ফটাঢোল

সাক্ষাৎকাৰ

পোনপ্ৰথমে অসমৰ এগৰাকী শীৰ্ষস্থানীয় ব্যঙ্গলেখক, সমালোচক, গল্পকাৰ, ঔপন্যাসিক তথা প্ৰকাশক শ্ৰীযুত সৌমিত্ৰ যোগী দেৱৰ বিষয়ে দুআষাৰ জনাব বিচাৰিছোঁ৷

প্ৰবন্ধকাৰ হিচাপে ১৯৯৬ চনত লেখক জীৱনৰ আৰম্ভণি কৰা সৌমিত্ৰ যোগী ডাঙৰীয়া পাছলৈ প্ৰত্যক্ষ সাংবাদিকতাৰ সৈতে জড়িত হৈ পৰে৷

তেখেতৰ পৰিচিতি মূলতঃ এজন ব্যংগ লেখক হিচাপে৷ ২০০২ চনত তেওঁ ব্যংগ লিখিবলৈ আৰম্ভ কৰিছিল অজিত কুমাৰ ভূঞা সম্পাদিত “আজি” কাকতৰ “হাটে বাটে” শিতানত৷ তাৰ পিছত ‘সাপ্তাহিক জনমত’ কাকতত “দিছপুৰ ছংবাদ” শিৰোনামৰ এখন ব্যংগ জাৰ্ণেল লিখিবলৈ লয়৷ পৰৱৰ্তী সময়ত অসমীয়া প্ৰতিদিনৰ ব্যংগ শিতান “তৌবা তৌবা” লিখিবলৈ আৰম্ভ কৰে৷ এই নিয়মীয়া শিতানবোৰৰ উপৰি সাতসৰী, প্ৰকাশ, সাদিন, জীৱন আদিত তেখেতৰ ব্যংগ প্ৰকাশ পাইছে৷

প্ৰত্যক্ষ সাংবাদিকতা এৰি ২০০৭ চনত তেখেতে প্ৰকাশন প্ৰতিষ্ঠান “আঁক বাক” প্ৰতিষ্ঠা কৰে৷ প্ৰতিষ্ঠান পৰিচালনাৰ উপৰিও তেখেত গ্ৰন্থ সম্পাদনাৰ সৈতেও জড়িত হৈ আছে৷ ইতিমধ্যে “দ্বিতীয় দৰ্শনী”, “আত্মজীৱনী”, “গান্ধীৰ পুনৰ্জন্ম” আৰু “আন এখন মহাজগতৰ আংশিক বৃত্তান্ত” শীৰ্ষক তেখেতৰ চাৰিখন ব্যংগ সংকলন ইতিমধ্যে প্ৰকাশ পাইছে৷ “মধুশালা” তেখেতৰ একমাত্ৰ উপন্যাস৷ সৌমিত্ৰ যোগীৰ অনুবাদ আৰু সম্পাদনাকে ধৰি প্ৰকাশিত গ্ৰন্থৰ সংখ্যা মুঠ ১৩ খন৷

[ফটাঢোল প্ৰস্তাৱনা সংখ্যাৰ সম্পাদক হেমন্ত কাকতিৰ সৈতে সৌমিত্ৰ যোগী]

 

ফটাঢোলৰ প্ৰস্তাৱনা সংখ্যাৰ বাবে এটা সাক্ষাৎকাৰৰ সন্দৰ্ভত আমি তেখেতক লগ ধৰিছিলোঁ৷ তেওঁৰ মুখেৰে শুনা কথাখিনি পঢ়ো আহক-

ফটা ঢোল: – ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সময়ৰ পৰা বৰ্তমানলৈকে ব্যংগ সাহিত্যৰ ক্ষেত্ৰখনত ব্যংগ সাহিত্যৰ অৱদান তেনেই কম৷ অৰ্থাৎ গল্প, উপন্যাস বা যিকোনো প্ৰবন্ধ আদি লেখাবোৰৰ চৰ্চাৰ বিপৰীতে ব্যংগ সাহিত্যৰ চৰ্চা খুউব কম হয়৷ ব্যংগ সাহিত্য বিষয়টো আজিৰ দিনত অতি কম লোকেহে চৰ্চা কৰি আছে, ইয়াৰ কাৰণ কি বুলি আপুনি ভাবে বুলি আপুনি ভাৱে? ইয়াৰ আঁৰৰ আসোঁৱাহ সমূহ কেনেধৰণৰ?

সৌ যো: – আচলতে ব্যংগ বিষয়টোৱেই এটা জটিল বিষয়৷ সেয়া লাগিলে ৰস ৰচনাই হওক বা ৰম্য ৰচনাই হওক৷ সাধাৰণতে ৰম্য ৰচনা বোৰত এটা লক্ষ্য আৰু উদ্দেশ্য থাকে৷ অৰ্থাৎ ৰম্য ৰচনা লিখোতে কিছু হাস্যৰস, কিছু মানসিক খোৰাক আদি সোমাইছেনে নাই সেইখিনি কথাৰ ওপৰত ধ্যান দি লিখা হয়৷ যিকোনো প্ৰবন্ধ লিখোতে যেনেকৈ আমাৰ বিষয়টোৰ ওপৰত খৰচি মাৰি বুজিব পৰাকৈ জ্ঞানৰ প্ৰয়োজন ঠিক তেনেকৈ ব্যংগ সাহিত্য সৃষ্টি কৰিবলৈ যাওঁতেও বাছনি কৰি লোৱা বিষয়টোৰ ওপৰত নিখুঁত জ্ঞান থকাটো অতিকৈ প্ৰয়োজনীয়৷ ব্যংগ বিষয়টো এটা বৰ গভীৰ বিষয়৷ ব্যংগ্যাত্মক লেখা এটা লিখিবলৈ যাওঁতে বাছনি কৰি লোৱা বিষয়টোৰ সমস্ত সীমাবদ্ধতা, দুৰ্বলতা এই সকলোবোৰ জানি বুজি লৈ তাৰ যিটো কেৰোণ সেই দিশটোক অতি সাৱধানেৰে উপলুঙা কৰি উপস্থাপন কৰিব পৰাটোতহে ব্যংগ লেখক এজনৰ সাৰ্থকতা৷ কিন্তু এইখিনি কৰিবলৈ যাওঁতে এই গোটেই প্ৰক্ৰিয়াটো মানুহে এটা জটিল প্ৰক্ৰিয়া বুলি হয়তো অধিক সংখ্যকেই ভাবে যেন মোৰ ভাৱ হয়৷ কিয়নো গল্প, কবিতা, প্ৰবন্ধ, উপন্যাস লিখা অনেক লোকৰ মাজত ব্যংগ লিখা লেখকৰ পৰিমাণ তেনেই নগণ্য৷ আনহাতে চুবুৰীয়া ৰাজ্য পশ্চিম বংগত যথেষ্ট সংখ্যক ব্যংগ লেখক আছে৷ অসমীয়া সাহিত্যত লঘু ৰচনা আছে, লেখকো আছে৷ কিন্ত দুখৰ কথাটো হ’ল তেওঁলোকে বাতৰি কাকতৰ কোনোবা এটা শিতানত লিখে, তথাপি তেওঁলোকে সাহিত্যৰ মৰ্যাদা নাপায়৷ নোপোৱাৰ কাৰণটো হ’ল তেওঁলোকৰ এক বুজন সংখ্যকৰ লঘু ৰচনা লিখাৰ যিটো মানদণ্ড সেইটো সাহিত্যৰ পৰ্যায়লৈকে উন্নীত নহয়৷ আৰু সেই মৰ্যাদা নোপোৱাৰ ফলশ্ৰুতিতেই তেওঁলোক লাহে লাহে ব্যংগ চৰ্চাৰ পৰা আঁতৰি যোৱা পৰিলক্ষিত হয়৷ অন্যহাতে জ্যোতিদেৱ গোস্বামী, ভৃংগেশ্বৰ শৰ্মা আদি যিসকল ব্যংগ লেখক আছে তেওঁলোকে লেখাসমূহ সাহিত্যৰ মানদণ্ড অটুট ৰাখি ব্যংগ ৰচনা কৰে সেই ক্ষেত্ৰত তেওঁলোক সফল ব্যংগ লেখক বুলিব পাৰি৷

