ফটাঢোল

সময়বোৰ – চন্দন মহন্ত

সময়বোৰ পাৰ হৈ যায়৷ মনত পৰে কথাবোৰ কেতিয়াবা৷ কিমান দিনৰনো আগৰ কথা৷ জলজল পটপটকৈ জিলিকি আছে এতিয়াও৷

: ল’ৰাহঁত পাৰিবিনে?
: পাইম চাৰ৷
: অঁ পা বাউ৷

আকৌ ইফালে
: ঐ তই দও মাই অফিচ পা বেতদাল লৈ আহগেচোন যা৷

স্কুলঘৰটো ইটাৰ, মাজত বাঁহৰ বেৰ দিয়া৷ তিনিটা ক্লাছ, ফাইভ ছিক্স ছেভেন৷ ছেভেনৰ দেবেন আৰু লোহিতৰ মাজত কুমাকুম যুঁজ৷ বেৰ ভাঙি ছেভেনৰ পৰা ছিক্স পালেহি৷ হেড চাৰ নাই বাকী দুজন চাৰ অফিচৰ ভিতৰত৷ এটাই গৈ ক’লেগৈ চাৰ ইহঁত দুটাই কাজিয়া লাগি বেৰ ভাঙি দিলে৷ লাগক দে লাগক দে আমাক নেটানিবি তালে৷ সময় পাৰ হৈ যায়৷ দেবেন আৰু লোহিত এতিয়া হৰিভকত৷

সময়বোৰ পাৰ হৈ যায়…৷ মলীয়াচাৰৰ ঘৰ৷ গাঁওখনত এটাই টিভি৷ ৰামায়ণ চলি আছে৷ কোঠাটোত বহিবলৈ ঠাই নাই৷ দুটামানে খিৰিকীৰে জুপি জুপি চাই আছে৷ সোমাবলে নোপোৱা কেইটাক এটাই ডাঙৰ ডাঙৰ মাতেৰে কৈ আছে কি হৈ আছে৷ ভিতৰৰ পৰা এজনৰ মাত “ঐ লঅাহেঁত নুকুহালিবি ইমানকে”৷ টিভি জিলমিল হয়৷ “ঐ এন্তেনাদাল ঘুআচুন বাহিঅত থকা কেটাই” কোনবা এজনে চিঞৰে৷ ভালকৈ চিগনেল পাবলৈ কোনো কোনোৱে এণ্টেনাৰ আগত চালনীৰ ফুটাৰ দৰে ফুটা কৰি বান্ধি দিয়ে বটুৱাৰ মুখনি৷ এণ্টেনা লগোৱা বাঁহডাল কাহানিও টানকৈ নোপোতে কোনেও৷ সময়বোৰ পাৰ হৈ যায়…৷ এণ্টেনাৰ ঠাইত আহে টাটা স্কাই ডিছ টিভি আৰু অন্যান্য৷

সময়বোৰ পাৰ হৈ যায়…৷ নিচলা পিছলা গা, নাঙঠ পিঙঠ দেহা৷ নৈৰ পলসুৱা বালিত লেট লৈ হাউলি থকা বান্দৰডিমা জোপাত উঠি ডুবিটোলৈ জাঁপ মাৰি দিয়া৷ পানীত হঠাতে ডুব মাৰি নোহোৱা হৈ আধা ফাৰ্লং মান ভটিয়াই গৈ মূৰ উলিওৱা৷ ঠিয় সাঁতোৰ, চিলনী সাঁতোৰ, লেতোৱা সাঁতোৰ, মতা সাঁতোৰ, পানীত পাকভোঁহৰা দিয়া কিমান যে খেল৷ বাহিৰ ফুৰিবলৈ অহা নাইবা খৰি লুৰিবলৈ অহা কোনোবা ডাঙৰৰ খেদাত বিৰিণা বা ঝাউবনৰ মাজেৰে পলোৱা৷ “ৰ’বি ৰ’হ বাপেৰক কৈ দিম আজি”৷ বিৰিণাৰ পাতে উদং দেহাত তেজৰ টোপাল কাটে৷ মানুহজন যোৱালৈকে পাটিদৈৰ জোপোহাৰ আঁৰত লুকাই থাকি আকৌ আৰম্ভ হয় খেল৷

