ফটাঢোল

সাম্প্ৰতিক অসম আৰু কিছু প্ৰাসংগিক(?) চিন্তা– নাজিফ হাজৰিকা

যিকোনো এটা জাতিয়ে পৃথিৱীত নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ হ’লে প্ৰাকৃতিক দুৰ্যোগ, ৰাজনৈতিক, আৰ্থ-সামাজিক আদি বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লাগিবই। অসমীয়া জাতিয়েও সেই তাহানিৰ মহীৰঙ্গ দানৱ, ৰত্নপীঠ, কামপীঠৰ দিনৰ পৰাই যথেষ্ট ধৈৰ্য্য আৰু সহিষ্ণুতাৰে এনেকুৱা সমস্যাৰ মোকাবিলা কৰি আহিছে আৰু আগলৈও কৰি থাকিব। কিন্তু সমস্যাবোৰ যেতিয়া উদ্দেশ্য প্ৰণোদিত, মানৱসৃষ্ট আৰু জাতীয় অভিমানত আঘাত কৰা ধৰণৰ হয়, তেতিয়া ধৈৰ্য্য আৰু সহিষ্ণুতাৰ বান্ধ ছিঙি যায়।

আজি কিছুদিনৰ পৰা অসমীয়াৰ জাতীয় স্বাভিমানক বাৰে বাৰে আঘাত কৰা সমস্যাবোৰৰ কোব বাঢ়িছেহে। হিমা দাস, ৰীমা দাসৰ ভাল খবৰবোৰে কিছু সময়লৈ মনটো ভাল লগালেও কিন্তু পিছমুহূৰ্তত জাতীয় স্বাভিমানক আঘাত কৰা খবৰ কিছুমান আহি যায়।

পিছে সমস্যা-সমস্যা বুলি মূৰে কপালে হাত দি থাকিলে জানো হ’ব? সমস্যা থাকিলে সমাধান থাকিবই লাগিব।

সমাধানবোৰনো ক’ত? কৰিব পৰা সাধাৰণ কামবোৰ নো কি?

প্ৰথম কথাটো হৈছে দৃঢ়ভাবে অসমীয়াৰ সংজ্ঞা নিৰূপণ। স্পষ্ট আৰু দৃঢ় সংজ্ঞা নিৰূপণ কৰিব নোৱাৰিলে আমাৰ নিজৰ মাজতে বিভ্ৰান্তিৰ সৃষ্টি হৈয়েই থাকিব। স্পষ্ট আৰু দৃঢ় সংজ্ঞাইহে জাতীয় ঐক্য বজাই ৰখাত সহায় কৰে।

পুলক বেনাৰ্জী, ৰবীন দে (ৰংমন) হাড়ে-হিমজুৱে অসমীয়া বুলি কোৱাৰ লগে লগে অসমত থকা সকলো বেনাৰ্জী, চেটাৰ্জী, সাহা, বিশ্বাস অসমীয়া হৈ নাযায়।

ঠিক তেনেদৰে জ্যোতিপ্ৰসাদ আগৰৱালা হাড়ে-হিমজুৱে অসমীয়া বুলি কোৱাৰ লগে লগে অসমত থকা সকলো আগৰৱালা, জৈন, ভোৰামল অসমীয়া হৈ নাযায়।

এতিয়া কথাটো হ’ল বাছি বাছি কিছুমান মানুহ অসমীয়া আৰু কিছুমান মানুহ অসমীয়া নহয় বুলি ক’বলৈ আমি কোন? কোনে অধিকাৰ দিলে আমাক?

হয়, আমিও চিধা-চিধি কৈ দিব নোৱাৰো আৰু আপুনিও চিধা-চিধি কৈ দিব নোৱাৰে অসমীয়া কোন হয় বা নহয় । সেই কাৰণেই অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰাটো আটাইতকৈ জৰুৰী। যেতিয়াই সৰ্বজনস্বীকৃত সংজ্ঞা নিৰূপণ হ’ব, তেতিয়াই সেই সংজ্ঞাৰ আওঁতাত প্ৰকৃত অসমীয়াসকল সোমাই পৰিব। সংজ্ঞাৰ আওঁতাত সোমাই পৰা সকলো মানুহ একগোট হৈ পৰিব নিজে নিজে। আৰু ইয়েই হৈ পৰিব বৈষম্যবিহীন প্ৰকৃত জাতীয় শক্তি।

