ফটাঢোল

সাহিত্যৰ ৰাজনীতি আৰু দ্বিধাগ্ৰস্ত পাঠক– কমলজিত মেধি

এজন বিশিষ্ট অসমীয়া লেখকৰ মুখত এবাৰ এষাৰ কথা শুনিছিলো, যিষাৰ কথা আজিও মোৰ কাণত বাজি আছে “তেওঁক যদি মাতাই তেনেহলে তেনে সভালৈ মোক নামাতিবা৷” মোৰ প্ৰিয় সেই লেখকজনৰ মুখত এনে ধৰণৰ কথা এষাৰ শুনাৰ বাবে মই কেতিয়াও প্ৰস্তুত নাছিলো৷

এজন লেখকৰ লিখনি পঢ়ি এজন সচেতন পাঠক ৰোমাঞ্চিত হৈ পৰাৰ লগে লগে লেখকজনৰ প্ৰতিও অনুভৱ কৰে অকৃত্ৰিম শ্ৰদ্ধা আৰু আন্তৰিকতা৷ পাঠকজনৰ কল্পনাত তেওঁ হৈ পৰে এজন আদৰ্শ ব্যক্তি৷ যদিও কোনো ব্যক্তিৰে ব্যক্তিগত জীৱনৰ প্ৰতি অনুসন্ধিৎসু হোৱা গ্ৰহণযোগ্য নহয়, তথাপিও এজন লেখকৰ ব্যক্তিগত জীৱনো পাঠকৰ বাবে হৈ পৰে তীব্ৰ কৌতূহলৰ কেন্দ্ৰবিন্দু৷ গতিকে কোনো লেখকৰ ব্যক্তিগত জীৱনৰ কিছু বাস্তৱ ঘটনাই তেওঁৰ সুহৃদ পাঠকক কেতিয়াবা কিছু পৰিমাণে কৰি তোলে সন্দিহান আৰু দ্বিধাগ্ৰস্ত৷

এই প্ৰবন্ধৰ শিৰোনাম “সাহিত্যৰ ৰাজনীতি আৰু দ্বিধাগ্ৰস্ত পাঠক” ৰখাৰ কাৰণ হ’ল, এই যে বৰ্তমান সময়ত একাংশ লেখকৰ কাম কাজে সচেতন পঢ়ুৱৈ সকলক বেচ বিপাঙত পেলাইছিল৷ এজন লোকক লেখক বা বুদ্ধিজীৱি হিচাপে চাপ বা “লেবেল” এখন আমি পাঠকসকলে এইকাৰণেই দিওঁ যে সেই লেখকজনে প্ৰচুৰ অধ্যয়ন আৰু চিন্তা-চৰ্চাৰ দ্বাৰা বিভিন্ন সামাজিক সমস্যাবোৰৰ সুষ্ঠ সমাধানৰ পথ প্ৰদৰ্শন কৰে৷ সামাজিক হিচাপে মই মাথো সাময়িক ৰাজনৈতিক বিশৃংখলতাৰ কথাকে বুজাব খোজা নাই৷ ভাষা-সংস্কৃতিৰ পৰা জাতীয় চৰিত্ৰৰ অৱনতিলৈকে বিভিন্ন সামাজিক সমস্যাৱলীক অন্তৰ্ভূক্ত কৰিছো৷ কিন্তু ইয়াৰ বিপৰীতে অসমীয়া লেখকৰ সামাজিক দায়বদ্ধতা অতিশয় নিৰুৎসাহজনক৷ অৱশ্যে ইয়াৰ মাজৰে কেইজনমান নিষ্ঠাৱান লেখক নথকা নহয়৷ কিন্তু অধিকাংশ লেখকেই যেন আজি একধৰণৰ নিৰাপত্তাহীনতাৰ ভুক্তভোগী৷ নিজৰ লেখনীসমূহে পাঠকৰ পৰা যোগ্য সমাদৰ নোপোৱাৰ আশংকাত এওঁলোকে আৰম্ভ কৰিবলৈ লৈছে সাহিত্যৰ ৰাজনীতি৷ অসমীয়া লেখকসকলৰ মাজত আজি গোষ্ঠী বা উপদলবোৰৰ বিষয়ে সচেতন পঢ়ুৱৈসমাজ অবিদিত নোহোৱা নহয়৷ লেখকৰ এই গোষ্ঠীবোৰৰ ভূমিকা বা উপস্থিতি অসমীয়া ভাষাৰ স্বাৰ্থত অতি বিপদজনক৷ কাৰণ কোনো বিশেষ মতবাদৰ দ্বাৰা এওঁলোক একগোট হোৱা নাই৷ এই লেখকসকলে আজি সভা সমিতিৰ বিষয়বাব লোৱাৰ বাবেহে বেছি আগ্ৰহী আৰু ইয়াৰ বাবে নিকৃষ্ট ৰাজনীতিৰ খেল খেলাতো এওঁলোক সিদ্ধহস্ত৷ এই গোষ্ঠীবোৰৰ সদস্যসকলে ইজনে সিজনক সুবিধা পালেই ৰাজহুৱাভাৱে তোষামোদ কৰিবলৈ দ্বিধাবোধ নকৰে৷ কিন্তু অন্য গোষ্ঠীৰ লেখকসকলক এওঁলোকেই সমালোচনাৰ চোকা শেলেৰে বিদ্ধ কৰিবলৈ সদা সচেষ্ট৷ আজিকালি এইখন মহানগৰীতে বিভিন্ন সাহিত্য সংস্কৃতিৰ অনুষ্ঠান গঢ় লৈ উঠিছে৷ কিন্তু যি মহান উদ্দেশ্য আগত লৈ এই অনুষ্ঠানবোৰ গঢ়া হয় সেই সকলোবোৰ কেইদিনমানৰ ভিতৰতে হৈ পৰে ফুটুকাৰ ফেন৷ দুই এখন সভা সমিতি পাতি বিশিষ্ট আসন কেইখন অধিকাৰ কৰি নিজৰ মুখমণ্ডলক দূৰদৰ্শনৰ পৰ্দাত জিলিকাবলৈ এইসকল লেখকৰ যি হেতা ওপৰা সেয়া দেখাৰ পিছত ভাৱ হয় অসমীয়া ভাষা-সংস্কৃতিৰ ভৱিষ্যত কেনে ভয়াবহ৷

