ফটাঢোল

সাক্ষাৎকাৰ: তৰালি শৰ্মাৰ সৈতে এখন্তেক

তৰালি শৰ্মা, নামেই যাৰ পৰিচয়, তেওঁৰ বিষয়ে বহলাই কোৱাৰ প্ৰয়োজন নাই। এক যাদুকৰী কণ্ঠৰ অধিকাৰী তৰালি শৰ্মাই এগৰাকী সুদক্ষ সংগীত পৰিচালক ৰূপেও সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁৰ কণ্ঠৰে নিগৰা প্ৰায় প্ৰতিটো গীতেই শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি আহিছে।

নব্বৈৰ দশকৰ পৰা বৰ্তমানলৈকে “আহিবা তুমি দুপৰ নিশা, যেতিয়া পৃথিবী শুব…”, “অনুৰাগ তোমাৰ বাবে, অনুভূতি তোমাৰ বাবে…” আদি গানৰ দৰে অজস্ৰ শ্ৰুতিমধুৰ গীতেৰে অসমৰ প্ৰত্যেকখন মঞ্চতে তেওঁৰ কণ্ঠই মন্ত্ৰমুগ্ধ নকৰা শ্ৰোতা হয়তো নোলাব৷ গুণমুগ্ধ শ্ৰোতা-দৰ্শকৰ হৃদয়ত এক বিশেষ স্থান অধিকাৰ কৰি বহিছে তেওঁৰ সুৱদি কণ্ঠেৰে নিগৰা অপূৰ্ব গীত-মাতবোৰে৷ শতাধিক গীতেৰে শ্ৰোতা ৰাইজক মন্ত্ৰমুগ্ধ কৰি অহা তৰালি শৰ্মাই ইতিমধ্যে বিভিন্ন কথাছবি যেনে ‘আকাশীতৰাৰ কথাৰে’, ‘লাজ’, ‘যাত্ৰা, দি পাচেজ’ (The Passage), ‘অভিযাত্ৰী’ আদিত তথা শেহতীয়াকৈ ‘কেলেণ্ডাৰ’ ছবিখনৰো সংগীত পৰিচালনা কৰি দৰ্শক-শ্ৰোতাৰপৰা ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। ২০০৩ চনত ‘আকাশী তৰাৰ কথাৰে’ নামৰ কথাছবিখনত “কিমতে ভকতি কৰিব….” শীৰ্ষক ঘোষাভাগিত কৰা কণ্ঠদানৰ বাবে তৰালি শৰ্মাক শ্ৰেষ্ঠ গায়িকাৰ ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত কৰা হৈছিল৷ উল্লেখযোগ্য যে এই ঘোষাটোত কোনো বাদ্যযন্ত্ৰৰ সংগীত ব্যৱহাৰ কৰা হোৱা নাছিল।

লগতে ‘এজনী জাপানী ছোৱালী’ (টেলিফ্লিম), ‘পোহৰ’ (টেলিফ্লিম), ‘অৰাষ্ঠ অৱস্থান’ (টেলিচিৰিজ), ‘জীৱন আৰু সংগীত’ (টেলিচিৰিজ), ‘পাৰ্বতী’ (টেলিচিৰিজ), ‘মা’ (টেলিচিৰিজ), ‘তাল দবা সংখ বাজেও অসংখ্যাত’ (তথ্যচিত্ৰ), ‘জ্যোতিৰ্গময়: লিড মি টু দা লাইট’ (তথ্যচিত্ৰ, ২০০৫), ‘হোৱাটেভাৰ!’ (তথ্যচিত্ৰ, ২০০৬) ইত্যাদি বহুকেইখন তথ্যচিত্ৰ আৰু টেলিফিল্মৰো সংগীত পৰিচালনা কৰে।

ইয়াৰ উপৰিও ‘অভিসাৰী প্ৰিয়া’, ‘সোণজনী’, ‘শঙ্কৰ-মাধৱ’, ‘স্নেহ’, ‘পোহৰ’, ‘তৰালি’, ‘হেঙুলীয়া’, ‘বৰগীত, ‘অভিমান’, ‘প্ৰজাপতি’, ‘নয়নমনি’, ‘মুকলি’ আদি বিভিন্ন গীতৰ এলবামৰ জৰিয়তেও এইগৰাকী গায়িকা, সংগীত পৰিচালকাই শ্ৰোতাৰ হৃদয়ত এক বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।

প্ৰায় দুই দশকৰো অধিক সময় জুৰি তৰালি শৰ্মাই অসমৰ ইমূৰৰপৰা সিমূৰলৈ শ্ৰোতা-দৰ্শকৰ অন্তৰ জয় কৰি আহিছে। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত, তথা সুদূৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক’ল’ৰাডো, পেনচিলভানিয়া আদি ঠাইত Assam Society of Americaই আয়োজন কৰা বিভিন্ন অনুষ্ঠানতো গীত পৰিবেশন কৰাৰ লগতে কানাডা আদি দেশতো গীত পৰিবেশন কৰি আন্তৰাষ্ট্ৰীয় দৰ্শকৰ মনতো সাঁচ বহুৱাই অহা যাদুকৰী কণ্ঠৰ অধিকাৰী তৰালি শৰ্মাক ‘ফটা-ঢোল’ৰ পাঠকৰ ওচৰত বিশেষকৈ চিনাকি কৰি দিয়াৰ নিশ্চয় প্ৰয়োজন নাই।

অসমৰ গৌৰৱ প্ৰখ্যাত বাঁহীবাদক আৰু সঙ্গীতজ্ঞ দেউতাক শ্ৰদ্ধেয় প্ৰভাত শৰ্মাদেৱৰ সুযোগ্য জীয়ৰী শ্ৰীমতী তৰালি শৰ্মাৰ সুমধুৰ কণ্ঠস্বৰৰ সন্মোহনী শক্তিয়ে টানিছিল আমাক বহুদিনৰ পৰাই, যদিও তেওঁৰ ব্যস্ততা ভৰা সময়ৰ মাজত কিছু সময় উলিয়াই ল’বলৈ অসুবিধা হৈছিল৷ তাৰ মাজতে এদিন তেওঁৰ সন্মতি পাই এই সংখ্যাৰ আলোচনীৰ বাবে লগ ধৰিবলৈ আমি গৈছিলোঁ এদিন দুপৰীয়া৷ সংগীতৰ বাহিৰেও একান্ত ব্যক্তিগত বহুত কথাও পাতিছিলোঁ আমি৷ আমাৰ প্ৰিয় গীত “আহিবা তুমি দুপৰ নিশা” গানটোৰ প্ৰথম কলিটো তেওঁৰ কণ্ঠত ‘লাইভ’ শুনাৰ সৌভাগ্য আমাৰ বাবে স্মৰণীয় হৈ ৰ’ব৷

অসমৰ মেল’ডি কুইন শ্ৰীমতী তৰালি শৰ্মাৰ লগত হোৱা এই অন্তৰংগ আলাপক ‘ফটা-ঢোল’ৰ জৰিয়তে আপোনালোকলৈ আগবঢ়ালোঁ৷ আহকচোন তেওঁৰ বিষয়ে আৰু অলপ জানিবলৈ চেষ্টা কৰোঁ৷

ফটাঢোল: সংগীতৰ ক্ষেত্ৰখনত আপোনাৰ আৰম্ভণি কেনেকৈ হ’ল, অলপ ক’ব নেকি? — এই প্ৰশ্নটোৰেই আজি আমি আৰম্ভণি কৰিব খুজিছোঁ।

