচকুত আতংকৰ চাপ, ভয়তে কোনেও এটা শব্দ উচ্চাৰণ কৰিবলৈও সাহস কৰা নাই৷ চাবুকৰ কোব সহ্য কৰিব নোৱাৰি অচিন মানুহজনে চাবুকৰ ৰচীডাল হাতেৰে ধৰিবলৈ চেষ্টা কৰিছিল৷ সেই সময়তে জাপানী সৈন্যদুজনে মানুহজনৰ হাত এখন বেয়নেটেৰে কিলাকুটিৰ ওচৰতে ভাঙি পেলালে! এইবাৰ চাবুকেৰে কোবাই আমনি লগাত জাপানী সৈন্যদুজনে সেই অৰ্দ্ধমৃত মানুহজনৰ ওপৰত নিজৰ শক্তি প্ৰদৰ্শন কৰা আৰম্ভ কৰিলে, মানুহজনৰ আনখন হাতো ভাঙি দিয়া হ’ল৷

আকাশ-বতাহ চুই যোৱাকৈ মানুহজনে শৰীৰৰ সমস্ত শক্তিৰে চিঞৰি উঠিল – পানী, পানী৷ কিন্তু উপস্থিত কোনো মানুহেই জাপানী সৈন্যৰ বিৰোধিতা কৰি মানুহজনক পানী এটুপি দিবলৈ সাহস কৰা নাই৷

হঠাতে সেই মানুহৰ জুমৰ পৰা এগৰাকী জংলী তিৰোতা চিঞৰ মাৰি আগুৱাই গ’ল, মূৰত জঁট বন্ধা চুলি, বুকুত ফটা-ছিটা ব্লাউজ, হাতত পানীৰ এটা লোটা৷ চেষ্টা কৰিলে, লোটাটোৰ পৰা মানুহজনৰ মুখত এচলু পানী ঢালি দিবলৈ৷ কিন্তু জাপানী সৈন্যৰ এটা গোৰত লোটাটো ক’ৰবাত উফৰি পৰিল৷ মুহূৰ্ততে তিৰোতাগৰাকীৰ দুচকুত যেন এটুকুৰা অগনি জ্বলি উঠিল! চাৰিওফালে বেৰি থকা শ শ মানুহক আওকাণ কৰি একে টানে ফালি পেলালে তাইৰ মলিয়ন ব্লাউজ আৰু দুগ্ধভৰ্তি স্তন এটা গুজি দিলে মানুহজনৰ দুই ওঁঠৰ মাজত৷

পঢ়ুৱৈসকলে হয়তো ভাবিছে, পতিব্ৰতা নাৰী এগৰাকীয়ে নিজৰ স্বামীৰ বাবে এইটো কাম কৰাটো একো আশ্চৰ্য্যজনক নহয়৷ কিন্তু আপোনালোকে জানিলে আচৰিত হ’ব যে সেই তিৰোতাগৰাকীৰ বাবে মানুহজন আছিল একেবাৰেই অপৰিচিত৷

এতিয়া ঘূৰি আহোঁ সাহিত্যৰ প্ৰয়োজনীয়তা সম্পৰ্কীয় মূল বিষয়বস্তুলৈ৷ বহুত পাঠকে বিচাৰে সাহিত্য সমাজ পৰিবৰ্তনৰ এক আহিলা হওক, সাহিত্য সৃষ্টিৰ অন্তৰালত থাকক সদায়ে সমাজ শুধৰোৱাৰ এক সবল বাৰ্তা বা এক সচেতন মন৷ এনেকুৱাই যদি হয়, তেন্তে এখন আদৰ্শ সমাজত গল্প, কবিতা অথবা উপন্যাসৰ প্ৰয়োজন কি? অথবা সমাজ পৰিবৰ্তনৰ আহিলা হিচাপে সাহিত্য কিমান শক্তিশালী মাধ্যম?