সময়বোৰ পাৰ হৈ যায়….৷ কথাৰ সুৰ সলনি হয়৷
“আস পানীত নানামিবা সোনটো জ্বৰ হ’ব৷’’

সময়বোৰ পাৰ হৈ যায়…৷ বোকাৰ খলখলনি শুনিলেই মন দাং খাই উঠে৷

: ঐ জানটো দাংকাইহঁতঅ পথাঅ’ত হাল বাইছে যাবি? হাউৰি দিছে৷
: উৱৱ৷ বৈ ক’।

কান্ধত জাকৈখন কঁকালত খালৈটো ৷
: ঐ কা পথাৱলে যাৱ?
: দাংকাইহঁতঅ৷ যাবি?
: তই মো খালৈটো নিছ’ যে৷ মই কি নিম?
: মোৰ তলিটো ভাগিলে ক’৷ হোঁ ল’ তই এইটো নে৷ মই পলিথিং এটা লৈ যাম৷

এজুম ল’ৰা ছোৱালীৰে ভৰি পৰে পথাৰখন৷
ঘূৰি আহ,
ঐ বগা বাহিৰ হ’
চাপি চাপি চাপিয়াহ৷
হালৰ লগে লগে জাকৈৰ চাবেৰে মুখৰ হৈ পৰে পথাৰ৷ পথাৰৰ বোকাত লেট পেট সকলো৷ জাকৈৰ টুনীটোত পুঠি গৰৈ কান্ধুলীৰ চেঙালুটি বাঢ়ি আহে৷ খালৈবোৰ ভৰি আহে৷ হাঁহিবোৰে পাহ মেলে৷ কাউৰীশিঙীয়া এটা টাকুৰীশিঙীয়া এটা দুটা ম’হ৷ ললিতকাই যায় ম’হ চৰাবলৈ৷ ম’হে দলনীত ঘূলি লয়৷ নেজেৰে বোকা ছটিয়াই৷ ম’হৰ পিঠিত উঠি বিলৰ মাজত ধাম বৰশী পাতে৷ বোকাই পানীয়ে একাকাৰ হৈ সন্ধিয়া ঘূৰি আহোঁ৷ মায়ে গালি পাৰে হাবিয়ে বননীয়ে ঘূৰি ফুৰি বনৰীয়া হ’লি৷ পঢ়ালৈ মন দে৷ নপঢ়িলে ক’তো ঘোঁৰা ঘাঁহ কাটিবলেও নাপাবি৷

সময়বোৰ পাৰ হৈ যায়….৷ কথাবোৰ সলনি হয়…৷
“বেটা সেইফালে নাযাবা বোকা৷”

সময়বোৰ পাৰ হৈ যায়….৷ ক’অপাৰেটিভৰ চেয়াৰমেন ককাদেউতাৰ হাৰ্কিউলিছ চাইকেলখন৷ দেউতাৰখন এভন; নতুন চুবলৈ নিদিয়ে৷ ৰাতিপুৱা ককা নামঘৰত সোমাই৷ ছেগ চাই বাইদেউৰ ইঙ্গিত৷ চাইকেল গৈ সংঘৰ ফিল্ড৷ চাইকেল শিকা পৰ্ব আৰম্ভ; গুৰু বৰদেউতাৰ ছোৱালী ডাঙৰবাইদেউ৷ চাইকেলে গৈ ৰাস্তাৰ নলাত হাঁহি থাকে৷ মূৰকত বাইদেউৰ আগদাঁত এটা আৰু মোৰ আঁঠুত ছাল নাই৷ ললিতকাইৰ বোকোছাত এটা কোলাত এটা৷ দেউতাৰ কাণতলীয়া পোৱাৰ আগতেই ককা নামঘৰৰ পৰা ওলাই আহে৷

সময়বোৰ পাৰ হৈ যায়….৷ বাইক স্কুটি ঘৰে ঘৰে হয়৷
সময়বোৰ পাৰ হৈ যায়….