এইখিনিতে গুৱাহাটী গ্ৰন্থমেলাৰ এখন আলোচনাচক্ৰত সংঘটিত এটা ঘটনা উনুকিয়াব খুজিছো৷ সেইখন আলোচনা চক্ৰত আন এগৰাকী অতিথিলৈ বিশিষ্ট আসনখন যচা হৈছিল যিখন আসনত বহিবলৈ তেওঁৰ কোনো সাহিত্যিক যোগ্যতা নাছিল৷ কিন্তু যোগ্যতাৰ সকলোধৰণৰ মাপকাঠীক চেৰাই যাবলৈ তেওঁৰ হাতত আছিল এপাট আগ্নেয় অস্ত্ৰ আৰু সেয়া হ’ল তেওঁ ৰাজ্যখনৰ অতি ক্ষমতাশালী এজন ৰাজনৈতিক নেতাৰ পত্নী। সভাখনৰ সমাপ্তিৰ পিছত মুখ্য পৃষ্টপোষকগৰাকীয়ে সেই বিশিষ্ট অতিথিৰ লগত একলগে ফটো উঠিবলৈ নোপোৱাৰ ক্ষোভত ফাটি পৰিছিল আৰু সকলো ক্ষোভ উজাৰিছিল এজন নিৰ্দোষী ভাড়াতীয়া ফটোগ্ৰাফাৰৰ ওপৰত। অথচ সেইখন সভাতে উপস্থিত আছিল বহুতো যোগ্য প্ৰতিভাশালী লোক। এনে এটা অভাৱনীয় ঘটনাৰ সাক্ষী হোৱাৰ পিছত সেই বিশেষ অতিথিৰ তোষামোদত ব্যস্ত পৃষ্টপোষকগৰাকীৰ কবিতাই সেইজন পাঠকক ৰোমাঞ্চিত কৰি তুলিব পাৰিবনে? অসমীয়া জাতিৰ সৰ্ববৃহৎ জাতীয় অনুস্থান বুলি গৌৰৱ কৰা অসম সাহিত্য সভা এনে সাহিত্যৰ ৰাজনীতিৰ পৰা উৰ্দ্ধত নহয়।

অসমীয়া লেখকৰ বৌদ্ধিক জড়তা বা স্থূলতাৰ ওপৰত মন্তব্য কৰিবলৈ প্ৰয়োজনীয় সম্যক অধ্যয়ন মোৰ নাই। মই মাত্ৰ যিখিনি কথা অনুভৱ কৰিছো সেই কথাখিনি লিখিছো। জ্ঞান হ’বৰ দিন ধৰি শব্দৰ প্ৰতি অনুভৱ কৰি আহিছো হৃদয়ৰ বিপুল তাগিদা, যি তাগিদা বা আন্তৰিকতা একেদিনাই কিবা বিশেষ কাৰণত ওপজা একান্ত যান্ত্ৰিক নহয় বৰং ই হ’ল হৃদয়ৰ স্বতঃস্ফুৰ্ত আৱেগ। শব্দৰ এই ৰহস্যময়ী যাদুঘৰৰ উৎসাহী দৰ্শক নিশ্চয় অসমৰ চুকে কোণে আৰু বহুতো ওলাব। কিন্তু কল্পনা কৰকচোন এনে এজন পাঠকক যিজনে লেখকৰ লেখনীবোৰৰ প্ৰতি প্ৰকাশ কৰি আহিছে অপৰিসীম আনুগত্য আৰু সেইজন লেখকেই শ্ৰদ্ধাৰে হাতত তুলি দিয়া কিতাপখন বিক্ৰি কৰিছে এজন চানাচুৰৱালাৰ হাতত মাত্ৰ কেইটামান চুৰট বা এপিয়লা গোলাপী নিচাৰ প্ৰয়োজনত। এনে এজন পাঠক হোৱাৰ সৌভাগ্য অথবা দুৰ্ভাগ্যও এই প্ৰবন্ধকাৰৰ হৈছে।