তৰালি শৰ্মা: আমাৰ সমগ্ৰ ঘৰখনেই গানৰ লগত জড়িত। গোটেই লিগেচী সংগীতেই। মোৰ দেউতা সংগীতশিল্পী, বাঁহী বজায়, কম্প’জাৰ, অল ইণ্ডিয়া ৰেডিঅ’ত কাম কৰিছিল। চিনেমা, থিয়েটাৰ সকলোতে কাম কৰিছিল আৰু তেখেত নিজেই লোক-সংগীতৰ ভঁৰাল, বিশেষকৈ সত্ৰীয়া সংগীত। মোৰ সৰু খুৰাও নিজে বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ। গতিকে খুৰায়ো সত্ৰীয়া সংস্কৃতি, গীত-মাতবোৰৰ লগত জড়িত। তেখেতে আমাক বৰগীত শিকাইছিল। তেখেত ঢুকুৱা দুবছৰ হ’ল। মাহঁতৰ ঘৰখনতো সংগীতৰ পৰিৱেশ আছিল। মোৰ ককা, পুষ্প মিশ্ৰ, যাত্ৰাত আছিল। তেখেত যথেষ্ট বিখ্যাত আছিল। মোৰ মায়ে নিজে গান গায়, ভায়’লিনো বজাইছিল। আমাৰ কাৰণে সেইটোত যতি পৰিল পিছলৈ। আমাক ডাঙৰ দীঘল কৰোঁ‌তে ভায়’লিনখন পিছ পৰি গ’ল। ঠিক তেনেদৰে দেউতাৰ ফালৰ ককাই খুউব শ্লোক, কথা-চথাবোৰ ঘৰতে শিকাইছিল। গতিকে সংগীতৰ পৰিৱেশটো ঘৰতেই পাইছিলোঁ। স্বতঃস্ফূৰ্তভাৱে গান গাবলৈ ল’লো। স্বতঃস্ফূৰ্তভাৱে সংগীতক কেতিয়া, কেনেকৈ ভাল পাই পেলালো গম নাপাওঁ। লাহে লাহে হাৰমনিয়াম বজাবলৈ শিকিলোঁ, তেনেকৈয়ে সংগীতৰ লগত জড়িত হৈ পৰিলোঁ একদম সৰুৰেপৰাই। গতিকে খেলা-ধূলা, নৰ্মেল শৈশৱ যেনেকৈ পাৰ হৈছিল তেনেকুৱাই, কিন্তু সংগীত এটা মূখ্য অংশ হৈ পৰিছিল তেতিয়াই। আৰু সেইটো এতিয়ালৈকে অব্যাহত আছে।

ফটাঢোল: সংগীত জগতৰ কি কি কামত বৰ্তমান আপুনি ব্যস্ত আছে, সবিশেষ জনাব নেকি?

তৰালি শৰ্মা: ভ্ৰাম্যমাণ থিয়েটাৰ, বোলছবি আৰু গানৰ এলবাম -এই তিনিওখন ক্ষেত্ৰতে কাম কৰি আছোঁ‌ বৰ্তমান। ভ্ৰাম্যমাণ থিয়েটাৰৰ এই বছৰৰ কেইবাখনো নাটকত মই সংগীত পৰিচালনা কৰিছোঁ। কহিনুৰ, বৃন্দাবন, আৱাহন, চিৰঞ্জীৱ, হেঙুল আদি থিয়েটাৰৰ নাটকত সংগীত পৰিচালনা কৰিছোঁ। ২০০৫ চনৰ পৰাই ৰতন লহকৰৰ আমন্ত্ৰণ মৰ্মে ভ্ৰাম্যমাণ থিয়েটাৰত মোৰ সংগীতৰ যাত্ৰা আৰম্ভ হৈছিল।

বোলছবি এতিয়ালৈকে কেইবাখনো কৰিলোঁ। সংগীত পৰিচালক হিচাপে প্ৰথমখন বোলছবি হ’ল মঞ্জু বৰাৰ ‘আকাশীতৰাৰ কথাৰে’। ২০০২ চনত বোলছবিখন ৰিলিজ হৈছিল আৰু ২০০৩ চনত এৱাৰ্ড ঘোষণা কৰা হৈছিল। তাৰ পিছত তেওঁৰেই শেহতীয়া ছবি এখনত কাম কৰিছিলোঁ। তেওঁৰেই এনিমেচন ছবি ‘সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ’, সেইখনৰো সংগীত পৰিচালনা মোৰ আছিল। আৰু বাকী হীৰেণ বৰাৰ ছবি’বসুন্ধৰা’, ‘ক্ষোভ’, এইদুখনত সংগীত পৰিচালনা কৰিছোঁ। তেওঁৰ তিনি নম্বৰ ছবি ‘সীমা’খনৰ কাম আৰম্ভ হ’ব ছেপ্তেম্বৰত। হেমন্ত কুমাৰ দাসৰ ছবি ‘অথেলো’, প্ৰেৰণা বৰবৰুৱাৰ ছবি ‘তুমি আহিবানে’ মঞ্জুল বৰুৱাৰ ছবি ‘অন্তৰীণ’ত সংগীত পৰিচালনা কৰিছোঁ। মঞ্জুল বৰুৱাৰ দ্বিতীয়খন ছবি ‘কানীন’, যিখন অহা বছৰ মুক্তি পাব, তাতো ইতিমধ্যে সংগীত দিছোঁ। হিমজ্যোতি তালুকদাৰৰ ছবি ‘কেলেণ্ডাৰ’, ৰতনশীল শৰ্মাৰ ‘মাৰ্কশ্বীট’তো সংগীত পৰিচালনা কৰিছোঁ। সদ্যহতে ‘বৰনদীয়ে ভটিয়ায়’ বুলি এখন ছবিত সংগীতৰ কাম কৰি আছোঁ। মাজুলীৰ কাহিনী এটা লৈ বনোৱা অনুপম কৌশিক বৰাৰ ছবি সেইখন। ‘আউটকাষ্ট’ বুলি আন এখন চিনেমাৰ সংগীতৰ কাম ছেপ্তেম্বৰ-অক্টোবৰত আৰম্ভ কৰিম। হেমেন দাসৰ ছবি ‘মৃগনাভি’ আদিকে ধৰি বাৰখনমান বোলছবিত এতিয়ালৈকে সংগীত পৰিচালনা কৰিলোঁ।
মোৰ নিজৰ গানৰ এলবাম আৰম্ভ কৰিছিলোঁ ১৯৯৯ চনত। সৰস্বতী কমিউনিকেচনৰ বেনাৰত মোৰ প্ৰথমখন ছ’ল’ এলবাম ওলাইছিল। তেওঁলোকৰ বেনাৰতে সাত বছৰমান একেৰাহে এখন এখনকৈ মোৰ গানৰ এলবাম ওলাইছিল। সেইবোৰৰ ভিতৰত আছে ‘প্ৰজাপতি’, ‘তৰালিৰ অনুভৱ’, ‘বৰগীত’, ‘তোমাৰ মৰমৰ কোন’, ‘পাৰবীন চুলতানাৰ গীত’ ইত্যাদি। নিজে সংগীত পৰিচালনা কৰা এলবাম সৰস্বতী কমিউনিকেচনৰ বেনাৰত ‘তোমাৰ মৰমৰ কোন’খনেই প্ৰথম আছিল। তাৰপিছত ২০০৮ চনত মোৰ নিজা প্ৰডাকচন হাউছ WINDSONGS Productionৰ বেনাৰত ‘মুকলি’ আৰু ২০১২ চনত ‘হেঙুলীয়া’ মুক্তি পাইছিল।

ফটাঢোল: পৰিৱৰ্তনৰ ঢৌয়ে আজিকালিৰ গানবোৰকো চুই গৈছে। বৰ্তমান সংগীতৰ প্ৰচলিত ধাৰাটোক লৈ আপুনি কি অনুভৱ কৰে?

