ফটাঢোল

সুখ দুখ – বৈদুৰ্য্য বৰুৱা

মতিৰ মনটো কেইদিনমানৰপৰা বেয়া। মাজে মাজে কথাটো মনত পৰিলেই তাৰ টিঙিচকৈ খংটো উঠে। অলপ দেৰিৰ আগতে কিন্তু তাৰ মনটো ভাল লাগিছিল। এতিয়া আকৌ বেয়া। কোন হাৰামীয়ে তাক ঠগন দিলে বাৰু! চাল্লা বজ্জাত চব!
কেইদিনমানৰ আগতে সি সন্ধিয়া বজাৰলৈ গৈছিল। চালানী মাছ এপোৱা, মচুৰ ডাইল আৰু মগু ডাইল মিলাই এপোৱা, আলু কেইটামান, পিয়াঁজ দুটা, পাচলি দুটামান লৈ সি শংকৰৰ পাণ ঘূমটিৰপৰা বিড়ি এমুঠা ল’লে। মানিবেগটোৰপৰা সি বিশটকীয়া এখন উলিয়াই শংকৰৰ হাতত দিলে। সি হিচাপত দহ টকা ঘূৰাই পাব। শংকৰে নোটখন তাৰ বেটাৰীৰে জ্বলা লাইটটোৰ ফালে দাঙি চালে।
: বেলেগ এখন দে। এইখন ফটা।

: ফটা!
মতি কিছু উচপেই খাই উঠিল।

: এইয়া চা। ফুটা এটা আছে।

: চাল্লা! কোন মা…দাই দিলে!

মতিয়ে ভোৰভোৰাই ভোৰভোৰাই বেলেগ দহটকীয়া এখন উলিয়াই দিলে।
সি আহোঁতে ৰাস্তাত ভাবি আহিল কোনে দিলে বাৰু তাক ফটা টকাটো! মাছৰ বেপাৰীয়ে নে পাচলিৰ বেপাৰীয়ে? নে গেলামালৰ দোকানীয়ে? কিন্তু ভাবিওতো লাভ নাই এতিয়া। এইবোৰৰ ডিচিচন লগে লগে হ’ব লাগে। লগে লগে কথাটো ধৰা পৰা হ’লে কথা বেলেগ আছিল। ছেঃ! নিজৰ ওপৰতে খং উঠিল তাৰ। কিন্তু সি এইখন যেনেতেনে পাৰ কৰিব লাগিব।
ৰাস্তাৰ কাষৰ বস্তিৰ ৰামবিলাসৰ দোকানত সোমালগৈ সি। সি ঘৰত সোমোৱাৰ আগতে সদায় ৰামবিলাসৰ দোকানত দুগিলাচ খাই যায়। ৰামবিলাসৰ তাত সি সেইদিনাও দুগিলাচ সোনকালে সোনকালে খাই অলপ নিচা ধৰাৰ দৰে কৰি ৰামবিলাসক অলপ হালিজালি নোটখন অলপ জাপি দুই আঙুলিৰ মাজত চেপি আগবঢ়াই দিলে। ৰামবিলাসে নোটখন লৈ আকৌ লাইটটোৰ ফালে মেলি চালে। মতিৰ বুকুখন ঢিপিংকৈ মাৰিলে। চাল্লা। সি বাৰু নোটখন কেলেই ইহঁতৰ দৰে নাচালে!
: এই মতি, দোচোৰা দ’। য়ে নোট ফাটা হ্যায়।

: ফাটা হায়! চাল্লা। য়ে হামক’ গোপীনাথ নে দিয়া থা।
মতিয়ে ভোৰভোৰালে। ৰামবিলাসেও গম পালে যে মতিয়ে নিজৰ লাজ ঢাকিবলৈকে তেনেকৈ কৈছে! সি মতিলৈ যেনেকৈ চালে তাৰ নাকটোৰ পাহি দুটাৰ তলত দুডাল দীঘল ৰেখা জিলিকি উঠিল। মতিয়ে বেলেগ এখন বিশটকা দি তাৰপৰা ওলাই আহিল।
কোন হাৰামীয়ে তাক ঠগিলে চাল্লা!
মতিৰ মূৰটো গৰম হৈ আছিল। ঘৰলৈ গৈ সি ঘৈণীয়েকৰ লগত সামান্য কথাতে এখুন্দা লাগিলেও। ভাত পানী খাই মতি শুলে যদিও সমগ্ৰ নিশা সেই ফটা বিশটকীয়াখনৰ সপোনেই দেখি থাকিল। পিছদিনা সি কামলৈ ওলাই যাওঁতে ভাবি গ’ল আজি নোটখন যেনে তেনে চলাবই লাগিব। কুশলৰ চাহৰ দোকানত চাহ খাই সি সেই বিশটকীয়াখন আগবঢ়াই দিলে। কুশলে কেচবক্সত টকাটো ভৰাইছিলেই। কিন্তু আকৌ হঠাত হাতখন উলিয়াই আনিলে।

