ফটাঢোল

সম্পাদকীয় – ৰিমঝিম বৰঠাকুৰ

"জীৱন জীৱন বৰ অনুপম"

এসময়ত এঘৰ মানুহৰ পিছফালৰ বাৰীখনতে থকা গছ এডালৰ ওপৰত এটা কাউৰীয়ে খুব সুখৰে বাস কৰি আছিল। নিজৰ ইচ্ছামতে ঘূৰি-ফুৰি থাকে আৰু মন গ'লেই যেনিবা ৰমলিয়াই মানুহ ঘৰলৈ আলহি অহাৰ বতৰা দিয়ে। তেনেকৈয়ে তাৰ দিন যায় ৰাতি আহে। এদিন হ'ল কি মানুহঘৰৰ গিৰিহঁতে তেওঁলোকৰ ঘৰলৈ এটা সুন্দৰ ধুনীয়া বগা ৰঙৰ ৰাজহাঁহ পোহাৰ উদ্দেশ্যে আনি পিছফালৰ পুখুৰীটোতে চৰিবলৈ এৰি দিলে।

সেই সময়তে আকৌ কাউৰীয়ে বাহিৰতে দুপৰীয়া আহাৰসাজ গ্ৰহণ কৰি অলপ সময় জিৰাই লওঁ বুলি বাহলৈ উভতি আহোঁতেই বগা ৰাজহাঁহটোক পানীত চৰি থকা দেখিলে। ইমান ধুনীয়া বগা ৰাজহাঁহটোক দেখি কাউৰীৰ ততালিকে নিজৰ ৰঙটোলৈ চকু গ'ল। নিজৰ সম্পূর্ণ বিপৰীত ৰঙৰ এই চৰাইটোক দেখি সি তেতিয়াহে বুজিব পাৰিলে সকলোৱে তাক দেখিলে লেইলেই-চেইচেই কৰাৰ কাৰণটো। ৰাজহাঁহটো পৃথিৱীৰ সকলো চৰাইৰ ভিতৰতে যে ধুনীয়া আৰু সুখী সেই বিষয়েও তাৰ গাৰ ৰং দেখিয়ে কাউৰী নিশ্চিত হ’ল। কাউৰীয়ে অকণো পলম নকৰাকৈ ৰাজহাঁহৰ ওচৰলৈ গৈ তাৰ মনৰ কথা ব্যক্ত কৰিলে।

কাউৰীৰ কথা শুনি ৰাজহাঁহে খুব দুখেৰে উত্তৰ দিলে যে এসময়ত সিও ভাবিছিল সিয়ে আটাইতকৈ সুখী আৰু ধুনীয়া চৰাইটো যেতিয়ালৈকে ভাটৌক সি দেখা নাছিল। আচলতে সেউজবুলীয়া নিমজ পিঠিৰে ৰঙা ঠোঁটটোৰে সৈতে ভাটৌকহে আটাইতকৈ ধুনীয়া লাগে। গতিকে ভাটৌৰ সমান ধুনীয়া আৰু সুখী চাগে আৰু কোনো নোলাব সিঁহতৰ পক্ষীকুলত!

ৰাজহাঁহৰ কথা শুনি কাউৰী আচৰিত হোৱাৰ লগতে ভাটৌকো লগ পাবলৈও ইচ্ছা কৰিলে। নিজৰ কৌতুহল দমাব নোৱাৰি কাউৰী ভাটৌৰ ওচৰ পালেগৈ। কিন্তু ভাটৌটোক লগ পাই কাউৰীৰ অনুভৱ হ'ল সি যেন নিজৰ জীৱনটোক লৈ একেবাৰেই সুখী নহয়। ভাটৌৰ লগত কথা পাতি গম পালে আৰু বহুতো এনেকুৱা পক্ষী আছে ভাটৌতকৈ অনেক গুণে ধুনীয়া। কাউৰীয়ে কেইবাটাও ধুনীয়া চৰাইক লগ ধৰি জীৱন বৃত্তান্তৰ বিষয়ে সোধাত বুজিলে যে কোনো কাৰো জীৱনত সুখী নহয়। আনকি আটাইতকৈ ধুনীয়া চৰাই ম'ৰাটোও সুখী নহয়। কাৰণ সি তাৰ নিজৰ ৰূপ সৌন্দৰ্যৰ বাবেই চিৰিয়াখানাত বন্দী। দিনে হাজাৰ হাজাৰ মানুহ ম'ৰাক চাবলৈ আহি ম'ৰাৰ ৰূপৰ প্ৰশংসা কৰি থৈ যায়। কিন্তু সি নিজৰ এই ৰূপটোৱেই তাৰ কাৰণে কাল হ'ল বুলি কপাল চপৰিয়াই থাকে।