ফ ঢো: – আপুনি সাংবাদিকতা কৰা মানুহ জনে কেতিয়াৰ পৰা ব্যংগ্ লিখা আৰম্ভ কৰিলে?

সৌ যো: মই প্ৰত্যক্ষ সাংবাদিকতা ২০০২ চনমানৰ পৰা আৰম্ভ কৰিছিলো৷ তাৰ আগতে মই ৰাজনৈতিক বিষয়ৰ প্ৰবন্ধ লেখা-মেলা কৰিছিলো৷ মই সাংবাদিকতালৈ অহাৰ আগৰ সময়ছোৱাত ’আজি’ কাকতখনত এটা শিতান আছিল ’হাটে-বাটে’ বুলি৷ মই তেনেকুৱা ধৰণৰ লেখা পঢ়ি ভালপাওঁ; যেনে ধৰক বিকাশ বৰুৱা, ভদ্ৰ বৰা ছাৰৰ তেনেকুৱা লেখা পঢ়িছো লগতে লীলা গোঁহাইদেৱৰ লেখা পঢ়িছো, জ্যোতিদেৱ গোস্বামীৰো পঢ়িছো৷ গতিকে সেই লেখাবোৰে এই ধাৰাটোৰ প্ৰতি মোক অলপ আকৃষ্ট কৰিলে৷ ’হাটে-বাটে’ শিতানটো কেতিয়াবা তৰল হোৱা যেন লাগে, কেতিয়াবা আকৌ খুবেই ভাল লাগে৷ তেতিয়া মই ভাৱিছিলো কিছুমান কথা পাতলকৈ নিলিখি আমি ছিৰিয়াছ কথাৰেও ধেমালি কৰিব পাৰো৷ এদিন মই লেখা এটা দিবলৈ কাগজৰ কাৰ্য্যালয়লৈ যাওঁতে চাব এডিটৰ এজনক ক’লোঁ যে এই ব্যংগ শিতানটো কেতিয়াবা মোৰ বৰ পছন্দৰ নহয় মানে মাজে মাজে বৰ দুৰ্ব্বল লেখা ওলায়৷ তেতিয়াই তেওঁ মোক প্ৰস্তাৱ দিলে যে তুমি লিখাচোন৷ মই আচৰিত হৈ সুধিলো, “কিয়? “

তেওঁ ক’লে, “নহয় ব্যংগ ভাল লিখা মানুহেই নাই৷ গতিকে সেই তুমিয়েই এই চেলেঞ্জটো লোৱা৷ “

মই আৰু বিপদত পৰা নিচিনা হ’লো যদিও চেষ্টা কৰি চাম বুলি কথা দিলো৷ তাৰপিছত তেওঁ ক’লে বোলে মোক দুটা লেখা দিয়া৷ দুদিনৰ পিছত দুটা লেখা লৈ কাকতৰ কাৰ্যালয়লৈ গ’লো৷ লেখা দুটা তেওঁলোকে বহুত ভালপোৱা বুলিয়েই ক’লে৷ তাৰপিছতে লেখাটো ছপাও হ’ল৷ ছপা হোৱাৰ দিনা যেতিয়া গৈছো তেতিয়া তেওঁলোকে ক’লে এতিয়াৰে পৰা এই শিতানটোত তুমিয়েই লিখিব লাগিব৷ তেনেদৰেই মোৰ ব্যংগ লেখকৰ জীৱনৰ আৰম্ভ হ’ল৷

ফ ঢো: – আপোনাৰ প্ৰকাশনগোষ্ঠী আঁক-বাকক বিভিন্নক্ষেত্ৰত আমি বাকীবোৰতকৈ ব্যতিক্ৰমী যেন ভাবো আৰু আমি ভাবো যে অসমীয়া সাহিত্যত অকণমান নতুন ধাৰা এটা আঁকবাকে আনিবলৈ চেষ্টা কৰি আছে৷ গতিকে আপোনাৰ আঁকবাকৰ যাত্ৰাটোৰ বিষয়ে; কেনেকৈ আপুনি আৰম্ভ কৰিলে বা আজিৰ দিনত আঁকবাকক লৈ আপোনাৰ পৰিকল্পনা কি, কি সপোন দেখে সেই বিষয়ে আপোনাৰ পৰা জানিব বিছাৰিম৷

