ফটাঢোল

সময়বোৰ – চিন্ময় শইকীয়া

গাড়ীৰ প্ৰতি বৰ চখ আছিল সৰুৰেপৰাই।

২০০০ চনত নিজে কিনিছিলোঁ প্ৰথমখন গাড়ী, মাৰুতি ভেন, ছেকেণ্ডহেণ্ড। ভাল লাগিছিল নিজৰ পৰিশ্ৰমেৰে কিনিছিলোঁ জীৱনৰ প্ৰথমখন গাড়ী।

গাড়ী ঠিকেই চলিছিল, হ’লেও ছেকেণ্ডহেণ্ড হোৱাৰ বাবে দুই এটা বেমাৰ আছিল লগত। ভেনবিলাকৰ সন্মুখৰ ছিটটোৰ ঠিক তলতেই এটা কয়ল থাকে, মোৰখনৰো আছিল আৰু মূল বেমাৰ আছিল সেইটোৱেই। অলপমান সময়ৰ ভিতৰত প্ৰচণ্ড গৰম হৈ গৈছিল তাকো মানুহ বহিব নোৱাৰা অৱস্থা।

গৰমৰ দিন, বিশেষ কাৰণত টাউন যাবলগীয়া হোৱাত লগৰজনক লৈ ওলালোঁ৷ ইমানকৈ কোৱাৰ পাছতো সি পিছৰ চিটটোলৈ যোৱা নাছিল৷ মই গ’ম পাইছিলোঁ কি হ’বগৈ ঘটনাটো৷ কিছুদূৰ যোৱাৰ পাছতেই বন্ধুৰ উচপিচ আৰম্ভ,

: ইমান গৰম হৈছে অ’ বহিব নোৱাৰি দেই। পানী আছে নেকি ঔ? দে খাই পিছফালেই বহোঁগৈ৷

আধাবাটতে গাড়ী ৰখাই বন্ধু পিছৰ ছিট পালেগৈ, মনে মনে হাঁহি থাকিলোঁ টাউন পোৱালৈকে বন্ধুৰ আটাহ পৰা গালি শুনি শুনি।

চেণ্ট্ৰেল লক আছিল মোৰ গাড়ীখনত, কাম শেষ কৰি ওভটিবলৈ লৈছিলোঁ নিশা প্ৰায় এঘাৰ বাজিছিল, বেক কৰিবলৈ লওঁতেই বাজিছিল বেকগিয়েৰ এলাৰ্মটো, পোন্ধৰটামান কুকুৰে চিঞৰত গগন ফালি গাড়ীৰ গ্লাছলৈকে জঁপিয়াইছিল, বন্ধুবৰৰ গালি আকৌ আৰম্ভ হৈছিল৷ এইবাৰত বন্ধু আগেভাগেই পিছৰ চিটত বহিছিল, বন্ধুৰ কথামতেই আহি পায়েই গাড়ীৰ বেক গিয়েৰ এলাৰ্মটো খুলিবলৈ মই বাধ্য হৈছিলোঁ গালিৰ প্ৰতাপত৷

দিনবোৰ গৈ আছিল, মনতে ভাবি আছিলোঁ বেলেগ কিবা নতুন গাড়ী এখন ল’ম। এদিন দোকানত সন্ধ্যা ওচৰৰে গাঁৱৰ দাদা এজনে খবৰ লৈছিল,

: চিন্তু তোমাৰ গাড়ীখন বেচিবা নেকি?

ময়ো কথা পাতি সকলোবোৰ ঠিকেই দেখাত গাড়ীখন বেচাটো খাটাং কৰি পেলাইছিলোঁ সেই দাদাজনৰ জৰিয়তেই। দাদাই কৈছিল ধুই মেলি থ’বা কাইলৈ গাড়ী নিবহি। মই আচৰিতো হৈছিলোঁ ইমান পটকৈনো নিয়েইনে কাইলৈকে!

