ফটাঢোল

সিন্ধি – গীতিকা শইকীয়া

বাপুকনৰ ঘৰত যোৱা ৰাতি কোনোবা চোৰে সিন্ধি খান্দিলে৷ খবৰটোৱে গাঁওখন তথা ওচৰ-পাঁজৰৰ গাঁওবোৰতো এক প্ৰকাৰৰ হুলস্থূলেই লগাই দিলে৷ ক’বলৈ গ’লে গাঁওকেইখনত বহুত বছৰ ধৰি কাৰো ঘৰতে একো চুৰি-টাৰি হোৱা নাই৷ মানে গাঁৱৰ ৰাইজে হ’বলৈ দিয়া নাই৷ দুই-এবাৰ গাঁৱৰেই কাম-বন নকৰাকৈ থকা দুটামানে দুই-এঘৰত চুৰি কৰিছিল, গাঁৱৰ মানুহে ধৰি নামঘৰলৈ নি আঁঠু কঢ়াই কাণত ধৰাই ৰাইজৰ আগত শপত লোৱালে যে নিজৰ তথা ওচৰ-পাঁজৰৰ গাঁওকেইখনত যেন চুৰি-টাৰি নকৰে৷ দুই-এজনে সিহঁতক পুলিচত দিয়াৰ কথা কৈছিল৷ কিন্তু গাঁৱৰ মানুহে পুলিচত দিয়াৰ কথা ভাবিবও নোৱাৰে৷ তেতিয়াৰে পৰা যোৱা প্ৰায় দশকজুৰি কাৰো ঘৰতেই চুৰি হোৱা নাই৷
সেয়ে বাপুকনৰ ঘৰত চোৰে সিন্ধি খান্দি চুৰি কৰাৰ কথাটোৱে গোটেইকেইখন গাঁৱতে বতাহৰ দৰে বিয়পি পৰিল৷ মানুহবোৰ যিয়ে যেনেকৈ আছিল ওলাই আহিল৷ পুৰুষখিনিয়ে বাপুকনৰ চোতালত ভিৰ কৰিলেগৈ, মহিলাখিনিয়ে ওৰণি-বাৰণি লৈ ৰাস্তাৰ পৰাই চাই থাকিল৷ অৱশ্যে আইতাকেইজনীমানে গৈ কান্দি কান্দি লেবেজান হৈ পৰা বাপুকনৰ ঘৈণীয়েক মাকণক সান্ত্বনা দিবলৈ ব্যস্ত হৈ পৰিল৷ মানুহবোৰে চোৰে খন্দা সিন্ধিটো চাবলৈ যাবলৈ বিচাৰিলে৷ কিন্তু বাপুকনৰ ডাঙৰ পুতেক দুলালে সকলোকে মানা কৰিলে যে পুৱাই ৰূপকক পুলিচ থানালৈ পঠিয়াইছে, পুলিচক লৈ আহি পাইহিহে লাগে, সেয়ে কোনেও যাতে ঘৰৰ ভিতৰলৈ নোসোমায়৷ কান্দোনৰ মাজতো অলপ ৰৈ মাকে পুতেকৰ গুণ-গান গাবলৈ ধৰিলে-
“দেখিছেনে, সি কিমান জ্ঞানী, সেই দোকমোকালিতেই পাকঘৰৰ ফালে ঘুটুং মুটুং শুনি আমাৰ সকলোৰে টোপনি ভাঙিল৷ খকমককৈ উঠি শব্দ উঠাৰ ফালে গৈ দেখোঁ পাকঘৰত মস্ত এটা সিন্ধি, ইফালে পাকঘৰৰ বাচন-বৰ্তন সকলো নোহোৱা হৈ গ’ল৷ বাকী ৰুমবোৰ চাবলৈ লওঁতেই দুলালে আমাক ক’লে যে এনেকুৱা চুৰি হ’লে আমি ক’তো হাত নিদিয়াকৈ থাকিব লাগে৷ তেতিয়া হেনো পুলিচে চোৰক লগে লগেই ধৰিব পাৰে৷ মানে চোৰে য’ত য’ত হাত দিছে সেইবোৰ চায়েই পুলিচে কৈ দিব পাৰে কোনে চুৰি কৰিছে বুলি! দেখিছেনে, আমাৰ ল’ৰা কিমান জ্ঞানী, আৰু এই চোৰসোপা, কাম নাই সিহঁতৰ আনৰ ঘৰত সিন্ধি খান্দি চুৰ কৰে….. (আকৌ কান্দোন).. নিলে অই৷ মোৰ ঘৰৰ সকলো নিলে…..আমি শেষ হৈ গ’লোঁ…! ”
মাজতে কেটলী দুটাত লাল চাহ-কাটা বিস্কুট লৈ দুজনীমান বোৱাৰীয়ে মানুহবোৰক বিলাবলৈ আহিল৷ দুজনীমানে কাপ-গিলাচবোৰ মানুহখিনিৰ হাতে হাতে বিলাই গ’ল৷ মাকণক ঘেৰি থকা আইতাকেইজনীয়ে একোকাপ চাহ নিজলৈ লৈ এগৰাকীয়ে মাকণকো একাপ দি ক’লে –
“হু ডিঙিটো তিয়াই ল’ অকমান, সেই কাহিলীপুৱাৰ পৰাই কান্দি আছ! পৰভূ ভগৱন্তই কৰিলে চব পাই যাবি৷ তহঁত মানুহকিটা যে ঠিকে-ঠাকে আছ সেয়ে বহুত…৷ ” লগতে থকা বাকীকেইগৰাকীয়ে বুঢ়ীৰ কথাৰ শলাগ লৈ পুৰণি দিনত চুৰি-টাৰি হওঁতে কিমান কি হৈছিল সেইবিষয়ে ক’বলৈ লাগিল৷ মাকনেও চব পাহৰি চাহ খাই খাই কাহিনী শুনি শুনি টোপনিত ঢলি পৰিল৷
তেনেতে ৰূপকে দুজন পুলিচকৰ্মীক লগত লৈ আহি বাপুকনৰ ঘৰ পালেহি৷ চোতালতে আথে-বেথে দুখন চকী পুলিচকৰ্মী দুজনলৈ আগবঢ়াই দিয়া হ’ল৷ প্ৰাথমিক কথাখিনি সুধি পুলিচকৰ্মী দুজনে বাপুকনৰ ঘৰৰ ভিতৰলৈ গ’ল৷ লগতে বাপুকন, দুলাল সহিতে গাঁৱৰ বহুকেইজনো ভিতৰলৈ গ’ল৷ প্ৰথমে সিন্ধি খন্দা ঠাইখন, মানে পাকঘৰলৈ গ’ল৷ সিন্ধিটো বৰ এটা ডাঙৰো নহয়, সৰুও নহয়৷ খিন-মিন মানুহ এটাহে কষ্ট কৰি সোমাব পৰা ধৰণৰ সিন্ধি৷ পাকঘৰৰ পৰা বাহিৰলৈ যোৱা দুৱাৰখন খোলা অৱস্থাত আছে৷ ওলাই চাওঁতে দেখা গ’ল পাকঘৰৰ বাচনবোৰ দমকলৰ কাষৰ চোঁৱা-পাতনিৰ অ’ত ত’ত সিঁচৰতি হৈ পৰি আছে৷ তাকে দেখি পুলিচকৰ্মীদুজনৰ এজনে ক’বলৈ ধৰিলে-
“খুব সম্ভৱ চোৰে একো নিয়া নাই৷ অন্ততঃ পাকঘৰৰ পৰা! আৰু এনে লাগিছে এয়া এজন চোৰৰহে কাম, তাকো গভাইত চোৰ নহয়৷ নতুন কোনোবাহে হ’ব৷ আৰু খুব সম্ভৱ চোৰে কিবা বস্তু চোৰ কৰিবলৈ অহা নাছিল৷”
পুলিচৰ কথা শুনি বাপেক-পুতেকে ইটোৱে সিটোৰ মুখলৈ চালে৷ পুলিচে পুনৰ সুধিলে-
“বাকী ঘৰৰ ৰুমবোৰ চাইচানে? ”
দুলালে বুকু ফিন্দাই ক’বলৈ ধৰিলে-
“নাই চাৰ, মই কাকো সোমাবই দিয়া নাই! দোকামোকালিতে শব্দ শুনি সকলোকে উঠাই আমি বাহিৰৰ চোতালতে থাকিলো৷ আপোনালোক আহিলে চোৰৰ হাত লগা ঠাইবোৰ চালেই যে চোৰ ধৰিব পাৰে সেইটো মই ক’ৰবাত পঢ়িছিলো, সেয়ে কাকো একো চুবলৈয়ে দিয়া নাই৷”
দুলাললৈ ঘোপাকৈ চাই পুলিচ দুজনে নিজৰ মাজতে ক’বলৈ ধৰিলে, -“বৰ একে চিআইডি হ’বলৈ আহিছে৷ মাটিৰ বেৰত ক’ত হাতৰ ছাপ থাকিব পাৰে! আৰু নিবলৈ দেখোন একোডাল নাইয়েই৷”
ইতিমধ্যে মানুহবোৰ পুলিচকৰ্মী দুজনৰ আশে-পাশেই ব্যস্ত হৈ আছে৷ বাপুকনৰ চোতালত মানুহৰ ভিৰ বাঢ়ি গৈছে৷ তেনেতে দেখা গ’ল বাপুকনৰ মাজুজনী জীয়েক সৰুমণিয়ে লাহে লাহে চুচুক-চামাককৈ চোতালৰ পৰা পদূলীলৈ ওলাই গৈছে৷ হাতত এটা টোপোলা৷ পদুলীৰ পৰা ৰাস্তাত ভৰি দিয়াৰ লগে লগেই ক’ৰবাৰ পৰা গাঁওখনৰ সিটো চুকৰ অকন ওলালহি৷ অকনে সৰুমণিৰ হাতত ধৰি তাৰ ঘৰৰ ফালে লাহে লাহে গৈ ক্ৰমে দৌৰিবলৈ ধৰিলে৷ বাপুকনৰ খুৰায়েকৰ পুতেক সৰুপাইএ চোতালৰ পৰাই হঠাতে সিহঁতক তেনেকৈ দৌৰিবলৈ ধৰা দেখি চিঞৰিবলৈ ধৰিলে-
“নিলে নিলে নিলে অই! ছোৱালী নিলে অই, ধৰ ধৰ, ধৰ তাক, ধৰ এই ছোৱালী চোৰক৷ আচল চোৰ ই অকনহে! বাপুকন কাইদৌ অই! সউমণিক নিলে অই এই অঘৰীটোৱে….!”