মোৰ অপৰিপক্ক মগজুৱে অসমীয়াৰ সংজ্ঞা নিৰূপণৰ ক্ষেত্ৰত ভাষাটোকে অগ্ৰাধিকাৰ দিয়ে। তাহানিৰ বৰ অসমত সৃষ্টি হোৱা ভাষাসমূহক (অসমীয়া, মিছিং, কাৰ্বি, বড়ো…… ইত্যাদিবোৰ) যিয়ে মাতৃভাষা হিচাপে মান্যতা দি বৰ্তমানৰ অসমত বাস কৰি আছে, সিয়েই অসমীয়া। এয়া মোৰ অপৰিপক্ক মগজুৰ চিন্তা! বিশ্লেষণ কিম্বা শুধৰণিৰ দায়িত্ব পাঠকৰ, অৰ্থাৎ আপোনাৰ।

সমাধানৰ দ্বিতীয়টো পথ হৈছে সংবাদ মাধ্যমে গ্ৰহণ কৰিব লগীয়া কিছুমান উমৈহতীয়া সিদ্ধান্ত। সংবাদ মাধ্যমৰ জৰিয়তেই যিহেতু ঢৌবোৰ বিয়পি পৰে!

বৰ্তমান অসমত ইলেক্ট্ৰনিক মিডিয়াৰ দপদপনি চলি আছে। লাহে লাহে অসমৰ মানুহেও বুজি পোৱা হৈ গৈছে যে কোনটো নিউজ চেনেল কেনেকুৱা। নিউজ চেনেল বা বাতৰিকাকতসমূহত ৰাজনৈতিক হস্তক্ষেপ আছেনে নাই সেইটো আপুনিও জানে, ময়ো জানো।

এতিয়া কথাটো হ’ল ডিঙিৰ সিৰ ফুলাই ফুলাই বাতৰি পৰিবেশন কৰা, অথবা ঠিকছে মছলা মাৰি আমাৰ আগত বাতৰি প্ৰকাশ কৰাৰ বাবে আমি নিউজ চেনেলবোৰক গালি পাৰি থাকিম নে? আমিও ঠিকছে গালি পাৰি থাকিলেই কথাবোৰ ঠিক হৈ যাবনে?

গতিকে এতিয়া আমি কি কৰিম? কৰিবলগীয়া কামটো হৈছে নাগৰিক মঞ্চ, সাংবাদিক সন্থা তথা ৰাজ্যখনৰ জাতীয় অনুষ্ঠান কিছুমান লগ হৈ কিছুমান উমৈহতীয়া সিদ্ধান্ত লোৱা যাওঁক।

যেনে : ১) স্পৰ্শকাতৰ বিষয়সমূহ (বিশেষকৈ জাতি, ধৰ্ম, ভাষা আদি)ৰ ওপৰত বাতৰি পৰিবেশন কৰোঁতে অতিৰঞ্জিত কৰাৰ পৰা বিৰত থকা আৰু অযথা ডিঙিৰ সিৰ ফুলাই ফুলাই কথা কোৱাৰ পৰা বিৰত থকা।

২) উদ্দেশ্যপ্ৰণোদিত ভাবে গোষ্ঠীগত সংঘৰ্ষ লগাব পৰা যিকোনো খবৰ অতিৰঞ্জিত নকৰাকৈ পৰিবেশন কৰা।

৩) অযথা চুপতি মৰা খবৰ বৰ বেছিকৈ প্ৰকাশ কৰাৰ পৰা বিৰত থকা। এটা ৰাজনৈতিক দলৰ নেতাই কাটমাৰি বা টেঙা দি আন এটা ৰাজনৈতিক নেতাক কিবা এষাৰ ক’লে, তাৰ পিছত সিজনাইও কাট মাৰি ইজনলৈ কিবা এষাৰ এৰিলে, এতিয়া আকৌ সিজনাই ………

এইবোৰ চুপতি দেখুৱাই দেখুৱাই দৰ্শকৰ মগজু বিভ্ৰান্ত কৰাৰ যুক্তি নাই। জাতিটোৰো বিশেষ লাভালাভ নহয়।

……

এইধৰণৰ কিছুমান উমৈহতীয়া সিদ্ধান্ত লোৱা যাওক। নিউজ চেনেলবোৰেও এনেকুৱা সিদ্ধান্তৰ আওঁতাত সোমাই থাকক। বাকী, মাৰ্কেটিং স্কিল আছে যেতিয়া পইচা এনেও ঘটিব তেনেও ঘটিব। এনেকুৱা কিছুমান সিদ্ধান্ত মানি চলিলে ব্যৱসায়িক লোকচান হ’ব বুলি মনে নকয়। জাতি এটা সুসংগবদ্ধ কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ সাংঘাতিক শক্তি আছে।

