ফটাঢোল

সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহা – অসমী গগৈ

প্ৰজন্ম! শব্দটোৰ মাজত যেন নিহিত আছে অসীম শক্তি, বিপুল সম্ভাৱনা। তাৰ লগতে নতুন শব্দটো যোগ হৈ মানুহৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। সকলোৱে আশা কৰে অগতানুগতিক অভূতপূৰ্ব কিবা এটাৰ সন্ধান যেন নতুন প্ৰজন্মই দি যাব। কিন্তু বৰ্তমান কাৰ্যক্ষেত্ৰত নতুন প্ৰজন্মই সকলোকে হতাশহে কৰিছে। আঙলিৰ মুৰত লেখিব পৰা দুই এজনৰ বাহিৰে সামগ্ৰিকভাৱে চাবলৈ গ’লে নতুন প্ৰজন্মই সকলো ক্ষেত্ৰতে অনীহা দেখুওৱাহে পৰিলক্ষিত হৈছে। সৃষ্টিশীল বা উৎকৰ্ষশীল কোনো দিশৰ প্ৰতি যেন তেওঁলোকৰ আগ্ৰহ নাই। এনে বিলাক কথাৰ উদাহৰণেৰে কাগজৰ পৃষ্ঠা ভৰাই পেলাব পাৰি, কিন্তু ইয়াত উদাহৰণ দাঙি ধৰাৰ প্ৰয়োজন অনুভৱ কৰা নাই। আমাৰ আলোচনাত আজি বিশেষভাৱে নতুন প্ৰজন্মই সাহিত্যৰ প্ৰতি দেখুওৱা অনীহাক হে সামৰিবলৈ লোৱা হৈছে।

দেখা গৈছে আমাৰ সমাজৰ নতুন প্ৰজন্মই অন্যান্য দিশতকৈ সাহিত্যক অতি বেচি অৱহেলা কৰিবলৈ লৈছে। তেওঁলোকৰ কোনো কোনোৰ মতে সাহিত্য মানে এলাৰ্জি। কিন্তু কিয় তেওঁলোকে সাহিত্যৰ প্ৰতি উদাসীন মনোভাৱ পোষণ কৰে সেয়া বিচাৰ্যৰ কথা। আমাৰ আলোচনাৰ কালছোৱাত নতুন প্ৰজন্মৰ কেইবাজনো প্ৰতিনিধিৰ সৈতে মিলিত হোৱাত কেইবাটাও কাৰণ প্ৰতীয়মান হৈছিল।ইলেকট্ৰনিক মাধ্যমৰ দ্ৰুত প্ৰসাৰৰ ফলত নতুন প্ৰজন্ম অতি বেচিকৈ মবাইল ফোন, ফেচবুক, হোৱাটছএপ, টুইটাৰ আদিত ব্যস্ত থাকিবলৈ লৈছে। হাতৰ মুঠিতে পৃথিৱীখন আৱদ্ধ কৰি ৰাখিব পৰা সুবিধা পোৱাৰ পাছত তেওঁলোকে বেলেগ একো ভাবিবলৈ আহৰি নাপায়। ফলত সাহিত্য দূৰতে বিদুৰ।