ব্যক্তিগতভাৱে মই সাহিত্যক সমাজ পৰিবৰ্তনৰ আহিলা হিচাপে বিবেচনা কৰাৰ পৰিপন্থী৷ সাহিত্য সাহিত্যই, কেতিয়াও বাস্তৱ হ’ব নোৱাৰে৷ হয়তো বাস্তৱৰ কাষ চাপিব পাৰে, কিন্তু সম্পূৰ্ণ বাস্তৱ হোৱাটো প্ৰায় অসম্ভৱ৷ বিজ্ঞান, অৰ্থনীতি বা ৰাজনীতি আদিৰ দৰে শক্তিশালী সমাজ পৰিবৰ্তনৰ আহিলা থকাৰ পিছত গল্প, উপন্যাস বা কবিতাৰ জৰিয়তে সমাজৰ পৰিবৰ্তন আনিব বিচৰাটো ব্যক্তিগতভাৱে মই প্ৰায় অসম্ভৱ বুলিয়েই ভাবোঁ‌৷

এতিয়া আপোনালোকে প্ৰশ্ন কৰিব, তেন্তে সাহিত্যৰ প্ৰয়োজনীয়তা কি? ঘূৰি আহোঁ আকৌ সেই জংলী তিৰোতাগৰাকীলৈ৷ আৰু আপোনালোকৰ প্ৰশ্নটোৰ উত্তৰ সম্পূৰ্ণ ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী ছাৰৰ ভাষাৰেই দিওঁ – “সেই জংলী তৰুণীজনী অবিহনে বিশ্বত মানুহ কেতিয়াও মানুহ হৈ জীয়াই থাকিব নোৱাৰে আৰু সাহিত্যই সেই প্ৰধান আৰু একমাত্ৰ শক্তি, যিয়ে সেই তৰুণীজনীক আমাৰ মাজত সদায় জীয়াই ৰাখিব৷ সেই জংলী তৰুণীজনীক জীয়াই ৰাখিবৰ বাবেই জীয়াই থাকিব লাগিব, জীয়াই ৰাখিব লাগিব, জীয়াই থাকিব গল্প, উপন্যাস বা কবিতা৷”

শেষত কবি অজিত বৰুৱাৰ ভাষাৰে – “হে’ সহৃদয় পাঠক, কিবা লিখিলো৷”

(সম্পাদকীয়ৰ এই অংশটো সম্পূৰ্ণৰূপে দেৱচৌধুৰী চাৰৰ এটা প্ৰবন্ধৰ দ্বাৰা অনুপ্ৰাণিত, ছাৰলৈ শ্ৰদ্ধা আৰু ক্ষমা-প্ৰাৰ্থনাৰে)

ধন্যবাদেৰে
ৰিণ্টুমনি দত্ত
সম্পাদক
দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা
ফটাঢোল ই-আলোচনী

☆★☆★☆

120 Comments

  • সৌৰভ শৰ্মা

    উৎসাহিত হলো সম্পাদকীয় পঢ়ি। 🙏🏻🙏🏻🙏🏻🙏🏻

    Reply
    • ৰিণ্টু

      অশেষ ধন্যবাদ সৌৰভ

      Reply
  • Mridula

    ভাবিছিলোৱে ভাল লগা কৈ সম্পাদকীয় পাম বুলি ।

    Reply
    • ৰিণ্টু

      অশেষ ধন্যবাদ মৃদুলা

      Reply
      • Shariful

        আপোনাৰ এই সম্পাদকীয় ত সমালোচনা(গঠনমূলক) কৰিবলৈ ঠাই বিচাৰি হাবাথুৰি খাই আছোঁ। উপায় নাই, বাধ্য হৈ লিখিব লগা হৈছে।
        ” আপ্লুত হলোঁ” ।

