ফটাঢোল

সলিউশন এক্স (একাংকিকা নাটক) (৩য় খণ্ড) – মূল: বাদল সৰকাৰ, অনুবাদ- ডঃ প্ৰণৱ ঢেকিয়াল ফুকন

 

অণিমাঃ নাই, তোমালোকৰ গিনিপিগ আছে, বান্দৰ আছে তাৰ ওপৰত পৰীক্ষা কৰা। নিজৰ ওপৰত এই ভূতৰ ঔষধ আৰু পৰীক্ষা কৰিবলৈ নিদিও।

শম্ভুনাথঃ ( শান্ত আৰু দৃঢ় স্বৰে) গ্লাছটো দিয়া অণিমা,  মই টেষ্ট কৰিবই লাগিব।

অণিমাঃ নিদিও (পেলাই দিব খোজে)।

শম্ভুনাথঃ পেলাই লাভ নাই অণিমা। মই পুনৰ তৈয়াৰ কৰি লম। ইয়াত নোৱাৰিলে ইন্সটিটিউটত খাম। টেষ্ট মই কৰিবই লাগিব।

অণিমাঃ টেষ্ট কৰিবই লাগিব·

শম্ভুনাথঃ হয়। এই অৱস্থাত মই এৰি দিব নোৱাৰো।

অণিমাঃ ঠিক আছে কৰা টেষ্ট। (একে শোহাই পি খায়)

শম্ভুনাথঃ কি কৰিলা অণিমা।

অণিমাঃ উঃ ইমান তিতা ( পানী খায়) আঃ পানীখিনি ভাল লাগিছে। ( এক গ্লাছ আৰু খায়) নাও, এতিয়া কি কৰিব লাগিব কোৱা।

শম্ভুনাথঃ বহা অণিমা। কেনেকুৱা অনুভৱ কোৱাচোন?

অণিমাঃ একো নাই । বছ ভালেই অনুভৱ কৰিছো।

শম্ভুনাথঃ একো মনত লগা নাইনে?

অণিমাঃ ক’তা? নাইটো।

        ( শম্ভুনাথ হতাশ হৈ পিছৰ মেজৰ ওচৰলৈ যায়।অণিমাই কপাল মোহাৰিবলৈ ধৰে। তেওঁৰ মুখ উজ্জ্বল হৈ পৰিছে। মুখত ল’ৰামতীয়া ভাৱ। মৃদুকণ্ঠেৰে গানৰ আভাস। হঠাৎ গান বন্ধ কৰি।)

        হেৰা শুনিছা ? ভালেমান দিন চিনেমা চাবলৈ যোৱা নাই । যাবা? আজি?

শম্ভুনাথঃ চিনেমালৈ!!

অণিমাঃ ব’লা না লক্ষ্মী হললৈ। নতুবা এটা কাম কৰা যাওক। ব’লা বটানিকেল গাৰ্ডেনত এপাক মাৰি আহো। যাবা?

শম্ভুনাথঃ বটানিকেল —

অণিমাঃ চিৰিয়াখানালৈ গ’লেও হ’ব। নতুন কিবা এটা আহিছে বোলে। ঠিক হ’ল তেন্তে  ব’লা চিৰিয়াখানালৈ যাওঁ। ( চকীত উঠি শম্ভুনাথৰ হাতত ধৰি টানি লৈ যায়।)

শম্ভুনাথঃ আৰে আৰে ৰবা, মই ইন্সটিটিউটলৈ যাব লাগিব।

অণিমাঃ নাই আজি ইন্সটিটিউটলৈ যাব নোৱাৰিব। সদায়েইতো যোৱা? আৰু চিৰিয়াখানালৈ নিছিলা সেই কেতিয়াবাতে।          ( পুনৰ টানি নিয়ে।)