তৰালি শৰ্মা: ইয়াত দুটা কথা আছে। প্ৰথম কথাটো হৈছে যে পৰিৱৰ্তন হ’বই, এটা বস্তু একেধৰণে কেতিয়াও নাথাকে। সময় গতিশীল যিহেতুকে সময়ৰ লগে লগে গোটেই পৃথিৱীখনৰ সংগীতৰ পৰিৱেশটোৱেই এতিয়া বহুত বেলেগ হৈ গৈছে। আচলতে, সংগীত বুলি নহয়। স্পৰ্টছে্ই ধৰক, আগতে ক্ৰিকেটত T20 নাছিল, এতিয়া তেনেধৰণৰ কথা কিছুমানো ক্ৰিকেটত আহিল। গতিকে পৰিৱৰ্তন হ’বই। অসমতো হৈছে। কিন্তু পৰিৱৰ্তন হওঁতে গুৰুত্বপূৰ্ণ কথা এইটো যে পৰিৱৰ্তনটো পজিটিভলী হৈছেনে নিগেটিভলী হৈছে। মই ভাবোঁ, অসমৰ সংগীত শিল্পীসকল, যিসকলে বৰ্তমান সময়ত গাই আছে, যিখিনি নতুন নতুন ল’ৰা-ছোৱালী, সাংঘাতিক প্ৰতিভাৱান। সেইটো স্বীকাৰ কৰিবই লাগিব। তেওঁলোকৰ ভইচৰ ৰেঞ্জৰপৰা, শব্দৰ স্পষ্টতাৰ পৰা, যিধৰণে গায় – সাংঘাতিক ভইচ, সাংঘাতিক টেলেণ্ট। সেয়া লাগিলে ল’ৰাই হওক বা ছোৱালীয়েই হওক। আনকি যিসকলে গান লিখি আছে, মই ভাবোঁ, তেওঁলোকৰো বহুত টেলেণ্ট আছে। কাৰণ তেওঁলোকে টেকনিকেলি এটা লিৰিক কি ধৰণে লিখিব লাগে, কোনটো শব্দৰ পিছত কোনটো শব্দ দিলে তাৰ ছিলেব’ল মিলি থাকিব, সেই টেকনিকেলিটিবিলাকো তেওঁলোকে জানে। সেইটো শিকি লৈ জানেনে তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে জানে মই নাজানো। কিন্তু সেইবোৰত খুউৱ ভাল। সমস্যাটো হৈছে কি যে এই গোটেইখিনি কৰিবলৈ যাওঁতে কৰ’বাত সৰু সৰু কথা কিছুমান তেওঁলোকে বোধকৰো নজৰ-আন্দাজ কৰি যায়, যিটোৰ কাৰণে খেলিমেলি কিছুমান হয়। যেনে, সাধনা এটা দৰকাৰী বস্তু। সাধনা মানে ঘৰত অনুশীলন কৰাটোৱেই নুবুজায় দেই, সাধনা অকল সেইটোৱেই নহয়। সাধনা মানে বহুত কিবাকিবি। ধৰি লওক, মই যে গান গাইছোঁ, মই কিয় গাওঁ.. এই গানটো মই কিহৰ কাৰণে গাম বা কাৰ কাৰণে গাম, সেই গানটো মই মোৰ নিজৰ কাৰণে গাম নে সমাজৰ কাৰণে গাম — এই কথাবোৰ ভাবিব লগা হয়। কাৰণ আজি কৰা কাম এটাই আজি ফল নিদিবও পাৰে, কিন্তু দহবছৰৰ পিছত সেইটো এটা হিষ্ট্ৰী হৈ যায় আৰু মানুহে এইবুলি মনত ৰাখে যে সেই সময়টোত সেই শিল্পীজনে সেই গানটো গাইছে। গতিকে শিল্পীসকলৰ মাজত সেই দায়বদ্ধতাটো আছে নে নাই আমি সেইটো চাব লাগিব। যিহেতু সেই দায়বদ্ধতাটো কম বহুখিনি ক্ষেত্ৰত, সাধনাও কম। আমাৰ প্ৰায়ভাগৰে এটা ধাৰণা যে অনুশীলন মানেই সাধনা। অনুশীলন মানেই সাধনা নহয় আচলতে। অনুশীলনটো হৈছে সাধনাৰ এটা অংশহে। সাধনা হৈছে গোটেই ছিষ্টেমটোক ভালদৰে জানি বুজি লৈ আগবঢ়া। সমাজৰ প্ৰতি যিটো মিনিমাম দায়বদ্ধতা থাকিব লাগে, সেইটো প্ৰত্যেকৰে থকাটো উচিত। এইখিনি যেতিয়াই বুজি পাব, তেতিয়াই এই কথাটো গম পোৱা হ’ব যে আচলতে গানবোৰ গালে মানুহে ভালপোৱা গানতকৈয়ো গোৱা গানটোৱে মানুহক চুব পাৰিব লাগিব। ‘চুই যোৱা’ মানে তাৰ অৰ্থ এইটো নহয় যে গানটো শুনি মানুহে নাচিব, সেই গানটোৱে মানুহৰ মনত এটা বেলেগকৈ আঁচ বহুৱাই যাবনে নাই সেইটোহে আচল কথা। গীতি সাহিত্যত যেতিয়া দহজন গীতিকাৰৰ গান আহিব, সেই গানটো তাত উল্লেখ কৰিব পৰা গান হৈছেনে হোৱা নাই বা সুৰটো উল্লেখ কৰিব পৰা হৈছেনে হোৱা নাই, সেইবোৰ মন কৰিবলগীয়া কথা। মানুহৰ ভাললগা দুই ধৰণৰ থাকে। তাৰ ভিতৰত এটা হৈছে মানুহে স্ফূৰ্তি কৰি ভাল পায়, গতিকে সেই স্ফূৰ্তিটো গানটো যিকোনো ধৰণৰ হ’ব পাৰে। কিন্তু সেই গানটো সমাজত উলিয়াই দিয়া উচিতনে অনুচিত — সেই কথাবোৰ যেতিয়া চালি-জাৰি চাব, তেতিয়া নতুনচামেও বহুখিনি আগবাঢ়ি যাব। কাৰণ এতিয়া অসমৰ পৰিস্থিতিটো মই ভাবোঁ, সংগীত মানেই পইচা পায়, সংগীত মানেই গ্লেমাৰ — এনেকুৱা ধৰণৰ মানসিকতা এটা গঢ় লৈ উঠিছে, যিটো বহুত নিগেটিভ। কিন্তু তাৰ কাৰণে অকল শিল্পীসকল বা গাই থকা মানুহখিনিক দোষ দিলেই নহ’ব। এজন মানুহে বা এজন ল’ৰাই যদি গান এটা গায়, গানটোৰ লিৰিকো কিবা ধৰণৰ, সুৰো কিবা ধৰণৰ আৰু সেইটো সাংঘাতিক ধৰণে হিটো হয়, তেতিয়া মানুহজনক বা ল’ৰাজনক যেতিয়া দহখন মঞ্চত গাবলৈ মাতে, তাত অকল এজনৰ দোষ নহয়, গোটেই ছিষ্টেমটোৱে ইয়াত পাক খাই আছে। এটাৰ পিছত এটা খোল খাবলৈ হ’লে সেই সজাগতাটো প্ৰত্যেকৰে মাজত জাগি উঠিব লাগিব — কি দৰ্শক, কি ঘৰ, কি লিৰিচিষ্ট, কি গায়ক, কি মিউজিক বনোৱা মানুহখিনি। তেতিয়াহে পৰিৱেশটো ভাল হ’ব। কিন্তু পজিটিভ কথা এইটোৱেই যে আজিকালিৰ গায়ক, লিৰিচিষ্ট, তেওঁলোক সঁচা অৰ্থত আমি আশা কৰিব পৰা ধৰণৰ লোক। মাত্ৰ তেওঁলোকক ৰাস্তাটো দেখুৱাব লাগে। কোনটো ৰাস্তাৰে গ’লে ধুনীয়া গীত সৃষ্টি হয়, সেই সঠিক পথটো আমি দেখুৱাই দিব লাগে খালি।

ফটাঢোল- আমি জানিব খুজিছোঁ, আপুনিতো গানৰ ক্ষেত্ৰখনত সৰুৰে পৰা জড়িত। যদি কেনেবাকৈ গান নাগালে হয় তেনেহলে আপুনি কি হ’লহেতেন?

