ফটাঢোল

সাক্ষাৎকাৰ – অনুৰাধা শৰ্মা পূজাৰী

অনুৰাধা শৰ্মা পূজাৰী বৰ্তমান অসমীয়া সাহিত্যৰ পৰিচিত নাম। ১৯৯৮ চনত “হৃদয় এক বিজ্ঞাপন” নামৰ প্ৰথমখন উপন্যাস লিখি পাঠকৰ সমাজত সমাদৰ লাভ কৰা বাইদেৱে বৰ্তমান “সাদিন” কাকত আৰু “সাতসৰী” আলোচনীৰ সম্পাদনা কৰি আছে। তেখেতৰ কিতাপ নপঢ়া পাঠক হয়তো অসমত নোলাবই। মেৰেং, চাহেবপুৰৰ বৰষুণ, কাঞ্চন, সোণ হৰিণৰ চেকুঁৰ, ডায়েৰী আদি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ। তেখেতৰ শুভাশীষ বিচাৰি আমি ফটাঢোলৰ তৰফৰ পৰা এটি সাক্ষাৎকাৰ লোৱাৰ মনস্থ কৰিছিলোঁ। অশেষ ব্যস্ততাৰ মাজতে তেখেতে আমাক সময় দিয়ে। অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ লগত হোৱা টেলিফোনিক বাৰ্তালাপৰ সম্পাদিত ৰূপ আমি পাঠক সমাজলৈ আগবঢ়ালো।

সম্পাদক বিকাশ শইকীয়াৰ সৈতে যশস্বী লেখিকা অনুৰাধা শৰ্মা পূজাৰী ৷ (ফাইল ফটো )

ফটাঢোল – বাইদেউ, নমস্কাৰ৷ ফটাঢোল আলোচনীৰ তৰফৰপৰা আপোনাক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো৷

অনুৰাধা শৰ্মা পূজাৰী – অশেষ ধন্যবাদ৷ ময়ো সকলোলৈকে আন্তৰিক শুভেচ্ছা জনাইছো৷

ফটাঢোল – বাইদেউ, যিহেতু এইখন হাস্য ব্যংগ আলোচনী, গতিকে এটা খুহুতীয়া কথাৰেই আৰম্ভ কৰো৷ আপুনি যোৰহাটত শিক্ষা জীৱন আৰম্ভ কৰাৰ পৰা, কলিকতাত শিক্ষা লোৱা, যুগ্ম জীৱন, কৰ্ম জীৱনত হোৱা কিবা হাঁহি উঠা কথা আছে নেকি? যিটো মনত পৰিলে ভাল লাগে, হাঁহি উঠে আপোনাৰ৷ আমাৰ পাঠকক ক’ব নেকি?

অনুৰাধা শৰ্মা পূজাৰী – হয় আছে৷ মই তেতিয়া কলিকতাত আছো৷ বাংলা কিতাপবোৰ পঢ়িছিলো৷ লাহে লাহে গম পালো যে মই বাংলা জানিছো৷ এটা ফুটনি হৈছে আৰু বাংলা জনা বুলি৷ গৰমৰ দিন আছিল৷ মোৰ ল’ৰাটো তেতিয়া আঢ়ৈৰ পৰা তিনি বছৰ হৈছে৷ তাৰ চুলিবোৰ বহুত ডাঠ আছিল৷ মই চুলি কটোৱা নাছিলো৷ ভাবিছিলো, কিবা এটা অনুষ্ঠান কৰি চুলিখিনি কাটিম৷ কিন্তু গৰমৰ দিন, দীঘল হৈ গৈছে৷ ভাবিলো অলপ চুটি কৰি দিওঁ৷ গতিকে ঘৰৰে ল’ৰা এটাক ক’লোঁ, চুলিখিনি কাটি আনিবি নাপিতৰ ওচৰত৷ মোৰ ল’ৰাটোৱে চুলি কাটিবলৈ নিদিয়ে৷ তাৰ বিৰাট ভয়, কান্দিছে৷ তথাপি ক’লোঁ, চকলেটজাতীয় কিবা এটা খাবলৈ দিবি৷ একো নহয় লৈ যা অলপ চুটি কৰি আনিবি৷