সমাধানৰ তৃতীয় পথ হৈছে অসম সাহিত্য সভাৰ গাম্ভীৰ্যতা ঘূৰাই অনা। জাতিগঠন প্ৰক্ৰিয়াত এখন শতবৰ্ষ গৰকা সাহিত্য সভাৰ যথেষ্ট শক্তিশালী ভূমিকা থাকিব লাগে। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে আমি ৮০/৯০ দশকৰ পিছত জন্ম লোৱাবোৰে সেইখিনি শক্তি কেনেকুৱানো গমেই পোৱা নাই। ৮০/৯০ দশকৰ আগত জন্ম লোৱাসকলে সাহিত্য সভাৰ গাম্ভীৰ্যতা আৰু দায়বদ্ধতা নিশ্চয় দেখিছে।

বৰ্তমান অসম সাহিত্য সভাৰ কাম-কাজবোৰ কিবা চেঙেলীয়া ল’ৰাৰ নিচিনাই হৈছে, ফলত ৰাইজৰ আস্থাও লাহে লাহে হেৰুৱাইছে। R15 বাইক এখনলৈ চেঙেলীয়া ল’ৰা এটাই ছয়মাইল, উলুবাৰী, খ্ৰীষ্টানবস্তি ঘূৰি ফুৰাৰ দৰেই হৈছে কামবোৰ। কোনো যেন উদ্দেশ্য নাই!

লণ্ডনৰ ইউনিক’ড ব্যুৰ’ত গৈ মুখ-ঠেকেছা খালে, ৰাইজে লাজ পালে। পাবত গজা দল-সংগঠন কিছুমানৰ লগত একেখন মঞ্চত বহি লেকচাৰ দিলে, ৰাইজে আকৌ বেয়া পালে। অলপ বেছি উগ্ৰ লেভেল দেখুৱাবলৈ গৈ ইংৰাজী নাম-ফলকত ক’লা ৰং সানিলে, ৰাইজে আচৰিত মানিলে! “সাহিত্যিক সকলো এনেকুৱা জেংগ’নে?”

এতিয়া আমাক সমাধান লাগে। কাৰণ জাতিৰ এই সংকটৰ সময়ত সাহিত্য সভাৰ বলিষ্ঠ পদক্ষপৰ প্ৰয়োজন আছে। একদম চিধা-চিধি সমাধান হৈছে পৰিচালনা সমিতিৰ পৰিৱৰ্তন। কোনেও মুখ-খুলি নক’লেও বৰ্তমানৰ সভাপতিজনক লৈ যে বহুত মানুহ নাৰাজ হৈ আছে সেইটো আমি জানো। “মই পৰিচালনা সমিতিত থাকিমেই, থাকিমেই, থাকিমেই! কোনে কি ডাল কৰিবি?” জাতীয় মনোভাৱটো আমাৰ জাতিৰ বাবেই বিপদজনক।

সমাধানৰ চতুৰ্থ পথ হৈছে অসমত ভূমিৰ অধিকাৰ/ ইনাৰ লাইন পাৰ্মিতৰ প্ৰচলন। অসমীয়াৰ সংজ্ঞা নিৰূপণৰ পিছতেই কৰিবলগীয়া কামটো হৈছে ইনাৰ লাইন পাৰ্মিত আৰু ভূমিৰ অধিকাৰ (বেচা-কিনা)। আমাৰ দাঁতিকাষৰীয়া ৰাজ্য নাগালেণ্ড, অৰুণাচল আদিত এই ব্যৱস্থাৰ প্ৰচলন আছে। গতিকে তেওঁলোকে ইমান বেছি আন্দোলন, ধৰ্ণা, বিক্ষোভ কৰিব লগা নহয়। আমাৰ তুলনাত তেওঁলোক প্ৰায় বিন্দাচ থাকে। কাৰণ তেওঁলোকৰ হাতত ভূমিৰ অধিকাৰ/ইনাৰ লাইন পাৰ্মিত আছে। গতিকে সোনকালেই সংজ্ঞা নিৰূপণ হওঁক আৰু তাৰ পিছতেই আমি এই অধিকাৰৰ বাবে দাবী কৰোঁ আহক।

সমাধানৰ পঞ্চম পথটো হৈছে মানৱ সম্পদৰ বিকাশ। এইটোৱেই একমাত্ৰ পথ যিটো আটাইতকৈ সহজ, আপুনি-মই নিজেই কৰিব পাৰোঁ। আপুনি-মই আমি সকলোৱেই একো একোটা মানৱ সম্পদ। কিন্তু কথাটো উপলব্ধি নকৰাকৈয়ে আমাৰ মাজৰ বহুতো মানুহ এই পৃথিৱীৰ পৰা এদিন যাবগৈ। নিজকে উৎকৃষ্ট মানৱ সম্পদ হিচাপে গঢ়ি তোলাটোৱেই হৈছে অসমীয়া জাতিটোৰ প্ৰতি কৰিব পৰা আটাইতকৈ সহজ কাম। মানৱ সম্পদ বুলি ক’লে কেইবাটাও দিশ আহি পৰে যদিও শাৰীৰিক আৰু মানসিক দিশ দুটাৰ গুৰুত্ত্ব আটাইতকৈ বেছি।

