ফটাঢোল

সাক্ষাৎকাৰ: ‘মহাৰাণী’খ্যাত বলিষ্ঠ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ সৈতে এক অন্তৰংগ আলাপ – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

অসমীয়া বোলছবি তথা ভ্ৰাম্যমাণ নাট্যজগতৰ মোহময়ী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰক আপোনাসৱৰ মাজত নতুনকৈ পৰিচয় কৰাই দিয়াৰ নিশ্চয় প্ৰয়োজন নাই। দূৰদৰ্শন ছিৰিয়েল “বৰ্ণালী”, আৰু “মহাৰথী” বোলছবিখনৰ যোগেদি অভিনয় জগতত প্ৰৱেশ কৰা প্ৰস্তুতি পৰাশৰে ভালেকেইখন অসমীয়া ছিৰিয়েল আৰু বোলছবিত অভিনয়ৰ জৰিয়তে অসমীয়া দৰ্শকৰ মানসপটত এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে ইতিমধ্যেই। জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে “মৃগনাভি” চলচিত্ৰখনত “সোণতৰা” চৰিত্ৰটিত কৰা অনবদ্য অভিনয়ৰ বাবে দাদা চাহেব ফাল্কে ইণ্টাৰনেচনেল ফিল্ম ফেচটিভেলত ‘শ্ৰেষ্ঠ অভিনেত্ৰী’ৰ সন্মান বুটলি অসমবাসীক ধন্য কৰিছে।

ভ্ৰাম্যমাণ নাটকতো প্ৰস্তুতি পৰাশৰৰ অভিনয় মানেই নিতৌ তিনি চাৰিটাকৈ দৰ্শনী। “গিৰিপ গাৰাপ কইনা আহিছে”, “মই মাৰ ছোৱালী”, “মহাৰাণী”, “মা কালী” আদিৰ দৰে নাটকত কৰা অভিনয়ৰ যোগেদি দৰ্শকৰ মনত আচুতীয়া সাঁচ বহুৱাবলৈ সক্ষম হোৱা অভিনেত্ৰীগৰাকী ২০১৮-১৯ নাট্যবৰ্ষৰ বাবে চুক্তিবদ্ধ হৈ আছে পাঠশালাস্থিত আৱাহন থিয়েটাৰৰ লগত।

অভিনেত্ৰীগৰাকীৰ লগত কথা পতাৰ মানসেৰে, ‘ফটাঢোল’ পৰিয়ালৰ হৈ মই, মণিষা কাকতি আৰু দিম্পল কলিতা যোৱা ২২ জুলাই তাৰিখে ৰাওনা হৈছিলোঁ পাঠশালাস্থিত আৱাহন থিয়েটাৰৰ আখৰাগৃহলৈ, আমাৰ ই-মেগাজিনৰ বৰ্ষপূৰ্তি সংখ্যাটোৰ সাক্ষাৎকাৰ গ্ৰহণৰ বাবে।

দুপৰীয়া ১ বজাত গৈ আৱাহন থিয়েটাৰৰ আখৰাগৃহত উপস্থিত হোৱাৰ লগে লগে মুখত এমোকোৰা হাঁহি লৈ আমাক আদৰণি জনাইছিল প্ৰস্তুতি বাইদেৱে। ৰাতিপুৱা ৬.৩০ বজালৈকে নাটকৰ আখৰাত ব্যস্ত থকা বাইদেউৰ মুখত নাছিল কোনো ক্লান্তিৰ চাপ, পুনৰ ১.৩০ বজাৰপৰা হ’বলগা আখৰাত ব্যস্ত হোৱাৰ বাবে সাজু। ভাবিবলৈ বাধ্য হৈছিলোঁ, কিমান মানসিক শক্তিৰ অধিকাৰীনী তেওঁ!

পোন প্ৰথমে আমি ‘ফটাঢোল’ পৰিয়ালৰ তৰফৰপৰা তেখেতক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাই অন্তৰংগ আলাপৰ বাবে সাজু হৈছিলোঁ।
চিৰপৰিচিত মোহনীয় হাঁহিটিৰে ধন্যবাদসূচক মন্তব্যটো দি তেঁৱো ইতিমধ্যে সাজু হৈছিল।

ফটাঢোল – অসমীয়া সাহিত্যৰ হাস্য-ব্যঙ্গ দিশটোৰ প্ৰসাৰৰ বাবে আমি আমাৰ ফেচবুক গ্ৰুপৰপৰা এই ই-আলোচনীখন প্ৰকাশ কৰোঁ প্ৰত্যেক মাহৰ ১ তাৰিখে। প্ৰায় পোন্ধৰহাজাৰ সদস্য থকা আমাৰ গ্ৰুপটোৰ আলোচনীখনৰ বৰ্ষপূৰ্তি সংখ্যা হিচাবে আপোনাৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিব আগবাঢ়িছোঁ, প্ৰশ্ন হিচাপে প্ৰথমে আপোনাক সুধিব বিচাৰিছোঁ অসমীয়া ব্যঙ্গ সাহিত্যৰ ওপৰত আপুনি কি ক’ব, অসমত ব্যঙ্গ সাহিত্যৰ দিশটো ঠিকে আছে বুলি আপুনি ভাবে? নে আৰু প্ৰসাৰৰ প্ৰয়োজন আছে?

প্ৰস্তুতি পৰাশৰ – ব্যঙ্গ সাহিত্যৰ প্ৰসাৰৰ প্ৰয়োজন আছে। কাৰণ সাহিত্যৰ জগতখনত বেলেগসমূহ দিশতকৈ ব্যঙ্গাত্মক দিশটো অকণমান পিছপৰি থকা যেন অনুমান হয়। আচলতে ব্যঙ্গাত্মক সাহিত্যটো খুব টান সাহিত্য। এনেয়ে এটা সাধাৰণ কাহিনীৰ পটভূমি সৃষ্টি কৰাতকৈ ব্যঙ্গাত্মক দিশত, সুস্থ ব্যঙ্গাত্মক ভাষাত সমাজ সচেতনতা দেখুৱাবলৈ যোৱাটো অলপ টান হৈ পৰে। তেনেকুৱা ধৰণৰ লেখকৰ পৰিমাণো তাকৰ, লগতে প্ৰচাৰ আৰু প্ৰসাৰো কম দেখিবলৈ পোৱা যায়, যিটো আমি বেলেগ সাহিত্যৰ ক্ষেত্ৰত বেছি দেখিবলৈ পাওঁ, গতিকে ব্যঙ্গ সাহিত্য অকণমান পিছ পৰি থকা যেন অনুমান হয়। এই ক্ষেত্ৰত নতুন প্ৰজন্মৰপৰা আশা কৰিব পাৰি। আজিকালি মানুহৰ ৰুচিবোধ, চিন্তাধাৰাবোৰ সলনি হৈছে, বহুত fast growth হৈছে, নতুন প্ৰজন্মৰ লেখক লেখিকাবোৰৰ মাজত এনে প্ৰতিভা ওলাব বুলি আমিও খুব আশাবাদী।

ফটাঢোল – লক্ষ্মীনাথ বেজবৰুৱাই যিটো আমাক ব্যঙ্গ সাহিত্যৰ বাট দেখুৱাইছিল, তেওঁৰ ব্যঙ্গ সাহিত্যৰ লগত বৰ্তমানৰ ব্যঙ্গ সাহিত্যৰ তফাৎ দেখিছে নেকি বাৰু?

প্ৰস্তুতি পৰাশৰ – বহুত বহুত বহুত তফাৎ। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ পিছত অন্য এজন মানুহৰ নাম ঘপককৈ মনলৈ নাহে দেখোন। সেইটো এটা বৰ ডাঙৰ গেপ।

ফটাঢোল – প্ৰস্তুতিবা, আপুনি বাৰু ভাবে নে দৈনন্দিন জীৱনত মানুহৰ মানসিক চাপ বা কামৰ যিটো হেঁচা থাকে, ইয়াৰপৰা ব্যঙ্গ সাহিত্যই মানুহক সকাহ দিব পাৰে বুলি?

প্ৰস্তুতি পৰাশৰ – বহুত বেছি ৰিলিফ দিব পাৰে, মানুহক হঁহুৱাবলৈ টান কিন্তু কন্দুৱাবলৈ বৰ সহজ। আমি যিমান ব্যস্ত জীৱন পাৰ কৰি গৈ আছোঁ, যিমান আমি বস্তুবাদী হৈ গৈ আছোঁ সিমানেই আমাৰ মাজত থকা সৰলতাখিনি কমি কমি গৈ আছে। আমি এক আৱৰণেৰে ঢাক খাই গৈ আছোঁ আৰু সেই আৱৰণ ফালি মানুহৰ অন্তৰত সোমাব পাৰিলেহে মানুহক হঁহুৱাব পাৰিম, প্ৰাণখোলা হাঁহিটো দেখিব পাৰিম। মানুহক কন্দুৱাবলৈ বৰ সহজ।
আমাৰ জীৱনত আজিকালি ইমান অশান্তি, সকলো দিশৰপৰা ঝামেলা, গতিকে মানুহৰ কান্দিবলৈ বৰ সহজ। কেতিয়াবা বেছি ভাগৰ লাগি থাকিলেও চকুপানী ওলায়, কিন্তু ভাগৰত থাকিলে জানো ভালদৰে হাঁহিব পাৰো! নোৱাৰো। মনটো যেতিয়া সাংঘাতিক ফ্ৰেছ হ’ব, যেতিয়া আমি মানসিক ভাৱে সুস্থ হৈ থাকিম, কোনো চাপ নাথাকিব তেতিয়াই আমি খোলাকৈ হাঁহিব পাৰিম। গতিকে মই ভাবো, ব্যঙ্গাত্মক সাহিত্যই নিশ্চিতভাবে মানুহৰ দুখ-ভাগৰসমূহ আঁতৰ কৰাত সহায় কৰে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে ব্যঙ্গাত্মক সাহিত্যৰ যোগেদি খুব গধুৰ বিষয়বস্তু খুব সহজতে মানুহৰ মনলৈ নিব পৰা যায়। সেইটো বহুত ডাঙৰ কথা। একেই তত্ত্ব গধুৰ কথা এটা যদি মানুহক বুজাবলৈ যাওঁ, বুজাত অলপ টান হয়। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ সৃষ্টিবোৰকে চাওঁচোন, বহুত সুন্দৰ সুন্দৰ বা গধুৰ গধুৰ বস্তুবোৰ একেবাৰে সহজ সৰল ভাষাতে তেখেতে উপস্থাপন কৰি দিয়ে, যিটো আমাৰ কাৰণে সহজে বোধগম্য হয়। সেইটো বৰ ডাঙৰ কথা। গতিকে, মোৰ বোধেৰে আমাৰ চেতনা সলনি কৰাত, দৈনন্দিন জীৱনৰ দুখ ভাগৰ আঁতৰ কৰাত ব্যঙ্গই বৰ ডাঙৰ ভূমিকা পালন কৰে।

