ফটাঢোল

সাক্ষাৎকাৰ–সঙ্গীত শিল্পী মানস ৰবীনৰ সৈতে এখন্তেক

অসমীয়া সংগীত জগতৰ অন্য এক চিনাকি নাম মানস ৰবীন। কেৱল অসমতে নহয়, উত্তৰ-পূব ভাৰতৰ দশোদিশে জনপ্ৰিয়তা অৰ্জন কৰা মানস ৰবীন একেধাৰে গীতিকাৰ, গায়ক, সুৰকাৰ, সংগীত পৰিচালক, সংগীত প্ৰযোজক যিয়ে বিহুসুৰীয়া গীতসমূহক এক সুন্দৰ ৰূপ দিছে। ১৯৭৬ চনৰ ১৭ ডিচেম্বৰত জন্ম গ্ৰহণ কৰা মানসজ্যোতি গগৈ ওৰফে মানস ৰবীনৰ অসমীয়া সংগীত বিশেষকৈ বিহুগীতৰ জগতখনত এক সুকীয়া পৰিচয় আছে। তেখেতে সংগীতৰ জগতখনত প্ৰথমবাৰৰ বাবে ভূমুকি মাৰিছিল ১৯৯৫ চনত ‘নীহাৰিকা’ নামৰ একক এলবামটিৰ জৰিয়তে। সেইয়াই আৰম্ভণি, তাৰপিছত তেওঁ পাছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। ১৯৯৭ চনত টাইফুন প্ৰডাকচনৰ ‘উজান পিৰিতী’ আৰু ১৯৯৯ চনত সৰস্বতী কমিউনিকেশ্বনৰ ‘মানস কন্যা’ আৰু ‘বৰষা’ নামৰ আন তিনিটি এলবামৰ জৰিয়তে অসমবাসী ৰাইজৰ আগত নিজকে চিনাকি দিবলৈ সক্ষম হয়। ‘বৰষা’ এলবামটি মানস ৰবীনৰ জীৱনৰ টাৰ্ণিং পইণ্ট বুলি ক’ব পাৰি যিয়েই তেখেতক অসমীয়া সংগীতৰ ক্ষেত্ৰখনত আৰু এখোপ ওপৰলৈ লৈ যায়। পিছলৈ তেখেতে এন কে প্ৰডাকচনৰ লগত কাম আৰম্ভ কৰে য’ত দুটি নাম অতিকৈ জনপ্ৰিয় আছিল- মানস ৰবীন আৰু জুবিন গাৰ্গ। জুবিন গাৰ্গৰ কণ্ঠ আৰু মানস ৰবীনৰ সংগীত অসমীয়া বিহু বলিয়া ৰাইজৰ বাবে এক আৱেগ।

মানস ৰবীনে ‘প্ৰিয়া অ’ প্ৰিয়া’, ‘এয়েই জোনাকবিহীন জীৱন’, ‘ককাদেউতাৰ ঘৰ জোঁৱাই’, ‘উজনিৰ দুজনী গাভৰু ছোৱালী’, ‘বৰলাৰ সংসাৰ’ আদিকে ধৰি কেইবাখনো অসমীয়া বোলছবিত সংগীত পৰিচালক হিচাপে কাম কৰি অন্য এক খ্যাতি অৰ্জন কৰিছে। ২০০২ চনত প্ৰাগ চিনে এৱাৰ্ডত ‘শ্ৰেষ্ঠ গীতিকাৰ’ৰ সন্মান আৰু ‘জোনবাই’ ভিডিঅ’ এলবামৰ কাৰণে ২০০৬/০৭ চনত ‘শ্ৰেষ্ঠ ভিডিঅ ছবি নিৰ্মাতা’ৰ চিত্ৰলেখা বঁটা লাভ কৰে।

অসমীয়া সংগীতৰ ভোটাতৰা এইজন মানস ৰবীনক লগ পাই তেখেতৰ লগত দুআষাৰ অন্তৰংগ আলাপ কৰাৰ সৌভাগ্য উদয় হৈছিল আমাৰ। তেওঁনো নিজৰ জীৱনৰ বিষয়ে কি ক’লে, মে’ মাহৰ ফটাঢোল ই-আলোচনীত প্ৰকাশিত এই সাক্ষাৎকাৰটোৰ জৰিয়তে পঢ়ি চাওঁ আহকচোন-