সৌ: যো: মই যিটো সময়ত সাংবাদিকতা কৰি আছিলো, সেইটো সময়ত মই বিশুদ্ধ পঢুৱৈ আছিলো৷ মই বিভিন্ন প্ৰকাশনৰ কিতাপ পঢ়ো, গ্ৰন্থমেলালৈ যাওঁ, কলকাতাৰ পৰা বা দিল্লীৰপৰা যিবোৰ পাব্লিকেচন আহে তেওঁলোকৰ কিতাপবোৰ গৈ চাওঁ৷ কিমান কিনিব পাৰো সেইটো এটা বেলেগ কথা বা তাৰে কিমান বুজি পাওঁ সেইটো এটা বেলেগ কথা, কিন্তু কেনেকুৱা বিষয়ৰ কিতাপ ওলাইছে, এইবোৰ চাওঁ৷ মই তেতিয়া সেইখিনি সময়ত বাংলা অলপ পঢ়া শুনা কৰিলো৷ বাংলা কিতাপবোৰ আনো৷ দেখো তাতে বাংলা কিতাপবোৰ ইমান ধুনীয়া ধুনীয়াকৈ ওলায়৷ দেখিলেই পঢ়িবলৈ মন যোৱা বিধৰ কিতাপ৷ জজ ফিল্ডত বুকফেয়াৰ হৈ থকাৰ সময়ত আমি আনন্দ আদি পাব্লিকেচনৰ কিতাপবোৰ কিনিছিলো৷ সেইবোৰ ইমান ধুনীয়া প্ৰডাকচন!! মানে কোৱালিটি অৱ বুকছ! ! ! ভিতৰৰখিনি বাদেই দিয়ক৷ কিছুমান কিতাপৰ বেটুপাতটো চায়েই কিতাপখন যেন মই লৈ আহিম, পঢ়িম তেনে লাগে৷

        জয় গোস্বামীহঁতৰ কবিতাৰ কিতাপৰ গোটেই কাৰবাৰবিলাক কেনেকুৱা চাবচোন৷ তাৰপিছত বাংলাদেশৰপৰা কিছুমান যে কিতাপ আহে, সেইবিলাক অতি কম খৰচত, দেখাত ভাল লাগে৷ পেপাৰটো যে বিশেষ দামী পেপাৰ দিছে সেইটোও নহয়৷ একদম নৰ্মেল পেপাৰ, কিন্তু তাৰেই গোটেই কিতাপখন ইমান ধুনীয়াকৈ সাজু কৰি তুলিছে৷ দেখি এটা লোভ হয় পঢ়িবলৈ৷ মই এটা কথা ভাবো যে, আমাৰ কিছুমান অসমীয়া কিতাপ আপুনি যেতিয়া পঢ়িব বা কিনিব,  দেখিব “ফীল গুড“ ফেক্টৰটো নাই৷ বহু কিতাপ কিনি আনি দেখিব, বাইণ্ডিং বেয়া, চিলাই সুলকি গ’ল, অমুক হ’ল, তমুক হ’ল, এনেকুৱা ধৰণৰ খেলিমেলিবিলাক আছে৷ তদুপৰি সৰুৰেপৰা মোৰ এটা আগ্ৰহ আছিল সাহিত্য বা বানান এইবোৰ বিষয়ত৷ যেতিয়া পঢ়ি থাকো, দেখো যে এটা পৃষ্ঠাত আপুনি উজুটি খাই খাই পঢ়ি গৈ থাকিব লাগে৷ কিহৰ কাৰণে? বানান বিভ্ৰাট৷ কিছুমান এনেধৰণৰ শব্দ আছে য’ত বানানৰ সামান্যতম সালসলনিয়ে বাক্যটোৰ অৰ্থ পৰ্যন্ত সলনি কৰি দিব পাৰে৷ গতিকে পঢ়ুৱৈৰ বাৰে বাৰে ৰসভংগ হয়৷ দুখেৰে ক’ব লাগিব যে ফণীন্দ্ৰকুমাৰ দেৱচৌধুৰীৰ অনুৰাধাৰ দেশৰ আজিলৈকে ইমানটা সংস্কৰণ হ’ল; এতিয়ালৈকে আপুনি উপন্যাসখন শুদ্ধকৈ পঢ়িবলৈ পোৱাৰ কণ্ডিচন হোৱা নাই৷ এইটো এটা দুৰ্ভাগ্যজনক কথা নহয়নে? যি প্ৰকাশনেই কামটো নকৰক৷ বাকী প্ৰকাশনসমূহৰো অৱস্থা একেই৷ অৱশ্যে পিছত মই যেতিয়া এই ব্যৱসায়লৈ আহিলো; আহি দেখিলো যে এইবিলাকৰ কিছুমান সীমাবদ্ধতা আছে৷ এইবোৰ বাৰু বেলেগ অধ্যায়, মই বেলেগকৈ কম৷

           এইধৰণৰ যেতিয়া মোৰ ভাৱ আহি থাকে যে বাহিৰৰপৰা ওলোৱা কিতাপবোৰ ইমান ভালকৈ ওলায়, আমাৰ অসমীয়াত কিয় সম্ভৱ নহয়? লাহে লাহে মনলৈ যেতিয়া প্ৰশ্নসমূহ আহি থাকিল তেতিয়া মই লাহে লাহে সপোন দেখিবলৈ আৰম্ভ কৰিলো যে মই যদি কেতিয়াবা পাব্লিকেচন এটা কৰো, মোৰ পাব্লিকেচনটো কেনেকুৱা হ’ব৷ কিন্তু মই যেতিয়া সেইখিনি সময়ত সাংবাদিকতা কৰোঁ, মোৰ বাবে তেতিয়া পাব্লিকেচন এটা আৰম্ভ কৰাটো সম্ভৱ নহয়৷ কিন্তু ঘটনাক্ৰমে মই 2006 চনত সাংবাদিকতা বাদ দিলো৷ বাদ দিয়াৰ পিছত মই অলপদিন ব্যৱসায় কৰিছিলো, কিন্তু মোৰ এনেকুৱা লাগি থাকিল যে মই সেইটো লাইনৰ মানুহ নহয়৷ ইফালে পাব্লিকেচনৰ সপোনটো আছেই৷ শেষত মই ঠিক কৰিলো যে মই পাব্লিকেচনেই কৰিম, ব্যৱসায়ো কৰিম৷ আৰু মোৰ সেই পাব্লিকেচনৰ সপোনটো সাৰ্থক কৰা এইটোৱেই সময়৷ তাৰপিছত 2007 চনত মোৰ এখন নিজৰ কিতাপেৰেই আৰম্ভ কৰিছিলো৷ পীকস্কীলখন মই এঠাইত অনুবাদ কৰি আছিলো, সেইখন মই সম্পূৰ্ণ কৰি উলিয়ালো৷