ফটাঢোল – ব্যঙ্গাত্মক সাহিত্যই হওক বা ব্যঙ্গ চিনেমাই হওক, দুয়োটাই হয়তো মানুহক মানসিক প্ৰশান্তি দিয়ে। আপুনি ভাবে নে অসমত এখন ব্যঙ্গাত্মক চিনেমাই সফল ব্যৱসায় কৰিব পাৰিব।

প্ৰস্তুতি পৰাশৰ – ব্যঙ্গাত্মক চিনেমা চলিব যদিহে সেইটো বৰ ফৰ্চ কমেডি নহয়, কাৰণ ব্যঙ্গাত্মক সাহিত্যৰ দৰে তাতো সেই সৃষ্টিশীলতাতো লাগিবই। এতিয়া ভেঙুচালি-পেঙুচালি কৰিও মানুহে হঁহুৱাব পাৰে, ঠাট্টা-মস্কৰা কৰিও হঁহুৱাব পাৰে, মই বাৰে বাৰে কৈছোঁ তত্ত্বগধুৰ কথা এটাক ব্যঙ্গাত্মক দিশত উপস্থাপন কৰাটোৱে হ’ল ব্যঙ্গ সাহিত্য। এনেও ফুচুঙালী, কৰি দেহৰ ভাঁজ-ভুকুটি কৰিও মানুহক হঁহুৱাব পাৰি, সেইটো কিন্তু ব্যঙ্গাত্মক সাহিত্য বুলি মই নাভাবো। বোলছবিৰ ক্ষেত্ৰত ক’বলৈ গ’লে সৃষ্টিশীলতাত আৰু উপস্থাপনত যদি সেই ব্যঙ্গ প্ৰতিফলিত হয় তেতিয়াহ’লে এখন বোলছবিয়ে নিশ্চয় মানুহক আকৰ্ষিত কৰিব। যেনে, “দূৰদৰ্শন এটা যন্ত্ৰ” এইখন চিনেমাও এটা ব্যঙ্গাত্মক কাহিনীৰ। এইখন এখন সুস্থ ব্যঙ্গাত্মক কাহিনীৰ চিনেমা। এইখন চিনেমাৰ যোগেদি সমাজৰ এটা বৰ ধুনীয়া দিশ প্ৰতিফলিত হৈছে আৰু দৰ্শকে সেইবাবে আদৰিও লৈছে।
আৰু এনে বহুত ব্যঙ্গ চিনেমা আছে যিবোৰ ৰিলিজ হয় কিন্তু দৰ্শকক চুব নোৱাৰে, কাৰণ তাত চাগৈ সেই পাৰ্টিকুলাৰ যিটো গহীনতা থাকিব লাগে ব্যঙ্গাত্মকভাৱে বা যিটো মেছেজ পাব্লিকলৈ যাব লাগে সেইটো নাযায়গৈ, সেইবাবে নচলে ।

ফটাঢোল – ‘দূৰদৰ্শন…’ৰ কথাটো ওলাল যেতিয়া, প্ৰস্তুতিবা, ‘দূৰদৰ্শন…’ চাইছিলোঁ আৰু আপোনাৰ অভিনয়ো ভাল লাগিছিল। চিনেমাখনত যে ‘ওৱাছিং পাউদাৰ নিৰ্মা’ নতুবা ‘পেৰাছুইট অইল’ৰ বিজ্ঞাপনৰ দৃশ্যটো, চিনেমাখনত যেনেকৈ দেখুৱাইছে আপুনি বাস্তৱ জীৱনটো সৰু থাকোঁতে টিভিত দেখি তেনেকৈ কিবা বস্তুৰ প্ৰতি আকৰ্ষিত হৈছিল নেকি?

প্ৰস্তুতি পৰাশৰ – হয়! হয়! মই সৰু থাকোঁতে হৈছিল তেনে। ৯০ দশকৰপৰা টিভি আহিছিল চাগৈ অসমলৈ। তেতিয়া আমাৰ কাৰণে ডাঙৰ ক্ৰেজ আছিল টিভিটো। চিনেমাখনত যিটো বস্তু দেখুৱাইছে প্ৰকৃতাৰ্থত মোৰ জীৱনত সেইটো বস্তুৱেই ঘটিছে। সেই সময়ত ৰামায়ণ, মহাভাৰত চাবলৈ মানুহৰ যিটো প্ৰৱল হেঁপাহ আছিল, তেতিয়া আমাৰ চুবুৰীটোৰ প্ৰথম টিভিটো আমাৰ ঘৰতে আনিছিলোঁ… এই যে দৰ্জা বন্ধ টিভিটো, সেইসময়ত বিক্ৰম-বেতাল চাবলৈ পাগল আছিলোঁ। এই যে নিৰ্মা এডটোৰ ছোৱালীজনী, এতিয়াও তাইৰ মুখখন মোৰ চকুত এতিয়াও ভাঁহি আছে। সেই সৰুতেই দেখিছিলোঁ। নিশ্চিতভাৱে সেই এডবোৰে আমাকো আকৰ্ষিত কৰিছিল সেই সময়ত ।

ফটাঢোল – চিনেমাত দেখুৱাৰ দৰে ঘৰৰ মানুহে টিভিটোৰ দৰ্জাত তলা মাৰি চাবিটো লুকুৱাই থৈছিলনে?

প্ৰস্তুতি পৰাশৰ – লুকুৱাই থৈছিল, এটা সময়ত বেছিকৈ চাইছিলোঁ কাৰণে লুকুৱাই থোৱা হৈছিল। চিনেমাখনত যিখিনি বস্তু দেখুৱাইছিল আমাৰ ৰীয়েল লাইফত গোটেইখিনি বস্তু ঘটিছিল। বাৰাণ্ডাত টিভিটো উলিয়াই দিয়া আৰু বিশেষকৈ সেই যে এন্টিনাডাল ঘূৰাই দিওঁ, ‘জিল-জিল মিল-মিল’ আহি থাকোঁতে, সেইবোৰ।

ফটাঢোল – চিনেমাখনত এটা ভাল লগা দৃশ্য আছিল। সেই যে ভেটি দিবলৈ ৰাজীৱ ক্ৰ’ই কল এথোক লৈ আহিছিল। প্ৰস্তুতিবা, আপোনালোকৰ ঘৰটো তেনেকৈ ভেটি দি টিভি চাবলৈ আহিছিল নে কোনোবা মানুহ?

প্ৰস্তুতি পৰাশৰ – (হাঁহি হাঁহি) অ’ অ’! আহিছিল আহিছিল, বহুত।

ফটাঢোল – প্ৰস্তুতিবা, আজিকালি দেখা গৈছে যে শিল্পীসকলে, বিশেষকৈ আমাৰ অসমৰ শিল্পী বুলি ক’লে চিনেমাৰ লগত জড়িত মানুহখিনিৰ বহুতে সামাজিক দায়বদ্ধতা প্ৰতিফলিত কৰিব লৈছে। আৰু আমি দেখা পাওঁ কিছুমান শিল্পী বহু ক্ষেত্ৰত Diplomatic, মানে না এইফালে না সেইফালে। যেনেকৈ নাগৰিকত্ব সংশোধনী বিলৰ ক্ষেত্ৰত আপুনি প্ৰথম ওলাই গৈ বিৰুদ্ধাচৰণ কৰিছিল, এনেকৈ ভাবে নেকি যে শিল্পী হিচাপে আপোনাৰ দায়বদ্ধতাটো অধিক আৰু আপুনি যি কৰিছে সঠিক কৰিছে?

প্ৰস্তুতি পৰাশৰ – সেইটো মই শিল্পী বুলি নহয়.. এজন মানুহ হিচাপে যিটো অনুভৱ হৈছে যে মই এজন অসমৰ নাগৰিক, এজন সচেতন নাগৰিক হিচাপে কোনটো দিশত মাত মতা উচিত সেইটো বিষয়ত মই মাত মাতিব আগুৱাই গৈছোঁ। মই সেইদিনাখনো কৈছোঁ যে শিল্পী বুলি নহয়, শিল্পীটো আমাৰ চিনাকি, তাৰ আগত আমি এজন মানুহ, এজন অসমীয়া।
গতিকে অসমীয়া হিচাপে প্ৰত্যেকজন মানুহৰ দায়িত্ব আছে। কোনোবাই Diplomatic হৈছে কিবা তাড়নাত পৰি বা অন্য কিবা বাধ্যবাধকতা, সেইটো নিজৰ ব্যক্তিগত কথা। কিন্তু মই ভাবো যিমান আমি ফ্ৰী হৈ থাকোঁ বাধ্যবাধকতাৰপৰা সিমানে আমি ৰিলিফ হৈ থাকোঁ। গতিকে মই সেইটো অনুভৱ কৰিহে সেইদিনা আগুৱাই গৈছোঁ আৰু শেষৰ পৰ্যায়লৈকে সেইটো স্থিতিয়ে থাকিব মোৰ, সেইটো সলনি নহয় কেতিয়াও। মই ভাবো শিল্পীসকল যিহেতু জনসাধাৰণৰ একপ্ৰকাৰ প্ৰতিনিধি, তেওঁলোকৰ কথাত মানুহবোৰে যথেষ্ট পৰিমাণে গুৰুত্ব দিয়ে। সেইদিনা মই নিজেই অনুভৱ কৰিছোঁ, মই গ’লো, মানস ৰবীন গ’ল, তাৰ পিছত কিন্তু এটা জন জাগৰণৰ সৃষ্টি হ’ল আৰু পিছবেলালৈ বহুত মানুহ ওলাই আহিল। শিল্পীও বহুসংখ্যক ওলাই আহিল। অৱশ্যে সেইদিনাৰ দিনটো পৃথক আছিল।
মানুহৰ মানসপটত যোগাযোগৰ অভাৱ এটা বৰ ডাঙৰ লেগিং পইণ্ট। সেই দিনকেইটাত মই মোৰ ঘৰখনত এনেকুৱা ধৰণৰ আলোচনা যেতিয়া চলি থাকে মোৰ দেউতা বা মোৰ মানুহজনৰ লগত, আমি প্ৰায় এক ডেৰমাহ এইটো বিষয় আলোচনা কৰি আছিলোঁ। সেইদিনাও মোৰ দেউতাই প্ৰথম কৈছিল, “তই যোৱাটো উচিত হ’ব নেকি!”, মোৰ মানুহজনেও কৈছিল, “তুমি যোৱা”। সেই তেনে আলোচনা-বিলোচনা কৰি গম পাই সেইদিনা গৈছিলোঁ। পিছত যেতিয়া আমাক দেখিলে তেতিয়া বহুত মানুহ ওলাই আহিছিল, “অ এনেকেওচোন আহিব পাৰি” — ভাব এটা লৈ। আচল কথাটো হ’ল, কোন আহিছে কোন নাই অহা সেইটো পিছৰ কথা, কিন্তু আমি সকলোৱে ওলাই আহিব লাগে বৃহত্তৰ স্বাৰ্থত।

ফটাঢোল – প্ৰস্তুতিবা, আপোনাৰ শৈশৱৰ বিষয়ে অলপ জনাব নেকি?