শম্ভুনাথঃ শুনা শুনা, ৰ’বা। হঠাৎ তোমাৰ চিৰিয়াখানালৈ যোৱাৰ মন গ’ল কিয়।

অণিমাঃ (কাজিয়া কৰাৰ দৰে) ওম্ হৈছে, বেছ হৈছে, আলবৎ হৈছে, এশবাৰ হৈছে। তুমি আজিকালি মোক কলৈকো লৈ নোযোৱা। মোৰ যেন কোনো ইচ্ছা থাকিব নোৱাৰে — যত সব যেন তোমাৰেই —

শম্ভুনাথঃ (খৰধৰ কৰি) শুনা শুনা, আৰে কি মস্কিল। মই কৈছিলো– হঠাৎ ক’লো কিনো? মানে কোনোধৰণৰ  এই .. এনেকুৱা বোধ কৰা নাই  নে কি?

অণিমাঃ নাই তেনেকুৱা বোধ কৰিম কিয়? যিমান বোধশক্তি সকলোতো তোমাৰেই। তুমি ভাল অনুভৱ কৰিবা, তুমি বেয়া বোধ কৰিবা, তুমি খং অনুভৱ কৰিবা, তুমি —

শম্ভুনাথঃ আঃ হা হা, সেইটো নহয়, কৈছিলো ঔষধটো খাই —-

অণিমাঃ ওম্ সেয়াইটো। এদিন অলপ ক’ৰবালৈ যাবলৈ মন কৰিছো। হাজাৰ অজুহাত। ঔষধ খোৱা, ভাত খোৱা, দাঁত মজা, দাড়ি কটা, —- ( শম্ভুনাথৰ হাতত হঠাতে ধৰি  ওঁঠ ফুলাই অভিমান কৰি) তুমি আজিকালি কি যে হৈ গৈছা, মোক আৰু অকনমানো ভাল নোপোৱা।

শম্ভুনাথঃ ( স্তম্ভিত)  সেইটো আকৌ কি ? মই — মইটো —

অণিমাঃ (কান্দো কান্দোকৈ) জানো জানো । মই  বুঢ়ী হৈ গ’লো মই দেখিবলৈ বেয়া, মোক আৰু তোমাৰ ভাল লাগিব কিয়? মই এতিয়া তোমাৰ বোজা, মোক তুমি চকুপাৰি দেখিব নোৱাৰা। মই মৰিলেহে তুমি ভাল পোৱা? (কান্দোনত ভাঙি পৰে)

শম্ভুনাথঃ কি যা তা বলকিছা। পাগল হ’লা নে কি? ( অণিমাই কন্দা বন্ধ কৰি ফোঁছ কৰি উঠে)

অণিমাঃ খবৰদাৰ, যি টি গালি নিদিবা, কথা ভাল নহ’ব

শম্ভুনাথঃ ( ভয় কৰি) কি ক’লো নো·

অণিমাঃ যি মুখত আহে তাকে ক’বা? মই পাগল? কাইলৈ ক’বা মই চোৰ, পৰহিলৈ ক’বা মই —

শম্ভুনাথঃ অণিমা অকনমান শান্ত হৈ বহা। মোক অলপ বুজিবলৈ দিয়া — (অণিমা পুনৰ ভাগি পৰে)

অণিমাঃ সেইটোতো হ’বই। মোক পাগল নকৰিলে তোমাৰ  সুবিধা হ’ব কেনেকৈ? তুমি যি ইচ্ছা তাকে কৰিবা, যাকে তাকে লগত লৈ য’লৈকে ইচ্ছা ঘূৰি ফুৰিবা, যিমান সময় ইচ্ছা আড্ডা দিবা —-

শম্ভুনাথঃ ওম্

অণিমাঃ নুবুজা হৈ নেদেখাবা কিন্তু কৈ দিছো। তুমি সদায় ইন্সটিউটত কাম কৰাৰ নামত ক’ত থাকা? মই সকলো বুজি পাওঁ। তুমি সোমেন চ্যাটাৰ্জিৰ ঘৰলৈ যোৱা কিয়? মোৰ বয়স হৈছে। চ্যাটাৰ্জিৰ পত্নীৰ কম বয়স, তেওঁ দেখিবলৈও ধুনীয়া–

শম্ভুনাথঃ অণিমা!!

