ফটাঢোল

সময়ৰ বুকুত হাঁহিবোৰ – মঞ্জুলী ৰাহাঙ

সোণাৰুৰ দৰে সোণবৰণীয়া হাঁহিবোৰ

উপজিয়েই আমি নাহাঁহো ৷ আমি কান্দো৷ আমাৰ কান্দোন শুনি আমাৰ মা-দেউতা, আইতা-ককা, খুৰা-খুৰী, পেহা-পেহী আদিকে ধৰি আটায়ে হাঁহে! বুকু ভৰি ওলাই অহা সেই হাঁহিয়ে ওচৰ-চুবুৰীয়াৰ ওঁঠকেইযুৰিকো চুই যায়। আৰু যিদিনা আমি প্ৰথমটো হাঁহি মাৰোঁ, সেইদিনা ব’হাগৰ বিহুটো বা শৰতৰ শাৰদীয় দূৰ্গা পূজাখন যেন আগতীয়াকৈ আমাৰ ঘৰৰ আলহী হয়! এনেকৈয়ে আৰম্ভ হয় হাঁহিৰ পাঠশালাত আমাৰ জীৱনৰ প্ৰথমটো পাঠ। কোনেও বুজি নোপোৱা,আনকি নিজেও বুজি নোপোৱা হাঁহিৰ কাৰণবোৰ লাহে লাহে পৈণত হয়,হাঁহিৰ বহুবোৰ কাৰণ নানাৰঙী পখিলা হৈ আমাৰ চৌপাশে উৰিব ধৰে৷ ঘৰখনৰ বাহিৰেও সমনীয়াহঁতো হাঁহিৰ সঙ্গী হোৱাৰ সময় আহি পৰে৷ হাঁহিৰ জোলোঙাটো গধূৰ হোৱাৰ সময় আহি পৰে। হয় হয়! জোলোঙাটো গধূৰ হয়, উভৈনদী হয় হাঁহিবোৰ, বৈ যায় ঘৰৰ চুকে-কোণে হাঁহিবোৰ; ঘৰৰ পৰা চুবুৰিটোলৈ, চুবুৰিৰ পৰা ক্ৰমাৎ চৌদিশলৈ। ল’ৰালিৰ ৰ’দঘাই চোতালখনত হাঁহিবোৰ গজালি হৈ গজিবলৈ হেতা-ওপৰা লাগে। হাবিয়লি বন-বিৰিখৰ নিনাও শৱদত লাহ দিয়া বেলিৰ স্তিমিত হাঁহিটোৰ দৰেই নিজম পৰে হাঁহিৰ এটা অধ্যায় ল’ৰালিৰ বুকুত; টুপ টুপকৈ সৰি পৰা সোণাৰুৰ হালধীয়াখিনি চুই অহা বাৰিষাৰ প্ৰথমজাক বৰষুণৰ দৰে !

দুপৰ বেলাৰ আলহী হাঁহিৰ বালিমাহীজনী

বয়স নামৰ গছপুলিটো পৈণত হৈ গৈ থাকে, সময় নামৰ সাৰ-পানীয়ে তাক পাত-ফুল-ফলেৰে জাতিষ্কাৰ কৰি তোলে । বহু ন-ন কথাই বয়সৰ লগে লগে পূৰঠ হ’ব খোজা মগজুবোৰত ঠাই অকণ বিচাৰি উথপ-থপ লগায়। পঢ়াশালিৰ পাঠবোৰেও মগজুৰ চুক-কোণ পূৰায়। ‘পঢ়ি শুনি ডাঙৰ মানুহ হ’ব লাগিব’-বোলা কথাষাৰ নিগাজি হয় মনত৷ সমনীয়া-সহপাঠীহঁত প্ৰতিদ্বন্দ্বী যেন অনুভৱ হয়। আঁত হেৰায় হাঁহিৰ চুবুৰিটোৰ। পাতল হয় হাঁহিৰ জোলোঙাটো! বিপৰীতে গধূৰ হয় মন, গধূৰ হয় মগজু। হাঁহিৰ বালিমাহীজনীয়ে দুপৰ বেলাহে কেৱল ভুমুকিয়ায় !