ফটাঢোল : নমস্কাৰ৷ আমি ফটাঢোল আলোচনীৰ সাক্ষাৎকাৰৰ বাবে আহিছোঁ৷ পোন প্ৰথমে ফটাঢোল গোটৰ তৰফৰ পৰা আপোনাক বিহুৰ শুভেচ্ছা যাচিলোঁ৷

মানস ৰবীন : নমস্কাৰ আৰু লগতে ধন্যবাদ৷ মোৰ ফালৰ পৰাও ফটাঢোলক শুভেচ্ছা যাচিলোঁ৷

ফটাঢোল : ধন্যবাদ৷ আমাৰ আলোচনীৰ নিয়মীয়া শিতান ‘এইমাহৰ অতিথি’ৰ বাবে আপোনাৰ লগত কথা পাতিবলৈ আহিলোঁ৷

মানস ৰবীন : পুনৰ ধন্যবাদ জনালোঁ৷

ফটাঢোল : সংগীতৰ লগত আপোনাৰ প্ৰথম পৰিচয় কেনেকৈ? এই ক্ষেত্ৰখনত আপোনাৰ আৰম্ভণি কেনেকৈ হ’ল?

মানস ৰবীন : সংগীতৰ লগত প্রথম পৰিচয় সকলোৰে যেনেকৈ হয় মোৰো তেনেকৈয়ে হৈছিল, মানে মায়ে নিচুকনি গীত গাইছিল। শোৱাৰ সময়ত নিচুকাই নিচুকাই যেতিয়া গায়, তেতিয়া শিশুৰ মনত সংগীতৰ বীজ ৰোপন হয়। এনেই আনুষ্ঠানিকভাবে শিকা বুলি ক’লে, আমাৰ গাঁৱত এটা নামঘৰ আছিল। তাত এখন ৰাস পাতিবলৈ মনস্থ কৰিছিল। ৰাসখন কৰিবলৈ নাচিব লগীয়া, গাবলগীয়া বহুত ল’ৰা-ছোৱালীৰ প্রয়োজন হয়। আমাৰ যিহেতু গাঁওখন সৰু, গতিকে পাঁচখনমান গাঁও লগ লাগি ৰাসখন অনুষ্ঠিত কৰিবলৈ লোৱা হৈছিল। পাঁচখন গাঁৱৰ পাঁচটা নামঘৰত ল’ৰা-ছোৱালীখিনিক প্রশিক্ষণ দিয়া হৈছিল। দুদিনমান নাচলৈ গৈছিলোঁ। যেতিয়া তেওঁলোকে দেখিলে যে ই নাচত নহ’ব, তেতিয়া গানত লগাই দিলে। তাতে বৰগীত শিকিলোঁ। বাৰ দিন মানৰ এটা কর্মশালা হৈছিল। ৰাসৰ যিকেইটা গীত লাগে, তেনেকেই শিকিলোঁ। সেয়াই আৰম্ভণি।

ফটাঢোল : আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে অকণমান জনাব নেকি?

মানস ৰবীন : ব্যক্তিগত বুলিবলৈ মা-দেউতা আছে মোৰ লগত। তিনি গৰাকী মোৰ ভণ্টি, তিনিওগৰাকী বাঙ্গালোৰতে থাকে। দুগৰাকীৰ বিয়া তাতে দিছোঁ। আৰু এগৰাকী ভণ্টিৰ বিয়া হোৱা নাই। মই বিয়া কৰাইছোঁ ডিব্রুগড়ৰ পৰা। আমাৰ দুটি সন্তান। ল’ৰা এটি, ছোৱালী এজনী। ছোৱালীজনী ডাঙৰ। ল’ৰাৰ নাম শিবায়ুস, ছোৱালীৰ নাম দেৰেচা। এয়াই মোৰ পৰিয়াল।

ফটাঢোল : আপোনাৰ বিবাহিত জীৱনৰ বিষয়ে অলপ কওকচোন৷ কেতিয়া বিয়া হৈছিল? কেনেকৈ হৈছিল? কেনেকৈ তেখেতক লগ পালে? মানে আপোনাৰ জীৱন সংগী আৰু প্ৰেমৰ বিষয়ে কওকচোন।

মানস ৰবীন : বিয়া আমাৰ পথাৰত হৈছিল। আমাৰ ঘৰৰ কাষৰ পথাৰখনত। ঘৰত ঠাইৰ অভাৱ। তাতে মানস ৰবীন বুলিলে মানুহ বেছিকে আহিব বুলি ধাৰণা কৰিয়েই দেউতাই ক’লে, “তোৰ বিয়া চোতালত নহ’ব। পথাৰখনকে ঠিক কৰ।” সেয়ে মই পথাৰত বিয়া হোৱা বুলি কওঁ। মই, জে বি কলেজত পঢ়ি থাকোঁতেই লগ পাইছিলোঁ প্রথম তেওঁক। তেওঁ তাতে পঢ়ি আছিল।

ফটাঢোল : প্রেম তাৰ মানে?