অণিমাঃ ( হঠাৎ মিঠা হাঁহি, তাতকৈও মিঠা কণ্ঠ) কি কৈছা

শম্ভুনাথঃ আ্যঁ! না, মানে —

অণিমাঃ হেৰা ব’লানা আজি এবাৰ চিৰিয়াখানালৈ । চোৱা কিমান ফৰকাল আজিৰ দিনটো, কি মিঠা ৰ’দ দিছে। আজি নিশ্চয় খু-ও-ব ভাল লাগিব। হেৰা তোমাৰ দুই চৰণত ধৰিছো, ব’লানা–

শম্ভুনাথঃ অণিমা শুনা, তুমি —

অণিমাঃ নোযোৱাতো — ·

শম্ভুনাথঃ আৰে কি মস্কিল, মোৰ কথাটো —

অণিমাঃ তোমাৰ কথা তোমাৰ কথা তোমাৰ কথা। গোটেই দিনটো ধৰি কেৱল তোমাৰ কথা শুনো । মোৰ কথা যেন একোৱেই নাই। বেছ, ঠিক আছে। শেষ শেষ শেষ. তোমাৰ লগত সমন্ধ শেষ। ( অণিমা কোঠাৰ পৰা ওলাই যায়। শম্ভুনাথে পিছে পিছে যায়। তাৰপিছত পুনৰ আহি ফোন ধৰে।)

শম্ভুনাথঃ কলকাতা থ্ৰি নাইন এইট ফোৰ…. হ্যালো কোন চ্যাটাৰ্জি· মই শম্ভুনাথে কৈছো, …….. শুনক, অণিমাই অলপ আগতে সলিউশন এক্স খাইছে …… হয় অত্যন্ত প্ৰোনাউন্সড ৰিয়েকশন। এতিয়াই আহক যদি নিজ চকুৰে চাব বিচাৰে। ……. আহিছে? থ্যাঙ্কছ ( ইতিমধ্যে অণিমাৰ প্ৰৱেশ। মুখত লাজুক ভাৱ)

অণিমাঃ তুমি খং কৰিছা?

শম্ভুনাথঃ কি আচঁৰিত খং কৰিম কিয়?

অণিমাঃ হ্যাঁ তুমি খং কৰিছা? কি ধৰণৰ মুখখন কৰি আছা?

শম্ভুনাথঃ (কাঠ হাঁহি) ক’তা ? এইটো — হাঁহিছো—

অণিমাঃ (উজ্জ্বল হৈ) সত্য খং কৰা নাই·

শম্ভুনাথঃ নাই

অণিমাঃ তিনিবাৰ কোৱা·

শম্ভুনাথঃ নাই কৰা নাই কৰা নাই কৰা ।

অণিমাঃ (ওঁঠ ফুলাই) ওঁ তেনেকৈ দায়সৰা ভাবে কৈছা কিয়?

শম্ভুনাথঃ কেনেকৈ কম কোৱা?

অণিমাঃ কোৱা খং কৰা নাই, খং কৰা নাই , অকণমানো খং কৰা নাই।

শম্ভুনাথঃ (যথাসাধ্যে চেষ্টা কৰি) খং কৰা নাই , খং কৰা নাই, খং — মানে অকনো খং কৰা নাই।

অণিমাঃ (মহা আনন্দেৰে) তেনেহ’লে ব’লা চিৰিয়াখানালৈ।

শম্ভুনাথঃ আঁ! (নিজকে ধৰি ৰাখি) হ্যাঁ, ব’লা যাওঁ।

অণিমাঃ কি মজা, কি মজা, চিৰিয়াখানালৈ, কি মজা (অণিমাই  হাত তালি দি নাচি উঠে। তাৰ মাজতে শম্ভ³নাথে কলম ধৰে।) তুমি লি–খিছা। (বেলাৰ প্ৰৱেশ)

বেলাঃ অ’ অণিমা বৌ, কালি ৰাতি তেওঁ — ( অণিমাই খৰকৈ গৈ বেলাক টানি আনে)

অণিমাঃ অ’ বেলা ! কিমান দিন যে তোমাক দেখা নাই, তুমি নাহাই, খবৰেই নকৰা বাচি আছো নে মৰি গৈছো!