         পীকস্কীলৰ প্ৰথম সংস্কৰণটো চালে আপোনালোকে দেখিব তাত প্ৰত্যেকটো বস্তু খুঁটি নাটি মাৰি চোৱা আছে৷ যেনে বানান তাত বিশেষ একো ভুল নাই৷ আৰু প্ৰথমতেই মই প্ৰকাশনটোৰ ল’গ’টো  কৰাত জোৰ দিছিলো৷ কাৰণ লগ’টো হ’ল আস্থাৰ প্ৰতীক৷ উদাহৰণস্বৰূপে ’পেংগুইন’ বা ’আনন্দ’ ৰ কিতাপবোৰৰ কথা ক’ব পাৰি৷ ভিতৰত কোনে লিখিছে পাঠকে নোচোৱাকৈয়ে যাতে কিতাপখন চকু মুদি লৈ আহে; সিমানখিনি আস্থা যাতে অসমীয়া পাব্লিকেচন এটালৈও পাঠকৰ আহে, মই সেইটো বিচাৰিছিলো৷ কিন্তু অসমীয়া পাব্লিকেচন ইণ্ডাষ্ট্ৰিত ব্ৰেণ্ডৰ কোনো গুৰুত্ব নাই৷ মই কিন্তু প্ৰথমৰপৰাই ল’গ’টো  কৰিব বিচাৰিছিলো৷ মই বিচাৰিছিলো যে পাঠকৰ আস্থা যাতে মই জিনিব পাৰো৷ মানে পাঠকে এইটো ভবাটো বিচাৰিছিলো যে আঁক-বাকৰ পৰা কিতাপখন ওলাইছে, এইখন কিতাপ অন্তত: বেয়া নহয়৷ আৰু এই ল’গ’টোৱে পাঠকৰপৰা সেইখিনি আস্থা অৰ্জন কৰাটো বিচাৰিছিলো৷

         সৰু কথা এটা চাবচোন; গ্ৰন্থমেলাত যেতিয়া কাউণ্টাৰত আপুনি কিতাপ ল’বলৈ লাইন পাতি থাকিব তেতিয়া দেখিব কাউণ্টাৰত ৰিচিপ্ত কাটি থকা মানুহজনে কিতাপখন লুটিয়াই লুটিয়াই দাম বিচাৰি ফুৰিছে৷ কিন্তু পেংগুইনৰ দৰে প্ৰকাশনৰ কিতাপবোৰত দামটো পিছফালে আৰু ভিতৰত উভয়তে লিখা থাকে৷ তাৰমানে তেওঁলোকে কিমান দূৰলৈকে ভাবিছে চিন্তা কৰক৷ গ্ৰাহকে কি অসুবিধাৰ সন্মুখীন হ’ব পাৰে তেওঁলোকে সেইটোলৈকে ভাবিছে৷ কিন্তু আমাৰ অসমীয়া কিতাপৰ কি অৱস্থা! !

       বিক্ৰেতাজনে দামটো ক’ত লিখা আছে বিচাৰি ফুৰিব লাগে৷ মই প্ৰথমখন কিতাপৰপৰাই এইধৰণৰ কথাবোৰৰ প্ৰতি লক্ষ্য ৰাখিছিলো৷ আৰু এটা কথা হ’ল কিতাপৰ মানদণ্ড৷ মোৰ মতে ভাল লেখক, ভাল কিতাপক উৎসাহিত কৰিব লাগে আৰু অসমীয়া সাহিত্যক আগুৱাই লৈ যাব লাগে৷ মই সেইটো সপোন দেখি থাকো৷ কিমানদূৰ সফল হওঁ নাজানো কিন্তু মই এতিয়াও সেইটো সপোন দেখো৷ অসমীয়া সাহিত্যৰ বিষয়ে যে কৈ থকা হয়, পাঠক কমি গৈছে, মৃত্যু হ’ব নেকি… এইবিলাক বহুত দূৰত আছে৷ কিতাপ ইমান সহজে শেষ হৈ নাযায়৷ এটা ভাষা ইমান সহজে ধ্বংস হৈ নাযায়৷

ফ ঢো: – অসমীয়া চেনেল কিছুমানে বা কিছু কিছু নাটকত ব্যংগৰ নামত যি ভেঁকোভাওনা দেখাই, সেইয়া সঁ‌চা ব্যংগৰ অভাৱৰ সূচক নহয় নে?

সৌ: যো: -হিউমাৰ আৰু ছেটেয়াৰ৷ হিউমাৰত সাধাৰণ কমেডী থাকে কিন্তু ছেটেয়াৰত কমেডী নাথাকে৷ ছেটেয়াৰত বুদ্ধিদীপ্ত হাস্যৰস থাকে৷ আমি ইয়াক বাক বৈদগ্ধ বুলি কওঁ৷ ছেটেয়াৰৰ অন্যতম চৰ্তই হ’ল বাক বৈদগ্ধ৷ কিন্তু ছেটেয়াৰৰ প্ৰকৃত প্ৰতিশব্দ ব্যংগ হ’ব নহয়৷ এই ধৰণৰ কিছু খেলিমেলি দেখা যায় এই বিষয়ত৷ এই ধৰক কোনোবাই অলপ হাঁহি উঠা কথা লিখিলে সেইটোক হাস্য-ব্যংগ বুলি কয়৷ কিন্তু সেইটো অলপ অভঁজা হ’ল৷ সি না হিউমাৰত পৰিল না ছেটেয়াৰত৷ গতিকে হাস্য-ব্যংগৰ শিতান বুলিলে হাঁহি উঠিবলৈ ফটুৱা কথাৰ লেখাও গুচি যায়৷ আমাৰ অসমীয়া সাহিত্যত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ বৰুৱাৰ উত্তৰসুৰী সকল যিসকলে ব্যংগ লিখে বা চৰ্চা কৰে তেওঁলোকে এই বিষয়টোক অলপমান ভাগ ভাগ কৰাৰ দৰে হৈ যায়৷ ধৰক লঘু ৰচনা বা ৰসৰচনা, ৰম্যৰচনা আৰু ব্যংগ বুলি যদি আমি ভাগ কৰি লওঁ তেতিয়াহ’লে সুবিধা হয়৷ ব্যংগটো যদিও ছেটেয়াৰৰ প্ৰতিশব্দ নহয় তথাপিও আমি ধৰো কিন্তু ছেটেয়াৰে হাস্য ব্যংগ নহয়৷