        Reply
    • Suntu

      আশা কৰা মতেই, ইউনিক

      Reply
  • Jyotirupam Dutta

    ব্যতিক্ৰমী সম্পাদকীয়৷

    Reply
    • ৰিণ্টু

      অশেষ ধন্যবাদ জ্যোতিদা। বটবৃক্ষৰ দৰে সদায় এনেদৰে ছাঁ‌ দি যাব আমাক

      Reply
  • ডলী তালুকদাৰ

    বহুত ভাল লাগিল। বহুত শুভকামনা জনালো।

    Reply
    • Rintumoni Dutta

      অশেষ ধন্যবাদ ডলী

      Reply
  • ৰামানুজ

    এক্সিলেণ্ট সম্পাদকীয় ৰিন্টুদা….

    বহুত অভিনন্দন …

    Reply
    • Rintumoni Dutta

      ধন্যবাদ ভাই

      Reply
      • অবিনাশ শৰ্মা

        আনতকৈ পৃথক সম্পাদকীয়৷ উৎসাহিত কৰিব বহুতকে৷

        Reply
  • যথেষ্ট ব্যতিক্ৰমী আৰু চিন্তাকৰ্ষক সম্পাদকীয়৷ভাল লাগিল৷

    Reply
    • Rintumoni Dutta

      ধন্যবাদ নীলাক্ষি

      Reply
  • Anjan

    ব্যতিক্ৰমী ধৰণেৰে লিখিলা৷ সদায় পঢ়াৰ দৰেই আজিও সম্পাদকীয়ৰ পৰাই আৰম্ভণি কৰিলো৷ ভাল লাগিল বহুত৷

    Reply
  • ৰিমঝিম

    খুউব ভাল লাগিল সম্পাদকীয়। অভিনন্দন ৰিণ্টুদা

    Reply
    • Rintumoni Dutta

      ন্বহুত বহুত ধন্যবাদ ৰিমঝিম

      Reply
  • তৃষ্ণা

    অপূৰ্ব সম্পাদকীয় ৰিন্টুদা। পঢ়ি উপকৃত হলোঁ।অভিনন্দন

    Reply
    • Rintumoni Dutta

      বহুত ধন্যবাদ তৃষ্ণা

      Reply
  • Chidananda bora

    ব্যতিক্ৰমী সম্পাদকীয় !!

    পঢ়ি বৰ ভাল পালোঁ !!

    Reply
    • Rintumoni Dutta

      ধন্যবাদ ককাইদেউ

      Reply
  • নীলাক্ষি

    সম্পাদকীয় পঢ়ি পুলকিত হলোঁ।

    Reply
    • Rintumoni Dutta

      ধন্যবাদ নীলাক্ষি

      Reply
  • নয়নমণি দত্ত

    ভাল লাগিল সম্পাদকীয় পঢ়ি । অভিনন্দন জনালোঁ

    Reply
  • Bikash

    সুন্দৰ সম্পাদকীয়…

    Reply
  • মাধুৰ্য্য

    সম্পাদকীয় সাংঘাটিক লিখিছে। চমৎকাৰ।

    Reply
    • Rintumoni Dutta

      বহুত ধন্যবাদ মাধুৰ্য্য

      Reply
  • গীতালি

    ব্যতিক্ৰমী আৰু অগতানুগতিক সম্পাদকীয়।

    ভাল লাগিল পঢ়ি

    Reply
  • নীলাঞ্জনা

    সম্পাদকীয় বৰ সুন্দৰ হৈছে৷ একে উশাহে পঢ়িলো৷ সম্পাদক আৰু সম্পাদনা সমিতি সহিতে সমূহ ফটাঢুলীয়া ৰাইজলৈ অভিনন্দন৷🙏🏽