বেলাঃ আৰে বৌ, মই তো সিদিনাহে —

অণিমাঃ সেইটো কি হ’ল। সেই কেতিয়াবাতে যোৱা দেওবাৰে আহিছিলা। জানা বেলা, আজি মই এতিয়াই চিৰিয়াখানালৈ যাম, তাত নতুন বগা ভালুক আহিছে — তুমিও কিন্তু আমাৰ লগত যাব লাগিব —

বেলাঃ মই —

অণিমাঃ না না কোনো আপত্তি নুশুনো, যাবই লাগিব। আমি হাতীত উঠিম, কি কোৱা? আৰু সেই সৰু সৰু  বান্দৰবোৰ — কিমান ভাল লাগে। সিহঁতক বুট খুৱাম । নাই নাই তুমি বুটৰ পইছা দিব নালাগে, মই দিম —

বেলাঃ তুমি পাগল হৈছা নে কি অণিমা বৌ?

অণিমাঃ ( হঠাৎ গম্ভীৰ হৈ) তুমি মোক পাগল বুলি ক’লা? তুমি মোক পাগল বুলি ক’লা?

বেলাঃ   অণিমাবৌ!

অণিমাঃ তেওঁ কৈছে সহ্য কৰিছো। তুমি ক’বা কিয়? তেওঁ মোৰ স্বামী, দস্তুৰমত হিন্দু ৰীতিমতে বিয়া কৰাইছে — তেওঁ ক’ব পাৰে। তুমি ক’বলৈ কোন?

বেলাঃ মই মইতো —

অণিমাঃ কি সাহসত তুমি মোক পাগল বুলি ক’লা? তোমাৰ ইমান সাহস আহিল ক’ৰ পৰা·

বেলাঃ ডক্টৰ সেনগুপ্ত, অণিমাবৌৰ কি হৈছে — (অণিমাই বেলাক এৰি হিংস্ৰ দৃষ্টিৰে চাই)

অণিমাঃ ডক্টৰ সেনগুপ্ত। ড-ক্ট -ৰ সে-ন-গু-প্ত। ওম ভিতৰে ভিতৰে এইয়া। মই তেনে ঠিকেই অনুমান কৰিছো।

শম্ভুনাথঃ অণিমা ,অণিমা, মোৰ শপত, তুমি অলপ, তুমি অলপ যোৱা — আমি এতিয়াই চিৰিয়াখানালৈ যাম৷

অণিমাঃ হ’ব। মোক ভিতৰলৈ খেদি তোমালোক দুয়োজনে অকলে অকলে ইয়াত লিলিমাই কৰিবা? মই সেইতো কেতিয়াও হ’বলৈ নিদিও!

শম্ভুনাথঃ উঃ এইবাৰ মই সঁচাকে পাগল হৈ যাম।

অণিমাঃ বেছ, বেছ থাকা তোমালোক। মইতো চকুৰ কুটা, দাঁতৰ শূল। মইতো আপদ — দূৰ হ’লেই বাচা। থাকা-থাকা তোমালোক। (খঙেৰে ওলাই যায়। শম্ভুনাথে দুহাত মূৰত দি বহি পৰে।)

বেলাঃ ডক্টৰ সেনগুপ্ত — এই বোৰ কি কাণ্ড· তেওঁ আজি ৰাতিপুৱাই  ঘৰলৈ যাব বুলি কৈছিল — এতিয়াও ওলটি যোৱা নাই। সেই খবৰ কৰিবলৈ আহি এইবোৰ কি বিশ্ৰী কথা আপোনাৰ পত্নীৰ পৰা শুনিব লগা হ’ল । কথাটো আচলতে কি মোক জনাওঁক।