যন্ত্ৰৰ বুকুত জাহ যায় হাঁহিবোৰ

গছপুলি ৰোৱা আমাৰ হাতবোৰে যন্ত্ৰৰ স’তে মিতিৰ পাতে! চৌপাশৰ সেউজীয়াবোৰৰ পৰা দৃষ্টি আজুৰি আনে মোবাইল নামৰ ধাতৱ যন্ত্ৰটোৱে! দেউতাৰ আঙুলি ধৰি ধৰি পৃথিৱীৰ বুকুত খোজ দিব জনা আমিবোৰ হাতৰ মুঠিত এতিয়া পৃথিৱীখন কঢ়িয়াওঁ বুলি গপত ওফন্দি থাকোঁ! অহমিকাই ঘৰ পতা মনটোৱে মা-দেউতাৰ বুকুৰ ভিতৰখন জুমি চাবলৈ নিদিয়ে। দৃষ্টিত ওলমি ৰয় এটাই সপোন(দুঃসপোন) – সকলোকে পিছত থৈ আগবাঢ়ি যাব লাগে! প্ৰতিযোগিতাৰ ধামখুমীয়াত কলিজাৰ ৰং হেৰায়। সেই ৰঙৰ সৈতে হাঁহিবোৰ হেৰায়। ওলমি ৰয় দুটি ওঁঠত দেওলগা সময়ৰ বিলাপ! যন্ত্ৰৰ বুকুত জাহ যায় হাঁহিৰ গোলাপ!

কংক্ৰিটৰ জংঘলত হাঁহিবোৰ বিচাৰি

হাঁহি মানুহৰ আত্মাৰ খাদ্য৷ হাঁহিব পাহৰি যোৱা আমিবোৰৰ চৌপাশতেইচোন আছে আত্মাৰ খাদ্য-সম্ভাৰ! কেৱল বিচাৰিবলৈ আমাক এক দৃষ্টিৰ প্ৰয়োজন! সেই দৃষ্টি-যি দৃষ্টিয়ে চিনে আত্মাৰ খাদ্য-সম্ভাৰৰ উৎস।

চকু চাট মৰা বিলাসী বৈভৱত নাই সেই সম্ভাৰ৷ সেই সম্ভাৰ আছে সেইবোৰ অলিয়ে-গলিয়ে,হাটে-বজাৰে,ৰাস্তাই-পদূলিয়ে য’ত বিলাসিতাৰ মোহৰ লগা নাই৷ য’ত হাঁহিবোৰ টকাতকৈ বেছি খৰচ কৰিব জানে মানুহে৷ য’ত কিশোৰ কিশোৰীহঁতে সমনীয়াৰ সৈতে মাক-দেউতাকৰ বেংক বেলেঞ্চৰ জোৰ দেখুওৱাৰ সলনি আত্মহাৰা হয় নিজৰ সমনীয়াৰ সৈতে মুকলিমনে ফুৰিব পোৱাৰ আনন্দত৷ য’ত দিন-হাজিৰা কৰা শ্ৰমিকে পত্নী আৰু সন্তানৰ সমুখত এদিনৰ বাবে হ’লেও দোকানীক পাঁচশ বা দুহেজাৰটকীয়া নোটখন উলিয়াই দি ‘খুচুৰা নাই’ বুলি কৈ গৌৰৱৰ হাঁহি মাৰিব পাৰে৷ য’ত সুখবোৰ টকাৰ তুলাচনীত নোজোখে কোনেও৷ য’ত নাই-নাই বুলি কপালক ধিয়াই কন্দাৰ সহস্ৰ পথ থকাৰ পিছতো মানুহে হাঁহে৷ মানুহে জানে;নোহোৱাৰ মাজতো বহুত কিবাকিবি আছে,নোপোৱাৰ মাজতো পাব পাৰি বহুত কিবাকিবি৷ কেৱল এক দৃষ্টিৰ প্ৰয়োজন আমাক; কংক্ৰিটৰ জংঘল ভাঙি মানুহৰ বুকুলৈ যোৱাৰ বাট এটা মুকলি কৰিবলৈ !

উপসংহাৰ

মূৰৰ ওপৰত থকা আকাশখন এবাৰ হ’লেও,এখন্তেক হ’লেও মূৰ তুলি চাওঁ আহক৷ আমাৰ অনেক বৰ্ব্বৰ আচৰণৰ পিছতো পৃথিৱী নীৰৱ, উদাৰ, সহনশীলা! লওঁ আহক এই উদাৰতাৰ এভাগ! প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিৰ নিষ্ঠুৰ আঁচোৰতো বিৰিখ-লতিকা আদিয়ে সুস্থিৰ হৈ ৰ’দৰ বাবে বাট চাব জানে! আমি নোৱাৰিম জানো এনেদৰেই জীৱনৰ ঘাত-প্ৰতিঘাতবোৰৰ সৈতে সহবাস কৰি জীৱনটোক ন উদ্যমেৰে ভাল পাবলৈ! আহক,হাঁহিবোৰক আতোলতোলকৈ লালন কৰোঁ! আত্মাৰ এই খাদ্যৰ ভঁড়াল টনকিয়াল কৰিবলৈ বুটলোঁ আহক হাঁহিবোৰ অ’ৰ ত’ৰ পৰা৷ বুকুবোৰ ভৰি পৰক ভালপোৱাৰে! আৰু ওঁঠবোৰ ভৰি পৰক হাঁহিৰে !

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.