মানস ৰবীন : সেইটো প্রেমেই বুলি কয় নে কি বুলি কয় মই নাজানো।

ফটাঢোল : প্রথম প্রস্তাৱটো আপুনি দিছিল নে?

মানস ৰবীন : পাহৰিলোঁ অ’। বহুত দিন হ’ল নহয়। বৌক সুধিলেহে গম পোৱা যাব।

ফটাঢোল : সেইখিনি সময়ৰ কিবা ‘ইণ্টাৰেষ্টিং’ ঘটনা মনত পৰেনে?

মানস ৰবীন : ‘ইণ্টাৰেষ্টিং’ বুলিবলৈ কি আছে! প্রেম নিজে-নিজেই ‘ইণ্টাৰেষ্টিং’। ছোৱালী এজনীৰ পিছে-পিছে এনেকৈ ঘূৰি থকাটোও ‘ইণ্টাৰেষ্টিং’ কাম আছিল, ছোৱালীজনীক দেখাটোও ‘ইণ্টাৰেষ্টিং’ কাম আছিল। তেতিয়া আজিৰ দৰে মোবাইল ফোন নাছিল। লেন ফোনত ফোন কৰিলেও কোনোবা বেলেগ মানুহে ধৰিব। বহুত ‘ইণ্টাৰেষ্টিং’ কথা আছে। ক’লে ভাগৰ লাগি যাব।

ফটাঢোল : দুটামান কওকচোন। আমিও ভাগ লওঁ।

মানস ৰবীন : এক নম্বৰতে আছিল ফোনত কথা পতা সমস্যাটো। মই যদি এইফালৰ পৰা ফোন কৰোঁ, ইফালে যদি মাক বা আন কোনোবাই ফোনটো উঠাই তেতিয়া কি হ’ব ভাবি লওক আৰু। সেয়ে মোৰ বা এগৰাকীৰ সহায় ল’লোঁ। তাইক নির্দিষ্ট সময়ত মাতি আনো। বোলো, “ফোনটো লগা। অমুকক বিচাৰিবি। তোকতো সুধিব কোনে কৈছে! বিভিন্ন নাম হৈ যায় আৰু। এই ধৰক জুলি বাইদেৱে কৈছোঁ বা কিবা এটা…। তাই ফোন ধৰিলে মোক দিবি।” এদিন ফোন কৰোঁতে ক’লে, “মই জুলি বাইদেৱে কৈছোঁ।” জুলি বাইদেউ বুলি তেওঁলোকৰো বাইদেউ এগৰাকী আছিল। আৰু এনেকুৱা ঈশ্বৰৰ ইচ্ছা, ফোনটোও জুলি বাইদেৱেই ধৰিলে। এইফালে মই ৰৈ আছোঁ। কি কথা পাতিছেতো গম পোৱা নাই। দেহিছোঁ যে, মোৰ ‘হায়াৰ’ কৰা বাইদেউৰ মুখখন ৰঙা হৈ গৈছে। সিফালৰ পৰা কৈছে মইহে জুলি বাইদেউ, আপুনি ক’ৰ জুলি বাইদেউ ওলালগৈ! সেইদিনা কিবা কিবি কৈ ফোনটো থোৱা হ’ল। জুলি বাইদেউ গ’ল। দুদিনমান পাছত নামটো সলাই দিয়া হ’ল।

ফটাঢোল : গান নাগালে আপুনি কি হ’লহেঁতেন?

মানস ৰবীন : গান নাগালে কি হ’লোহেঁতেনটো ভবা নাই এতিয়ালৈকে। গান গাই কি হ’ম, সেইটোও ভবা নাই। প্রথমে গান গালোঁ, গান লিখিলোঁ, তাৰ পাছত মিউজিক ডাইৰেক্টৰ হ’লোঁ। ছবিৰ লগত জড়িত হ’লোঁ। প্রযোজক হ’লোঁ। টকা-পইচাৰ কথা আহিল লগত। ভিডিঅ’ ছবি নিৰ্মাণ কৰাৰ পাছত তাৰ ব্যৱসায়টোৰ লগতো জড়িত হৈ পৰিলোঁ। নাচ, গান, নাটকৰ লগত জড়িত বিভিন্ন কামতো ব্যস্ত হৈ থাকোঁ। বিভিন্ন অনুষ্ঠান আয়োজনতো থাকোঁ। চলি আছে তেনেকুৱা কিবা-কিবি। কিন্তু গান নাগালে কি হ’লোহেঁতেন! কোনোবা কলেজৰ অধ্যাপক বা তেনেকুৱা কিবা এটা হ’লোহেঁতেন কিজানি!

