ফটাঢোল

সম্প্ৰীতিৰ অন্য এক নাম-আজান পীৰৰ জিকিৰ-জাৰী সমূহ : চাহিন জাফ্ৰি

মূলতঃ ধৰ্মী উদ্দেশ্যেৰেই ৰচনা কৰা জিকিৰ-জাৰী গীতসমূহ অসমীয়া সংস্কৃতিৰ যে অমূল্য সম্পদ তাক নুই কৰিব নোৱাৰি। এই জিকিৰ-জাৰী সমূহত ব্যৱহৃত ভাৱ, ভাষা, ছন্দৰ সৰলতা আৰু সাংগীতিক মূৰ্ছনাই প্ৰতিজন শ্ৰোতাৰ অন্তৰ যুগ যুগ ধৰি জয় কৰি আহিছে। অসমীয়া সংস্কৃতিৰ পথাৰত এই জিকিৰ-জাৰী সমূহৰ অনবদ্য অৱদানে সাহিত্যক সমৃদ্ধিশালী কৰি তোলাৰ উপৰিও হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ এনাজৰী ডালো কটকটীয়া কৰি তুলিছে। ইয়াৰোপৰি জিকিৰ-জাৰী সমূহৰ আন এক উল্লেখযোগ্য অৱদান হ’ল- অসমীয়া সমাজত সম্প্ৰীতিৰ বাৰ্তা বজায় ৰখা।ভাষা আৰু আংগিকৰ ক্ষেত্ৰতো জিকিৰ-জাৰী সমূহে অসমীয়াৰ স্বকীয়তা বজাই ৰখাত সফলতা অৰ্জন কৰিছে।

শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতসমূহ যিদৰে ভাগৱতৰ আদৰ্শৰ ভিত্তিত ৰচিত, ঠিক সেইদৰে জিকিৰসমূহৰ ৰচিত হৈছিল -কোৰানৰ নীতি-আদৰ্শক লৈ। জিকিৰ গীত সমূহৰ সম্পৰ্কে বিশিষ্ট সাহিত্যিক চৈয়দ আব্দুল মালিকে এইদৰে কৈছিল যে – “বৈষ্ণৱ কাব্যই যিদৰে গীত, ভাগৱত, পুৰাণ আদিৰ কথাবোৰ সাধাৰণ অসমীয়া পাঠক আৰু শ্রোতাৰ আগত সহজ কৰি দাঙি ধৰিছে আৰু তাৰ যোগেদি অসমীয়া বৈষ্ণৱ সমাজ আৰু জাতীয় জীৱনক নতুন ভিত্তিত গঢ়ি তুলিছে, সেইদৰে এই ৰচনাবোৰে অসমৰ মুছলমান সমাজক ইছলামীয় দৰ্শন, কোৰান, হাদিছ কাব্য আদিৰ বিষয়ে সহজ পৰিচয়ৰ সুযোগ কৰি দিলে।”

অসমীয়া বৰগীত, লোকগীত, দেহবিচাৰৰ গীত, বিহুগীত আদিৰ আৰ্হিত এই জিকিৰ-জাৰী সমূহ ৰচিত হৈছিল।জিকিৰ শব্দৰ মূল হ’ল- ‘জিকৰ'(আৰবী, ফাৰ্চী মূলৰ শব্দ)বা উল্লেখ কৰা। অৰ্থাৎ আল্লাহৰ নাম স্মৰণ কৰা বা উল্লেখ কৰাই হৈছে জিকিৰ গীত সমূহৰ মূল উদ্দেশ্য। বিষয়বস্তুৰ ফালৰ পৰা জিকিৰ সমূহৰ উদ্দেশ্য আৰু বৰগীত সমূহৰ উদ্দেশ্যও একেই।মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত বৰগীত সমূহো মূলতঃ বৈষ্ণৱ ধৰ্মৰ মূল উপাস্য বিষ্ণু বা কৃষ্ণৰ শ্ৰেষ্ঠত্ব প্ৰতিপাদনৰ বাবেই ৰচিত হৈছিল। যিহেতু নাম, কীৰ্তন, শ্ৰৱণ আৰু স্মৰণেই আছিল বৈষ্ণৱ ধৰ্মৰ মূল ভেটি। ইয়াৰ ঠিক অনুৰূপ জিকিৰ-জাৰী সমূহেও অসমীয়া মুছলমান সমাজত তেনে উদ্দেশ্যই সাধন কৰিছিল। এই সম্পৰ্কে কাৰো দ্বিমত নাই যে – ‘একেশ্বৰবাদ’ ৰ ধাৰণা মহাপুৰুষীয়া ভক্তিধৰ্ম আৰু ইছলাম ধৰ্মৰো মূলমন্ত্ৰ।