প্ৰস্তুতি পৰাশৰ – মই যোৰহাটত ডাঙৰ হৈছোঁ। যোৰহাটৰ মালৌআলি পঞ্চৱতী নামৰ এটা অঞ্চলত মোৰ জন্ম। মই ঘৰৰ ডাঙৰ ছোৱালী। আমাৰ ঘৰখনত মা, দেউতা, ভাইটি আৰু ভন্টি – এইকেইজনেই মানুহ। মোৰ শৈশৱৰ আটাইতকৈ ইম্পৰটেণ্ট পইন্টটো হৈছে যে মই একদম সৰুৰেপৰা সাংঘাতিক এক্টিভ আছিলোঁ, এতিয়াও এক্টিভ। পাঁচ বছৰমান বয়সতে মোক নাটক কৰিবলৈ লৈ গৈছিল যোৰহাটৰ এমেচাৰ গ্ৰুপৰ শিশু নাট কৰা এটা গ্ৰুপে।
তেওঁলোকে লৈ গৈছিল এইটো কাৰণেই যে মই বৰ বহিৰ্মুখী স্বভাৱৰ আছিলোঁ আৰু সেইটো হোৱাৰ কাৰণটো হৈছে যে মা-দেউতাই সৰুৰেপৰাই মোক খুব স্বাধীনচিতীয়াভাবে ডাঙৰ কৰিছে। মোৰ এতিয়াও মনত আছে, চাগৈ ডেৰবছৰ মানৰপৰাই নেকি মায়ে নিজৰ কাম নিজে কৰিবলৈ দিছিল মোক। বহুত ক্ষেত্ৰত স্বাধীনচিতীয়া ভাবটো শিকাইছে আৰু যিটো বস্তু মই ভাবোঁ মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্লাছ পইণ্ট। মই এতিয়া খুব গৌৰৱেৰে ক’ব পাৰোঁ যে I’m never dependent on anyone। মানে যিকোনো কামৰ কাৰণে মই পৰনিৰ্ভৰশীল নহয় কেতিয়াও।
মা-দেউতাই মৰমো কৰিছিল শাসনো কৰিছিল, কিন্তু মৰমৰ নামত কেতিয়াও মূৰৰ ওপৰত উঠোৱা নাছিল। এই pampering শব্দটো একদম দূৰত আছিল আমাৰপৰা, সেইখিনি সময়ত। যিখন ৰীয়েল পৃথিৱী সেইখন বুজোৱাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল মা-দেউতাই।
এজন শিল্পী হ’লে মানুহৰ ক্ষেত্ৰত এনেকুৱা হয়গৈ যে এখন খুব মায়া মোহৰ পৃথিৱীত মানুহে ঘূৰি ফুৰে। কিন্তু মই অকণ পৃথক এইকাৰণেই যে মোৰ কাৰণে মোৰ সৃষ্টিৰ জগতখন illusion, কিন্তু মই মানুহজনী সাংঘাটিক প্ৰেক্টিকেল। মই জীয়াই থাকোঁ প্ৰেক্টিকেল পৃথিৱীখনত আৰু মই ভাবোঁ মানুহৰ বাবে সেইটো বৰ দৰকাৰী পইণ্ট যাৰ বাবে পাঁচ বছৰ বয়সৰপৰা আজি মোৰ যিমান বয়স সেইটো বয়সলৈকে মই অভিনয়ৰ লগত জড়িত হৈ আছোঁ। পাঁচ বছৰ বয়সত অভিনয় মানে কি নাজানি অভিনয়লৈ ওলাই আহিছিলোঁ, তেতিয়াই somehow ঘৰখনৰ প্ৰেৰণা বা পৰিবেশেই হওক, যোৰহাটৰ যিটো সাংস্কৃতিক পৰিবেশ সেইটোৰ কাৰণেই হওক বা মোৰ ভিতৰত সেই আগ্ৰহটো থকাৰ কাৰণেই হওক মই তেনেকৈ সেইটো লাইনলৈ গুচি গ’লো।
এটা কথা নিশ্চিতভাবে মই ক’ব বিচাৰিম যে যিকোনো এটা craft, যদি সেইটোৰ প্ৰতি আগ্ৰহ আমাৰ ব্লাডত নাথাকে তেতিয়া কিন্তু কোনেও শিকাই শিকাব নোৱাৰে। অভিনয়টো মোৰ তেজত আছিল, মই অভিনয় কৰিবলৈ জন্ম হৈছিলোঁ, মই অভিনয় কৰি ভাল পাওঁ, সেইকাৰণে মোৰ এই লাইনটো অভিনয়ৰ কাৰণে আগুৱাই আগুৱাই গুচি গ’ল। মোৰ মা-দেউতা, মোৰ ককা, গোটেই পৰিয়ালটো অভিনয়ৰ লগত জড়িত, কলা-কৃষ্টিৰ লগত জড়িত, গতিকে সেই এটা সাংস্কৃতিক পৰিৱেশ ঘৰখনত পাইছোঁ কাৰণে চাগৈ এইটো ৰাস্তাত যোৱাটো বেছি সহজ হৈ পৰিল মোৰ কাৰণে।

ফটাঢোল – আপুনি যেতিয়া ৫ বছৰ বয়সৰেপৰা অভিনয় আৰম্ভ কৰিছিল, তেতিয়া আমাৰ সামাজিক পৰিবেশটো বৰ্তমানৰ দৰে নাছিল। কেতিয়াবা কিবা অপ্ৰীতিকৰ সামাজিক পৰিস্থিতিৰ সম্মুখীন হৈছিল নেকি বাৰু?

প্ৰস্তুতি পৰাশৰ – মই তেনেকুৱা পৰিস্থিতিৰ সম্মুখীন হোৱা নাছিলোঁ। এইকাৰণেই হোৱা নাছিলোঁ, কাৰণ মই এখন খুউব প্ৰগ্ৰেছিভ ঘৰত ডাঙৰ দীঘল হৈছিলোঁ। মোৰ কাৰণে এটা ডাঙৰ সৌভাগ্য আছিল সেইটো। মই আগতেই কৈছোঁ যে মা-দেউতাই মোক সৰুৰে পৰাই খুউব স্বাধীনভাৱে ডাঙৰ-দীঘল কৰিছে। তেওঁলোকে এটা কামেই কৰিছে, “তোৰ ভিতৰত যদি কিবা spark আছে তই গঢ়। You go ahead। কিন্তু তোৰ যিটো first and foremost duty towards your life, towards your obligation, towards your own self সেইখিনি বস্তু কিন্তু তই perform কৰিব লাগিব একদম ভালকৈ। যদি সেইখিনি perform কৰ, তই যি কৰ তোৰ নিজৰ কথা।” — সেই কথাখিনিয়ে মোক ইমান বেছি liberty দিছিল যে যাৰ কাৰণে মই আজিলৈকে মোৰ দায়িত্বখিনি সুচাৰুৰূপে পালন কৰি আহিছোঁ। মই যথেষ্ট দায়িত্বশীল এজন মানুহ। মোৰ জীৱনৰ প্ৰতিটো স্তৰত, প্ৰতিটো সময়ত মই মোৰ নিজৰ দায়িত্বখিনি পালন কৰি গৈ আছোঁ। Responsibility comes first মোৰ কাৰণে। মই লাগিলে যিয়েই নকৰো either be a professional responsibility or my personal responsibility, সেই দায়িত্বশীলতাটো সদায় মোৰ বাবে আগত আহে। এতিয়া সেই পইণ্টটোত তেনেকৈয়ে মোক আগুৱাই লৈ যোৱা কাৰণে বা সেই প্ৰেৰণাখিনি মই পোৱা কাৰণে মোৰ ক্ষেত্ৰত “অভিনয় কৰিলে বেয়া হ’ব বা এনেকুৱা হ’ব তেনেকুৱা হ’ব” সেই পৰিবেশটো মই পোৱা নাছিলোঁ।
কিন্তু এইটোও হয় যে পঢ়াশুনাত মই যথেষ্ট ভাল আছিলোঁ, I was active in every field actually। স্কুলত পঢ়ি থকা সময়ত মই খেলাধূলাৰ ক্ষেত্ৰতো সাংঘাতিক ধৰণে আগৰণুৱা আছিলোঁ। যিহেতু পঢ়া শুনাত ভাল আছিলোঁ তেতিয়া কিন্তু পিতাৰ আশে-পাশে যিসকল মানুহ আছিল তেওঁলোকে এতিয়াও কয় যে তাই এম. কম. ফাৰ্ষ্ট ক্লাছ লোৱা ছোৱালীজনীয়ে আজি চাগৈ কমাৰ্চৰ যদি বেলেগ এটা Professional লাইন লোৱা হ’লে আৰু বেছি উন্নতি কৰিলেহেঁতেন। তেতিয়া মই কওঁ যে সেইটো লাইন লৈ চাগৈ মই financial gainer হ’লোহেঁতেন কিন্তু আজি মই যিটো social gainer হৈছোঁ সেইটো নহ’লোহেঁতেন। তেওঁলোকে কিন্তু আজিও উপলব্ধি কৰে যে সেইখিনি সময়ত আজিৰপৰা ধৰি লোৱা মোটামুটি লাষ্ট টেন ইয়েৰ্ছ মই সেই কথাটো শুনি আছিলোঁ যে এনেকৈ যোৱা হ’লে হয়তো বেছি ভাল আছিল নেকি! মানুহখিনিয়ে সেইটো out of good relation কয়। Negative নহয়, মোৰ কাৰণে সেইটো এটা positive vibe। আজি যিটো মই অনুভৱ কৰিছোঁ যে মোৰ যিটো পৰিচয় বা মোৰ যিটো সত্তা, সেই সত্তাটো কিন্তু মই আজি এই মানুহজনী হৈ থকাৰ কাৰণেহে আছে আৰু সাংঘাতিক স্বাধীনতা পাইছোঁ মই এতিয়া।

ফটাঢোল – কেতিয়াবা কেতিয়াবা নাটকৰ তিনিটাকৈ প্ৰদৰ্শনী হয় বা ৰাতি দুই তিনিটা বাজি যায়। কেতিয়াবা তেনেকৈ ৰাতি নাটক কৰি থাকোঁতে কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ মুখামুখি হৈছে নেকি, পাব্লিকৰপৰাই হওক বা আন কিহ’বাৰপৰাই হওক?