ফটাঢোল : মা-দেউতাই আপুনি কি হোৱাটো বিচাৰিছিল?

মানস ৰবীন : মা-দেউতাই বা কি বিচাৰিছিল ইমান নাজানো। কিন্তু সেইটো সময়ত বেছি ভাগ মাক-দেউতাকৰে এটাই সপোন থাকে যে ল’ৰা ডাক্তৰ বা ইঞ্জিনীয়াৰ কিবা এটা হ’ব লাগে। সেইটোৱেই ভাবিছিল চাগে! তাৰ মাজতে দেউতা ব্যতিক্রম আছিল। তেওঁ কেতিয়াও কোৱা নাছিল, অমুক হ বুলি। দেউতাই মাথো মই যিবোৰ কাম কৰি ভাল পাইছিলোঁ, সেইবোৰ যোগাৰ কৰি দিছিল। গান গাই ভাল পাইছিলোঁ- হার্মনিয়াম এখন কিনি আনি দিছিল। নিম্ন মধ্যবিত্ত পৰিয়াল এটাৰ বাবে সেইটোও কম কথা নাছিল। ক’ৰবালৈ যাব লাগে- চাইকেল এখনৰ ব্যৱস্থা কৰি দিছিল।

ফটাঢোল : সেই সুবিধাবোৰৰ সুযোগ লৈছিল নেকি সৰুতে? মানে দুষ্টামি কৰিবলৈ?

মানস ৰবীন : বছৰত দুই-তিনিদিন মান লৈছিলোঁ। দুর্গা পূজাৰ সময়ত, স্কুলত পিকনিক থাকিলে ইত্যাদি ইত্যাদিত। মা বহুত কাঢ়া আছিল। অনুশাসনো বেছি আছিল। দেউতাৰ পৰাই সেয়ে আদায় কৰিছিলোঁ, যিবোৰ সৰু ল’ৰা-ছোৱালীয়ে কৰে।

ফটাঢোল : আপুনি লিখা-মেলাৰ লগত কেনেকৈ জড়িত? অসমৰ গীতি সাহিত্যৰ বিষয়ে কওকচোন।

মানস ৰবীন : লিখা-মেলা মানে, গানতো লিখোঁৱেই। অসমৰ বিভিন্ন সমস্যাক লৈ প্রবন্ধ-পাতিও লিখিছিলোঁ দুই-এখন কাকতত। আজিকালি ফেচবুকতো কেতিয়াবা লিখোঁ। সহজ মাধ্যম হৈ গ’ল। মানুহে পঢ়ে, ‘ফিদবেক’ সোনকালে পোৱা যায়। কেতিয়াবা বিহুৰ সময়ত খবৰ-কাকতবোৰৰ পৰা লেখা বিচাৰি অনুৰোধো আহে। তেতিয়া কিবা এটা লিখি দিওঁ। সেয়াই। গানো লিখি দিয়া যায়। গীতি সাহিত্যৰ কথা ইতিমধ্যে কৈছোঁৱেই। অৱনমিত হৈছে। অৱশ্যে ইয়াৰ কাৰণ কেইবাটাও। এক হ’ল যে, আগৰ যিসকল গীতিকাৰে গীত লিখিছিল, কেশৱ মহন্তকে প্রমূখ্য কৰি, ভাষাৰ দখল আছিল অধ্যনো আছিল সেইমতে। এতিয়া যিবোৰ ল’ছালীয়ে গীত লিখে, তেওঁলোকৰ সেই কথাখিনিত অলপমান গণ্ডগোল আছে। যিহেতু আজিকালি সুৰৰ ওপৰত নির্ভৰ কৰি গীত লিখে, গতিকে যিকোনো শব্দ ভৰাই দিয়ে। সুৰৰসৈতে সেইটো হয়তো গীত হ’ব, কিন্তু এনেই পঢ়িলে সেইটো একেবাৰে নিম্ন-স্তৰৰ হ’ব। আগৰ গীতবোৰ এনেই পঢ়িলে এটা কবিতা যেন লাগে। এইখিনিত পার্থক্য এটা আহে। দ্বিতীয়তে, তত্ব-গধূৰ গীতো লিখিবলৈ ভয়। কিয়নো শ্ৰোতাও অৱনমিত হৈছে। মানে বোধগম্য হ’বনে নাই সেইটোও প্রশ্নবোধকৰ আৱর্তত আহি পৰিছে। সকলোৱে বুজি পোৱা শব্দৰে লিখা গীতি সাহিত্যৰ যিটো যাদু, তেনেকুৱা দুই-চাৰিটা গীত শুনি থাকিবলৈ পালেও আমাৰ ভাল লাগিব।