বাপুকনৰ চোতালত গোট খোৱা মানুহখিনি কিছুসময় হতভম্ব হৈ থাকিল যদিও ইতিমধ্যে চিঞৰি থকা সৰুপাইৰ মাতত সম্বিত ঘূৰাই কিছুমান সিহঁতৰ পিচে পিচে দৌৰিবলৈ ধৰিলে৷ ভিতৰৰ পৰা বাপুকন, দুলালো উধাতু খাই দৌৰি আহিল৷ চিঞৰত মাকনো সাৰ পাই উঠিল, পিচে একো তত্ধৰণি নাপালে৷ হঠাতে ৰাস্তাইদি সৰুমণিক অকনৰ হাতত ধৰি দৌৰি গৈ থকা দেখি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে৷ বাপুকনে ভৰালৰ গাধৰিৰ পৰা দাখন লৈ দৌৰিবলৈ ধৰিলে৷ খঙত ধুতীৰ গাঠি খুলি ধুতিখনো প্ৰায় সুলকি পৰাৰ দৰে হ’ল৷ কোনোবা এজনে বাটতে ৰখাই ধুতিখন লুঙীৰ দৰে পিন্ধাই দিলে৷
আঁতৰৰ পৰা চাই থকা অকনৰ মাহীমাকৰ পুতেক গোবিন তথা লগৰ মানুহখিনিয়ে ’আনিলে আনিলে’ বুলি চিঞৰি উধাই-মুধাই উৰুলি দিবলৈ ধৰিলে৷ তাৰ মাজতে গোবিনে চিঞৰি চিঞৰি ক’বলৈ ধৰিলে –
“ চাই ল’বি দেই! মোৰ ভাইক যাতে সিহঁতে মাৰিব নোৱাৰে৷”
জুমটোৰ কিছুৱে গোবিনে নুশুনাকৈ ফুচফুচালে –
“মাহীমাকৰ পুতেক বুলি ইফালে দেখিবকে নোৱাৰে৷ এতিয়া আকৌ বেথা চোৱা! ”
গোবিনে কথাখিনি শুনিলে যেন লাগিল–
“হ’ল কি হ’ল সি মোৰ মাহীমাইৰ ল’ৰা৷ হওঁতেতো ঘৰৰে ল’ৰা৷ আমি ঘৰত যি লাগো আমাৰ কথা৷ বাহিৰত তাক কোনোবাই মাৰিব, মই চাই থাকিম! ”
ইতিমধ্যে ডেকা-গাভৰুহাল আহি গোবিনহঁতৰ ওচৰ পালেহি! পায়েই দুয়ো গোবিনক সেৱা কৰিলে৷
“ব’ল ব’ল, ঘৰলৈ গৈ নিয়ম-কানুনখিনি কৰিমগৈ”- বুলি গোবিনে কৈ উঠি গোটেই জুমটো উৰুলি ধ্বনিৰে ওচৰতে থকা অকনৰ ঘৰলৈ গ’ল৷
বাপুকন তথা খেদি অহা মানুহখিনিৰ জুমটো আহি অকনৰ ঘৰৰ সন্মুখ পাই মানে নিয়ম-কানুন কৰি সৰুমণিৰ শিৰত ফোট-সেন্দূৰ দি উঠি গোঁসাই সেৱা কৰি অঁটাই কইনাক ঘৰৰ ভিতৰ সোমোৱালেগৈ! বাপুকনে অকনৰ ঘৰৰ পদূলীমুখত ৰৈ তৰ্জন-গৰ্জন কৰিবলৈ ধৰিলে-
“ওলাই আহ অই ছোৱালী চোৰ! এতিয়া সোমাই আছ কিয়? কিহৰ ভয়, আহ চোন তোৰ কিমান কলিজা আছে? সি কটা, ছোৱালী চোৰ কৰিবলৈ মোৰ ঘৰত সিন্ধি খান্দে! হয়, হয়, ই অকনেই মোৰ ঘৰত সিন্ধি খান্দিছে যাতে আমি ব্যস্ত হৈ পৰোঁ, আৰু সি মোৰ ছোৱালী পলুৱাই আনিব পাৰে! সি মোৰ, মোৰ ঘৰত সিন্ধি খান্দিবলৈ সাহ কৰে!
মানুহখিনিয়ে বুজাবলৈ চেষ্টা কৰিছে, গাঁৱৰে বীৰেণ বৰ্তাই গলখেঁকাৰি এটা মাৰি ক’বলৈ ধৰিলে-
“অ’ বাপুকন, হ’ব দে! শিৰত ফোট-সেন্দূৰ দিলেই যেতিয়া, এতিয়া আৰু কি কৰিবি! স্বীকাৰ কৰি ল, এনেও ইমানো বেয়া ঘৰ নহয়৷ তোৰ ঘৰতকৈ ভাল হে ঘৰ৷ সুখেৰে থাকিব, এৰা-ধৰা কৰ৷”
বাপুকন গৰজি উঠিল-
“পকা ঘৰৰ লেকচাৰ দিব আহিছ? পকা ঘৰে খুৱাব! মোৰ অজলা ছোৱালীজনীক সি ভুলালে! ঘৰখনো কম হ’বলা! বিয়া-বাৰু পাতি পইচা-পাতি খৰচ নকৰে, কৰাইচ ক’ৰবাৰ! ”
“কিয়, অকনহঁতৰ ঘৰৰ পৰা বিয়াৰ প্ৰস্তাৱ দেখোন দিছিলেই! তই হে মানা নাছিলি৷ ”- কোনোবা এটাই কৈ উঠিল৷
“কেনেকৈ মানিম, কচোন কাইটি, কেনেকৈ মানিম?  সেই কেলেহুৱাটোক মোৰ ছোৱালী দিম?  ঘৰতে বুঢ়ী হওক, তথাপিও নিদিওঁ!”
ঘৰটোলৈ লক্ষ্য কৰি, – “আহ অই! ওলাই আহ, তোক মই ইয়াতে দুচেও কৰিম…”
তেনেতে অকনৰ ককায়েক গোবিনে হাতযোৰ কৰি পদূলীলৈ ওলাই আহিল, –
“বাপুকন কাইদৌ অ’, খং চং এৰি দে৷ সিহঁতৰ মাজত ভালপোৱা আছিল, তই বিয়া নিদিয়, সেয়ে তেনেকৈ আহিবলগীয়া হ’ল৷”
“খবৰদাৰ গোবিন, তই কিয় মাতিছ? আচলতে তই হে যত’কূটৰ ঘাই৷ তই সেই তাহানিতেই ছোৱালী পলুৱাই আনি আমাৰ গাঁওখনত আগে নোহোৱা নোপজা কাণ্ড কৰিছিলি৷ সেয়ে তোৰ মাহীমাৰৰ পুতেৰেও একে কামকে কৰিলে৷ একে ককাই-ভাই যে, চাল্লা, তহঁতৰ তেজেই বেয়া৷ সেয়ে একেই বেয়া কাম কৰিছ৷”
লগে লগেই অকনৰ ঘৰৰ ফালৰ মানুহ মানে কলিতা চুকৰ মানুখিনি জঁকি উঠিল৷
“কাক কৈছ, কাৰ তেজ বেয়া বুলি কৈছ? ”
গাঁৱৰ বয়োজেষ্ঠ মানুহখিনিৰ চেষ্টাত কথাবোৰ শাম কাটিবলৈ লৈছিল৷ তথাপিও বাপুকন সেই ঠাইৰ পৰা যাবলৈ ৰাজী নহ’ল৷ মানে জীয়েকক ওভতাইহে ঘৰলৈ যাব৷ ইফালে ইতিমধ্যেই জোঁৱাই হৈ পৰা অকনৰ নামত গালিৰ বৰ্ষণো চলাই আছিল৷ তেনেতে ঘৰৰ বাৰাণ্ডাৰ পৰাই অকনৰ চিঞৰ শুনিবলৈ পোৱা গ’ল –
“অই কাইদৌ, তোৰ ছোৱালী এতিয়া মোৰ মানুহজনী হ’ল৷ মই তাইক নপঠাওঁ আৰু তায়ো নাযায়৷ গতিকে তইয়ো ঘৰলৈ যাগৈ! ইতিমধ্যে সিন্ধি খন্দা কেচটোত যে পুলিচ মাতিছিলি সিহঁত তোৰ ঘৰত এতিয়াও বোধহয় বহিয়েই আছে৷”
তেনেতে সিফালৰ পৰা বাপুকনৰ ঘৰলৈ অহা পুলিচকৰ্মী দুজনক আহি থকা দেখা গ’ল৷ তেওঁলোক ওচৰ পোৱাত বাপুকনে চিঞৰি উঠিল-
“চাৰ, তাক ধৰক চাৰ, সি মোৰ ছোৱালীজনীক দিনদুপৰতে পলুৱাই আনিছে৷”
ঘৰৰ বাৰাণ্ডাৰ পৰাই অকনৰ চিঞৰ-
“অই কাইদৌ, মিছা কথা কেলেই কৈছ হয় নে? তয়েই দেখোন ফিতাহী মাৰিছিলি যে ইমান যদি সাহস আছে দিন-দুপৰতে মোৰ ছোৱালীক পলুৱাই নি চাচোন! সেইকাৰণেই মই দিনতেই তোৰ ছোৱালীক পলুৱাই আনিলো৷ এতিয়া আকৌ মোক দোষ দিবলৈ আহে৷ অই কাইদৌ, তোৰ আচলতে ছোৱালী বিয়া দি পইচা খৰচ কৰিবলৈ মনেই নাছিল৷ সেয়েহে মোক ফিতাহী মাৰি দেখাইছিলি যাতে মই তাইক পলুৱাই আনোঁ৷”
পুলিচক উদ্দেশ্যি-
“অ’ চাৰ, মই পলুৱাই অনা ছোৱালীজনী এই বাপুকন কাইটিৰে ছোৱালী৷ বিশ-একৈশ বছৰমান হৈছে৷ মোৰ ঘৰৰ পৰা বিয়াৰ প্ৰস্তাৱ দিছিল৷ এই খেৰ লোৱা খেতিয়ক বাপুকন কাইটিয়ে মোলৈ বিয়া নিদিওঁ বুলি ক’লে৷ সেয়ে মই কৈছিলো পলুৱাই আনিম বুলি৷ কাইটিয়ে ভাবিলে মই ছাগৈ তাইক ৰাতিৰ অন্ধকাৰত পলুৱাই আনিম৷ সেয়ে মোক ধমকি দিলে যে সাহ আছে যদি দিনৰ পোহৰতে পলুৱাই নি দেখা! আৰু এয়া আজি আপোনালোক বাপুকন কাইটিৰ ঘৰত বহি থাকি সিন্ধি চোৰৰ কথা পাতি থকা সময়তেই মই তাইক পলুৱাই আনিলো৷”
বাপুকন পিচ হুহকা নাছিল৷ পুলিচলৈ চাই ক’বলৈ ধৰিলে-