সময়বোৰ পাৰ হৈ যায়…৷ মনত পৰে কথাবোৰ৷ প’লিথিনৰ মোনাত কিতাপজাপ৷ প’লিথিনৰ অবিহনে পথালি কোলাত কিতাপ৷ দীঘল বহীবোৰ তলত সৰুখন ওপৰত৷ জোতা চেন্দেল নোহোৱা ভৰি৷ চুকে কোণে জ্ঞানৰ আলয়৷ চেফটি পিন মৰা বকলেছ নোহোৱা হাফ পেণ্ট, এটাও বুতাম নোহোৱা আকাশী নীলা চোলাটো বুকু খোলা, তলৰ দুয়োটা আগ গাঁঠি মাৰি লোৱা৷ বঁহত গছৰ গুটিৰে চিলট মোহৰা৷ টাং গুটি, টিপু খেল, ৰবাবটেঙাৰে ভৰিৰ পানীগাঁঠি ক’লা পৰি যোৱাকৈ খেলা ফুটবল….৷ সময়ে কথা কয়৷ বিদ্যালয় উন্নত হয়৷ বেগ জোতা মোজা নহ’লে স্কুল নাযায় শিক্ষাৰ্থী৷ খেলৰ ৰং সলনি হয়৷ কোচিং চেণ্টাৰৰ উপাৰ্জন বৃদ্ধি হয়৷ বন্দুকৰ গুলীৰ দৰে তীব্ৰবেগে…সময়বোৰ পাৰ হৈ যায়….৷

সময়বোৰ পাৰ হৈ যায়….৷ ভিতৰৰ কোঠাটোত জুহালখন৷ মৰাপাটৰ তিনিগুনীয়া ৰচীডালত দুহাত জোখৰ তাঁৰডালত কেটলীটো ওলমি থাকে৷
“আইহঁত ঔ৷ কোন আছ চাহপানী এটুপি দেহঁক চোন”
জুহালত লাগনি খৰি দুচলা সোমোৱাই দি আইহঁতে কেটলীটোত পানী অকনমান উতলাই চাহপাত দুটামান পেলাই ৰঙাচাহটুপি বাকি দিয়ে কাঁহৰ বাতিটোত৷ কাষতে কলপাতখনত গুড় এচেলেক৷ হ’বৰ দিনত চাহপানীত গাখীৰ দি গাখীৰ চাহ কাষত গুড়ৰ ঠাইত খোলাচপৰীয়া পিঠা নহ’লে ঘিলাপিঠাও আহে৷ ঠাণ্ডা দিনত ঘৰৰ সকলোটি বহেহি জুহালত৷ দিনতে ফালি থোৱা বাঁহৰ মুঢ়াৰ জুইয়ে দপদপাই কোঠাটো উমাল কৰি ৰাখে৷ জুইৰ কাষত বহি কৰঙণ কলাফুলত জুই আঙুঠি বহে৷ গোল ক’লা ক’লা আঙুঠিটোৰ দৰে দাগবোৰ৷ পুৱা গা ধুই আহি বকুল বৰা বা জহাবৰা ধানৰ কোমল চাউল, ঘৰতে ভৰোৱা দৈ এচাব আৰু খামুচিয়া গুড়ৰ জলপানটো৷ আখলত সোমাই বৰ আইয়ে বিধে বিধে ৰান্ধে৷ বোৱাৰীবোৰে লচনি পচনি কৰি যোগাৰ কৰি দিয়ে৷ লাহি ধানৰ আৰৈ নহ’লে উখুৱা চাউলৰ ভাত, খাৰদিয়া মাটিমাহৰ আঞ্জা, টেঙামৰা আগ নহ’লে চুকা শাক দি ৰন্ধা মাছৰ টেঙা আঞ্জা, মধুসোলেং দি ৰন্ধা কাঠ মাছৰ আঞ্জা, কচু জালুকীয়া, বাৰীৰ পাচলিৰে বিধে বিধে ভাজি, ভেদাইলতা বটি শুকানে মচমচিয়াকৈ ৰন্ধা বৰ৷ পেটত নুশুজাকেইটালৈ মানিমুনি, মচন্দৰী, মাথোকথোকা, মহাভৃংজৰাজ, দোৰোণ, বনজালুক, নৰসিংহ আদি বনশাকৰ ব্যৱস্থা৷ সময়বোৰ পাৰ হৈ যায়….৷ আহে গেছ চিলিণ্ডাৰ ষ্ট’ভ৷ ব্ৰেড-বাটাৰ, চাওমিণ, ম’ম’, ফ্ৰাইড ৰাইছ…এইবোৰৰ বাহিৰে বেলেগ একো নিচিনা হ’ল৷