তৰালি শৰ্মা- মই শিক্ষাৰ লাইনত গ’লোহেঁতেন ল’ৰা ছোৱালীক শিকালোহেঁ‌তেন সেইটো এটা option। মই Teaching লাইনত গ’লোহেঁতেন আৰু নহ’লে ট্ৰেভেল কৰিলোহেঁতেন ট্ৰেভেল এতিয়াও ভাল পাওঁ, এতিয়া বাৰু কামৰ কাৰণে নোৱাৰোঁ তেতিয়া এনেই দেশ বিদেশ ঘূৰিলোহেঁ‌তেন, লিখিলোহেঁতেন ট্ৰেভেল-ষ্টৰীবোৰ।

ফটাঢোল- আপুনি লিখামেলা কৰে?

তৰালি শৰ্মা- লিখি-মেলি ভালপাওঁ, ইমান বেছি নহয় বা সময়ো নাপাওঁ তথাপি নিজৰ ভাল লগাবোৰ লিখি ভাল লাগে।

ফটাঢোল- আপোনাৰ প্ৰিয় কণ্ঠশিল্পী?

তৰালি শৰ্মা- লতা মংগেশকাৰ একদম প্রিয়। তাৰ পিছত হেমলতাক ভাল পাওঁ, মান্না দে’ক ভাল পাওঁ, য়েচু দাসক ভাল পাওঁ, নতুনখিনিৰ ভিতৰত মই অৰিজিতক খুব ভাল পাওঁ আৰু বেছি ভাল পাওঁ আমানত আলী খান তেওঁৰ গান খুব ভাল পাওঁ।

ফটাঢোল- অসমীয়াৰ ভিতৰত?

তৰালি শৰ্মা- দীপালি বৰঠাকুৰ বাইদেউ অল টাইম ফেভাৰেট তেখেতক খুব ভাল পাওঁ। পুলক বেনাৰ্জীক খুব ভাল পাওঁ। একদম প্ৰিয়ৰ ভিতৰত তেওঁলোক দুয়ো প্রিয়।

ফটাঢোল- আৰু নতুন চামৰ মানে আজিকালি যিবোৰ চিংগাৰ ওলাইছে?

তৰালি শৰ্মা- আজিকালিৰ সকলোৰে কিবা নহয় কিবা ভাল লাগে, জুবিন গাৰ্গৰ মাতটো বিৰাট ভাল পাওঁ, পাপনৰ lowটো খুব ভাল লাগে।

ফটাঢোল- আৰু বেলেগ?

তৰালি শৰ্মা – সীমান্ত শেখৰক ভাল লাগে, সীমান্তৰ Expression তেনেকুৱা Expression বিশেষকৈ Love Song খুব কম সংখ্যক শিল্পীয়ে তেনে Expression দিব পাৰে। সীমান্তই মোৰ বহুত গান গাইছে। Expression খুব বেছি ভাল পাওঁ, বাকী ফিমেলৰ ভিতৰত আটাইতকৈ প্ৰমিছিং সুবাসনা দত্ত, তাই খুব ভাল গায়, ভিতালীবায়ে বিহু গালেহে মোৰ বিহু বিহু লাগে।

ফটাঢোল – তথাপিও এনেকুৱা ভাবে নেকি পুৰুষৰ যিমান আমাৰ লাইন আপ আছে চিংগাৰৰ ক্ষেত্ৰত মহিলাৰ সংখ্যা কম নেকি তেনেক্ষেত্ৰত?

তৰালি শৰ্মা- আপোনাৰ এই প্ৰশ্নটো মই উদাহৰণৰে দিওঁ। যেতিয়া এলবামৰ যুগ আছিল তেতিয়া এখন দুখন এলবাম ৰিলিজ হয়, জুবিন গাৰ্গৰে হওক তেনেকুৱা এখন এলবাম ৰিলিজ হ’লে ৭৫-৮0 হাজাৰ পাৰ কৰে ৰিলিজ দিয়াৰ লগে লগে। ৭৫-৮0 হাজাৰ যেতিয়া হয় তেতিয়া সেই এলবামখন প্রদিওচাৰ, ডিষ্ট্ৰিবিউটৰসকলে চুপাৰ হিট বুলি কয়। কিন্তু ফিমেল এলবাম এটা, মোৰ যেতিয়া প্ৰথম এলবাম ১৯৯৯ চনত ‘অভিমানী’ ৰিলিজ হৈছিল তেতিয়া সেই এলবামটো প্ৰথম ডেৰ মাহত ১৮ হাজাৰ বিক্ৰী হৈছিল। তেতিয়া সেই এলবামটো চুপাৰ হিট বুলি ঘোষণা কৰিছিল। গতিকে কথাটো তেনেকুৱা। পুৰুষৰ ৭৫ আৰু মহিলাৰ ১৮ হাজাৰ হ’লেও চুপাৰ হিট। কাৰণ মহিলাৰ এলবাম এটা ১৮ হাজাৰ বিক্ৰী হোৱাটোও বহুত ডাঙৰ কথা, সেইটো চুপাৰ হিট বুলি সেইবাবে কয়। Exceptional কিছুমান আছে যেনে লতা মংগেশকাৰ। তেওঁ এতিয়া না বিক্ৰী গণনা কৰে, তেওঁৰ নামটোৱে যথেষ্ট, গতিকে তেওঁ ক’তো কাউণ্ট নহয়, তেওঁ সুকীয়া। এনেকুৱা নহয় যে ফিমেল চিংগাৰ নাই, এজন মেল চিংগাৰে যেনেকৈয়ে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে তেওঁ ওলাই যাব পাৰে, গান গাব পাৰে ৰাতিয়েই হওক বা দিনতে হওক মানুহে তেনেকৈ আঁকোৱালি লয়। কিন্তু ফিমেল চিংগাৰৰ ক্ষেত্ৰত সেইখিনি গ্ৰহণ কৰিবলৈ সমাজখনৰ এতিয়াও বহুত অসুবিধা।

ফটাঢোল- অসমতে আপুনি চাওক, যদি গায়কৰ আমি তুলনা কৰোঁ এতিয়া তৰালি শৰ্মা হিচাপে আপুনি বহুত Established বুলি আমি ভাবোঁ, ৰাইজেও হয়তো ভাবে তেনেকৈ, সেইটো লেভেলত সিমান ফিমেল চিংগাৰ অসমত নাই যেন লাগে, নাই মানে কি হয়তো বহুত আগবাঢ়িব পৰা নাই, গতিকে সংগীত ক্ষেত্ৰখন অলপ Male dominated বুলি ভাবে নেকি?