 দ্বিতীয় কথা পৰিবেশ আৰু পৰিস্হিতি: লেখক সাহিত্যক সকলে তেওঁলোকৰ সাহিত্য চৰ্চাৰ অব্যাহত ৰাখিবৰ বাবে এটা সুস্হ আৰু শান্ত পৰিবেশ বিচাৰে, যিটোৰ এতিয়া অতিকে অভাৱ। নিজকে সৃষ্টিশীল কামৰ প্ৰতি মানসিকভাৱে প্ৰস্তুত কৰি তোলাৰ পথত আজি অহৰহ বাধা। যি খন দেশত আজি মানুহৰ জীৱনৰ নিশ্চয়তা নাই, সেইখন দেশত নতুন ধাৰাৰ মনোগ্ৰাহী সাহিত্য আজি সুদূৰ পৰাহত। তথাপিও এনে প্ৰতিকুল পৰিস্হিতিৰ মাজত যি সকলে সাহিত্য চৰ্চা অব্যাহত ৰাখিছে, তেওঁলোকৰ ৰচনাক প্ৰভাৱান্বিত কৰিছে বৰ্তমানৰ পৰিবেশ আৰু পৰিস্হিতিয়ে। এতিয়া গল্প,কবিতা উপন্যাসৰৰ বিষয়বস্তু বিপ্লৱ, হত্যা, সন্ত্ৰাস, ধৰ্ষণ, বোমা, বাৰুদ, আতংক, উৰাবাতৰি আদি। যিবিলাকে ইতিমধ্যেই জনজীৱন অতিষ্ঠ কৰি ৰাখিছে। গতিকে নতুন প্ৰজন্মৰ অভিযোগ বৰ্তমানৰ সাহিত্য গতানুগতিক, নতুনত্বহীন। চচিয়েল নেটৱৰ্কিঙ চাইট বা ফেচবুকত হোৱা সাহিত্যচৰ্চাও দুই এক বাদে সকলোবোৰ নিম্ন মানৰ। নতুন কিবা এটা বিচাৰে নতুন প্ৰজন্মই। যুগৰ পৰিবৰ্তনৰ লগে লগে নতুন প্ৰজন্মৰ ৰুচি আৰু মানসিকতাৰো সলনি হৈছে। গতিকে তেওঁলোকৰ ৰুচিৰ সৈতে খাপ খোৱা সাহিত্য যদি সৃষ্টি কৰিব পৰা যায়, তেন্তে সাহিত্যৰ প্ৰতি থকা অনীহা দূৰ হ’ব বুলি আশা কৰিব পাৰি।

তৃতীয়তে আনৰ পৰা ৰুচিশীল সাহিত্যৰ স্বাদ আশা কৰাৰ লগতে দুই একে নিজেও সাহিত্য চৰ্চাত মনোনিবেশ কৰা দেখা গৈছে। কিন্তু যিমান উৎসাহেৰে তেওঁলোকে কিবা এটা লিখি কোনো এখন কাকত বা আলোচনী বা ফেচবুকৰ কোনো এটা গোটলৈ পঠায় , বিপৰীতে আশানুৰূপ সহাঁৰি নাপায়। মাহৰ পাছত মাহ অপেক্ষা কৰিও যেতিয়া নিজৰ লেখাটো ছপা ৰূপত দেখা নাপায়, তেতিয়া অন্তহীন হতাশাই বেঢ়ি ধৰে। দেখা যায় আমাৰ দেশৰ ভালেসংখ্যক কাকত আলোচনীত কেৱল প্ৰতিষ্ঠিতসকলৰ লেখাইহে স্হান পায়। হয়তো এনে এক বদ্ধমূল ধাৰণা আছে যে প্ৰতিষ্ঠিতসকলৰ লেখাইহে কাকত বা আলোচনীখনৰ সৌষ্ঠৱ আৰু গাম্ভীৰ্য বৃদ্ধি কৰিব।কিন্তু এই ধাৰণাৰ বিপৰীতে তেওঁলোকে যে এচাম পাঠক পাঠিকা হেৰুৱাইছে, সেয়া তেওঁলোকে অনুভৱ নকৰে। নতুন প্ৰজন্মই বিচাৰে যি বিলাক উৎকৃষ্ট লেখা সেইবিলাকে স্বীকৃতি লাভ কৰক। স্বীকৃতি অবিহনে কোনো শিল্পী সাহিত্যিকেই তেওঁৰ কৰ্মৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিব নোৱাৰে। নতুন প্ৰজন্মৰ মাজত থকা প্ৰবল সম্ভাৱনা বা দক্ষতাক বিচাৰি উলিয়াই স্বীকৃতি প্ৰদান কৰি উৎসাহিত কৰিব পৰাটোহে আজি আটাইতকৈ প্ৰয়োজনীয় কথা হৈ পৰিছে।আপাত: দৃষ্টিত চতুৰ্থ কাৰণটো বৰ স্হূ ল যেন লাগিলেও আমাৰ মতে ইয়াৰো যুক্তি নোহোৱা নহয়। ই হ’ল পাৰিশ্ৰমিক। প্ৰতিজন মানুহেই তেওঁৰ শ্ৰমৰ মূল্য বিচাৰে। শ্ৰম অনুযায়ী এই মূল্য অতি কম হ’লেও আটায়ে দিয়াটো বিচাৰে। আমাৰ সমাজত এনেকুৱা বহত লোকৰ উদাহৰণ আছে যি তেওঁলোকৰ কলমৰ পৰা নিগৰা সাহিত্য বা শব্দক ভিত্তি কৰিয়েই জীৱন নিৰ্বাহ কৰে। জীৱনত কেনিও একো এটা সুবিধা কৰিব নোৱাৰি কলম হাতত তুলি লোৱা বহুকেইজনৰ সৈতে আমাৰ চিনাকি আছে। গতিকেই প্ৰকাশ হোৱা উৎকৃষ্ট লেখাৰ বাবদ পাৰিশ্ৰমিক দিয়াটো অতি প্ৰয়োজনীয় কথা।নতুন প্ৰজন্মৰ সাহিত্যৰ প্ৰতি অনীহা সম্পৰ্কত আজিৰ পৰা ভালে কেইবছৰ আগতেই শিৱসাগৰ গ্ৰন্হমেলাৰ এক অন্তৰংগ অনুষ্ঠানত সুগন্ধি পখিলাৰ কবি হীৰুদাই কৈ গৈছিল যে  “বৰ্তমান ল’ৰা-ছোৱালীয়ে সাহিত্য বুলি ক’লে কেৱল কবিতাকহে বুজে। এদিন অসমৰ এনেকুৱা এটা অৱস্হা হব যে কবিতাৰ বাহিৰে অসমত আন একোৱেই নাথাকিব।” কথাষাৰ দলিয়াই পেলাব পৰা নহয়। এতিয়া বিজ্ঞানৰ যুগ। বিজ্ঞানৰ দ্ৰুত অগ্ৰগতিয়ে ক্ৰমে মানুহৰ সুক্ষ্ম  মানবীয় অনুভূতিবোৰ নাইকিয়া কৰি আনিছে। সাহিত্য সৃষ্টিৰ বাবে যিহেতু আৱেগ অনুভৱ, অনুভূতি,সহৃদয়তা আদিয়েই মূল বস্তু। কেতিয়াবা এনেকুৱা এটা ধাৰণাও মনলৈ নহাকৈ নাথাকে যে ক্ৰমে প্ৰগতিশীল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই এদিন সাহিত্যক সম্পূৰ্ণকৈ গ্ৰাস কৰিব। গতিকে এনেকুৱা কিছুমান জটিল পৰিবেশ পৰিস্থিতিৰ মাজতো নতুন প্ৰজন্মক সাহিত্যৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ দ্ৰুত পদক্ষেপ গ্ৰহণ কৰাটো অতি জৰুৰী হৈ পৰিছে।