“অ’ চাৰ, কিবা এটা কৰক৷ মোৰ চব মান-সন্মান গ’ল৷ আৰু ছোৱালীজনীও বিয়া দিব পৰাকৈ ডাঙৰ নহয়৷ একে সউ ছোৱালী, কিবা বোলে নে নাবালিক নে কি কয় যে…? ”
ইমান সময়ে চাই-শুনি থকা কলিতা চুকৰ তথা অকনৰ খুৰীয়েক জকজকাই উঠিল-
“অ’ বাপুকন, হ’ল বুলিনো ছোৱালীজনীৰ বয়স ইমান কমাব লাগেনে?  তাই আমাৰ তৰুলতাৰ লগতে দেখোন ইচকুল যাবলৈ লৈছিল৷ পঢ়াত গেধা বাবে ফেল কৰি কৰি ইচকুলেই নোযোৱা হ’ল৷ মোৰ ছোৱালী এতিয়া কিবা বি এ পাছ কৰিব৷”
পুলিচকৰ্মী দুজনে অৱস্থাটো বুজিব পাৰি বাপুকণক বুজাবলৈ চালে-
“চাওক, আপোনাৰ ছোৱালী প্ৰাপ্তবয়স্ক, মানে নিজৰ সিদ্ধান্ত নিজে ল’ব পাৰে৷ সেয়ে তেওঁ কালৈ পলাই গৈছে বা কিয় গৈছে বুলি আমি প্ৰশ্ন সুধিব নোৱাৰোঁ৷ আৰু যিহেতু আপোনাৰ ঘৰত সিন্ধি খান্দি চোৰে একো এটা বস্তুৱেই নিয়া নাই গতিকে আমি কৰিবলগীয়া একো নাই৷ আমি যাঁওহে, আপুনি ছোৱালী-ল’ৰা, মানে দৰা-কইনাক আশীৰ্বাদ দিয়ক৷ আৰু দুয়োঘৰ মিলি ভোজভাত খুৱাওক, থানাৰ পৰা আমিও সকলো আহিম৷”
ভোজৰ নাম শুনিয়েই বীৰেণ বৰ্তাই লচপচ কৰি উঠিল-
“সেইয়া দেখিলি নে, মই কি কৈছিলো, বাদ দে…এতিয়া দুইঘৰ মিলি ল’ৰা-ছোৱালীক আশীৰ্বাদ দি ভোজ-ভাতৰহে ব্যৱস্থা কৰিব লাগে৷”
বাপুকনৰ খং শাম কটা যোৱা দেখা নগ’ল৷ ভেকাহী মাৰি বীৰেণ বৰ্তাক ক’লে-
“কাইটি অ’, তোৰ খালি খোৱা-বোৱাৰ ধাণ্ডা! তই কি বুজিবি, তোৰো তিনিওজনী পলায়েই গৈছিল যে! সেয়ে মনে মনে ছাগৈ ভালেই পাইছ৷ মই হ’লে এনে হ’বলৈ নিদিওঁ৷ তাইক লৈহে ঘৰলৈ যাম৷ ”
এইবাৰ বীৰেণ বৰ্তাও জকজকাই উঠিল-
“কিহৰ ইমান ডেমাগি দেখাইছ অ বাপুকন? ডাঙৰজনী দেখোন তিনিবছৰৰ আগতেই পলাই গ’ল৷ তেতিয়াতো এনেকুৱাখন কৰা নাছিলি৷ এতিয়া গাঁৱতে হোৱা কাৰণে নামঘৰত তোক কথা শুনাই বুলিহে এনেকুৱাখন কৰিছ যেন লাগিছে৷”
বাপুকনে অলপ সময় একো নমতাকৈ থাকিল৷ এইবাৰ পুলিচৰ ফালে চাই ক’লে-
“চাৰ, আপোনালোকে কৈছে যে সিন্ধি খান্দি চোৰে মোৰ ঘৰৰ পৰা একো নিয়া নাই৷ গতিকে চোৰ বিচৰাৰ দৰকাৰো নাই৷ কিন্তু চোৰ দেখোন আপোনালোকৰ চকুৰ সন্মুখতেই আছে৷ মই এতিয়াহে বুজিছো, সি বেটা অকনেই মোৰ ছোৱালী চোৰ কৰিবলৈকেই মোৰ ঘৰত সিন্ধি খান্দিছিল৷ কৰক চাৰ, এতিয়াই তাক ধৰক, মোৰ ঘৰত সিন্ধি খান্দি মোৰ ছোৱালীক পলুৱাই নিছে, তাৰ বাবে তাক ধৰক…৷ ”
তাকে শুনি বাৰাণ্ডাৰ পৰাই অকনৰ তিতকাৰী-
“অই কাইদৌ, সম্বন্ধত তই এতিয়া মোৰ শহুৰ হ’লি, কমচেকম জোঁৱায়েৰৰ ইমান বদনাম নকৰিবিচোন! সঁচা কথাটো দেখোন পুলিচৰ সন্মুখতেই হৈছে৷ আৰু ইমান অকণমান সিন্ধি খান্দি সেইটোৱেদি তোৰ জীয়েৰক কেনেকৈ আনিম কচোন! মই দেখোন চাৰসকল তোৰ চোতালত বহি থাকোঁতেই তোৰ সন্মুখদিয়েই তাইক লৈ আনিছো, তাকো দিনে-পোহৰে, তই কোৱাৰ দৰেই! থুই কটা, তই নামঘৰৰ নামতি-বিলনীয়া হৈ ইমান মিছা কথা কৱ! ”
বাপুকন খঙত গৰজি উঠিল –
“তোক আজি সঁচাকৈয়ে কাটি দুচেও কৰি মোৰ ছোৱালীকো বিধৱা কৰিম”- বুলি বাপুকনে ঘৰটোৰ বাৰাণ্ডাৰ ফালে চোঁচা ল’ব খুজিলে৷
“অ’, তাৰমানে তই স্বীকাৰ কৰিলি যে মই তোৰ জীয়েৰৰ গিৰিয়েক, হেৰৌ, বেয়া নালাগিল, জীয়েৰৰ বিয়া হোৱাৰ এঘণ্টাও হোৱা নাই, তই তাইক বিধৱা কৰাৰ কথা ক’লি, ইচ ইচ! ”- বাৰাণ্ডাৰ পৰাই অকনৰ উক্তি৷ তাকে শুনি বাপুকনে সঁচাকৈয়ে অকনহঁতৰ চোতালৰ ফালে নামি গ’ল৷
এইবাৰ যেনিবা পুলিচে সঁচাকৈয়ে হকা-বাধা কৰিলে-
“এতিয়া আপোনাকে ধৰি লৈ থানালৈ লৈ যাব লাগিব দেখোন! ঠিক আছে, এটা কাম কৰক, আমি সকলো ল’ৰাৰ ঘৰলৈ যাওঁ, সকলোৰে সন্মুখত ছোৱালীৰ লগত কথা পাতোঁ, তেওঁ এবাৰ কৈ দিয়ক যে তেওঁ নিজৰ ইচ্ছামতে আহিছে৷ ইয়াৰ পাছত আপুনি দিগদাৰ দিলে ধৰি-বান্ধি নি একেবাৰে জেলৰ ভাতেই খুৱামগৈ৷
কিবা অলপ ভাবি বাপুকনে লাহেকৈ ক’লে-
“ঠিক আছে, কিন্তু মই সিহঁতৰ ঘৰত ভৰি দিবলৈও নাযাওঁ৷ তাইক এই পদূলীলৈকে মাতক৷”
পুলিচৰ কথাত গাঁৱৰে কেইজনমান তথা অকনৰ ককায়েকো ঘৰলৈ গৈ সকলোখিনি বুজাই ক’লে৷ মূৰত দীঘলকৈ উৰণি লৈ লাহে লাহে সৰুমণি, মানে বাপুকনৰ জীয়েক তথা অকনৰ পত্নীয়ে কইনা খোজেৰে আহি পদূলী পালেহি৷ অলপ সময়ৰ আগতে সৰুমণিৰ কপালত আঁকি দিয়া সেন্দূৰৰ প্ৰলেপে কপাল, নাক চুলিলৈকে বিয়পি আছে৷ সৰুমণিৰ লগতে কলিতা চুকৰ বহুকেইগৰাকী বোৱাৰী-জীয়ৰীও কইনা ধৰা হিচাবে আহিল৷ সৰুমণিক তেনেকৈ আহি থকা দেখি বাপুকনৰ পুতেক দুলালৰ খংটো ভমককৈ উঠি আহিল, মনতে ভাবিলে-
“তাইৰ কোব চা, এইমাত্ৰ পলাই আহি এতিয়া আকৌ লাজ কৰি কইনা হৈ দেখাইছে…”
পুলিচকৰ্মী দুজন ৰৈ থকা বাবে সি একো নমতাকৈ থাকিল৷ পুলিচে সৰুমণিক সুধিলে-
“তোমাৰ নামটো কোৱাচোন? ”
“সউমণি বআ….”
“হেৰা, এতিয়া বআ নহয় আৰু, বওৱাহে, বওৱা বুলি কোৱা আকৌ!”—অকনে টপককৈ ক’লে
তাকে দেখি দুলালে অকনলৈ বুলি চোঁচা লোৱাৰ দৰে কৰিলে৷ দুজনমানে ফেপেৰী পাতি ধৰিলে৷ দুলাল ৰৈ গ’ল৷
পুলিচকৰ্মীজনে লিখি গ’ল-
“আট্চা, সৰুমণি বৰুৱা, কোৱাচোন তোমাক কোনোবাই মানে এই ল’ৰাজন, কি নাম আছিল তেওঁৰ, —? ”
“অকন, অকন বৰুৱা “– অকনৰ লগতে কেইবাজনেও চিঞৰি উঠিল৷
“অকনে তোমাক বাৰু ফুচুলাইছে নেকি? ”—পুলিচে আকৌ সুধিলে৷
সৰুমণিয়ে কঁপি কঁপি ক’লে-“ নাই, তেওঁ মোক ফুচুলোৱা নাই৷ মোৰ ঘৰৰ মানুহেহে মোক খুউব মায়ি থাকে৷ সেয়ে মই তেওঁৰ লগত গুচি আহিলো৷”
এইবাৰ বাপুকন আৰু পুতেক দুলাল একেসময়তে গৰজি উঠিল-
“তাইৰ কথা চা, এই বয়সতে পেৰেম কৰি পলাই আহিছে, আৰু আমি নামাৱাকৈ থাকিম! ”- বুলি দুয়ো সৰুমণিলৈ চোঁচা ল’লে৷
তাকে দেখি পুলিচ দুজন আগবাঢ়ি আহিল-