শম্ভুনাথঃ আ্যঁ! হয়, ৰ’বা কৈছো। অলপ বহা কৈছো। ( পানী থোৱা পাত্ৰৰ পৰা এক গিলাছ পানী লৈ খায়। পানী খোৱাৰ পাছত অবাক হৈ পানীৰ গ্লাছৰ ফালে চাই ৰয়।)

বেলাঃ কওঁক ডক্টৰ সেনগুপ্ত, খৰকৈ কওঁক। মই আৰু ইয়াত অকনমানো থাকিব নিবিচাৰো

শম্ভুনাথঃ কি কৈছা? অকণমান ৰ’বা। এনে কিয় হৈছে? এনে কিয় হৈছে? (কপাল দুই হাতেৰে মোহাৰি মোহাৰি)

বেলাঃ কি হ’ল ডক্টৰ সেনগুপ্ত· অসুস্থ বোধ কৰিছে নেকি· বহক, এই চকীখনতে অলপ বহি দিয়ক — (বেলাই  শম্ভুনাথৰ বাহুত ধৰি চকীত বহুওৱাৰ চেষ্টা কৰে। অণিমাৰ প্ৰৱেশ)

অণিমাঃ চমৎকাৰ! চমৎকাৰ। এইটোৱেইটো বিচাৰা। কলিকতাত বৃন্দাবন। লেবৰেটৰী হ’ল কুঞ্জবন।

বেলাঃ অণিমা বৌ, তুমি যদি এই বিশ্ৰী কথাবোৰ বন্ধ নকৰা, তেনেহ’লে —

অণিমাঃ তেনেহ’লে ? কি কৰিবা তুমি তেনেহ’লে? এই –এই — এই– ( বেলাৰ নাকৰ সমূখত বুঢ়া আঙুলি জোকাৰিবলৈ ধৰে। সোমেনৰ প্ৰৱেশ।)

সোমেনঃ এইবোৰ কি হৈছে·

        ( অণিমাই সোমেনক দেখি ডাঙৰকৈ কান্দিবলৈ ধৰে আৰু চকীত বহি পৰে।)

অণিমাঃ সো –মেন — বা–বু! ( সোমেন খৰধৰকৈ অণিমাৰ কাষলৈ যায়)

সোমেনঃ কি, হ’ল কি বৗ·

অণিমাঃ (ফোপাই Îফাপাই) সোমেন বাবু — চাওক আপোনাৰ পত্নী — এই বেলাই মোক পাগল বুলি কৈছে — মই কিবা কথা ক’লেই — মোক মাৰি ঠাণ্ডা কৰি দিব।

সোমেনঃ কি সাংঘাটিক ৰিয়েকশন। ডক্টৰ সেনগুপ্ত ( সোমেন স্তম্ভিত। শম্ভুনাথে এখন কাগজ কপালৰ ওপৰত ৰাখি টেবুলৰ ওপৰত শোৱাৰ চেষ্টা কৰিছে। দুই হাত দুফালে প্ৰসাৰিত কৰি। সোমেনৰ দৃষ্টি অনুসৰণ কৰি বেলাও হতবাক। শম্ভুনাথ এইবাৰ উঠিছে অণিমাই হঠাৎ হাততালি বজাই খিলখিলকৈ হাঁহি দিয়ে।)

অণিমাঃ চাববাচ। চাববাচ। (শম্ভুনাথ চকখাই উঠে। কাগজখন পৰি যায়। ক্ৰুদ্ধ শম্ভুনাথ অণিমাৰ ফালে যায়।)

শম্ভুনাথঃ চোৱা বেছি ফটৰ ফটৰ নকৰিবা কৈ দিছো, কথা ভাল নহ’ব।

সোমেনঃ ছাৰ, ছাৰ, আপোনাৰ কি হ’ল ছাৰ? আপুনি কি সলিউশন —

শম্ভুনাথঃ এই চাওকচোন অণিমা কি ফাজিল হৈছে — এটা খেল দেখুৱাইছো — আৰু ক্ৰিটিকেল সময়ত পাছফালৰ পৰা ষাড়ৰ দৰে — চাববাছ।

