ফটাঢোল

সহযাত্ৰী – মানবেন্দ্ৰ কুমাৰ শৰ্মা

বাছখনৰ আগৰ ফালেও কেইখনমান আসন খালী হৈ আছিল যদিও সেইবোৰ অতিক্ৰমী ষোড়শী আহি মোৰ কাষতহে বহিল। তেওঁৰ দেহত সনা সুগন্ধিয়ে মুহূৰ্ততে পৰিৱেশটোৰ লগতে মোৰ মন-মগজুও অমোলমোলাই তুলিলে। আৰু ইমানৰ পিছতো যদি কাৰোবাৰ হৃদয়ত “তুনে মাৰি এণ্ট্ৰিয়া, দিল মে বজি ঘণ্টিয়া’ টাইপ ঝংকাৰ এটাৰ পৌনপুনিক অনুৰণন নহয়, তেন্তে এইটো নিৰ্ঘাত যে সৃষ্টিকৰ্তাই সেইজনক জন্মতে কিবা এটা দিশত নিঃকিণ কৰিহে স্ৰজন কৰিছে। ময়ো এক লহমাৰ বাবে দুচকু মুদি সেই ঝংকাৰ আৰু অলপ সুমধুৰ হোৱাৰ সপোন ৰচিলোঁ।

 

পিচে মোৰ ধাৰণা অসাৰ প্ৰতিপন্ন কৰি আসনত বহিয়েই তেওঁ বেগৰ পৰা মোবাইল আৰু হেডফোনডালহে উলিয়ালে। সেইবোৰ ঠিক-ঠাক কৰি সুন্দৰীয়ে এনে ভংগীমাত বহিল যেন জগতৰ সমস্ত অমিয়া কেৱল সেই পৰিসীমাতহে আৱদ্ধ। কাষত যে এজন সুদৰ্শন যুৱক বহি আছে সেই কথাটোলৈ বেচেৰীৰ খেয়ালেই নাই। কথাটো যদি এই ৰকমেই হয়, তেনেহ’লে আগৰ খালী আসনবোৰ অতিক্ৰমী মোৰ কাষলৈ তেওঁ অহাৰ অৰ্থই বা কি আছিল? আৰু এনেদৰে কোনোবাই “ইজ্জ্বত কি ধ্বজিয়া” উৰাই দিয়া মুহূৰ্ততে জীৱনটো কিবা অৰ্থহীন হৈ পৰা যেন লাগে।

ধিক! ধিক! এই জীৱন!

ষোড়শীৰ তেনে উপেক্ষা দেখি মোৰ বেয়া লাগিলেও উপায় নাই, অসহায় মই ধ্যানৰত কোনো যোগীৰ দৰে ঠাইতেই কুচি-মুচি বহিব লগা হ’ল। কি ঠিক, আজিকালি ললনাৰ প্ৰতি আইন-কানুনৰ যিহে দৰদ, বিনা মেঘে বজ্ৰপাত হোৱাৰ অনেক সুচল সেই আইনেই দি থৈছে। তাৰোপৰি কথাতে কয় নহয় বোলে নাৰীৰ মহিমা অপাৰ! কাৰোবাৰ প্ৰতি কিবা আখেজত উহ বুলি সামান্য ইংগিত এটা দিলেও ইংগিত কৰাজনৰ বাৰ বজাবলৈ উত্ৰাৱল হৈ থকা দাদাহঁতৰ একোডাল অভাৱ ঘটা নাই। কেৱল এই ক্ষেত্ৰত এটা সমীকৰণেই প্ৰযোজ্য যে এই দাদাৰ সংখ্যা ৰমণীৰ বয়স আৰু বাহ্যিক সৌন্দৰ্য্যৰ সমানুপাতিক।

গতিকে এই সমীকৰণ মতে ষোড়শীৰ সামান্য এটা ইংগিততেই যে হেজাৰ-বিজাৰ দাদা ওলাব সেইটো নিৰ্ঘাত। গতিকে মই কুঁচি-মুঁচি বহি থকাটোৱেই মংগল।

