ফটাঢোল

সাক্ষাৎকাৰ – পুণ্য শইকীয়া

পুণ্য শইকীয়া অসমৰ সাহিত্য জগতৰ এটি অতি পৰিচিত নাম৷ বৰ্তমানলৈকে প্ৰকাশিত ‘বন কেচেৰুৰ পাত’, “জিন্দাবাদ মূৰ্দাবাদ”, “নিৰ্জন উপকূল(গীত)”, “নেপথ্যত গুণগুণনি”, “শব্দৰ কাৰ্টুন” আদি প্ৰায় সোতৰ খন গ্ৰন্থৰ লগতে প্ৰায় তিনিশ কবিতা, একুৰি আঠটা গল্প, প্ৰায় তিনিশ ব্যংগ ৰচনা, ডেৰকুৰি প্ৰৱন্ধ, দুকুৰি ব্যক্তিগত ৰচনা, একৈশখন নাটক, আঢ়ৈকুৰি গীত আদৰে অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনলৈ, বিশেষকৈ ব্যংগ সাহিত্যৰ ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়োৱা পুণ্য শইকীয়া অসম আৰু অসমীয়াৰ বাবে সমাদৃত নাম৷ ‘অগ্ৰদূত’ কাকতত ‘নেপথ্যত গুণগুণনি’ শীৰ্ষক ৰচনালানিৰে অসমীয়া ব্যংগ সাহিত্যৰ ক্ষেত্ৰখনত আলোড়ন সৃষ্টি কৰি প্ৰতিজন সাহিত্যপ্ৰেমীৰে মন-মগজু চুই যাবলৈ সক্ষম হোৱা পুণ্য শইকীয়াদেৱক অসমীয়া পাঠক সমাজৰ মাজত নতুনকৈ পৰিচয় কৰি দিয়াৰ প্ৰয়োজন নাই৷ শিৱসাগৰ জিলাৰ শিলাকুটি মৌজাৰ গোমোঠা গাঁৱত জন্মলাভ কৰা শইকীয়াদেৱৰ পিতৃৰ নাম আছিল স্বৰ্গীয় শম্ভূনাথ শইকীয়া আৰু মাতৃৰ নাম আছিল স্বৰ্গীয়া ৰূপদা শইকীয়া৷ ২০৬ নং গোমোঠা প্ৰাথমিক বিদ্যালয়ত আনুষ্ঠানিক শিক্ষাজীৱন আৰম্ভ কৰা শইকীয়াদেৱে ক্ৰমে ধিতাইপুখুৰী এম ভি স্কুল, পানীবিল এম ই স্কুলত শিক্ষা গ্ৰহণ কৰি নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰপৰা ১৯৬৬ চনত উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হয় ৷ ১৯৬৯ চনত গড়গাওঁ মহাবিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত অনাৰ্চ লৈ স্নাতক ডিগ্ৰী লাভ কৰা শইকীয়াদেৱে ১৯৭৫ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা (প্ৰাইভেটকৈ) অসমীয়া সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ৷

হাস্য ব্যংগৰ জৰিয়তে পাঠকৰ মন-মগজু জোকাৰি তুলিব পৰা সাহিত্যিকজনৰ লগত অন্তৰংগ আলাপৰ যোগেদি তেখেতৰ বিষয়ে কিছু কথা জনাৰ ইচ্ছাৰে ‘ফটাঢোল’ আলোচনীৰ তৰফৰপৰা যোগাযোগ কৰা হৈছিল৷ সেইমতে নিৰ্দ্দিষ্ট দিনত আমাৰ ‘ফটা-ঢোল’ গোটৰ অন্যতম সক্ৰিয় সদস্য পাৰ্থ বিজয় ঠাকুৰ আৰু মই তেখেতৰ বৰ্তমানৰ ঠিকনা তিনিচুকীয়া জিলাৰ ডিগবৈৰ মলিয়াবাৰীস্থিত বাসভৱনত গৈ উপস্থিত হৈছিলোগৈ৷ প্ৰিয় সাহিত্যিকজনক কাষৰপৰা পোৱাৰ মৃদু উত্তেজনা, স্বাভাৱিক কৌতুহল লৈ শইকীয়া ছাৰৰ ঘৰৰ কলিং বেলত হাত দিছিলোগৈ৷ তেখেতৰ পৰিবাৰে আমাক আদৰেৰে ভিতৰলৈ লৈ গৈছিল৷ পূৰ্বনিৰ্ধাৰিত সময়তকৈ আমি অলপ আগতে তেখেতৰ ঘৰ পাইছিলোগৈ৷ আমি গৈ পাওঁতে ছাৰ অলপ ওলাই গৈছিল৷ কিছুসময়ৰ পিছতে ছাৰ আহি পাইছিল৷ দুৱাৰদলিত ভৰি দিয়েই ছাৰে কৈ উঠিছিল – “জীমণি কোনগৰাকী চাওঁ? সময়তকৈ আগতে অহা মানুহ পিছে মই ভালপাওঁ৷” ছাৰৰ কথা কোৱাৰ সুৰ আৰু কন্ঠস্বৰত ফুটি উঠা অতি আপোনত্বৰ ভাবত সাধাৰণতে দিগ্বজ ব্যক্তিত্বৰ ওচৰত অনুভৱ কৰা মোৰ স্বাভাৱিক মৃদু ভয়ৰ ঠাই অপৰিসীম শ্ৰদ্ধাই অধিকাৰ কৰি মনটো মুকলি কৰি পেলাইছিল৷ মুকলিমূৰীয়াকৈ আমি তেখেতৰ সৈতে কথা পাতিছিলো৷ মন্ত্ৰমুগ্ধ হৈ শুনিছিলো অতি আকৰ্ষণীয় শৈলীৰে কৈ যোৱা কথাবোৰ-কাহিনীবোৰ৷ আৰু মাজে মাজে ছাৰৰ ৰসাল কথাবোৰ শুনি হাঁহি সামৰিব নোৱাৰি হা: হা: কৈ হাঁহি উঠিছিলো৷ পুণ্য শইকীয়া ছাৰৰ সৈতে হোৱা সেই অন্তৰংগ আলাপৰ সম্পাদিত ৰূপ আগবঢ়োৱা হ’ল —