অণিমাঃ হেৰা  খবৰদাৰ, তুমি ভেঙুচালি নকৰিবা, কৈ দিছো।

শম্ভুনাথঃ (মুখখন বিকৃত কৰি) ভেঙুচালি নকৰিবা, কৈ দিছো।

অণিমাঃ ৰ’বা, ঠাট্টা বাহিৰ কৰি দিছো তোমাৰ । ( চোফাৰ বালিশ এটা লৈ শম্ভুনাথলৈ পোনাই । সোমেনক একে ঠেলাতে আঁতৰাই পঠায়। শম্ভ³নাথে সমূখত বেলাক পাই, দুই হাতে কান্ধত ধৰি সমূখত ৰাখি আত্মৰক্ষা কৰিবলৈ ধৰে।)

বেলাঃ এৰি দিয়ক, এৰি দিয়ক ডক্টৰ সেনগুপ্ত। হেৰা চোৱাচোন । (অণিমা হঠাৎ ৰৈ যায়।)

অণিমাঃ পুনৰ ডক্টৰ সেনগুপ্ত? লাজ নালাগে তোমাৰ ? সোমেনবাবু চাওঁকচোন। আপোনাৰ পত্নীৰ কাণ্ড চাওক, কথাটো শুনক। আৰু সেই এজন ভণ্ড বৈজ্ঞানিক সলিউশনৰ নাম লৈ প্ৰেমত হাবুডুবু খাইছে।

সোমেনঃ মাই গড! ( অণিমাই বালিশ পেলাই সোমেনৰ ফালে যায়। সোমেনে পিছুৱাই গ’লেও তেওঁৰ চোলাত ধৰে।)

অণিমাঃ সো–মেনবাবু।

বেলাঃ (শম্ভুনাথৰ হাত এৰুৱাই ) হেৰা তুমি একো নক’বা? এই দৰে মনে মনে আঁতৰি থাকা?

অণিমাঃ কিয়? তুমি ইয়াত পুনৰ কিয়? যোৱানা তোমাৰ ড—ক্ট–ৰ সেন–গুপ্তৰ ওচৰলৈ। (বেলাক ঠেলি দিয়ে। শম্ভুনাথেও বালিশটো লৈ দলিয়াদলি কৰিছিল, বেলাৰ গতা খাই পৰাৰ পৰা বাচে।)

শম্ভুনাথঃ (খঙত) আকাশৰ ফালে আঁতৰি যোৱা — উজুবুক ক’ৰবাৰ? দিম এটা চৰ, মূৰ ঘূৰাই যোৱাকৈ — ( এটা অস্ফুট চিৎকাৰ কৰি বেলা চকিত বহি পৰে। সোমেন খৰধৰকৈ বেলাৰ কাষ পায়গৈ)

সোমেনঃ বেলা, বেলা, কি হ’ল বেলা·

বেলাঃ মই ঘৰলৈ যাম, মোক তুমি ঘৰত থৈ আহাগৈ।

সোমেনঃ ঘৰলৈ? আচ্ছা ব’লা — (বেলাক লৈ দুৱাৰৰ ফালে যায়।)

অণিমাঃ উঃ বেলাৰ দুখত বুকু ফাটি গ’ল। বেছ হৈছে, খুওব ভাল হৈছে। যেনে কৰ্ম তেনে ফল হৈছে। থাকা পৰি হেৰা ব’লা আমি চিৰিয়াখানালৈ যাওঁ। ( সোমেনৰ হাতত টানি ৰাখিব খোজে। আনখন হাতত ধৰি বেলাই টানি নিয়ে। হৰিৰ প্ৰৱেশ।)