সময়বোৰ পাৰ হৈ যায়…..৷ পুৱাই পুৱাই বৰগীতৰ সুমধুৰ ধ্বনি….
“তেজৰে কমলাপতি পৰভাত নিন্দ…” ৷ কৰাপাটৰ পৰা দীঘলকৈ পদূলিৰে নামঘৰজনা৷ গহীন গম্ভীৰ পৰিবেশ৷ দেখিলেই ভক্তিৰস উথলি আহে৷ বায়নৰ ঘৰৰ বোন্দাইও ৰাগ টানে৷ গাঁওখনত কেইঘৰমান মুছলমান লোক৷ নাতি দূৰৈত মছজিদটি৷ মছজিদৰ পৰা ভাঁহি আহে ফজৰৰ আজান…
“লা ইলাহা ইল্লাল্লাহ আল্লাহ’ আকবৰ্‌…” ৷
হিন্দু মুছলমানৰ ভেদাভেদ নাই৷ সকলোটি এক; বিপদৰ দিনতো সম্পদৰ দিনতো৷ ঈদ, সবে বাৰাতত হিন্দু সকলৰ ঘৰলৈও মিঠাইৰ টোপোলা আহে৷
“আইতা পোণাহঁতলে মিঠাই দুটামান দিলোঁ৷ ভগাই মেলি দিব৷”
বিহুৱে সংক্ৰান্তিয়ে পিঠা পনাৰ টোপোলা মুছলমান কেইঘৰলৈ যায় ৷
: অই চেলিম আছহঁক নে ঔ?
: উৱৱৱ কেকা আহিলচোন৷ আহক আহক৷
: ঐ ইকৰান, ঐ কনমাই৷ তহঁতমখা ক’ত গলিহঁক অ’৷ হেৰ’ বৰপায়েৰ আহিছে চকীখন লৈ আহচোন৷
: হ’ব হ’ব অ’৷ মই হাটলে বুলি আহিলোঁ৷ বৰআয়েৰে পিঠা টোপোলা এটা দি পঠিয়ালে৷ তাকে বোলো কনমাইহঁতক দি থৈ যাওঁ৷

সাতাম পুৰুষীয়া একতা৷ কাৰোবাৰ ঘৰত দাঁতত ভাত এটা লাগিলেও গম পায়৷ ৰাইজ একগোট৷ তাৰ মাজতে জাকত জীণ নোযোৱা একোটা ওলায়৷ ৰাইজৰ মাৰ নাভাগে৷ জীণ নোযোৱাটোও পোন হয়৷ লাহে লাহে দিনবোৰ বাগৰি যায়৷ মনবোৰত বিভেদৰ বীজ সোমায়৷ পাঁচকুৰি ছকুৰিটা পৰিয়ালে একেলগে খোৱা নামঘৰৰ বুকু বিদীৰ্ণ কৰি পাঁচ ছটা খেল হয়৷ ইজনৰ প্ৰতি সিজনৰ পেট কুপটিয়া ভাৱ৷ আগেয়ে মাক দেউতাকক টান কথা ক’লেও ৰাইজে দণ্ড বিহি তামোল পানৰ শৰাই দিওৱাই৷ আজি কালি পুত্ৰৰ প্ৰহাৰত পিতৃ মাতৃৰ পিঠি ফাটি যায় কোনেও মাত নামাতে৷ বহল বহল মনবোৰ ঠেক হৈ যায়৷ পাখিলগা কাঁড়ৰ গতিত সময়বোৰ পাৰ হৈ যায়…৷ সময়বোৰ পাৰ হৈ যায়…৷