 

ফটাঢোল: প্ৰথমতে আমি ‘ফটা-ঢোল’ৰ তৰফৰপৰা আপোনাক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ৷ ছাৰ, আমি আপোনাৰ একেবাৰে ল’ৰালিকালৰ পৰা জানিব বিচাৰিম, কওঁকচোন ৷

পুণ্য শইকীয়া:- ধন্যবাদ জনাইছো তোমালোককো৷ মই এনেকুৱা এডোখৰ জেগাৰপৰা আহিছোঁ, এতিয়া অৱশ্যে নহয়, তেতিয়াৰ দিনত পাণ্ডৱবৰ্জিত ঠাই বুলি ক’ব পাৰি৷ এখন ঘোকোট গাওঁ৷ গাওঁখনৰ নামটোও আকৌ নিৰানন্দময়, গোমোঠা৷ গোমোঠা শব্দটোত বহুতে এটা গোমা পৰিবেশ, বিষাদগ্ৰস্ততা বিচাৰি পায়৷ অৱশ্যে সেইটো মোৰ সমস্যা নহয়৷ যিসকলে বিচাৰি পায় তেওঁলোকৰহে সমস্যা৷ মই ‘আই’ আৰু ‘দেউতা’ৰ পাছত আটাইতকৈ বেছি উচ্চাৰণ কৰা শব্দটোৱে হৈছে গোমোঠা৷ সেই গোমোঠা গাঁৱত মোৰ জন্ম ৷ সেই গাঁৱতে মই মোৰ শৈশৱ কাল, কৈশোৰ কাল আৰু যৌৱনৰো এছোৱা কটাইছো৷ গতিকে মই যদি কেতিয়াবা মোৰ জীৱনৰ অৰ্থ বিচাৰিবলগীয়া হয়, অৱশ্যে জীৱনৰ অৰ্থ বিচাৰিবলৈ যোৱাটো পানীত দাগ কাটিবলৈ যোৱাৰ দৰে কথা৷ তথাপি মই আজি যি হৈছো, সাহিত্যৰ নামত যি ক ক, ম ম দুটামান লিখিছোঁ তাৰ মূলতে হ’ল মোৰ সেই গোমোঠা গাঁৱত কটোৱা তৰংগময়, কলৰৱমুখৰ সংগ্ৰাম জৰ্জৰিত জীৱনটো৷ মই সৰুতে গৰু চৰাইছিলোঁ৷ আমাৰ গাঁওখনৰ লগতে সংলগ্ন হৈ থকা আহোম ৰজাৰ দিনৰ এখন নগৰ আছিল, দৰিকা নগৰ৷ আহোমৰ কোনোবা ৰজা মহাৰজাৰ মৃত্যু হ’লে চৰাইদেউলৈ নিনিয়ালৈকে মৃতদেহসমূহ সেই দৰিকা নগৰত সংৰক্ষণ কৰি ৰাখিছিল৷ প্ৰায় বত্ৰিছপুৰা মাটিৰ সেই বিশাল দৰিকানগৰখনত আমি গৰু চৰাইছিলোঁ৷ চাৰিওফালে ওখ প্ৰাচীৰে আৱৰা নগৰখনত আৰু গৰু চৰাব লাগিছেনে? আমি গৰুবোৰ মেলি দি, সমগ্ৰ দিনটো টেঙা বল, টাংগুটি, বাঘ-গৰু আদি কত কি খেল খেলি পাৰ কৰিছিলো৷ এনেকৈ আমি লগৰ গোটেই ল’ৰাবোৰে সময়বোৰ পাৰ কৰিছিলো যদিও মোৰ আকৌ তেতিয়াই অলপ বেলেগ ধৰণৰ চিন্তা এটা আছিল৷ মই গৰু চৰাবলৈ যাওঁতে মোনাটোত কিতাপ এগাল ভৰাই লৈ যাওঁ৷ আৰু যিকোনো কিতাপ নহয়, একেবাৰে ক্লাছিকেল-ধ্ৰুপদী সাহিত্য৷ একেবাৰে “অভিজ্ঞানম: শকুন্তলম”ৰপৰা আৰম্ভ কৰি শংকৰদেৱ, মাধৱদেৱ আনকি শেহৰফালে উপন্যাসো পঢ়িছিলোঁ৷ খেলা-ধুলাৰ মাজতে লগৰ ল’ৰাবোৰৰপৰা মনে মনে আঁতৰি মই প্ৰতিদিনে এঘণ্টা ডেৰঘণ্টা সময় ফুটুকানি এডৰাৰ মাজৰ সেউজীয়া ঠাই এখিনিত গৈ কিতাপ পঢ়োঁ৷