ফটাঢোল : নচিকেতাৰ লগত আমাৰ অসমীয়া গীতৰ তুলনা কেনেকৈ কৰিব?

মানস ৰবীন : নচিকেতাৰ দৰে জীৱনমুখী গান আমাৰ অসমীয়াতো বহুত আগতেই আছে। সমাজৰ বিভিন্ন দিশক ব্যংগ কৰি যে গায়, জ্যোতি প্রসাদ আগৰৱালাৰ দিনৰ পৰা ইয়াৰ প্রচাৰ আছে। মাথো নচিকেতাৰ দৰে গোৱা মানুহৰ অভাৱ আচলতে। মোৰে এটা গান আছে।

“এয়া বাৰ মাহে তেৰ আন্দোলনৰ দেশ

দেশ বুলিলে নালাগে আদেশ

পথ বন্ধ, গাড়ী বন্ধ, জিলা বন্ধ

নহ’লে লণ্ড-ভণ্ড

বন্ধ কৰি দেশক গঢ়াৰ

এয়া কেনে মঞ্চ

এয়া বাৰ মাহে তেৰ আন্দোলনৰ দেশ

দেশ বুলিলে দিবা কাক আদেশ

কৃষকৰ বাবে দাম নাই

বজাৰত পিছে জুই

আধা-পেটি খাই মধবিত্ত

মগজু পৰিছে শুই

এয়া নীতিৰ মাজত দুর্নীতিৰ দেশ

দেশ বুলিলে দিবা কাক আদেশ”

ফটাঢোল : অনুষ্ঠান কৰিবলৈ গৈ হোৱা লটি-ঘটি নিশ্চয় আছে। তেনে দুই এটি কথা আমাক কওকচোন।

মানস ৰবীন : অসম, ভাৰত বা বিদেশতো বহুত অনুষ্ঠান কৰিলোঁ। সকলোতে অনুষ্ঠান ভাল লগা। অসমীয়া মানুহৰ মৰম চেনেহে সদায় আমাক আপ্লুত কৰি ৰাখিছে, অনুপ্রেৰণা দিছে। তাৰ মাজতে ক’ৰবাত দিম বোলা পইচাকেইটা নিদিয়ে। তেনেকুৱা দুই-এটা পৰিস্থিতিও হৈছে। সেইটো হৈছে তেওঁলোকৰ ফালৰ পৰা। মোৰ ফালৰ পৰাও কিছুমান ঘটনা ঘটে। এবাৰ এখন কমিটিৰ লগত কথা-বতৰা পাতিলোঁ। চাৰি তাৰিখে ‘প্র’গ্রাম’ আছে। মোৰ বাদ্য শিল্পীসকলক জনালোঁ। নির্দিষ্ট দিনত গৈছোঁ। মোবাইল ফোন নথকা দিনৰ ঘটনা দেই। ঠাইখন গৈ পাইছোঁ। ফোন নম্বৰ নায়েই কথা পাতিবলৈ। সাধাৰণতে ‘ফাংচন’ থকা ঠাই বিচাৰিবলৈ অসুবিধা ইমান নহয়। পাণ দোকানি এজনক সুধিলেও গম পাওঁ। গৈ সুধিছোঁ, “অমুক ফিল্ডত এটা ‘প্র’গ্রাম’ হোৱাৰ কথা আছিল।” তেওঁলোক আচৰিত। তাত তেনেকুৱা একো ‘প্র’গ্রাম’ নাই বুলি ক’লে। আমি মনতে, “এওঁ নাজানিব পাৰে।” তেওঁৰ পৰা ফিল্ডখনৰ ঠিকনা লৈ তালৈ গ’লোঁ। তাত একো আয়োজন নাই। আক-তাক সুধি আছোঁ। তেনেতে দুজন ল’ৰা আহিল। তেওঁলোকক সোধাত গম পাইছোঁ, ‘প্র’গ্রাম’ আছে। কিন্তু চাৰি জুনত। মই গৈছিলোঁ চাৰি মে’ত। এমাহ আগত গৈ ওলাইছোঁ। পিছত কি হ’ব আৰু! ভাত-পানী খাই গুচি আহিছোঁ।

ফটাঢোল : ষ্টেজতো তেনেকুৱা কিবা ঘটনা কেতিয়াবা ঘটিছিল নে?