কথামতেই কাম, পিছদিনা দাদাৰ লগতে মুঠ ছয়জন আহিল গাড়ী কিনি নিবলৈ! তেখেতসকলক দেখি পেটে পেটে ভয়ো খাইছিলোঁ মই৷ গাড়ীখন নিবলৈনো ছজন মানুহ আহেনে! মোৰ ঘৰৰ পৰা গাড়ী ওলিয়াই নি বাটতে কিবা ফিটিং কৰি গণ্ডগোল নকৰেতো!জেললৈকে চিন্তা কৰি আৰু নিজেই শাম কাটিলোঁ।দাদাক মনে মনে সুধিলোঁ বোলো,

এইসকলে ভাত খাই যাবনে?

দাদাই হাঁহি মাৰি কৈছিল,

: এ নতুনকৈ গাড়ীখন লবলৈ আহিছে আৰু!!

কাগজপাতিৰ কামবোৰ ঠিকঠাক হ’লত যেতিয়া যোৱাৰ সময় হৈছিল, মোৰো অশান্তি আৰম্ভ হৈছিল তেতিয়াৰ পৰাই! গাড়ীত মানুহ ধৰে পাঁচজন৷ আছে দাদাক লৈ সাতজন। তাকো সন্মুখৰ ছিটটোত বহাজনতো খোজ কাঢ়ি যাব লাগিবই৷ কাৰণ তেওঁ আধাঘণ্টা চলাৰ পাছত সেইটো ছিটত আৰু বহিব নোৱাৰে! দাদাই আৰু সোধোঁ নোসোধোঁকৈ মোক সোধাত লাগিল, টুল আছে নেকি চিন্তু টুল? মোৰ আৰু বুজিবলৈ বাকী নাথাকিল৷

: কেইখন দিম দাদা?

মোৰ প্ৰশ্ন!

বৰ আনন্দৰে মিছিকিয়া হাঁহিটোৰে দাদাই কৈছিল,

: দুখন দিলেই হ’ব৷ ওভোতাই দি যামহি, মই বোলো ফ্ৰী দিলোঁ দাদা গাড়ীৰ লগত৷ ওভোতাই নিদিলেও হ’ব।চাবলগীয়া হৈছিল দৃশ্যটো৷ ডিকিটোত দুজন আৰু বাকীকেইজন আগফালে৷ মনে প্ৰাণে ভগৱানকে খাটিছিলোঁ, যেনেতেনে আৰু এইকেইজন জেগা গৈ পালেগৈয়ে ৰক্ষা!

ম’বাইল ফোন নাছিল তেতিয়া। ভাত খাবলৈ বহিছোঁহে আৰু তেনেতে লেণ্ড ফোনটো বাজিল ঘৰৰ।

: হেল্ল’ অ’ চিন্তু নে!

মই বোলো,

: হয় কওকচোন দাদা৷

: মই দাদাই কৈছোঁ, এ ডাঙৰ কথা হ’ল নহয়, বাটতে সাংঘাটিক গৰম উঠি আগৰ ছিটটোত মানুহ বহিব নোৱাৰা হ’লত আৰু এজন ডিকিতেই ইমান দূৰ আহিল, কলিয়াভোমোৰা দলং উঠিবলৈ ওলাইছোঁ এতিয়া ধুম ধাম চাইলেঞ্চাৰ পাইপেদি ব’ম ফুটাৰ নিছিনা শব্দ হ’লত আমাক পুলিছে ধৰিলে আৰু গাড়ী ষ্টাৰ্ট নোহোৱা হ’ল।

মই বোলো,

: দাদা মানুহ কম হৈছে যে গাড়ীখনত সেয়ে সেয়া দুখতে কান্দিছে!

: হয় হয় বুজিছোঁ মই, কি কৰিলে ষ্টাট হ’ব কোৱাচোন?

দাদাৰ প্ৰশ্ন!

: ঠেলি কৰক দাদা আৰু নৰ’ব কতো৷ পাই যাবগৈ৷

হয় ষ্টাৰ্ট হৈছিলও তেনেকৈয়েই, সুকলমে গৈ পাইছিলগৈ সকলো। ৰৈ গৈছিল মোৰ মনত সেই দিনটোৰ কথাবোৰ, গাড়ীখনৰ লগত জড়িত স্মৃতিবোৰ !

জীৱনলৈ কিছুমান সময় আহে, কেতবোৰ দিন আহে যিবোৰ চিৰসেউজ হৈ মনটোত থিতাপি লয় চিৰদিনৰ বাবে!

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.