তথাপি অবাধ্য মনক আৰু কিমান পৰ বুজনি দিবহে? ফ্ৰয়েডে সেই তাহানিতেই জানো এই কথাবোৰ বিস্তাৰিত ভাৱে কৈ যোৱা নাই। সেইবোৰ উলাই কৰিবলৈ মই কোনো মহামানৱ নহয়। অতএব মোৰ দৰে সাধাৰণ নৰ-মনিষটোৰ সুযোগ-সুবিধা বুজি আঁৰ চকুৰে আক্ৰমণ নচলোৱাটোহে অস্বাভাৱিক।

মেনকাৰ ৰূপ আৰু চলনাই তাহানি বিশ্বামিত্ৰৰো মতিভ্ৰম ঘটাইছিল। মহাদেৱৰো ভুল নাছিল, শ্ৰীকৃষ্ণই মোহিনী ৰূপ ধৰি মহাদেৱক কিয় প্ৰৰোচিত কৰিব লাগেহে? সৌন্দৰ্য্যৰ উপাসনা প্ৰকৃতিৰেই নিয়ম। উৰ্বশীৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰি বৃহন্নলা হ’বলৈ মামাৰ দৰে সাধাৰণ মানুহ অৰ্জুনৰ দৰে সময়ত যোগী হ’ব নোৱাৰোঁ।

এপাকত তেওঁৰ চকু মোৰ ওপৰত পৰিল। তেওঁৰ ৰঙীন চশমা এই ক্ষেত্ৰত লাজৰ ওৰণি আৰু তাৰ আঁৰে আঁৰে তেৱোঁ অমিয়া পান কৰি আছে।

মোৰ চকুত তেওঁৰ চকু পৰা মুহূৰ্ততে তেওঁ অলপ কোঁচ খোৱা যেন অনুমান হ’ল। হাজাৰ হওক কোৱা হয়, লজ্জ্বাই নাৰীৰ ভূষণ! আৰু বিশেষ কি কওঁ – চুৰ কৰি ধৰা পৰা চোৰজনৰ অৱস্থাই মোৰ অৱস্থা। সাধু-সন্তৰ মুখা যেন মুহূৰ্ততে খহি পৰিল।

আচ্ছাদন এখন ময়ো তৰা ভাল। ময়ো মোৰ মোবাইলটো হাতত ল’লোঁ। অতদিন বেগত হেডফোনডাল এনেই পৰি আছিল। সেইডালো উলিয়াই কাণত গুঁজি তাতেই মত্ত হোৱা ভাৱত বহি থাকিলোঁ।

তেনেতে বাছখন এঠাইত ৰ’ল। বাহিৰলৈ চাই বুজিলোঁ যে মনৰ গতি যিমানলৈ ধাৱমান হ’লেও বাস্তৱত ইতিমধ্যে আমি অলপহে আগুৱালোঁ। এই মন বোলা বস্তুটো কি যে একেবাৰে সাংঘাতিক জিনিছ নহয়! তাৰ দেখোঁ লেকামেই লগাব নোৱাৰি, কেৱল ৰণুৱা ঘোঁৰাৰ গতিত সি দৌৰিবহে জানে।

দেখাত তেৱোঁ তেওঁৰ কামত ব্যস্ত, মইয়ো মোৰ কামত ব্যস্ত। বাছখন ৰৈ থাকোঁতে পান-তামোল আৰু চানাচুৰ বিক্ৰী কৰা মানুহ দুজনমান গাড়ীৰ ভিতৰলৈ উঠি আহিল।

আৰু উঠিল সেই মানুহজন!

মানুহজন দেখি মোৰ কিবা এটা ভাল নালাগিল। সিয়ো কিবা এটা বুজি মোৰ ইচাৰাত মুহূৰ্ততে আমাৰ কাষৰ পৰা আঁতৰলৈ যাবলৈ ওলাল। তেন্তে মোবাইলতে চকু ৰাখি ষোড়শীয়ে তাক ৰ’বলৈ ইংগিত দিলে আৰু বেগৰ পৰা চকচকীয়া নোট এখন উলিয়াই তাৰ হাতত দিলে। হস্তান্তৰ হোৱা খমখমীয়া পাঁচশটকীয়া নোটখনলৈ চাই মোৰ বুকুখন হমহমাই উঠা যেন লাগিল।

