ফটাঢোল

সাধুবাবাৰ ভোগ – মিতালী নাৰায়ণি

মূল প্ৰেমচন্দৰ “বাবাজী কা ভোগ”

অনুবাদ: মিতালী নাৰায়ণি

 

ৰামধন গৰখীয়াৰ দুৱাৰমুখত এজন সাধুবাবা উপস্থিত হৈ ক’লে, “বাচা, তোৰ কল্যাণ হওক! সাধু-সন্যাসীক কিবা অলপ দক্ষিণা দে৷” ৰামধনে গৈ ঘৈণীয়েকক ক’লে, “দুৱাৰমুখত এজন সাধুবাবা ৰৈ আছে, তেওঁক কিবা অলপ দি দে গৈ৷”

ৰামধনৰ ঘৈণীয়েকে বাচন মাজি মাজি “আজিৰ সাজত কি ৰান্ধিব, ঘৰত এটা খুদ-কণো নাই” – সেই চিন্তাতে বিভোৰ হৈ আছিল৷ চ’তৰ মাহ আছিল যদিও ইয়াত দিন-দুপৰতে চৌদিশ অন্ধকাৰময় হৈ গৈছিল৷ হিচাপৰ মূৰত আটাইখিনি উৎপাদন শেষ হৈ থাকিল৷ আধা মহাজনে নিলে আৰু আধা জমিদাৰৰ বহতীয়াই আদায় কৰিলেl তুঁহ বেছিহে কিবাকৈ বেপাৰীৰ ঋণমুক্ত হ’ল৷ মাত্ৰ সামান্য এটা অংশহে সিহঁতৰ হাতলৈ আহিল৷ তাকে চ’ৰি-বানি কোনোমতে একমোনমান কণ ওলাইছিল৷ সেইখিনিৰে কিবাকৈ চ’তৰ মাহটোহে পাৰ হ’ল৷ এতিয়া আগলৈ কি হ’ব, বলধহালে কি খাব, ঘৰৰ প্ৰাণীকেইটাই কি খাব সেয়া ঈশ্বৰেহে জানে৷ কিন্তু দুৱাৰমুখত সাধুবাবাজন আহি উপস্থিত হৈছে, তেওঁকনো কেনেকৈ নিৰাশ কৰি ওভোটাই পঠিয়ায়, নিজৰ মনটোকেনো কেনেকৈ বুজাব!

ঘৈণীয়েকে ক’লে – কিনো দিওঁ, একোৱে নাই দেখোন!

ৰামধন – যাচোন, গৈ টেকেলীকেইটা চা গৈ৷ আটা-চাটা কিবা পালে লৈ আহ৷

ঘৈণীয়েকে ক’লে – টেকেলীকেইটা জাৰি-জোকাৰিয়ে কালি পাগৰ জুইকুৰা ধৰিছিলোঁ৷ এতিয়া তাতনো ক’ৰ পৰা কি থাকিব?

ৰামধন – কিন্তু বাবাক ঘৰত একো নাই বুলিতো মই ক’ব নোৱাৰিম৷ কাৰোবাৰ ঘৰৰ পৰা খুজি আনগৈ৷

ঘৈণীয়েক – যাৰ পৰা আগতে ধাৰলৈ বস্তু খুজি আনিছিলোঁ তেওঁলোকৰ ধাৰ মাৰিব পৰা হোৱাই নাই, এতিয়া আকৌ কোনখন মুখ লৈ খুজিবলৈ যাওঁ?

ৰামধন – ঈশ্বৰৰ বাবে কিবা অলপ আগ কৰি থৈ দিছিলি নহয়, তাকে আন, দি আহোঁগৈ৷

ঘৈণীয়েক – তেন্তে ঈশ্বৰৰ পূজা কিহেৰে কৰিম?

ৰামধন – ঈশ্বৰেতো খুজিবলৈ নাহে৷ কিবা থাকিলে পূজা কৰিবি, একো নাথাকিলে নকৰিবি৷

ঘৈণীয়েক – কিন্তু আগ কৰি থোৱা সামগ্ৰীও অলপহে আছে৷ বেছিতকৈ বেছি আধা সেৰমানহে হ’ব৷ ইয়াৰ পাছত কোনো সাধু-সন্যাসী নাহিব নেকি? তেওঁকোতো তেতিয়া নিৰাশ কৰিব লাগিব!