আমাৰ ঘৰৰ মালিকে ক’লে বোলে ইমান দীঘল হৈছে, ‘নেড়া’ কৰি দিবি৷ মই বোলো ঠিক আছে ‘নেড়া’ কৰি দিবি৷

এক ঘণ্টা মানৰ পিছত ল’ৰাই কান্দি কান্দি আহিছে৷ দেখিলো একদম টকলা কৰি দিলে চুলি৷ খূৰাই আনিছে৷ মই বোলো ‘কি কৰিলি এইবোৰ?’ বোলে বাইদেউ আপুনিয়ে কৈছিলচোন ‘নেড়া’ কৰিবলৈ৷ তেতিয়াহে গম পালো ‘নেড়া’ মানে টকলা কৰি দিয়া৷ মই ভাবিছিলো চুটি কৰি দিয়া৷ তাৰ পাছত বহুদিনলৈ ল’ৰাই আইনা চোৱা নাছিল, কান্দে৷ সেইটো বৰ সাংঘাতিক আছিল৷ কেইবাদিনলৈকে ল’ৰাক বুজাব পৰা নাছিলো৷ যিটো ল’ৰাই চুলি চুটি কৰিবলৈকে বেয়া পায় তাৰ মূৰটো, ইমান ধুনীয়া চুলিখিনি টকলা কৰি পঠিয়াইছে৷

বঙালী মানুহবোৰে সৰু ল’ৰা-ছোৱালীবোৰৰ চুলি খুৰাই থাকে মাজে মাজে৷ কিন্তু আমাৰ সেইটো নহয়৷ বাংলা ভাষা শিকাৰ প্ৰথম উজুটিটো তাতে খাইছিলো৷

ফটাঢোল – বাইদেউ, অকণমান আপোনাৰ কথা জানিব বিচাৰিম৷ আপুনি সৰুতেই লেখিকা হ’ম বুলি ভাবিছিলনে?

অনুৰাধা শৰ্মা পূজাৰী – নাই নহয়৷ কেতিয়াও ভবা নাছিলো৷ এইটো কিবা দৈব্য দুৰ্বিপাকতহে হ’ল৷ সৰুতে খুব কিতাপ পঢ়িছিলো৷ সৰুতে সকলোৱে লিখাৰ দৰে কবিতা লিখিছিলো৷ আমাৰ ঘৰৰ ওচৰতে জনমভূমি প্ৰেছ৷ তেতিয়া দুই এটা প্ৰকাশো হৈছিল৷ কিন্তু মই যদি সেই পুৰণি মোৰ কবিতাবোৰ মই এতিয়া এখন কাকতৰ সম্পাদিকা, এখন সাহিত্য আলোচনীৰ সম্পাদিকা হিচাপে চাওঁ, মই চাগে চিধাই ডাষ্টবিনত পেলালোহেঁতেন৷ তথাপি তেতিয়া মোৰ বয়স আছিল চৈধ্য-পোন্ধৰ বছৰ৷ বয়স হিচাপে ভালেই হৈছে বুলি সম্পাদকে প্ৰকাশ কৰিছিল৷ তাৰ পিছতো কবিতা দুই এটা লিখিছিলো৷ কিন্তু কেতিয়াও লেখিকা হ’ম বুলি ভবা নাছিলো৷ কলিকতালৈ যোৱাৰ পিছতহে মই লেখা আৰম্ভ কৰিছো৷

ফটাঢোল – আপোনাৰ জীৱনৰ লক্ষ্য কি আছিল? কি হ’ম বুলি ভাবিছিল?