এই সাধুটো ইণ্টাৰনেটতে কৰবাত পঢ়িছিলোঁ। সাধাৰণ যেন লাগিলেও ইয়াৰ অন্তৰ্নিহিত অৰ্থ কিন্তু গভীৰ। জীৱনটোক অনুপম কৰি তুলিবলৈ কিহৰনো প্ৰয়োজন! অকণমান সুখ আৰু হাঁহিয়েই জানো যথেষ্ট নহয়। আচলতে সুখ হাঁহিবোৰ বিচাৰিব জানিলে নিজৰ হাতৰ মুঠিতে পাম। তাকে নকৰি যদি লোকৰ জীৱনৰ আধাৰত মনে সজা মাপকাঠিৰে নিজৰ সুখ দুখৰ হিচাপ-নিকাচ কৰি থাকোঁ, অৱশ্যেই আমাৰ অৱস্থাটো চৰাইকেইটাৰ দৰে হ’ব।

প্ৰকৃততে আত্মসন্তুষ্টিয়েই হ'ল সুখৰ আধাৰ। আত্ম সন্তুষ্টিৰ অবিহনে সুখ অসম্ভৱ। সুখৰ টুকুৰাবোৰৰ সমষ্টিয়ে হাঁহি। জীৱনটোক সজাই তুলিবলৈ এমুঠি হাঁহিৰ প্ৰয়োজন। যাৰ অভাৱ আজিৰ দিনত বাৰুকৈয়ে অনুভৱ হয়। এই হাঁহিবলৈ পাহৰাৰ দিনতে বেছি জনপ্ৰিয় হৈ উঠিছে কমেডী শ্ব'ৰ দৰে ৰিয়েলিটী শ্ব'বোৰ যিয়ে নেকি দিব পাৰিছে খুদমান হ'লেও মহৌষধ। প্ৰতিযোগীতাৰ দৌৰত সদাব্যস্ত জীৱনটোক হাঁহি-ধেমালিৰে অকণমান সজাই তুলিবলৈ ফটাঢোল ই-আলোচনীৰ এইয়া এক ক্ষুদ্ৰ প্ৰয়াস। বিভিন্ন হাস্য-ব্যংগ লিখনিৰে পাঠকৰ হৃদয় জিনিবলৈ সক্ষম হোৱা ফটাঢোল ই-আলোচনীখনে এনেদৰেই হাঁহি বিলাই অসমীয়া ব্যংগ সাহিত্যলৈ বৰঙনি আগবঢ়াই যাওক।

কোনোবাই যদি জীৱনৰ সৰু সৰু সুখবোৰ বুটলিবলৈ বিচাৰি পোৱা নাই তেনেহ’লে সেই ব্যক্তিৰ হয়তো সুখৰ সংজ্ঞাই ভুল। খলিল জিব্ৰানে কোৱাৰ দৰে দুখৰ মুখাৰ আঁৰতে লুকাই থাকে সুখৰ আচল ৰূপ। বেলিটোক মূৰতে লৈ শাওনৰ পথাৰত হাল বাই থকা খেতিয়কজনৰ মতে গা জুৰাই যোৱা এচাতি বতাহেই সুখ। বুকু উদং কৰি বহুদূৰলৈ গুচি যোৱা সন্তানৰ বাবে অপেক্ষাৰত মাতৃক সোধক, তেওঁ ক’ব পুত্ৰ-কন্যাক কাষতে ঘূৰাই পোৱাই সুখ। সুখবোৰ বাৰু বুজিলোঁ তেন্তে ধৈৰ্য আৰু আশাবোৰ? সেই একেগৰাকী মাতৃকে সোধকচোন- প্ৰবাসী পুত্ৰ কন্যাক কাষত পাবলৈ কেনেদৰে পৰম ধৈৰ্য আৰু আশাৰে বাট চাই আছিল।মাতৃ-সন্তানৰ কথা কওঁতেই মনত পৰিছে আমাৰ মৰমৰ সম্পৰ্কবোৰলৈ।

