ফটাঢোল

সানমিহলি – সোমকান্ত শইকীয়া

(১) আদম – ঈভৰ জন্ম ৰহস্য :

ভগৱানে বহুত দিন অকলে থাকি থাকি আমনি পাই – বহুত চিন্তা চৰ্চা কৰি ‘আদম’ নামৰ পুৰুষ এজন স্ৰজন কৰিলে।

ভগৱানে কিছুদিন ভালকৈ নিৰীক্ষণ কৰি উপলব্ধি কৰিলে যে, এই এলাইবাদু নিকম্মা ‘আদম’টোক মই মিছাতে স্ৰজিলোঁ; ইয়াৰ দ্বাৰা সৃষ্টি ৰক্ষাতো নপৰিবই, আনকি ই নিজকে নিজে চম্ভালাও মস্কিল হ’ব, কি কৰা যায়!

বহুত যুগ অধ্যয়ন – গৱেষণা কৰাৰ অন্তত মনলৈ এটা আইডিয়া আহিলে ,ইয়াৰ জাৱৰ জোঁ‌থৰেৰে ভৰা মগজুটোত অলপমান ‘সাৰুৱা মাল’ৰ ফচল গজাবলৈ কিয়নো ‘ঈভ’ নামৰ নাৰী চৰিত্ৰ এটাৰ সৃষ্টি নকৰোঁ? লগ এটাও হ’ব ,সৃষ্টিও ৰক্ষা পৰিব!

ভগৱানে ভবা মতেই ঈভৰ সৃষ্টি কৰিলে আৰু প্ৰথম কামৰ দায়িত্ব হিচাপে নিৰ্দেশ দিলে বোলে -তোমাৰ প্ৰথম কাম হিচাপে এই অলগদ্ধ আদমটোৰ মগজুত অলপ সাৰুৱা পদাৰ্থৰ যোগান ধৰি পৃথিবীত জীয়াই থকাৰ উপযোগী কৰি তোলাৰ দায়িত্ব দিলোঁ। সোনকালে মোক তোমাৰ কামৰ অগ্ৰগতিৰ বিষয়ে জনাবা।

ভগৱানে কেইমাহমানৰ পিছত ঈভৰ কামৰ খতিয়ান ল’বলৈ আহি যিখিনি গম পালে -সেইখিনি শুনি ভগৱানৰে মাথা আচন্দ্ৰাই কৰি গ’ল।

৪/৫ মাহেও আদমৰ মগজুৰ বিকাশ হওক চাৰি দিনে দিনে ‘গোৱাৰ গোৱিন্দ’হে হোৱাৰ উপক্ৰম হ’ল।

ভগৱানে লগে লগে সিদ্ধান্ত লৈ পেলালে বোলে -এই কথাই কথা নহয়, এই আদমটোক যদি ভৱিষ্যত মানৱ জাতিৰ আদি পুৰুষ হিচাপে ৰাখোঁ । পৃথিৱীখন মানুহৰ বসতিস্থান নহৈ মহা মূৰ্খৰহে বিচৰণ ভূমি হ’বগৈ, গতিকে এইটোৰ কিবা এটা গতি লগাব লাগিল!

এইবুলি চিন্তা কৰি ভগৱানে ‘ঈভ’ৰ লগত বুদ্ধি বৃত্তিত সমান মৰ্যাদাৰ নতুন এজন ‘আদম’ সৃষ্টি কৰিলে আৰু প্ৰথমে সৃষ্টি কৰা ‘মহা অলগদ্ধ ‘ আদমক শাপ দিলে বোলে -তই কলি কালত অসম নামৰ মুলুকত এটা “অহৈতুকী নাৰী বিদ্বেষী” হিচাপে জন্ম ল’বি গৈ!