মুহূৰ্ততে মই সচকিত হৈ উঠিলোঁ। ততালিকে তেওঁক কিবা এষাৰ কোৱাটো সমীচিন হ’ব যেনো লাগিল। তথাপি সেই সময়ত মোৰ পুৰুষত্ব যেন সেই কথাত হেঙাৰ হৈ উঠিল। তাৰ এক মুহূৰ্ত আগতে মানুহজনক আঁতৰাই পঠাবলৈ কৰা চেষ্টাৰ বাবে তেতিয়া মোৰ নিজৰ ওপৰতেই ধিক্কাৰ জন্মিল।

কিহে পাইছিল বাৰু মোক পৰিস্থিতি ভাবি-চিন্তি নোচোৱাকৈ এনেদৰে আগবাঢ়িবলৈ? সঁচা, ষোড়শীয়ে যে এই কথাৰ আলম লৈ মোক এনেদৰে সৰু কৰি তুলিব পাৰে, এই ধাৰণা তেতিয়ালৈ মোৰ মনলৈ এবাৰো অহা নাছিল।

মোৰ ভিতৰত পোখা মেলা পুলিটো যেন কলিতেই জয় পৰিল। একেবাৰে জংকী-পানেই বা হীৰ-ৰাঞ্জা হোৱাৰ পৰিৱেশ আৰু পৰিস্থিতি মোৰ অনুকূলে কোনোমতে সুচল নহ’লেও সেই ক্ষণিক ৰমণীয়তা মোৰ ইপ্সিত আছিল। আৰু তেনে এটা পৰিৱেশ সৃষ্টিৰ দোকমোকালিতে মই যেন নিজেই নিজৰ কবৰ খান্দিলোঁ। হওঁতে দুখনমান পিংকিয়ে মোৰ পকেটৰ ভিতৰত উকমুকাই নথকা নহয়। মই দাতা কৰ্ণ নহওঁ যদিও সেই পলকত মোৰ এনে লাগিল যেন উৰ্বশীৰ ওচৰত পৰাজিত হোৱাতকৈ দুমাহমানৰ বাজেট কৰ্তন কৰি পিংকি এখনৰ বলিদান দিয়াটোৱেই সেই পৰিস্থিতিত বুদ্ধিমানৰ কাম আছিল। এক লহমাৰ বাবে কথাটো কামলৈ ৰূপান্তৰ কৰাৰ কথা মোৰ মনলৈ নহাও নহয়। কিন্তু সময় কাৰো বাবে নাথাকে ৰৈ; তেতিয়ালৈ পাখি লগা সময় এনেদৰে আগবাঢ়ি গৈছিল যে গাড়ীৰ ভিতৰত সেই মানুহজনৰো অস্তিত্ব নাছিল আৰু বাছো চলিবলৈ ধৰিছিল।

বিবৰ্ণ শৰীৰেৰে মই ঠাইতে বহি থাকিলোঁ। আচলতে যেন বহি থকাজন মই নহয়, মোৰ প্ৰেতাত্মাহে আছিল। আৰু হয়তো মোৰ সেই পৰাজিত ৰূপ দেখিয়েই তেওঁৰ চকুতো যেন হেলেনৰ নাচোন, যি চাৱনিত মোৰ প্ৰতি পেংলাই, উপলুঙা আদি একোৰে অভাৱ নাছিল। মই বিশ্বজয়ৰ সপোন দেখা নাছিলোঁ সঁচা, কিন্তু সেই সময়ত মোৰ প্ৰভাৱেৰে সুন্দৰীৰ অন্তৰত ৰেখাপাত কৰাৰ সপোন দেখাটো বাৰু কিদৰে অগ্ৰাহ্য কৰোঁ।

তেনেতে বাছৰ পৰিচালক আহিল আমাৰ ভাড়া বিচাৰি। তেখেতে সুন্দৰীৰ ফালে ইংগিত কৰাত তেওঁ ক’লে, ” মই আপোনাৰ পৰা ঘূৰাইহে পাম।”

পৰিচালক হতবাক। ” আৰে কি কয়? ভাড়া বিচাৰি মই এতিয়াহে আহিছোঁ।”

লাগিল এখন খকা-খুন্দা দুয়োৰে মাজত। কোনেও কাৰো কথা মানি নলয়।

“অলপ আগতে মই পাঁচশ টকীয়া এখন দিয়াৰ পিছতো আপুনি ভাড়া নিদিয়া বুলি কিয় কৈ আছে? মোৰ পাবলগীয়াখিনিহে ঘূৰাই দিয়ক।” – ষোড়শীৰ অভিযোগ।