সুদূৰ বাগদাদ চহৰৰ পৰা আজান ফকীৰ (প্ৰকৃত নাম শ্বাহ মিৰাণ বা শ্বাহ মিলন) নামৰ চুফীসাধক জনেই আছিল জিকিৰ গীতসমূহৰ ৰচক। ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে আহিলেও তেখেতৰ আদৰ্শ ধৰ্মীয় গোড়ামীৰ পৰা মুক্ত আছিল। তেওঁ অসমৰ ভৌগোলিক পৰিবেশৰ সৈতে একাকাৰ হৈ পৰিছিল আৰু ইয়াৰ ভাষা, সাহিত্যিক আৰু সাংস্কৃতিক অধ্যয়ন সম্পূৰ্ণ ভাবে কৰিছিল। অসমীয়া সমাজখনক সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি ইয়াৰ মাত-কথা, থলুৱা সুৰ আৰু প্ৰচলিত সমাজ -ব্যৱস্থা সম্পৰ্কেও অধ্যয়ন কৰিছিল। অসমীয়া দেহ-বিচাৰৰ গীত, ওজাপালি, হুঁচৰিৰ পদ যোজনা আৰু বিভিন্ন জনপ্ৰিয় লোকগীত সমূহৰ ৰচনাশৈলী শিকিছিল আৰু সলসলীয়াকৈ গাব পাৰিছিল। ইয়াৰ অনুকৰণতে তেওঁ নিজেও ইছলামীয় আদৰ্শত গীত ৰচনা কৰিছিল। তেওঁৰ সেই গীত সমূহত(জিকিৰ গীত) থলুৱা মাত আৰু সুৰৰ সুন্দৰ সমাহাৰ ঘটিছিল –

জীৱৰ সাৰথি নাম ঔ আল্লা

জীৱৰ সাৰথি নাম

সৎ গুৰুক ভেটিবা,আত্মাকে চিনিবা

সিজিব দিনৰে কাম।”

অসমত জিকিৰ পৰিবেশনৰ পদ্ধতি হিন্দু সকলৰ নাম-কীৰ্তনৰ লগত প্ৰায় একেই। বিশ্বৰ আন দেশবোৰত জিকিৰ পৰিবেশনৰ পদ্ধতি অসমৰ দৰে নহয়। নিশা উজাগৰে থাকি মৰ্চিয়া গীত গোৱা পদ্ধতি, লাঠি-তৰোৱাল লৈ তাজিয়া খেলা পদ্ধতি, নাচি নাচি বুকুত ভুকুৱাই জাৰী গীত পৰিবেশন আদি অসমীয়া সমাজত নাই। গৰিষ্ঠ সংখ্যক হিন্দুৰ মাজত থকাৰ বাবেই হয়তো অসমৰ মুছলমান সকলে তেওঁলোকৰ পূৰ্বৰ বেছিভাগ ধৰ্মীয় নীতি-নিয়ম পৰিহাৰ কৰি অসমৰ নীতি-নিয়মৰ লগত মিলি গৈছিল। এই ক্ষেত্ৰত ইছলাম ধৰ্মৰ এটি দৰ্শন চিৰ আদৰণীয় যে – “তুমি যি দেশলৈ যাবা সেই দেশৰ ভাষা-সংস্কৃতি গ্ৰহণ কৰিবা।” উক্ত বাক্যাংশটি স্বয়ং বিশ্বৰ শেষ গৰাকী নবী হজৰত মোহম্মদৰ (ছ:) বাণী। আন সকলো ধৰ্মৰ লোকক সন্মান কৰি প্ৰতিখন দেশৰ সামাজিক ৰীতি-নীতি, ভাষা-সংস্কৃতি আপোন কৰি লৈ মিলি-জুলি বসবাস কৰাটো ইছলামৰ অন্যতম প্ৰধান বৈশিষ্ট। এককথাত অসমৰ মুছলমান সকল অসমীয়া সমাজৰ আদৰ্শৰ লগত এনেদৰে মিলি গৈছিল যে- মাথো ‘আল্লা’ নামৰ পাৰ্থক্যৰ বাহিৰে তেওঁলোকৰ ধৰণ-কৰণ সকলো অসমীয়া সমাজৰ সৈতে একাকাৰ হৈ পৰিছিল।