প্ৰস্তুতি পৰাশৰ – আছে তেনেকুৱা! মই প্ৰথম থিয়েটাৰত থাকোঁতে বহুতবাৰ হৈছে। আচলতে, মানুহৰ মানসিকতাক বুজাটো বৰ টান আৰু থিয়েটাৰটো যিহেতু এটা কমাৰ্চিয়েল মিডিয়াম, তাত প্ৰায় প্ৰতিদিনে চাৰি পাঁচহাজাৰ মানুহে চাবলৈ আহে, তাত সেই পাঁচহাজাৰ মানুহৰ মানসিকতাৰ লগত tackle কৰিবলগা হয়। সাংঘাটিক এটা সাহসৰ প্ৰয়োজন হয় তাৰ বাবে, ধৈৰ্য বহুত লাগে। আৰু মানুহৰ বয়সৰ লগে লগেও ধৈৰ্যৰ পৰীক্ষাটো বেলেগ বেলেগ হৈ গৈ থাকে। খুউব বেছি চিঞৰা বা তেনেকুৱা ধৰণৰ কমেণ্ট মই এতিয়ালৈকে পোৱা নাই। কেতিয়াবা অলপ টিটকাৰী মাৰে। কথাটো এনেকুৱা হয় যে যেতিয়া আমি খুউব কষ্টৰে বা নিষ্ঠাৰে কাম কৰি থাকো, ক’ৰবাত কিবা অসন্মানজনকৰ কিবা এটা সৰু শব্দই মানুহৰ মনত আঘাত দি দিয়ে। সেইখিনি সময়ত মই ৰিয়েক্ট নকৰাও নহয়। কোনোবা কোনোবা ঠাইত মই নাটক বন্ধ কৰি নিদিয়াও নহয়। কিন্তু মই দেখিছোঁ যে সেইবোৰ কৰি লাভ একো নাই। কাৰণ, মানুহৰ মানসিকতাক আমি তেনেকৈ আঙুলি টোঁৱাই সলাব নোৱাৰো। মানুহৰ মানসিকতা এনেকৈয়ে সলনি হ’ব যেতিয়া আমি এই বস্তুবোৰ অভিনয়ৰ যোগেদি দেখাম। আৰু সেইটোৱে মই কৰিবলৈ ল’লো। আজিকালি এতিয়া মই যিবোৰ নাটক কৰোঁ, সেইবোৰ নাটকত মানুহে বেছি চিঞৰিবলৈ সাহস নকৰে কিন্তু। যোৱা তিনি চাৰিবছৰ মই লক্ষ্য কৰিছোঁ যে বাকী শিল্পীসকলৰ ক্ষেত্ৰত চিঞৰ এটা মাৰে কিন্তু মোৰ ক্ষেত্ৰত সেই চিঞৰটো নামাৰে। কাৰণ চাগৈ মোৰ মাতটো ইমান ডাঙৰকৈ পায় যে দম দি দিয়ে বুলি ভয়তে নিচিঞৰে নেকি! বহুত ঠাইত এনেকুৱাও হয়গৈ যে আমি গ্ৰীণৰুমৰ পৰা গাড়ীখনলৈ ওলাই যাওঁতে কমিটিৰ মানুহে এছকৰ্ট দি আহিবলগা হয় যে “বাইদেউ, আগে পিছে এনেকুৱা অপ্ৰীতিকৰ ঘটনা….” মই তেতিয়া কওঁ যে “মোক নালাগে, মোৰ এছকৰ্ট মই নিজেই। মোৰ সেইখিনি সাহসো আছে, দমো আছে। আৰু কোনো ল’ৰাই মোৰ সমুখলৈ আহি মোৰ লগত বেয়া ব্যৱহাৰ কৰিব নোৱাৰে।” সেইখিনি কেপাচিটি মোৰ আছে। আৰু সেইটো হৈছে মোৰ কেৰেক্টাৰছখিনিৰ কাৰণে, যিখিনি কেৰেক্টাৰ মই প্লে কৰি আছোঁ। এগৰাকী মহিলা বা নাৰীক সাংঘাতিকধৰণে ষ্ট্ৰংকৈ দেখুৱাই আছোঁ মই নাটকত। আৰু মই বিশ্বাস কৰোঁ যে তেনেকুৱা মানুহখিনিৰ প্ৰতি সেইটোৱেই মোৰ এন্ছাৰ। আৰু এটা কথা, মই যে অলপ আগত ক’লো ৰেছপনচিবিলিটিৰ কথা। আমি যি কামেই নকৰো কিয়, খুউব যদি নিষ্ঠাৰে কৰোঁ, সেই নিষ্ঠাখিনিৰ মাজত এটা ৱৰ্চিপ সোমাই থাকে। এখন নাটকত অভিনয় কৰি থকা গোটেই সময়খিনি বা সেই আঢ়ৈ ঘণ্টা সময়খিনি হৈছে এটা ৱৰ্চিপ। I worship… the people in front of me are my God। তেওঁলোকে মোক যিখিনি এপ্ৰিচিয়েচন দিয়ে, সেইখিনি মোৰ কাৰণে হৈছে আশীৰ্বাদ। গতিকে সেই ষ্টাইলত বা সেইটো মানসিকতাৰে যেতিয়া মই কাম কৰোঁ তেতিয়া মোৰ ভিতৰত বহুত বেছি ধৈৰ্য আহি যায় আৰু সেই ধৈৰ্যখিনিয়ে মোক calm and quite কৰি ৰাখে, সেই ধৈৰ্যখিনিয়ে মোৰ সেই calm and quiteness টোক এটা সাংঘাতিক strength display কৰে মানুহখিনিৰ প্ৰতি। গতিকে সেইটো হৈছে পজিটিভ ছাইড আৰু মই ভাবো জীৱনৰ যিকোনো ভাল ঘটনা বা বেয়া ঘটনাৰপৰা আমি সদায় পজিটিভ ছাইডটো ল’ব লাগে। আমি নিগেটিভ এনাৰ্জিটোক কেনেকৈ পজিটিভ এনাৰ্জিলৈ কনভাৰ্ট কৰিব পাৰো, সেইটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। So these are the things…। এতিয়া, মোৰ ক্ষেত্ৰত মই নহ’বলগীয়া ছিটুৱেচন খুউব কম পাইছোঁ কিন্তু। কাৰণ might be, চাগৈ মই সাংঘাটিক পজিটিভ মাইণ্ডৰ মানুহ হয় বাবে নেকি! বহুত বেছি পজিটিভ মানুহৰ সন্মুখত নিগেটিভিটি আহিলেও লাহে লাহে পজিটিভ হৈ হৈ গৈ থাকে, নিগেটিভিটিবোৰ আঁতৰি আঁতৰি গুচি য়ায়। সেইকাৰণে মোৰ বেয়া লগা মুহূৰ্ত খুব কম আছে, সৱ মোৰ বাবে ভাল লগা মুহূৰ্ত। মই নিজৰ মতে বনায়েই লওঁ মুহূৰ্তবোৰ। সেইটো বৰ ডাঙৰ কথা। আজি যে ধৰি লোৱা ৰাতি তিনিটা বজাতো ড্ৰাইভাৰটো লৈ মই অকলে আহো, I am never scared। মোক কেতিয়াবা সোধে, “অকলে ড্ৰাইভাৰটো লৈ আহে?” মই বোলো, “ড্ৰাইভাৰটোও মোৰ সাহসত আহে ন!” সেইখিনি সময়ত মোৰ ভয় ভাব আজিলৈকে অহা নাই। কথাটো এনেকুৱা চাগৈ, সেইটো নিজৰো এটা কেপাচিটি থাকে, মেণ্টেল কেপাচিটি। Might not be… তেনেকুৱা এটা পৰিস্থিতি হ’লে মই চম্ভালি ল’ব নোৱাৰিবও পাৰো। কিন্তু মনৰ ভিতৰত এটা সাহস আছে যে মই পাৰিম আৰু ‘মই পাৰিম’ বুলি সেই সাহসটো থাকিলে কিন্তু নোৱাৰা কাম একো নাই।

ফটাঢোল – হয়। আৰু যিমানখিনি মানুহ আপোনাৰ ফেন বা শুভাকাংক্ষী হিচাপে আছে, যিখিনিয়ে আপোনাৰ নাটক বা অভিনয় ভাল পায়, সেইখিনি মানুহো আপোনাৰ বাবে এটা সাহস। নহয় জানো?

প্ৰস্তুতি পৰাশৰ – একদম। সেই মানুহখিনিয়ে যিটো আশীৰ্বাদ দিয়ে… মানে মই মানো যে.. point to be noted, আমি পৃথিৱীত যিমান পূণ্যৰ কাম কৰোঁ, suppose অমুক কৰিলোঁ, তমুক কৰিলোঁ, ভগৱানক পূজা-পাতল কৰিলোঁ, সেই আটাইবোৰৰ সমপৰ্যায় হৈছে তুমি যদি এজন মানুহক অন্তৰৰপৰা হঁহুৱাব পাৰা, তুমি যদি এজন মানুহক অন্তৰৰপৰা মনত অকণমান সন্তোষ দিব পাৰা। এজন মানুহে যদি তোমাক অন্তৰৰপৰা আশীৰ্বাদ দিয়ে, তাৰ সমতুল্য একো নাই। মই নাটক কৰি থাকোঁতে বা নাটকৰপৰা ওলাই আহোঁতে দৰ্শকখিনিক লগ পাওঁ, প্ৰতিদিনাখনেই শ্ব’ শেষ কৰি ষ্টেজৰপৰা নামি মই অডিয়েন্সৰ মাজলৈ আহো.. প্ৰতিদিনাখনেই। এইটো কাৰণতেই আহো যে সেই মানুহখিনিয়ে স্বচক্ষে মোক চাব বিচাৰে। কিছুমানে কয় যে বাকী শিল্পীসকলে নাটকখন কৰি উঠি চিধাই গাড়ীখনত উঠি গুছি য়ায়গৈ। তেতিয়া মই কওঁ, “এইখনো কিন্তু মোৰ কাৰণে এখন যুদ্ধ। এই যে অডিয়েন্সখিনিক মই ৰিয়েলিটীত লগ পাওঁ, তেওঁলোকে মোৰ লগত interact কৰে, তেতিয়া এটা বস্তু মই পাওঁ, সেইটো মোৰ কাৰণে ইনভেষ্টমেণ্ট এটা।” তেতিয়া মই পাওঁ, এই মানুহখিনিয়ে যে ওচৰত পাই মোক ‘মোৰ মূৰৰ চুলিৰ সমান আপোনাৰ আয়ুস হওক’ বুলি আশীৰ্বাদ দিয়ে, সেই আশীৰ্বাদখিনি অন্তৰৰপৰা পাওঁ আৰু সেইখিনিয়ে কিন্তু পজিটিভ শক্তিৰ কাম কৰে।

ফটাঢোল – প্ৰস্তুতিবা, ভ্ৰাম্যমাণ থিয়েটাৰ এটা ভাল উদ্যোগ বৰ্তমান সময়ত। ডাঙৰ আৰ্টিষ্টকেইজন ইয়াত ইতিমধ্যেই প্ৰতিষ্ঠিত, যিবিলাক সৰু সৰু মানুহ ইয়াতে কাম কৰি আছে সেইবিলাক মানুহৰ ভৱিষ্যতটো কিমান সুৰক্ষিত ইয়াত?