ৰামধন – অন্ততঃ এতিয়াৰ বিপদটো পাৰ হ’ব, পাছৰটো পাছত দেখা যাব৷

ঘৈণীয়েকে ৰাগে-তাপে উঠিল আৰু এটা অকণমানি হাণ্ডি উলিয়াই আনিলে৷ তাত টানিমানি আধাসেৰমান আটা আছিল৷ সেই ঘেঁহুৰ আটাখিনি খুব যত্ন কৰি ঈশ্বৰ পূজনৰ বাবে ৰখা হৈছিল৷ ৰামধনে কিছুপৰ থিয় হৈ ভাবি থাকিল, তাৰপাছত আটাখিনি এটা বাটিত উলিয়াই বাহিৰলৈ আহিল আৰু সাধুজনৰ মোনাখনত বাকি দিলে৷

সাধুজনে আটাখিনি লৈ ক’লে- বাচা, আজি সাধু ইয়াতে থাকিব৷ সামান্য দাইল দিলে সাধুৰ ভোগৰ যোগাৰখিনি হৈ গ’লহেঁতেন!

ৰামধনে ভিতৰলৈ গৈ ঘৈণীয়েকক ক’লে৷ ভাগ্যে ঘৰত দাইল আছিল৷ ৰামধনে দাইল, নিমখ আৰু চৌকাৰ জুই ধৰিবলৈ গোবৰ-খুঁটি (শুকান গোবৰ) কিছুমান গোটাই দিলে৷ তাৰপাছত কুঁৱাৰ পৰা পানী তুলি দিলে৷ সন্যাসীজনে বৰ যত্নেৰে আটাৰ লাড়ুবোৰ তৈয়াৰ কৰিলে, দাইল ৰান্ধিলে, জোলোঙাৰ পৰা আলু উলিয়াই মছমছীয়াকৈ ভাজিলে৷ যেতিয়া সকলোখিনি সামগ্ৰী তৈয়াৰ হৈ গ’ল তেতিয়া তেওঁ ৰামধনক ক’লে – বোপাই, ঈশ্বৰক ভোগ আগবঢ়াবলৈ অকণমান ঘিঁ লাগিছিল৷ চৌকা-পাগঘৰ পবিত্ৰ নহ’লে ভোগ কেনেকৈ আগবঢ়াওঁ?

ৰামধন – বাবা, ঘৰত ঘিঁ নাই৷

সাধু – বাচা, ঈশ্বৰে দিয়াত তোৰ বহুত আছে৷ এনে কথা নক’বি অন্ততঃ!

ৰামধন – প্ৰভু, মোৰ গাই-ম’হ একো নাই৷

সাধু – মালিকনীক ক’চোন গৈ, যা৷

ৰামধনে গৈ ঘৈণীয়েকক ক’লে – ঘিঁ লাগে হেনো! ক’বলৈ গ’লে ভিক্ষা কিন্তু ঘিঁ অবিহনে সকলো মিছা৷

ঘৈণীয়েক – তেন্তে এইখিনি দাইলৰে অলপমান নি বেপাৰীক দি সলাই তাৰ পৰা ঘিঁ আনি দিয়াগৈ৷ সকলোখিনি কৰিছাই যেতিয়া এইকণৰ বাবেনো তেওঁক কিয় অসন্তোষ দিব লাগে?

ঘিঁ আহিল৷ সাধুবাবাই শালগ্ৰাম উলিয়ালে, টিলিঙা বজালে আৰু ভোগ আগবঢ়াবলৈ বহি ল’লে৷ তেওঁ উদৰ পূৰাই খালে আৰু তাৰপাছত পেটত হাত ফুৰাই ফুৰাই দুৱাৰমুখতে বাগৰ দিলে৷ ৰামধনে কাঁহী, মাটিৰ কেৰাহী, হেতা আদি সামৰি মাঁজিবলৈ ঘৰলৈ তুলি লৈ গ’ল৷ সিদিনা ৰামধনৰ ঘৰৰ চৌকাত ভাতৰ চৰু নুঠিল৷ মাথোঁ দাইল সিজাই পি খালে৷ ৰামধনে বাগৰ দিবলৈ গৈ ভাবিবলৈ ধৰিলে – মোতকৈ দেখোন ইয়াৰে ভাল!

☆★☆★☆

Leave a Reply

Your email address will not be published.