তাত গৈ ফেচবুকৰ কোনোবা এটা গোটৰ সদস্য হিচাপে সমস্ত নাৰী জাতিৰ গৰিহণা খাই খাই তোৰ পাপ খণ্ডন হ’ব । তেতিয়া পিছৰ জনমত ‘নাৰী জাতি’ৰ প্ৰিয়ভাজন হৈ দিন কটাব পাৰিবি! এতিয়া মোৰ চকুৰ আগৰ পৰা অতি শীঘ্ৰে আঁতৰি যা,কুলাঙ্গাৰ, দুৰাচাৰ!

ইফালে, নতুন আদমৰ লগত ঈভে সমিলমিলেৰে যুগ যুগ সহবাস কৰি – সংসাৰ ধৰ্ম পালন কৰি আজিকোপতি মানৱ বংশ পৃথিবীত প্ৰৱৰ্তাই ৰাখিছে।

(২) ‘ক্ষ’ৰ মহিমা :

সৰু ল’ৰা ছোৱালীক ঘৰত দেউতাক বিলাকে প্ৰথম প্ৰথম অ -আ,ক -খ লিকিবলৈ শিকোৱাতো যে কিমান যন্ত্ৰণাদায়ক সেইটো ভুক্তভোগীয়েহে জানে। তাতে ল’ৰা আৰু দেউতাক যদি ইটোতকৈ সিটো চৰা হয়, তেতিয়াতো ক’বই নালাগে।

আমি কলেজত পঢ়ি থকা দিনৰ এটি ঘটনা শুনক। সৰু ভাৰাঘৰ এটাত আমি তিনিজন বেলেগ বেলেগ কলেজত পঢ়া আৰু বেলেগ বেলেগ ঠাইৰ পৰা অহা ল’ৰা একেলগে আছিলোঁ। তিনিওটা নিম্ন মধ্যবিত্ত ঘৰৰ পৰা অহা, পঢ়া শুনাৰ বাহিৰে অন্য বিলাসিতা বা চিন্তা কৰিবলৈ আহৰি আৰু সামৰ্থ্য দুয়োটাই নাই। অৱশ্যে মই পুৱাই তিনি কিলোমিটাৰমান দূৰত এটা টিউশ্ব্যন কৰিবলৈ যাব লাগে, যিমান সম্ভৱ সোনকালে শুলে ৰাতিপুৱা সাৰ পাবলৈ সুবিধা হয়। আমাৰ ভাৰাঘৰটো আছিল মালিকৰ ঘৰৰ লগতে লগা।

তেওঁলোকৰ তিনিজনীয়া পৰিয়ালটোৰ বাবে সিমান ডাঙৰ ঘৰৰ প্ৰয়োজন নাই বাবে ঘৰটোৰ এটা অংশ আমাক ভাৰালৈ দিছে।

প্ৰথম বছৰ আমাৰ একো অসুবিধা নোহোৱাকৈয়ে পাৰ হ’ল। দ্বিতীয় বছৰত প্ৰথম ছমাহমান শান্তিৰেই পাৰ হ’ল , বিশেষকৈ মই সময়মতে শোৱা – উঠাত একো ব্যাঘাত জন্মা নাছিল। কিন্তু সেই বছৰটোৰ ছমাহমান যোৱাৰ পিছৰ পৰাই পৰিবেশ লাহে লাহে সলনি হ’বলৈ ধৰিলে,এনেকুৱা অৱস্থা পালেগৈ যে আমি ভাৰাঘৰ সলনি কৰাৰ কথা ভাবিব লগা হ’ল! কিন্তু কিয়?