প্ৰস্তুতি পৰাশৰ – নহয়, ভ্ৰাম্যমাণক উদ্যোগ বুলি মই নকওঁ। উচিত শব্দটো বিচাৰি পোৱা নাই এতিয়া কি বুলি কওঁ। উদ্যোগ বুলি ক’বলৈ গ’লে বহুত বস্তুৰে প্ৰয়োজন হৈ যায়। আচলতে, এইটো এনেকুৱা এটা গণমাধ্যম যিটো মাধ্যমত অকল খিলঞ্জীয়া অসমীয়া মানুহখিনি জড়িত হৈ আছে। ইয়াত তুমি কোনোধৰণৰ বহিৰাগত মানুহ নোপোৱা। একদম খাটি খোৱা অসমীয়া যিখিনি মানুহ, সেইখিনি মানুহ ইয়াত জড়িত হৈ আছে।
আৰু মই ভাবোঁ যে যিসমূহ যুৱপ্ৰজন্মৰ ল’ৰা আজি ইয়াত কাম কৰি আছে, উদাহৰণস্বৰূপে চেটিংছৰ যিসমূহ ল’ৰা আছে, লাইটৰ যিসমূহ ল’ৰা আছে সিহতেও ভাল পইচা উপাৰ্জন কৰে, they earn quiet good amount. শাৰীৰিক কষ্ট কৰি হাজিৰা কৰি খালেও সিহঁতৰ একেই কষ্ট হ’লহেঁতেন। গতিকে তেওঁলোকৰ নিজৰ কেপাচিটি অনুসৰি তেওঁলোকে এটা ভাল এমাউণ্ট উপাৰ্জন কৰি আছে।
অ’, আটাইতকৈ ডাঙৰ মাইনাছ পইণ্ট হৈছে যে চিকিউৰিটিৰ অভাৱ ইয়াত। আজি যিটো মোবাইল, এই মোবাইল শব্দটোৱে কিন্তু itself is a unsecured word, মোবাইল হৈ যোৱাৰ লগে লগে এখন থিয়েটাৰত যেতিয়া ন মাহ কনট্ৰেক্ট কৰিব, এইখিনি সময়ত যদি কিবা এটা হয় তেতিয়া বাৰু মালিকপক্ষই দায়িত্ব লয়, কিন্তু তাৰ পাচৰ সময়খিনি, সেইটোত ডাঙৰ কথা কিছুমান থাকে।
সেইকাৰণে মই ভাবোঁ যে প্ৰত্যেকজন মানুহে সেই কামটো নিজৰ কৰ্মঠ অৱস্থাত মানে নিজৰ উপাৰ্জন আৰু জমাৰ সামঞ্জস্য ঠিকে ঠাকে ৰাখি চলাটো উচিত। কাৰণ সেই durability টো আমাৰ তাতো নাই। আজি মই এক্তিভ হৈ আছোঁ, আজি মোৰ নিজৰ এটা শক্তি আছে কাৰণেহে মানুহে মোক আজি চাই আছে। যেতিয়া মই পৰি যাম তেতিয়াতো মোক কোনেও চাবলৈ নাহে! তেতিয়া মই নিজেই নিজক চাব লাগিব। এইটোৱেই সত্য, এইটোৱেই বাস্তৱ আৰু সকলোৱে ইয়াক গ্ৰহণ কৰিবই লাগিব ।

ফটাঢোল – আপুনি এনেকুৱা ভাৱে নেকি যে অসমত শিল্পীসকলৰ ভৱিষ্যত আৰ্থিকভাৱে বহুত দুৰ্বল হৈ পৰে এটা সময়ত, চেলিব্ৰেটী বা ষ্টাৰ হ’লেও এটা বয়সত আৰ্থিক অভাৱে দেখা দিব পাৰে নেকি?

প্ৰস্তুতি পৰাশৰ – আচলতে চেলিব্ৰেটী বা ষ্টাৰবোৰৰ সমস্যাটো কি হয় জানা! To maintain yourself in public’s eye, it costs a lot. আৰু সেই costটো কৰিবলৈ যাওঁতে নিজৰ আঁঠুৱা চাই ঠেং মেলা বুলি কথা এষাৰ যে আছে সেই ঠেংটো বেছি দীঘলকৈ মেলি দিয়া হয়। প্ৰত্যেকজন শিল্পীৰ ক্ষেত্ৰত দেখা পোৱা যায় এইটো। মানে ষ্টেটাচ চিম্বলটো মেইনটেইন কৰিবলৈ যাওঁতে, যিটো কৰাৰ মই ভাবোঁ, কোনো দৰকাৰ নাই। চেলিব্ৰেটী হ’ল কি হ’ল, সিহঁততো এটা সাধাৰণ মানুহ ন! তেওঁতো নিজৰ বাথৰুমটো চাফা কৰিবই লাগিব, কেতিয়াবা প্ৰয়োজন হ’লে ভাতখিনি বনাবই লাগিব, নিজৰ কামখিনি কৰিবই লাগিব! সেই illusionৰ পৃথিৱীখনত ঘূৰি ফুৰাৰ বাবে মানুহৰ এই গতি হয়গৈ। show offটো যিমান বেছি হ’ব তুমি ৰিয়েল পৃথিৱী খনৰপৰা সিমানে আঁতৰি যাবা। আৰু এজন মানুহে যেতিয়া ষাঠি বছৰ চাকৰি কৰে, তেওঁ চাকৰিৰ সময়খিনিতে জানোঁ সব প্লেনিং নকৰে! চেভিংছ এনেকৈ জানোঁ নকৰে যে ষাঠি বছৰ পিছত মোৰ এইখিনি চেভিংছে মোক পেঞ্চনো দিব, এইখিনি চেভিংছ এটা সময়ত ঘূৰাই পামগৈ, তেনেকৈ দেখোন প্লেনিং কৰে! So why can’t we! আমাৰোতো এইখিনি working period! যদি মই দহ বছৰ সময় কাম কৰিছোঁ সেই দহ বছৰ মোৰ ৱৰ্কিং টাইম! দহ বছৰ পিছত মোৰ যিখিনি পাবলগীয়া আছে সেয়া মই এই দহ বছৰৰপৰাই উলিয়াব লাগিব।
শিল্পীকেইজনৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে we can’t accept our retirement। প্ৰব্লেমটো সেইটো হয়। আজি মই হিৰ’ইনৰ এক্টিং কৰি আছোঁ, কাইলৈ কোনোবাই মোক বৌৱেকৰ বা মাকৰ ৰ’লটো দিলে মোৰ গ্ৰহণ কৰিবলৈ টান হয়। যেতিয়া মই গ্ৰহণ কৰিবলৈ পাৰিম তেতিয়া কিন্তু সব চিজিল লাগি যাব।

ফটাঢোল – বাইদেউ, এনেকুৱা কিবা চৰিত্ৰ আছে নেকি যিটো আপোনাৰ আটাইতকৈ প্ৰিয়?

প্ৰস্তুতি পৰাশৰ – মই কৰিলোঁৱেই অলৰেডী বহুত কেইখনত আৰু আছেও বহুত। অগণন চৰিত্ৰ আছে। সবেই ভাল লাগে মোৰ। মই খুব কম ক্লাছিফিকেচন কৰোঁ। যি কাম কৰোঁ সবেই ভাল লাগে মোৰ। সৱতে সমান নিষ্ঠা থাকে। This is my passion. মই কাম কৰি ভাল পাওঁ। আৰু অভিনয় বুলি নহয়, whatever I do it’s my passion. মই যিয়েই নকৰোঁ কিয় খুব passionately কৰোঁ। লাগিলে মোৰ ৰূমটো চাফা কৰা হওক, ভাত বনোৱা হওক! Whatever I do, I do it very dedicatedly. That is my goal of life.

ফটাঢোল – থিয়েটাৰতে হওক বা স্কুলীয়া জীৱনতে হওক, আপোনাৰ জীৱনত ঘটা কিবা ধেমেলীয়া ঘটনাৰ বিষয়ে পাঠকক জনাব নেকি?

প্ৰস্তুতি পৰাশৰ – স্কুলত থাকোঁতে নিজৰ জীৱনৰ ধেমেলীয়া কাহিনী ঘপককৈ মনলৈ অহা নাইচোন, পিছত মনত পৰিলে ক’ম দিয়া।

ফটাঢোল – আজিকালি যিমান দেখা হৈছে যুৱ প্ৰজন্মৰ কিছুমান, মদ, ভাং, ড্ৰাগছ আদি কিবা কিবি ব্যৱহাৰ কৰাৰ ফলতে হওক বা আন কিবা কাৰণতেই হওক, বিপথে গৈ আছে। তাৰ মাজতো আমি কিছুমানে সাহিত্যৰ এটা দিশৰ প্ৰসাৰৰ বাবে লাগি আছোঁ, এই বিষয়ে আপুনি কি ক’ব?