“আপোনালোকে আমাৰ বহুত সময় নষ্ট কৰিলে৷ আৰু নহ’ব৷ মনে মনে ঘৰলৈ যাওক, নহ’লে থানালৈ বলক৷ আৰু কোনো কথা নহ’ব৷”
এইবাৰ বাপুকন আৰু পুতেক দুলাল দুখোজমান পিচুৱাই গ’ল৷ সৰুমণিলৈ ঘোপাকৈ চাই “তই আমাক জীৱনত কেতিয়াও নাপাৱ”- বুলি আটাহ পাৰি দুয়ো উভতিবলৈ ধৰিলে৷ অকনৰ ককায়েকে পুলিচ দুজন তথা উপস্থিত ৰাইজক চাহ অকন খাবলৈ ঘৰলৈ মাতি লৈ গ’ল৷
আচলতে অকণক গাঁৱত কথকী বুলিয়েই সকলোৱে জানে৷ উফাইদাং মৰা কথাত অকনৰ সমান আৰু ওচৰ-পাঁজৰৰ কোনো গাঁৱতেই নাই বুলিব পাৰি৷ অকন কথকী, অকন উফাইদাং ইত্যাদি নামবোৰ অকনৰ নামৰ লগত কেতিয়াবাতে যোগ হ’ল৷ অকনৰ দেউতাকৰ দুজনী ঘৈণীয়েক৷ সিহঁত গাঁৱৰ অৱস্থাপন্ন মানুহ৷ ডাঙৰজনীৰ ফালৰ তিনিটা ল’ৰা৷ সৰুজনীৰ ফালৰ অকন, তাৰ ভায়েক টংক আৰু দুজনী ভনীয়েক চাৰু আৰু বিভা৷ মাহীমাকৰ ল’ৰাকেইজনৰ লগত প্ৰায়েই কাঁজিয়া হৈ থাকে বাবে অকনৰ মাকে তাক সৰুতেই মোমায়েকৰ ঘৰলৈ পঠিয়াই দিলে৷ বিহুৱে-সবাহে অকনৰ মাকৰ পৰা পোৱা সহায়ৰ কথা মনত ৰাখি মোমায়েকেও তাৰ দায়িত্ব লৈছিল৷ পিচে অকনৰ মাকৰ ফালৰ ল’ৰা-ছোৱালীকেইটা খুটি খাব পৰা হোৱাৰ আগতেই অকনৰ দেউতাক ঢুকাই থাকিল৷ মাটি-বাৰী অজস্ব৷ সেয়ে মাহীয়েকৰ পুতেকহঁতৰ লগত ভাগ-বটোৱাৰা হোৱাৰ পাছতো সিহঁতৰ অৱ্স্থা ভালকৈয়ে খাই-মেলি থাকিব পৰাবিধৰ৷
যিনহওক, অকনৰ পঢ়া-শুনাত সিমান মন-কান নাছিল৷ দিনটো টলৌ টলৌকে ঘূৰি ফুৰি ভোক লাগিলে এপেট খাই তিনিআলি, দোকানে-বজাৰে কথাৰ মহলা মাৰাতহে সি ওষ্টাড৷ দুবাৰমান মেট্ৰিক পৰীক্ষা দি “এই বহি বহি পৰীক্ষা দিয়াবোৰ এলেহুৱা মানুহৰ কাম”- বুলি মোমায়েকক আৰু পৰীক্ষা নিদিওঁ বুলি ঘোষণা কৰি দিলে৷ ইফালে মোমায়েকে অকনৰ মাকক “ভাগিনক মানুহ বনাইহে ঘৰলৈ পঠিয়াম” বুলি কথা দি আহিছিল৷ সেয়ে বহুত ভাবি চিন্তি অকণক মফচলীয়া টাউনখনৰ লাইটৰ দোকানখনতে কাম শিকিবৰ বাবে লগাই দিলে৷ কি জানো হ’ল, অকনে দেখোন কম দিনৰ ভিতৰতে প্ৰায়খিনি কাম শিকি পেলালে৷ পিচে কাম শিকি থাকোঁতেই ওচৰতে থকা বিহাৰী ঘোড়াৱালাৰ ছোৱালীজনীৰ লগত অকণক সঘনাই দেখা গ’ল৷ কথা বুলিলেই বতাহ৷ মোমায়েকৰ গাঁৱত অকনৰ বিহাৰী ছোৱালীৰ লগত পিৰিতিৰ খবৰে তোলপাৰ লগাই থাকিল৷ মোমায়েকে জুৰ পৰি হাত পোৱাৰ আগতেই হেস্ত-ন্যস্ত কিবা এটা কৰা ভাল বুলি এদিন সকলো টোপোলা-টাপলি বান্ধি অকণক লৈ বাপেকৰ গাঁও পালেহি-
“বাইটি অ’, তোক কথা দিয়া মতেই মই অকণক মানুহ বনালো৷ সি এতিয়া একঠা নিজে খাব পাৰিব৷ তহঁতৰ গাঁৱৰ, ওচৰ পাঁজৰৰ সকলো গাঁৱতে আজিকালি লাইটৰ কাম কাজ হ’বলৈ লৈছে যে, অকনে কাম পাই যাব৷”
অৱশ্যে মোমায়েকে অকনৰ বিহাৰী বেটিৰ কাহিনীটো মাকক নোকোৱাকৈ থাকিল৷
যিনহওক মোমায়েকৰ ঘৰত থকাৰ পৰাই মাজে-মধ্যে অকন গাঁৱলৈ আহিলে তাৰ কথা কোৱা স্বভাৱটোৰ বাবে সকলোৰে মাজত সন্ত্ৰাস হৈ যোৱাৰ পৰিস্থিতি প্ৰায়েই হৈছিল৷ বিশ্ব-ব্ৰহ্মাণ্ডৰ আজে-বাজে কথাৰ পৰা চাহ-ভাত খোৱালৈ সকলো বিষয়তে অকনে আড্ডাবোৰ ৰমৰমীয়া কৰি ৰাখিছিল৷ সেইবাৰ অকন একেবাৰে গাঁৱলৈ অহা বুলি বাতৰিটো ৰৌজাল-বৌজালকৈ বিয়পি পৰিবলৈ অলপো সময় নালাগিল৷ কিছুদিনলৈ অকনৰ কথাৰ মহলাত লাগি থাকিবলৈ ভাল পোৱা মখাই অনবৰতে অকনৰ লগতে থাকিল৷ এইবাৰ আন কথাৰ লগতে অকনে লাইটৰ বিভিন্ন কামৰ কথা, ৱাৰিঙৰ কথাৰ বৰিষণো কৰিবলৈ ধৰিলে৷ তাৰমাজতে দুই এঘৰে অকণক মাতি ঘৰৰ লাইটৰ কাম আদি কৰিবলৈ দি আচৰিত হ’ল৷ বিদ্যুত সৰবৰাহৰ লগত জড়িত যিকোনো কামৰ বাবেই বহুদূৰৰ গাঁও এখনৰ ৰমেশকে মাতি থাকিব লাগিছিল৷ এতিয়া কথা কৈ থকাৰ মাজতেও যে লাইটৰ কামবোৰ ভালকৈ কৰা বাবে মানুহবোৰে অকণকে বিচাৰিবলৈও ল’লে৷ এইবাৰ অকনৰ নামৰ পিচত আন এটা নাম যোগ হ’ল, অকন লাইটমেন৷
অকন লাইটমেনৰ আড্ডাবাজী চলি থকিল৷ তিনি আলিৰ খুকনৰ দোকানত গোটেই দিনটো বকবকাই থকা অকণক দেখি এনে লাগিবলৈ লৈছিল যে অকনে কথা কোৱাৰেহে কিবা ট্ৰেইনিং লৈ আহিছে৷ ইতিমধ্যে কথাৰ লাচতে অকনে বিহাৰী বেটি বিজুলীৰ বিষয়েও গাঁৱৰ সকলোকে কৈ পেলাইছিল৷ মানুহৰ মাজত বু বু-বা বা হ’বলৈ লৈছিল৷
খুকন দোকানীয়ে দুপৰীয়া ঘৰলৈ নগৈ ঘৰৰ পৰা লৈ অনা ভাত দোকানতে খাই অকণমান ভাতঘুমতি মাৰে৷ ভাত খাই অটাই মানে অকনে ঘৰলৈ গৈ টুপুক কৰে ভাত খাই আকৌ আহি খুকনৰ দোকান পাবলৈ ল’লে৷ তাকে দেখি অতিষ্ঠ হৈ খুকন দোকানীয়ে দুপৰীয়া ঘৰলৈ যোৱাটোকে ঠিক কৰিলে৷ তথাপিও বন্ধ দোকানৰ সন্মুখত থকা বাঁহৰ বেন্সখনতে অকনে অকলে অকলে বহি কিবা কথা কৈ থকা যেন কোনোবাই দেখিবলৈ ল’লে৷ গাঁৱৰ মানুহবোৰে কোৱা-কুই কৰিবলৈ ল’লে যে অকনৰ জৰুৰ কিবা মাথাৰ গণ্ডগোল আছে৷ গাঁওখনত কথাৰ ফোপজহী আৰু দুটামান আছে, চন্দ্ৰ দাইটি আৰু সোণাৰাম৷ অকন গাঁৱলৈ একেবাৰে অহাৰ পৰা সিহঁতদুটাই অকণমান কমকৈ পাত্তা পোৱা যেন অনুভৱ কৰিবলৈ লৈছিল৷ সেয়ে এই লাচতে সিহঁতে অকনৰ নামত এটা কাহিনীয়েই বনাই পেলালে৷
টাউনত লাইটৰ কাম শিকি থাকোঁতে এদিন বোলে অকণক লাইটৰ শ্বক লাগিল৷ অলপমান জুলুকা লাগি থাকিবলৈ লৈছিল৷ মাথাটো বেয়া হ’ব লৈছিল তেতিয়াই! তেনে সময়তেই কাষৰ ঘোড়াৱালাৰ জীয়েক বিজুলীৰ লগত প্ৰায়েই কথা পাতা দেখি বিজুলীৰ বাপেকে অকণক গুৰুলা-গুৰুলকৈ পিতিছিল৷ সেয়ে তাৰ মাথাৰ গণ্ডগোল হ’ল আৰু মোমায়েকে দেৰি হোৱাৰ আগতেই ঘৰত থৈ গ’লহি!