সেই বছৰ মালিকৰ একমাত্ৰ ল’ৰাটোৰ তিনি বছৰ পূৰা হ’ল ,এতেকে জানুৱাৰী নে ফেব্ৰুৱাৰী মাহতে দেউতাকে নি ওচৰতে থকা অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত নাম লগাই দিলেগৈ। প্ৰথম ছমাহ এনেয়ে অহা যোৱা কৰি থাকিলে কিন্তু গৰম বন্ধৰ পিছৰ পৰা ল’ৰাটোক দেউতাকে ঘৰত অ-আ, ক-খ লিখিবলৈ শিকোৱা আৰম্ভ কৰি দিলে। তেতিয়াৰ পৰাই সদায় সন্ধিয়াৰ পৰা ৰাতি এডোখৰলৈকে বেৰখনৰ সিপাৰে অৰ্থাৎ মালিকৰ ঘৰত চিঞৰ বাখৰ আৰম্ভ হ’ল। দিনে চাৰি পাঁচটামান আখৰ লিখিবলৈ শিকাই চাগৈ।

দেউতাকে চিঞৰে – অঁ হৈছে ওপৰলৈ,এইবাৰ তললৈ, অঁ আৰু অলপ দীঘলকৈ। হ’ব হ’ব অলপ চুটি কৰ , বচ্ বচ্!

এতিয়া ফলিখন মোহাৰ , সিপিঠিত লিখ —

এনেকৈ কেইবা দিনো হুলস্থূলৰ মাজেৰে ৰাতি ১০ / ১২ বজালৈকে আখৰ লিখা শিকোৱাৰ অনুশীলন চলিবলৈ ধৰিলে। তাৰ মাজতে কোনোবা দিনা আকৌ বাপেকে গেমেহ্ গেমেহ্কৈ পিঠিত বাঘ ঢকাও সোধায় । ল’ৰাৰ কাণ তাল মৰা চিঞৰ,হুৰাও-ৰাওকৈ কান্দোন ।মাকে বাপেকক চৌধ পুৰুষ উদ্ধাৰ কৰি পৰা গালি,এই সকলোবোৰ মিলি ভাৰাঘৰৰ শান্ত পৰিবেশ অশান্ত হ’বলৈ ধৰিলে ।

এমাহ মানৰ পিছৰ কথা,আমাৰ লগৰ গোলাঘাটৰ বৰাই কিবা এটা হিচাপ কৰি ক’লে -হেৰা, আজি আমি ইয়াৰ পৰা পলোৱাই মঙ্গল হ’ব।

মই বোলো -কিয়?

-মই হিচাপ কৰি পাইছোঁ, আজি ল’ৰাক ‘ক্ষ’ লিখিবলৈ শিকাব।জানাই নহয় পোন আখৰ শিকাওঁতেই অৱস্থা কাঢ়িল,ক্ষ লিখিবলৈ শিকালে ৰাতিপুৱাবগৈ। ‘ক্ষ’ৰ পাক কেইটা দেখিছাই নহয়!

আমি হাঁহিলোঁ যদিও কথাটো একেবাৰে নুই কৰিবও নোৱাৰিলোঁ। যোৱা দিনবিলাকৰ তুলনাত আজি যে যুদ্ধখন অলপ কঠিন হ’ব গম পাই গ’লোঁ।

(৩) ফা – ই – ল; ফাইলফাইলফাইল:

আমি একেলগে থকা তিনিজনৰে এজন আছিল ‘আই -টি – আই’ৰ ছাত্ৰ। ল’ৰাজন চুটি – চাপৰ কিন্তু বৰ গহীন ,কাহানিও মুখ ফুটাই হঁহা দেখা নাছিলোঁ। এদিন মই ৰাতিপুৱাৰ সলনি সন্ধিয়া টিউশ্ব্যন কৰিবলৈ যাব লগা হ’ল।মই পঢ়ুওৱা ল’ৰাটোৰ বোলে পিছ দিনা পৰীক্ষা আছে,অলপ পঢ়া চাই দিব লাগে। আনজন ল’ৰা নাই,ঘৰলৈ গৈছে।

মই টিউশ্ব্যনৰ পৰা ৭ বজা মানত আহি ঘৰ সোমাবলৈ লৈ বাহিৰৰ পৰা শুনিলোঁ, ভিতৰত কোনোবাই খুক্ খুক্ কৈ হাঁহি আছে -দুৱাৰ খুলি সোমাই গৈ দেখোঁ যে সদায় গহীন হৈ থকা মোৰ সংগীজনেই অকলে অকলে হাঁহি আছে।

-কি হ’ল বৰুৱা, অকলে অকলে হাঁহি আছা যে?