         তিলক হাজৰিকা ছাৰে এটা ধাৰণা দিছে যে যিবোৰ কথা ৰমণীয়, ভাললগা অথচ তাৰ মাজেৰে এটা বুদ্ধিদীপ্ত এটা ভাৱৰ প্ৰকাশো হয় সে ধৰণৰ ৰচনাক ৰম্যৰচনা বুলি কোৱা হয়৷ লঘু ৰচনা হ’ল সাধাৰণ মানুহে ভালপাব পৰা কিছুমান কথা যিবোৰ অভিজাত বা সম্ভান্ত শ্ৰেণীৰ মানুহে সৃষ্টি কৰিব নোখোজে৷ যেনে ধৰি লওক এই যে আমাৰ টিভি চিৰিয়েলবিলাকত কাৰোবাৰ মোচকোছাকে অলপ বিকৃত কৰি দিলে, অকণমান মাতটোকে বেয়া কৰি দি, উজনিৰ বা নামনিৰ কথিত ভাষাৰ সংলাপ দি অদ্ভুত ধৰণেৰে মানুহক জোৰকৈ হহুঁৱাব খোজে৷ মোৰ প্ৰথম ব্যংগ কিতাপখনত লিখিছো বহুতসময়ত মানুহক ভাকুটকুটাই দিয়াটোকো তেওঁলোকে চেটেৰিকেল এক্টিভিটি বুলি ক’ব৷ কিন্তু আমি বহু ভাল কথাৰ মাজেৰেও এটা হাস্যৰসৰ সৃষ্টি কৰিব পাৰো, মানুহক আনন্দ দিব পাৰো, মানসিক খোৰাক দিব পাৰো৷ গতিকে মই ভাৱো যে আমাৰ পাঠকসকলে অলপ মন দিলে এই ভাগকেইটা বা তাৰ সীমাবদ্ধতাও ভালদৰে বুজি পাব৷

ফ ঢো: – “ফেচবুকীয়া সাহিত্য” বুলি যে বৰ্তমান বহুল প্ৰচলিত শব্দ এটা আছে, ফেচবুকীয়া সাহিত্যিক বুলি যে মানুহে উপলুঙাৰ চকুৰে চায়, সেই বিষয়ে আপোনাৰ মতামত কি? ফেচবুকৰ সাহিত্যই ভবিষ্যতে অসমীয়া সাহিত্যলৈ কিবা ভাল অৱদান আগবঢ়াব বুলি আপুনি ভাবে নে?

সৌ: যো: – ফেচবুকীয়া সাহিত্য বুলিলে আনে যেনেকৈ কথাটো উৰুৱাই দিয়ে মই তেনেকৈ নাভাৱো৷ এইটো এটা মাধ্যম৷ আগৰ গাঁৱৰ জীৱনটোলৈ যদি চাওঁ তাত যিবিলাক অলপ পঢ়া শুনাৰ লগত জড়িত বা লেখা মেলা কৰিম বুলি ভাৱি থকাসকলে আমি একগোট হৈছিলো৷ আমি তেতিয়া কিবা এটা লেখা ডায়েৰী বা নোটবুকত লিখিছিলো৷ সেই লেখা আমি একগোট হওঁতে বা কেতিয়াবা কোনোবা এজন ঘৰলৈ আহিল৷ চাহ খোৱাৰ সময়ত আমি লেখাটো পাঠ কৰিছিলো, তাৰ ওপৰত আলোচনা কৰিছিলো৷ এইটো আছিলে তেতিয়াৰ ব্যৱস্থা৷ এতিয়া সেই জীৱনটো নাই বা সেই ধৰণৰ সামাজিক জীৱন এটা এতিয়া কটাব পৰা নাই৷

        এতিয়া সময় সলনি হ’ল৷ এতিয়া কি হয়– মোৰ মনলৈ কিবা চিন্তা বা কথা এটা আহিছে তাকে মই ফেচবুকৰ মাধ্যমেদি প্ৰকাশ কৰিছো৷ সেই সময় আৰু এই সময়ৰ মাজত পাৰ্থক্য এয়ে যে তেতিয়া আমি ভাৱ প্ৰকাশ দুজন বা তিনিজনৰ মাজত কৰিছিলো৷ তেতিয়া তাত লাইক বা হাতচাপৰি নাছিল৷ এতিয়া ফেচবুকত অহাৰ লগে লগে লাইক পায় আৰু লগতে তাৰ ৰিজাল্টো পাই যায়৷ কিন্তু সেই সময়ত যদি আপোনাৰ সন্মুখত এজন মানুহো বহি আছিল তেওঁ কিন্তু সঁচা কথাটো কৈছিল বা সমালোচনা কৰিছিল৷ এতিয়া কিন্তু আপোনাক সঁচা কথাটো কোনেও নকয়৷ এতিয়া বহুসময়ত বহুমানুহে নপঢ়াকৈয়েও লাইক এটা দি থয়৷

           ফেচবুকত আপোনাৰ চকুহাল মই দেখি থকা নাই৷ সঁচাই কৈছোনে মিছাই কৈছো বিচাৰ কৰিবলৈ আপুনি মোৰ মুখখন দেখি থকা নাই৷ অথচ এই গোটেইখিনি কথা জনাৰ পিছতো যেতিয়া আমি এহেজাৰ লাইক পাওঁ তেতিয়া আমি ভাৱি লওঁ যে মানুহে মোৰ লেখাটো বহুত ভাল পাইছে৷ ইয়াৰ দ্বাৰা আচলতে এটা বিভ্ৰান্তিকৰ অৱস্থাৰ সৃষ্টি হৈছে৷ ধৰি লওক অতি ভাল লিখা মানুহটোৱে যদি এশ লাইক পাইছে বা বেয়া লিখিও কোনোবাই এহেজাৰ লাইক পাইছে তেওঁ ভাৱি লৈছে যে মই তেওঁতকৈ ভাল লিখো নহ’লে মোক মানুহে এনেই লাইক দিবনে৷ এই ধৰণৰ এটা অৱস্থাই আচলতে লেখকজনক হত্যা কৰিছে৷