অনুৰাধা শৰ্মা পূজাৰী – মোৰ শিক্ষক বৃত্তিটো ভাল লাগে৷ কলেজত শিক্ষকতা কৰিছিলো৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শ্ৰেষ্ঠা গায়িকা হৈছিলো৷ ছবি আঁকিছিলো৷ ভাবিছিলো শিক্ষকতাৰ লগতে এনেকুৱা এটা লাইনত যাম৷ জীৱনৰ সোঁত বেলেগলৈ বৈ গ’ল আৰু হ’লোগৈ সাংবাদিক৷ স্কুলত পঢ়ি থাকোতেই কিন্তু মোৰ সাংবাদিক হোৱাৰ মন এটা আছিল৷ মই মাজতে হতাশ হৈ পৰিছিলো৷ এজন জ্যেষ্ঠ সাংবাদিকে এটা সাক্ষাৎকাৰত মোক কৈছিল মই বোলে কেতিয়াও সাংবাদিক হ’ব নোৱাৰিম৷ সাংবাদিক হোৱাৰ যোগ্যতা বোলে মোৰ নাই৷ তেওঁ মোক বাতিল কৰিছিল৷ মই সঁচাই ভাবিছিলো যে মই সাংবাদিক হ’ব নোৱাৰিম৷ পিছত কলিকতালৈ গৈ সেই পুৰণি কথাবোৰকে লৈ, সাংবাদিকতাৰ পাঠ্যক্ৰম কৰি কলিকতাৰে পৰা আৰম্ভ কৰিলো৷ সেই তেনেকৈয়ে মই ইচ্ছাটো পূৰণ কৰিলো৷

ফটাঢোল – আপোনাৰ প্ৰতিখন কিতাপেই বহুত কষ্ট আৰু সাধনাৰ বলত প্ৰকাশ হয়৷ প্ৰতিখন কিতাপ পাঠকে সমানে আদৰি লৈছে৷ আপোনাৰ ভাল লগা কোনখন বা কোনখনত আপুনি বেছি কষ্ট কৰিব লগা হৈছিল? জনাব নেকি?

অনুৰাধা শৰ্মা পূজাৰী – হয় হয়৷ মই ভাবো, পাঠকৰ লগত মোৰ এক আত্মিক মিলন হৈছে৷ সেইবাবে কিতাপবোৰ পাঠকে আদৰি লৈছে৷ এইটো মোৰ বাবে বহুত ডাঙৰ কথা৷ ভাল লগা আৰু কষ্ট কৰা দুটা কথা৷ ভাল লগা বুলি ক’বলৈ হ’লে মোৰ প্ৰথমখন কিতাপ “হৃদয় এক বিজ্ঞাপন“। এই কিতাপখন মোৰ খুব ভাল লাগে৷ কাৰণ মই কেতিয়াও ভবা নাছিলো যে মই এখন উপন্যাস লিখিম৷ সেইখন গ্ৰন্থ আকাৰে প্ৰকাশ পাব৷ কিন্তু ১৯৯৮ চনত প্ৰকাশ পোৱা মোৰ সেই গ্ৰন্থখন আজি ঊনৈছ বছৰে চলি আছে৷ প্ৰথমে এখন গ্ৰন্থ প্ৰকাশ কৰাৰ পিছত আত্মবিশ্বাস বাঢ়ি যায়৷ গতিকে সেইখনেই মোৰ ভাল লাগিব৷ তাৰ আঁৰৰ কাহিনীবোৰ মনত থাকিব সদায়৷

আনহাতে ’মেৰেং’খন মোৰ প্ৰায় আঠ বছৰৰ কষ্ট আৰু সাধনাৰ ফলত প্ৰকাশ পাইছে৷

ফটাঢোল – আপোনাৰ প্ৰিয় লেখক কোন বাইদেউ?