কথা বুলিলেই বতাহ৷ অকন-বিজুলীৰ প্ৰেম কাহিনীৰে, অকনৰ মাথাৰ গণ্ডগোলৰ কথাই গাঁৱৰ পথাৰ, নদীৰ ঘাটবোৰ, তিনিআলিৰ জুমবোৰ ৰমৰমীয়া হৈ থাকিল৷ গাঁৱৰ বহু মানুহে অকনৰ চৰিত্ৰ বেয়া বুলিও ক’বলৈ ল’লে৷ লগতে গাঁৱৰ জীয়ৰী ছোৱালীবোৰক বিশেষভাৱে সাৱধান কৰি দিয়া হ’ল যে কোনেও যাতে অকনৰ জালত নপৰে৷ এইক্ষেত্ৰত খুকনৰ দোকান থকা ৰাস্তাটোৰ সন্মুখত থকা বাপুকনৰ উচপিচ বেছিকৈ হ’বলৈ ল’লে৷ বাপুকন গাঁওখনৰ নামঘৰৰ নামতি৷ গাঁৱৰ ’ল’ৰা-ছোৱালীবোৰ চব অধঃপতনে গ’ল’- বুলি সকলোকে দবিয়াই থাকিছিল৷ কিন্তু তিনিবছৰমানৰ আগতে বাপুকনৰ ডাঙৰ জীয়েকজনী এদিন হঠাতেই নাইকিয়া হ’ল৷ বহুত বিচাৰ-খোচাৰ চলিল৷ কোনো শুংসূত্ৰ নাই৷ সন্মান যোৱাৰ ভয়ত পুলিচকো জনাব বিচৰা নাই৷ ইফালে নামঘৰত সুবিধা পাই সকলোৱেই কথা শুনাবলৈ লৈছিল৷ বহুদিনৰ মূৰত জানিব পৰা গ’ল যে কলিতা চুকৰ সেই অকনৰ পেহীয়েকৰ পুতেকে গাঁৱলৈ আহোঁতে চিনাকি হৈ বাপুকনৰ ডাঙৰ জীয়েক আইমণিক পলুৱাই নিছিল৷ অৱশ্যে অকনৰ ঘৰৰ মানুহে পাছতহে গম পাইছিল বোলা কথাষাৰ বাপুকণে বিশ্বাস কৰিবলৈ টান পালে৷ তেতিয়াৰে পৰা অকনৰ ঘৰখনৰ লগত বাপুকনৰ অহি-নকুল সম্বন্ধ৷ কথাই প্ৰতি বাপুকনে অকনৰ ককায়েক, ভনীয়েক, মাকক কথা শুনাই থাকে৷ নামঘৰত নাম শেষ হৈ প্ৰসাদ বিতৰণ কৰোঁতে অকনৰ ঘৰৰ মানুহলৈ আঁতৰৰ পৰা দলিয়াই দিয়াৰ নিচিনাকৈহে বাপুকনে প্ৰসাদৰ পাত আগবঢ়াইছিল৷ নদীৰ ঘাটতো বাপুকনে অকনৰ ঘৰৰ মানুহক দেখিলে নদীৰ পানী গাত লৈ কিবা পৰাচিত কৰাৰ দৰে কৰি দেখুৱাইছিল৷ এদিন অতিষ্ঠ হৈ অকনৰ মাকে কৈয়েই দিলে-
“অই বাপুকন! তই এইবোৰ কি কৰি আছ?  তোৰ জীয়েৰে আমাৰ ভাগিনলৈ পলাই গ’ল, তাত আমি কি কৰিব পাৰোঁ?  আৰু ভালহে দে, তোৰ জীয়েৰ এতিয়া কলিতানি হ’ল৷ কোচৰ পৰা উদ্ধাৰ পালে, ভালহে পাব লাগিছিল৷ তই এইবোৰ কি বলকি থাকিবলৈ লৈছ৷”
বাপুকন গৰগৰাই উঠিল, –
“কলিতানি হৈনো কি এনেডাল কিবা কৰি আছ?  কলিতানি হ’ল কি হ’ল, নামঘৰত দেখোন এই কোচৰ নামতিৰে নাম শুনি ধন্য হৈছে৷ এই কোচৰ বিলনীয়েৰে দিয়া প্ৰসাদেই মুখত লৈছ৷”
সিহঁতৰ কাজিয়াত গোটেই গাঁওখনেই নদীৰ পাৰত গোট খালে৷ ইমানদিনে সমিলমিলেৰে থকা গাঁৱৰ মানুহখিনি কোচ আৰু কলিতা এইদুটা ভাগত বিভক্ত হৈ পৰিল৷ বাকী দুই এঘৰ আহোম তথা নাথ মানুহ আছিল তেওঁলোকে কাকো সমৰ্থন নকৰি আঁতৰতে ৰৈ থাকিল৷
গাঁওখনত কোচ, কলিতা, আহোম, নাথ উপাধিৰ মানুহখিনিয়েই আছে যদিও কোচ আৰু কলিতা মানুহখিনিৰ সংখ্যা সৰহ৷ নিজৰ জাতক লৈ সৰু-সুৰা খুত-খাঁট লাগি থাকে যদিও কিবাকৈ মিত-মাত হৈ থাকে৷ বাপুকন বহুত বছৰ ধৰি নামঘৰৰ নামতি হৈ থকা কথাটোক আঙুলিয়াই দিয়া বাবে কলিতা চুকৰ পূৰ্ণকো প্ৰথমে দেউৰী বাব দিয়া হ’ল৷ লাহে লাহে পূৰ্ণইও নামতি হ’বলৈ জেদ কৰিবলৈ ধৰিলে৷ সেয়ে বাপুকন আৰু পূৰ্ণৰ মাজত অলপ মনোমালিন্য চলিয়েই আছে৷ তাৰে গইনা লৈ মানুহখিনিৰ মাজত কোচ-কলিতা বুলি সৰু-সুৰা অৰিয়াঅৰি চলিয়েই থাকিবলৈ লৈছিল৷
ইফালে অকনৰ মাকৰ নিজৰ কলিতা জাতক লৈ বৰ অহংকাৰ৷ গাঁৱৰ মহিলাসকলৰ আই নাম, সবাহ আদিত সদায়েই তেওঁক সকলোতকৈ আগত আসন দিয়াটো বিচাৰে৷ তেওঁৰ মতে কলিতা ওপৰৰ জাত৷ গতিকে নামত সকলোতকৈ আগত স্থান পাব লাগে৷ এইবোৰ চলিয়েই আছিল, তেনেতে বাপুকনৰ ডাঙৰ জীয়েকক অকনৰ পেহীয়েকৰ পুতেকে পলুৱাই নিয়াক লৈ নদীৰ ঘাটত অকনৰ মাকৰ লগত বাপুকনৰ কাজিয়াখন হ’ল৷
সেই কাজিয়াৰ পাছৰ পৰাই বাপুকনে নিজৰ মাজু তথা সৰু জীয়েকক গাঁৱত ওলোৱা সোমোৱাও প্ৰায় বন্ধ কৰি দিছিল৷ দিনৰ প্ৰায় দহমান বজাত নদীত কাপোৰ ধুবলৈ গাঁৱৰ ছোৱালী-বোৱাৰীবোৰ একেলগে যায়৷ বাপুকনে মাজু জীয়েক সৰুমণিক ভৰ দুপৰীয়া নিমাওমাও হৈ থকা নদীৰ ঘাটত কাপোৰ ধুবলৈ পঠিয়ায়৷ ইতিমধ্যে অকন গাঁৱলৈ আহি খুকনৰ দোকানত দিনৰ দিনটো বহি থাকিবলৈ লৈছিল৷ তেনেকৈয়ে খুকনৰ দোকানৰ বাহিৰত অকলে অকলে বহি থকা অকনৰ লগত সৰুমণিৰ প্ৰেম হ’বলৈ ল’লে৷ আগতে গাঁৱৰ ছোৱালীবোৰৰ লগত কাপোৰ ধুবলৈ নদীৰ ঘাটলৈ যাব নোপোৱাৰ বাবে কন্দা-কটা কৰা সৰুমণিয়ে হাঁহি হাঁহিয়েই ভৰ দুপৰীয়াখন কাপোৰ ধুবলৈ নদীৰ ঘাটলৈ যাবলৈ ভাল পোৱা হ’ল৷ লাহে লাহে খুকনৰ বন্ধ দোকানৰ আগৰ বেঞ্চত অকলে অকলে বহি থকা অকন দেখোন নবহা হ’ল৷ সেইখিনি সময়ত গাঁৱৰ প্ৰায়বোৰ মানুহেই ভাত ঘুমতি মাৰে৷ সেয়ে গাঁৱৰ কোনোৱেই কথাটো মন কৰা নাছিল৷ পিচে কথাটো লাহে লাহে বজাৰৰ পৰা উভতি অহা সিখন গাঁৱৰ ইটো-সিটোৰ চকুত পৰিবলৈ ধৰিলে৷ মানুহৰ মাজত বু বু-বা-বা হ’বলৈ বেছি দিন নালাগিল৷ কথাটো শুনি আটাইতকৈ সুখী হ’ল খুকন দোকানী৷ ঘৰলৈ গৈ ভাত খাই শুলে বহু দেৰি হৈ যায়৷ দোকান খোলাও দেৰি হৈ যায়৷ তেতিয়া কোনো কোনো গ্ৰাহকে সিখন গাঁৱৰ চন্দ্ৰ দোকানীৰ দোকানলৈ যায়গৈ! সেয়ে অকনৰ ওপৰত খুকনৰ খং উঠি আছিল৷ যিনহওক খুকনে আকৌ দোকানতেই দুপৰীয়াৰ সময়ছোৱা কটাবলৈ ল’লে৷
এদিন ভাতঘুমতি মাৰি থকা অৱস্থাত খুকনৰ দোকানৰ দুৱাৰত কোনোবাই ঢকিয়াবলৈ ধৰিলে৷ ’এই ভৰ দুপৰীয়াখন কাৰ কি হ’ল’ – বুলি খুকনে দোকানৰ পাত্তাখন খুলোঁতে দেখে সন্মুখত দীপকে ফোঁপাই-জোপাই ৰৈ আছে৷ খুকনে কিবা কওঁ বোলোতেই দীপকে ক’বলৈ ধৰিলে-
“খুৱাদৌ অউ! এই অকনটো বৰ অসভ্য দেই! সি তোৰ দোকানত নবহি ক’ত থাকে জাননে, সেই নদীৰ ঘাটত সউমণিৰ লগত কথা পাতি থাকে৷ মই আজি গাভিনী গৰুজনীক হেম্বেলিয়াই থকা কাৰণে পথাৰৰ পৰা আনিবলৈ গৈ গৰম পৰা বাবে গোটেইজাক গৰুকে লৈ আনিলো৷ ভাবিলো নদীত জোবোৰা মৰাই আনো, সেয়ে নদীৰ ঘাটলৈ গৈছিলো৷ মই ’হুইট হুইট’কৈ গৰু খেদি যোৱা শব্দৰ কাৰণেই নে কি নাজানো দুইটা জোপোহানিৰ পৰা ওলাই আহিল৷ কিমান দিন ধৰি এইবোৰ কাণ্ড হৈ আছে কোনে জানে! ইফালে আকৌ বাপুকন খুৱাদৌ আৰু অকনৰ মাকৰ মাজত আগৰে পৰাই দেখোন কাজিয়া চলিয়েই আছে! কি যে হ’ব গাঁওখনত! আকৌ ডাঙৰ কাজিয়া হ’ব ছাগৈ! ”