কণমানি এজনীয়ে মাকৰ ফোনটো লৈ ফোনৰ সিফালে থকা ককাকক নতুনকৈ শিকা ৰাইমছবোৰ গাই শুনাই আছে। তাই পাহৰি যোৱাবোৰ ককাকে ফ’নতে আওৰাই দিছে। তাই নাচি নাচি ৰাইমছবোৰ ককাক শুনাবলৈ পাই কিমান যে ফূৰ্তি পাইছে সেইটো তাইক দেখিয়েই গম পোৱা গৈছে। আৰু কণমানিজনীৰ লগত কথা পাতি ককাকৰ মুখখনো উজ্জ্বল হৈ উঠিছে এক অনাবিল আনন্দত। এইটো এটা বিশেষ মোবাইল নেটৱৰ্কৰ বিজ্ঞাপনহে। এই বত্ৰিছ চেকেণ্ডৰ বিজ্ঞাপনটোৱে বহুত কথাই কৈ গ’ল। ককাক-নাতিনীয়েকৰ ভিডিঅ’টোৱে আমি তাহানিতে আইতাৰ কোলাত বহি সাধু শুনি থকা দিনবোৰলৈ পলকতে উভতাই লৈ গ'ল। দুই কোৱাৰিৰ ফাঁকেৰে বাহিৰ হৈ ওলোৱা তামোলৰ সেলেঙিকণ মোহাৰি আইতাই কৈ যোৱা সাধু শুনি টোপনি যোৱা আমাৰ ভাল লগা শৈশৱটো। এনেকুৱা সৰু অথচ ভাল লগা মুহূৰ্তবোৰে সুমধুৰ কৰি পেলাইছিল ককা-আইতাক, নাতি-নাতিনীৰ মাজৰ সম্পৰ্ক।

কেতিয়াবা সন্দেহ হয় অত্যধিক ব্যস্ততাই জীৱনৰ অনুপম সম্পৰ্কবোৰত ঘূণে ধৰিবলৈ সুবিধা দিছে নেকি? মুহূৰ্ততে মনটোক বুজনি দিওঁ আমি সুবিধা দিলেহে ঘূণে ধৰিব। উন্নত প্ৰযুক্তিবিদ্যাই ৰিঙটোতে মাতটো শুনা আহিলাবোৰ এনেই উলিয়াইছে নেকি! কথাতে কয় নহয় মন কৰিলেই চন। মন কৰিলে ঘৰৰপৰা যিমান দূৰৈত থাকিলেও সম্পৰ্কবোৰ ৰক্ষা কৰিব পাৰি।

Life is all about choices that we make. জন্ম আৰু মৃত্যুক নিয়ন্ত্ৰণ কৰা ক্ষমতা আমাৰ হাতত নাই। কিন্তু জীৱনটোক আগুৱাই লৈ যোৱাৰ নিয়ন্ত্ৰণ সম্পূৰ্ণ আমাৰ হাতত। আচলতে সুখ-দুখ, হাঁহি-কান্দোনবোৰ আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ। তাৰপৰা কেনেকৈ দুখ-কান্দোনবোৰক চালি জোকাৰি তাৰ মাজৰ পৰা সুখ আৰু হাঁহিবোৰ লৈ জীৱনটোক সজাই ল’ব পাৰোঁ সেইটো আমাৰ কথা। তাকে নকৰি যদি ভাগ্যক ধিয়াই, কপাল চপৰিয়াই বহি থাকোঁ তেতিয়া কাহানিও জীৱনত সুখৰ মুখ নেদেখিম। দুখবোৰ একাষে থৈ সুখবোৰ বোকোচাত বান্ধি, কান্দোনবোৰ মোহাৰি হাঁহি এটি পিন্ধি লৈ আমি আমাৰ জীৱনযাত্ৰাত আগবাঢ়ি যাওঁচোন। এনেদৰে গৈ থাকিয়ে আমি কোনোবা এডোখৰত গৈ সজোৰে চিঞৰি ক’ব পাৰিম "জীৱন জীৱন তই বৰ অনুপম।"