প্ৰস্তুতি পৰাশৰ – এইটো খুব ভাল কথা, তোমালোকে প্ৰকৃততে এটা ভাল কাম কৰি আছা, মোৰ লগত যোগাযোগ কৰা তোমালোকেই প্ৰথম অনলাইন আলোচনী।
আজিৰ যুৱ প্ৰজন্ম বিপথে যোৱাৰ কাৰণটো হৈছে পঢ়া-শুনাৰ জগতখনৰপৰা আঁতৰি গুচি গৈছে। ডিজিটাইজড্ হোৱাৰ লগে লগে মানুহৰ এতিয়া কি হয়, নিউজ পেপাৰখনো চাবলৈ সময় নাই। মোবাইলতে সৱ চায়। গতিকে মোবাইলতে যদি সৱ পাই যায় গোটেই পৃথিৱীখন নিজৰ হাতৰ মুঠিত নহ’ল জানোঁ! গোটেই পৃথিৱীখনৰ ভাল বেয়া নিজৰ হাতৰ মুঠিত হ’লে মানুহবোৰ বিপথে যাবই কিন্তু।
আজিৰ সময়টো সাংঘাটিক critical সময়। I’m so scared যে এই সময়ত যিমান ডিজিটেলি বস্তুবোৰ আগবাঢ়িছে, এই ফেচবুক হওক, ছোচিয়েল ছাইটবোৰে হওক, যিমান বহুলভাবে আগবাঢ়িছে এদিন এনেকুৱা সময় আহিব মানুহৰ ব্যক্তিগত জীৱন, এজন মানুহৰ ব্যক্তিগত সত্বা একোৱেই নাথাকিব। যিটো ধৰণে প্ৰসাৰ হৈ গৈ আছে আৰু যিমান ধৰণে মানুহবোৰৰ মানসিকতা বা ম’ৰেলিটি বা সৱ বস্তুৰে চেন্সটো যেনেকৈ নাইকিয়া হৈ গৈ আছে, এই বস্তুটোৱে মানুহক কোনটো দিশলৈ লৈ গুচি যাবগৈ এইটো কিন্তু বৰ চিন্তাৰ বিষয়। মানুহক নিষ্কর্মা কৰি পেলাইছে এই মোবাইলটোৱে। ছোচিয়েল ছাইটবোৰে মানুহক নিজৰ মানুহৰপৰা আঁতৰাই লৈ গৈছে।
আগতে আমাৰ চাৰিওফালে দহজন আমাৰ ক্ল’জ ফ্রেণ্ড থাকে, যাৰ লগত আমি বস্তুবোৰ শ্বেয়াৰ কৰোঁ। এতিয়া আমি পাঁচহাজাৰ/দহহাজাৰ মানুহৰ লগত শ্বেয়াৰ কৰোঁ নিজৰ প্ৰত্যেকটো বস্তু! এই পাঁচহাজাৰ/দহহাজাৰ মানুহ বন্ধু হ’ব নোৱাৰে, সেইখন সমাজ।
কিন্তু আমি এইটো নাজানোঁ যে সেইখন সমাজত আমি কথা এটা কেনেকৈ উপস্থাপন কৰিব লাগে। আমি বেয়া মাত এটা মাতি ফেচবুকত আপলোড কৰিম, ভাবি লৈছোঁ যে আমি বন্ধুবোৰৰ আগত কৰিছোঁ। কিন্তু নিজৰ সন্মূখত যদি দহহাজাৰ মানুহ থাকে সেইটো ক’বলৈ আমি সাহস কৰিম নে? কেতিয়াও নকৰোঁ। এতিয়া মোবাইলটো থকাৰ কাৰণে লিখিবলৈ পটককৈ সাহস কৰিছোঁ।
এই পইণ্টবোৰ বৰ ডাঙৰ কথা। মই এইটো খুব চিন্তা কৰোঁ দেই, ক’ৰবাত পালে বা ভাষণতো কওঁ ক’ৰবাত গ’লে বা লিখা মেলাৰ সুবিধা পালে খুব meticulously মই লিখোঁ এই কথাটো। দহহাজাৰ মানুহক নিজৰ বন্ধু বুলি ভাবি কিবা এটা কৈ দিয়াটো ছোচিয়েল ইম্পেক্ট হয় এটা। ফেচবুকত যিকোনো এজন মানুহক গালি পাৰিবলৈ ভয় নকৰে, বেয়াকৈ ক’বলৈও ভয় নকৰে কিন্তু সন্মূখত থিয় কৰাই দিলেতো শত যোজন দূৰত থাকিব চাগৈ। ভাল দিশ যিমান আছে তাৰ বেয়া দিশ বেছি হৈছে কিন্তু। গোটেই বস্তুবোৰৰ অপপ্ৰয়োগ হৈছে।
এনেকুৱা হয়গৈ মোবাইলত এখন কিতাপ পঢ়া আৰু ৰিয়েলত এখন কিতাপ পঢ়াৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। সেই আখৰখিনিয়ে মানুহক বেলেগ এখন পৃথিৱীলৈ লৈ যায়। আখৰখিনিয়ে মানুহৰ মানসিক অৱস্থাটো সলনি কৰি দিয়ে। সেই কিতাপবোৰৰপৰা মানুহ আঁতৰি গৈছে এতিয়া।

ফটাঢোল – মঞ্চ আৰু চিনেমা — দুয়োখন জগতৰে সোৱাদ আপুনি পাইছে। ই-বুক এখন আৰু ছপা গ্ৰন্থ এখন পঢ়া কাৰ্যটো থিয়েটাৰ এখন চোৱা আৰু চিনেমা এখন চোৱা কাৰ্যটোৰ লগত ৰিজাব পাৰি বুলি আপুনি ভাবেনে?

প্ৰস্তুতি পৰাশৰ – চিনেমা আৰু থিয়েটাৰৰ মাজত পাৰ্থক্য এইটোৱেই যে চিনেমা হৈছে, যদি আমি actors point of view ৰপৰা চাওঁ, ই হৈছে এটা indirect medium to interact with the audience. তাত spontaneity কম থাকে। প্লাছ পইণ্ট নোহোৱাও নহয়, বহুত আছে। কিন্তু এজন অভিনেতাৰ বাবে সদায় first love হৈ থাকে ষ্টেজখন। কাৰণ whatever you do, it’s your own… At your own cost. য’ত recap নাথাকে, তুমি ভাল কৰা বেয়া কৰা, তুমি প্ৰশংসা পোৱা, তুমি গালি খোৱা, সৱ তোমাৰ নিজৰ। আৰু.. নাটকৰ ক্ষেত্ৰত সাংঘাতিক instant IQ level এটা লাগে। এইটো বহুত দৰকাৰী অংশ হয়। এজন অভিনেতাৰ খুউব close অভিনয় হৈছে stage অভিনয়টো। ঠিক তেনেদৰে যদি আমি মঞ্চটোক ৰিয়েল কিতাপ পঢ়াৰ লগত তুলনা কৰোঁ, চিনেমাখন হ’ব এখন ডিজিটাইজড্ কিতাপ। ডিফাৰেঞ্চটো সেইটোৱেই আৰু।

ফটাঢোল – প্ৰস্তুতিবা, আপুনি নাটকত যেনেকৈ দমদাৰ অভিনয় কৰে মানে ভিলেইনক দম-চম দিয়ে, ঘৰতো তেনেকৈ ভিনদেউক কৈ পাইছে নে কেতিয়াবা?

প্ৰস্তুতি পৰাশৰ – অ’, যদি ভিনদেউৰাই কিবা অপ্ৰীতিকৰ বা নহ’বলগীয়া কিবা কথা কয়, তেতিয়া কিন্তু কওঁ। সেইটো অকল ভিনদেউৰা বুলি নহয়, ঘৰৰ সৱেই গালি খায়।

ফটাঢোল – ভিনদেৱে ঘৰুৱা কিবা কামত সহায় কৰি দিয়েনে?

প্ৰস্তুতি পৰাশৰ – ভিনদেউৰাই কিবা কাম যদি কৰিলেহেঁতেন মই সাংঘাটিক সুখী হ’লোহেঁতেন। তেওঁ পানী গিলাচো নিজে লৈ খাব নাজানে। কামৰ ক্ষেত্ৰত মই মানুহজনী যিমান এক্টিভ, ভিনদেউৰা তাৰ ওলোটা। কিন্তু তেওঁ বেলেগধৰণে এক্টিভ, তেওঁ মানুহজন mentally active বহুত। তেওঁ physically কাম কাজ নিশিকিলে.. সৰুৰেপৰা। সেইকাৰণে তেওঁ কাম কাজ কৰিব নোৱাৰে কিন্তু তেওঁ সাংঘাটিকভাৱে পজিটিভ মানুহ। Mental positivity তেওঁৰ বহুত। যিটো Mental boost up লাগে মানুহক, সেইটো তেওঁৰ মাজত সাংঘাটিকধৰণে আছে। মোৰ ভিতৰত সৰলতা যিমান আছে, তেওঁৰ তাতকৈ দুগুণ বেছি আছে। মই চিধা মানুহ, কিন্তু মোৰ মাজত practicality আছে। ভাল-বেয়া সৱ কেলকুলেচন কৰি মই ধুনীয়াকৈ এটা লাইনত চলি যাব পাৰো বা চলি যাবলৈ চেষ্টা কৰোঁ। কিন্তু ভিনদেউৰা এজন বৰ সৰল মানুহ আৰু সেই সৰলতাখিনিয়ে মোক মুগ্ধ কৰিছিল আৰু সেই সৰলতাখিনিয়ে তেওঁৰ সম্পদ.
আৰু ভগৱানে মিলাই থয় যে। মোক বেছি এক্টিভ কৰা বাবে তেওঁক তেনেকুৱা বনালে। দুয়োটাই এক্টিভ হোৱা হ’লে দিগদাৰ হ’লহেঁতেন নহয়। খোৱা কামোৰা লাগিলহেঁতেন কোনে কিমান কাম কৰিব পাৰে বুলি।

ফটাঢোল – গ্লেমাৰাছ মানুহবোৰৰ পাৰ্ছনেল লাইফটো টেক’ল কৰাত বহুত অসুবিধা দেখা পোৱা যায়। সাধাৰণ মানুহ এজনৰ দোষ বা গুণবোৰ লিমিটেড হৈ থাকে, কিন্তু চেলিব্ৰিটি এজনৰ দোষ, গুণবোৰ বহুত ৰহণ সানি প্ৰচাৰ কৰা হয়। আপুনি এইক্ষেত্রত দুয়োটা বস্তু বেলেঞ্চ কৰি চলিব পাৰিছে বুলি ভাবে নে?