কথাখিনি শুনি খুকন দোকানীৰো খং উঠিল৷ –
“হয় দে, এই অকনৰ স্বভাৱ ভাল নহয়৷ নহ’লে একে গাঁৱৰে ল’ৰা-ছোৱালী ভাই-ভনীহে হয়৷ হওঁতে আমাৰ গাঁৱৰ ছোৱালী বেলেগ গাঁৱৰ ল’ৰালৈ পলাই গৈছে, বেলেগ গাঁৱৰ পৰাও আমাৰ গাঁৱৰ ল’ৰাই ছোৱালী পলুৱাই আনিছে৷ পিচে একেখন গাঁৱৰে ল’ৰা-ছোৱালীয়ে এনে বেয়া কাম কৰা, বুঢ়া হ’লোহি, কেতিয়াও শুনাও নাই, দেখাও নাই৷ কি যে দিন আহিল! ”
দীপকে পুনৰ ক’লে-
“এটা কাম কৰোঁ নেকি! বাপুকন খুৱাদৌক কৈ দিওঁ নেকি! নহ’লে আপুনিয়েই কওক৷ মোক অকন আৰু সউমণিয়ে দেখিছে৷ মোকেই সন্দেহ কৰিব৷ আৰু অকনৰ যিহে মুখ, মোক য’তে ত’তে গালি পাৰি থাকিব৷ ভয় লাগে অ’ খুৱাদৌ! মই ইমান কথা ক’ব নোৱাৱোঁ৷”
“ময়ো নোৱাৰিম হে”-খুকন দোকানীয়ে ক’লে, –
“কিয় জান? এই দোকানখনেৰেই ঘৰখন চলাই আছো৷ মোৰ খেতিৰ মাটিও তহঁতৰ সমান নহয়৷ গাঁওখনত কোচ, কলিতাৰ মাজৰ যুঁজখন চলিয়েই থাকে৷ অথচ মোৰ দোকানলৈ সকলো আহে৷ মই বাপুকন কাইদৌক ক’লে কলিতা মানুহখিনি মোৰ দোকানলৈ নহা হ’ব আৰু অকনৰ মাকক ক’লে কোচ মানুহখিনিও নহা হ’ব৷ গতিকে কাকো ক’ব নালাগে, কথাবোৰ নিজে নিজেই ওলাব৷”
লাহে লাহে অকন-সৰুমণিৰ পিৰিটিৰ কাহিনীয়ে গাঁওকেইখন ৰজনজনাই গ’ল৷ বাপুকনে গম পাই সৰুমণিক খুব পিতিলে৷ ঘৰৰ পৰা ওলোৱা বন্ধ কৰি দিলে৷ তেতিয়াৰে পৰা অকণক আকৌ খুকনৰ দোকানত সকলো সময়তে দেখা গ’ল৷ এদিন বাপুকনৰ সীমাৰ জেওৰাখনৰ কাষত অকণক জুপি থকা অৱস্থাতে দুলালে ধৰা পেলাই ঘৰৰ চোতাললৈ আনিলে৷ কথাটো গম পাই কোচ-কলিতা দুয়ো চুকৰ মানুহখিনি দৌৰি আহিল৷ অকণক ধৰি অনা অথবা অকনে বাপুকনৰ সীমাত জুপি থকা কথাটোতকৈ আকৌ একেই সেই কোচ-কলিতা মানুহখিনিৰ মাজৰ কাজিয়াহে হৈ পৰিল৷ অৱশ্যে শেষত সকলোৱে ক’বলৈ ধৰিলে যে যিহেতু অকন-সৰুমণিৰ মাজত ভালপোৱা হৈছে সিহঁতক বিয়া পাতি দিয়াই ভাল হ’ব৷ ঘেঁহো-নেহোঁকৈ অকনৰ মাকো মান্তি হ’ল৷ কিন্তু বাপুকনে কোনো পধ্যেই এই বিয়াৰ বাবে সন্মত নহ’ল৷ তাকে দেখি অকনৰ মাকৰ আকৌ সেই কলিতা তেজ উঠি আহিল, –
“নিজৰ ল’ৰা বুলিয়েই কলিতা হৈও তোৰ জীয়েৰক বোৱাৰী মানিবলৈ মান্তি হৈছো৷ নহ’লে তহঁতৰ হাতেৰে পানী এগিলাছো নাখাওঁ, বুজিছনে!”
বাপুকন জাঙোৰ খাই উঠিল –
“বৰ একেবাৰে কলিতা কলিতা কৰি থাকে, পুতেৰে দেখোন কোচৰ ছোৱালীহে বিচাৰি থাকে৷”
“তোৰ ছোৱালীও জানো কম? কোনো গাভৰু ছোৱালীয়ে ভৰ দুপৰীয়াখন নদীৰ পাৰত, জোপোহানিৰ আঁৰত ডেকা ল’ৰাৰ লগত গা-ঘেলাই নাথাকে৷ আগতে নিজৰ জীয়েৰক শাসন কৰ৷”
“নিজৰ ছোৱালী বেঙী, সেয়ে এনে কাম কৰিব পাৰিছে৷ পুতেৰে যে মোমায়েকৰ ঘৰত থাকোঁতেই বিহাৰী ছোৱালীৰ লগত লেটি-পেটি কৰি ফুৰিছিল সেইটোত কি ক’বি? ”-বাপুকনো এৰি দিয়া ভকত নহয়৷
“কলিতা হ’লি বুলিয়েই ইমান অসভ্য ল’ৰালৈ বিয়া দিয়াতকৈ মোৰ ছোৱালীক ঘৰতে বুঢ়ী হ’বলৈ দিম, তথাপিও অকনলৈ নিদিওঁ৷”
ইমান সময়ে কোনো মতে একো নোকোৱাকৈ থকা অকনে ক’বলৈ ধৰিলে-
“কাইদৌ অ’, বিহাৰী ছোৱালীৰ কথাখিনি মই নোকোৱা হ’লে কোনেও গমেই নাপালেহেঁতেন! তইনো কি জান? হৈছিল আও কিবা ভালপোৱা! পিচে এইবাৰ সউমণিক সঁচাকৈয়ে ভাল পাই পেলাইছো৷ গাঁৱৰ সকলোৱেই কৈছে, বিয়া দে, স-সন্মানেৰে তাইক বিয়া কৰাই লৈ যাওঁ৷ নহ’লে আও যি দেখিছো সউমণিক পলুৱায়েই নিব লাগিব৷ “
“তোক কাটি দুচেও কৰিম মই, তই যদি তাইক বিয়া কৰোৱাৰ কথা কৱ৷ আৰু তোৰ দম আছে মোৰ ছোৱালীক পুলৱাই নিবলৈ! মই নামঘৰৰ নামতি হয়৷ তহঁতক মই এঘৰীয়া কৰিম৷”
“তই নামতি হ’লি বুলিয়েই কোনেও তোক অধিকাৰ দি থোৱা নাই যে কাৰোবাক তই খেলৰ পৰা এঘৰীয়া কৰিবি”- ইমান সময়ে শুনি থকা অকনৰ মাহীমাকৰ ল’ৰা গোবিন এইবাৰ আগবাঢ়ি আহিল৷ লগতে কলিতা চুকৰ আৰু বহুকেইজন আগবাঢ়ি আহিল৷ তাকে দেখি কোচৰ ফালৰো কোনো বহি নাথাকিল৷ ফেপেৰী পতাৰ যুঁজখন আৰু অলপ দেৰি চলিল৷ বয়সীয়াল কেইজনমানে লাগি মেলি যুঁজখন কোনোমতে ৰখালে৷ বাপুকনৰ গুঁজৰণি চলি থাকিল, –
“তোক মই চাই ল’ম কেনেকৈ তই মোৰ ছোৱালী পলুৱাই নিয়!  তোৰ ইমান তাগজেই নাই৷ মোৰ বাৰীৰ সীমাত জুপি থকাৰ দৰে ৰাতিৰ ৰাতিটো খপি থাকিবি, কিন্তু মোৰ ছোৱালী তোৰ হাত নালাগে”… –বাপুকনে আৰু কিবা-কিবি বকি থাকিল৷
মানুহবোৰ আকৌ উত্তেজিত হৈ উঠিল৷ এইবাৰ অকনে গহীন হৈ মাত দিলে-
“বহুত ক’লি তহঁতে! কৈছ নহয় মই পলুৱাই নিব নোৱাৰোঁ৷ জুপি জুপি আহি তহঁতৰ বাৰীৰ ঢাপত চোৰৰ দৰে ৰৈছিলো বুলি, শুনি ল, মই তাইক চোৰ কৰি নিবলৈ, পলুৱাই নিবলৈ অহা নাছিলো৷ লগ পাবলৈহে আহিছিলো৷ তহঁতে তাইক মাৰি-পিটি আছ বাবেই আহিছিলো তাইক চাবলৈ! বেয়া লাগি আছিল, মোৰ বাবেই তাইক তহঁতে মাৰি আছ! আৰু যদি পলুৱাই নিবই লাগে, তেন্তে মই অকনে কৈছো তোক, তোৰ ছোৱালীক মই দিনে-পোহৰতেই, সমজুৱাৰ আগৰ পৰাই পলুৱাই নিম৷ এয়া সমাজৰ আগতেই কৈ থ’লোঁ৷ তাইক পলুৱাই নিব নোৱাৰিলে মই জীৱনত বিয়াই নাপাতোঁ৷ শুনি ল বাপুকন কাইদৌ, মই তোৰ ছোৱালী সউমণিক এদিন নহয় এদিন সমজুৱাৰ আগতে, দিন দুপৰতেই পলুৱাই নিম৷ “- এইবুলি কৈ অকন গপ-গপকৈ যাবলৈ ধৰিলে৷
হঠাতে অকনৰ এনে গহীন কথা শুনি মানুহবোৰ থৰ লাগিল৷ লাহে লাহে তাৰ পিচে পিচে কলিতা চুকৰ মানুহখিনিও গৈ থাকিল৷ ইফালে কোচৰ ফালৰখিনিয়ে বাপুকণক সৰুমণিৰ ওপৰত তথা অকনৰ ওপৰতো চকু ৰাখিবলৈ ক’লে৷ লগতে সৰুমণিক কোনোবা ল’ৰা চাই সোনকালেই বিয়া দিয়াৰ কথাও ক’লে৷