☆★☆★☆

6 Comments

  • Anjan Sadhanidar

    একদম সচা কথা। তাৰ বিপৰীতে ফটাঢোলৰ এই ক্ষেত্ৰত লোৱা ভূমিকা অনন্য। ন লেখক সৃষ্টি কৰাত এক বিশেষ ভূমিকা পালন কৰিছে।

    Reply
    • Asomi Gogoi

      আন্তৰিক ধন্যবাদ। ফটাঢোল অনন্য।

      Reply
  • একেবাৰে সচাঁ কথা।

    Reply
  • মৃদুল শইকীয়া

    চিন্তনীয় বিষয় এটি সুন্দৰভাৱে উপস্থাপন কৰিলে৷ ভাল লাগিল৷

    Reply
  • parishmita

    ভাল লাগিল। সময়োপযোগী লেখা।

    Reply
  • আছাদুল ইছলাম

    বাইদেউ বৰ্তমান সময়ত যি পৰিবেশ সৃষ্টি হৈ আছে আপোনাৰ লিখাত সুন্দৰকৈ ফুটি উঠিছে আৰু আমাৰ শিক্ষা ব্যৱস্থাত এই ক্ষেত্ৰত গুৰুত্ব পালে মই ভাবোঁ বহু খিনি ঠিক হৈ উঠিব । কাৰণ শিক্ষাৰ লগত সাহিত্য আগুৱাই লৈ গলে আজিৰ প্ৰজন্মৰ মাজত ইয়াৰ মৰ্ম ৰৈ যাৱ বুলি মই ভাবোঁ।

    Reply

Leave a Reply

Your email address will not be published.