বিজ্ঞানৰ চমকপদ উন্নতিৰ লগে লগে মানবীয় মূল্যবোধৰো প্ৰভূত পৰিবৰ্তন হৈছে। বিভিন্ন অত্যাধুনিক আমোদ প্ৰমোদৰ সামগ্ৰী মানুহৰ প্ৰয়োজনীয় সহচৰ হৈ পৰিছে। ইয়াৰ ফলত মানুহে ছপা শব্দৰ প্ৰতি পূৰ্বৰ দৰে তাগিদা অনুভৱ নকৰে। ইয়াৰ ফলত কিছুমান লেখকক সংশয়ৰভাৱে আৱৰি ধৰিছে। এজন লেখকে গোটেই জীৱনজোৰা অক্লান্ত সাধনাৰ ফলত কেইবাখনো কিতাপ লিখিলে অথচ জীৱনৰ শেষ সময়ত তেওঁ অনুভৱ কৰিলে তেওঁ লিখা কিতাপবোৰৰ সমস্ত প্ৰয়োজন শেষ হৈ গৈছে, তেনেহ’লে লেখকজনে নিজকে অতি দুৰ্ভগীয়া বুলি বোধ কৰা নিশ্চয় স্বাভাৱিক। কিন্তু ইয়াৰ বাবেই নিশ্চয় তেওঁ নিজৰ জয়ঢোল বজোৱাও কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে। ইলেকট্ৰনিক্স সামগ্ৰীৰ ব্যাপক ব্যৱহাৰৰ দিনতো বৰ্তমান সমাজত এনে বহুতো লোক আছে যি সকলে কিতাপৰ প্ৰতি অনুভৱ কৰে গভীৰ আন্তৰিকতা। এনেলোক সকলক কিতাপৰ প্ৰতি আকৃষ্ট কৰি ৰাখিব পৰাতোৱেই হ’ব বৰ্তমান লেখকৰ চৰম পৰীক্ষা।

আজি অসমীয়া ভাষা সংস্কৃতি জটিল সমস্যাৰ গৰাহত। এই সমস্যাবোৰ সমাধান কৰি বিশাল অসমীয়া ভাষা আৰু জাতি গঠনত মূখ্য ভূমিকা ল’ব লাগিব এই লেখকসকলেই। লেখকসকলে মনত ৰখা প্ৰয়োজনীয় যে যদি প্ৰতিভা থাকে তেনেহলে তেওঁলোক সঠিক সমাজত সদায় আদৰণীয় হৈ থাকিব। ইয়াৰ বাবে তেওঁলোকে ক্ষুদ্ৰ ব্যক্তিগত স্বাৰ্থৰ মেৰপাকত সোমোৱাৰ প্ৰয়োজন নাই। প্ৰবীণ লেখকসকলৰ দায়িত্ব এইক্ষেত্ৰত আটাইতকৈ বেছি। প্ৰবীণসকলৰ অক্লান্ত সাহিত্য চৰ্চাৰ ফলত অসমীয়া ভাষা বৰ্তমানৰ স্তৰত উপনীত হৈছেহি। কিন্তু এদিন নহয় এদিন তেওঁলোকে এই দায়িত্ব নবীন সকলৰ হাতত অৰ্পণ কৰিবই লাগিব। ইয়াৰ বাবে নবীনসকলক আগবঢ়াই অনাৰ দায়িত্বও প্ৰবীণসকলৰ ওপৰত। জাতিৰ এনে সন্ধিক্ষণত অসমীয়া লেখকসকলৰ ভূমিকাক সচেতন পাঠকে নিশ্চয় নিৰীক্ষণ কৰিব।

★★★★

8 Comments

  • অভিজিত শ‌ইকীয়া

    লেখাটোত সাম্প্ৰতিক সময়ৰ সঁচা প্ৰতিফলন ঘটিছে ।

    Reply
    • Kamaljit Medhi

      ধন্যবাদ। ৰাজনৈতিক নেতাক বিৰুদ্ধে মাত মাতি মাতি , ৰাজনীতিক সমাজৰ সকলো স্তৰলৈ আদৰি থকা হৈছে

      Reply
  • অভিজিত মেধি

    অসমীয়া সাহিত্য জগতৰ এখন বাস্তৱ ছবি।

    Reply
  • Rashmi Ranjan Boruah

    বৰ ভাল লাগিল। লিখি থাকক।

    Reply
  • অপ্ৰিয় হ’লেও কথাখিনি সত্য।
    আমাৰ দৰে সাধাৰণ পাঠকে এইবোৰ কথাৰ আও-ভাও নোপোৱাই মংগল।

    Reply
  • ধুনীয়া লাগিল বন্ধু

    Reply
  • বিকাশ শইকীয়া

    অতি প্ৰয়োজনীয় কথা। চাৰ বহুত ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.