ফটাঢোল

সাক্ষাৎকাৰ – বিশিষ্ট সংগীত শিল্পী মণিষা হাজৰিকাৰ সৈতে অন্তৰংগ আলাপ

তেওঁ আছিল পশ্চিমবঙ্গৰ জীয়ৰী। কিন্তু পিছলৈ হ’লগৈ অসমৰ হাড়ে হিমজুৱে অসমীয়া বোৱাৰী। অসমৰ সঙ্গীত জগতৰ দুগৰাকী উজ্জ্বল নক্ষত্ৰৰ ঘৰত তেওঁক বো‍ৱাৰী হিচাপে আদৰি অনা হৈছিল। হয়, অসমৰ সঙ্গীত জগতৰ ভোটাতৰা স্বৰ্গীয় জয়ন্ত হাজৰিকাৰ পত্নী আৰু জ্যেষ্ঠ ভাতৃ স্বৰ্গীয় ড° ভূপেন হাজৰিকাৰ ভাই বোৱাৰী শ্ৰদ্ধাৰ মণিষা হাজৰিকাৰ কথাকে কৈছোঁ।

আমাৰ এই মাহৰ ফটাঢোল আলোচনীৰ মজিয়ালৈ অতিথি হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ বিশিষ্ট গায়িকা শ্ৰদ্ধাৰ মণিষা হাজৰিকা বাইদেউক।

সাংস্কৃতিক পৰিয়ালত জন্ম গ্ৰহণ কৰা মণিষা হাজৰিকাই ড° ভূপেন হাজৰিকাদেৱৰ লগত প্ৰথম সহশিল্পী হিচাপে কণ্ঠদান কৰে “ব্ৰহ্মপুত্ৰৰ দুটি পাৰ দলঙে লগ লগালে”। বঙালী, অসমীয়াৰ লগতে অন্য  ভাষাতো তেওঁ কণ্ঠদান কৰিছে।

ফটাঢোল পৰিয়ালৰ হৈ শিল্পীগৰাকীৰ সৈতে কিছু মনৰ কথা পাতিবলৈ মই, ডলী তালুকদাৰ আৰু সৌৰভ শৰ্মা তেখেতৰ ওচৰলৈ গৈছিলোঁঁ গুৱাহাটী নিজৰাপাৰ স্থিত গৃহলৈ। সুন্দৰ হাঁহি এটিৰে বাইদেৱে আমাক স্বাগতম জনাই মনৰ কথাবোৰ কোৱাৰ লগতে তেওঁৰ স্মৃতিৰ টোপোলাটো আমাৰ সমুখত খুলি দিছিল।

ফটাঢোল : বাইদেউ প্ৰথমে আমাৰ ফটাঢোলৰ সমূহ পৰিয়ালৰ তৰফৰপৰা বহু শুভেচ্ছা জনালোঁ।

মণিষা হাজৰিকা : ময়ো সকলোকে মৰম জনালোঁ। কোৱাচোন।

ফটাঢোল : বাইদেউ, প্ৰথমে আমি আপোনাৰ শৈশৱৰ বিষয়ে জানিবলৈ বিচাৰিম। আপোনাৰ পিতৃ, মাতৃৰ বিষয়ে কওকচোন।

মণিষা হাজৰিকা : মোৰ জন্ম, শিক্ষা সকলো কলিকতাত হৈছে। স্কুল, কলেজৰ সকলো শিক্ষা মই কলিকতাত গ্রহণ কৰিছোঁ। অৰিজিনেলী মই পশ্চিমবঙ্গৰ ছোৱালী, বঙালী ছোৱালী। মোৰ মা সঙ্গীত শিল্পী আছিল আৰু দেউতা আছিল ৰেডিঅ’ৰ শিল্পী। তেখেত অৰিজিনেলী চট্টগ্ৰাম চিতাগংৰ মানুহ কিন্তু পঢ়া শুনা সকলো কলিকতাতে কৰিছিল। কলিকতাৰ St. xaviour’s college ত পঢ়িছিল। সৰুৰেপৰাই মই ঘৰতে সঙ্গীতৰ পৰিবেশত ডাঙৰ হৈছোঁ। স্কুল, কলেজত থাকোঁতেও মই গান-বাজানা, নাটকত ভাগ লৈছিলোঁ। মোৰ দাদাও সঙ্গীতৰ সৈতে জড়িত আছিল। তেওঁৰ নাম আছিল জয়ন্ত সেনগুপ্ত।

ফটাঢোল : সঙ্গীতৰ ক্ষেত্ৰত আনুষ্ঠানিক শিক্ষা লৈছিল নে?

মণিষা হাজৰিকা : সঙ্গীত মই মোৰ মাৰপৰা শিকিছিলোঁ। মোৰ মা সঙ্গীতৰ প্ৰথম গুৰু। মোৰ মামা আছিল সেই সময়ৰ মিউজিক ডাইৰেক্টৰ কমল দাসগুপ্ত। মামী আছিলে বঙ্গদেশৰ বিখ্যাত ‘ফিৰোজা বেগম’ যাক ‘নজৰুল গীতি’ৰ ৰাণী বুলি কোৱা হৈছিল। মোৰ দেউতায়ো শাস্ত্ৰীয় সঙ্গীতৰ চৰ্চা কৰিছিল আৰু দেউতাৰ ঘৰখনো সঙ্গীতৰ আছিল। তেনেকৈ শিকিছোঁ। পৰৱৰ্তী সময়ত মই ভূপেনদাক লগ পালোঁ আৰু তেওঁৰপৰাও শিকিছিলোঁ। ভূপেনদাৰ পত্নী প্ৰিয়ম্বদা পেটেল মোৰ মাৰ ভাল বান্ধবী আছিল। তেওঁক মই মাহী বুলি মাতিছিলোঁ। ভূপেনদাৰ বিয়াৰ আগৰপৰাই আমাৰ ঘৰৰ সৈতে অহা যোৱা আছিল আৰু মোৰ মামাহঁতৰ ঘৰলৈ তেওঁ প্ৰায়ে আহিছিল। তেনেকৈয়ে শিকিছিলোঁ।

ফটাঢোল : আপোনাৰ জীৱনৰ প্ৰথম ৰেকৰ্ডিং কৰা গানটো কোনটো আছিল? মনত আছেনে? কিমান বয়সত গাইছিল? বোলছবিৰ গান আছিল নে কমাৰ্চিয়েল গীত আছিল?