পৰিস্থিতি এনে পৰ্য্যায় পালে যে মোৰ নীৰৱতা দুয়ো কুলৰ লগতে মোৰ বাবেও বাঞ্চনীয় নাছিল। কেঞ্চাৰ বেমাৰী বুলি চাৰ্টিফিকেট এখন লৈ সহজ-সৰল মানুহৰ পৰা সহায় বিচাৰি মানুহ এজনে আজি দহ বছৰে এই পথত কৰি অহা প্ৰতাৰণা মই দেখি আহিছোঁ। প্ৰথম দুবাৰমান সেই জালত ময়ো ভৰি নিদিয়া নহয়। কিন্তু দুবছৰমান মানুহজনৰ চেহেৰাৰ কোনো অৱক্ষয় নেদেখি এদিন মোৰ সন্দেহ হ’ল। মানুহজনে সহায় বিচাৰি সকলোকে দেখুৱাই ফুৰা সেই চাৰ্টিফিকেটখন ভালকৈ চোৱাৰ পিছত মই নিশ্চিত হৈছিলোঁ যে সেই চাৰ্টিফিকেটখনৰ লগত গাঁঠি দিয়া ফটোখন অস্পষ্ট হ’লেও সেই মানুহজনৰ আচল চেহেৰাৰ লগত ফটোখনৰ বিশেষ মিল নাছিল। পিছত দুবাৰমান তাক ভালকৈ দাবি-ধমকি দিছিলোঁ যদিও সহজে ঠগ খোৱা মানুহ এই জগতত গিজগিজাই আছে বাবেই এনেদৰে জাল পতা মানুহেও চল-চাতুৰিৰে জগতত ঠিকেই চলি আছে।

মোৰ কথা শুনি সুন্দৰীৰ নাজল-নাথল অৱস্থা। “মই বাছৰ কণ্ডাক্টৰ বুলি ভাবি গাড়ীৰ ভাড়া বুলিহে নোটখন দিছিলোঁ। ভাবিছিলোঁ মই পাবলগীয়াখিনি পাছত ঘূৰাই দিব। “

কান্দি-কাটি বেচেৰীৰ অৱস্থা নাইকিয়া হ’ল।

“মোৰ এতিয়া পকেটো খালী। দেউতাই দিয়া সেই নোটখনেই একমাত্ৰ সম্বল আছিল। সপ্তাহত এবাৰকৈ ঘৰলৈ আহোঁ। এসপ্তাহৰ হোষ্টেলৰ হাত-খৰচ তেনেকৈয়ে মিলাই আছিলোঁ।” – ষোড়শীয়ে ক’লে।

যুৱতীৰ কথা শুনি মোৰ বেয়া লাগিল যদিও এইটো ভাবি ভালো লাগিল যে পৰাজিত সৈনিকৰ হাতলৈ যুদ্ধ জয়ৰ আন এটা সুযোগ নিশ্চয় এনেদৰেই ঘূৰি আহে। পুৰুষত্ব দেখোওৱাৰ এই সুযোগ হাতচাড়া হ’বলৈ এৰি দিয়াৰ মোৰ একেবাৰে মন নগ’ল। সেয়েহে বাছৰ পৰিচালকে নালাগে বুলি কোৱা স্বত্বেও আৰু ষোড়শীয়ে কিছু ইতস্ততঃ বোধ কৰিলেও তেওঁৰ সপ্তাহটোৰ জোৰা মৰাৰ ব্যৱস্থা কৰি নিজৰে মুৰ্খামি জাহিৰ কৰা যেন লাগিল।

পিছৰ পথচোৱাত তেওঁৰ চাৱনিত যিদৰে মোৰ প্ৰতি কৃতজ্ঞতা আছিল, সেইদৰে আগৰ চঞ্চলতাৰ এক বিন্দুও নাছিল। এইবাৰ ময়ো সঁচাকৈয়ে ফেচবুক খুলি ভাবিবলৈ ধৰিলোঁ, সুন্দৰীৰ সেই ভুল আচলতে ফেচবুকত মত্ত হোৱাৰ পৰিণাম আছিল নে ফ্ৰয়েডীয় কিবা তত্বৰ পৰিণতিহে আছিল।

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published.