স্মাৰ্টফোনত অথবা কম্পিউটাৰ স্ক্ৰীণত চাৰ্চ কৰি ‘ফটাঢোল’ নামৰ আলোচনীখন উলিয়াই যদি আপুনি এই লিখনি পঢ়ি আছে, তেন্তে আপুনি নিশ্চয় মানসিক দিশত এজন স্মাৰ্ট ব্যক্তিয়েই। কিন্তু মানৱ সম্পদ হিচাপে আপোনাৰ শাৰীৰিক দিশটো ঠিকে আছেনে? পেটটো বেছি ওলাইছে নেকি? আপোনাৰ গাত অতিৰিক্ত চৰ্বি জমা হৈছে নেকি? আপোনাৰ ওজন জোখতকৈ বেছি অথবা জোখতকৈ কম নেকি? নিতৌ আপুনি শাৰীৰিক পৰিশ্ৰম কৰেনে?

এই গোটেই কথাবোৰ চিন্তা কৰি নিজকে প্ৰশ্ন কৰক যে আপোনাৰ শৰীৰটো মানৱ সম্পদ হিচাপে জাতিটোৰ বাবে সম্পদ নে আপদ? মনত ৰাখিব, মানৱ সম্পদ মানে জাতিটোৰ সম্পদ। মানৱ সম্পদৰ মান যিমানেই উন্নত হয়, সিমানেই এটা জাতিৰ আন্তঃগাঁথনি মজবুত হৈ পৰে। ‘জনস্বাস্থ্য’ দিশটো আওকাণ কৰি কোনো জাতিয়ে আগুৱাই যাব নোৱাৰে।

☆★☆★☆

2 Comments

  • হেমন্ত কাকতি

    ভাল লাগিল হাজৰিকা৷ পিচে অসমীয়াৰ সজ্ঞা নিৰূপন পদ্ধতিটো ইমান সহজ নহয়৷ ভাষাৰ ভিত্তিত যে আৰু নহয়৷ তাহানি যুগৰ পৰাই অসমত জনজাতীয় ভাষাৰ লগতে বড়ো, কাৰ্বি, নেপালী, হিন্দি, ভোজপুৰী আৰু বঙালি, চিলেটি, মৈমনসিঙিয়া, গোৱালপেৰীয়া আদি ভাষা কোৱা লোকৰ সংখ্যা বহুত আছে৷ সমস্যা হ’ল অবৈধ বুলি ভবা সকলেেও এই ভাষাই কয়৷

    গতিকে নাগৰিকত্ব থকা অসমত বসবাস কৰা সকলোকে অসমীয়া বুলি গ্ৰহন কৰি লোৱাত বাদে কোনো গত্যান্তৰ নাই৷ অসমীয়াক বিশেষ সাংবিধানিক ৰক্ষা কবচ দিয়া কথাটোতো প্ৰশ্ন চিহ্ন উঠিব পাৰে৷

    শুদ্ধ চিত্তে ভাবিলে অৰ্থনৈতিক ভাবে দুৰ্বল পিচপৰি থকা সকলত বাদে কাকোৱে কোনো জাতি, ধৰ্ম বা ভাষাৰ আধাৰত বিশেষ সুবিধা দিয়া উচিত নহয়৷ এজন সাধাৰণ ভাৰতীয় নাগৰিকৰ সংবিধানে যি অধিকাৰ দিছে সেয়া সকলোৰে বাবে সমানে প্ৰযোজ্য হব লাগে৷

    এয়া মোৰ ব্যক্তিগত চিন্তাহে৷

    লেখাটিৰ বাবে ধন্যবাদ৷ লিখি থাকিব৷

    Reply
  • নাজিফ হাজৰিকা

    মন্তব্যৰ বাবে ধন্যবাদ কাকতি দা ।
    স্বাধীনতাৰ ৭০ বছৰৰ পিছত আচলতে জাতি , ধৰ্ম চাই বিশেষ সুবিধা প্ৰদান কৰা ব্যৱস্থাটো প্ৰয়োজন নাই বুলিয়েই ভাবোঁ ।
    অৰ্থনৈতিক অৱস্থা চাই সুবিধা দিয়াটো বাৰু বেলেগ কথা !

    Reply

Leave a Reply

Your email address will not be published.