ফটাঢোল

সময়ৰ চকৰি : অভিজিত মেধি

মোৰ ঠিক চাৰি বছৰ বয়স হওঁতেই মায়ে তেতিয়া দ্বিতীয় শ্ৰেণীত পঢ়া বাইদেউজনীৰ লগত বিনা পইচাত স্কুল পঠিয়াবলৈ আৰম্ভ কৰি দিছিল। বৰচাপৰি প্ৰাথমিক বিদ্যালয়, ঘৰৰ ওচৰৰে স্কুল, নামভৰ্ত্তি কৰাৰ একো লেঠা নাই। এতিয়া যাওকচোন, সময় হ’লে নাম লগাই দিম নহয়- কথাবোৰ এনেহেন আৰু! চৰকাৰী স্কুলত নাম লগোৱাৰ যথাগত বয়স তেতিয়া ছয় বছৰ। কিন্তু দাদা-বাইদেউহঁতক দেখি দেখি চাৰিবছৰ বয়সতে মই আখৰকেইটা চিনি পোৱা হৈছিলোঁৱেই, নাম নলগোৱাকৈ স্কুলত কিছুদিন বহাৰ পাছত পঢ়িব পৰাও হৈ গ’লোঁ। তাকে দেখি পাছৰ বছৰত মায়ে বিশ টকা মাচুল জমা দি নামভৰ্ত্তি কৰাবলৈ বুলি স্কুল পালেহি। তেতিয়া আমাৰ স্কুলৰ প্ৰধান শিক্ষক হবিবুৰ ৰহমান ছাৰ, সকলোৱে গৰিয়া ছাৰ বুলিয়ে জানে। গৰিয়া ছাৰৰ দৰে আমাৰ শৈশৱকালত গুৰুত্ব বহন কৰা কিছুমান চৰিত্ৰ এতিয়া আৰু ইহ সংসাৰত নাই, ঘড়ীৰ কাটাৰ দৌৰত তেওঁলোক কাহানিবাই অতীত হ’ল। যিয়েই নহওক, গৰিয়া ছাৰে এডমিছন নিদিয়ে, কাৰণ মোৰ ছয়বছৰ হোৱা নাই, মায়ে নেৰে।

“আপনি ছ’লি জন্মো দিছি না মই দিছু হা?”

অকাট্য যুক্তি! বাৰ্থ চাৰ্টিফিকেট? এইবোৰ কি বস্তু? স্বয়ং মাকজনীয়েই “মোৰ ছ’লিক নাম লগে দিবে পাৰা হৈছি” বুলি দাবী কৰিছে যেতিয়া ছাৰৰ হাতত অন্য উপায় নাছিল, প্ৰথম শ্ৰেণীত দিলে নামটো সুমুৱাই। এনেকৈয়ে পাতনি এটা শেষ হ’ব নোখোজা ছাত্ৰ জীৱনৰ।

এই যে কবি-সাহিত্যিকবোৰে ‘জীৱন’ৰ লগত ‘চক্ৰ’ এটা লগাই ‘জীৱনচক্ৰ’ শব্দটো ব্যৱহাৰ কৰে, ঠিকেই কৰে, জীৱনটো সঁচাকৈয়ে এটা চকৰিৰ দৰে। আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰি চাকৰি জীৱনৰ পাতনি মেলিলোঁ, বিয়া পাতিলোঁ, বাপেক হ’লোঁ আৰু তাৰপিছত আকৌ স্কুলত ভৰি দিবলগীয়া হ’ল। এইবাৰ অৱশ্যে মাৰ ভূমিকাটোত মই নিজে আছিলোঁ।

আচলতে আমাৰ দুবছৰীয়া পেন্দুকণাটোক প্লে’ গ্রুপত নাম লগাই দিওঁ বুলি ভাবিলোঁ। ইখন-সিখন স্কুলত খবৰ কৰিলোঁ। ইখন স্কুলত বছৰি পঞ্চাশ হেজাৰ, সিখন আৰু চৰা, সত্তৰ হেজাৰ। ধুই জীৱন…ইয়াৰ আধা ফীজত আমি ইঞ্জিনিয়াৰিং পঢ়ি অটাইছিলোঁ! প্লে’ গ্রুপত দিনে দুঘণ্টাৰ স্কুল, সপ্তাহত পাঁচদিন। দুবছৰ বয়সত বহুতো শিশুৰ ভালকৈ মাতেই নোলায় (আমাৰটোৰো ওলোৱা নাই), ইহঁতক শিকাবয়ে বা কি, ইহঁতেও শিকিবনো কি!! তথাপিও উপায় নাই, ফ্লেটত আৱদ্ধ জীৱন কটোৱাতকৈ স্কুলত গৈ সমনীয়াৰ স’তে খেলিব পাৰিব, সামাজিক হ’বলৈ শিকিব, এই ভাবিয়ে নাম লগাই দিলোঁ।