শেষত “ফটা-ঢোল” সম্পাদনা সমিতিৰ ফালৰপৰা আপোনালোক সকলোলৈকে আগন্তুক শাৰদীয় দুৰ্গাপূজাৰ আন্তৰিক শুভকামনা যাচিলোঁ। মহিমাময়ী দেৱী দুৰ্গাই সমাজত চলি থকা হিংসা-হত্যা, অশান্তিবোৰ দূৰ কৰি সকলোলৈকে শান্তি ঘূৰাই আনক।

জয়তু “ফটা-ঢোল”
ৰিমঝিম বৰঠাকুৰ
সম্পাদক, ফটা-ঢোল, অক্টোবৰ সংখ্যা

☆★☆★☆

97 Comments

  • বৰ সৰস সম্পাদকীয়৷ সঁচাই হাঁহিয়েই কৰি তোলে জীৱন অনুপম৷ সম্পাদকক ধন্যবাদ জনালোঁ এটি সুন্দৰ সংখ্যা আগবঢ়াই দিয়াৰ বাবে৷

    Reply
    • অশেষ ধন্যবাদ চবিনা বা। সকলোবোৰ আপোনালোকৰ সহযোগতহে সম্ভৱ হ’ল।

      Reply
  • সৌৰভ শৰ্মা

    সুন্দৰ সম্পাদকীয়া এটি পঢ়িলোঁ। ময়ূৰো সুখী নহয় । কাউৰীও নহয়। কিন্তু সুখী হব বিচাৰিলে সুখী হব পাৰে। কান্দোনক মোহাৰি হাঁহি পিন্ধাৰ প্ৰয়োজন👌🏽👌🏽👍🏼👍🏼👍🏼😜😜😀

    Reply
  • Mitali saharia

    ভাল লাগিল পঢ়ি। সচাঁকৈ জীৱন জীৱন বৰ অনুপম।

    Reply
  • সুন্দৰ সম্পাদকীয়।সচাকৈ সুখবোৰ বুটলিবলৈ জানিব লাগে।

    Reply
  • সোনটো

    সুন্দৰ সম্পাদকীয়

    Reply
  • Mridula

    ভাল লাগিল সম্পাদকীয় পঢ়ি ।

    Reply
  • ডলী বৰা

    বহুত সুন্দৰ অনুভৱ৷অন্তৰ চুই যোৱা লিখনি৷

    Reply
  • Sweet lena Das

    ভাল লাগিল বা

    Reply
  • anjan Sadhanidar

    সদায়ে পঢ়াৰ দৰেই প্ৰথম সম্পাদকীয় পঢ়িলো৷আপ্লুত হলো৷ জীৱন সমন্ধে এক উচ্চমানৰ লেখা৷ ভাল লাগিল৷ আলোচনীী খন ভাল হৈছে৷

    Reply
  • ৰিণ্টু

    সুন্দৰ বিষয়বস্তু, সাৱলীল উপস্থাপন। খুব ভাল লাগিল পঢ়ি।

    ধন্যবাদ আৰু অভিনন্দন ৰিমঝিম

    Reply
  • মনোগ্ৰাহী সম্পাদকীয়। উপহংসাৰ বৰ ভাল লাগিল, অৰ্থবহ।

    Reply
  • Bhaskar jyoti Sarma

    “জীৱন জীৱন তই বৰ অনুপম।”
    অভিনন্দন।

    Reply
  • তৃষ্ণা

    ৰসাল সম্পাদকীয়। জীৱন সম্পৰ্কে ইতিবাচক লেখাটিয়ে মন ভাল লগাই তুলিলে।

    Reply
  • বুলুমা গগৈ

    সম্পাদকীয়ই আলোচনীখনৰ প্ৰতি আগ্ৰহ জন্মালে | লেখাতো অনন্যসুন্দৰ হৈছে | মাত্র তামোলৰ “সেলেঙি”ৰ ঠাইত “পিক” হ’ব | সেলেঙি তামোল খাঁওতে হোৱা এক অনুভূতিহে, যাক মোহাৰি আঁতৰাব নোৱাৰে |