প্ৰথম কথা, এইযে এনেকৈ পঢ়িবলৈ ল’লো তাৰপৰা মই কিতাপৰ প্ৰতি গভীৰভাৱে আসক্ত হ’লোঁ।

দ্বিতীয়তে, সেই তেনেকৈ কিতাপ পঢ়াৰ পৰাই মই যি আহৰণ কৰিলোঁ, সেইখিনিকে খুচুৰা কৰি এতিয়াও খাই আছোঁ৷ গতিকে মোৰ বৰ্তমানৰ যি স্থিতি বা সাহিত্যকৰ্মৰ নামত অলপ হ’লেও যি কিবাকিবি কৰিছোঁ তাৰ বাবে যদি মই কাৰোবাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব লাগে তেতিয়াহ’লে মই অন্য বিলাকতকৈ মোৰ শৈশৱকাল তথা এই গৰুকেইটাক কৃতজ্ঞতা জনাম৷

ফটাঢোল– ছাৰ, এই যে এনেকৈ পঢ়িবলৈ ল’লে তাৰপাছত প্রথম কেতিয়া লিখিবলৈ আৰম্ভ কৰিলে? কি লিখিলে?

পুণ্য শইকীয়া– প্রথম বর্ণ পৰিচয় হোৱাৰ পিছৰ পৰাই মই শব্দৰ প্ৰতি এক তীব্ৰ আকৰ্ষণ অনুভৱ কৰিছিলোঁ। কোনোবাই যদি সপোন বুলি কয় মই দাপোণ বুলি কবলৈ ভাল পাইছিলোঁ। দৰকাৰী বুলি ক’লে মই তৰকাৰী বুলি ক’বলৈ ভাল পাওঁ। আনে কোৱা কথা এটাকে মই অকণমান বেলেগকৈ ক’বলৈ বিচাৰো। অকণমান বক্রধর্মী কথা কৈ ভালপোৱা স্বভাৱ এটা মোৰ সৰুৰে পৰা আছিল। এইখিনিতে এটা কথা কওঁ- মই এখন নৈষ্ঠিক ভকতৰ ঘৰত জন্ম হৈছিলো। ছাব্বিশজনীয়া যৌথ পৰিয়াল এটাৰ মানুহ মই। আমাৰ ঘৰত চাৰিবেলা চাৰি প্রসংগ হয়। আমি সৰুতে গান বুলি ক’লে গুণমালা-ভটিমা এইবোৰকে বুজিছিলো। মই মোৰ সাহিত্যিক জীৱন আৰম্ভ কৰিছিলো কবিতাৰে। কথাটো এনেকুৱা-১৯৬০ চনমানৰ কথা। সেইসময়তে আমি শুনিবলৈ পাইছিলো যে চন্দ্ৰলৈ মানুহ যাবলৈ ওলাইছে। য়ুৰি গাগাৰিণ সম্পৰ্কীয় গোটেই পৃথিৱী জুৰি আলোচ্য কথাবোৰ আমিও তেতিয়া শুনিবলৈ পাইছিলো। মই মনতে কল্পনা কৰিলো চন্দ্ৰ মানেই স্বর্গ। দেৱতাসকলৰ বাসস্থান স্বর্গলৈ যদি মানুহ যাবলৈ আৰম্ভ কৰে তেনেহ’লে দেৱতাসকলৰ কি অৱস্থা হ’ব? স্বর্গখনতো মানুহে দখল কৰি ল’ব। গতিকে স্বর্গত থকা গোটেই দেৱতাসকলে গৈ বিষ্ণুক খাটনি ধৰিলে আমাক উদ্ধাৰ কৰিব লাগে। এই গোটেই কথাখিনি বর্ণনা কৰি মই শংকৰ-মাধৱে যিটো ভাষা ব্যৱহাৰ কৰিছিল সেই ভাষাৰে এটা বৰ দীঘল কবিতা লিখি পেলালো। তেতিয়া মই তৃতীয় মানৰ ছাত্ৰ। লিখাৰ পাছতহে মোৰ লাজ লাগিল এইখন কি লিখি পেলালো বুলি! সেয়ে লাজতে সেইখন লুকুৱাই থ’লো। আমাৰ বৰদেউতা প্রয়াত কনক চন্দ্ৰ শইকীয়া আছিল শিক্ষা-দীক্ষাৰ প্ৰতি অতিকে সচেতন, স্বাধীনতা সংগ্ৰামী, একপ্রকাৰে আমাৰ সেই অঞ্চলৰ ৰাজনৈতিক নেতা। মোৰ বাইদেৱে আকৌ সেইখন কেনেবাকৈ পাই আমাৰ পোণাইনো এইটো কি লিখিছে চাওঁকচোন বুলি বৰদেউতাৰ হাতত দিলেগৈ। বৰদেউতাই কবিতাটো পঢ়ি একেবাৰে স্তব্ধ হৈ গ’ল। “এইটো কি সাংঘাটিক লিখিছে ই। কি ল’ৰা এইটো” – বুলি গোটেই গাওঁখনৰ ঘৰে ঘৰে গৈ পঢ়ি শুনালে। তাৰপাছত এসপ্তাহমানলৈ মই লাজতে ঘৰৰ পৰা ওলাব নোৱাৰা হ’লো। গাঁৱৰ সকলোৱে কবি বুলি জোকাবলৈ ল’লে। সেইটোৱেই মোৰ জীৱনৰ প্রথম লেখা।

ফটাঢোল– তাৰপাছত জনা হোৱাৰ পাছত আপুনি কি লিখিলে?