মানস ৰবীন : ষ্টেজত বহুত কিবা-কিবি হৈ থাকে। ২০০০-২০০১ চন। জুবিন দা আৰু মই একেলগে শ্ব’ কৰোঁ। কিবা কাৰণত মানে গানৰ বহীখন সিদিনা গাড়ীত থাকি গ’ল। ‘দুৱেট’ এটা আছিল। গানৰ বহীখন থাকিলে মানে কি হয়, আৰম্ভণিখিনি চাই লওঁ, পাছৰখিনি মিলি যায়। কিন্তু অন্তৰা দুটাই গাই থাকোঁতে মানে কনফিউজ হৈ যোৱা যায়। সেইদিনা আমি দুয়ো দ্বিধাগ্রস্থ, প্রথম এইটো আছিল নে ইটো আছিল! মই ভুলতে দ্বিতীয়টো গাই দিলোঁ। তেওঁ প্রথমটো গাই দিলে। গানটোৰ গোটেই অর্থ বেলেগ হৈ থাকিল।

আন এদিনৰ মোৰ লগত আছিল খগেন গগৈ আৰু বিপুল চেতিয়া। নিয়মটো এনেকৈ কৰিছিলোঁ যে প্রথমে মই গাওঁ, মোৰ পাছত মোৰ লগত থকা নির্মালী দাসে গায়, তাৰ পাছত মই খগেন গগৈক মাতি দিওঁ। তেওঁৰ শেষ হোৱাৰ পাছত বিপুল চেতিয়া উঠে ষ্টেজত। বিপুল দাই বিহু গোৱাৰ পাছত মই আৰু নির্মালীয়ে আকৌ গাওঁ। তেনেকৈ অনুষ্ঠান শেষ হয়। এইটো মানে আমাৰ ক্রম। এদিন কি হ’ল, তেতিয়া প্রসেন বৰুৱা আছিল ঢুলীয়া। প্রসেন দাই পুৱাৰ পৰা কৈ আছে, তই আজি বিপুলক প্রথমতে মাত। খগেনক পাছত মাত। বিপুল দায়ো ক’লে, “আজি মোক মাতচোন প্রথমে।” একেবাৰে কাবৌ কোকালি কৰাৰ দৰে হ’ল। মই বোলো ঠিক আছে। মঞ্চত উঠিলোঁ। নিজৰ গান গালোঁ, গাই বিপুল দাক মঞ্চলৈ আমন্ত্রণ জনালোঁ। বিপুল দাই দুষ্টামি বুদ্ধি এটা ভাবি থৈছে। তেওঁ কৰিলে কি, যে খগেন দাই যিকেইটা গান গাই, সেই গোটাইকেইটা গান গাই দিলে। এতিয়া মই খগেন দাক মাতিছোঁ। তেওঁ নাযায় নহয় এতিয়া মঞ্চলে। মইতো বুজি পোৱা নাই কি হ’ল। আহি দেখোঁ খগেন দা গাড়ীত বহি আছে খঙত। তেওঁক কওঁতে কৈছে, “মই কি গামগৈ? মোৰ গান আটাইবোৰ গাই দিলে।” পাছত যেনিবা মোৰ লগতে বেলেগ গানকে গাই অনুষ্ঠান সামৰিছিলোঁ।

ফটাঢোল : সংগীত জগতৰ কি কি কামত বৰ্তমান আপুনি ব্যস্ত আছে, সবিশেষ জনাব নেকি?