    Reply
  • সুন্দৰ সম্পাদকীয় এটি পঢ়িবলৈ পালোঁ। সচাঁকৈয়ে আত্মসন্তুষ্টিয়েই হ’ল সুখৰ আধাৰ।

    Reply
  • অলকেশ ভাগৱতী

    সুন্দৰ আৰু প্ৰেৰণাদায়ক সম্পাদকীয় ৷

    Reply
  • Mousumi gogoi

    সুন্দৰ কৈ সম্পাদকীয়টো বৰ্ণন কৰিলা ।জীৱন টো সচাঁকৈ বৰ আপুৰুগীয়া ।ইয়াক আনন্দৰে উৎযাপন কৰিব পাৰিলেই আমি সুখী হম।

    Reply
  • Nirmali

    বহুত ভাল লাগিল

    Reply
  • ভাল লাগিল সম্পাদকীয় পঢ়ি ৷ সঁচাকৈ জীৱন বৰ অনুপম ৷

    Reply
  • Anonymous

    ধুনীয়া ধুনীয়া, বহুত ধুনীয়া

    Reply
  • জয়ন্ত দাস

    খুব ধুনীয়া সম্পাদকীয়৷ সুখৰ আকাৰ চাৰিওফালে সিচৰিত মাথো বুতলিব জানিলেই হল৷ অভিনন্দন আপোনাক৷

    Reply
  • পূৰ্ণানন্দ শৰ্মা

    সম্পাদকীয়টো ভাল লাগিল । ‘সুখ দুখৰ মনেই কাৰণ’!!

    Reply
  • অবিনাশ শৰ্মা

    হাঁহি জীৱন জীয়াৰ মন্ত্ৰ ৷ধুনীয়া সম্পাদকীয় ৷

    Reply
  • মিৰাজ

    ৱাহ! আপ্লুত হলোঁ। সুন্দৰ ।

    Reply
  • Pankhi Devi Das

    বৰ ভাল লাগিল বা। সচাকৈ জীৱন এনেকুৱাই ❤️❤️😊😊😊

    Reply
  • সদানন্দ ভূঞা

    সুন্দৰ সম্পাদকীয় । পঢ়ি আপ্লুত হলো ।

    Reply
  • Yeshmita sonowal

    খুব ভাল লাগিল সম্পাদকীয় লিখনিটো পঢ়ি ৰিম।। জীৱনৰ সুখ-দুখৰ মাপকাঠি বুলিএকো নাই এয়া মাত্র মনে গঢ়া এটা ধাৰণাহে।।

    Reply
  • অনুৰূপ মহন্ত

    সুন্দৰ অৰ্থবহ সম্পাদকীয়। ভাল লাগিল।

    Reply
  • Rashna borah

    আত্ম সন্তুষ্টিয়েই যে সুখী জীৱনৰ মাপকাঠি তোমাৰ সম্পাদকীয়ত ইমান সুন্দৰকৈ ফুটি উঠিল সচাই অনন্য তোমাৰ অনুভৱ।