    Reply
    • Rintumoni Dutta

      বহুত ধন্যবাদ নীলাঞ্জনা

      Reply
  • পিকুমনি দত্ত

    সম্পাদকীয় পঢ়ি আপ্লুত হ’লো । ইমান সুন্দৰ বিশ্লেষণ । অভিনন্দন

    Reply
  • অনুৰূপ মহন্ত

    সম্পাদকীয়টো যথেষ্ট ব্যতিক্ৰমী হৈছে, সেয়ে বেছি ভাল লাগিল। যথেষ্ট উৎসাহো পালোঁ।

    Reply
    • Rintumoni Dutta

      বহুত ধন্যবাদ অনুৰূপ

      Reply
  • গায়ত্ৰী গোস্বামী

    বৰ ভাল লাগিল পঢ়ি সম্পাদকীয় । উৎসাহপূৰ্ণ, গঠনমূলক 👍

    Reply
  • Mukut bhattacharjya

    সম্পাদকীয় পঢ়ি আপ্লুত হলো। বহুত উচ্চ মানৰ লিখনি। সুন্দৰ সংখ্যাটিৰ বাবে অভিনন্দন জনালো।

    Reply
    • Rintumoni Dutta

      ধন্যবাদ মুকুটদা

      Reply
  • Anuj Lahon

    ৰিন্টু, ভাল লাগিল । এটি ধুনীয়া সম্পাদকীয়,আমাৰ কাৰণে brain_touched. তোমাৰ কলমৰ ধাৰ স্কুলীয়া জীৱনৰ পৰাই অনুভৱ কৰি আহিছো। সদায়েই এনেদৰে লিখি থাকিবা….

    Reply
  • Bhaskar Jyoti Sarma

    সদায় পঢ়াৰ দৰে প্ৰথম সম্পাদকীয় পঢ়িলো।
    ভাল লাগিল।

    Reply
    • Rintumoni Dutta

      ধন্যবাদ ভাস্কৰ

      Reply
  • ঈশান জ্যোতি বৰা

    আপোনাৰ লগত একমত ৷ গঠনমূলক সমালোচনাই ন-পুৰণি লেখক-লেখিকাক যথেষ্ঠ উৎসাহিত কৰে ৷ কিন্তু আমিও এতিয়াও সমালোচনাত্মক সাহিত্যত পিছপৰি আছোঁ ৷ দ্বিতীয়তে, এনে বহু লেখক-লেখিকা আছে যিয়ে মুক্তমনে সমালোচনা গ্ৰহণ কৰিব নোৱাৰে বা নুখুজে ৷ তেনে চিন্তাধাৰাও ক্ষতিকাৰক ৷
    আশা কৰিছোঁ, আপোনাৰ মূল বক্তব্যটোৱে ৰাইজৰ পৰা সঠিক সঁহাৰি পাওক ৷
    অভিনন্দন আৰু শুভেচ্ছা !

    Reply
    • Rintumoni Dutta

      ঈশান, সহমত। গঠনমূলক আৰু নিৰপেক্ষ সমালোচনাই নৱপ্ৰজন্মৰ লিখকসকলক আৰু পূৰঠ কৰিব বুলি মই ভাৱো।

      Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

    ধুনীয়া সম্পাদকীয়।

    Reply
    • Rintumoni Dutta

      অশেষ ধন্যবাদ সঞ্জীব

      Reply
  • আদিত্য বৰঠাকুৰ

    ভাল লাগিল, দাদা ।

    Reply
    • Rintumoni Dutta

      ধন্যবাদ আদিত্য

      Reply
  • Bijoy Mahanta

    সুন্দৰ সম্পাদকীয়।

    Reply
  • দিম্পল

    দাদা ভাল লাগিল । ভয় বেছি কৰে আপুনি , আপুনি নাজানে আপোনাৰ কলমৰ চোক কিমান।

    Reply
    • Rintumoni Dutta

      সাহস দি থাকিবি আকৌ এইদৰেই

      Reply
  • এক্সিলেণ্ট্ সম্পাদকীয় !