শম্ভুনাথঃ হে শ্ৰীহৰি মধুসূদন। বেটাৰ পোৱালি ৰাতিপুৱাৰ পৰা তোমাৰ টিকাটো দেখা পোৱা নাই । ভোকত মোৰ নাড়ীভুৰু হজম হৈ গ’ল, একাপ চাহ পৰ্যন্ত আনি দিব পৰা নাই।

হৰিঃ বাবু মই —

শম্ভুনাথঃ যোৱা, তোমাৰ পিণ্ড বাহিৰ কৰিম মই।  ( বালিশ লৈ পোনাই । হৰিয়ে অণিমাৰ কাষেৰে পলাব খোজে, অণিমাই ভৰিটো আগবঢ়াই দিয়ে। হৰিয়ে উজুটি খাই পৰাৰ পৰা কোনেৰকম বাচি বাহিৰ হৈ যায়।)

        ব্ৰ্যাভো, ব্ৰ্যাভো। চীয়াৰ আপ অণিমা। ( ফোন বাজে। শম্ভুনাথে ফোনত কথা কৈ কৈ  চকীত বহিবলৈ যায়।অণিমাই নিঃশব্দে চকীখন আঁতৰাই  দিয়ে । শম্ভুনাথ কিন্তু পৰি নাযায়, নিৰ্বিকাৰভাবে মেজত কিলাকুটি ৰাখি ভৰিৰ ওপৰত ভৰি ৰাখি বিনা চকীত অলপ পৰ বহি পৰে। তাৰ পিছত নিজকে মেজৰ ওপৰত এৰি দিয়ে।)

        হ্যালো — হ্যালো হ্যালো মাই ডিয়াৰ মাই ডাৰ্লিং শ্যালাক পত্নী। ইয়েছ, ইয়েছ ম্যাডাম, দিছ ইজ শম্ভুনাথ স্পিকিং– স্বয়ং — ইন পছিন — আপোনাৰ জোঁৱাই — কি হৈছে? —-আ্যাঁ ? মোৰ কি হৈছে —- মোৰ ইমান প্ৰচেষ্টাত আপোনাৰ কি গৰজ? আপোনাৰ ভাল বুলি কওঁক —– কি ক’লে ডাৰ্লিং ? টুটুল , টুটুল তাৰ মোমায়েকৰ  ঘৰলৈ গৈছে — ঘটনাৰ পাকচক্ৰত সেইয়া তোমাৰেই ঘৰ । তুমি খবৰ কৰা না ডিয়াৰ। — আ্যাঁ ! জানো· বেছ বেছ। সাবধানে ৰাখা। টুটুল খাছ ল’ৰা, তুষাৰ ল’ৰা, ডাঙৰ হ’লে ফ্ৰাঙ্কেনস্টাইন হ’ব — আই মিন আইনস্টাইন— কি ? মই পাগলামী কৰিছো? মাইৰে ·—- হ্যালো হ্যালো হ্যালো — ও ও , হ্যালো হ্যালো — ধেৎ তেৰি।

        ( থিয় হয় ৰিছিভাৰ থয় অণিমাই ভৰিৰে ঘৰ সাজি পেপাৰ ওৱেট লৈ ঘিলা খেলিছে। শম্ভুনাথে ভৰিৰে পেপাৰ ওৱেটটো আঁতৰাই দিয়াৰ চেষ্টা কৰে।)

অণিমাঃ তুমি কিয় মোৰ গুটিটো আঁতৰাই দিছা·

শম্ভুনাথঃ ভাল কৰিছো। অকল সৰু ল’ৰা-ছোৱালীৰ

অণিমাঃ ইঃ ল’ৰামানুহ, নিজে বা কিমান খেল জানে?

শম্ভুনাথঃ জানোতো। ছোৱালীবোৰৰ অকল এই ঘিলাখেল মাৰ্বল খেলিবও নোৱাৰে। হাওগুডুও খেলিব নোৱাৰে।

(আগলৈ)

☆★☆

Leave a Reply

Your email address will not be published.