    Reply
  • হিমাংশু ভাগৱতী

    মিঠা কোমল সম্পাদকীয়। ভাল পালো।

    Reply
  • হেমন্ত কাকতি

    বৰ সুন্দৰ সম্পাদনা আৰু সম্পাদকীয়৷ মন ভৰি গ’ল ৰিমঝিম৷

    Reply
  • উৎপল

    বহুত ভাল লাগিল। ধন্যবাদ

    Reply
  • Anonymous

    ধুনীয়া হয়ছ৷

    Reply
  • মানসী

    মননশীল সম্পাদকীয়।বহুত ভাল লাগিল

    Reply
  • গৌৰীশংকৰ শৰ্মা

    সুন্দৰ সম্পাদকীয়। সুখবোৰ প্ৰকৃততেই আপেক্ষিক। সম্পূৰ্ণৰূপেই ই আপোনাৰ নিজৰ ওপৰতেই নিৰ্ভৰ কৰে। জীৱন সচাঁই বৰ অনুপম। সম্পাদকীয় এটা শাৰীয়ে মহেন্দ্ৰ হাজৰিকাৰ বৰ সুন্দৰ গীত এটি মনত পেলাই দিলে, “শাওণৰ পথাৰত হালখন মেলি লৈ, নবৌ অহালৈ বাটে চাই ৰৈ, ককাইদেউ বহিছে আলিৰে মূৰতে, বেলিটো মুৰতে লৈ।”।
    কালিৰ পৰা ওপৰে ওপৰে এবাৰ আলোচনীখনত চকু ফুৰালোঁ। শাৰদীয় এই সংখ্যাটো ইমান সুন্দৰকৈ সজাই পৰাই আমালৈ আগবঢ়াই দিয়াৰ বাবে আপোনাৰ লগতে সম্পাদনাৰ সৈতে জড়িত সকলোলৈ অভিনন্দন আৰু শাৰদীয় শুভেচ্ছা জনালোঁ।

    Reply
  • ফটিকা বৰা

    সুন্দৰ ।পোৱা নেপোৱা হিচাপত জীৱনৰ সুন্দৰতা হেৰাই যাই।ভাল লাগিল ।

    Reply
  • খনিন্দ্ৰ

    “জীৱন জুখিবা হাঁহিৰে…” খুউব সুন্দৰ সম্পাদকীয় বা| ভাল লাগিল|

    Reply
  • Rajib Sarma

    জীৱনৰ অৰ্থ যেন ভালদৰে বুজালে সম্পাদকীয়টোৱে

    Reply
  • deepjyoti handique

    বৰ ভাল লাগিল । জীৱনত সুখৰ সজ্ঞা সঁচাকৈয়ে বেলেগ বেলেগ ।

    Reply
  • Himakshi

    বৰ ভাল লাগিল

    Reply
  • হিৰণ্য অধিকাৰী

    সম্পাদকীয় ভাল লাগিল।জীৱন বোৰ অনুপাম।

    Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

    জীৱন জীৱন বৰ অনুপম।
    অভিনন্দন ৰিমঝিম।

    Reply
  • ধৰিত্ৰী

    সঁচা,হাঁহিবোৰেই সম্পদ।বাকীবোৰ অাপেক্ষিক।সুন্দৰ সম্পাদকীয়

    Reply
  • গীতিকা শইকীয়া

    অত্যন্ত অৰ্থপূৰ্ণ তথা মনোগ্ৰাহী সম্পাদকীয় ৰিমঝিম। পঢ়ি মন ভৰি গ’ল। সঁচাকৈয়ে আনন্দিত হৈছোঁ যে বৰ সুন্দৰ, গাম্ভীৰ্যপূৰ্ণ শাৰদীয় সংখ্যা এটি আমাক সকলোকে উপহাৰ দিলা।

    Reply
  • parishmita

    বৰ সুন্দৰ সম্পাদকীয়। সঁ‌চাকৈ সুখ আমাৰ চাৰিওফালে সিচৰিত হৈ আছে আমি খালি বুটলিব আৰু অনুভৱ কৰিব জানিব লাগিল। ভাল লাগিল সম্পাদকীয় পঢ়ি। সম্পাদিকালৈ আন্তৰিক অভিনন্দন থাকিল। জয়তু ফটাঢোল।

    Reply
  • Dimpal

    জীৱন জীৱন তই বৰ অনুপম

    Reply
  • Anonymous

    বৰ সুন্দৰ সম্পাদকীয় ।

    Reply
  • পঢ়িলোঁ আগতেই, কমেণ্ট এতিয়া কৰিছোঁ।

    সুন্দৰ আৰু প্ৰেৰণাদায়ক সম্পাদকীয়।

    Reply
  • Bikash saikia

    ভাল লাগিল সম্পাদকীয়

    Reply
  • Usually Mahanta

    বৰ ভাল আৰু অৰ্থবহ অনুভৱ । অভিনন্দন জনালোঁ ।

    Reply

Leave a Reply

Your email address will not be published.