    Reply
  • অলকেশ ভাগৱতী

    Excellent সম্পাদকীয়৷ সাউৎকৈ সেৱা এটা জনাই থৈ গলো ৷ দায়-দোষ মাৰ্জন কৰিব প্ৰভু ৷

    Reply
    • Rintumoni Dutta

      ধন্য হ’লো, আজি মোৰ জীবন সাৰ্থক হ’ল প্ৰভু

      Reply
  • ববিতা বরা

    ভাল লাগিল রিন্টু।

    Reply
  • ব্যতিক্ৰমী সম্পাদকীয়, উপকৃত হলোঁ ৰিণ্টুদা।

    Reply
    • ৰিণ্টু

      ধন্যবাদ ভাইজান

      Reply
  • Anonymous

    Dada val lagel hosakoi .assamese keypad tipile Kiba he ulai dekhun..

    Reply
  • ঋতুৰাজ অনুৰাগ হাজৰিকা

    খুব সুন্দৰকৈ লিখিলে সম্পাদকীয় প্ৰতিবেদন।

    Reply
  • চন্দন গগৈ

    মিছা নকওঁ ককাইদেউ, লিখিব নাজানো একোকে, কিন্তু পঢ়ি বহুত ভাল পাওঁ, গো-গ্ৰাহে গিলো সকলো কিতাপ, কোনো নিদিষ্টতা নাই….
    বহু সম্পাদকীয় পঢ়িছো কিন্তু এইটো অলপ ভিন্ন, সচাঁই বহুত ভাল লাগিল….

    Reply
    • Anonymous

      বহুত ধন্যবাদ চন্দন

      Reply
  • Alok Kumar Das

    বৰ সুন্দৰ লিখিছা ৰিন্তু ৷ সাহিত্যৰ সঞ্জীৱনী সুধাই মানুহক যুগে যুগে অনুপ্ৰাণিত কৰি আহিছে ৷ এনেই জানো কয় ”সাহিত্য সংগীত কলা বিহীন সাক্ষাৎ পশু —–”

    Reply
    • ৰিণ্টু

      অশেষ ধন্যবাদ আলোকদা

      Reply
  • কাবেৰী মহন্ত

    excellent ! ইমান ব্যতিক্ৰমী আৰু তথ্য সমৃদ্ধ সম্পাদকীয় পঢ়ি সঁচাকৈ তোমাৰ পৰা আগলৈ আৰু কিবাকিবি পঢ়াৰ লোভ সামৰিব পৰা নাই ৷ এইয়া নিৰপেক্ষ আৰু আন্তৰিক অনুৰোধ ৷ অভিনন্দন পুনৰ

    Reply
    • ৰিণ্টু

      বহুত ধন্যবাদ কাবেৰী

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    সময়োপযোগী আৰু চিন্তাকৰ্ষক সম্পাদকীয়। ভাল লাগিল।

    Reply
    • ৰিণ্টু

      অশেষ ধন্যবাদ দাদা

      Reply
  • ভাস্কৰ জ্যোতি বৰুৱা

    সুন্দৰ! খুব ভাল সম্পাদকীয়। কথাখিনি ভাল লাগিল।

    Reply
    • ৰিণ্টু

      ধন্যবাদ ভাস্কৰদা

      Reply
  • ৰাজশ্ৰী শৰ্মা

    ব্যতিক্ৰমী চিন্তাৰে এটি সম্পূৰ্ণ নতুন দিশৰ সম্পাদকীয় পঢ়িলো দাদা। সঁচাকৈয়ে অতুলনীয় লিখনি আৰু উৎসাহিত হ’লো।

    Reply
    • ৰিণ্টু

      অশেষ ধন্যবাদ ৰাজশ্ৰী

      Reply
  • ব্যতিক্ৰমী সম্পাদকীয়। সমাজ পৰিবৰ্তনত সাহিত্যৰ অৰিহনা থাকক বা নাথাকক সাহিত্যই সমাজৰ পৰিচয় বহন কৰে।