          নতুন লেখক সকলৰ ওলাই অহা যিটো ৰাস্তা সেইটো এই চাপোৰ্টাৰ সকলে বন্ধ কৰি পেলাইছে৷ কেতিয়াবা যদি আমি এজন লেখকক কওঁ আপোনাৰ লিখাটো বৰ ভাল পোৱা নাই, লেখকজন সাৱধান হৈ যায় আৰু পৰৱৰ্তী সময়ত আমি তেওঁৰপৰা ভাল লেখা পাম৷ এই কথাটো দেখাত নিগেটিভ যেন লাগিলেও ফলাফল ধনাত্মক হয়৷ আমাৰ সমসাময়িক কিছু লোকে নতুন লিখকক যেতিয়া ক’ব, “ৱাহ তুমি এইটো সাংঘাতিক লিখিছা, মুগ্ধ হ’লো৷ “ তেতিয়া নতুন লিখকজনে ভাবি লয় যে এই মানুহজন মোৰ শুভাকাংক্ষী আৰু তেওঁকহে মোৰ লেখা দেখোৱা উচিত৷

ফ ঢো: – আপুনি নৱ প্ৰজন্মৰ কবিসকলক লৈ এখন কবিতা সংকলন প্ৰকাশ কৰিব বুলি জানিবলৈ পাইছো৷ এই বিষয়ে কিছু জানিবলৈ বিছাৰিছো৷

সৌ যো– আমাৰ এটা গোট আছিল৷ বন্ধু উদিত পাঠক, লাচিত বৰ্মন আদিকে ধৰি এটা কবিতাৰ গোট৷ ইয়াৰে আটাইবোৰ কবিতা লিখা মানুহ৷ একমাত্ৰ মইয়ে আছিলো প্ৰবন্ধ লিখা মানুহ৷ তথাপি মই তেওঁলোকৰ কবিতাৰ আলোচনা অথবা সৃষ্টিৰাজিৰ লগত ওতপ্ৰোত: ভাৱে জড়িত আছিলো৷ কবিতা ভালপাইছিলো৷ এনেদৰে লাগি থাকোতে এটা সময়ত এনেকুৱা হৈছিলগৈ যে যিকোনো কবিতা বিষয়ক কিবা ওলালেই কবিতাৰ ’ৰেফাৰেন্স’ দিব পৰাকৈ কবিতাৰ পংক্তিবোৰ মুখৰ আগত আছিল৷ কিন্তু লাহে লাহে মই উপলদ্ধি কৰিবলৈ ধৰিলো যে কবিতাবোৰত যেন আগৰদৰে সেই প্ৰাণটো নাই৷ হতাশ হ’লো৷ সেয়েহে মই মনতে ভাৱিলো যে মোৰ দৰে হতাশাগ্ৰস্থ লোকক একোটাকৈ কবিতা সংকলন উপহাৰ দিয়া যাওক৷

ফ ঢো: – আপোনাৰ যিখন উপন্যাস, “মধুশালা“ – পঢ়িলে এনে লাগে আপোনাৰ সচৰাচৰ অন্য লেখাবোৰতকৈ যেন কিছু ব্যতিক্ৰম৷ এই উপন্যাসখনৰ পটভূমিটো আপোনাৰ মনলৈ কেনেকৈ আহিছিল?

সৌ যো: – মোৰ সন্মুখত সদায়ে এটা বিষয় থাকে যে আমাৰ লেখকসকলে যেতিয়া লিখি থাকে সাহিত্য সৃষ্টি কৰে, তেতিয়া তাৰে মাজৰ বহুত কম সংখ্যকেহে এনেকৈ ভাবে যে যিটো মই লিখি আছো সেয়া বেলেগ ভাষালৈ অনুদিত হ’লে অন্য ভাষাৰ পাঠকে লেখা খিনিৰ সৈতে একাত্ম হ’ব পাৰিবনে! এই যে অন্য ভাষাৰ বিখ্যাত লেখকসকল যেনে ধৰক মাৰ্কুৱেজ বা পামুকৰ উপন্যাস এখন পঢ়ি যে আমাৰ অসমীয়া পাঠক এজনে নিজকে ক’ৰবাত বিচাৰি পায় ইয়াৰ অন্তৰালৰ কাৰণবোৰ কি? ঠিক তেনেকৈ মেক্সিম গৰ্কীৰ বিখ্যাত উপন্যাস “মা“ বা crime and punishment ৰ দৰে ক্লাছিক লেখাবোৰ পঢ়োতে এনে লাগে যেন প্ৰতিমুহূৰ্ততে আমি নিজকে ক’ৰবাত বিচাৰি পাইছো বা কঢ়িয়াই লৈ ফুৰিছো৷ The old man and the sea এতিয়াও আমি সেই সমান উত্তেজনাৰেই পঢ়োঁ বা আন পাঠকেও পঢ়িয়েই আছে৷ এই যিটো সৰ্বজনীন আকৰ্ষণ বা আবেদন এয়া আমাৰ অসমীয়া লেখকৰ লেখাত খুব কম দেখিবলৈ পোৱা যায়৷ প্ৰায়ে অসমীয়া সাহিত্যৰ বিষয়বস্তুবোৰ এনে হয় যে হয়তো কিতাপখন আমাৰ চুবুৰীয়া ভাষা এটালৈ অনুবাদ হৈ গ’লেও সকলো পাঠক কাহিনীৰ সৈতে একাত্ম হ’ব নোৱাৰিব বা বৰ ভাল নাপাব৷

            তাৰমানে এনে কাহিনীবোৰত বিষয়বস্তুৰ সাৰ্বজনীন আবেদনটো নাথাকে৷ এইখিনিতে ব্যক্তিগতভাৱে এটা কথা কওঁ যে যেতিয়া মই হাইস্কুলত পঢ়ি আছিলোঁ তেতিয়া এই কথাটো বুজি পাইছিলোঁ যে সকলো মানুহৰ এটা লক্ষ্য থকাৰ দৰকাৰ আৰু সেই সময়ত মোৰো এটা লক্ষ্য আছিল যে মই কলেজৰ অধ্যাপক হ’ম৷ কিন্তু সেইখিনি সময়ত মই এই বাস্তৱটোও বুজি উঠিছিলো যে মই সপোন দেখিলেই নহ’ব, কিবা কাৰণত হয়তো মই কলেজৰ অধ্যাপক হোৱাৰ লক্ষ্যটো পূৰ নহ’বও পাৰে আৰু সেইবাবেই মই মোৰ হাতত দ্বিতীয় এটা ‘অপচন’ ৰাখিছিলো যে মই এজন ৰাজনৈতিক ঔপন্যাসিক হ’ম৷ সেই সময়ত মোৰ সেই দুটাই সপোন আছিল৷ কিবা কাৰণত মোৰ কলেজৰ অধ্যাপক হোৱা নহ’লগৈ, গতিকে মোৰ দ্বিতীয়টো সপোন বাকী থাকিল যে মই এজন ভাল ৰাজনৈতিক ঔপন্যাসিক হ’ব লাগে৷ তদুপৰি আপুনি যদি মন কৰে ১৯৯৬ চনৰ পৰা মই যিমানবোৰ লেখা লিখিলো তাৰে অধিকাংশ লেখাৰে কিন্তু সমাজ পটভূমি ৰাজনৈতিক৷ সমাজখন আৰু সমাজত বাস কৰা মানুহখিনি – এই দুয়োটাই মোৰ প্ৰিয় বিষয়৷ তদুপৰি সৰুকালৰ সময়ছোৱাত মই ৰিণি ৰিণি অসম আন্দোলনৰ পৰিস্থিতি দেখিছো, তাৰপাছতে অসমত আলফাৰ উত্থান পতন দেখিছো, আলফা বা এনে ৰাজনৈতিক ইচ্যুবিলাকক লৈ কিমান মানুহ ধনী হৈ গ’ল বা কিমান মানুহ সৰ্বস্বান্ত হৈ গ’ল, কিমান মানুহৰ ঘৰ সংসাৰ ধ্বংস হৈ গ’ল এইবিলাক দেখিছো৷ তাৰমাজতে কিছুমান সুবিধাবাদী দেখিছো, কিছুমান স্বাৰ্থান্ধ মানুহ দেখিছো৷ বিভিন্ন উৎসবোৰ যেনে আলফাৰ টকা হাতত পৰি বহুত মানুহ হঠাৎ ধনী হৈ গৈছে যিসকলৰ হয়তো এতিয়া অসমৰ অৰ্থনীতিত ভাল অৱদান আছে৷ এনেকুৱা ধৰণৰ বিক্ষিপ্ত আৰু বহুত ঘটনা আছে যাৰ জৰিয়তে এটা ক্লাছ হৈছে৷ ঠিক তেনেকৈ যোৱা সময়ছোৱাত চৰকাৰী আঁচনি বিলাকৰ ধন আত্মসাৎ কৰিও বহু মানুহ ধনী হৈছে, বহুতে সাংবাদিকতা কৰিও ধনী হৈছে৷ এনেদৰে যিবিলাক মানুহ হঠাৎ ধনী হৈ গৈছে, একোটা স্বাভাৱিক উৎস বা উপাৰ্জনৰ পথেৰে হোৱা নাই, বিশেষ কিবা “মিৰাকুলাছলি” ধনী হৈছে, এই ক্লাছৰ মানুহবোৰৰ চৰিত্ৰ কিন্তু অলপ বেলেগ বেলেগ৷ এনেধৰণৰ বহু অভিভাৱক আমি দেখা পাওঁ যি হয়তো ইংৰাজীত নিজৰ নামটোৱেই ভালদৰে লিখিব নাজানে, কিন্তু ল’ৰা ছোৱালীক বিৰাট ডাঙৰ স্কুলত পঢ়াইছে, ঘৰত মাম্মী পাপা বুলি মাতিবলৈ শিকাইছে, মুঠতে এইধৰণে এক বেলেগ ধৰণৰ কালচাৰ গঢ় লৈ উঠিছে৷ পূজাৰ সময়ত তেওঁলোকে কিজানি ফাঁচীবজাৰত কাপোৰ নিকিনে, মুম্বাইৰ দৰে ঠাইত গৈ কিনে, আৰু গুৱাহাটীত কিনিবলগা হ’লেও সেয়া হয়তো কোনোবা ফেশ্বন ডিজাইনাৰে তৈয়াৰ কৰি দিয়া হেভী বাজেটৰ কাপোৰ হ’ব৷

       এনেকৈ এনেকুৱা এটা কালচাৰ আৰম্ভ হৈ গ’ল৷ আৰু সাধাৰণভাৱে জীৱন যাপন কৰি থকা মানুহখিনিয়ে যেতিয়া কিছুমান সমস্যাৰ সন্মুখীন হয় আৰু এই সমস্যাসমূহৰ গুৰি ক’ত সেয়া যদি চাবলৈ যায় তেতিয়া হয়তো দেখিব সেই ধনীক শ্ৰেণীটোৰ বাবেই হয়তো এনে হৈছে৷ আজি যদি আপুনি এটা চৰকাৰী চাকৰি কৰি আছে বা কোনো এটা কোম্পানীৰ চাকৰিৰে চলি আছে, তেনেক্ষেত্ৰত আপোনাৰ ভাল দামী গাড়ী এখন যদি নাথাকে তেন্তে সমাজত হয়তো আপোনাৰ এটা বিশেষ মৰ্য্যদা নাপাবও পাৰে৷ ফেমিলী বা ৰিলেটিভৰ কোনো বাৰ্থডে’ পাৰ্টিত ধৰি লওক আপুনি এটা গিফ্ট দিলে, ঘূৰি আহিবৰ সময়ত আপোনাক আকৌ এটা ৰিটাৰ্ণ গিফ্টো দিলে৷ এইধৰণৰ কালচাৰ বোৰ আমাৰ অসমীয়া সমাজত আগতে কেতিয়াও নাছিল৷ এইবিলাক হৈছে একোটা ভুৱা আভিজাত্যৰ প্ৰদৰ্শন৷ এইধৰণৰ সামাজিক ব্যাধিবিলাক লাহে লাহে বিয়পি যাবলৈ ধৰিছে৷ ধৰি লওক আমাৰ সমাজত ১০% ধনীক মানুহ আছে, ৪০% মধ্যবিত্ত আৰু বাকী ৫০% দৰিদ্ৰ শ্ৰেণীৰ কম বেছি পৰিমাণে প্ৰায় সকলোৱেই এনে ব্যাধিত ভুগিছে৷ আপোনাৰ ঘৰত যদি আগতে ১৮ ইঞ্চিৰ টিভি এটা আছিল, এতিয়া আপোনাক হোম থিয়েটাৰ দৰকাৰ হ’ব, ৫৬ ইঞ্চিৰ টিভি লাগিব৷ এইবিলাক ঘটনাৰ বাবে হয়তো আপুনি সাংঘাতিক মানসিক চাপত ভুগিছে বা দুৰ্নীতি কৰিবলগা হৈছে, লাহে লাহে সমাজখন দুৰ্নীতিৰ মুখলৈ গৈ আছে৷ গতিকে সমাজখনত বিয়পি পৰা এই লাইফষ্টাইলে মানুহক ইমান বেয়া ধৰণে আক্ৰান্ত কৰিছে যে তাত কোনো স্পন্দন নাই৷ আগতে হয়তো আপুনি ৬ ৰপৰা ৮ ঘণ্টা কাম কৰিবলগা হৈছিল আৰু এতিয়া আপুনি ১২ ঘণ্টা কাম কৰিব লাগে, কাৰণ আপোনাৰ ঘৰখন ভালদৰে চলাব লাগে৷ ইয়াৰ বাবে আপুনি আপোনাৰ সন্তানক হয়তো ভালদৰে সময় দিব পৰা নাই, বিচৰাধৰণে সম্পৰ্কটো ভালে ৰাখিব পৰা নাই, যাৰ ফলত হয়তো আপোনাৰ ল’ৰাটোৱে যিধৰণৰ এটা সুস্থ জীৱন কটাব লাগিছিল সেয়া সি পোৱা নাই৷ ফলস্বৰূপে হয়তো সি এসময়ত মানুহৰ পৰা বিচ্ছিন্ন হৈ নিজাকৈ এটা বেলেগধৰণৰ লাইফষ্টাইল সৃষ্টি কৰি লৈছে, যি হয়তো কোনোবাখিনিত সমাজৰ ক্ষতি কৰিছে৷ এনেকৈ যদি ব্যাখ্যা কৰি গৈ থকা হয় আমি দেখিম যে সাংঘাতিক ধৰণৰ এখন সমাজত আমি বাস কৰি আছো আৰু ইয়াত সততে দেখা দিয়া প্ৰায়বোৰ সমস্যাই এই ন-ধনীসকলে সৃষ্টি কৰিছে৷