প্ৰস্তুতি পৰাশৰ – মোৰ ক্ষেত্ৰতো তেনেকৈ ৰহণ-চহণ সানি বহুতে বহুত কথা কয়। মানে, মই এইটো লাইনত সোমোৱাৰপৰা controversy চলিয়েই আছে। কিন্তু মই বাৰে বাৰে এটা কথাই কওঁ যে মই সদায় negative energyবোৰক পজিটিভলৈ কনভাৰ্ট কৰিবলৈ চেষ্টা কৰোঁ। আৰু মোৰ কাৰণে এটা ডাঙৰ কথা হৈছে, মই যিহেতু মানুহজনী পজিটিভ ন, মোৰ সমূখত থকা মানুহখিনিও তেতিয়া পজিটিভ হৈ যায়। আজি সেইকাৰণেই মই এজন ভাল মানুহ পালোঁ, এখন ভাল শহুৰৰ ঘৰ পালোঁ, মোৰ মা-দেউতাই মোক ছাপৰ্ট কৰি থাকে। তাৰ মূল কাৰণ এইটোৱেই যে মই মানুহজনী খুব পজিটিভ.. যিকোনো পৰিস্থিতিতে। অনিচ্ছাকৃতভাৱে কিবা ভুল কৰিব পাৰোঁ, কিন্তু ইচ্ছাকৃতভাৱে মই কেতিয়াও অমানৱিক কাম কৰিবলৈ চেষ্টা কৰা নাই। যিটো কাম এজন মানুহে কৰিব নাপায়, সেইটো কাম কৰিবলৈ চেষ্টা কৰা নাই। বয়সৰ লগে লগে কেতিয়াবা সৰু সুৰা ভুল কৰাটো বেলেগ কথা, কিন্তু এজন human being হিচাপে যিখিনি আমি কৰিব লাগে, যি মানৱীয় মূল্যবোধ আমাক লাগে, সেইখিনি কিন্তু মোৰ ভিতৰত আছে। জানি বুজি কাৰো অনিষ্ট কৰিবলৈ যোৱা নাই আজিলৈকে। মোৰ ভিতৰত থকা positive energy খিনিয়ে এখন আৱৰণৰ সৃষ্টি কৰি থাকে মোৰ আগত। বাকী মানুহবোৰে মোৰ ফালে দলিয়ায়, কিন্তু সৱ উফৰি গুচি যায়।
আটাইতকৈ ডাঙৰ কথাটো হৈছে, আমি কাক লৈ জীয়াই থাকো? আমি যদি আমাৰ পাৰ্টিকুলাৰ কেইজনমান একেবাৰে সংপৃক্ত হৈ থাকো, নিজৰ ঘৰখন, নিজৰ মানুহখিনিৰ লগত, তেতিয়াহ’লে কিন্তু সেই বাহিৰৰ নিগেটিভ বস্তুবোৰে আমাক কম এফেক্ট কৰে। মই সেইকাৰণে কৈছোঁ যে মই প্ৰেক্টিকেল এইটো কাৰণতেই, মোৰ illusionৰ জগতখন মই যেতিয়া কাম কৰি থাকো তেতিয়াহে, অন্যথাই মই সাংঘাটিক এগৰাকী ব্যক্তিগত মানুহ। মোৰ বন্ধুমহল খুব কম, মোৰ surroundingটো বহুত সৰু, মোৰ নিজৰ ঘৰখনৰ মানুহখিনিৰ লগতে মই আৱদ্ধ। যাৰ কাৰণে সেই বাহিৰৰ জগতখনে মোক কম এফেক্ট কৰে। যাৰ কাৰণে সেই বাহিৰৰ জগতখনৰ লগত মই যিমান সময় থাকো, সেইখিনি সময়ত মই এজনী বেলেগ প্ৰস্তুতি পৰাশৰ আৰু যেতিয়া মই ঘৰত থাকো, তেতিয়া কিন্তু মই এজনী অতি সাধাৰণ মানুহ।

ফটাঢোল – বাইদেউ, আপোনাক দেখিলে বহুত ছিৰিয়াছ যেন লাগে। প্ৰকৃততে হয়নে তেনেকুৱা আপুনি?

প্ৰস্তুতি পৰাশৰ – মই ধেমালিও কৰোঁ। ঘৰত থাকিলে গানো গাওঁ, নাচোও, উৎপাতো কৰোঁ, বেয়া কথাও কওঁ, সৱ কৰোঁ। কামো কৰোঁ, খঙো কৰোঁ।

ফটাঢোল – কেতিয়াবা ভিৰৰ মাজত বা যিকোনো সময়তে আপোনাৰ গুণমুগ্ধবোৰে আহি ঘেৰি ধৰেহি। সেই মুহূৰ্তত কেনেকুৱা লাগে আপোনাৰ?

প্ৰস্তুতি পৰাশৰ – মই খুব আগ্ৰহেৰে তেওঁলোকক আদৰি লওঁ, কাৰণ সেইখিনি মানুহৰ বাবেই মই এই মানুহজনী হৈ আছোঁ, মোৰ এই সত্তাটো জীয়াই আছে। মই সেই ক্ৰেজটোতকৈ কিন্তু সেই ৰেছপেক্ট বা সেই মৰমখিনিক বেছি শ্ৰদ্ধা কৰোঁ। মই ভাবো, সেই মৰমখিনিয়ে মোক boost up কৰে, সেই মৰমখিনিয়ে মোৰ আয়ুসটো বঢ়ায়। যাৰ কাৰণে মই বাৰে বাৰে কওঁ যে মানৱীয় মূল্যবোধৰ ওপৰত পৃথিৱীত একো নাই। মানৱীয় মূল্যবোধ, মানৱীয় চেতনা, মানুহৰ যিটো আবেগ সেই আবেগটোৰ ওপৰত পৃথিৱীত একো শক্তি নাই। গতিকে সেই শক্তিটোক মই সদায় ৰেছপেক্ট কৰোঁ, সেই শক্তিটোৰ কাৰণে মই নিজে শক্তিশালী হৈ থাকো। প্ৰতিটো জেগাত বহুত মানুহে মানে মোক যিখিনি মানুহে লগ নেপায় তেওঁলোকে ভাবে যে মই একদম ছিৰিয়াছ (তোমালোকে যিটো প্ৰশ্ন কৰিলা) মানুহ বা মোক দেখিলে এনেকুৱা লাগে যেন মই বিৰাট ruff and tuff মানুহ এজনী। কিন্তু তেনেকুৱা নহয়। I am very lively person. মই সাংঘাটিক lively মানুহজনী। কিন্তু মই খুব চিধাকৈ চলিব ভাল পাওঁ। হজং টাইপৰ মানুহ মানে.. সেই হালোৱাবোৰ যে থাকে। ভাল যদি ভাল, বেয়া যদি বেয়া। “তোক বেয়া পালো যদি বেয়াই পালো, যাহ্!” — তেনেকুৱা টাইপৰ কথাবোৰ। লাগি থাকিবলৈ নোৱাৰোঁ। মানুহৰ লগত বেয়া হৈ থাকিলে মোৰ অশান্তি লাগি থাকে। এখন চাফা কাগজত যদি নিজৰ নামটো ভালকৈ লিখা হয়, ভাল হৈ থাকিব, বেয়াকৈ লিখিলে বেয়া হৈ থাকিব — তেনেকুৱা কথা।
ছেল্ফী ল’বলৈ অহা বা মোৰ লগত কথা পাতিবলৈ অহা মানুহৰ লগত কেতিয়াবা দুঘণ্টা, তিনিঘণ্টাও পাৰ হৈ যায়। মোক মোৰ ভণ্টিয়ে কেতিয়াবা কয়, তাই আৰু মই একেলগে থিয়েটাৰত আছিলোঁ, “তোৰ ধৈৰ্য মানিছো দেই। নাটকৰ চাৰিটা শ্ব’ কৰি অহাৰ পিছতো তই আকৌ এঘণ্টা সময় মানুহৰ লগত কথা পাতিব পাৰ।” সেইখিনি সময়ত মই নিজেই নিজক প্ৰশ্ন কৰোঁ যে কিয় মোৰ ভাগৰ নালাগে তেতিয়া? I don’t know। চাগৈ সেইখিনি সময়ত ভগৱানে কিবা শক্তি দি দিয়ে নেকি! আচলতে, শক্তি নিদিয়ে, মনটো থাকে। যেতিয়া মনটো থাকে তেতিয়া It’s very easy। আৰু এনেকুৱাও নহয় যে মানুহখিনি আহিছে, মই তেওঁলোকৰ লগত যদি কথা নাপাতো, তেওঁলোকে মোক ভাল নোপোৱা হ’ব। It’s not like that. They are human being, I am also human being। মই আজি যিখিনি কেৰেক্টাৰ প্লে কৰোঁ, তেওঁলোকে সেই কেৰেক্টাৰটোক লগ কৰিবলৈ আহিছে। গতিকে It’s my responsibility to go forward.

ফটাঢোল – ভৱিষ্যতলৈ ৰাজনীতিত আহিবলৈ ইচ্ছা কৰিব নেকি প্ৰস্তুতিবা?

প্ৰস্তুতি পৰাশৰ – নাই, এতিয়া তেনেধৰণৰ কোনো প্লেনিং নাই। ৰাজনীতি দেখোন নিজৰ জীৱনতে হৈ থাকে, নহয় জানো! প্ৰতিনিধি কোন? যিয়ে মানুহক ইনফ্লুৱেঞ্চ কৰিব পাৰে, যিয়ে মানুহক এটা লাইনত লৈ যাব পাৰে। লিডাৰশ্বিপ এতিয়াও মই লৈ আছোঁ মোৰ প্ৰতিখন নাটকত। মই তেনে ধৰণৰ চৰিত্ৰই কৰি আছোঁ আৰু মোৰ প্ৰতিটো চৰিত্ৰৰ যোগেদি আন দহজনী নাৰী সাহসী হৈছে। সেইটোও এটা লিডাৰশ্বিপ, নহয় জানো!
তথাপিও কওঁ, অসমৰ ৰাজনীতিৰ সম্পূৰ্ণ ছবিখনেই সলনি হ’ব লাগিব আমাৰ দৰে চিধা মানুহ ৰাজনীতিত যাবৰ বাবে।

ফটাঢোল – প্ৰস্তুতিবা, আপোনাৰ কিবা সপোনৰ চৰিত্ৰ (dream role) আছে নেকি?

প্ৰস্তুতি পৰাশৰ – মই খুব কম প্লেনিং কৰোঁ, নাই একো তেনে। মই খুউব হ্ৰস্বম্যাদী পৰিকল্পনাত জীয়াই থকা মানুহ।

ফটাঢোল – প্ৰতিদ্বন্দী বুলি নকওঁ বাৰু, আপোনাৰ ভাল লগা যুৱ প্ৰজন্মৰ অভিনেতা অভিনেত্ৰী কোন?