    অনন্য তোমাৰ চিন্তাশক্তি। জ্ঞানৰ আৰু কলমৰ ধাৰ কিমান সম্পাদকীয়ত ফুটি উঠিছে।

    Reply
    • ৰিণ্টু

      অশেষ ধন্যবাদ প্ৰণীতা বা

      Reply
  • কমলা দাস

    আশা কৰা মতেই সুন্দৰ আৰু ব্যতিক্ৰমী সম্পাদকীয়।ভাল লাগিল

    Reply
    • Rintumoni Dutta

      ধন্যবাদ বাইদেউ

      Reply
  • হেমন্ত কাকতি

    বৰ ভাল হৈছে সম্পাদকীয়৷ পাঠকে পঢ়ি কিছু মৌলিক চিন্তাৰ খোৰাক পাব বুলি নিশ্চিত৷

    Reply
    • Rintumoni Dutta

      বহুত ধন্যবাদ দাদা

      Reply
  • আপ্লুত হ’লো বুলি কোৱাতকৈ লাভৱান হ’লো বুলি ক’বলৈ ভাল পাম ৷ 💝💝

    “হোমেন বৰগোহাঞি মূৰ্দাবাদ” গ্ৰন্থখন পঢ়িবলৈ বহুত মন গ’ল ৷

    Reply
    • Rintumoni Dutta

      ধন্যবাদ পৰীস্মিতা। সুবিধা পালে পঢ়িবা কিতাপখন

      Reply
  • চন্দন মহন্ত

    এখন সৰ্বাঙ্গসুন্দৰ ই-মেগাজিনৰ এটি বলিষ্ঠ সম্পাদকীয় ৷ প্ৰতিটো বাক্য পঢ়ি যাওঁতেই অনুপ্ৰাণিত হ’লো ৷ শেষৰ অংশ “হোমেন বৰগোহাঞি মুৰ্দাবাদ”এ এক অনন্য মাত্ৰা প্ৰদান কৰিলে ৷ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ৷

    Reply
    • Rintumoni Dutta

      বহুত বহুত ধন্যবাদ

      Reply
  • somkanta saikia

    এক কথাত —অনন্য !

    Reply
  • Manash Saikia

    এক অগতানুগতিক সম্পাদকীয়৷
    ফেচবুকীয়া সাহিত্যৰ সমালোচনা কিন্তু বহু ক্ষেত্ৰত উৎসাহবৰ্দ্ধক হয়৷ প্ৰকৃত সমালোচনা হোৱাতো নিতান্তই প্ৰয়োজনীয়৷ ন লেখাৰু সকলক বাদ দি প্ৰতিষ্ঠিত(?)সকলৰ বৌদ্ধিক উত্তৰণৰ বাবে ই প্ৰয়োজনীয়৷

    Reply
    • Rintumoni Dutta

      অশেষ ধন্যবাদ মানসদা। প্ৰেৰণা পালো

      Reply
  • Anonymous

    আৰে ৱাহ 😳 ৰিন্টু দাৰ এইৰুপ আকৰ্ষনীয় মনোমোহা দিল খুচ হৈ গলো.. জুই জুই 😍😍

    Reply
  • শৰ্মিষ্ঠা

    ভাল লাগিল। তই ভালেই লিখ সদায়।

    Reply
    • Rintumoni Dutta

      বহুত দিনৰ পিছত তোৰ গল্প পঢ়িলো, সুখী

      Reply
  • পূৰৱী

    সম্পাদকীয়এ ক্লাচ হৈছে কুৱাইদৌ…

    Reply
    • Rintumoni Dutta

      বহুত ধন্যবাদ ভনী

      Reply
  • কমল তালুকদাৰ

    অগতানুগতিক সুন্দৰ সম্পাদকীয় !