         যিকোনো ধৰণৰ সামাজিক সমস্যাবোৰ যদি আপুনি বিশ্লেষণ কৰি গৈ থাকে, এই ধৰক ল’ৰাটোৱে বাইক নহ’লে কলেজলৈ নাযায়, হঠাৎ গাড়ী এখনত খুন্দিয়াই অঘটন ঘটালে, তাৰপৰা আৰম্ভ কৰি দুৰ্নীতিলৈকে, কাৰোবাৰ পত্নী কাৰোবাক এৰি থৈ গুচি গ’ল অন্য ক’ৰবাত বেলেগ এটা জীৱন কটাই আছে, পতি পত্নীৰ মাজত সম্পৰ্ক ভাল নহয় এইধৰণৰ সামাজিক মানৱীয় সমস্যা প্ৰায়বিলাকৰ উৎস কিন্তু সেই একেই৷ আৰু এই যিবোৰ বিষয় যাৰবাবে সমাজখন আক্ৰান্ত হৈছে, সেই বিষয়সমূহ অতিকে জৰুৰী আৰু এইবিলাক সামৰি লৈ মই এখন উপন্যাস লিখাৰ কথা ভাবিলোঁ৷ কিন্তু  বিষয়টো অতি বিশাল, গতিকে যদিও মই উপন্যাস খনত ঘোষণা কৰা নাই এইটো এটা ছিকুৱেল আৰু “মধুশালা“ এই ছিকুৱেলৰ প্ৰথমখন উপন্যাসহে৷ আপোনালোকে যদি উপন্যাসখন পঢ়িছে তেন্তে দেখিব যে তাত ’নবাব’ বুলি এটা চৰিত্ৰ আছে৷ এই নবাব নো, তাৰ বেকগ্ৰাউণ্ড কি, সিনো কেনেকৈ ইমান পাৱাৰফুল, এইখিনি কথা একেখন উপন্যাসতে সোমোৱাবলৈ আচলতে মোৰ কোনো অৱকাশ নাছিল৷ গতিকে ইয়াৰ পাছৰ উপন্যাসত হয়তো মই এইখিনি কথা উপস্থাপন কৰিবলৈ চেষ্টা কৰিম৷

গতিকে এয়াই হ’ল মোৰ উপন্যাসখনৰ নেপথ্যৰ কথা৷ মোৰ কথা এটাই যে মই সমাজখনক বুজিবলৈ বিচাৰো আৰু তাকেই ভিন্ন ৰূপত লেখনিৰে উপস্থাপন কৰিবলৈ চাওঁ৷

ফ ঢো: – আমাক আপোনাৰ বহুমুলীয়া সময় দিয়াৰ বাবে  বহুত ধন্যবাদ৷ আপোনাৰ এক সুন্দৰ ভৱিষ্যত কামনা কৰিলোঁ৷

সৌ যো: – ধন্যবাদ৷

12 Comments

  • apurba gogoi

    কিছুমান নজনা কথা জানিৱ পাৰিলোঁ৷ ধন্যবাদ

    Reply
  • জানিব বিচাৰি থকা বহু কথা গম পালো সাক্ষাৎকাৰটোৰ পৰা। ধন্যবাদ

    Reply
  • পৰাগ হাজৰিকা

    ভাল লাগিল পঢ়ি

    Reply
  • মৃদুল কুমাৰ সন্দিকৈ

    ভাল পালো। ধন্যবাদ ফটাঢো

    Reply
  • মৃদুল কুমাৰ সন্দিকৈ

    ভাল লাগিল ।

    Reply
  • অভিজিত শ‌ইকীয়া

    সচৰাচৰ সাক্ষাৎকাৰবোৰৰ নিচিনা লগা নাই । কিছুমান কথা বহুত গভীৰ লৈ গৈছে আৰু বৰ close observation প্ৰকাশ পাইছে ।

    Reply
    • অভিজিত শ‌ইকীয়া

      আৰু বহুত স্পষ্টভাবে উত্তৰ দিছে কাৰণে বহু কথা গম পাইছোঁ ।

      Reply
  • ৰিণ্টু

    বহুতো নজনা কথা জানিলো, খুব ভাল লাগিল। টিম ফটাঢোলৰ সম্পাদনা সমিতিলৈ অনুৰোধ, এই শিতানটো যাতে প্ৰত্যেক সংখ্যাতে পঢ়িবলৈ পাওঁ‌

    Reply
  • আলোচনীখনৰ এক বিশেষ আকৰ্ষণীয় শিতান। সৌমিত্ৰ দাৰ বিষয়ে কিছু নতুন কথা জানিলো। ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.