গাঁওখনত দুদিনমান কিবা এক নিস্তব্ধতাই গ্ৰাস কৰিলে৷ তেনেতে গাঁৱৰ বছৰেকীয়া বৰসবাহৰ দিন স্থিৰ কৰিবলৈ গাঁৱৰ ধন ভৰালীয়ে সকলোকে নামঘৰলৈ মাতিলে৷ তেতিয়াহে সকলোবোৰ অলপ সহজ হৈ পৰিল৷ সকলো মিলি বৰসবাহৰ যো-জাত ব্যস্ত হৈ পৰিল৷
অকণকো দুদিনমান অ’ত-ত’ত আমন-জিমনকৈ বহি থকা দেখা গ’ল৷ তাকে দেখি এইবাৰো চন্দ্ৰ দাইটি আৰু সোণাৰামে অকনে বাপুকনৰ ঘৰত দি অহা চেলেঞ্জৰ কথাক লৈ ঠাট্টা কৰিবলৈ লাগিল-
“ই নিজৰ বাবেই একো এটা কৰি খাব নোৱাৰে, ছোৱালী পলুৱাই নিয়াৰ ধমকি দিয়ে৷ তাকো দিন-দুপৰতে, সমজুৱাৰ আগতে হেনো সউমণিক পলুৱাই আনিব বোলে! এই সউমণিয়েও আৰু বেলেগ ল’ৰা নাপালে আও দেই! তাইক নি কি খুৱাবি অই! অকণমান লাইটৰ কাম কি জানে, তাতেই বৰ ফিতাহী৷ ”
অকনৰ সেইবোৰলৈ খবৰ নাই৷ কেইদিনমান কিবা ভাবি থকাৰ দৰে লাগিল৷ লাহে লাহে আকৌ সেই নিয়মীয়া আড্ডা মাৰাৰ স্বভাৱত অকণক অনবৰতে খুকনৰ দোকানত বহি থকা দেখা গ’ল৷ কোনোবাই ঠাট্টা কৰি সুধিও দিয়ে-
“অকন অই! তই কি তোৰ সেই চেলেঞ্জ পাহৰি গ’লি নেকি?  শুনা মতে সউমণিক বোলে সিদিনা কোনোবা ল’ৰাই চাই গৈছে৷ সকলো ঠিক হ’লে বিয়া বোলে এই বহাগতেই হ’ব৷ তই এই দোকানৰ বেঞ্চতে বহি সউমণিৰ বিয়া চাবি দেই! ছেহ! তোলৈ বেয়াই লাগিছে৷ মিছাতে তই তাইক নেপালে জীৱনত বিয়া নাপাতোঁ বুলি কৈ আহিলি! ”
তেতিয়া অলপ সময়ৰ বাবে অকণক মুজৰি যোৱা যেন লাগে৷ পিচে অলপ পাছতেই আকৌ একেই তত্পৰতাৰে আড্ডাথলি মুখৰিত কৰি তোলে৷ অকনৰ এই অন্যমনস্কতা দেখি মানুহবোৰে ধৰি ল’লে যে অকনে সউমণিক পলুৱাই নিব নোৱাৰাটো খাটাং৷ সেয়ে অকনে সেই বিষয়টোক লৈ একো নোকোৱা হ’ল৷ অলপদিন তেনেকৈয়ে গ’ল৷ গাঁওখনত স্বাভাৱিক অৱস্থা ঘূৰি আহিল৷ মানুহবোৰ খেতি-খোলাত ব্যস্ত হৈ পৰিল৷ বহাগ বিহুৰো কেইদিনমান গ’ল৷ অহুকানে-পহুকানে সৰুমণিৰ বিয়াৰ আয়োজন চলিছে বুলিও কোনোবাই কোনোবাই ক’বলৈ ধৰিলে৷ কিন্তু সঠিককৈ কোনেও ক’ব নোৱাৰিলে৷ অকণক অন্যমনস্ক হৈ থকা দেখি মানুহবোৰে তাক জোকোৱাটোও এৰি দিলে৷
তেনেতেই এদিন মাজৰাতি বাপুকনৰ ঘৰৰ পিচফালেদি গৈ কোনোবা এজনে হাতত চিপৰাং লৈ পাকঘৰৰ কেঁচা মাটিৰ ভেঁটি খান্দিবলৈ লাগিল৷ কাহিলীপুৱালৈ এটা খীন-মিন মানুহ সোমাব পৰা গাঁত হ’ল৷ সেই গাঁতেদি সোমাই চোৰে বাপুকনৰ পাকঘৰৰ পৰা পিচফাললৈ যোৱা দুৱাৰখন খুলি লৈ পাকঘৰৰ সমস্ত বাচন-বৰ্তন, চৰু-কেৰাহী লৈ লাহে লাহে দমকলৰ ওচৰৰ চুৱা-পাতনিত পেলাবলৈ ধৰিলে৷ শেষৰফালে দৌৰা-দৌৰিত দুটামান বাচন হাতৰ পৰা পৰি শব্দ হোৱাত চোৰ লগে লগেই উধাও হৈ গ’ল৷ সেই শব্দতেই বাপুকনৰ ঘৰৰ সকলো টোপনিৰ পৰা সাৰ পালে৷ পুতেক দুলালে ঘৰৰ একো বস্তু চুবলৈ নিদি ঘৰৰ বাহিৰলৈ ওলাই আহি পোহৰ হোৱালৈকে চোতালতে ঢাৰি পাতি বহি থাকিল৷
পোহৰ হোৱাৰ লগে লগেই বাপুকনৰ ঘৈণীয়েক মাকনৰ আটাহ পৰা চিঞৰত গাঁওখনে সাৰ পালে৷ চিঞৰ শুনি অকনে সৰুমণিক পলুৱাই অনা বুলি ভাবি মাকে অকনৰ ৰুমলৈ গৈ আলনাত কেঁচা মাটি লাগি থকা অকনৰ কাপোৰসাজ দেখি উচপ খাই উঠিল৷ দুৰ্ঘোৰ টোপনিত থকা অকণক জোৰ কৰি উঠাই দিলে, –
“তই কি কৰিলি?  সউমণি ক’ত?  বাপুকনৰ ঘৰৰ পৰা মাকনৰ কান্দোন শুনিছো যে! তই যদি তাইক পলুৱাই আনিছ তেন্তে ক’ত থৈছ.? সোনকালে নিয়ম-কানুন কৰি ফোট সেন্দূৰ দি দিলে বাপুকনে একো কৰিব নোৱাৰে৷”
“হেই মাই! তাইক অনাই নাই ৰহ! আনিম হে এতিয়া৷ তই সকলো সাজু ৰাখ৷ মই গোবিন ককাইকো এবাৰ কৈ যাওঁ৷ দৰকাৰ হ’লে সহায় কৰিব বুলি কৈছিল৷ “
“ৰচোন! বাপুকনৰ ঘৰত হৈছে কি তেন্তে?”
অকনে হাঁহি হাঁহি ক’লে, – “চোৰে সিন্ধি খান্দিছিল…! ”
আলনাত থকা কেঁচা মাটি লগা অকনৰ কাপোৰসাজলৈ আঙুলিয়াই মাকে সুধিলে, –
“ তাৰমানে তয়েই সিন্ধি খান্দিছিলি? ছিঃ ছিঃ তই কিয় এনে কৰিলি? আমাৰ বংশৰ ল’ৰাই সিন্ধি খান্দি চোৰ কৰিবলৈ যায়! ” –ৰাওচি জুৰি অকনৰ মাকে কান্দিবলৈ ধৰিলে৷ কান্দোন শুনি মাহীমাকৰ ফালৰ ককায়েকহঁত তথা বংশৰ মানুহখিনিও আহিল৷
তাকে দেখি অকন সচকিত হৈ পৰিল-
“হেই মাই, ৰ’বি, এনেকৈ কান্দি মোৰ কামখিনিত বাধা নিদিবি৷ মই একো চোৰ কৰা নাই৷ তহঁত সকলো সাজু হৈ থাকিবি৷ মই তাইক লৈ আহি আছো৷”
“তাই জানে জানো যে তই আজি তাইক আনিবি বুলি! ”- মাকে আকৌ সুধিলে৷
“হ’ব, তই সেইটো চিন্তা নকৰিবি৷ কথা পাতিব পৰা নাই৷ কিন্তু তাই বুজি পাব, ”-কিবা এক গভীৰ বিশ্বাসেৰে কথাখিনি কৈ অকনে জীৱনত প্ৰথমবাৰৰ বাবে মাকক সেৱা এটি কৰি ওলাই গ’ল৷
ইতিমধ্যে বাপুকনৰ চোতালত মানুহৰ জুম৷ অকনৰ ইংগিতত কলিতা চুকৰ কিছু মানুহো বাপুকনৰ চোতাল পাইছিলগৈ৷ সকলোৱে চোৰৰ নামত গালি পাৰি আছে৷ কোনো কোনোৱে সৰুমণিৰ বিয়াৰ বাবে জা-যোগাৰ কৰাৰ বাবেই সেইবোৰ চুৰ কৰিবলৈকে চোৰে সিন্ধি খান্দি সোমাল বুলিও মন্তব্য কৰিলে৷ তেনেতে পুলিচো আহিল৷ মানুহবোৰ পুলিচৰ লগত ব্যস্ত হৈ পৰিল৷ এই ছেগতে ইফালে-সিফালে আমন-জিমনকৈ থিয় হৈ থকা সৰুমণিক কলিতা চুকৰ এজনে সাউতকৈ কিবা ক’লে৷ তাই লগে লগেই ঘৰৰ ভিতৰলৈ গৈ টোপোলা এটা লৈ ওলাই আহিল৷ বাপুকন, পুতেক দুলাল পুলিচৰ লগত পাকঘৰৰ সিন্ধি খন্দা ঠাইত আছিল৷ মাক মাকনে কান্দি কান্দি ভাগৰি ইতিমধ্যে চোতালৰ ঢাৰিতে শুই পৰিছিল৷ সৰু ভায়েক-ভনীয়েকহাল নিজৰ নিজৰ লগৰবোৰৰ লগত খেলি আছিল৷ সৰুমণিয়ে ৰাস্তালৈকে ওলাই অহালৈকেহে চুচুক-চামাক কৰি আছিল, ৰাস্তাত অকণক দেখাৰ লগে লগেই তাৰ হাতত ধৰি অকনৰ ঘৰৰ ফালে দৌৰিবলৈ ল’লে৷
লাহে লাহে অকন লাইটমেনৰ আন বহুতো নামৰ লগতে আৰু এটা নাম যোগ হ’ল, অকন ছোৱালী চোৰ৷

☆★☆★☆

24 Comments

  • তৃষ্ণা সো.

    গল্পটো পঢ়ি অসামান্য তৃপ্তি পালো বা।

    Reply
    • Gitika Saikia

      ধন্যবাদ তৃষ্ণা। গল্পত তোমাৰ হাত যথেষ্ট পৰিপক্ক

      Reply
  • ৰাজদ্বীপ বৰা

    বাঃ ! মনোৰম !

    Reply
    • গীতিকা শইকীয়া

      ধন্যবাদ।

      Reply
  • পাৰবীন

    “তাইৰ কোব চা, এইমাত্ৰ পলাই আহি এতিয়া আকৌ লাজ কৰি কইনা হৈ দেখাইছে…”

    একেবাৰে খাটি গাঁৱলীয়া সমাজখনহে তুলি ধৰিলে যেন। খুব ভাল লগা এটি গল্প

    Reply
    • গীতিকা শইকীয়া

      তোমাৰ কথাই সদায়েই প্ৰেৰণা দি আহিছে। মৰম।

      Reply
  • Rajib Sarma

    দীঘল হৈছে যদিও একেবহাতে পঢ়িলো।গাঁৱৰ পৰিবেশ চিত্ৰণ নিখুত হৈছে।অকন আৰু সৰুমণিলৈ শুভকামনাৰে।

    Reply
    • গীতিকা শইকীয়া

      হয়, যথেষ্ট দীঘল হ’ল। চমুৱাবলৈ সময়ৰ নাটনি হ’ল। অশেষ ধন্যবাদ।

      Reply
  • ৰাস্না বৰা

    একেবাৰে সহজ সৰল ভাষাৰে অসমীয়া গ্ৰাম্য জীৱনৰ জাত পাতৰ খিয়লা খিয়লিৰ মাজতে ঘটা এটা আমোদজনক ঘটনা চিত্ৰিত কৰিলা গীতিকা। ভাল লাগিল

    Reply
    • গীতিকা শইকীয়া

      ধন্যবাদ বা। আপোনালোকৰ উত্সাহভৰা কথাবোৰেই প্ৰেৰণা যোগাই আহিছে।

      Reply
  • ভাল লাগিল

    Reply
  • খুব ভাল লাগিল

    Reply
  • Papari Barman

    খুব ধুনীয়া ৷

    Reply
  • Rintumoni Dutta

    আপোনাৰ লিখনশৈলী খুব সুন্দৰ আৰু সাৱলীল। ভাল লাগিল পঢ়ি

    Reply
  • parishmita

    একে উশাহে পঢ়িলোঁ। বৰ সুখপাঠ্য গল্প।

    Reply
  • অনুৰূপ মহন্ত

    ইমান দীঘল যদিও একে উশাহতে পঢ়িলোঁ। বৰ ভাল লাগিল।

    Reply
  • দীঘল হৈছে যদিও একেবাৰতে পঢ়িলোঁ, বৰ ভাল লাগিল।

    Reply
  • Mitali saharia

    বহুত ধুনীয়া লাগিল।

    Reply
  • ঈশান

    গ্ৰাম্য ভাষাৰে সমৃদ্ধ এটা ৰসাল গল্প ৷ বৰ্ণনাশৈলী বৰ ভাল পালোঁ গীতিকা বা ৷ লিখি থাকিব এনেকৈয়ে সদায় ৷ ধন্যবাদ ৷

    Reply
  • attraye

    অ’ বা দুবাৰ পঢ়িলোঁ৷আকৌ পঢ়িম পিছবেলা৷বেলেগ সোৱাদ পাইছো৷

    Reply
  • অত্ৰেয়ী গোস্বামী

    অ’ বা দুবাৰ পঢ়িলোঁ৷আকৌ পঢ়িম পিছবেলা৷বেলেগ সোৱাদ পাইছো৷

    Reply
    • গীতিকা শইকীয়া

      ধন্যবাদ দেই! তোমাৰ মন্তব্যই সঁচাকৈয়ে উত্সাহিত কৰিলে।

      Reply
  • শঙ্কৰ জ্যোতি বৰা

    মজ্জা৷

    Reply
  • অৰ্চনাময়ী বড়া

    ভাল লাগিল.

    Reply

Leave a Reply

Your email address will not be published.