তৰালি শৰ্মা- সেইটো নহয়, কিন্তু মোৰ মতে মহিলাৰ লাইন-আপটো যথেষ্ট শক্তিশালী, প্ৰথম কথা মই ফেমিনিষ্ট নহয় সেইটো ক্লিয়াৰ কৰি দিওঁ। তথাপিতো এনেকুৱা নহয় male-dominated industry বুলি মই নাভাবোঁ কাৰণ সেই industryত মই কাম কৰি আছোঁ। কথাটো ডমিনেছন নহয় কথাটো হৈছে দেদিকেচনৰ, পুৰুষ হওক বা মহিলাই হওক এজন মেল চিংগাৰে তেওঁ যিয়ে নহওক কিয় তেওঁ দিনৰে পৰা ৰাতিলৈকে গানক লৈ ঘূৰি থাকে, তেওঁ কি কৰিছে তাৰ পাৰছনেল চেপ্তাৰটো বেলেগ। কিন্তু গান লৈ ঘূৰি ফুৰিছে, ইয়াতে গৈছে, তাতে গৈছে, ভাল গান গাইছে, বেয়া গান গাইছে, মানুহৰ গালিও খাইছে, মানুহৰ বাঃ বাঃও পাইছে, তেওঁ নিজকে গানৰ নামত উছৰ্গা কৰি দিছে। গানৰ নামত উছৰ্গা কৰিব ফিমেল চিংগাৰ এজনীয়ে পতকৈ নোৱাৰে। তেওঁৰ সেই দেদিকেচনটো সমাজখনে হওক, ঘৰখনেই হওক, নিজৰ মনটোৱে হওক, স্বাধীনতা নিদিয়ে। গতিকে মই ভাবোঁ‌ ডমিনেছনৰ কথা নহয় দেদিকেচনৰ কথা। যিয়ে দেদিকেটেদলি কাম কৰিব, যেনেকৈ বৰষা ৰাণী বিষয়া , প্ৰস্তুতি পৰাশৰৰ কথা কওঁ they are dominating, তেওঁলোক সেই artটোৰ বাবে। তেওঁলোকে কিমান ভাল চিনেমা কৰিছে সেইটো বেলেগ অধ্যায়, সেইটো বেলেগকৈ পৰ্য্যালোচনা হ’ব। এই যে তেওঁলোকে কৰিব পাৰিছে, তেওঁলোকৰ এশ শতাংশ dedication আছে। তেওঁলোকৰ artটোত। গতিকে মই ভাবো It’s not about domination, it’s about dedication.

ফটাঢোল:- অকমান ব্যক্তিগত জীৱনৰ বিষয়ে সোধোঁ, আপোনাৰ কেতিয়া বিয়া হৈছিল? কেনেকৈ হৈছিল? কেনেকৈ তেখেতক লগ পালে? অকণমান ক’ব নেকি?

তৰালি শৰ্মা :-বিয়া ২০০৬ চনত হৈছিল, ১ ডিচেম্বৰত আৰু…এইটো কেতিয়াও ক’তো reveal কৰা নাই, বিয়াৰ বিষয়ে, তাৰিখটো বা স্বামীৰ কথা কৈছোঁ যদিও ষ্ট’ৰিটো reveal কৰা নাই। সেইকাৰণে অলপকৈ কৈ থৈ দিওঁ, তেওঁ মোৰ বন্ধু, খুউৱ ভাল বন্ধু আছিল। আমি একেলগে এটা গ্ৰুপত একেলগে ঘূৰি ফুৰোঁ। গতিকে জীৱনত কেতিয়াও ভবা নাছিলোঁ যে মোৰ বিৰাট ভাল বন্ধুজনকে মই বিয়া কৰাম। ঘৰত হঠাৎ কথাটো ওলাল, ভণ্টীহঁ‌তে কথাই কথাই কয়, তেতিয়া বিয়াৰ কথা চলি আছে। এজন ব্ৰাহ্মণ ল’ৰা, আৰু মোৰ কথাবোৰ অলপ আগতে বেলেগ আছিল। মই ভাবিছিলোঁ‌ যে সংগীতৰ লগত মই থাকিম। মাংস ভাত নাখাব পাৰোঁ, দাইল ভাত খাই হ’লেও জীয়াই থাকিম,…সেই confidenceটো নিজৰ আছিল। ল’ৰাজন খালী ভাল হ’ব লাগে। যাৰ লগত মই স্বামীতকৈও বেছি বন্ধু হিচাপেহে মই দিনবোৰ কটাব পাৰোঁ‌। আৰু আমাৰ একেখিনি কথাই মোৰ ঘৰৰ পৰা মোৰ ভণ্টীহঁ‌তে জিন্টুক, মোৰ husbandক মানে কথাই কথাই কৈছিল। মোৰ কাৰণে যথেষ্ট আচৰিত আছিল কথাটো, মা আৰু দেউতাই মিলিও কথা পাতিলে যে, “তোমাৰ গোটেই কথাখিনি জিন্তুৰ মিলি আছেচোন।” ইফালে একেলগে ঘূৰিয়েই ফুৰোঁ আমি, ভাল বন্ধুও অৱশ্যে অলপ খঙো উঠিছিল দেউতাৰ মুখৰ আগত, কেনেকে ভাবিব পাৰিলা ইমান, ইমান ভাল বন্ধু এজনৰ বিষয়ে তেনেকৈ। কিন্তু পিছত জিন্তু ঘৰলৈ আহিলে মোৰ লাজ লগা হ’ল অলপ। নিজে ভবা নাছিলোঁ, বেলেগে কৈ থাকে..ইটো সিটো কৈ থকা হ’ল। একেখিনি সময়তে তেওঁলোকৰ ঘৰতো, জিন্তুক কৈ থাকে যে তৰালি বৰ মৰমলগা ছোৱালী, তেনেকৈয়ে চাৰিওফালৰ পৰা মিলি আহিছিল। তেনেকৈয়ে আমাৰ বিয়াখন হোৱা আৰু ভগৱানৰ কৃপাত আজিৰ দিনটোলৈকে, ভগৱানৰ আশীৰ্বাদ যে মানে মই বিৰাট lucky যে মোৰ best friendজনেই মোৰ husband আজিৰ দিনতো। আৰু এটা plus-point এইটো হ’ল যে মই emotional sideৰ musicৰ লগত জড়িত। মোৰ গান আবেগৰ লগত, সংগীতৰ আবেগিক যিটো part, creativityৰ লগত জড়িত। মই create কৰোঁ বা গান গাওঁ আবেগৰ লগত আৰু জিন্তু technical partটোৰ লগত জড়িত, তেওঁ record কৰে। গানটোত মাতটো ঠিকেই ওলাইছেনে নাই, সকলোবোৰ ঠিকে আছে নে নাই, সেইবোৰ চায়। গতিকে complementing each other professionally also…এইটো মানে পূণ্য কৰিছিলোঁ‌ কোনোবাটো জনমত চাগে, সেইকাৰণে তেনেকৈ মিলি আছে।

ফটাঢোল:-এনেই কেতিয়াবা কাজিয়া চাজিয়া লাগেনে?

তৰালি শৰ্মা:- কাজিয়া হয়, নহব’নো কিয়? কিন্তু জিন্তু একদম খং নাইকিয়া ল’ৰা এটা, আৰু মোৰো খং নাই। কিন্তু পতককৈ কেতিয়াবা সৰু কথাতেই উঠে ভমক…এই…পতকৈ উঠে আৰু পতকৈ নাইকিয়া হৈ যায়।

ফটাঢোল:- আজিকালি বিতৰ্ক কিছুমান সৃষ্টি কৰি যে পাব্লিচিটী হৈ যায়, এই যে বিতৰ্ক সৃষ্টি কৰি মানুহবোৰক উঠাই দিয়ে, এনেধৰণৰ কথাবোৰে আমাক কেনেধৰণৰে প্ৰভাৱান্বিত কৰিছে বুলি ভাবে?