মানস ৰবীন : বর্তমান মই ব্যস্ত হৈ আছোঁ অসমৰ এজন জনপ্রিয় কণ্ঠ-শিল্পী ৰূপম ভূঞাৰ এটা এলবামত। সেইটোৰ কাম চলি আছে। সেইটো অহা বছৰ মুক্তি লাভ কৰিব। এইবছৰেই মোৰ সংগীত জীৱনৰ পঁচিছ বছৰ মানে ৰূপালী জয়ন্তী পূৰ হ’ব। তাৰ বাবে মই এই ২৫ বছৰে যাৰ যাৰ লগত কাম কৰিলোঁ, তেওঁলোকৰ প্রত্যেকৰে লগতে এটা এটা গান কৰাৰ পৰিকল্পনা এটা হাতত লৈছোঁ। পৰিচালক হিচাপে ময়েই থাকিম। এই ‘প্রজেক্ট’টোৰ কাম চলি আছে। লগতে ২৫ বছৰ হোৱা উপলক্ষে বুলি নহয়, আমাৰ যিখন জনপ্রিয় বোলছবি আছিল ‘জোনবাই’ সেইখন যেতিয়া শেষ হৈ গ’ল, ‘লেফাফা’ বুলি এটা ‘চিৰিজ’ কৰিছিলোঁ। মানে ভিডিও’ ফর্মেটটো এতিয়া নাই। নতুনকৈ এতিয়া ডিজিটেল ফর্মেটত চিনেমাবোৰ উপলব্ধ হ’বলৈ লৈছে বা মানুহে চাবলৈ লৈছে বা আদৰিও লৈছে। ঠিক তেনেকুৱা এটা পূর্বানুমান কৰি মই ‘নেট-ফ্লিক্স’ জাতীয় এটা ‘ৱেব-চিৰিজ’ আৰম্ভ কৰিম বুলি ভাবিছোঁ। বিহুৰ ফাংচনবোৰ শেষ হওক, টকা-পইচা দুটামান ঘৰলৈ আহক। তাৰ পাছত চিন্তা কৰিম।

ফটাঢোল: পৰিৱৰ্তনৰ ঢৌয়ে আজিকালিৰ গানবোৰকো চুই গৈছে। বৰ্তমান সংগীতৰ প্ৰচলিত ধাৰাটোক লৈ আপুনি কি অনুভৱ কৰে?

মানস ৰবীন : পৰিৱর্তন মানুহে বিচাৰিছে। অকল গানত বুলি নহয়, সকলোতে পৰিৱর্তন বিচাৰিছে। পৰিৱর্তন আহিছেও। এতিয়া সেইটো ভাল পাইছে নে বেয়া পাইছে, ভাললৈ হৈছে নে কাললৈ হৈছে, সময়ে উত্তৰটো দিব। কিন্তু বর্তমান আমাৰ সংগীত জগতত যিখিনি পৰিৱর্তন হৈছে, তাত বিশেষকৈ দুটা পৰিৱর্তন হৈছে। এটা হ’ল গীতৰ কথাৰ মানদণ্ড অৱনমিত হৈছে। সেইটো মই অনুভৱ কৰিছোঁ। দ্বিতীয় কথাটো হ’ল, যিটো ‘মিউজিকেল এৰেঞ্জমেণ্ট’ সেইটো একঘেয়ামী হৈছে। প্রথম দুই-চাৰিটা গীত অলপ ভাল লগা হৈছিল। অলপ নতুন নতুন পাইছিল ৰাইজে। পাছত বস্তুটো একেধৰণৰ হৈ থাকিল। সেইটোৰ পৰা ওলাই আহিব লাগে। এই সময়চোৱাতে কিন্তু সাংঘাতিক ‘মাইলষ্টন’ জাতীয় কামো হৈছে। গতিকে আশাবাদী যে, পৰিৱর্তনৰ মাজেৰেই এটা নতুন ৰূপ পাব। সেইটো ৰূপে হয়তো মহীয়ান কৰিব সংগীত জগতক।

ফটাঢোল : মানুহৰ জীৱনত যেনেকৈ গানৰ প্ৰয়োজন আছে, তেনেকৈ হাঁহি স্ফূৰ্তিৰো বিৰাট এটা প্ৰয়োজন, সেই বিষয়ে আপুনি কি ক’ব?