মণিষা হাজৰিকা : মনত আছে। জীৱনৰ প্ৰথম ৰেকৰ্ডিং গান মনত নাথাকিবনে? মই ভূপেনদাৰ লগত গাইছিলোঁ  “ব্ৰহ্মপুত্ৰৰ দুটিপাৰ দলঙে লগ লগালে, চন্দ্ৰৰ বুকুলৈ মানুহ যাব ওলালে” আৰু মোৰ পাৰ্টটো আছিলে “আমি অকণি ওলামে দলে দলে ওলামে”। মই তেতিয়া বাৰ বছৰীয়া আছিলোঁ দেই আৰু এইটো কমাৰ্চিয়েল গীত আছিল। ইয়াৰ পিছত ভাগ্য চিনেমাখনত গাইছিলোঁ। অসমীয়া দাবিঙত সঙ্গীত ভূপেন হাজৰিকাই কৰিছিল আৰু তাত “পাপা লক্ষী আহানা” এই গানটোত সৰু ছোৱালীৰ পাৰ্টটো গাইছিলোঁ। তাৰপিছত লটিঘটি বোলছবিত গাইছিলোঁ ৰাজস্থানী গান এটি। মোৰ লিপচত আছিল গীতটো। লটিঘটিত অভিনয়ো কৰিছিলোঁ দেই।

ফটাঢোল : বাইদেউ, অভিনয়ৰ কথা যেতিয়া ওলাল, আজি কেইবছৰমানৰ আগতে আপোনাক দূৰদৰ্শনৰ এখন ধাৰাবাহিকত অভিনয় কৰা দেখিছিলোঁ আৰু বৰ সুন্দৰ অভিনয় কৰিছিল। আপুনি অভিনয়ৰ লগতো জড়িত আছিল নেকি?

মণিষা হাজৰিকা : (হাঁহিৰে) মই আচলতে অভিনয়ৰ ছোৱালীহে। মোৰ দাদা আৰু মই, দুয়ো অভিনয় কৰোছিলোঁ। আমাৰ গ্ৰুপ এটা আছিল নাটকৰ DYO বুলি। তাতে আমি নাটকৰ কাম কৰিছিলোঁ। খুব নাম কৰা গ্ৰুপ আছিল; সি অভিনয়তে থাকিল আৰু মই গানলৈ আহিলোঁ। মই গান বেছি ভাল পাইছিলোঁ। মোৰ দাদা জয়ন্ত সেনগুপ্ত নাটকতে থাকিল। তুমি কোৱা ধাৰাবাহিকখন আছিল দাপোণ। বৰ ভাল লাগিছিল তাত অভিনয় কৰি। স্কুলত মই নৃত্য নাটিকা আদিত খুব আগৰণুৱা আছিলোঁ। ৰবি ঠাকুৰৰ, নজৰুল সঙ্গীতত মই নাচিছিলোঁ।

ফটাঢোল : নৃত্যৰ কথা কৈছে যেতিয়া আপুনি অভিনয়ৰ লগতে নৃত্যও কৰিছিল?

মণিষা হাজৰিকা : হয় নাচিছিলোঁ; লটিঘটি বোলছবিখনত ভূপেন হাজৰিকাৰ গান ‘সহস্ৰজনে মোক প্ৰশ্ন কৰে’ গীতটোত।

ফটাঢোল : আপোনাৰপৰা আমি শৈশৱৰ কথা জানিলোঁ, গীত গোৱাৰ কথা জানিলোঁ, ভূপেন হাজৰিকাদেৱক কেনেকৈ লগ পালে জানিলোঁ, কিন্তু এতিয়া আমি জানিব বিচাৰিছোঁ ৰাণাদা অৰ্থাৎ জয়ন্ত হাজৰিকাদেৱক কেনেকৈ লগ পালে? সেই বিষয়ে আমাক জনালে অতিশয় সুখী হ’ম।

মণিষা হাজৰিকা : আচলতে ভূপেনদাৰ কথা ক’লোঁৱেই। প্ৰিয়ম্বদা বৌ মাৰ বন্ধু আছিল। সৰুৰেপৰা তেওঁলোকৰ অহা যোৱা আমাৰ ঘৰলৈ। অহা যোৱা কৰি থাকোঁতে ৬০/৬১ চন মানত জয়ন্ত হাজৰিকা ৰেকৰ্ড কৰিবলৈ আহিছিল কলিকতালৈ। নিৰ্মল প্ৰভা বৰদলৈ বাইদেউৰ “আগলি বতাহে কপালে কলৰে পাত” আৰু “কৃষ্ণচূড়া কৃষ্ণচূড়া” মায়াশ্ৰী বৰকটকীৰ এই দুটি গীত এওঁৰ জীৱনৰ প্ৰথম গীত। সেই গীতকেইটি গাবলৈ আহোঁতে লগ পাইছোঁ। ১৯৬১ ত ৰেকৰ্ড হৈছিল যদিও ১৯৬২ত ৰিলিজ হৈছিল আৰু সেইখন ৰেকৰ্ড চা ৰে গা মা ৰ আছিল আৰু দহ নম্বৰ স্থান পাইছিল সমগ্ৰ ভাৰতৰ ভিতৰত। যি নহওক তেতিয়া চিনাকি হৈছিলোঁ ভূপেনদাৰ ভায়েক বুলি। তেতিয়া তেওঁ মাজে মাজে ভূপেনদাক বিভিন্ন কামত, যেনে চিনেমাৰ কাম, ৰেকৰ্ডিং আদিত সহায় কৰিবলৈ গৈছিল। তেনেতে ১৯৬৪ চনত আৰম্ভ হয় লটিঘটি চিনেমা আৰু চিনেমাৰ লগতে আমাৰো লটিঘটি আৰম্ভ হয়। (হাঁহি) তেতিয়া আমি ওচৰৰপৰা লগ পালোঁ। বিদ্যা ৰাও আছিল লটিঘটিত। আমি খুব ঘৰুৱা পৰিবেশত শ্বুটিং কৰিছিলোঁ। যি নহওক শ্বুটিং শেষ হোৱাৰ পিছত জয়ন্ত হাজৰিকাই মোক প্ৰেমৰ প্ৰস্তাৱটো এনেকৈ দিছিলে যে মোৰ অলপ অদ্ভূতেই লাগিছিল। আচৰিত হৈছিলোঁ প্ৰস্তাবটো শুনি। কোনো ৰোমাঞ্চ নাই।

ফটাঢোল : আমাক ক’বনে?

মণিষা হাজৰিকা : অঁ অঁঁ, তেওঁ ক’লে যে তোমাক মোৰ ভাল লাগিছে। পাঁচ বছৰৰ পিছত বিয়া কৰাম আৰু ইয়াৰ মাজত যদি আন কোনোবা তোমাৰ জীৱনলৈ আহে মই কিন্তু গোটেই কলকাতা জ্বলাই থৈ যাম। একদম খাৰংখাচ। তেতিয়া মই ভাবিছিলোঁ যে, অসমীয়া মানুহক যে কয় ৱাইল্ড বুলি, এনেই নকয়। মই ভাবিবলৈ বাধ্য হৈ গ’লোঁ তেতিয়া তেওঁৰ বিষয়ে। আৰু হয়ো দেই, তাৰ ঠিক পাঁচ বছৰৰ পিছত ১৯৬৯ ত আমাৰ বিয়া হৈছে।

ফটাঢোল : মাজৰ পাঁচ বছৰ কেনেদৰে কটালে দুয়ো?

মণিষা হাজৰিকা : সেই মাজৰ সময়চোৱা কিন্তু ভূপেনদাৰো সোণালী সময় আছিল। লটিঘটিৰপৰা চিকমিক বিজুলীলৈকে বুলি ক’ব লাগিব; তেতিয়া জয়ন্ত হাজৰিকাই তেওঁক সহযোগ কৰে। তেওঁলোক দুয়োৰে সান্নিধ্যত বহুত ভাল ভাল সৃষ্টি হৈছিল। “আমি অসমীয়া নহওঁ দুখীয়া, মই আৰু মোৰ ছাঁ”ৰ দৰে গীত। ভূপেনদাই যেতিয়া হাৰমনিয়ামখন লয় জয়ন্ত হাজৰিকাই গীতাৰখন লয়। সেইখিনি সময়তে এওঁ ইয়াৰপৰা গীতবোৰ সৃষ্টি কৰি যায় আৰু কলিকতাত গৈ মোক শুনায়। “নিবিড় বনে যে বিচাৰে”, “জিৰি জিৰি নিজৰা” এই গীতবোৰ সৃষ্টি কৰিছিল। সেই পৰিবেশটোৰ চাপ এতিয়াও মোৰ মনত ৰাখি থৈছোঁ।

ফটাঢোল : ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকা, দুয়োৰে সৃষ্টিৰ সাদৃশ্য থকা বুলি ভাবেনে?

মণিষা হাজৰিকা : আচলতে দুয়োৰে সৃষ্টিবোৰ ধৰিব পাৰি। ভূপেনদাই যেনেকৈ গান গায় ঠিক তেনেকৈ কথাও কয়। দুয়োৰে সৃষ্টিবোৰৰ দুটা বেলেগ ধাৰা আছিল। মানুহে ধৰিব পাৰে কোনটো জয়ন্ত হাজৰিকাৰ গান আৰু কোনটো ভূপেন হাজৰিকাৰ গান। ভূপেনদাৰ এটা যোগাত্মক দিশ আছিল যে তেওঁ গীতবোৰ নিজে লিখি সুৰ কৰিছিল। কিন্তু জয়ন্ত হাজৰিকাই গীত লিখা নাছিল; তেওঁৰ বেছিভাগ গীত নিৰ্মলপ্ৰভা বাইদেৱে লিখিছিল। তাৰ বাহিৰেও হেমেন হাজৰিকা, ৰত্ন ওজা, হেমন্ত দত্তই শেষৰ ফালে লিখিছে। “এই আকাশ বৰ বিশাল” আদি আছিল সেইসমূহ গীতৰ ভিতৰত।

ফটাঢোল : বাইদেউ এটি গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিব খোজোঁ। ৰাণাদা ঢুকোৱাৰ পিছত তেখেতৰ আধৰুৱা ছবি এখন আপুনি সম্পূৰ্ণ কৰিছিল! উপপথ বোলছবি, যিখনত মৃদুলা বৰুৱাই অভিনয় কৰিছিল। আমাক জনাবনে তাৰ অভিজ্ঞতা?

মণিষা হাজৰিকা : ‘উপপথ’ ছবিখনৰ প্ৰযোজক আছিল বিশ্বনাথ চাৰিআলিৰ প্ৰমোদ বৰুৱাদেৱ। যেতিয়া এওঁ জীয়াই আছিল তেতিয়াই প্ৰমোদ বৰুৱাই প্ৰস্তাৱটি দিছিল ছবিৰ কাম কৰাৰ। ছবিৰ স্ক্ৰীপ্ত দি গৈছিল। দুটামান গান এওঁ ঘৰতে বহি গুণগুণাই সুৰটো কেনেকুৱা ধৰণৰ হ’ব মোক শুনাইছিল। মোক কৈছিল তেওঁ, কোনখিনিত কি মিউজিক হ’ব। এইখিনিত নদীত বঠা বাওঁতে হামিং পাৰ্ট থাকিব। তাৰপিছত মই সম্পূৰ্ণ কৰিলোঁ। এটা ফাকু গীতো মই এড কৰিলোঁ। সেইটো মই বৰপেটালৈ গৈ শুনি তাৰপিছত দিলোঁ। ‘উপপথ’ৰ গানবোৰ এওঁ কৰোঁতে মই টেপ ৰেকৰ্ডাৰত চেভ কৰি থৈছিলোঁ। তেনেকৈয়ে মোৰ সহায় হৈছিল। এওঁৰ পিছতে প্ৰমোদ বৰুৱাই মোক আহি ক’লে তুমিয়েই সম্পূৰ্ণ কৰা। তোমাৰ তাত যিখিনি আছে তেওঁৰ সুৰ, তেনেকৈ কৰা; ভূপেনদাও আছিল। তেনেকৈয়ে কৰিলোঁঁ। মোৰ দেৱৰ সমৰ হাজৰিকা, তেওঁ প্ৰথম গাইছিল। তেওঁৰ মাতটো অলপ মিলে এওঁৰ লগত; সৰুৰেপৰা সঙ্গীতৰ মাজত ডাঙৰ হৈছোঁ, গতিকে এই সম্পৰ্কে অলপ ধাৰণা আছিল। বিয়াৰ পিছতো  সঙ্গীতৰ পৰিবেশ পালোঁ। গতিকে অসুবিধা হোৱা নাছিল।

ফটাঢোল : বাইদেউ আমাক ৰাণাদা মানে জয়ন্ত হাজৰিকাদেৱৰ বিষয়ে অলপ ক’বনে?

মণিষা হাজৰিকা : এওঁৰ বিষয়েনো কি ক’ম! কৈ থাকিলেও শেষেই নহ’ব। মানুহজন বহুত নিৰ্জু প্ৰকৃতিৰ আছিল কিন্তু চেঞ্চ অৱ হিউমাৰ যথেষ্ট আছিল। সঙ্গীত তেওঁৰ জীৱন আছিল। সঙ্গীতৰ মাজেৰে তেওঁ নিজক বিচাৰি পাইছিল। ৰাইজৰ হকে কাম কৰিবলৈ ভাল পাইছিল আৰু পৰাখিনিলৈ সহায় কৰিছিল। সমাজখন চহকী কৰিবলৈ যে শিল্পীৰো এটা দায়িত্ব থাকে, সেইটো মই জয়ন্ত হাজৰিকাৰ মাজত দেখিছিলোঁ। কাৰোবাৰ কিবা বিপদ হ’লে বা প্ৰাকৃতিক দুৰ্যোগো হ’লে তেওঁ বৰ কষ্ট পাইছিল। তেনেকৈয়ে তেওঁ মানুহক সহায়ৰ হাতো আগবঢ়াইছিল।

ফটাঢোল : সহায়ৰ কথা ওলাইছে যেতিয়া এটা প্ৰশ্ন যদি নোসোধোঁ ভুল হ’ব। সম্ভৱ সত্তৰৰ দশকত অসমত হোৱা প্ৰবল বানপানীত দুৰ্দশাগ্ৰস্ত লোকক সহায়ৰ বাবে ৰাণাদাই ‘সুৰ বাহিনী’ৰ জন্ম দিছিল। সুৰ বাহিনীৰ বিষয়ে আমাক জনাবনে?

মণিষা হাজৰিকা : ‘সুৰবাহিনী’ৰ জন্মৰ কথা কোৱাৰ আগতে কওঁ যে শিল্পী হিচাপে সমাজৰ প্ৰতি জয়ন্ত হাজৰিকাৰ সম্পূৰ্ণ দায়িত্ব আছিল। এইটো সাধাৰণতে সকলো শিল্পীৰ মাজত দেখা নাযায়। সেই দায়িত্বৰ বাবেই তেওঁ ‘সুৰবাহিনী’ৰ জন্ম দিছিল, বান পীড়িত লোকৰ সহায়ৰ বাবে। সেইবাৰ বানপানী হৈছিল যোৰহাট, দেৰগাওঁ, ফৰকাটিং আদিত। মুঠতে গোটেই উজনী অসম ভয়াবহ হৈ উঠিছিল। তেওঁ কৈছিল আমি এনেকৈ শুই থাকিলে নহ’ব। আমি মুনীন বৰুৱাৰ গোলাঘাটৰ ঘৰলৈ গ’লোঁ, লগত আছিল মহানন্দ মজিন্দাৰ বৰুৱা। পুৱতি নিশা পাইছোঁগৈ তেওঁৰ ঘৰ। তাত গৈ তেওঁ ক’লে, আমি ট্ৰাকত উঠি গান গাম আৰু সকলোকে সহায় বিচাৰিম। যেয়ে যি পাৰে সহায় কৰিব। তেতিয়া মই কৈছিলোঁ তাতকৈ আমি টিকট কাটি চোৱা শ্বো কৰোঁ, সাহায্য বেছি পাম। তেতিয়া ৰাণাই কৈছিল যে তেনেকৈ সকলোৱে নোৱাৰিব। সকলোৰে বিশ/পচিশ টকা দি শ্বো চাবলৈ সামৰ্থ্য নাথাকিবও পাৰে; কোনোবাই দহ পইচা বা বিশ পইচা দিও সহায় কৰিবলৈ মন কৰিব পাৰে বা কাৰোবাৰ নিমখৰ টোপোলা দিবলৈও মন যাব পাৰে। গতিকে আমি এনেকৈয়ে আৰম্ভ কৰোঁ। ‘সুৰবাহিনী’ৰ যোগেদি আমি বান পীড়িত সকলক দৰব, কাপোৰ, খাদ্য আদি বহুখিনি বস্তু আগবঢ়াইছিলোঁ।

ফটাঢোল : বৰ্তমান যুগৰ গানবোৰ যে ওলাই আছে সেইবোৰ বেছিভাগেই ব্যৱসায় ভিত্তিত ওলোৱা যেন লাগে নেকি? কেনেকুৱা অনুভৱ হয় আপোনাৰ?

মণিষা হাজৰিকা : বৰ দুখ লাগে। সেইদিনা কোনোবাই কৈছিল আজিকালিতো গীতত সাহিত্য নাই। আজিকালি কেৱল গীতহে। আমাৰ দিনত ধৰা কেশৱ মহন্ত বা হীৰুদাৰ কথা ক’ব পাৰা। তেওঁলোকৰ গানত এটা কাহিনী আছিল। গানৰ এটা লিৰিকেল ভেলু থাকে নহয়, সেইটো সন্মান কৰিব লাগিব।

ফটাঢোল : বৰ্তমানৰ প্ৰজন্মই আপোনালোকৰ গান শুনে বা আঁকোৱালি লৈছে বুলি ভাবেনে? আপুনি বাৰু আশাবাদীনে যুৱ প্ৰজন্মক লৈ?

মণিষা হাজৰিকা : বিশ্বাস নকৰোঁ নুশুনে বুলি ক’লে। কেইদিনমানৰ আগতে আমি ছিপাঝাৰত এটা অনুষ্ঠান কৰিবলৈ গৈছিলোঁ। মই, কুল বৰুৱা, নমিতা ভট্টাচাৰ্য্য, পংকজ বৰদলৈ, পাপৰি বুলি এগৰাকী কণ্ঠশিল্পী। অন্তৰঙ্গ আলাপ, বহাগ বিহুত। যিয়ে এৰেঞ্জ কৰিছিল অনুষ্ঠানটো প্ৰাণজিত নাম তেওঁৰ, তেওঁক ক’লোঁ শুনিব জানো আমাৰ গান তাতে বিহুৰ বতৰ। কি ক’ম ইমান ধুনীয়াকৈ সকলোৱে শুনিলে আমাৰ গান। মই উঠাৰ লগে লগে “গধূলি আহিল তৰা জিলিকিল, আই তোক কিহেৰে পূজিমে”, নমিতা উঠাৰ লগে লগে “সুধিছা তোমালৈ” আদি। পংকজ বৰদলৈয়ে ক’লে আমি নাহৰ গাম কিন্তু বিহু নহয়, নাহৰ ফুলে নুশুৱায় গীতটোহে। সকলোৱে শুনিছে। দুঘণ্টা গাইছোঁ আমি। মাজতে ৰমেন বৰুৱাৰ সঙ্গীত জীৱনৰ পঞ্চাশ বছৰ উদযাপন হৈ গ’ল। তালৈও আমি গৈছিলোঁ। পুৰণি গীতেই গাইছে সকলোৱে। ইমান সুন্দৰকৈ শুনিছে। মোৰ নাতিনীজনী গৈছিল, তাই কিমান যে ভাল পাইছে। কৈছে আইতা old is gold। তাৰমানে মানুহৰ পুৰণি গীতৰ সোৱাদ এতিয়াও আছে।

ফটাঢোল : বাইদেউ আপোনাৰপৰা আমি ইমানবোৰ কথা জানিলো, কিন্তু আমাক যদি ভূপেনদাৰ বিষয়ে জনায় বহুত সুখী হ’ম। ভূপেনদা সম্পৰ্কে আপোনাৰ অনুভৱ কেনে?

মণিষা হাজৰিকা : আগতে কৈছোঁৱেই মই যে ভূপেনদাক সৰুৰেপৰাই পাইছোঁ। মোৰ মামাহঁতৰ ঘৰখনৰ লগত তেখেতৰ অহা যোৱা আছিলেই। মই তেওঁক তেতিয়া মামা বুলি মাতিছিলোঁ আৰু প্ৰিয়ম্বদা বৌক প্ৰিয়ম মাসীমা। ভূপেনদাৰপৰা মই ধৈৰ্য্য শিকিছোঁ। মানুহৰ লগত কেনেদৰে মিলিব লাগে সেইটো শিকিছোঁ। মইতো সদায় কওঁ অসমত তিনিটা ‘বি’ (B)আছে। এটা হ’ল বিহু (Bihu), এটা ব্ৰক্ষ্মপুত্ৰ (Brahmaputra) আৰু আনটো ভূপেন (Bhupen) হাজৰিকা। ১৯৮০ ৰপৰা ১৯৯৩/৯৪ লৈ ভূপেনদাৰ অসমৰ সঙ্গীতৰ যিমান কাম আছিল ময়েই চোৱা চিতা কৰিছিলোঁ। তেওঁ জয়ন্ত হাজৰিকাকো বহুত সহায় কৰিছিল। মোক সদায় কৈছিল, “তই পাৰিবি। ইয়াৰ মানুহৰ লগত তোৰ যোগাযোগ আছে। নিজেও তই গান গাৱ। গতিকে মোৰ কামবোৰ তইয়ে চাব লাগিব।” আৰু ময়ো সদায় সতৰ্ক হৈ থাকিছিলোঁ যাতে ভূপেনদাই কিবা এটা বিচৰাৰ লগে লগে পায়। তেনেকৈ অসম সাহিত্য সভাৰ সভাপতি হওঁতেও ভাষণটো লিখিবলৈ মই সকলো যতনাই দিছিলোঁ। আমাৰ ঘৰৰ বাকীবোৰ বোৱাৰীয়ে সেই সুবিধাটো পোৱা নাই যিখিনি মই পাইছিলোঁ। মই তেওঁৰ ছোৱালীৰ দৰে আছিলোঁ। তেওঁৰ জৰিয়তে বহুতো গুণী মানী ব্যক্তিৰ সান্নিধ্য মই লাভ কৰিছোঁ। মোক কৈছিল “যেতিয়া তই এখন মঞ্চত থিয় হৱ প্ৰথমতে তাৰ চাৰিওফালৰ পৰিবেশটো চাই ল’বি। তাৰপিছত গোটেই পৰিবেশটোৱে তোক কি অনুভৱ কৰায় বুজি ল’বি। তাৰপিছত যি ক’বি সেয়া তোৰ মনৰ কথা হ’ব, বক্তৃতা নহয়।”

ফটাঢোল : কল্পনা লাজমীৰ বিষয়ে অলপ ক’বনে আমাক?

মণিষা হাজৰিকা : কল্পনা লাজমীৰ লগত মোৰ ভাল বন্ধুত্ব আছিল। গিৰীশ কাৰ্নাড, শ্যাম বেনেগল এওঁলোক কল্পনাৰ পৰিয়ালৰে আছিল। খুবেই মৰমীয়াল আছিল তেওঁ। ভূপেনদাৰ গানবোৰৰ ওপৰত বহুত জ্ঞান আছিল আৰু সেইবাবে তেওঁৰ চিনেমাবোৰত কোনকেইটা গান বিশেষকৈ সুৰবোৰ কল্পনাই চিলেক্ট কৰিছিল। যেনে- “দিল হুম হুম কৰে, মে তো সঙ্গে যাউ বনৱাচ, চময় ও ধীৰে চলো” আদি গানবোৰ। মানে কল্পনাৰ অৰিহণা যথেষ্ট আছে। বহুত চাপোৰ্ট কৰিছিল ভূপেনদাক।

ফটাঢোল : আজিও যুৱ প্ৰজন্মই জয়ন্ত হাজৰিকাৰ গান ভাল পাওঁ বুলি ক’লে কেনেকুৱা লাগে?

মণিষা হাজৰিকা : খুব ভাল লাগে। কৰ্মশালাবোৰ যেতিয়া কৰোঁ নতুন চামে ইমান আগ্ৰহেৰে শিকিবলৈ আহে দেখিয়ে ভাল লাগে। ৰূপম ভূঞা, প্ৰশান্ত ৰাজখোৱা এই নতুন চামৰ গায়কবোৰে যেতিয়া  কাষত বহি থাকে কৰ্মশালাবোৰত বৰ ভাল লাগে। বৰমা বুলি মাতি ইমান মৰম জনাই আপ্লুত হৈ যাওঁ।

ফটাঢোল : কেতিয়াবা অনুভৱ হয় নেকি ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাই অসমৰপৰা যিমানখিনি পাব লাগিছিল পোৱা নাই বা পাইছে বুলি ভাবেনে?

মণিষা হাজৰিকা : পাইছে, যথেষ্ট পাইছে। এতিয়ালৈকে পাই আহিছে। এতিয়াও তেওঁলোক মানুহৰ আত্মাৰ ভিতৰত সোমাই আছে।

ফটাঢোল : এটা ট্ৰাষ্ট আছিল ভূপেন দাৰ। ট্ৰাষ্টটোৰ জৰিয়তে বহুত কাম আগবঢ়াইছিল আপোনালোকে? অলপ ক’বনে এই বিষয়ে?

মণিষা হাজৰিকা : ট্ৰাষ্টটো ভূপেনদাই ২০০০ চনতে গঢ়‍া। পিছত ২০০৭ চনত সদস্যৰ সলনি হয়। কল্পনা লাজমী ইয়াৰ সভানেত্ৰী আছিল। তেওঁক ভূপেনদাই চেয়াৰ পাৰ্চন বনাই থৈ গৈছিল। তাৰ পিছত আমি সোমালোঁ। অলপ বিতৰ্কতো সোমাইছিলোঁ; আমি এশটা গীতৰ স্বৰলিপি কৰিছিলোঁ আৰু অসমৰ ইমূৰৰপৰা সিমূৰলৈ ঘূৰি ভূপেনদাৰ সৈতে কৰ্মশালা কৰিছিলোঁ। বাংলাদেশক ভূপেনদাৰ দ্বিতীয় মাতৃভূমি বুলি ক’ব পাৰি। তাতেই তেওঁলোকৰ সৰ্বোচ্চ সন্মান ‘মুক্তি যোদ্ধা’ ভূপেনদাক দিছিল। আমি তাত গৈয়ো কৰিছোঁ কৰ্মশালা। তাত আমি ‘ব্ৰহ্মপুত্ৰ গংগা ভূপেন হাজৰিকা’ নামেৰে সমন্বয় বঁটা দিছিলোঁ। তাৰপিছত কলিকতাত ভূপেনদাৰ জেষ্ঠ ভাতৃ সম হেমাংগ বিশ্বাসক মৰণোত্তৰভাবে তেওঁৰ কন্যা ৰঙিলী বিশ্বাসক ‘ব্ৰহ্মপুত্ৰ গংগা সমন্বয়’ বঁটা দিছোঁ। তেনেদৰে মুম্বাইত ‘ব্ৰহ্মপুত্ৰ গোদাৱৰী সমন্বয়’ বঁটা দিছোঁ; তাৰোপৰি লক্ষীমপুৰ, শদিয়া, বঙাইগাঁও আদিকে সামৰি সমন্বয় বঁটা দিছোঁ। লক্ষীমপুৰত লতা মংগেশকাৰক বঁটা দিছোঁ। লতাদি আহিব নোৱাৰিলে উষাদি আহিছিল তেওঁক দিছোঁ। এইদৰে ৰংবং তেৰাং, য়েছে দৰজে ঠংজি সকলোকে বঁটা দিয়া হৈছে। মই গৰ্বেৰে কওঁ মোক যিটো দাযিত্ব দিছিল মই পালন কৰিব পাৰিছোঁ।

ফটাঢোল : আপুনি এখন জনপ্ৰিয় বা গ্লেমাৰ থকা ঘৰৰ জীয়ৰী আৰু বোৱাৰী। কেতিয়াবা গ্লেমাৰে আমনি কৰিছিল নেকি?

মণিষা হাজৰিকা : গ্লেমাৰ বুলি মই নকওঁ। কিয়নো আমাৰ সময়ৰ মিউজিকক মই গ্লেমাৰ বুলি ক’বলৈ ভাল নাপাওঁ কিন্তু জনপ্ৰিয়তা বুলি ক’ব পাৰা। আমি ভূপেনদাক সৰুৰেপৰা দেখিছোঁ। কিমান মানুহে তেওঁক লগ কৰিবলৈ আহিছিল, অট’গ্ৰাফ লৈছিল। কাকো বিমুখ নকৰিছিল। কৈছোঁৱে মই ধৈৰ্য ভূপেনদাৰপৰা শিকিছোঁ। তেওঁ কৈছিল মানুহে ভাল পাই বাবে তোক বিচাৰে, আহে। গতিকে সকলোকে সন্মান কৰিব লাগে। গতিকে মোক জনপ্ৰিয়তাই কেতিয়াও বিৰক্ত কৰা নাই। তাৰোপৰি মই ওচৰৰপৰা ভূপেনদাৰ জৰিয়তে গিৰীশ কাৰ্নাড, ওম পুৰী, লতাজী, আশাজী, শ্বাবানা আজমী, মহেশ ভাট, নাচিৰুদ্দিন শ্বাহ, কল্পনা লাজমী সকলোকে পাইছোঁ। বঙ্গৰ জনপ্ৰিয় গায়িকা ৰুণা লাইলাক পাইছোঁ। কিমান সৰল মনৰ তেওঁলোক। অহংকাৰ কাক কয় নাজানেই। তেওঁলোকৰ ধৈৰ্য, একাগ্ৰতা দেখিছোঁ। একোগৰাকী লিজেণ্ড তেওঁলোক। গিৰীশ কাৰ্নাডকতো পূজা কৰিবলৈ মন যায়। ইমানেই ভাল মানুহ তেওঁ। গতিকে মই ভাবোঁ জনপ্ৰিয়তাই মানুহক অহংকাৰী কৰিব নালাগে।

ফটাঢোল : জয়ন্ত হাজৰিকাৰ কোনটো গীত আপোনাৰ প্ৰিয় আৰু আপুনি নিজে গোৱা গীত কোনটো প্ৰিয়?

মণিষা হাজৰিকা : তেওঁৰ প্ৰিয় গীত বুলি ক’লে ‘মৃত্যু সাৱতি সমাধি থলীত’ বুলি মই ক’ম আৰু মোৰো প্ৰিয় গীতটো। এনেই সুৰ হিচাপত ক’লে অসংখ্য আছে যিবোৰে মোক চুই গৈছিল। আৰু বহুত গান গাবলৈ বেচেৰাই সময়ে নাপালে কিন্তু যিকেইটা গালে কালজয়ী হৈ থাকিল। ১৯৭৭ চনত মই এওঁৰ লগত বিয়াৰ পিছত প্ৰথম একেলগে দ্বৈত কণ্ঠত গাইছিলোঁ “বহাগ হয় যদি ফুলৰে হাঁহি, মন কিয় ভৰা নাই”। এইটো মোৰ প্ৰিয়। তাৰোপৰি “আকাশ আজি মোৰ নাই, বতাহ আজি মোৰ নাই” এইটোও প্ৰিয়।

ফটাঢোল : বাইদেউ আমাৰ যিহেতু আলোচনীখন হাস্য ব্যঙ্গৰ গতিকে আপোনাৰ জীৱনৰ কিবা হাঁহি উঠা ঘটনাৰ বিষয়ে আমাক ক’বনে?

মণিষা হাজৰিকা : মনতেই নাই নহয়, তথাপি (হাঁহি) মই কৈছোঁৱেই এওঁ বহুত ঠাণ্ডা আছিল, কিন্তু হঠাত এনেকুৱা কিবা এটা কৰে হাঁহি উঠি যায়। এবাৰ ক’ৰবালৈ যাওঁতে ৰাণা আৰু অভিনেতা ইন্দ্ৰ বনিয়া দুয়ো ৰাস্তাত মাটিৰপৰা এনেকে বস্তু বুটলা যেন দেখুৱাইছে যেন সচাঁকৈহে তুলিছে।

ফটাঢোল : নতুন প্ৰজন্মই জয়ন্ত হাজৰিকাৰ গীতসমূহ বাণীবদ্ধ কৰাটো বিচাৰেনে?

মণিষা হাজৰিকা : তেওঁলোকৰ কণ্ঠত থকাতকৈ মই জয়ন্তৰ কণ্ঠতে থকাটো বিচাৰোঁ; ৰেকৰ্ড কৰাৰ কি প্ৰয়োজন? জয়ন্ত হাজৰিকাই যিখিনি কৰিছে সকলোৰে কাণে কাণে আছেই নহয় আৰু তাৰ বাবে মই বহুত কষ্ট কৰিছোঁ; তেওঁ ঢুকুৱাৰ পিছত মই গানবোৰ ৰেডিঅ’ৰপৰা লৈ আহি ৰেকৰ্ড কৰি থৈছোঁ। আৰু বৰ্তমান ইউ টিউবত তেওঁৰ গান বিচাৰিলে পাব সকলোৱে। মই ভাবোঁ তেওঁৰ গান নতুনকৈ গাই নষ্ট হ’বলৈ দিব নালাগে; নতুন চামে ভালকৈ শুনি শিকিব লাগে প্ৰণালীবদ্ধভাবে আৰু মঞ্চত গাব লাগে। মানে তেওঁৰ কণ্ঠটো সংৰক্ষিত হৈ থাকিব লাগে। বিকৃত হ’বলৈ দিব নালাগে। আনকি মোৰ ল’ৰা ময়ুখেও এখনহে কৰিছে এলবাম ট্ৰিবিউত হিচাপে। HMV য়েই কৈছিল। তাৰ চিমিলাৰিতি আছে মাতত দেউতাকৰ লগত। ১৯৭৭ ত এওঁ ঢুকালে আৰু ৭৮ ত ময়ুখলৈ গান গাবৰ বাবে প্ৰপ’জেল আহিছিল। কিন্তু সি সৰু হৈ আছিল বাবে গোৱা নাছিল। আমি সময় লৈছোঁ অলপ। তাৰপিছত ২০০০ চনত কৰিলে HMV ৰ জৰিয়তে।

ফটাঢোল : বৰ্তমান আপোনাৰ পুত্ৰই কি কৰি আছে? তেওঁৰ লগত গান গোৱাৰ পৰিকল্পনা আছেনে?

মণিষা হাজৰিকা : সি এতিয়া NDTV ত বহু উচ্চ পদ এটিত আছে। Event’sৰ হেড; গতিকে অলপ সময় কম হয়। নিজৰ বেণ্ড এটিও আছে ব্ৰহ্মপুত্ৰ মেলডিয়াছ বুলি।

ফটাঢোল : বাইদেউ এইবাৰ আপোনাক কেইটিমান চুটি প্ৰশ্ন কৰিম! আপুনি একেষাৰে ক’ব দেই।

মণিষা হাজৰিকা : (হাঁহিৰে) মানে এটা শব্দত প্ৰকাশ কৰা নেকি?

ফটাঢোল : হয়, নভবাকে ক’ব লাগিব। প্ৰেমৰ প্ৰতি অনুভৱ কেনেকুৱা আপোনাৰ?

মণিষা হাজৰিকা : প্ৰেম আচলতে আত্মিক বস্তু বুলি মই ভাবোঁ আৰু মই প্ৰেমক স্বৰ্গীয় বুলি ভাবোঁ। প্ৰেমে মানুহক বহুত আগুৱাই নিয়ে আৰু প্ৰেমে শক্তি দিয়ে।

ফটাঢোল : সঙ্গীত মানে?

মণিষা হাজৰিকা : মোৰ ক্ষেত্ৰত জীৱন। (হাঁহিৰে)

ফটাঢো : হাঁহি?

মণিষা হাজৰিকা : হাঁহিটো মই কি ক’ম। মানুহে হাঁহিব লাগে মানে হাঁহি হ’ল যোগাত্মক দিশ৷ হাঁহিৰো কিন্তু অৰ্থ আছে দেই।

ফটাঢোল : বন্ধুত্ব?

মণিষা হাজৰিকা : বন্ধুত্বক মই ওপৰত স্থান দিছোঁ। বন্ধু হয়তো তেজ মঙহৰ সম্পৰ্কতকৈয়ো আপোন হ’ব পাৰে। যাক আমি মনৰ সকলো কথা ক’ব পাৰোঁ।

ফটাঢোল : খং উঠেনে?

মণিষা হাজৰিকা : খং উঠে বহুত। কিন্তু মোক দেখিলে নালাগে। কিন্তু যেতিয়া মই কোনো কাম কৰিব খুজিলে কৰিব নোৱাৰোঁ তেতিয়া খং উঠে। আৰু এটা কথাত খং উঠে যেতিয়া পাৰফেক্ট নহয়। এইটোত ভূপেনদাৰ লগত মিল আছে।

ফটাঢোল : ব্যঙ্গ সাহিত্যৰ বিষয়ে অলপ কওকচোন?

মণিষা হাজৰিকা : ব্যঙ্গ সাহিত্য বহুত ওপৰৰ বস্তু। তুমি ভাবাচোন, আমাৰ জয়ন্ত হাজৰিকাৰ যি নলেগলে লগা বন্ধু আছিল দোস্ত হবিবুৰ ৰহমান, তেওঁৰ ব্যঙ্গ কেনেকুৱা আছিল! তেওঁ অসমীয়া পেৰোডী গীতসমূহ গাইছিল। মুনীন দত্ত আছিলে। ব্যঙ্গ বহুত ওপৰৰ সাহিত্য। কিন্তু ব্যঙ্গ এনেকুৱা হ’ব নালাগে যে ব্যঙ্গ কৰিবলৈ গৈ কাৰোবাক হাঁহিয়াতৰ পাত্ৰ কৰিব। সেইটো হ’ব নালাগে।

ফটাঢোল : আমাৰ ফটাঢোলৰ বিষয়ে অলপ ক’বনে?

মণিষা হাজৰিকা : ফটাঢোলৰ কনচেপ্তটো মই বৰ ভাল পাইছোঁ। মই অনলাইনত গৈ পঢ়িম আৰু তোমালোকৰ ফটাঢোলৰ জয়যাত্ৰা অটুট থাকক।

ফটাঢোল : বাইদেউ বহুত বহুত ধন্যবাদ, আমাক আপোনাৰ বহুমূলীয়া সময় দিয়াৰ বাবে। আমি বহুত কথা শিকিলোঁ আপোনাৰপৰা। আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ লগতে সুন্দৰ গীত পুনৰ আপোনাৰ কণ্ঠত শুনিম বুলি আশা কৰিলোঁ।

মণিষা হাজৰিকা : ময়ো তোমালোক দুয়োজনৰ লগতে সমূহ ফটাঢোল পৰিয়ালক বহুত শুভেচ্ছা দিলোঁ। বহুত ভাল লাগিল মোৰো তোমালোকৰ সৈতে সন্ধিয়াটি পাৰ কৰি। ফটাঢোলৰ যাত্ৰা অব্যাহত থাকক।

☆★☆★☆

4 Comments

  • চিদানন্দ বৰা

    সাক্ষাৎকাৰ বোৰ তেতিয়াহে বৰ পাগত উঠিবলৈকো ___ সুধোতা জনৰ বিচক্ষণতাৰ প্ৰয়োজন ! প্ৰশ্ন যিমানেই সুন্দৰ হব , উত্তৰ বোৰো তেনে ৰূপতে বহিৰ্ভূত হয় !!

    এক্সিলেণ্ট !!

    Reply
  • চিদানন্দ বৰা

    সাক্ষাৎকাৰ বোৰ পাগত উঠিবলৈ___ প্ৰশ্ন কৰোতা জনৰ বিচক্ষণতাৰ বৰ প্ৰয়োজন !!

    তাৰ চূড়ান্ত নিদৰ্শন ই ৷

    এক্সিলেণ্ট !!

    Reply
  • মানসী বৰা

    বৰ ভাল লাগিল..

    Reply
  • অভিজিত কলিতা

    আজিহে পঢ়িলো, ইমান ধুনীয়া সাক্ষাতকাৰ বহুদিন পঢ়া নাই, মনোমোহা গল্প এটা হে যেন। বহুত ধন্যবাদ।

    Reply

Leave a Reply

Your email address will not be published.