অনুৰাধা শৰ্মা পূজাৰী – প্ৰিয় লেখক বহুত আছে৷ প্ৰিয় লেখকৰ সংজ্ঞা দিয়াটো বহুত টান৷ সময় অনুসৰি ৰুচিবোৰ সলনি হৈ থাকে৷ তথাপি সৰুৰেপৰা ’পাৰ্ল এছ বাক’ মোৰ প্ৰিয় লেখিকা৷ ’আলেকজেন্দাৰ ডুমা’ মোৰ প্ৰিয় লেখক আছিল৷ এতিয়াও বহুত নতুন আছে৷ কথাটো হ’ল এনেধৰণৰ – চিৰা জলপান খাই ভাল পাওঁ নে চাওমিন খাই ভাল পাওঁ৷ এই দুটা বস্তুৰ কেতিয়াও তুলনা নহয়৷ আজিৰ ব্যস্ত জীৱনত মোৰ আটাইতকৈ তৃপ্তিদায়ক বস্তুটো হ’ল চাওমিন৷ কিন্তু মোৰ মানসপটত চিৰা, দৈৰ জলপান কঢ়িয়াই লৈ ফুৰো গোন্ধটোৰ সৈতে৷

অসমীয়া লেখকৰ ভিতৰত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য মোৰ অতি প্ৰিয় লেখক৷ তেখেতক বেলেগ শাৰীত থৈছো৷ ৰহস্য উপন্যাসৰ লেখক ৰঞ্জু হাজৰিকাৰ প্ৰথম লেখাবোৰ, ভাস্কৰ চিৰিজ এইবোৰো বেলেগ শাৰীত থৈছো৷ সেইবোৰো মই ভাল পাওঁ৷ কিন্তু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য তেতিয়াৰ পৰা এতিয়ালৈ মোৰ সমভাৱে প্ৰিয়৷

ফটাঢোল – দেখাত আপোনাৰ খং নাই যেন লাগে৷ আপোনাৰ কেতিয়াবা খং উঠে নেকি? বা উঠিছিল নেকি?

অনুৰাধা শৰ্মা পূজাৰী – (স্মিত হাঁহিৰে) এহ্ মোৰ খং দেখা নাই৷ মোৰ মুখৰ হাঁহিটো সকলোৱে দেখি থাকে যে৷ সেই বাবে সকলোৱে মোৰ খং নাই বুলি ভাবে৷ ময়ো সেইটোকে ভবাটো বিচাৰো৷ কিন্তু মোৰ খঙৰ কথা মোৰ স্বামীৰ আটাইতকৈ ভালদৰে জ্ঞাত৷ অথবা মোৰ ঘৰৰ মানুহে জানিব মোৰ খঙৰ কথা৷ কিন্তু মই বিচাৰো, মোৰ খং নাই বুলিয়ে ভাবক সকলোৱে৷ মানুহ মাত্ৰে খং থাকিবই৷

ফটাঢোল – বাইদেউ আপোনাৰ আটাইতকৈ ভাল লগা মুহূৰ্তটো কি আছিল জনাব নেকি?

অনুৰাধা শৰ্মা পূজাৰী – মই এগৰাকী নাৰী৷ সকলো নাৰীৰ দৰে মোৰো ’মাতৃ’ হোৱাৰ সময়কণ স্মৰণীয় হ’ব৷ মই মা হোৱাৰ সময়ত কিছু জটিলতা আহিছিল৷ অপাৰেচন থিয়েটাৰত যেতিয়া সোমাওঁ বহুত ডাঙৰ মানসিক চাপ এটা লৈ সোমাইছিলো৷ কিন্তু পিছত যেতিয়া মোৰ ল’ৰাক মোৰ কাষত দিলে, মই আচৰিত হৈ গৈছিলো৷ সঁচাই মই এটা সন্তান জন্ম দিলোনে! সেই সময়কণ মোৰ আটাইতকৈ স্মৰণীয় সময়৷ তেনে অনুভৱ ক’তো পোৱা নাই৷

ফটাঢোল – অকণমান সাহিত্যৰ কথা পাতো৷ বেজবৰুৱাদেৱৰ পিছৰপৰা অসমীয়া ব্যংগ সাহিত্য চৰ্চা খুব কম৷ ইয়াৰ কাৰণ বা আঁ‌সোৱাহসমূহ কি বাৰু? আপোনাৰ মতামত জনাব নেকি?