পুণ্য শইকীয়া:- জনা হোৱাৰ পাছত লিখাৰ আগতে মই কথাৰে ব্যংগ ক’লো। য’তে’-ত’তে কোনোবাই কথা ক’বলৈ কয়, ক’ৰবাত বক্তৃতা দিবলৈ কয়। দহ-বাৰ বছৰ বয়সত তেনেকৈ বক্তৃতা আদি দিবলৈ গ’লে মোৰ মুখত সেই ব্যংগবোৰেই ওলায়। এনেকুৱা কিছুমান কথা কৈ দিওঁ নহয় মানুহে খুব হাঁহে, হয়তো বৰ ফুৰ্তি পায়। কেতিয়াবা অৱশ্যে তাৰবাবে ঘৰৰ মানুহৰ পৰা মাৰধৰো খাইছো। “তই এনেকৈ কথাবোৰ কৈ দিয়, নাপায় নহয় ডাঙৰ মানুহক এনেকৈ বৰ বৰ কথা ক’ব” বুলি ডাবি-ধমকিও খাইছো। পঢ়ি থকাকালত মই কলেজৰ আলোচনীত ‘ইন্দুনিভাননী’ বুলি এটা কবিতা লিখিছিলো। সেইটো সাংঘাতিক ব্যংগ হৈছিল।

ফটাঢোল– ছাৰ, আপুনি আনুষ্ঠানিকভাৱে ব্যংগ কেতিয়াৰ পৰা লিখিবলৈ ল’লে বা কিয় লিখিবলৈ ল’লে?

পুণ্য শইকীয়া:- সঁচা কথা ক’বলৈ গ’লে মই আচলতে ব্যংগ সাহিত্যিক নাছিলো জানানে। ব্যংগ সাহিত্যিক হ’ম বুলি কোনোদিনে ভবা নাছিলো। কিন্তু জনা হোৱাৰেপৰা ব্যংগ কথাৰে ক’বলৈ ল’লো আৰু তাৰপাছত লেখাৰ কথা যেতিয়া আহিল গল্প-কবিতা-প্রবন্ধ যিয়েই লিখো সকলোবোৰচোন ব্যংগ হৈ গ’ল। আনুষ্ঠানিকভাৱে ব্যংগ লিখিবলৈ লোৱা কথাটো এনেকুৱা – মই তেতিয়া ২৫-৩০ বছৰমান বয়সৰ। তেতিয়া সাপ্তাহিক নীলাচলত মই চিৰিয়াচধর্মী, দার্শনিক বিষয়বস্তু লৈ প্রবন্ধ লিখো। এদিন গুৱাহাটীলৈ যাওঁতে সেইসময়ৰ ‘অগ্রদূত’ৰ সম্পাদক কনকসেন ডেকাক লগ পাবলৈ তেওঁৰ ঘৰলৈ গ’লো। তেওঁ খুব ভাল পালে। পিছদিনা আকৌ ভাত খোৱাকৈ তেওঁৰ ঘৰলৈ মাতিলে। ভাতৰ টেবুলত বহি কথা আৰম্ভ কৰি তেওঁ মোক ক’লে- “আমাৰ তিনিদিনীয়া ‘অগ্রদূত’খন এতিয়া যিদৰে আছে তাতকৈ নতুন নতুন শিতান ইয়াত খুলিব পাৰি নেকি? এই সম্পৰ্কে কিবা পৰামৰ্শ এটা দিয়কচোন।” মই মনতে ভাবিলো তেওঁৰ দৰে ইমান ডাঙৰ মানুহ এজনক মইনো বাৰু পৰামৰ্শ দিব পাৰোনে? তথাপি অলপ চিন্তা কৰি ক’লো- “আপোনাৰ তিনিদিনীয়া ‘অগ্রদূত’খন বৰ সুন্দৰকৈ চলিছে তাত সন্দেহ নাই। তাত এটা ব্যংগাত্মক শিতান খুলিব নোৱাৰিনে?” এনেকৈহে মই কৈছিলো। কিন্তু ভুলতো কোৱা নাছিলো যে সেইটো শিতানত মই লিখিম। তেওঁ খুব ভাল পালে কথাটো। তাৰ পোন্ধৰদিনমানৰ পিছত মোলৈ এখন চিঠি আহিল। তেখেতে লিখিছে যে-‘মোৰ অগ্রদূত কাকতত আপুনি নতুন শিতান এটা আৰম্ভ কৰাৰ কথা আছিল। আপুনি এতিয়াও লিখা নাই কিয়? সোনকালে আৰম্ভ কৰক।’– মইতো আচৰিত! মইতো লিখিম বুলি কোৱা নাছিলো, আৰম্ভ কৰাৰ কথাহে কৈছিলো। মনতে ঠিক কৰিলো- লিখিয়েই চোৱা যাওকচোন বাৰু যি হয় হ’ব। লিখিলো। তাৰ নাম দিলো ‘নেপথ্যত গুণগুণনি’। প্রথমটো লেখা লিখিছিলো “কিহে মাষ্টৰ, কি খবৰ?” সেয়াই আৰম্ভণি। এনেকৈ অপ্রত্যাশিতভাৱে এই শিতানটো আৰম্ভ কৰিছিলো আৰু এনেদৰে অপ্রত্যাশিতভাৱেই মই ব্যংগ লিখক হৈ পৰিলো।

ফটাঢোল– অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত সাহিত্যৰ অন্যান্য বিভাগৰ তুলনাত ব্যংগ সাহিত্যৰ চৰ্চা বা সংখ্যা কম দেখা যায়। তাৰ কাৰণ কি বুলি ভাবে ছাৰ?

