ফটাঢোল

সাক্ষাৎকাৰ–বিশিষ্ট কবি শ্ৰীআনিছ উজ্ জামান ডাঙৰীয়াৰ সৈতে

ফটাঢোল ই আলোচনীৰ মাৰ্চ সংখ্যাৰ এইমাহৰ অতিথিৰ ৰূপত আছে, অসমীয়া সাহিত্য জগতৰ বিশিষ্ট কবি শ্ৰী আনিছ উজ্ জামান ডাঙৰীয়া। বিংশ শতিকাৰ নব্বৈ দশকত ‘অজ্ঞাতে'(১৯৮৯) নামৰ কাব্য পুথিৰ যোগেদি আত্মপ্ৰকাশ ঘটা জামান ডাঙৰীয়াৰ কবিতাত নব্য আধুনিকতাবাদৰ ধাৰা পৰিলক্ষিত হয়। নৱকান্ত বৰুৱা, নীলমনি ফুকন আদিৰ দৰে কবিৰ যোগ্য উত্তৰসূৰী জামান ডাঙৰীয়াৰ কবিতাত বাস্তৱবাদী চিন্তা, মানুহৰ জীৱনশৈলী, মানসিক জগত আদিৰ মুক্ত প্ৰকাশ দেখা যায়। প্ৰেম আৰু মানৱতাৰ সুকীয়া কণ্ঠস্বৰ তেওঁৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য। শৈশৱৰ অভিজ্ঞতা, গাঁৱৰ নিভাঁজ চিত্ৰৰ প্ৰকাশ, মহানগৰীৰ ৰুক্ষতা আৰু নানা জাতিৰ মিলনৰ জয়গান তেওঁৰ কবিতাৰ প্ৰধান অংগ। সত্তৰ দশকৰ পৰাই চৰ্চা অব্যাহত ৰখা জামান ডাঙৰীয়াৰ কবিতাৰাজী স্বমহিমামণ্ডিত। তেনে আহকচোন, বিশিষ্ট কবি গৰাকীৰ বিষয়ে কিছু কথা জানো।

 

ফটাঢোল: নমস্কাৰ আনিছ উজ জামান ডাঙৰীয়া, আমি হাস্য-ব্যংগ ই-আলোচনী ফটাঢোলৰ পৰা আহিছোঁ। আমাৰ আলোচনীৰ বিশেষ শিতান ‘এই মাহৰ অতিথি’ হিচাবে আপোনাৰ পৰা অলপ সময় বিচাৰি আহিলোঁ।

আনিছ উজ জামান: নমস্কাৰ, মই শুনি আছোঁ আপোনালোকৰ এই আলোচনীখনৰ কথা।

ফটাঢোল: ধন্যবাদ জামান ডাঙৰীয়া, তেনে আগবাঢ়োঁ আমাৰ শিতানলৈ। আপোনাৰ কবিতাবোৰত বিশেষকৈ মানৱতাবোধৰ কথা অাছে, মানৱতাৰ অপচয়বোধৰ বিষয়েও আপোনাৰ কবিতাত উল্লেখ আছে। এইবিষয়ে আপোনাৰ পৰা বহলাই জানিব বিচাৰিম।

আনিছ উজ জামান: অাচলতে মানুহৰ লগত সম্পৰ্ক নাথাকিলে কোনো মহান হ’ব নোৱাৰে, সি লাগিলে যেনেকুৱাই নহওক। নেৰুডাই কৈছিলে যে মানুহৰ লগত সম্পৰ্ক নথকা কবিতাই সম্পৰ্কহে কৰিব পাৰে, গান গাব নোৱাৰে। এইকথাটো মই সদায় মনত ৰাখোঁ , মই যেতিয়া সভা সমিতিত অংশগ্ৰহণৰ বাবে গাঁওবোৰলৈ যাওঁ, মোৰ মানৱতাবোধৰ ওপৰত থকা বিশ্বাসৰ কাৰণেই শিক্ষিত হওক অশিক্ষিতে হওক সেই গাঁৱৰ মানুহবোৰৰ লগত বহি কথা পাতি মনৰ সংবাদ ল’ব বিচাৰোঁ। মই ভাবোঁ এগৰাকী কবিৰ সেই বোধটো থাকিব লাগে। বুদ্ধদেৱ গোস্বামীয়ে কৈছিল, অাত্মাৰ অান এটা নামেই হৈছে কবিতা। যিসকলে মানৱতাবোধক গুৰুত্ব দিব পাৰিছে তেওঁলোকেই মহান হৈছে। ১৯৯০ চনৰ নোবেল বঁটা প্ৰাপ্ত অক্টাভিঅই কৈছে যে মানুহৰ তুলনা সাধাৰণ গছ নাইবা চৰাইৰ লগত কৰিব নোৱাৰি। মানুহ হৈছে সৃষ্টিৰ মাজত বহি থকা এটা শক্তি অাৰু সেই শক্তিটোৰ কাৰণে বিভিন্ন সময়ত কোনোবাই ছবি অাঁকিছে, কোনোবাই গান গাইছে, কোনোবাই কবিতা কিম্বা উপন্যাস লিখিছে। কিন্তু প্ৰতিটো লেখাৰ অন্তৰালত, প্ৰতিখন ছবি অংকন কৰাৰ অন্তৰালত সেই মানৱতাবোধটো থাকিব লাগিব। যিদৰে নতুন জন্ম পোৱা সন্তানে মাকৰ গাত নিজৰ গাটো ঘঁহি থাকে ঠিক সেইদৰেই সমসাময়িক মানুহখিনিৰ লগত আমিও মনটো ঘঁহাই থাকিব লাগে।