সময়বোৰ পাৰ হৈ যায়….৷ ঘড়ীৰ কাটা ঘূৰি থাকে অহৰহ৷ বয়স বাঢ়ে আয়ুস টুটে৷ ল’ৰাবোৰ ডেকা হয় ডেকাবোৰ বৃদ্ধ হয় বৃদ্ধসকল যায়গৈ অজান্তি মুলুকলৈ৷

সময়বোৰ পাৰ হৈ যায়…৷ বৰনামঘৰৰ বুঢ়া বকুলজোপাই কৈ যায় অতীতৰ কথা৷ হাটৰ কথা বাটৰ কথা৷ পথৰুৱা আলিবোৰ চিকুণ হয় শাওণমহীয়া৷ পোন বঁকীয়াটো হালোৱা ৰোৱণীৰ ভৰত চেপেটা হয়৷ পথাৰৰ আলিত বহি জলপান খায় পথৰুৱা ৰাইজে৷ দুপৰীয়া ভাতমুঠি খাই ক্ষন্তেক জিৰাই শঁতাই ঢাপলি মেলে বুধবৰীয়া বা শণিবৰীয়া হাটলৈ..৷ সময় গৈ থাকে বোৱতী নদীৰ পানীৰ দৰেই৷ নদীও বৈ থাকে৷ বাৰিষা নৈখন ভৰুণ হয়৷ নৈৰ পানীয়ে বিল খাল পুখুৰী পথাৰ ভৰি পৰে৷ দুদিনৰ পাছত পানী শুকাই যায়৷ পানীৰ লেজা থাকি যায়৷ পথাৰত পলসে ভৰি পৰে৷ মাটিবোৰ সাৰুৱা হয়৷ ভূঁই ৰোৱাৰ পাছতেই সজাল ধৰি ধানৰ গোছ বাঢ়ে৷ পলস নপৰা সাৰ নোহোৱা মাটিবোৰত সাৰ হ’বলৈ কেৱাৰি কৰি থয়৷ মৰিয়নি পেলায়৷ মাটি আকৌ সাৰুৱা হয়৷ খেতি কৰিলেই ধান মাহে ভৰি পৰে ভঁৰাল৷ কাতিৰ কুঁৱলীৰ চাদৰে পুৱা গধুলি ঢাকি ধৰে পথাৰ সমাৰ৷ ধান কলপকা দিয়ে৷ সুৱাগমণি মালতী শ’লপোণা বেতগুটি দৰীয়া চেনিলাহী বিধে বিধে নানাৰঙী ধানৰ পোহাৰ। সোনোৱালী বৰণ ধৰে পথাৰে৷ ৰাইজৰ হাঁহিবোৰ পুৰঠ হৈ পৰে৷ ডাৱনীয়ে দাই যায় মুঠি মুঠি ধান৷ ধানৰ ভৰত বিৰিয়া বেঁকা হৈ যায়৷ আঘোণৰ শেষলৈ পথাৰ উদং হয়৷ ধান চপোৱাৰ পিছত পথাৰবোৰত ল’ৰা-ছোৱালীৰ ৰাজত্ব৷ চেঁচু খন্দা, লেচেৰী বুটলা, নৰা কটা৷