ভালকৈ মাত নুফুটা ল’ৰাক স্কুলত নাম লগাই দিয়াৰ ফলাফল অৱশ্যে হাতে হাতে পালোঁ। আগতে সুপুত্ৰই মোক “দে’তা” বুলি মাতিছিল, আজিকালি “মে’ম” বুলি সম্বোধন কৰে। মাকক তথাপিও ঠিকে আছে, বাপেককো “মে’ম” বুলি মাতেনে? ধেই জীৱন….! আৰু দে দুবছৰ বয়সতে ল’ৰাক স্কুলত নাম লগায়! সিদিনা আৰু আচৰিত হোৱাৰ পাল, ইহঁতৰ কিবা পৰীক্ষা পাতিব হেনো স্কুলত, ছিলেবাছ এখনো দিলে। কি পৰীক্ষা দিলে একমাত্ৰ আমাৰ পুত্ৰধনে আৰু ভগৱানেহে জানে। কিন্তু বদমাচটোক “বাবা, স্কুলত ৰাইম্ছ…ওৱান, টু…মাতিছা?” বুলি সুধিলে টপৰাই মূৰটো দুপিয়াই “ও” বুলি উত্তৰ দিয়ে। ঘৰত আমি হাজাৰ কাবৌ কৰিলেও দেখোন নামাতে, স্কুলত কি মাতিছে সিহে জানে! তথাপিও আপত্তি নাই, তাৰ বয়সত মইতো স্কুল দূৰৰে কথা, কাপোৰ ধোৱা চাবোন যে নাখাবলগীয়া বস্তু তাকে নাজানিছিলোঁ!

আচৰিত লাগে, মাত্ৰ দুটা তিনিটা দশকৰ ব্যৱধানত পৃথিৱীখনৰ সলনিবোৰ দেখি। কি দ্ৰুত হাৰত বৃদ্ধি পাইছে জীৱনৰ গতি! আমি কেৰিয়াৰৰ বাবে ঘৰ এৰি অচিনাকি চহৰত ভৰি দিছিলোঁ, ইহঁতে চাগে মংগল বা বৃহস্পতি গ্ৰহলৈকো যাবলগীয়া হ’ব পাৰে। কি বা দিন আহি আছে, অনাগত দিনবোৰৰ চিন্তাই মাজে মাজে মনলৈ কঢ়িয়াই আনে মৃদু উত্তেজনা। হয়তো বিশ বছৰমান পাছত “বাবা, ভালে আছনে?” বুলি ফোন লগাম, সি হয়তো “ৰহচোন দে’তা, আজি মংগলত ধুমুহা আহিছে, নেটৱৰ্ক ভাল নহয়” বুলি লাইনটো কাটি দিব!

☆★☆★☆

7 Comments

  • “তাৰ বয়সত মইতো স্কুল দূৰৰে কথা, কাপোৰ ধোৱা চাবোন যে নাখাবলগীয়া বস্তু তাকে নাজানিছিলোঁ”….সঁচা কথা ।

    Reply
  • হেমন্ত কাকতি

    হাঃ হাঃ, সচাকৈ চুই গ’ল! কি যে দিন কাল আহি আছে!

    Reply
  • ৰিণ্টু

    আগলৈ আৰু কি কি দেখো বা!

    ভাল লাগিল অভিজিত

    Reply
  • কমলা দাস

    আজিৰ বাস্তৱ

    Reply
  • কাবেৰী মহন্ত

    সন্তানৰ আগত আমি অল্দ ফেশ্বনদ হৈ যাঁও ..বৰ drastically সময় সলনি হৈছে

    Reply
  • উষা মহন্ত

    কবিয়ে এনেয়ে কৈছেনে
    পল পল দন্ড কৰি। সময় গৈছে উৰি
    পাখি লগা কাৰ ৰ নিচিনা অবিৰাম ।

    সময়ৰ পাখিয়ে আমাক কলৈ লৈ যাব কোনে জানে । ভাল লাগিল পঢ়ি ।

    Reply

Leave a Reply

Your email address will not be published.