    ভাল লাগিল পঢ়ি , সম্পাদক তথা আলোচনীখনৰ উত্তৰোত্তৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলোঁ ।

    Reply
  • জয়ন্ত দাস

    সাংঘাতিক লিখিলে৷ অভিনন্দন৷ বাকীবোৰ পঢ়ি আছো৷

    Reply
  • এক অগতানুগতিক সম্পাদকীয়৷ দাদা আপোনাৰ লগত কাম কৰি সুখী হ’লোঁ৷ এনে এক সম্পাদকীয় পঢ়িবলৈ পাম বুলি প্ৰায় নিশ্চিত আছিলোঁ৷

    Reply
    • Rintumoni Dutta

      বহুত ধন্যবাদ চবিনা

      Reply
  • সিদ্ধাৰ্থ শংকৰ শৰ্মা

    ভাল লাগিল বন্ধুবৰ।প্ৰাঞ্জল ভাষা আৰু প্ৰকাশশৈলীৰে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত।স্বপ্ৰকাশ আৰু তাৰ যোগ্য মূল্যায়নতে ভবিষ্যতৰ সাহিত্যচৰ্চাৰ যথাৰ্থতা বিবেচিত হ’ব।ফেইচবুকত কেতিয়াবা লেখা পষ্ট কৰোঁ দুই এজনে পঢ়ে..অনুধাবন কৰে..ভালবেয়া মন্তব্য কৰে ..তাতেই ভাষাটোক মনে-প্ৰাণে ভালপোৱা আমাৰদৰে নিমাখিতৰ কিঞ্চিত আনন্দ।শেহৰফালে সংযোজিত কাহিনীটোও অতি প্ৰাসংগিক আৰু উপাদেয় হৈছে।শুভেচ্ছা থাকিল..সাহিত্যৰ বৰঘৰ তোমাৰ লিখনিৰে আৰু শুৱনি হওক।

    Reply
    • ৰিণ্টু

      সুন্দৰ মন্তব্যটোৰ বাবে অশেষ ধন্যবাদ বন্ধু। প্ৰেৰণা পালো

      Reply
  • উষা মহন্ত

    বৰ সুন্দৰ সম্পাদকীয় । পঢ়ি ভাল পালো ।আগলৈকো এনে সাৰুৱা লিখনি আশা কৰিলোঁ ।

    Reply
  • Ili Talukdar

    ব্যতিক্ৰমধৰ্মী সম্পাদকীয়। দুবাৰ পঢ়িলোঁ।

    Reply
  • অৰুন

    বহুতো আলোচনীৰ সম্পাদকীয় পঢ়িছো কিন্তু আপোনাৰ এই সম্পাদকীয় লিখনিটো বহুত ভাল লাগিল পঢ়ি ৷

    Reply
    • Rintumoni Dutta

      আপোনালৈ অশেষ ধন্যবাদ

      Reply
  • মানসী বৰা

    সম্পাদকীয়টি পঢ়ি আপ্লুত হ’লো…

    Reply
  • কুশল দত্ত

    পাঠকক দায়বদ্ধ কৰি যোৱাকৈ প্ৰয়োজনীয়, আৰু বৰ্তমানৰ সময়ৰ প্ৰেক্ষাপটত খাপ খোৱাকৈ উপযোগী সম্পাদকীয়৷ খুবেই ভাল লাগিল পঢ়ি৷

    Reply
    • ৰিণ্টু

      অশেষ ধন্যবাদ কুশল

      Reply
  • পূৰ্ণানন্দ শৰ্মা

    অলকেশ ভাগৱতীৰ পিছত আন এটা মনোগ্ৰাহী সম্পাদকীয় পঢ়িলোঁ ৷ মই সমঝদাৰ পাঠক নহওঁ যদিও কওঁ, অসমীয়া উপন্যাস সাহিত্যৰ এক অনবদ্য সংযোজন ‘ডিগ বয় ডিগ’ আছিল ‘ফেচবুকীয়া সাহিত্য’ৰ মিঠা ফচল ৷

    Reply
    • ৰিণ্টু

      অশেষ ধন্যবাদ। আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে

      Reply

Leave a Reply

Your email address will not be published.