: ঐ চেঁচুৰ পমডাল নিচিঙিবি দেই৷ যুঁজাব লাগিব৷

: মোৰডাল পম তোতকে দীঘল৷ তই চুটিকে থৈ গেজু কৰিছ৷ নুযুঁজাওঁ যা৷

: ঐ মইনা আমি ইহঁতঅ লগত নেখেলোঁ৷ বৈ টাংগুটি খেলোগে৷

: অঁ বৈ৷ নহ’লে টিপু খেলিম সোনটোহঁত আহিলে যদি৷

কথাবোৰ সলনি হয়৷ নিভাঁজ ভাষাৰ সৰলতা নোহোৱা হয়৷ খেলবোৰ বদলি যায়৷

আঘোণত ৰাজহুৱা ন-খোৱা! বৰনামঘৰৰ সন্মুখৰ মুকলি ঠাইখিনিত কলপাতৰ ৰভা দিয়ে৷ সমাজৰ আজ্ঞাপৰ ৰান্ধনিয়ে বিধে বিধে ৰান্ধে৷ সাত আঠটা চৌকা শুকান কাঠখৰিৰ জুইয়ে দপদপাই থাকে৷ সমাজৰ প্ৰতিঘৰে ন- চাউল দিয়ে৷ ৰাজহুৱাকৈ মাছধৰা পৰ্ব্ব হয় জেঙাই থোৱা নৈৰ ডুবিটোত নহ’লে ৰাজহুৱা বিলখনত৷ মাছৰ ভাগ ঘৰলৈ নাযায় মাছমৰা ঠাইৰ পৰা নামঘৰৰ চোতাল পায়গৈ৷ সকলোৱে ৰাজহুৱা ন-খোৱাৰ পাছত নিজৰ নিজৰ ঘৰত ন-খোৱা পাতে৷ ৰাইজ উবুৰি খাই পৰেগৈ৷ বাৰীৰ চুকৰ পুখুৰীৰ মাছ ঘৰৰে আমৰলীয়া মতা হাঁহ বাৰীৰ কোমোৰা শাক পাছলিৰে ন-খোৱা৷ ন-চাউল ৰান্ধিবলৈ বৰ কঠিন৷ চাউল সমানে সহজে নিসিজে কেতিয়াবা আধাফুটিয়া হয়৷ নিমখ এঠোলা দিয়ে ন-চাউলৰ পাগত তেতিয়া আধাফুটিয়া নহয়। তথাপিও নেৰে কলপটুৱাৰ দোং বেঁকা কৰি মাছৰ আঞ্জা পী খায়৷

দিনবোৰ পাৰ হৈ যায়৷ সময়বোৰ উজাই যায়৷ আজোককাৰ দিনৰ সমিলমিলত ঘূণে ধৰে৷ বুঢ়া বকুলৰ গুৰিত উঁইয়ে হাফলু তোলে৷ বৰনামঘৰৰ শালকাঠৰ খুটাও হাউলিবৰ হয়। মনবোৰ উৱলি যায়৷ আন্তৰিকতাবোৰ নোহোৱা হৈ যায়৷ এনেকৈয়ে দিন বাগৰি মাহ হয় মাহ গৈ গৈ বছৰ হয়। সময়বোৰ পাৰ হৈ যায়…পাৰ হৈ যায়…৷

☆★☆★☆

4 Comments

  • Gitashree Phukan

    এয়াই সময়। ভাল লাগিল।

    Reply
  • কুকী কল্পিতা মহন্ত

    ভাল লাগিল দেই পঢ়ি জান দা

    Reply
  • উষা মহন্ত

    গাঁৱৰ চিনাকি ছবি । গাঁৱৰ মাটি পানী গাঁৱৰ মাতকথা গাঁৱৰ চিনাকি চৰিত্ৰ ‌। বৰ ধুনীয়া উপস্থাপন । ভাল পালো দেই ‌।

    Reply
  • ৰাজীৱ শৰ্মা

    সুন্দৰ লিখনি

    Reply

Leave a Reply

Your email address will not be published.