-হাঁহি উঠা কথা এটা হ’ল হে’ আজি আমাৰ ৱৰ্কশ্বপৰ ক্লাচত। আমাৰ মেকানিকেল ৱৰ্কশ্বপৰ আগৰজন ইনষ্ট্ৰাক্টৰ বদলি হ’ল, তেখেতৰ ঠাইত আগতে শিলচৰত কাম কৰা এজন নতুনকৈ আহিছে। তেখেতে অসমীয়া নকয়েই,সব কথা আমাক ইংৰাজীতহে কয়। আজি আমাক জব্ এটা দিলে, ফাইল মাৰিব লাগে। আমাৰ লগৰে এজনে ফাইলডাল লৈ ধুমধাম জোৰে জোৰে ঘঁহাই আছে। তাকে দেখি নতুন চাৰজন আহি তাক বুজাবলৈ ধৰিলে –

-You do not filefilefilefilefile —

-You f-i -l -e; f —i–l—e; f –i—l—e !

আচলতে, তেওঁ ক’ব খুজিছে তুমি ইমান খৰখৰকৈ ফাইল নামাৰিবা,লাহে লাহে মাৰিবা।

(৪) ভগৱান চিন্তা:

এখন নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰাৰ্থনা কৰাৰ পিছত প্ৰধান শিক্ষকে প্ৰাৰ্থনাৰ প্ৰয়োজনীয়তা আৰু উপকাৰিতাৰ বিষয়ে এটা মনঃস্পৰ্শী বক্তব্য আগবঢ়ালে। তেখেতে প্ৰসঙ্গক্ৰমে ক’লে যে সন্ধিয়া ভাত খোৱাৰ আগতে আমি ভগৱানৰ নাম ল’বলৈ কেতিয়াও পাহৰিব নালাগে। ভগৱানৰ নাম ল’লে পৰিয়ালত সুখ-শান্তি বিৰাজ কৰে।

কাৰ কাৰ ঘৰত ভগৱানৰ নাম লোৱা হয় প্ৰমাণ চাবলৈ তেখেতে এজন ল’ৰাক সুধিলে,-মণ্টু, তোমালোকৰ মা দেউতাৰে খোৱাৰ আগতে ভগৱানৰ নাম লয় নে?

সি থিয় হৈ ঘপ্ কৈ উত্তৰ দিলে, -লয় চাৰ, কালি খোৱাৰ সময়ত দেউতাই লৈছিল।

শিক্ষক -বঢ়িয়া কথা; কি বুলি লৈছিল ভগৱানৰ নাম?

মণ্টু -হে ভগৱান, আজিও জাতিলাও!

☆★☆★☆

5 Comments

  • You do not filefilefilefilefile —

    -You f-i -l -e; f —i–l—e; f –i—l—e
    ধুনীয়া !
    আটাইকেইটাই উত্তম হৈছে ।
    ইটোতকৈ সিটো চৰা ।

    Reply
  • কমলা দাস

    আটাইকেইটা ভাল হৈছে

    Reply
  • হেমন্ত কাকতি

    তামাম লাগিল দাদা!

    ১ নম্বৰটো কোন বাৰু?

    Reply
  • সৌৰভ শৰ্মা

    মজা লাগিল।😀😀😀😜😜😜👍🏾👍🏾👍🏾👍🏾👌🏾👌🏾👌🏾👌🏾👌🏾👌🏾

    Reply
  • সদানন্দ ভূঞা

    সুন্দৰ, আটাইকেইটা ভাল হৈছে । বঢ়িয়া লাগিল ।

    Reply

Leave a Reply

Your email address will not be published.