অনুৰাধা শৰ্মা পূজাৰী – আচলতে মানুহৰ ৰসবোধটো নোহোৱা হৈ গৈছে৷ আগতে মোৰ মনত আছে৷ আমি বন্ধু বান্ধৱৰ মাজত বহুত হাঁহিৰ কথা পাতো, স্ফূৰ্তি কৰো, ইটোৱে সিটোক কাট্ মাৰি কথা কওঁ৷ সেই ৰসবোধটো আমাৰ মাজত নোহোৱা হৈ গৈছে৷ কোনোবাই কিবা স্ফূৰ্তি কৰি ক’লেও কাজিয়ালৈ ৰূপান্তৰ হয়৷ হাঁহিব পৰা ক্ষমতা আৰু হঁহুৱাব পৰা ক্ষমতা আমাৰ মাজত কমি গৈছে৷ ৰসবোধ ডাঙৰ কথা, ৰস ল’ব জানিব লাগিব৷ টুলুঙা কথা, টুলুঙা মন্তব্য, সস্তীয়া কথা ৰস নহয়৷ বহুৱালি কেতিয়াও ৰস নহয়৷ প্ৰকৃত ৰসবোধত থাকে বুদ্ধিদীপ্ততা, অতি মাত্ৰা বুধিয়ক মানুহে ৰস সৃষ্টি কৰিব পাৰে৷ যেনে অসমীয়া সাহিত্যৰ হীৰেন ভট্টাচাৰ্য্যৰ দৰে কবি এজনৰ যি ৰসবোধ আছিল৷ তেনে ৰসবোধ মই কেতিয়াও দেখা নাই৷ শ্ৰদ্ধাৰ সাংবাদিক তিলক হাজৰিকাদেৱৰ মাজত সেই বুদ্ধিদীপ্ততা আছিল৷ শ্ৰদ্ধাৰ বেজবৰুৱাদেৱৰ আছিল উচ্চ স্তৰৰ ৰস৷ সাধাৰণ মানুহেও ৰস পাইছিল৷ এনে ৰস সৃষ্টি কৰিবলৈ বহুত কথা আহিব৷ ভাষাৰ কথা আহিব৷ এইবোৰ ৰসবোধৰ একোটা স্তৰ৷ ইয়াক বুজিব পৰা মানসিকতাও লাগিব৷ মোৰ আটাইতকৈ দুখলগা কথাটো হ’ল যে, আজিকালি বহুতে বহুৱালিবোৰক ৰসবোধ বুলি ভাবে৷ ৰস আৰু বহুৱালিৰ মাজত বহুত পাৰ্থক্য৷ বহুতে বহুৱালি কৰে, দৰ্শকে হাঁহে৷ আমি দেখিবলৈ পাওঁ৷ বহুতে মানুহক হঁহুৱাবলৈ নামনি অসমৰ ভাষাটো ব্যৱহাৰ কৰে৷ সেইটো হ’ব নালাগে৷ এটা ভাষা বা উপভাষাক উপলুঙা কৰা হয়৷ ভাষাটোৰ প্ৰতি অসন্মান কৰা হয়৷ এইবোৰ বহুৱালি, এই বহুৱালিকে আমি ৰস বুলি ভাবি আছোঁ৷ সেইবাবে আমাৰ সাহিত্যৰ ৰসবোধটো কমি আহিছে৷

ফটাঢোল – বৰ্তমান বহুল চৰ্চিত হ’ল ফে’চবুকৰ সাহিত্য৷ কিছুলোকে আত্মপ্ৰকাশ কৰিছে৷ কিছুলোকে উপলুঙাৰ চকুৰে চায়৷ আপোনাৰ মতামত কি?