 

ফটাঢোল: আপোনাৰ শৈশৱৰ বিষয়ে জানিব বিচাৰিম।
আনিছ উজ জামান: মোৰ জন্ম শিৱসাগৰ নগৰৰ পৰা প্ৰায় ৩০ কিল’মিটাৰ অাঁতৰৰ অাহোম ৰজাৰ ৰাজধানী চৰাইদেউৰ ওচৰত বামুণবাৰী গাঁঁৱত, ১৯৪৭ চনৰ ৩ ফ্ৰেব্ৰুৱাৰী মোৰ জন্মৰ দিন। প্ৰাইমেৰী স্কুল বামুনবাৰীতে পঢ়িলোঁ, তাৰ পাছত টেঙাপুুখুৰী হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰি জেবি কলেজলৈ অাহিলোঁ। জেবি কলেজতে চৈয়দ আব্দুল মালিক চাৰ, নবীন গগৈ, ডিম্বেশ্বৰ শৰ্মা, যতীন গোস্বামীৰ দৰে বিশিষ্ট ব্যক্তিৰ সান্নিধ্য পাইছিলোঁ। কাব্য চৰ্চাৰ ক্ষেত্ৰত তেওঁলোকে মোক বহুত উৎসাহিত কৰিছিল। পৰৱৰ্তী কালত মই অসমীয়াত অনাৰ্চ লৈ বিএ পঢ়িলোঁ, ১৯৬৮ চনত মই গুৱাহাটী ইউনিভাৰ্চিটি অাহিলোঁ এম এ পঢ়িবলৈ। দেউতাৰ মৃত্যু আৰু মোৰ অসুস্থতাৰ হেতু এবছৰ সময় নষ্ট হৈছিল, ১৯৭১ চনতহে মোৰ এম এ সম্পূৰ্ণ হয়। মোৰ জীৱনৰ দুটা অৱস্থান সদায় মনত ৰাখোঁ যোৰহাটত মই অাব্দুল মালিক চাৰক লগ পাইছিলোঁ অাৰু গুৱাহাটীত পাইছিলোঁ ডঃ মহেশ্বৰ নেওগ। এই দুজনা ব্যক্তিৰ প্ৰভাৱ এটা মোৰ ওপৰত পৰিছিল, মানুহ হিচাপে নিজক গঢ়ি তোলা, নিজক চিনি পোৱাৰ লগতে অানকো চিনাৰ চেষ্টা কৰাৰ কথা মই এই দুজন মানুহৰ পৰাই শিকিলোঁ। এটা কথা মনত পৰে এতিয়াও, বিশ্ববিদ্যালয়ত পঢ়োঁতে নেওগ চাৰে যেতিয়া ক্লাছ ল’বলৈ অাহে এনে ভাব হয় অামাৰ ফালে যেন এটা পাহাৰহে অাহি অাছে। সেই অনুভৱটো মোৰ এতিয়াও হয়, এতিয়াও ইউনিভাৰছিটিত সোমালে প্ৰায় ৬ ফুট ১ ইঞ্চি ওখ ধূতি পাঞ্জাৱী পৰিহিত মানুহজনৰ ৰূপত এখন পাহাৰ অাহি থকা অনুভৱটো আহে। সেইটো কেতিয়াও মই জীৱনত পাহৰিব নোৱাৰোঁ।