প্ৰস্তুতি পৰাশৰ – প্ৰতিদ্বন্দী হিচাপে নহয়, মোৰ কাৰ কাম ভাল লাগে সেইটো কওঁ। বৰষাৰ অভিনয় মই ভাল পাওঁ, তপন দাক মই ভাল পাওঁ, নতুন প্ৰজন্মৰ অমৃতাৰ কাম ভাল। মই দৰ্শক হিচাপে কৈছোঁ কাৰ কাম চাই ভাল পাওঁ বেছি। এনেতো মই সকলোৰে কাম চাবলৈ যাওঁ। মই নিজে থিয়েটাৰ কৰিলেও প্ৰত্যেকজন অভিনেতা অভিনেত্ৰীৰ অভিনয় চাবলৈ যাওঁ। চম্পকদাৰ অভিনয় চাবলৈ যাওঁ। চাৰিটা দৰ্শনী কৰিও মই তেওঁলোকৰ অভিনয় চাবলৈ যাওঁ। সেইকাৰণে মই এজন মানুহৰ মই নাম নলওঁ, কাৰণ প্ৰত্যেকজন মানুহে কামৰ ক্ষেত্ৰত নিজৰ কষ্টখিনি কৰে। সেইটো ক্ষেত্ৰত সকলো একনম্বৰ। বিশেষ এজন বুলি নাই। যিয়ে কষ্ট কৰে, ভাল কৰে, সৱকে ভাল লাগে।
এনেও মই Perfections খুব ভাল পাওঁ। দৈনন্দিন জীৱনতে হওক যিমান মানুহ লগ পাওঁ, ফুলৰ মালীটো হওক, ড্ৰাইভাৰটো হওক, ৰাস্তাইদি গৈ থকা মানুহজনে হওক, সেইবোৰ লক্ষ্য কৰোঁ। ৰাস্তাইদি গৈ থকা মানুহজনকো খুব Perfect লাগে কেতিয়াবা, “কিমান ধুনীয়াকৈ খোজ কাঢ়ি গৈ থাকে”। সকলোৰে Uniqueness এটা থাকে আৰু মই সেই বস্তুবোৰ চাওঁ।

ফটাঢোল – আপোনাৰ মতে প্ৰেম কি? প্ৰেমৰ বিষয়ে অলপ কওকচোন বা।

প্ৰস্তুতি পৰাশৰ – প্ৰেম হৈছে এক অনুপ্ৰেৰণা, প্ৰেম এটা সৃষ্টিশীল বস্তু। প্ৰেম মানুহৰ প্ৰতি মুহূৰ্তত থাকে, অলপ আগতে যে ক’লো Perfection দেখি ভাল লাগি গ’ল, সেইটোও এটা প্ৰেম। মানুহে মানুহক ভালপোৱাটোৱে প্ৰেম নহয় যিকোনো বস্তুতে প্ৰেম হয়। আজি যে মই কাম কৰি ভাল পাওঁ সেইটো এটা প্ৰেম আৰু আজি মানুহে মানুহক ভালপোৱাটো হৈছে এটা অনুপ্ৰেৰণা, এটা শক্তি, নিজে নিজক ভাল পাব শিকে তেতিয়া। কেতিয়াবা এনেকুৱা হয় আমি প্ৰতিদিনে জীয়াই থাকিবৰ বাবে কিছুমান সৰু সৰু লক্ষ্য লাগে, ব্যস্ততাই মানুহক বহুত বস্তুৰপৰা আঁতৰাই ৰাখে আৰু যেতিয়া কম ব্যস্ত হৈ থাকে তেতিয়া ভাব আহে মই কাৰ বাবে জীয়াই আছো! সাধাৰণ মানুহৰ কথা কৈছোঁ দেই, যেতিয়া গম পাই যে এই মানুহজনে মোক খুব ভাল পায়, এই মানুহজনৰ বাবে জীয়াই আছোঁ — সেই Perfection lineটোৱে মানুহৰ বাবে অনুপ্ৰেৰণা।

ফটাঢোল – সদৌ শেষত, ‘ফটাঢোল’ৰ বাবে, আমাৰ এই গ্রুপটোৱে যি কৰি আছে তাৰ বিষয়ে কি ক’ব?

প্রস্তুতি পৰাশৰ – খুব ভাল কাম কৰিছা। মই এতিয়ালৈকে ডিজিটেল মাধ্যমত সাহিত্যৰ ক্ষেত্ৰত প্ৰথম তোমালোককে লগ পালোঁ আৰু বিষয়টো যে তোমালোকৰ ব্যঙ্গাত্মক সাহিত্য সেইটো আৰু ভাল পালো। কাৰণ এনেই Normal সাহিত্যৰ ক্ষেত্ৰত বহুতে আগবাঢ়ি যায়। কিন্তু তোমালোকে ব্যঙ্গ সাহিত্যক প্ৰাধান্য দিছা, খুব প্ৰশংসনীয় কাম আৰু মই আশা কৰিছোঁ যে এই প্ৰচেষ্টাৰ জৰিয়তে যদি ব্যঙ্গ সাহিত্যৰ ক্ষেত্ৰত নতুন প্ৰজন্মৰ লেখক লেখিকা ওলাই আহে বা তেওঁলোকে যদি জখলা এডাল পায়, established হয় মানুহৰ মাজত, এইটো এটা বৰ ভাল প্ৰয়াস হ’ব কিন্তু। আগবাঢ়ি যোৱা সদায়.. সেইটোৱেই মোৰ শুভকামনা।
ফটাঢোল – ধন্যবাদ বাইদেউ। আপোনাৰ অনাগত দিনবোৰ মধুৰ হোৱাৰ শুভকামনাৰে আজিলৈ এৰিছোঁ।
প্ৰস্তুতি পৰাশৰ – ধন্যবাদ।

 

ধন্যবাদেৰে ‘ফটাঢোল’ৰ হৈ,

 

সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য,
মণিষা কাকতি, আৰু
দিম্পল কলিতা
লগতে সহায়ৰ হাত আগবঢ়োৱাৰ বাবে ৰুপম ৰিদিপ বিশেষ ধন্যবাদৰ পাত্ৰ।

☆★☆★☆

31 Comments

  • এগৰাকী সাহসী নাৰীৰ এই সাক্ষাৎকাৰ যুগুতোৱা বাবে সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্যক ধন্যবাদ। ভাল লাগে পঢ়ি

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      ধন্যবাদ।তেখেত বহুত পজিটিভ।ভগৱানে তেখেতক আৰু আগুৱাই যোৱাৰ প্ৰেৰণা দিয়ক।

      Reply
  • ৰিণ্টু

    প্ৰিয় অভিনেত্ৰী গৰাকীৰ বিষয়ে বিশদভাৱে জানিব পাৰি খুব ভাল লাগিল। সাক্ষাৎকাৰটো খুব “ঘৰুৱা” শৈলীৰ হৈছে, একেবাৰে আন্তৰিক আলাপ।

    তেখেতৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলো।

    সাক্ষাৎকাৰ গ্ৰহণ কৰা টিমটোলৈ আন্তৰিক ধন্যবাদ

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      ধন্যবাদ দাদা,বাইদেউ আগুৱাই যাওক,তাৰেই কামনা কৰিলো।

      Reply
  • অনুৰূপ মহন্ত

    প্রিয় অভিনেত্ৰী গৰাকীৰ সাক্ষাকাৰটো পঢ়ি তেওঁৰ প্ৰতি শ্ৰদ্ধা আৰু বাঢ়িল। ধন্যবাদ টিম ফটাঢোল।

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      বহুত বহুত ধন্যবাদ।

      Reply
  • অবিনাশ

    প্ৰিয় অভিনেত্ৰী গৰাকীৰ লগত হোৱা কথোপকথন খিনি বহুত ভাল লাগিল ৷সঞ্জীৱদা আৰু টীম ফটাঢোললৈ ধন্যবাদ জনালো ৷

    Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

    ধন্যবাদ।

    Reply
  • Sweet lena Das

    প্রিয় অভিনেত্ৰী গৰাকীৰ বিষয়ে জানি ভাল লাগিল। সঁচাকৈয়ে তেওঁ অসমৰ ছবি জগতৰ এগৰাকী বলিষ্ঠ অভিনেত্ৰী।

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      ধন্যবাদ।

      Reply
  • তৃষ্ণা সো.

    প্ৰিয় অভিনেত্ৰীৰ সাক্ষাৎকাৰটো পঢ়ি বৰ ভাল লাগিল।

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      ধন্যবাদ।

      Reply
  • পৰিস্মিতা বৰদলৈ

    ইমান যে ভাল লাগিল প্ৰস্তুতিি বাৰ স্পষ্টবাদী,সাহসী ব্যক্তিত্বটো গম পালো সাক্ষাৎকাৰটোৰ জৰিয়তে

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      বহুত ধন্যবাদ।

      Reply
  • Mitali saharia

    প্ৰিয় অভিনেত্ৰীগৰাকীৰ সাক্ষাৎকাৰ পঢ়ি ভাল লাগিল।

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      ধন্যবাদ।

      Reply
  • ববিতা বৰুৱা

    প্ৰিয় অভিনেত্ৰী গৰাকীৰ সাক্ষাৎকাৰ পঢ়ি বহুত ভাল লাগিল

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      ধন্যবাদ।

      Reply
  • hkkakati

    বৰ ভাল লাগিল সঞ্জীৱ৷ তেওৰ স্বাধীনচিতিয়া আৰু সাহসী বুলি ভাবিয়েই লৈছিলো৷ সঁঁঁঁচা বুলি গম পালো৷ বঢ়িয়া লাগিল সাক্ষাৎকাৰটো৷

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      ধন্যবাদ দাদা।

      Reply
  • ৰাস্না বৰা

    এগৰাকী সাহসী ,মোহময়ী বলিষ্ঠ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ অভিনয় বুলিলেই যিখন ছবি ভাঁহি উঠে সাক্ষাৎকাৰ টিত প্ৰতিফলিত হোৱাত বৰ ভাল লাগিল।

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      বহুত ধন্যবাদ।

      Reply
  • Mridula Gogoi

    সাক্ষাৎকাৰটো প ঢ়ি ভাল লাগিল

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      ধন্যবাদ।

      Reply
  • প্ৰিয় অভিনেত্ৰীৰ বিষয়ে বিতংকৈ জানিব পাৰি বৰ ভাল লাগিল।

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      ধন্যবাদ।

      Reply
  • Manash Saikia

    লাহে ধীৰে পঢ়ো বুলিয়েই আজি পঢ়িলোঁ৷
    প্ৰিয় অভিনেত্ৰীগৰাকীৰ বিষয়ে জানি ভাল লাগিল৷

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      ধন্যবাদ মানস দা।

      Reply
  • গীতালি

    খুব ভাল লাগিল, প্ৰিয় অভিনেত্ৰীগৰাকীৰ বিষয়ে জানিবলৈ পাই

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      ধন্যবাদ।

      Reply
  • Ranjan kumar sharma

    ভাল লাগিল পঢ়ি।প্ৰস্তুতি বা আমাৰ গৌৰৱ।

    Reply

Leave a Reply

Your email address will not be published.