পুণ্য শইকীয়া.- পাৰিলেহে লেখিব। কথাটো এনেকুৱা- যিজনক আমি সাহিত্যৰথী পাতি থৈছো তেৱেই দেখোন ব্যংগৰ সম্ৰাট। আজিকালি কিছুমানে ব্যংগ সাহিত্যক অলপ তলখাপৰ সাহিত্য বুলি বুজাবলৈ যত্ন কৰে। কিন্তু কোনে কৰে তেনেকুৱা যত্ন? যিবিলাকে জীৱনত তেনেকুৱা এটা বাক্যও লিখিব নোৱাৰে। অথচ গোটেই পৃথিৱীখন কঁপাই আছে কোনে? এৰিষ্টফেনিচৰ পৰা আৰম্ভ কৰি বাৰ্ণাড শ্ব’, মাৰ্ক টোৱেইন, আমাৰ লক্ষ্মীনাথ বেজবৰুৱালৈকে এই সকলো ব্যংগ লেখকেই। গতিকে স্বাভাৱিকতে লিখিব নোৱাৰে বাবেই এই ধাৰাটোৰ লেখক কম। বহুতে অৱশ্যে এনেকৈও ক’ব খোজে যে ব্যংগ সাহিত্য বেজবৰুৱাতে আৰম্ভ বেজবৰুৱাতে শেষ। মই পিছে ইমান জেনেৰেলাইজ কৰা কথাটো সমৰ্থন নকৰো। মোক আকৌ কোনোবাই কোনোবাই বেজবৰুৱাৰ লগতো তুলনা কৰিছে দেই। এইটো বৰ হাস্যকৰ। “কাঁহা ৰাজা ভোজ আৰু কাঁহা গংগু তেলী”। কিন্তু কৈছে আকৌ জ্ঞানানন্দ শৰ্ম্মা পাঠকৰ নিছিনা মানুহে। তেওঁ মোৰ লেখাবিলাকক ইংলেণ্ডৰ ষ্টিল এডিচনৰ লেখাৰ লগত তুলনা কৰিছে। সেইটোত মই অলপ আচৰিত হওঁ আৰু নিজৰ ওজনটো জানো বাবেই য’ত য’ত সেইটো উল্লেখ আছে মই সেইবোৰ লুকুৱাই থওঁ।

ফটাঢোল– ব্যংগ ৰচনাৰ ভাষা কেনেকুৱা হোৱা উচিত? বহু সময়ত দেখা যায় যে ব্যংগ সাহিত্যৰ নামত বহু লেখকে কথিত ভাষা, শাৰিৰীক অক্ষমতা আদিক সমল হিচাপে ব্যৱহাৰ কৰে। এই সম্পৰ্কে আপুনি কি ক’ব ছাৰ?

পুণ্য শইকীয়া.- প্ৰথম কথা হ’ল ব্যংগ ৰচনাৰ ভাষা বুলি এটা নিৰ্দিষ্ট ভাষা নাই। কথা হৈছে- তুমি গ্ৰাম্য জীৱনৰ চৰিত্ৰ এটা যদি অংকণ কৰিছা, তুমি তাত প্ৰপাৰ গ্ৰাম্য জীৱনৰ ভাষাটো তেওঁৰ মুখত দিব নোৱাৰিলে তুমি ফেইলাৰ। আৰু গ্ৰাম্য ভাষা এটা ব্যৱহাৰ কৰি হাঁহি উঠাবলৈ যোৱাটোৱেই এটা স্থূল কথা। আৰু সেইবোৰ কৰিবলৈ যোৱাটোও উচিত নহয়। আৰু আজিকালি কোনো কোনোৱে কেৰিকেচাৰ কৰি হঁহুৱাবলৈ যত্ন কৰে, কৰিলেই হঁহুৱাব নোৱাৰিব নহয়। ক’লে এতিয়া মোক বেয়া পাব, কিন্তু আজিকালি যিবোৰ কমেডি বুলি দৃশ্য দেখুৱাই সেইবোৰ আমি বিংশ শতিকাৰ প্ৰথমাৰ্ধতে এৰিলো। আজিও যদি সেইবোৰ চলাই থাকিবলৈ হয়, তেন্তে অসমীয়া হাস্য-ব্যংগ কি আগবাঢ়িল কোৱাচোন?

ফটাঢোল– অসমীয়া হাস্য-ব্যংগৰ ক্ষেত্ৰখনত আৰু কি কি ধৰণৰ কাম কৰিব লগা আছে বুলি ভাবে ?

পুণ্য শইকীয়া– বৰ্তমান সমাজখনত কি ৰাজনীতি, কি সমাজনীতি, কি সাহিত্য সকলোতে এনে এক অদ্ভূত আগতে নোহোৱা পৰিবেশৰ সৃষ্টি হৈছে, তাত ব্যংগটোৱে কামতে নহা হৈ গৈছে। ব্যংগ ৰচনাৰ কথাটো হৈছে যে পোনপটীয়াকৈ পাঠকৰ মস্তিষ্কত আঘাত কৰা। কথাটো কওঁতে যদিও আওঁপকীয়াকৈ কোৱা হয়, আঘাতটো কিন্তু পোনপটীয়াকৈ হয়। কিন্তু বৰ্তমান পৰিবেশ পৰিস্থিতি এনেকুৱা হৈছে যে আওঁপকীয়াকৈ বাদেই পোনপটীয়াকৈ ক’লেও কাৰো গাতেই নালাগে। গতিকে এনে পৰিস্থিতিত ব্যংগাত্মক লেখাক আৰু শাণিত কৰিব লাগিব, আৰু বেছি ধাৰাল আৰু তীব্ৰ-তীক্ষ্ণ কৰিব লাগিব। তেতিয়া হয়তো কিবা কামত আহিব।

ফটাঢোল– আজিকালি আপোনাৰ লেখা কমকৈ দেখা যায়। কিয় নিলিখে ছাৰ?