মানস ৰবীন : হাঁহি-ফূৰ্তিতো লাগেই। আমাৰ লক্ষ্মিনাথ বেজবৰুৱাই কৈ গৈছিল যে, অসমীয়া মানুহে হাঁহিব নাজানে। কথাটো কিন্তু মই অনুভৱ কৰোঁ, বাহিৰত কৌতুক জাতীয় কথাবোৰ যিমান উপলব্ধ, অসমীয়াত কিন্তু বৰ কম। আগতে গাঁৱত দুই-চাৰিজন মানুহ তেনেকুৱা আছিল। যিকোনো কথা ক’লেই আমাৰ হাঁহি উঠে। সেই সংখ্যাটো কমি গৈছে। বা আমাৰ হাস্য-ব্যংগ সাহিত্যৰ ক্ষেত্রতো আমি যথেষ্ট পিছ পৰি আছোঁ। এতিয়া ফেচবুক, হোৱাটচ্-এপৰ যোগেদি কিছুমান হাঁহিব লগীয়া বস্তু আহি থাকে। কিন্তু সেইবোৰ দেখোঁ যে, অন্য ভাষাৰ পৰা অনুবাদ কৰা আৰু অনুকৰণ কৰা। গতিকে আমাৰ নিজৰ সেই সৃষ্টিশীলতাটো কিন্তু কমিছে। আমাৰ অসমীয়া বোলছবিবোৰ চালেও মন কৰিবচোন, জোৰ-জবৰদস্তি হঁহুৱাবলৈ চেষ্টা কৰাা যেন লাগে, কিন্তু আচলতে হাঁহি নুঠে। আগতে ৰেডিঅ’ত তেনেকুৱা দুই-চাৰিখন ব্যংগ নাটক দিছিল, যিবোৰ শুনি বহুত বেছি হাঁহি উঠিছিল। সেই বস্তুটোৰ এতিয়া অভাৱ হৈছে। তাৰ মাজতে এতিয়া ফেচবুক, হোৱাটচ্-এপত গোট কিছুমান হৈছে। তাৰ জৰিয়তে অলপমান হাস্য ৰসৰ অকণমান সোৱাদ এটা পাবলৈ সক্ষম হৈছে। কিন্তু সেয়াই যথেষ্ট নহয় বুলি মই ভাবোঁ। হাঁহিবোৰত কি হয়, আমাৰ দৈনন্দিন জীৱনৰ গোটেই দিনটোৰ দুখ-কষ্ট-ভাগৰ বা যিমানবোৰ ক্লেশ, এই গোটেইবোৰ নাইকিয়া কৰি দিয়ে। এই বস্তুটোৰ দর্কাৰ আছে, আৰু চিন্তা-চর্চাৰ প্রয়োজন আছে। এইটো অকল চর্চাৰ যোগেদিয়েই নহয়, কিছু ভগৱান প্রদত্তও। সকলোৰে নাথাকেও। যাৰ থাকে, খুউব ধুনীয়াকৈ থাকে।

ফটাঢোল : আমাৰ শেষ প্ৰশ্ন, আপোনাৰ দৃষ্টিত মানস ৰবীন?

মানস ৰবীন : গণ্য মান্য নগণ্য ব্যক্তি। তাতকৈ একো নহয়। ফটাঢোললৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকে হঁহুৱাই থাকক, হাঁহি থাকক। আৰু অসমৰ সমাজখনলৈ হাঁহিৰ মাজেৰেই নতুন বার্তা কঢ়িয়াই আনক। তাৰেই কামনা কৰিছোঁ।

ফটাঢোল : ধন্যবাদ আপুনি ফটাঢোলক দিয়া মূল্যবান সময়ৰ বাবে৷ আমি ফটাঢোলৰ তৰফৰ পৰা আপোনালৈ অশেষ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।

মানস ৰবীন : ফটাঢোল আপোনালোকে বজাই থাকক, নেৰিব।

☆★☆★☆

(সাক্ষাৎকাৰটো যুগুটালে ফটাঢোলৰ হৈ শ্ৰীমাধৱ দাস আৰু শ্ৰীগৌৰীশঙ্কৰ শৰ্মাই))

4 Comments

  • অনুৰূপ মহন্ত

    ভাল লাগিল তেখেতৰ বিষয়ে জানিব পাৰি।

    Reply
  • ৰিণ্টু

    শিৱসাগৰৰ গৌৰৱ, নিমাইজানৰ গৌৰৱ, অসমৰ গৌৰৱ মানসৰ বিষয়ে বহুত নতুন কথা জানিলো।

    শিল্পীগৰাকীলৈ অশেষ ধন্যবাদ, এইকণ সুবিধা ফটাঢোলৰ পাঠকক দিয়াৰ বাবে।

    গৌৰী আৰু মাধৱ, গুড জৱ

    Reply
  • সৌৰভ শৰ্মা

    ভাল লাগিল, তেওঁৰ বিষয়ে কিছু কথা জানিলো।

    Reply
  • হেমন্ত কাকতি

    তেওৰ বিষয়ে বহু কথা জানিলো৷

    Reply

Leave a Reply

Your email address will not be published.