তৰালি শৰ্মা:- প্ৰথম কথা মই বিতৰ্ক কথাটোত একেবাৰে বিশ্বাস নকৰোঁ। প্ৰথম কথা হৈছে বিতৰ্ক মানেই সময় নষ্ট আৰু বিতৰ্ক কৰাৰ লগে লগে যিকোনো এটা গান জনপ্ৰিয় হ’ব পাৰে। কিন্তু কথা হ’ল ভালটো ভালেই। বিতৰ্ক কৰা কাৰণে হয়তো কোনোবা এটা গান অথবা কোনোবা এজন Singer famous হ’ব পাৰে কিন্তু তেওঁক টিকি থাকিবৰ কাৰণে সেইটোৱে কামত নিদিয়ে। আমি যেতিয়া যিকোনো কথা এটাত কাজিয়া কৰোঁ‌ বা হুলস্থূল কৰোঁ‌, কাজিয়া কৰাৰ লগে লগে তেতিয়া গোটেই কথাটোৱেই বেলেগ হৈ যায়। গতিকে মই ভাবো বিতৰ্ক সময় নষ্টৰ বাদে বেলেগ একোৱেই হ’ব নোৱাৰে। সেইটোৱে কাৰোৰে একো কামত নিদিয়ে। সময় যেতিয়া থাকে, মানুহৰ, বয়স যেতিয়া কম হৈ থাকে তেতিয়া এই কথাবোৰ গুৰুত্বপূৰ্ণ যেন লাগে। লাহে লাহে যেতিয়া maturity আহি যায় তেতিয়া গম পায় যে এইটো বহুত সৰু কথা। পৃথিৱীখন তাৰ ওপৰত বহুত বেছি, সংগীত তাৰ ওপৰত বহুত বেছি এটা গন্ধৰ্ব বিদ্যা। তাৰ শক্তি ভগৱানৰ লগত জড়িত। এইটো বিতৰ্কৰ লগত জড়িত নহয়। গতিকে বিতৰ্ক অনৰ্থক বুলি ভাবোঁ। বিতৰ্ক কৰি একোৱেই লাভ নাই আৰু সমাজখনৰ ক্ষতি হয়। এটা বিতৰ্কই সমাজখনৰ ক্ষতি কৰে। বিতৰ্ক মানে যদি constructive criticism হয় সেইটো বেলেগ কথা। আমাৰ ইয়াতে সাধাৰণতে criticism কি হয় মই যিমানখিনি দেখি আছো criticism বুলি personal opinion দিয়ে। যিকোনো শিল্পীৰ গান বা মোৰ গান কোনোবাই ভাল পাব পাৰে আৰু কোনোবাই বেয়া পাব পাৰে সেইটো স্বাভাৱিক কথা। কাৰোবাৰ পছন্দৰ লগত মিলিছে সেইটো ভাল পায় আৰু কাৰোবাৰ পছন্দৰ লগত মিলা নাই সেইটো বেয়া পায়। সেইটো criticism নহয়, সেইটো এটা remarkহে, personal remark। constructive criticism একদম বেলেগ কথা যে মোক কোনোবাই আঙুলিয়াই দিছে যে তৰালি এই বস্তুটো ঠিক হৈ থকা নাই, এইটো এনেকৈ কৰিলে বেছি ভাল হয় নেকি। তেতিয়া মই কথাটো চিন্তা কৰি চাম। সেইটোৱে যদি মোক মাৰি পেলায় যে এই তৰালি এইটো বেয়া হৈছে তেতিয়া শিল্পীজনকো মাৰি পেলাব পাৰে। সেইটো এটা বেলেগ chapter। সেইটো ভবা উচিত। বিতৰ্ক যে এনেই কৰাটো শিল্পীজনৰো ক্ষতি, সেই গানটোৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিৰো ক্ষতি, সমাজখনৰো ক্ষতি। তেওঁলোকে যে অলাগতিয়াল কথা এটাত সময় নষ্ট কৰিলে, মানে তেনে কৰিলে পিছুৱাই যায় সকলোবোৰ।


ফটাঢোল:-আপুনিতো অসম বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বা বাহিৰতো যেনে Colorado, Pennsylvania, এনেকুৱা বহুতো জেগাত perform কৰিছে। মই আপোনাৰ wikipedia Pageটোত চাই আহিছিলোঁ‌। এনেদৰে program কৰোঁ‌তে এনেকুৱা কিবা মনত থকা incident আছে নেকি?

তৰালি শৰ্মা:- Incident আছে। সৰু ডাঙৰ incident হৈয়েই থাকে। প্ৰত্যেকটো incidentৰ পৰা কিবা শিকোঁ‌, কিবা লাভ হয়, সৃষ্টি হয়।

তথাপিও কিবা familiar সাঁচ বহুৱাব পৰা (ফটাঢোল)

তৰালি শৰ্মা:- সাঁচ বহুৱাব পৰা দুটা কথা কওঁ বাৰু। এখন একদম সৰু জেগা। বহুত অনুষ্ঠান কৰিছোঁ‌ যদিও এবাৰ শিৱসাগৰৰ এখন সৰু জেগাত আমি বিহু program কৰিবলৈ গৈছিলোঁ। বিহু program কৰিবলৈ যাওঁতে আমি বেলেগ এটা জেগাৰ পৰা ডিব্ৰুগড়নে ক’ৰবাৰপৰা আহি শিৱসাগৰৰ চাৰ্কিট হাউচত আছোঁ আৰু ৰাতিলৈকে show কৰিছোঁ। মা তেতিয়া মোৰ লগত travel কৰে। মা আৰু মই ৰাতিপুৱা শুই উঠিছোঁ ৯.৩০মান বজাত। উঠি পেলাই আমাক চাহ দিছে বাহিৰতে বহি চাহ খাইছোঁ। এজন ল’ৰা দেখিছোঁ বাৰে বাৰে আমাৰ ওচৰলৈ আহিবলৈ বিচাৰি আছে আৰু তাৰে মানুহজনে আহিবলৈ দিয়া নাই। ল’ৰাজন দেখিয়েই আছোঁ, তিনি চাৰিবাৰমান দেখি আছোঁ মোৰ মনত থাকি গৈছে। ৰাতি যেতিয়া program কৰিবলৈ গৈছোঁ চাৰি পাঁচটামান গান গোৱাৰ পিছত এটা হুলস্থুলৰ সৃষ্টি হৈছে। মই ষ্টেজৰ পৰাই দেখিছোঁ যে এচামে মানে কাৰোবাক মোটামুটি মৰাৰ নিচিনাই। কি হৈছে বুলি মই program ৰখাইলৈ চাওঁ যে সেই ল’ৰাজন। কি হৈছে বুলি কওঁতে সি তাৰপৰাই চিঞৰি কয় যে মোৰ আপোনাৰ লগত কথা আছে। মই program ৰখাই দিলোঁ আৰু তেওঁ‌ক সুধিলোঁ “কি কথা কওঁক।” তেওঁ ক’লে যে বিশেষ কথা এটা আছে মই লগ ধৰিব লাগে। মই তেওঁক ক’লো, “programটো কৰি লওঁ তাৰপিছত লগ কৰিম।” মই কমিটিৰ মানুহক ক’লোঁ যে তেওঁক বহাই দিয়ক ভালকৈ প্ৰগ্ৰেমৰ পিছত লগ পাম। প্ৰগ্ৰেম হৈ গ’ল, হৈ যোৱাৰ পিছত ল’ৰাজন আহিল, মই সুধিলোঁ “কি হ’ল কথাটো?” ল’ৰাজনে ক’লে, “মই ৰাতিপুৱা আপোনাক বিচাৰিছিলোঁ‌, মোৰ মায়ে আপোনাক চাব বিচাৰিছে। মাৰ গাটো ভাল নহয়। আপুনি যাব নেকি মাক চাবলৈ?” মই সুধিলোঁ, “ইয়াৰপৰা কিমান দূৰ ঘৰটো?” সি ক’লে যে ইয়াৰপৰা বেছি দূৰ নহয় ঘৰটো দুমাইলমান হ’ব। ৰাস্তাটো বেয়া খালী। মই হ’ব বুলি ক’লোঁ। গাড়ী এখনলৈ কমিটিৰ তিনিজনমান ব্যক্তিলৈ গ’লো ঘৰটোলৈ। একদম সাধাৰণ টিঙৰ ঘৰ এটা ড্ৰয়িংৰূমটোত মাত্ৰ দুখনেই চকী। ড্ৰয়িংৰূমটো cross কৰি ভিতৰলৈ দেখিছোঁ, নেক্সট ৰূমত মাক শুই আছে, বিৰাট গা বেয়া। ল’ৰাটোৱে ক’লে, আপোনাক আচলতে মায়ে বিৰাট ভাল পায় আৰু মায়ে মানে আপোনাক চাবলৈ বিচাৰি আছিলে। ল’ৰাটোৰ কথাখিনিয়ে মোক ক’ৰবাত ইমানকৈ চুইছে। মানে ল’ৰাটোৰ মাকৰ প্ৰতি যিটো মৰম আন্তৰিকতা! মই মাকক ভৰি চুই সেৱা কৰিলোঁ, খবৰ ল’লো আৰু অলপ পইচা দিলোঁ। সি নলওঁ নলওঁকৈ ল’লে। মই কৈছোঁ আজিৰ দিনটোত যিটো প্ৰগ্ৰেম কৰিলোঁ‌ মানুহে ইমান ভাল পাইছে প্ৰগ্ৰেমটো। কিন্তু তাতোকৈ ডাঙৰ উপহাৰ এইটোৱেই যে আজি এগৰাকী মহিলাৰ ইমান বেমাৰ, তেওঁ চাব বিচাৰিছে আৰু মই তেওঁক দেখা দিব পাৰিছোঁ। মই ল’ৰাটোকো ধন্যবাদ দিলোঁ। সেইটো মোৰ মনত থাকি যোৱা incident এটা।