আজান ফকীৰে মুঠ আঠ কুৰি জিকিৰগীত ৰচনা কৰিছিল যদিও বৰ্তমানলৈকে চৌৰাশীটা হে সংগ্রহীত হৈছে বুলি জনা যায়। জিকিৰ-জাৰী সমূহত ব্যৱহৃত কাব্যিক ভাষা আৰু উপমা সমূহ মন কৰিবলগীয়া।থলুৱা উপমাৰে সমৃদ্ধ এই গীতসমূহত সাহিত্যিক প্ৰমূল্যও ৰক্ষিত হোৱা দেখা যায়। উদাহৰণ হিচাবে তলৰ জিকিৰ দুটিৰ উপমালৈ মন কৰিব পাৰি –

“পঁচা শিমলুৱে নাওখনি সজালে নুৰৰ দি গল ভৰা,

এক নাম জাহিৰত এক নাম বাতিনত পাতে মোহাম্মদৰ চ’ৰা ।।”

“মাছক লাগি বগুলাই জুপি আছে মনুৰাই

ৰখে আছে কেমনে মৰদ হেই পানী শুকাই যাব

বগে ধৰি খাব কিমান পানীৰ তই মাছ হেই মনুৰাই।”

আংগিকৰ ক্ষেত্ৰতো জিকিৰ সমূহত প্ৰাঞ্জল ভাষা আৰু চিত্ৰকল্পৰ প্ৰয়োগ তাৎপৰ্যপূৰ্ণ। জটিল ভাৱ বিষয় এটাকো সহজ ঘৰুৱা উপমাৰে ৰসবোধ্য কৰি তুলি পাঠক-শ্ৰোতাৰ কাষ চপাই অনাটো হৈছে জিকিৰ সমূহৰ বিশেষ কৃতিত্ব।

ভাষাৰ ক্ষেত্ৰত জিকিৰ-জাৰী সমূহত বহু আৰবী-ফাৰ্চী ভাষাৰ শব্দও ব্যৱহৃত হৈছে যদিও এই শব্দৰ ব্যাপক প্ৰচলনে কালক্ৰমত ঘৰুৱা মৰ্য্যদা লাভ কৰিলে। যাৰ ফলত এই শব্দবোৰেও অসমীয়া ভাষাৰ শব্দৰ ভঁৰাল চহকী কৰি তুলিলে। উদাহৰণ হিচাবে – দুনীয়া, খোদা, চাহাব, গোলাম, মালিক, দৰিয়া, কবৰ ইত্যাদি..।