পুণ্য শইকীয়া– এতিয়াৰ যুগটো হ’ল ঘেচেৰকৈ কাটি দিয়াৰ যুগ। আওঁপকীয়াকৈ কোৱাৰ যুগ নাইকিয়াই হৈ গ’ল। সমাজৰ বিভিন্ন দিশসমূহ ব্যংগাত্মক ৰূপে তুলি ধৰিবলৈহে আমি যত্ন কৰো। এটা সময়ত সেইবোৰ খুব কামত আহিছিল। কিন্তু বৰ্তমান অসমত এনেকুৱা দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ চলি আছে যে এনে পৰিস্থিতিত পোনপটীয়াকৈ মাৰিলেও লৰচৰ কৰিব নোখোজে, আওঁপকীয়াকৈ ক’লে আৰু ক’ত গাত লাগিব? সঁচা কথা ক’বলৈ গ’লে বৰ্তমান অসমত সাহিত্যৰ পৰিবেশেই নাইকিয়া হৈ গৈছে। চাৰিওফালে পৰিবেশটো এনেকুৱা হৈ গৈছে যে কোনেও কাৰো কথাই শুনিব নিবিচাৰে। এই অৰাজক পৰিস্থিতিত নিজকে কেতিয়াবা অপাংক্তেয় যেন লাগে। অৱশ্যে মই হতাশ হৈছো বুলিও ক’ব নোৱাৰি। কিন্তু আজিকালি কিবা এটা লিখিবলৈ লৈ বহু কথা চিন্তা কৰিবলগীয়া হয়। বিশেষকৈ আমাৰ জাতি-গোষ্ঠীবিলাকৰ মাজত আত্মীয়তা ভাৱটো নাইকিয়া হৈ গৈছে। প্ৰত্যেকেই ‘মইবৰ’ ধৰণৰ চিন্তাবোৰ কৰিবলৈ লৈছে। তাৰ ফলত ধৰা, মই যদি কোনোবা বিশেষ জনগোষ্ঠী এটাৰ নাম লৈ কিবা এটা লিখিলো, তেওঁলোকে বেয়াই পাই যাব। তেওঁলোকে নিজে কিন্তু সেইটো কৈ গৌৰৱবোধহে কৰিব। এইধৰণৰ কথাবোৰে আচলতে বৰ্তমান সময়ত প্ৰত্যেকজন লেখকক অলপ বিৰক্তি দি আছে। বিৰক্তিৰ মাজত অন্য সকলো হ’ব পাৰিলেও সাহিত্য কিন্তু হ’ব নোৱাৰে।

ফটাঢোল– ছাৰ, আপোনাৰ ব্যক্তিগত জীৱনৰ এনেকুৱা কিবা ঘটনা বা কাহিনী আছেনে, যিটোৱে পাঠকক হাঁহিৰ খোৰাক যোগাব ?

পুণ্য শইকীয়া– তেনেকুৱা ঢেৰ আছে বুজিছা। এবাৰ কি হ’ল জানানে, মই নিজকে পুণ্য শইকীয়া বুলি বহুত যুক্তিৰেও মানুহক বুজাব নোৱাৰিলো। মই যে পুণ্য শইকীয়া কথাষাৰ বুজাওঁতে মোৰ জ্বৰ-ঘাম বাজ হৈ গ’ল। শিৱসাগৰৰ এখন বুকষ্টলত এজন মানুহে মোৰ ‘নেপথ্যত গুণগুণনি’ পঢ়ি আছে, আৰু লগত শ্ৰোতা কেইবাজনো। মইতো আৰু ভাগ ল’ব নোৱাৰো। মই আলেঙে আলেঙে চালো। মই অন্য এখন পেপাৰ লৈ মুখখন অলপ ঢাকি ৰাখি তেওঁলোকেনো কি কয় শুনি ৰ’লো। নেপথ্যত গুণগুণনি পঢ়ি শেষ হোৱাৰ পাছত তেওঁলোকৰ মাজত আলোচনা হ’ল। আলোচনাৰ বিষয় হ’ল পুণ্য শইকীয়া কোন, ক’ত থাকে। তাৰ মাজতে এজনে মোক চিনি পোৱা বুলি দাবী কৰি ক’লে যে পুণ্য শইকীয়া আমাৰ শিৱসাগৰৰ মানুহ। এজনে সুধিলে- “ক’ত থাকে?” সিজনে উত্তৰ দিলে- “এই আমাৰ ওচৰে পাজৰেই থাকে।” আকৌ কোনোবা এজনে সুধিলে- “মানুহজন কেনেকুৱা হে?” চিনাকি বুলি দাবী কৰাজনে এখোপ চৰাই ক’লে- “এই শকত-আৱত থুলন্তৰ।” “তেওঁ কি পিন্ধে?” –আন এজনৰ প্ৰশ্ন। “ধুতি পিন্ধে।” –দাবী কৰাজনৰ সহজ ভংগীমাৰ উত্তৰ। মইতো কেতিয়াও ধুতি নিপিন্ধো। মই দেখিলো এই মানুহজনেতো গোটেইখন মিছা কথা কৈ আছে। মই ধৈৰ্যৰে গোটেই কথাবোৰ শুনি আছিলো। তাৰ পাছত এটা সময়ত মোৰো মনৰ দুষ্ট বুদ্ধি এটা খেলালে, মই কাষলৈ গৈ মানুহজনক সুধিলো- “আপুনি পুণ্য শইকীয়াক চিনি পায় ন?” মোৰ ফালে নোচোৱাকৈয়ে মোক পাত্তা নিদিয়াৰ ভাৱত তেওঁ কলে- “পাওঁ পাওঁ, ভালকৈয়ে চিনি পাওঁ।” মই কিবাকিবি সুধিবলৈ যত্ন কৰিলো, তেওঁ মোক পাত্তাই দিব নুখুজিলে। অৱশেষত গৈ মই ক’লো যে পুণ্য শইকীয়া ময়েই। মোৰ কথা শুনি তেওঁ যিটো কাঠ-হাঁহি মাৰিলে মোৰ একেবাৰে অন্তৰ ভেদি গ’ল বুইছানে। তেওঁ এনেকুৱা এটা ভাৱ দেখুৱালে- এইজনলৈ চোৱা স্বয়ং পুণ্য শইকীয়াজনে হৈ ওলালহি। তেওঁ ক’লে- “থক থক বুইছে, মিছা মাতিব নালাগে। মই পুণ্য শইকীয়াক ভালকৈ চিনি পাওঁ।” মই সিমানতে এৰি সেই ঠাই ত্যাগ কৰিলো।

ফটাঢোল– আপোনাৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে জনাবনে?

পুণ্য শইকীয়া.- আচলতে মই জীৱনত পৰিকল্পনা কৰি কোনো কামেই নকৰিলো। সেইটো এটা মোৰ জীৱনৰ ডাঙৰ দুখ থাকি গ’ল। তথাপি আমাৰ সৰু সৰু মানুহবিলাকৰো এটা জীৱন থাকে নহয়। আন কাৰোবাৰ কামত আহক বা নাহক আমাৰ ঘৰৰ মানুহখিনিৰে কামত আহিব বুলি মই মোৰ আত্মজীৱনীখন লিখি আছো। মোৰ জীৱনৰ দুটা স্তৰৰ এটা হ’ল মোৰ ২৬ বছৰ বয়সলৈকে শিৱসাগৰীয় স্তৰ আৰু ৪৬ বছৰীয়া মোৰ এই ডিগবৈ চহৰৰ স্তৰ। এতিয়াও মই ডিগবৈতে আছোঁ আৰু ইয়াতে মই হাড় পেলাম। (হাঁহি মাৰি) যদিহে হাড় থাকেগৈ আৰু।

ফটাঢোল– নতুন প্ৰজন্মক- যিসকলে নতুনকৈ সাহিত্য চৰ্চা কৰিছে বা ব্যংগ লিখিবলৈ চেষ্টা কৰিছে তেওঁলোকক আপুনি কি উপদেশ দিব?

পুণ্য শইকীয়া– তেওঁলোকক মই এটা কথা ক’বই লাগিব- অসমীয়া ভাষাটোৰ যি কালিকা শক্তি, সেই শক্তিটো আয়ত্ব নকৰাকৈ তেওঁলোকে ব্যংগাত্মক সাহিত্যত সোমাব নোৱাৰিব। নোৱাৰিব এইকাৰণেই যে ব্যংগাত্মক ধাৰাটো এটা গতানুগতিক ধাৰা নহয়। মোৰ ব্যংগাত্মক সাহিত্যবিলাকত মই এটা বৈচিত্ৰ আনিবলৈ যত্ন কৰো। মই গাঁৱলীয়া পটভূমিত লিখো, চহৰীয়া পটভূমিত লিখোঁ, খেলা-ধূলা, চিনেমা আৰু লগতে অসমীয়া সংস্কৃতিৰ বিষয়েও লিখোঁ। এই বৈচিত্ৰটো লাগিবই। আৰু এই বৈচিত্ৰটো ভাষাটোৱেহে তুলি ধৰিব লাগিব। গ্ৰাম্য ভাষাটো যদি ভালকৈ আয়ত্ব কৰিব নোৱাৰে, চহৰীয়া ভাষাটো যদি ভালকৈ আয়ত্ব কৰিব নোৱাৰে, আৰু আলংকাৰিক যিটো ভাষা সেইটো যদি ভালকৈ আয়ত্ব কৰিব নোৱাৰে তেনেহলে ব্যংগ লিখিব কেনেকৈ? গতিকে নতুন প্ৰজন্মক মোৰ ক’বলগীয়া কথা এইটোৱে যে তেওঁলোকে ভাষাটো ভালকৈ শিকক। লাগিলে অলপ দেৰিকৈয়ে সাহিত্যৰ ক্ষেত্ৰখনলৈ আহক। কিন্তু ভুলকৈ নহয়, শুদ্ধকৈ লিখক।

ফটাঢোল– এগৰাকী সফল ব্যক্তিৰ সফলতাৰ আঁৰত এগৰাকী নাৰীৰ প্ৰেৰণা থাকে বুলি কোৱা হয়। আপোনাৰ সফলতাৰ আঁৰৰ উৎস কি বুলি ক’ব বিচাৰে?

পুণ্য শইকীয়া– তুমি মোক সফল ব্যক্তি বুলি কৈছা- তোমাৰ সফলতাৰ মাপকাঠি কি মই নাজানো। তথাপি তুমি মোক সফল বুলি ভাবিছা, মোৰ বাৰু ভালেই লাগিছে। কথা হ’ল মোৰ দৰে মানুহৰ সমস্যা এইখিনিতে হয়- ধৰা মই কিবা এটা লিখিলো, সেই বস্তুটো সামৰি-সুতৰি থ’বলৈ কোনোবা লাগিব নহয়। সেই কামটো আমাৰ এওঁ কৰে। আমাৰ সম্পৰ্কটো এনেকুৱা- যি পাওঁ ভগাই খাওঁ। মিঠাখিনিটো খাওঁৱেই, তিতাখিনিও ভগাই লওঁ। মোৰ সকলো ক্ষেত্ৰতে এওঁৰ সহযোগিতা আছে। গতিকে এওঁৰ অৱদান অৱশ্যেই আছে। এওঁৰ অৱদান নথকা হ’লে বোধহয় মই মোৰ কলমটো ইমানদিনলৈ চলাই যাব নোৱাৰিলোহেঁতেন

ফটাঢোল– আপোনাৰ পৰিয়ালৰ বিষয়ে কওঁকচোন ছাৰ।

পুণ্য শইকীয়া – আমাৰ পৰিয়ালত এওঁ, মই আৰু আমাৰ ল’ৰাটো। ল’ৰাই গুৱাহাটীত পঢ়ি আছে। সি মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলে। সি এতিয়া গুৱাহাটীৰ জনপ্ৰিয় কুইজাৰ। তাৰ নাম সায়ন্তন শইকীয়া।

ফটাঢোল– ছাৰ, আপোনাৰ লগত এনেদৰে অন্তৰংগতাৰে কথা পাতি সঁচায়ে খুব ভাল লাগিল। বহু ভাল লগা, বহু নজনা কথা জানিব পাৰিলো। আপোনাৰ ব্যস্ততাৰ মাজতো আমাক এইকণ সময় দিয়াৰ বাবে আমি আন্তৰিক ধন্যবাদ জনাইছো, লগতে আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো।

পুণ্য শইকীয়া– মানুহক এইবোৰ লাগিবই। সহমৰ্মিতা, সহযোগিতা এইবোৰ জীৱনৰ বাবে দৰকাৰী। তোমালোক আহিলা বাবেই মইও দুআষাৰ ক’বলৈ সুবিধা পালো। মোৰ এতিয়া বাসত্তৰ বছৰ বুজিছা। এই বয়সতো মই চাইকেল চলাই, বাইক চলাই, গাড়ী চলাই ঘূৰি ফুৰো। আনৰ ভালৰ বাবে কিবা এটা কৰিব খোজো। যি কি নহওঁক মোৰ বিষয়ে কিবা এষাৰ ক’বলৈ সুযোগ দিয়াৰ বাবে তোমালোককো মই ধন্যবাদ জনাইছো।

(সাক্ষাৎকাৰ গ্ৰহণ কৰোতা – জীমণি গগৈ আৰু পাৰ্থ বিজয় ঠাকুৰ)

 

 

8 Comments

  • চাৰৰ বিষয়ে জানো যদিও বহু কথা জানাবলৈ বাকী থাকি গৈছিল৷ সাক্ষাৎকাৰ পঢ়ি বিশেষভাবে উপকৃত হ’লো৷

    Reply
  • ramanuj

    খুৱ ভাল লাগিল…
    ৰসাল সাক্ষাৎকাৰ ….শ্ৰীযুত ঠাকুৰ আৰু সম্পাদিকা মহোদয়াক ধন্যবাদ

    Reply
  • চাৰৰ বিষয়ে বহুত নজনা কথা জানিলো জীমনি৷ ফটাঢোলৰ মেগাজিন খন চাৰক চাব দিব লাগিব৷ আৰু পঢ়ি কেনে পালে সেইটোও সুধিব লাগিব৷ সাক্ষাৎকাৰটো বিৰাত ভাল লাগিল৷

    Reply
  • ৰিণ্টু

    সৰুৰে পৰা দেখি অহা এজন মানুহ শইকীয়া চাৰ। সাক্ষাৎকাৰটোত উল্লেখ থকা গোমোঠা গাৱঁ‌ৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দুৰত আমাৰ গাওঁ। সৰুৰে পৰা বিভিন্ন মেলে-মিটিঙে চাৰক দেখি আহিছো, তেখেতৰ স্বতঃস্ফূৰ্ত হাস্যৰস আৰু বাকপটুতাৰ লগত সৰুৰে পৰা চিনাকি।

    তথাপিও তেখেতৰ বিষয়ে বহু নজনা কথা জানিবলৈ পালো সাক্ষাৎকাৰটোৰ জৰিয়তে, খুব ভাল লাগিল।

    চাৰৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিলো।

    Reply
  • ঈশান

    বহুত ধন্যবাদ সাক্ষাৎকাৰটিৰ বাবে।

    Reply
  • সকলোকে আন্তৰিক ধন্যবাদ জনালোঁ।

    Reply
  • বৰ ভাল লাগিল কথাখিনি।বহু কথাই জানিলোঁ। অশেষ ধন্যবাদ।

    Reply

Leave a Reply

Your email address will not be published.