অনুৰাধা শৰ্মা পূজাৰী – ফে’চবুক এটা মাধ্যম বুলি ভাবিছে, ভালেই কৰিছে৷ বহুত লেখা সকলো সময়তে ছপা মাধ্যমত প্ৰকাশ নহয়৷ তিনি চাৰিখনমান আলোচনী পাইছো যি কেইখনৰ পটভূমি ফে’চবুক৷ কিছুলোকে হয়তো ভাবিব পাৰে৷ ফেচবুকৰ লেখাবোৰ সংৰক্ষণ নহয়৷ গতিকে তেওঁলোকে ছপা মাধ্যমটো বিচাৰে৷ কিন্তু অনলাইন আলোচনীয়ে বৰ্তমান বহুত চাহিদা পূৰণ কৰিছে৷ ছপা আলোচনী এক কষ্টৰ কাম৷ তদুপৰি লুকাই থকা প্ৰতিভা উলিয়াই আনিছে৷ ফে’চবুকৰ কিছুমান লেখা ছপা মাধ্যমত আহিবলৈ বাধ্য হৈ পৰিছে৷ গতিকে ফে’চবুকৰ জৰিয়তে কোনো লোকে আত্মপ্ৰকাশ কৰিছে অলপো বেয়া হোৱা নাই৷

আজিৰ যুগত অনলাইন বা ফে’চবুকৰ প্ৰয়োজনীয়তা আছে৷ কোনে কেনেকৈ ব্যৱহাৰ কৰে সেইটোহে মূল কথা৷ ফে’চবুক জুইৰ দৰে৷ জুই নহ’লে আমি উত্তাপ নাপাওঁ, খাদ্যও প্ৰস্তুত কৰিব নোৱাৰোঁ৷ কিন্তু জুয়ে পোৰেও৷

ফটাঢোল – নতুন প্ৰজন্মৰ যি সকলে ব্যংগ লেখাৰ প্ৰয়াস কৰিছে৷ বা যি সকল নতুন লেখক লেখিকা আগবাঢ়ি আহিছে৷ তেওঁলোকক আপুনি কি উপদেশ দিব বিচাৰে?

অনুৰাধা শৰ্মা পূজাৰী – তেওঁলোকক মই এটাই উপদেশ দিব বিচাৰো যে, বিখ্যাত হ’ম বুলি ভবাতকৈ সাধনা কৰক প্ৰথমে৷ ভাষাৰ চৰ্চা কৰক৷ বিষয়বস্তুৰ গভীৰতালৈ যাওক৷ পৃথিৱীখন গোলকীকৰণ হোৱাৰপৰা আনৰ পঢ়িবলৈ অসুবিধা নহয়৷ যিমান পাৰে সিমান আনৰো পঢ়ক৷ পৃথিৱীখন সলনি হৈছে৷ আজি কালি পাঠকৰ ৰুচি সলনি হৈছে, বুদ্ধিমান হৈছে৷ নতুন লেখক লেখিকাই বুদ্ধিদীপ্ত পাঠকক মনত ৰাখি সাধনা কৰক৷

ফটাঢোল – সদ্যহতে আপোনাৰ নতুন কিতাপ মুক্তি পাব নেকি? আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি?

অনুৰাধা শৰ্মা পূজাৰী – সদ্যহতে এখন আহিব ৷ কিন্তু এবছৰ মানৰ পিছত আন এখন আহিব৷ যিখন প্ৰাক-স্বাধীনতা কালৰ চাহ বাগিচাৰ কাহিনী৷ নামটো এতিয়াই প্ৰকাশ নকৰো৷ সেইখন ভাল কিতাপ আহিব৷ পাঠকে ভাল পাব৷

ভৱিষ্যত পৰিকল্পনা একো নাই৷ পৰিকল্পনাবিহীন জীৱন মোৰ৷ মই কোনো পৰিকল্পনা নকৰো৷

ফটাঢোল – ইয়াৰ উপৰি আপোনাৰ ফালৰ পৰা পাঠকক কিবা ক’বলৈ বিচাৰিব নেকি?