জিকিৰ সমূহত থকা ঘোষা আৰু পদৰ ব্যৱহাৰো মন কৰিবলগীয়া বৈশিষ্ট। মূল জিকিৰটো ওজাজনে অকলে গায় আৰু নির্দিষ্ট সময়ৰ মূৰে মূৰে সংগীসকলে ঘোষাফাকি গাই যায়। ভক্তিৰসেৰে পৰিপূৰ্ণ হৈ থকা এই জিকিৰ সমূহেও অসমীয়া সাহিত্যত বৰগীতৰ দৰেই উচ্চ ভাৱ বহন কৰি আছে বুলি ক’ব পাৰি। অসমীয়া লোক সংগীতৰ আৰ্হিত ৰচনা কৰা জিকিৰ আৰু জাৰী সমূহত হুঁচৰিৰ আৰ্হিও দেখা যায়। জাৰী গীতসমূহত কাৰুণ্যতা দেখা যায়, য’ত কৰুণ ৰস আৰু বিলাপ স্পষ্ট হৈ উঠে। ইয়াৰ পৰা এটা কথা স্পষ্টভাৱে ক’ব পাৰি যে- জিকিৰ- জাৰী গীত সমূহত ওজাপালি, হুঁচৰিৰ আৰ্হি স্পষ্ট। ঘাইকৈ অসমীয়া ওজাপালি, দেহবিচাৰৰ গীত, বৰগীত আদিৰ প্ৰভাৱতেই জিকিৰ-জাৰী সমূহ ৰচিত যদিও পদ, ছবি, দুলড়ি আদি ছন্দও জিকিৰ-জাৰী সমূহত ব্যৱহৃত।

পৰিবেশনৰ ক্ষেত্ৰত ইছলামীয় দৰ্শনত নৃত্যৰ প্ৰচলন নাই যদিও ওজাপালি, হুঁচৰি ৰ সৈতে অসমীয়া মুছলমান সমাজ ইমানেই একাত্ম যে ধৰ্মীয় বাধাক নেওচি ঠাই বিশেষে নৃত্যৰ প্ৰদৰ্শনো চলি আহিছে।আনহাতে, জিকিৰৰ মাজেদি অকল মুছলমান সমাজ আৰু সংস্কৃতিয়েই নহয়, হিন্দু সমাজ-সংস্কৃতিও প্ৰতিফলিত হৈছে। উদাহৰণ স্বৰূপে – হিন্দুৰো পাপ-পুণ্যৰ বিচাৰ, স্বৰ্গ-নৰকৰ কথা, মৃত্যুৰ পাছত শৱ জ্বলাই শেষ সৎকাৰ কৰা আদিৰ উপৰিও অসমৰ জলবায়ু, ভৌগোলিক পৰিবেশ, নদ-নদী, পৰ্বত-পাহাৰ, জান-জুৰি ইত্যাদিৰ কথাও জিকিৰ সমূহত আছে। ইয়াৰ বাহিৰেও অসমৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আদি বিভিন্ন দিশ সমূহো গীত সমূহৰ মাজেৰে ফুটি উঠিছিল।

শেষত ইয়াকে ক’ব পাৰি যে – ইছলামৰ ভ্ৰাতৃত্ববোধ, মোহম্মদৰ শান্তি বাণী আৰু ধৰ্মীয় সংহতিৰ বাৰ্তা জিকিৰ-জাৰী সমূহত স্পষ্ট। ঘৰুৱা আৰু প্ৰাঞ্জল ভাষাত জিকিৰসমূহত জাতি-ধৰ্ম-বৰ্ণৰ উৰ্ধত শান্তি-সম্প্ৰীতিৰ বাণী প্ৰকাশ পাইছে। তীব্ৰ ধৰ্মীয় গোড়ামীৰ পৰা মুক্ত কৰি উদাৰ নীতিৰে ধৰ্মীয় সহিষ্ণুতাৰ বাৰ্তা প্ৰচাৰত জিকিৰ-জাৰী সমূহৰ অৱদান চিৰ-যুগমীয়া আৰু চিৰ-আদৰণীয় হৈ ৰ’ব।

☆★☆★☆

5 Comments

  • Dolly Talukdar

    ভাল লাগিল

    Reply
  • হেমন্ত কাকতি

    বৰ ভাল লাগিল চাহিন৷ জিকিৰ আৰু জাৰী অসমীয়াৰ অমূল্য সম্পদ৷

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বৰ ভাল লাগিল দেই পঢ়ি। আজিকালি শুনিবলৈ নোপোৱা হৈছো জিকিৰ আৰু জাৰী।

    Reply

Leave a Reply

Your email address will not be published.