ফটাঢোল: আপোনাৰ জীৱনৰ যিকোনো এটা স্মৰণীয় মুহূৰ্তৰ বিষয়ে কওকচোন।

আনিছ উজ জামান: তেনেকুৱা মুহূৰ্তটো বহুত অাছে ভাল বেয়াই মিলি। মোৰ দুঃসময়ৰ ঘটনা এটাৰ বিষয়ে ক’ব বিচাৰিম, ইউনিভাৰ্ছিটিত পঢ়াদিনৰ কথা। দেউতা ঢুকুৱা খবৰটো পাইছোঁ ইফালে অাগদিনা মই হস্পিটালাইজদ হৈছোঁ বসন্তৰোগৰ কাৰণে৷ পিছদিনা ইউনিভাৰ্ছিটিৰ ইলেকচন, নগাঁৱৰ উপেন্দ্ৰ বৰকটকী, কল্যাণ দাস অাৰু ৰবীন ডেকাহঁতে হস্পিটালত পৰি থকা মোক জিকাবৰ কাৰণে যিটো কষ্ট কৰিছিল সেয়া মোৰ মনত ছবি হিচাবে অাছে। তেওঁলোকৰ বাবেই মই সেইবাৰলৈ জিকিলোঁ। বসন্তত ভূগি ইউনিভাৰ্ছিটিৰ হস্পিতালত পৰি থাকোঁতে, তেতিয়াৰ বুৰঞ্জীৰ অধ্যাপক শীলা বৰুৱা অাৰু বিৰিঞ্চি ভট্টাচাৰ্য্য চাৰে মোৰ মংগলৰ কাৰণে কীৰ্ত্তনখন লৈ অাঠুকাঢ়ি সেৱা কৰিছে, কাষত কমাৰ্চৰ নজিৰুল ইছলামে কোৰাণ পঢ়ি অাছিল। দৃশ্যটো দেখি ৰবীন ডেকাই কান্দি দিছিল, এই দৃশ্যটো মোৰ বাবে সদায়েই স্মৰণীয় হৈ থাকিব। দুটা ভিন্ন শক্তিয়ে মোৰ মংগলৰ কাৰণে ক্ৰিয়া কৰিছে, ইয়াতকৈ সৌভাগ্য মোৰ বাবে কি হ’ব পাৰে।
আৰু এটা কথা মনত পৰিছে মোৰ, সৰুতে বিহুৰ হুঁচৰিলৈ বন্ধুবোৰে মোক লৈ যাওঁ বুলি ক’লে দেউতাই কয় ইয়াক সিবিধ নুখুৱাবি। মানে পানীয় বিধ খুৱাবলৈ নিদিয়ে। মাঘ বিহুৰ মেজি পোৰা সময়তো মোক লৈ যায়, গোটেই ৰাতিটো লগৰীয়াখিনিৰ লগত কটাওঁ৷ ৰাতিপুৱা ঠিক ফেহুজালি দিয়াৰ সময়তে ৰন্ধা বৰালি মাছৰ জোলখন এতিয়াও মনত পৰে। নামনিৰ মেজিবোৰ খেৰৰ কিন্তু উজনীৰ ফালে কাঠৰ মেজি সাজে। সেই মেজি জ্বলাবলৈ অহা বামুণে মন্ত্ৰোচ্ছাৰণ কৰি অাঙুলিৰে ঘিউ মাৰে, এপাকত সেইটো ময়ো মাৰি দিওঁ। তেতিয়া লগৰবোৰে কয় গৰীয়াই মাৰিলে গ’ল।খুব ধেমালি হয় ৰাতিলৈকে, ঘৰলৈ মেজিৰ জুই পুৱাইহে অাহোঁ। এতিয়া মেজিৰ সেকটো ইয়াতো পিছে মই ৰাতিপুৱা লওঁ।

 

ফটাঢোল: আপোনাৰ জীৱন সংগ্ৰামৰ বিষয়ে অকণমান ক’ব নেকি?

আনিছ উজ জামান: এতিয়া জীৱনক লৈ তেনেকৈ একো সংগ্ৰাম নাই যিহেতু মই চাকৰি কৰি আছোঁ। প্ৰথমতে কিন্তু মোৰ কষ্ট হৈছিল কাৰণ পঢ়ি থকা সময়তেই দেউতা ঢুকাইছিল। ঘৰত তেনেকৈ ব্যৱসায়ো নাছিল, খেতি-মাটিও সামান্য। যথেষ্ট কষ্টৰ মাজেৰে মোৰ দাদাই ধান বিক্ৰীৰ টকাৰে মোক পঢ়ুৱাইছিল।পাছলৈ মোৰ পৰিবাৰেও মোলৈ টকা পঠিয়াই, এওঁ তেতিয়া জুনিয়ৰ স্কলাৰচিপ পাই আছিলে। আজিকালিৰ তুলনাত তেতিয়া আমাৰ ঘৰৰ পৰা পঠিওৱা ১৫০ টকাটো তেনেই নগন্য৷ এওঁৰ পৰাই মাজে মাজে ৫০ টকা ধাৰ লওঁ ২০০ টকা হ’লেই হয়৷ সেয়ে আমাৰ ধুনীয়াকৈ চলি যায়। আমি ফুৰিবলৈ যাওঁতে দুয়োটাই খাওঁ কেতিয়াবা এওঁ পইচা দিয়ে কেতিয়াবা মই দিওঁ। কষ্টও আছিল সেই সময়বোৰত। দুযোৰ কাপোৰ এযোৰ জোতা লৈয়ে মই পঢ়িছিলোঁ, ধুন-পেছ মাৰি ফুৰা স্বভাৱ নাছিল। পাছৰ পৰ্যায়ত আহি যেতিয়া চাকৰি কৰোঁ তেতিয়া অলপ বেলেগ হ’ল। ব্যৱসায় কৰিও মই পইচা ঘটিব পাৰিছিলোঁ। কাৰণ সেই সময়ত মোক প্ৰায় মানুহে চিনি পাইছিল। প্ৰিণ্টিঙৰ কাম থাকিলে মানুহে মোকে কৰিবলৈ দিয়ে আৰু সেই কাম কৰিয়ে মই ঘৰটো বনাইছিলোঁ। কিন্তু মাটি কিনিছিলোঁ দেউতাই দিয়া মাটি অলপ বিক্ৰী কৰি।

ফটাঢোল: আপোনাৰ প্ৰেৰণা?

আনিছ উজ জামান: আচলতে মোৰ গাঁওখনেই মোৰ প্ৰেৰণা। মই ভাবোঁ প্ৰতিজন লেখকৰে নেপথ্যত এখন গাঁও থকা উচিত। সেইটো ময়ো স্বীকাৰ কৰোঁ আৰু অন্যসকলেও স্বীকাৰ কৰে। অৱশ্যে নগৰীয়া সাহিত্যকো মই অৱজ্ঞা নকৰোঁ, নগৰটো গাঁৱৰ পৰাই সৃষ্টি হৈছে। কিন্তু গাঁওখনৰো এটা বেলেগ দিশ থাকে, সেয়া ভাষাৰ ক্ষেত্ৰত বা ভাৱনাবোধৰ ক্ষেত্ৰতে হওক। গাঁওখনে মোক বেলেগ এটা ৰূপ দিছে। মাছৰোকা চৰাইটোৱে কেনেকৈ মাছটো খায় সেইটো মই যেনেকৈ ক’ব পাৰিম নগৰত ডাঙৰ হোৱা মানুহজনে হয়তো ভালকৈ ক’ব নোৱাৰিব।

ফটাঢোল: এতিয়া অলপ ব্যক্তিগত বিষয়লৈ আহিছোঁ। আপোনাৰ প্ৰেমৰ আৰু আপোনাৰ সংসাৰৰ বিষয়ে ক’ব নেকি?

আনিছ উজ জামান: হাঃহাঃহাঃ! প্ৰেমত পৰিয়েই সংসাৰ কৰিছোঁ বুলিয়েই কওঁ। আমাৰ সম্পৰ্কটো ঠিক প্ৰেম বুলিয়েই নে ভালপোৱা কি আছিল এইটো নাজানিলোঁ৷ মই এওঁৰ লগত ১৯৬৮/১৯৬৯ ৰ পৰাই চিনাকি। ডেকা বয়স তাতে, সেইটো সময়ত মনে কাৰোবাক বিচাৰি ফুৰে। সেই সময়ত মই এওঁক লগ পালোঁ, প্ৰথম দেখাতেই ভাল লাগিছিল মোৰ তেওঁৰ ব্যক্তিত্ব। প্ৰেমৰ নামত কেতিয়াবা লাইব্ৰেৰী লৈ যাওঁ, বহোঁ, অলপ দেৰি কথা পাতোঁ, চাহ খাওঁ সেইখিনিয়ে আৰু। তাৰপিছত মই ঘৰত জনালোঁ, মাৰ আগত ক’লোঁ। একেষাৰতে মায়ে মানি ল’লে এওঁৰ কথা। মায়ে বিয়াৰ কথা পাতিবলৈ মহাক পঠাই দিলে এওঁলোকৰ ঘৰলৈ, মহায়ো আঙুঠি এটা পিন্ধাই তেওঁলোকৰ ঘৰত কৈ আহিল আমাৰ তাৰ হৈ আঙঠি এটা পিন্ধায়ে থৈ গৈছোঁ৷ তেনেকৈয়ে আমি ৬/৭বছৰ থাকিলোঁ। আমাৰ বিয়া হৈছিল ১৯৭৬ ত, এয়াই আমাৰ সংসাৰৰ কাহিনী।
ফটাঢোল: আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি?

আনিছ উজ জামান: বৰ্তমানলৈকে ৬ খন মান কিতাপ লিখা হ’ল, অলপতে আৰু এখন ওলাব। ফুকন ছাৰৰ কিতাপ এখন সম্পাদনা কৰা আছিল। আৰু কেইখনমান কিতাপ কৰিলে ভাল হ’ব। মোৰ ছোৱালীকেইজনী ভালে থাকক, সুখেৰে থাকক। মোৰ সন্তানৰ বয়সৰ সকলোবোৰ কুশলে থাকক। মই নৱপ্ৰজন্মৰ কবিসকলক ক’ব বিচাৰোঁ যে সাহিত্যত কাৰো প্ৰতি বিদ্বেষভাৱ নাৰাখিবা। নতুন প্ৰজন্মক কওঁ যে তোমালোক ওলাই আহা, ভাষাৰ প্ৰতিষ্ঠা কৰা, লোকসাহিত্যৰ অধ্যয়ন কৰা। ভাষাটোক ৰাখিব পাৰিলে আমাৰ এটা সুকীয়া পৰিচয় থাকিব।

ফটাঢোল: বৰ্তমানৰ পৰিস্থিতি সম্পৰ্কে, হিংস্ৰতা, ধৰ্মীয় গোড়ামী, সন্ত্ৰাসবাদ, ৰাজনীতিকৰণ, জাতীয় সমস্যা আদিৰ সম্পৰ্কে আপুনি কি ক’ব? ইয়াৰ কাৰণ কি বুলি ভাবে আপুনি?

আনিছ উজ জামান: কাৰণবোৰ সম্পৰ্কে কি কম। মানুহৰ আচলতে ঠাই নোহোৱা হৈছে। চিন্তাৰ ঠাই নোহোৱা হৈছে, থকাৰ ঠাই নোহোৱা হৈছে। এই ঠাই নথকাৰ বাবে বিভিন্ন ধৰণৰ চিন্তাবিলাক আহে। কিন্তু সন্ত্ৰাসবাদটো মই একেবাৰে স্বীকাৰ নকৰোঁ। কাৰণ হত্যা কৰাটো, কাৰোবাক মৰাটো মানি ল’ব নোৱাৰি। কালি পৰহি পুলৱামাত মৃত্যু হোৱা 44 জন শ্বহীদক মই আপোনালোকৰ এই অনুষ্ঠানৰ যোগেদি শ্ৰদ্ধা জনাইছোঁ। তেওঁলোকৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ। তেওঁলোকৰ পৰিয়াললৈ মোৰ সমবেদনা আছে। এই মানুহখিনিয়ে কাৰ কাৰণে কৰিছে? আমাৰ দেশৰ কাৰণে, আমাৰ ভাৰতবৰ্ষখন ৰক্ষা কৰিবৰ কাৰণে যুদ্ধৰত হৈ আছেগৈ তাত। কিন্তু তেওঁলোকক মাৰি পেলাইছে। মই সন্ত্ৰাসবাদতাক বিষেদগাৰ কৰোঁ। আমাৰ ঠাই নোহোৱা হৈছে, চিন্তাৰ ঠাই নোহোৱা হৈছে, বহাৰ ঠাই নোহোৱা হৈছে, ভাৱনাৰ ঠাই নোহোৱা হৈছে। এই নোহোৱা হোৱাৰ কাৰণে কিছুমানে সন্ত্ৰাস কৰা হৈছে। বিদ্বেষ ভাৱটো আজিকালি মানুহৰ মাজত বেছি দেখা পোৱা যায়। গাইগুটীয়া পেটে ভঁৰাল নিচিনা হৈছে মানুহবিলাক। আৰু এটা চৰ্চা হৈছে আজিকালি। মই বেয়া পাইছোঁ কথাটো। এটা সময়ত আমি হিন্দু আৰু মুছলমান শব্দটো ক’বলৈ ভয় কৰিছিলোঁ, বেয়া পাইছিলোঁ৷ অসমীয়া মানুহ বুলিয়ে কৈছিলোঁ। এতিয়াও আমি কওঁ অসমীয়া মানুহ বুলিয়ে। কিন্তু আজিকালি টিভিত কোনোবা দুজনমানে হিন্দু মুছলমান কৰি পেলাইছে। মোক মুছলমান বুলি ক’লে মোৰ লগত হিন্দুটোও আছে। কাৰণ মোৰ দেউতাৰ মাক আহোম ছোৱালী আছিল। মোৰ ৩০ শতাংশ তেজ আহোমৰ। মই কেনেকৈ ক’ম যে মই হিন্দু নহয় বুলি। গতিকে মোৰ মনত সেইবোৰ ভাৱ নাই। আজান ফকীৰেও কৈছে যে ”মোৰ মনত সেই ভাৱ নাই অ’ আল্লা”। হিন্দু কি মুছলমান একেই আল্লাৰ ফৰমান, আচৰটো একেই আল্লাৰ নাম। সেইজন আমাৰ মহাপুৰুষ, আমাৰ গুৰুৱে যিখিনি শিকাই থৈ গৈছিল, শংকৰদেৱে যিখিনি কৈ থৈ গৈছিল, মাধৱদেৱে যিখিনি কৈ থৈ গৈছিল তেওঁলোকেতো কোনো এটা ধৰ্মৰ নামত কৰা নাছিল। তেওঁলোকে জাতিটোৰ নামত কৰিছিলে। শংকৰদেৱৰ তিৰোভাৱৰ ৬৭ বছৰৰ পিছত আজান ফকীৰ অসমত সোমাইছিল। তেওঁ আহি দেখিছিল যে পূৰ্বৰ মাটি য’ত ব্ৰহ্মপুত্ৰ আৰম্ভ হৈছে তাতেই বিহুনাম, যত ব্ৰহ্মপুত্ৰ আৰম্ভ হৈছে ত’তেই হস্তীৰ কন্যাৰ বিদায় যুজঁ। তাৰ মাজৰে গীত-মাত যিখিনি আছে চিকণ সৰিয়হৰ গীত, বাখৰ বৰা গীত, জয়ধন বনীয়াৰ গীত, তুলা আৰু তেজাৰ গীত যিবিলাক গীত মাত আছে কামৰূপী লোকগীত, মহহৌ গীত, গোৱালপৰীয়া লোকগীত, নিচুকনি গীত, আজান ফকীৰৰ জিকিৰ, বাগানিয়া ভাই সকলৰ ঝুমুৰ এইবিলাকে আমাক সজীৱ কৰি ৰাখিছে। তাৰমাজতেই আমি আছোঁ। সেইখিনি যদি আমি আয়ত্ত কৰোঁ সেইখিনি যদি আমি চৰ্চা কৰোঁ আমাৰ মনত হিংস্ৰ ভাৱটো নাইকিয়া হ’ব। আৰু এই শব্দ কেইটাও আমি বাদ দিব লাগিব। কাৰণ এতিয়া আমাৰ শক্তি বৃহৎ। আছু বা কৃষক মুক্তিয়ে অসমীয়া হিচাপে নিজক প্ৰতিষ্ঠা কৰিছে সেইটো আমাৰ কাৰণে খুব ডাঙৰ কথা। আমি সেইকাৰণে তেওঁলোকক শ্ৰদ্ধা কৰোঁ। অখিল গগৈ, সমুজ্জল ভট্টাচাৰ্যকো সন্মান কৰোঁ, যদিও মোতকৈ সৰু তেওঁলোক। তেওঁলোকে নিজৰ কাৰণে একো নকৰি জাতিটোৰ কাৰণে হিয়া উজাৰি কাম কৰি গৈছে। তেওঁলোকৰ আদর্শক বাকী ল’ৰা ছোৱালীবোৰেও ল’ব লাগে। তেওঁলোকে কাকো কেতিয়াও আঘাত দিবলৈ চেষ্টা কৰা নাই, যি কৰিছে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কৰিছে। গনতান্ত্ৰিক প্ৰক্ৰিয়াই যদি পৰিবৰ্তন আনিব পাৰে তেন্তে সন্ত্ৰাসবাদ কিয় কৰিব লাগে। আপোনালোকৰ আলোচনীখনৰ মাধ্যমৰেৰে হিংসাক-সন্ত্ৰাসক প্ৰেমলৈ ৰূপান্তৰিত কৰক। পৃথিৱীৰ মানুহে জানক যে, এখন আলোচনীয়ে মানৱীয় প্ৰেমৰ মাজেৰে সন্ত্ৰাসক পৰাজিত কৰিব সক্ষম হৈছে। সেইটো খুব ডাঙৰ কথা। আমি অসমীয়া মানুহ। অসমীয়া সদায় অসমীয়াই। মোক কোনোবাই যদি সোধে আপুনি ক’ৰ মানুহ? মই কওঁ মই অসমৰ মানুহ, মই অসমীয়া মানুহ। প্ৰথমে মই অসমীয়া, তাৰপিছত মই ভাৰতীয় তাৰপিছতহে মই মুছলমান বা ইছলাম ধৰ্মৰ। মই প্ৰথম অসমৰ অসমীয়া মানুহ। সেইটোৱেই আমাৰ পৰিচয়। আৰু সেই পৰিচয়টোৱে আমি মৃত্যুলৈকে পোৱাটো আমি বিচাৰোঁ।

ফটাঢোল: ফেচবুকৰ সাহিত্য চৰ্চা সম্পৰ্কে আপোনাৰ ধাৰণা? বিষয়টোৰ ওপৰত আপোনাৰ কিবা মতামত?

আনিছ উজ জামান: সাহিত্য চৰ্চা এটা খুব ভাল বিষয়, সেয়া ছপা মাধ্যমতেই হওক বা ফেচবুকতেই হওক।আজিকালি ইণ্টাৰনেটৰ সুবিধাৰ বাবে সাহিত্য চৰ্চাৰ ক্ষেত্ৰত যথেষ্টখিনি সুবিধা পোৱা যায়। ধৰি লোৱা লণ্ডনত থকা মানুহ এজনে কিতাপ এখন কিনিব নোৱাৰে বা বিচাৰি নাপাবও পাৰে। সেই বস্তুটো তেওঁ এটা কাম কৰিও, ধৰা তেওঁলোকৰ নীলমণি ফুকনৰ কবিতা, নৱকান্ত বৰুৱাৰ কবিতা বা দেৱকান্ত বৰুৱাৰ কবিতা এটা জানিব বিচাৰিলে সহজতেই ইণ্টাৰনেটৰ মাধ্যমেৰে জানিব পাৰে।

ফটাঢোল: কোৱা যায় যে, পৃথিৱীৰ পৰা দৈনিক অলেখ ভাষাৰ মৃত্যু ঘটি আছে। ইণ্টাৰনেটত আমি আমাৰ লিপিসমূহ সংৰক্ষণ কৰাৰ উদ্দেশ্যে কবিতা চৰ্চা, সাহিত্য চৰ্চাৰ দৰে বিষয়সমূহ টানি আনিব বিচাৰিছোঁ৷ কিন্তু আমাৰ অগ্ৰজসকলৰ বহুতেই এইটো সমৰ্থন নকৰে। আপুনি কি ক’ব এই বিষয়ে?

আনিছ উজ জামান: ই-মেগাজিনৰ কামবোৰ যিহেতু মাতৃভাষা অসমীয়াতে কৰিছে, মোৰ বোধেৰে এইটো ভাল পাবলগীয়াহে কথা। মই আৰু এটা কথা ভাবোঁ যে আলোচনীবোৰৰ এটা ছপা সংকলন হ’ব লাগে।প্ৰতিমাহতে যিহেতু প্ৰকাশ হয়, বাৰমহীয়া এটা সংকলন কৰি কিতাপ আকাৰে ওলালে বেছি সুবিধা হ’ব বুলি মই ভাবোঁ। আমি যি ভাষাই নকওঁ কিয়, মাতৃভাষাতেই সপোন দেখোঁ আৰু মনৰ ভাৱ প্ৰকাশ কৰোঁ। কৃষ্ণকান্ত সন্দিকৈ, বাণীকান্ত কাকতিয়ে বিভিন্ন ভাষাৰ বিশাৰদ আছিল, কিন্তু তেওঁলোকৰ যিখিনি অনুভূতি সেইখিনিটো নিজৰ মাতৃভাষাতেই প্ৰকাশ কৰিছিল। দুটা প্ৰজন্মৰ আগৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে মাতৃভাষাতে সাহিত্য চৰ্চা কৰিছিল। সেইকাৰণেইতো –
“তাত আশাই কান্দে, ভাষাই কান্দে, হাঁহিয়ে ওঁঠ বিচাৰি মৰে। তাত ময়ো আছিলোঁ যে মই হ’বলৈ ৰৈ, তাত তোকো দিছিলোঁ নসজাকৈ নগঢ়াকৈ থৈ..
সুন্দৰে যে ফুলাৰ মন্ত্ৰ আহোৰাত্রী মাতে, সেয়ে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে।” এনে সুমধুৰ ভাষা আৰু পাঁচশ বছৰলৈ কোনেও লিখিব নোৱাৰে। কি সুন্দৰ মাতৃভাষাৰ প্ৰকাশ!! আজি যদি এজন আধুনিক কবি বা লেখকে জ্যোতিপ্ৰসাদৰ সমগ্ৰ ৰচনাৱলীখন পঢ়ে, তেওঁ এজন ভাল অসমীয়া লেখক বা কবি হ’ব পাৰিব।কাৰণ তেওঁ গোটেইখিনি দি গৈছে তেওঁৰ গীতৰ মাজেৰে, কবিতাৰ মাজেৰে, সৃষ্টিশীলতাৰ মাজেৰে।সেইবোৰটো তেওঁ অসমীয়া থলুৱা আইনাম, বিয়ানাম আদি লোকগীতৰ পৰাই লৈছে। আজি ভূপেন হাজৰিকাৰ প্ৰতিটো গীতেই লোকগীতৰ লগত সম্পৰ্কিত। তেওঁৰ এটা গীত অপৰূপা চিনেমাৰ –
‘আই সৰস্বতী, ৰং ফুল মালতী, তোমালৈ মালি যাওঁ কি? তোমালৈ মালি যাওঁ শুকুলা ছাগলী, মাহে পৰসাদে দি জীৱন দৈ, শশী মিলন দৈ’ সেইখিনি ভূপেন হাজৰিকাৰ। ভূপেন হাজৰিকাৰ গীতবোৰ শুনিলে ভাল লাগে সেইকাৰণেই, ক’ৰবাত লোকগীতৰ সুৰ এটা আছে। মানুহ যিমানেই মহান নহওক, মাতৃভাষাৰ মাজেদিয়েই হ’ব। মাতৃভাষাক আমি অৱজ্ঞা কৰিব নোৱাৰোঁ। মাতৃভাষা থাকিবই, তাক কোনেও ধ্বংস কৰিব নোৱাৰে। গতিকে আপোনালোকে মাতৃভাষাৰ মাধ্যমেৰে কামবোৰ কৰক আৰু সফল হওক, পাৰ্যমানে ময়ো সহায় কৰিম। আপোনালোকে আলোচনীখন ছপাআকাৰে প্ৰকাশৰ কথা চিন্তা চৰ্চা কৰক, প্ৰতিমাহে নহ’লেও বছেৰেকীয়া ভাবে কৰক।যাতে নবীন প্ৰবীন প্ৰতিগৰাকী লেখকৰে নিপুন হাতৰ সৃষ্টিৰাজি সংৰক্ষণ কৰাৰ সুবিধা হয়। আপোনালোকে মাতৃভাষাত এই কামটো কৰিছে, মই জানি বৰ ভাল পাইছোঁ। মাতৃভাষাক কোনেও হত্যা কৰিব নোৱাৰে। ৰবীন্দ্ৰনাথ ঠাকুৰ, শ্ব্যেলী, নেৰুদা আদিৰ দৰে বিশাল শিল্পীসকলেও মাতৃভাষাৰ মাধ্যমৰে শিল্পৰ জয়যাত্ৰা আৰম্ভ কৰিছিল। আশাকৰোঁ আপোনালোকৰ আলোচনীয়েও এই যাত্ৰা অবিৰত ৰাখিব, মোৰ শুভকামনা আছে আপোনালোকলৈ আৰু সদায় থাকিব।

ফটাঢোল: অসমীয়া সাহিত্যৰ জগতখনত হাস্যৰসৰ ধাৰা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ ফটাঢোল গ্রুপটোৰ ভূমিকা সম্পৰ্কে আপোনাৰ পৰা দুআষাৰ জানিব বিচাৰিছোঁ।

আনিছ উজ জামান: আপোনালোকৰ উদ্দেশ্য মহান। আপোনালোকে হাস্য ব্যংগৰ মাধ্যমৰে অসমীয়া ভাষাটো ইণ্টাৰনেটত প্ৰতিষ্ঠা কৰিব বিচাৰিছে। প্ৰায় দুই লাখ কমিউনিটি আপোনালোকৰ এই জয়যাত্ৰাৰ সাক্ষী। মোৰ শুভেচ্ছা আছে আপোনালোকলৈ।

ফটাঢোল: ভাল লাগিল আপোনাৰ মনৰ কথা জানি, আজিৰ বহুমূলীয়া সময়খিনিৰ বাবে আপোনালৈ ধন্যবাদ জনালোঁ।

আনিছ উজ জামান: ধন্যবাদ, মোৰো ভাল লাগিল আলোচনীখনৰ অংশ হ’বলৈ পায়।

পৰিচিতি: আনিছ উজ জামান, কবি-গীতিকাৰ

জন্ম: তিনি ফেব্ৰুৱাৰী, ১৯৪৭ চন, বামুনবাৰী গাঁও, ধোপাবৰ মৌজা, শিৱসাগৰ।

শিক্ষা: অসমীয়াত স্নাতকোত্তৰ

পেছা: মিৰ্জা আৰ বি হায়াৰচেকেণ্ডাৰীত শিক্ষকতা,
অসম প্ৰশাসনিক আয়োগৰ সদস্য৷

প্ৰকাশিত সংকলন: অজ্ঞাতে(১৯৮৯) , গধূলি(১৯৯৪) , সেউজীয়া জোন(১৯৯৯) , আনিছ উজ জামানেৰ কবিতা(২০১০) , এই বাটেদিয়েই(২০১৩) , দোকমোকালি(২০১৪) , নিৰ্বাচিত কবিতা(২০১৬)।

শ্ৰব্য কেছেট: ঢৌবোৰত বাজে দোতাৰা, নতুন নিয়ৰ

সন্মান: সাহিত্যজ্যোতি(২০১১)
কাব্য হৃদয় (২০১১)
একোশে সন্মান (২০১৫)
poetry peach friendship অনুষ্ঠানৰ সম্বৰ্ধনা (২০১৫)
writter excellence award(২০১৮)

☆★☆★☆

5 Comments

  • Sweet lena Das

    ভাল লাগিল তেওঁৰ বিষয়ে জানি

    Reply
  • ৰাজশ্ৰী শৰ্মা

    ভাল লাগিল সাক্ষাৎকাৰ টি।

    Reply
  • শিখাৰাণী শৰ্মা

    উপকৃত হ’লো তেওঁৰ মত বোৰ জানিবলৈ পাই..ধন্যবাদ

    Reply

Leave a Reply

Your email address will not be published.