আৰু এবাৰ কানাডাত ‘তৰালি শৰ্মা নাইট’ কৰিছিলোঁ‌ কেইবাবছৰৰ আগতে। তাৰে অসমীয়া মানুহ জীৱেশ্বৰ তালুকদাৰ, উমা তালুকদাৰ তেওঁলোকে মিলি ‘তৰালি শৰ্মা নাইট’ কৰিছিল। আচলতে মই সেইটো প্ৰগ্ৰেমৰ কাৰণে যোৱা নাছিলোঁ। মই বেলেগ জেগাত গৈছিলোঁ প্ৰগ্ৰেমৰ কাৰণে। কিন্তু অসমীয়া দুই তিনিঘৰ মানুহে মিলি ক’লে যে আমি কানাডাৰ মেইন জেগাতে Torontoত ‘তৰালি শৰ্মা নাইট’ কৰিব বিচাৰিছোঁ, আপুনি কৰিব পাৰিব নেকি? ‘তৰালি শৰ্মা নাইট’ বুলিয়েই কৰিম। মইও হ’ব বুলি ক’লো আৰু adjust কৰি তালৈকে গ’লো। বাহিৰৰ দেশত এনে প্ৰগ্ৰেম কৰিছোঁ, মই নিজেও প্ৰগ্ৰেম কৰিছোঁ কিন্তু বাহিৰৰ বেলেগ এখন দেশত ‘তৰালি শৰ্মা নাইট’ বুলি, ইমানসোপা মানুহৰ লগতে তেওঁলোকৰ মানুহৰ আগত অসমীয়া গানবোৰ গাইছোঁ। মিউজিচিয়ান কোনো নাই। মই নিজেই গানটোৰ meaning কৈ গাইছোঁ। বৰগীতৰ বিষয়ে কৈ গাইছোঁ। মানুহখিনিৰ যি উৎসাহ সেইটো ভাবি বিৰাট ভাল লাগিছিল। বেলেগ এখন দেশত ‘তৰালি শৰ্মা নাইট’ এই কথাটোৱে বৰ মনত থাকি যাব সদায়।

ফটাঢোল:- আপুনি আমাৰটো অসমীয়া গান বহুত গালে, হিন্দী বা অন্য ভাষাত গান গাইছে নেকি?

তৰালি শৰ্মা:- মই বেংগলী ভাষাত গাইছোঁ‌, উড়িয়া, হিন্দী আৰু উৰ্দু। (সেইটো মানে এনেই এলবাম নে ফিল্ম: ফটাঢোল)

বেংগলী short film এখনৰ কাৰণে গাইছিলোঁ। বাংলাদেশৰ short film ‘আমিতোকে তাকাই’ বুলি কয়। তাতে গান গাইছিলোঁ, তাৰে মানুহে উলিয়াইছিল। উড়িয়া পূজাৰ সময়ৰ এলবাম এখনৰ কাৰণে approach কৰিছিল। তেওঁলোকৰ উড়িয়া গানো গাইছোঁ। হিন্দী অৱশ্যে গাইছোঁ‌ অ’ত ত’ত। হিন্দী “লেটচ ডান্স” বুলি। আৰিফ শ্বেইখ, তেওঁ হৈছে ভাৰতৰ বিখ্যাত এডিটৰ, তেওঁ দেবাংগ পাণ্ডে, চময় এনেকুৱা ধৰণৰ চিনেমাবোৰ এডিট কৰিছে। তেওঁৰ প্ৰথম directional venture ‘let’s dance’ বুলি প্ৰথম ডিৰেক্ট কৰিছিল, তাত মোক তেওঁ গান গাবলৈ approach কৰিছিল।সেইখনত background music কৰিছিলোঁ। তাত voice আছিল মোৰ, গান চান সৰু-সুৰাকৈ গাইছিলোঁ মই।

ফটাঢোল:-মানুহৰ জীৱনত যেনেকৈ গান, যেনেকৈ হাঁহি স্ফূৰ্তিৰো বিৰাট এটা প্ৰয়োজন, সেই বিষয়ত আপুনি কি ক’ব?

তৰালি শৰ্মা- হাঁহি ন’হলে কেনেকৈ হ’ব। হাঁহিবোৰ বিলাই যাব লাগে মানে। যিয়েই নহওক কিয়‌ আমাৰ এতিয়া যিখন পৃথিৱী হৈছে তাত মানে সৱ বস্তু পায়। আশা-আকাংক্ষাবোৰ প্ৰত্যেক মানুহৰে থাকে। প্ৰত্যেকৰে ঘৰ লাগে, মাটি লাগে, বচৰ ওপৰত যাবলৈ লাগে, এইবাৰ ইনক্ৰিমেন্টটো হ’বনে নাই কথাবোৰ তেনেকুৱা ধৰণৰ হৈ থাকে, মা-দেউতাৰ বেমাৰ, অন্যান্য। কিন্তু তাৰোপৰি কিছুমান বেলেগ বস্তু থাকে যিটো আপুনি পইচাৰে কিনিব নোৱাৰে। কিন্তু যিয়েই আপোনাক জীয়াই থাকিবলৈ আটাইতকৈ বেছি প্ৰেৰণা দিয়ে। তাৰ ভিতৰত হাঁহি এটা, তাৰ ভিতৰত মৰম এটা। যদি হাঁহিয়েই নাথকে, মৰমেই নাথাকে তেন্তে জীয়াই থাকি কি লাভ। পইচা পালে কি হ’ল লগতটো লৈ নাযায়। গতিকে সেই দুটা বস্তু আটাইতকৈ গুৰুত্বপূৰ্ণ। মই কৈ থাকোঁ‌ যে জীৱন তই যিমানেই দুখ দিয় তথাপিও মই তোক ভালপাওঁ অ’ জীৱন। দুখবোৰ তই দি যা, কিন্তু মই হা‍ঁহিবোৰ বিলাই যাম। মোৰ সৰগ মোক চকুপানীৰে উপচাই দে, মই তাতে সৰগ বিচাৰি ল’ম। কথাটো তেনেকুৱা ধৰণৰ। গতিকে হাঁহিৰ অবিহনে জীৱন হ’ব নোৱাৰে মানে জীৱনটো ধুনীয়া হ’ব নোৱাৰে। আৰু হাঁহি থাকিবলৈ মানুহৰ মনত মৰম থাকিব লাগিব। এই দুটা যিয়েই মানি চলে তেওঁ যিকোনো পৰিস্থিতিৰে সন্মুখীন হ’ব পাৰিব।

ফটাঢোল:-শেষৰ প্ৰশ্নটোলৈ আহিছোঁ‌। আপুনি এগৰাকী ইমান বিখ্যাত গায়িকা,পৃথিবীৰ চাৰিওফালে ঘূৰি-পকি আহিছে, আপুনি কেতিয়াবা ভাবিছিলনে অলকেশ ভাগৱতী আৰু হেমন্ত কাকতি আহি আপোনাৰ সাক্ষাৎকাৰ ল’ব?