অনুৰাধা শৰ্মা পূজাৰী – তোমালোকৰ যি প্ৰচেষ্টাৰে মানুহক হঁহুৱাব বিচাৰিছা, ভাল কাম কৰিছা৷ এনে এখন আলোচনী অনলাইনতে হওক, খুব ভাল হৈছে৷ হাঁহিক জীয়াই ৰাখিব বিচৰাটো খুব ভাল কথা৷ ফটাঢোল দীৰ্ঘজীৱী হওক, শুভেচ্ছা জনাইছো৷

ফটাঢোল – ধন্যবাদ বাইদেউ৷

☆★☆

14 Comments

  • Manash saikia

    শইকীয়া,আপোনালৈ অশেষ ধন্যবাদ,বাইদেউৰ এই সাক্ষাৎকাৰটি উপহাৰ দিয়াৰ বাবে৷

    Reply
    • বিকাশ শইকীয়া

      বহুত ধন্যবাদ দাদা।

      Reply
  • ৰিণ্টু

    আলোচনীখন পঢ়িবলৈ আৰম্ভ কৰিয়েই প্ৰথমে ক্লিক কৰিছো সাক্ষাৎকাৰটোত, এই সংখ্যাত বাইদেউৰ সাক্ষাৎকাৰ পঢ়িবলৈ পাম বুলি খবৰ পাই তিনিদিন মানৰ পৰাই উৎকণ্ঠিত হৈ আছিলো।

    প্ৰিয় লেখিকাগৰাকীৰ নজনা কথা কিছুমান জানিবলৈ পাই খুব ভাল লাগিল। এইকণ সুবিধা “ফটাঢোল”ক দিয়াৰ বাবে বাইদেউলৈ অশেষ ধন্যবাদ।

    গুড জব বিকাশ।

    Reply
    • বিকাশ শইকীয়া

      ধন্যবাদ দাদা।

      Reply
  • Sankar

    আজিহে পঢ়িলো।অতি সুন্দৰ ।

    Reply
  • Nabajit

    “হৃদয় এক বিজ্ঞাপন” পঢ়ি এনেকৈ আলোড়িত হৈছিলো যে লেখক হিচাপে বাইদেৱে তেতিয়াই অন্তৰত এক নিগাজী স্থান লৈ পেলাইছিল৷ সম্পাদকক ধন্যবাদ ৷ তেখেতে মোৰ অন্যতম প্ৰিয় লেখক গৰাকীৰ বিষয়ে কিছু কথা জানিবলৈ দিলে , তাকো তেখেতৰ নিজৰ মুখেৰে৷

    Reply
    • বিকাশ শইকীয়া

      ধন্যবাদ দাদা।

      Reply
  • হেমন্ত কাকতি

    বিকাশ, বৰ ভাল লাগিল সাক্ষাৎকাৰটো পঢ়ি ৷ তোমালৈ অশেষ ধন্যবাদ ৷ ফোনেদি ইমান ডাঙৰ কাম এটা কৰা বাবে ৷ বাইদেউৰ বিষয়ে নতুন কথা কিছুমান জানি ভাল লাগিল ৷

    Reply
    • বিকাশ শইকীয়া

      ধন্যবাদ কাকতি দা।

      Reply
  • Papari Barman

    ধন্যবাদ বিকাশ । খুব ভাল হৈছে ।

    Reply
  • ramanuj

    এটা সুন্দৰ কাম কৰিলে ফটাঢোলে…
    আনাদাৰ ফিদাৰ ইন দা কেপ..

    Reply
  • বিকাশ শইকীয়া

    ধন্যবাদ ৰামানুজ দা।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *