ফটাঢোল

সাক্ষাৎকাৰ- মনালিছা শইকীয়াৰ সৈতে এখন্তেক

বৰ্তমান অসমৰ সবাতোকৈ জনপ্ৰিয় লেখক সকলৰ অন্যতম শ্ৰীমতী মনালিছা শইকীয়াক ফটাঢোলৰ পঢ়ুৱৈসকলক নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই। নৱ প্ৰজন্মৰ মাজত বিশেষভাৱে জনপ্ৰিয় লেখিকা গৰাকীয়ে, সাহিত্য চৰ্চাৰ উপৰিও আন কেইবাটাও দিশত নিজে অৱদান আগবঢ়াই আহিছে। আমাৰে সৌভাগ্য যে তেওঁ আমাৰ ফেচবুক গোটটিৰো সক্ৰিয় সদস্য। তথাপিও তেওঁৰ বিষয়ে আৰু কিছুকথা জানিবলৈ, আমি শ্ৰীমতী শইকীয়াক লগ ধৰিছিলোঁঁ; তেওঁলোকৰ দ্বাৰা পৰিচালিত সম্পূৰ্ণ থলুৱা উৎপাদিত সামগ্ৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠান, ‘থলগিৰি- দ্য এথনিক হাব’ত।

 

ফটাঢোল : পোন প্ৰথমে ফটাঢোলৰ তৰফৰপৰা আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

মনালিছা শইকীয়া : ধন্যবাদ।

ফটাঢোল : আমাৰ গোটটিৰ কথা আপুনি জানেই, যিহেতু আপুনি আমাৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত। আপোনাক ফটাঢোলৰ পথ প্ৰদৰ্শক বুলি ক’লেও ভুল নহয়, যেতিয়াই আমি কোনো বিপদত পৰিছোঁ, আপোনাৰ সহায় ল’বলৈকে আগবাঢ়ি আহোঁ। এইবাৰো আহিছোঁ। এইমাহৰ ফটাঢোল ই-আলোচনীৰ বাবে আমি আপোনাৰ সাক্ষাৎকাৰ ল’বলৈ আহিছোঁ। প্ৰথমেই সুধিব বিচাৰিম হাস্য-ব্যংগৰ সাহিত্যৰ গোট ফটাঢোলৰ বিষয়ে আপুনি কি ক’ব?

মনালিছা শইকীয়া : মই আগতেও বহুবাৰ বহুতক কৈছোঁ যে মই লবীজিম বা গোট এইবোৰ বৰ বেছি ভাল নাপাওঁ। ফেচবুকৰ বহুকেইটা গোটত মোক অন্তৰ্ভুক্ত কৰি থৈছে যদিও মই সক্ৰিয় হৈছোঁ যদি একমাত্ৰ ফটাঢোল গোটত। এই গোটত মই ইতিবাচক এটা দিশ দেখা পাওঁ যিটো দিশ তাহানিতে লক্ষ্মীনাথ বেজবৰুৱাৰ হাস্যৰসৰ ধাৰাটোক অব্যাহত ৰখাৰ প্ৰচেষ্টা গোটটিৰ প্ৰতিজন সদস্যই চলাই আহিছে।

মই ভাবোঁ, ব্যংগ সাহিত্যও সাহিত্যৰ এটা উল্লেখনীয় দিশ, ই সামাজিক বা অন্য যিকোনো ক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে। যেনে কাৰ্টুন, ব্যংগ লেখা এইবোৰেও প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। ফটাঢোলত যিসকলে লিখি আছে, মই দেখিছোঁ তেখেতসকলৰ লেখা ভীষণ ছিৰিয়াছ, কিন্তু তাৰ মাজতে কটাক্ষ বা ব্যংগৰ মাধ্যমৰেই প্ৰতিজনে সমাজলৈ সুন্দৰ মেছেজ দিবলৈ যত্ন কৰে আৰু সেইবাবেই চাগে গোটটোৰ প্ৰতি মোৰ বুজাব নোৱাৰা আকৰ্ষণ এটা আছে।

ফটাঢোল : আপুনি আমাৰ অগ্ৰজ, আমাৰ আদৰ্শ ব্যক্তি। আমি এইবাৰ জানিব বিচাৰিম আপোনাৰ শৈশৱৰ বিষয়ে, লগতে আপুনি লিখাৰ অনুপ্ৰেৰণা কেনেকৈ পালে?

মনালিছা শইকীয়া : প্ৰথম কথা মোৰ কোনো গডফাদাৰ নাই আৰু প্ৰেৰণা বুলিবলৈও নাই। মই যদি প্ৰেৰণা পাইছোঁ সেয়া প্ৰকৃতিয়ে দিছে, জীৱনৰ অভিজ্ঞতাই দিছে, অধ্যয়নে দিছে আৰু কেতিয়াবা কষ্টই দিছে। আচলতে নিলিখিলে মোৰ উপায় নাছিল। মই আচলতে গান গাবলৈ বিচাৰিছিলোঁ। কিন্তু গান গাবলৈ হ’লে বাদ্যযন্ত্ৰকাৰী লাগিব, সম্পূৰ্ণ এটা টীম লাগিব। নাচিবলৈ হ’লেও আনৰ সহায় লাগিব কিন্তু লিখিবলৈ পঢ়িবলৈ হ’লে মোক কোনো সহায় নালাগে, চুকত অকণমান জেগা পালেই লিখিব পাৰোঁ। সেই সময়ত মই খুবেই কিতাপ পঢ়িছিলোঁ, আনৰ লেখাবোৰ পঢ়ি পঢ়ি অনুভৱ কৰিছিলোঁ যে মোৰো দেখোন ক’বলগীয়া বহুত আছে যিখিনি মই লিখাৰ মাধ্যমেৰেহে বুজাব পাৰিম। তেনেকৈয়ে মই লিখাৰ প্ৰতি আকৰ্ষিত হ’লোঁ আৰু লিখিবলৈ আৰম্ভ কৰিলোঁ ।

ফটাঢোল : আজৰি সময়ত আপুনি বেছিভাগ লিখা মেলা কৰে, এতিয়া বাৰু আপুনি থলগিৰিৰ লগত জড়িত। লিখাৰ বাহিৰে অন্য বেলেগ কাম বা আপোনাৰ হবি হিচাবে কি কৰি ভাল পায়?

মনালিছা শইকীয়া : লিখাটোৱেই মই কম কৰোঁ বাকী সকলোবোৰেই বেছি কৰোঁ। লিখাটো মোৰ চিনাকি, লিখি লিখিয়ে মই বহুতৰে পৰিচিত হ’লোঁ কিন্তু মোৰ কৰি ভাল পোৱা কাম বহুতো আছে। মই ঘৰ সজাই ভাল পাওঁ, ৰান্ধি ভাল পাওঁ। যোৱা ন দহদিন মানৰপৰাতো থলগিৰিত ৰান্ধিয়েই আছোঁ। মোৰ যেতিয়াই যি ভাল লাগে, যি মন যায় তাকেই কৰোঁ। কেতিয়াবা ধৰক সাজি কাচি ভাল পাওঁ বা বজাৰ কৰি ভাল পাওঁ আৰু কেতিয়াবা ঘূৰি ফুৰিও ভাল পাওঁ। যিটো ভাল লাগে সেইটোকেই কৰোঁ আৰু ইয়াকে হবি বুলিও ক’ব পৰা যায়।

ফটাঢোল : ভবিষ্যত পৰিকল্পনা কি?

মনালিছা শইকীয়া : নাই নাই, ভবিষ্যত শব্দটোৰ প্ৰতি মোৰ কোনো আকাংক্ষা নাই। মই আজিৰ দিনটোত জীয়াই থাকোঁ, ম’মেণ্টত জীয়াই থাকোঁ।
ভাবোঁ, ভাবিবলৈতো ঢেৰ কিবা কিবিয়ে পাৰোঁ কিন্তু মোৰ নিৰ্দিষ্ট কোনো সপোন নাই যে মই এইটোৱেই কৰিম। দিনটোৰ শেষত অদৃষ্টজনক ধন্যবাদ দিওঁ দিনটো কুশলে নিয়াৰ বাবে, পুৱাও প্ৰাৰ্থনা কৰোঁ দিনটো ভালদৰ নিবলৈ বুলি। এটা এটা দিন বা এটা এটা সময় ভালকৈ যোৱা মানেই মোৰো গতি এটা ভালকৈ গৈ থকা বুলিয়ে ভাবোঁ। প্ৰত্যেকটো দিন ভালকৈ গ’লেই ভবিষ্যতটো নিজেই ভাল হৈ যায়।

ফটাঢোল : এই যে পেপাৰে পত্ৰই পঢ়ি থাকোঁ গাৰ্হস্থ্য হিংসা বা দাম্পত্য কলহৰ কথা, আপুনি কেতিয়াবা এনে হিংসা ক’ৰবাত দেখিছে নেকি বা নিজৰ জীৱনত হয় নে?

মনালিছা শইকীয়া : কাজিয়া হয় কিন্তু হিংসা বেলেগ বস্তু। কাজিয়া মানে সাধাৰণ খুট-খাটতো মানুহৰ থাকিবই। কাজিয়া harmful নহয়, কিন্তু হিংসা অনিষ্টকাৰী। কাজিয়াই সদায় অনিষ্ট নকৰিবও পাৰে, কিন্তু হিংসাই কৰে। কাজিয়া হোৱাৰ পিছত বুজাবুজিও হ’ব পাৰে। কিন্তু হিংসা বস্তুটো এনেকুৱা যিটো ভিতৰত লাগি থাকিবহি আৰু নিগনিৰ নিচিনাকৈ ভিতৰি ভিতৰি কুটি কুটি শেষ কৰি দিব পাৰে। বিশেষকৈ যি হিংসা কৰে তেওঁৰ বেছি কষ্ট, যাক হিংসা কৰে তেওঁতকৈ। আজি যদি মোক কোনোবাই হিংসা কৰি আছে মই গম নাপাওঁ, কিন্তু যি মোক কৰি আছে তেওঁ হয়তো বেছি কষ্ট পাই আছে। কথাবোৰ তেনেকুৱা হয়। আৰু দাম্পত্য জীৱনত যদি পতি পত্নীয়ে ইজনে সিজনক হিংসা কৰে, সেইটো আচলতে জীৱন নহয়। সেইটোক যুগলবন্দী বুলি ক’ব নোৱাৰি। কাজিয়া হ’ব পাৰে কিন্তু হিংসা হ’লে তাক দাম্পত্য জীৱন বুলি ক’ব নোৱাৰি।

ফটাঢোল : প্ৰত্যেকজন পুৰুষৰ সফলতাৰ আঁৰত এগৰাকী নাৰী থাকে, তেনেদৰে প্ৰত্যেকগৰাকী সফল নাৰীৰ আঁৰতো পুৰুষ থাকে বুলি কয়। আপোনালোকৰ ক্ষেত্ৰত মনোৰম দাই হওক বা আপুনিয়ে হওক দুয়ো সমানেই সফল। এইক্ষেত্ৰত উপৰোক্ত কথাষাৰৰ সন্দর্ভত কি ক’ব?

মনালিছা শইকীয়া : আমি আচলতে individual। আমি কোনো কাৰো দ্বাৰা প্ৰভাৱিত নহয়। তেওঁ তেওঁৰ ভাগে, মই মোৰ ভাগে। এটা কথা হয়, আমি এটা পৰিয়াল। গতিকে তাত এটা বান্ধোন থাকিবই। এটা পৰিয়ালত যেনেকৈ মাকে পুতেকক, দেউতাকে জীয়েকক এটা চাপ’ৰ্ট দিয়ে তেনেকৈ পতিয়ে পত্নীক, পত্নীয়ে পতিক চাপ’ৰ্ট এটা দিবই। inspiration টো এটা বেলেগ আৰু সমৰ্থনটো এটা বেলেগ। ধৰক, স্বামী হিচাপে যিখিনি দায়িত্ব পালন কৰিব লাগে তেওঁ কৰিছে আৰু এগৰাকী পত্নী হিচাপে ঘৰ সংসাৰৰ দায়িত্ব পালনৰপৰা আদি কৰি যিখিনি কৰিব লগা হৈছে মই কৰিছোঁ। হয়তো বহুত ক্ষেত্ৰত তেওঁ আনৰ স্বামীৰ তুলনাত বেছি কৰিছে। কিন্তু মই যদি কৈ দিওঁ যে মোৰ সফলতাৰ আঁৰৰ গোটেই মানুহজন তেঁঁৱেই সেইটো মোৰ ভুল হ’ব। গোটেই জীৱনটো এটা দীঘল প্ৰক্ৰিয়া আৰু এই প্ৰক্ৰিয়াত আমি কেৱল এজন মানুহকে লগ নাপাওঁ। মা-দেউতাৰপৰা আদি কৰি জীৱনত বহু কেইজনক বহু সময়ত লগ পাওঁ। গতিকে আমাৰ সফলতাবোৰৰ আঁৰত সেই মানুহবোৰো আছে। গতিকে মই সফলতাৰ ক্ষেত্ৰত এজন মানুহৰ কথাই ক’ব নিবিচাৰোঁ।

ফটাঢোল : আপোনাৰ জীৱনৰ আমোদজনক ঘটনা এটাৰ কথা কওকচোন? মানে অলপ হাঁহি উঠা ধৰণৰ ঘটনা।

মনালিছা শইকীয়া : হাঁহি উঠা ঘটনা আছে বাৰু। মই এবাৰ চানমাৰিত ওখ চেণ্ডেল এযোৰ পিন্ধি বজাৰ কৰিবলৈ গ’লোঁ। খুউব জন্মাষ্টমীৰ বজাৰ কৰিলোঁ। আপেল, কল আদি ফলমূল কিনি যাওঁতে হঠাৎ ৰাস্তাটো পাৰ হ’ব খুজোঁতেই ট্ৰেফিক পইণ্টটোতে পৰি গ’লোঁ। পৰি যোৱাৰ পিছত মোৰ এনেকুৱা এটা অৱস্থা হ’ল যে মোৰ বেগৰপৰা গোটেই আপেল বাগৰি গৈছে, মধুৰী বাগৰিছে। মই দেখিছোঁ গোটেই গাড়ীবোৰ গৈ আছে আৰু সবেই হাঁহিছে। মই তললৈ মূৰ কৰি ধুুমধাম নিজৰ মোনাত বস্তুবোৰ ভৰাইছোঁ। বস্তুবোৰ ভৰাই ৰিক্সা এখনক মাতি উঠি লৈছোঁ। ইঞ্জিনীয়াৰিং ইনষ্টিটিউটৰ ল’ৰাবিলাক দলংখনৰ তলতে থাকে নহয়। সিহঁতে ৰিক্সাখনক জোকাইছে “অ’ ৰিক্সা বেছি ওখ চেণ্ডেল নিপিন্ধিবা দেই।” তাৰ পিছৰপৰা মোৰ কি হ’ল এমাহমান মই চানমাৰিত ৰোৱাই নাছিলোঁ। এনেকুৱা লাগিছিল সবেই মোক চিনি পাই যাব “সেই পৰা ছোৱালীজনী” বুলি। তেনেকুৱা ঘটনা বহুত আছে। য’তে ত’তে পৰোঁ, ক’ৰবাত ভৰি সোমাই যায়। আমি স্কুললৈ মেখেলা চাদৰ পিন্ধি গৈছিলোঁ। এবাৰ স্কুল পাইছোঁগৈ মেখেলাৰ তলত পিন্ধি যোৱা তলৰ স্কাৰ্টটো খহি পৰিছে। আচলতে ঘৰত পিন্ধি থকা স্কাৰ্টটো খুলি যাবলৈকে পাহৰিলোঁ। এনেকুৱা বহুত ঘটনাই আছে এতিয়া পাহৰিছোঁ আৰু। হৈয়েই থাকে আচলতে মোৰ লগত।

ফটাঢোল : বাইদেউ, এতিয়া এটা চিৰিয়াছ প্ৰশ্ন সুধিব বিচাৰিছোঁ। আজিকালি চ’চিয়েল মিডিয়া বিশেষকৈ ফেচবুকত যি সাহিত্য চৰ্চা হৈছে, এই সাহিত্য চৰ্চাৰ লগত প্ৰিণ্ট মিডিয়াৰ চৰ্চাৰ মাজত কিবা conflict হ’ব পাৰে বুলি ভাবে নেকি আপুনি? এই ফেচবুক সাহিত্য চৰ্চাটো বেয়া হৈছে নেকি।

মনালিছা শইকীয়া : চাওক, শংকৰদেৱৰ সময়ত আটাইতকৈ আধুনিক মানুহজন শংকৰদেৱেই আছিল। তাৰপিছত যেতিয়া পেপাৰ আহিল মানুহে ভাবিছিল জাতিটো গ’ল আৰু। সময়ৰ দাবী আৰু এশ বছৰৰ পিছত আমি ক্লাছিক হ’ম। সেইবাবে সেই ধাৰণাটো ভুল। আমি ক’ব নোৱাৰোঁ কাইলৈ আমি কি হৈ যাম। সেয়ে সময়ে যিটো দিছে তাক আমি গ্ৰহণ কৰাটো আমাৰ ধৰ্ম হোৱা উচিত। ফেচবুকটো বেয়া, প্ৰিণ্টটো ভাল সেইটো নহয়। ভাল ক’ত হৈ আছে? প্ৰিণ্টত যদি বেয়া হৈছে সেইটো বেয়া, প্ৰিণ্টত যদি ভাল হৈছে ভাল। তেনেদৰে ফেচবুকত যদি ভাল হৈছে ভাল, যদি বেয়া হৈছে বেয়া। দুটাই বস্তু আছে ভাল আৰু বেয়া। আমি তাৰপৰাহে চাব লাগিব। মাধ্যমটো গুৰুত্বপূৰ্ণ নহয়। মানুহে পটকৈ কৈ দিয়ে যে ফেচবুকতহে লিখা, কথাটো আচলতে সেইটো নহয়। মিডিয়ামটো কেতিয়াও গুৰুত্বপূৰ্ণ হ’ব নোৱাৰে। আপুনি তাৰপৰা ভালটো বাচি উলিয়াব পৰাটোৱেইতো দৰকাৰী কথা।

ফটাঢোল : আজি যদি আপোনাক এটা সুযোগ দিওঁ অন্য এজন ব্যক্তি হ’বৰ বাবে তেতিয়া আপুনি কোন হ’বলৈ বিচাৰিব?

মনালিছা শইকীয়া : মই চলমান খান হ’ম।

ফটাঢোল : কিয়?

মনালিছা শইকীয়া : ভালপাওঁ।

ফটাঢোল : চলমান খানক ঈৰ্ষা কৰে নেকি? মানে কাৰোবাক ঈৰ্ষা কৰে নেকি?

মনালিছা শইকীয়া : কৰোঁ। ভূপেন হাজৰিকাৰ প্ৰেয়সীবোৰক। বাকী কাকো ঈৰ্ষা নকৰোঁ। অকল ভূপেন হাজৰিকাৰ প্ৰেয়সীবোৰক ঈৰ্ষা কৰোঁ।

ফটাঢোল : বাৰু এতিয়া আমি ৰেপিদ ফায়াৰ ৰাউণ্ড কৰিম। নভবাকে সকলো উত্তৰ দিব লাগিব কিন্তু। যিটো শব্দ প্ৰথম ওলায় তাকেই ক’ব লাগিব।

প্ৰ : প্ৰিয় লিখক?

উ : মামনি বাইদেউ।

প্ৰ : গায়ক?

উ : ভূপেন হাজৰিকা।

প্ৰ : প্ৰিয় প্ৰাণী?

উ : মেকুৰী।

প্ৰ : প্ৰিয় বোলছবি?

উ : হম দিল দে চুকে চনম।

প্ৰ : প্ৰিয় অভিনেতা?

উ : চলমান খান।

প্ৰ : প্ৰিয় অভিনেত্ৰী?

উ : স্মিতা পাটিল।

প্ৰ : প্ৰিয় কিতাপ?

উ : অন্তৰীপ।

ফটাঢোল : বাইদেউ, এইবাৰ আপোনাৰ প্ৰথম প্ৰেমৰ বিষয়ে জানিব বিচাৰিছোঁ, যিবোৰ সুঁৱৰি এতিয়াও আপোনাৰ মুখত হাঁহি বিৰিঙে।

মনালিছা শইকীয়া : প্ৰেম মোৰ জীৱনলৈ বহুবাৰ আহিছে। ষষ্ঠ শ্রেণীমানত পঢ়ি থাকোঁতেই প্ৰেমৰ অনুভৱে প্ৰথমবাৰৰ বাবে দোলা দি গৈছিল। মই তেতিয়া দিচাংমুখত আছিলোঁ। লক্ষ্য কৰিছিলোঁ এটা ল’ৰাই সদায় মহৰ পিঠিত উঠি খুব পেঁপা বজাই বজাই যায়। তাৰ নাম আছিল ইন্দ্র। আমি তেতিয়া এটা বাঁহৰ ঘৰত আছিলোঁ। সি ইমান ধুনীয়াকৈ পেঁপা বজাই যে তাৰ পেঁপাৰ লহৰ শুনিবলৈকে মই সদায় খিৰিকীৰ কাষত ৰৈ থাকোঁ। মই সেইটো দৃশ্য জীৱনত পাহৰিব নোৱাৰোঁ। মই ভাবিছিলোঁ, জীৱনত যদি বিয়া পাতোঁ তেন্তে এই পেঁপা বজোৱা ল’ৰাটোকে পাতিম। এয়া কুমলীয়া বয়সতে অনুভৱ কৰা প্ৰথম প্ৰেমৰ অনুভূতি। সেই ল’ৰাটোৱে হয়তো মোৰ অনুভূতিখিনিৰ কথা গমেই নাপালে। সপ্তম শ্ৰেণীমানত পঢ়ি থাকোঁতেই হ’বলা, মই সঁচাকৈয়ে এখন প্ৰেম পত্ৰ পাইছিলোঁ। মিছিং সম্প্রদায়ৰ ল’ৰা এজনে মোলৈ বুলি এখন প্ৰেম পত্ৰ লিখিছিল। সি অসমীয়া ভাষাটো ভালদৰে ফুটাব নোৱাৰিছিল। তথাপিও অসমীয়াতে চিঠিখনত লিখিছিল। “মুন তই মই পদুম পুল হৈ একেলগে পুলি থাকিম দেই” – চিঠিখনৰ কথাবোৰ আছিল ঠিক এনেকুৱা ধৰণৰ। খুব মৰমলগা। মই পিচে চিঠিখন ফালি পেলাইছিলোঁ। স্কুলত আমি তেতিয়া দমকলৰ পানী খাওঁ। দমকলৰ পাৰত থকা বোকাতে চিঠিখন টুকুৰা টুকুৰ কৰি ফালি পেলাই দিছিলোঁ। মোৰ সৰু ভণ্টিজনী সেইখন স্কুলতে পঢ়িছিল। তাই আকৌ টুকুৰাবোৰ নি মাক দি দিলেগৈ। মায়ে টুকুৰাবোৰ লগ লগাই পঢ়িলে। মাক কথাটো কোৱা নাছিলোঁ মই। চিঠিখন পঢ়ি মায়ে ‘তই এইবিলাক কি কৰিছ স্কুলত’ বুলি উগ্ৰমূৰ্তি ধাৰণ কৰিলে আৰু দেউতাক লগাই দিয়াৰ হুমকি দিলে। দেউতালৈ আমি খুব ভয় কৰিছিলোঁ। তেতিয়া খুব কান্দি কান্দি মাক কৈছিলোঁ যে মই বৃত্তি পাই দিম, কিন্তু কথাটো দেউতাক ক’ব নালাগে। মই বৃত্তি পাইছিলোঁ। মোক খুব ভাল ছোৱালী বুলি সবেই জানিছিল। গতিকে মোৰ ধাৰণা হৈছিল যে প্ৰেম পত্ৰ পোৱাটো সাংঘাতিক বেয়া কথা হৈছে। বহুত চিঠি পাওঁ তেতিয়া। মোৰ আগে আগে ল’ৰাবোৰ যায়, ঘৰৰ আগেদি যায়। কোনোবা গুৱাল প্ৰেমিক আছিল, কোনোবা নাৱৰীয়া প্ৰেমিক আছিল, কোনোবা আকৌ গৰখীয়া প্ৰেমিক আছিল। এনেকুৱা বেলেগ বেলেগ ধৰণৰ প্ৰেমিক আছিল।

ফটাঢোল : বাইদেউ অন্তিমটো প্ৰশ্ন কৰিছোঁ। আমাৰ ফটাঢোল গ্ৰুপটিক আপুনি কি উপদেশ দিবলৈ বিচাৰিব? আমি কি কি কৰিব পাৰোঁ আগলৈ?

মনালিছা শইকীয়া : যদিও মই নিজকে উপদেশ দিব পৰা কোনোবা বুলি নাভাবোঁ তথাপিও মোৰ ফালৰপৰা এটা মন্তব্য দিব খোজোঁ। যিটো ধাৰা ফটাঢোলে বর্তমান ধৰি ৰাখিছে, যিটো গুণগত মান এতিয়া আছে সেয়া যাতে তললৈ নাযায়। বেজবৰুৱাৰ ব্যঙ্গ সাহিত্যৰ উত্তৰসুৰী হিচাপে ফটাঢোলে এটা স্থান যাতে ল’ব পাৰে তাকে বিচাৰোঁ।

ফটাঢোল: অশেষ ধন্যবাদ। এইখিনি সময় আমিও বৰ উপভোগ কৰিলোঁ। শেষত আমি ফটাঢোলৰ পৰা আপোনাৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ আৰু আশা ৰাখিছোঁ যে আপুনি সদায়ে ফটাঢোলক পথ প্ৰদৰ্শন কৰি যাব। আপোনাৰ বহুমূলীয়া সময়খিনিৰ বাবে পুণৰ ধন্যবাদ জনালোঁ।

পৰিচিতি:
জন্মৰ বছৰ আৰু স্থান: ১৯৭৫ চন- ৰঙাগড়া চাহ বাগিছা, গোলাঘাট-অসম
শিক্ষা:
১) স্নাতকোত্তৰ: গুৱাহাটী বিশ্ববিদ্যালয়
২) স্নাতক: কটন মহাবিদ্যালয়
পিতৃ: শ্ৰীলক্ষ্মী শইকীয়া
মাতৃ: শ্ৰীমতী অৰুণা শইকীয়া
বৰ্তমান বাসস্থান: সাতগাঁও, গুৱাহাটী
আন জীৱিকা:
১) নিৰ্দেশক: “আচাম স্কুল অৱ জাৰ্নেলিজম (উজান বজাৰ )
২) সহ-স্বত্বাধিকাৰী: “থলগিৰি- দা এথনিক হাব”
৩) শিক্ষিকা: অসম জাতীয় বিদ্যালয়, নুনমাটি (১৯৯৭- ২০০৬)
৪) সাংবাদিকতা: “সাদিন” (২০০৬-২০০৮); দৈনিক জনমভূমি (২০০৮-২০১১)
সংগী আৰু পৰিয়াল:
স্বামী: মনোৰম গগৈ
জী: কাংকান (সুগন্ধিপ্ৰাপ্তি)
বঁটাসমূহ:
২০১৬ চনৰ উপন্যাস শংখনিনাদৰ বাবে দৈনিক অসম সাহিত্য বঁটা
২০০৪ চনত গল্প সংকলন ‘পুণৰ জনম লয় তেজীমলাই’ ৰ বাবে মুনীন বৰকটকী বঁটা
২০১০ চনত আধাৰশিলা যুৱ প্ৰজন্মৰ সাহিত্যিক বঁটা।
উপন্যাস :
১) আন্দোলিত আকাশ
২) শংখনিনাদ
৩) আবৰিৰ আকাশ আৰু পৃথিৱী
৪) পাপৰ পৃথিৱী
৫) সত্যবান দূৰ হৈ নেযাবা
৬) নাৰ্চিছাছৰ চহৰ
গল্প সংকলন :
১) পুণৰ জনম লয় তেজীমলাই
২) পানীৰ এই জীৱন নীলপৱন
৩) সংগোপনে সেউজীয়া
৪) বিগ বজাৰ
৫) কেতিয়াবা পখিলা
৬) এ আৰ টি ৰোড আৰু যত শেষ হয় শূণ্যতা (মৃতুঞ্জয় মহন্তৰ সৈতে যুটীয়া ভাৱে)
৭) পানীৰ পালক (প্ৰকাশৰ অপেক্ষাত)
সম্পাদনা : গুমৰাগ (অধুনালুপ্ত)

☆★☆★☆

6 Comments

  • অনুৰূপ মহন্ত

    বৰ ভাল লাগিল সাক্ষাৎকাৰটো। বাইদেৱে ইমান সুন্দৰ আৰু উপভোগ্য কৈ দিছে উত্তৰ কেইটা, সচাঁই আপ্লুত হ’লো।

    Reply
  • হেমন্ত কাকতি

    তেওঁৰ কথাখিনি পঢ়ি বৰ অাপ্লুত হলোঁ

    Reply
  • Rita Saikia .

    সাক্ষাৎকাৰটি পঢ়ি বৰ ভাল লাগিল ।

    Reply
  • ৰিমঝিম

    ভাল লাগিল প্ৰিয় লেখিকাৰ সাক্ষাৎকাৰ পঢ়ি

    Reply
  • গৌৰীশংকৰ শৰ্মা

    সিদিনা অলপমান পলম নোহোৱা হ’লেই সাক্ষাৎকাৰটোৰ কথাখিনি সন্মুখত বহি শুনিব পাৰিলোহেঁতেন। গৈ পোৱালৈ শেষেই হৈছিল।
    সাক্ষাৎকাৰটো পঢ়ি কিছুমান কথা জানিব পাৰি ভাল লাগিল। আগৰে পৰা এটা ধাৰণা আছিল, সাহিত্যিক মানুহবোৰ বৰ চিৰিয়াচ টাইপ হয়। গুৰু গম্ভীৰ কথা বতৰা, সহজতে নাহাঁহে তেনে টাইপ। মনালিছা শইকীয়া বাক (বাইদেউ শব্দটো গধুৰ) তেনে নালাগে। আগৰ সাহিত্যিকৰ প্ৰতি থকা ধাৰণাটো সলনি হৈছে।

    Reply
  • লেনিন কমান

    খুব ভাল লাগিল |

    Reply

Leave a Reply

Your email address will not be published.