তৰালি শৰ্মা:-(হাঁহি হাঁহি) বিৰাট ৰসিক আৰু best question দেই। প্ৰথম কথা হৈছে মই বিখ্যাত নহয় আৰু ডাঙৰ চিংগাৰো নহয়। মই গানৰ লগত জড়িত। মই গান ভাল পাওঁ। সংগীতৰ মই আজন্ম প্ৰেমিকা। গতিকে গানৰ লগত থাকি ভালপাওঁ, কিন্তু বিখ্যাত নহয়। আপুনি মোৰ গান ভাল পাইছে সেইটো মোৰ সৌভাগ্যৰ কথা যে কোনোবাই মোৰ গান ভাল পাইছে। গান ভাল পাই দুজন মানুহ এজনী ভনীয়েকৰ লগত আহিছে কথাকেইটা সুধিছে, কৃতজ্ঞ হৈ ৰ’লো।

ফটাঢোল:-ধন্যবাদ, আপোনাৰ ব্যস্ততাৰ মাজৰ পৰা অলপ বহুমূলীয়া সময় ফটাঢোলৰ বাবে দিয়াৰ বাবে আমিও কৃতজ্ঞতা জনাইছোঁ। আপুনি আৰু গান গাই আমাৰ মাজত থাকক, আপোনাৰ পৰিকল্পনাবোৰ সফল হওক, তাকে কামনা কৰি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।

☆★☆★☆

22 Comments

  • ৰূপাঞ্জলী

    বৰ ভাল লাগিল।

    Reply
    • কঙ্কণ গোস্বামী

      সৰলতাই মানুহক মহান কৰে। তৰালী বাইদেউৰ গীতবোৰ সঁচাকৈয়ে সুন্দৰ।

      Reply
  • Rintumoni Dutta

    প্ৰিয় গায়িকা গৰাকীৰ বিষয়ে বহুত কথা জানিব পাৰি খুব ভাল লাগিল। সদায় এবাৰ্কৈ শুনা গান এটা – আহিবা তুমি দুপৰ নিশা।

    তেখেতৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলো

    Reply
  • বৰ ভাল লাগিল সাক্ষাৎকাৰটো পঢ়ি। বিশেষকৈ লৰা জনৰ মাকক দেখা দিব যোৱা তৰালী শৰ্মাক ধন্যবাদ।

    Reply
  • Asomi Gogoi

    অতি সুন্দৰ সাক্ষাৎকাৰ। বহুত কথা জানিলো।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    অতি সুন্দৰ।প্ৰিয় শিল্পী গৰাকীৰ মানৱীয়তাৰ নিদৰ্শন দিয়া ঘটনা টো পঢ়ি আৰু বেছি শ্ৰদ্ধা আহিল তেওঁৰ প্ৰতি।

    Reply
  • Sweet lena Das

    প্রিয় গায়িকা, তেওঁৰ বিষয়ে জানি ভালপালো।

    Reply
  • Mridula

    বৰ ভাল লাগিল । বহুতো কথা জানিব পাৰিলো ।

    Reply
  • Nilakshi kakati

    তেওঁ মোৰো প্ৰিয় গায়িকা৷বহু কথাই জানিব পাৰিলো৷ভাল লাগিল

    Reply
  • Suntu

    ভাল লাগিল

    Reply
  • Bikash

    ভাল লাগিল

    Reply
  • অনুৰূপ মহন্ত

    প্রিয় গায়িকা গৰাকীৰ বিষয়ে ইমান খিনি কথা জানিব পাৰি বৰ ভাল লাগিল। বিশেষ কৈ তেখেতৰ প্ৰথমটো স্মৰণীয় মুহূৰ্তৰ বিষয়ে জানিব পাৰি তেখেতৰ প্ৰতি শ্ৰদ্ধা আৰু বাঢ়িল।

    Reply
  • গৌৰীশংকৰ শৰ্মা

    প্ৰিয় গায়িকা গৰাকীৰ বিষয়ে নজনা নুশুনা বহুত কথা জানিলোঁ৷ ভাল লাগিল৷
    কথা এটা মনত পৰি গ’ল৷ হিমজ্যোতিৰ আমন্ত্ৰণক্ৰমে “মাৰ্কশ্বিট“ চিনেমাখনৰ প্ৰিমিয়াৰ শ্ব’ চাবলৈ যাওঁতে, যেতিয়া জিন্স আৰু টপ পিন্ধা খোলা চুলিৰে সৈতে তৰালী বাইদেৱে স্বাগতম জনাইছিল, সৰু ছোৱালীৰ দৰে দেখাত তৰালী বাক চিনি নাপাই কোন বুলি সুধি পেলাইছিলোঁ৷ বৰ অমায়িকভাৱে কৈছিল, “মই তৰালী শৰ্মা৷(কেনেকৈনো চিনি পাম, দেখাতযে তেনেই সৰু ছোৱালী হেন লাগিছিল।) প্ৰিয় গায়িকা গৰাকীক চকুৰ আগত দেখা পাইয়ো চিনি নাপাই অত্যন্ত লাজ পাইছিলোঁ৷ কাহানিও হয়তো পাহৰিব নোৱাৰিম এই ঘটনা৷

    Reply
  • Nabajit Baishya

    ভাল লাগিল

    Reply
  • ধীৰাজ মিশ্ৰ

    প্ৰিয় গায়িকা গৰাকীৰ সাক্ষাৎকাৰ লোৱাৰ বাবে ফটা-ঢোলক ধন্যবাদ৷

    Reply
  • Mousumi boruah

    বহুত ভাল লাগিল পঢ়ি প্ৰিয় গায়িকাগৰাকীৰ সাক্ষাৎকাৰ ৷

    Reply
  • parishmita

    প্ৰিয় গায়িকাক ফটাঢোল আলোচনীত লগ পাই ভাল লাগিল।

    Reply
  • Mousumi gogoi

    শ্ৰদ্ধাৰ গায়িকাগৰাকীৰ বিষয়ে ইমানখিনি কথা জানিব পাৰি ভাল লাগিল আৰু তাৰ বাবে ফটা ঢোললৈ ধন্যবাদ জ্ঞাপন কৰিলো ।

    Reply
  • পিনাক্ষী দাস

    বহুত ভাল লাগিল তেওঁৰ কথাবোৰ, আপোনালোকলৈ বহুত ধন্যবাদ ☺️

    Reply
  • Madhurjya tamuli

    All time favorite..

    Reply
  • ঈশান

    সাক্ষাৎকাৰটিৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ ।

    Reply
  • প্রিয় গায়িকাৰ সাক্ষাৎকাৰটি বৰ ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.