: নোটখন ফটা অ’ মতি।

: ফটা! চাওঁ!
মতিয়ে যেন একো নাজানেই তেনেকৈ কুশলক ক’লে। কুশলে মতিলৈ এবাৰ চাই নিজৰ কামত লাগিল।

: এইখন জৰুল হাৰুণ কণী বেপাৰীয়ে দিলে। দেখিছ কেনেকুৱা বদমাছ!
মতিয়ে ভোৰভোৰাই কৈ বেলেগ এখন নোট দিলে কুশলক। কুশলে একো নুশুনাৰ দৰেই থাকিল।
মতিৰ মূৰটো আকৌ গৰম হৈ আহিল। কোন হাৰামজাদাই তাক এইখন নোট দিলে বাৰু!
মতিয়ে বিভিন্ন দোকানত বিভিন্ন ধৰণেৰে নোটখন চলাবলৈ চেষ্টা চলাই গ’ল। কিন্তু নোৱাৰিলে। সি ধৰা পৰি গ’ল প্ৰত্যেকবাৰেই। সি মন কৰিলে তাৰ এই নোটখন চলাবলৈ যোৱাৰ নামত অযথা কিছুমান খৰচ বাঢ়ি গৈছে। নোট চলাবলৈ নলগা বস্তুও কিনিছে আৰু ধৰা পৰি ভাল নোট দিব লগা হৈছে। সি নোটটোৰ ফটা অংশটো আঙুলিৰে চেপি আগবঢ়াই চাইছে। ভাঁজ কৰি দি চাইছে। তলে ওপৰে বেলেগ নোট দি আগবঢ়াইছে। ওঁহো! সি প্ৰত্যেকবাৰেই ধৰা পৰি গৈছে। সি যিমানেই সৰল সহজৰ ভাও ধৰি নোটটোলৈ চাই, “আৰে, এইটো কোনে দিলে,” বা, “চাল্লা এইটো অমুকে দিলে’’ আদি কৈ একো নজনাকৈ দিয়াৰ ভাও নধৰক কিয়, সি নিজেই অনুভৱ কৰিছে যে তাৰ কাৰচাজিবোৰ প্ৰত্যেকেই গম পাই গৈছে।
কোন চাল্লা হাৰামীয়ে দিলে তাক এই ফটা নোটটো!
নোটটো মতিৰ চকুত পৰিলেই খং উঠা হ’ল। নোটৰ ফুটাতো ইমান বেয়া ঠাইত আছে যে সেইটো কিবা চেলুটেপ মাৰি বা সাৱধানেৰে বেলেগ এখন কাগজৰ টুকুৰা মাৰিলেও ধৰা পৰে। মাজতে সুশীলে কৈছিল যে এইখন নোট চলোৱাৰ দুটাই উপায় আছে, হয় শনিবাৰে আধা কিলোমিটাৰ দীঘল লাইন ধৰি ষ্টেট বেংকত নোটখন সলাব লাগিব, নহ’লে কোনো বিশটকীয়া ঠাকৰ মাজত ভৰাই চলাই দিব লাগিব! মতিয়ে না কাম ক্ষতি কৰি বেংকত বিশটকাৰ বাবে লাইন ধৰিব পাৰে না তাৰ বিশটকাৰ ঠাক এটা যোগাৰ কৰাৰ সাৰ্মথ্য আছে।

কোন চাল্লা হাৰামীয়ে তাক এই নোটটো দিলে!

মতিয়ে আৰু এই নোটটো চলোৱাৰ আশা বাদ দিছিল। সি খঙতে সেইটো ফালি পেলাই দিম বুলি ভাবিও পেলাই দিব পৰা নাছিল। কোনোবা ভিক্ষাৰীক দি দিম বুলি ভাবিও কিবা ভাবি ৰৈ গৈছিল। মুঠতে নিৰাশাৰ ঘোপ মৰা অন্ধকাৰৰ মাজতো সি যেন কিবা এটা ৰেঙণি দেখিছিল। এই টকাটো এদিন চলিব।

কোন চাল্লা হাৰামীয়ে তাক এই নোটটো দিলে!

আজি মতিয়ে সন্ধিয়া ৰামবিলাসৰ দোকানত দুগিলাছ মাৰি ঘৰৰ কাষৰে নুৰুলৰ গেলামালৰ দোকানত কিবাকিবি কিনি আছিল। বিল হ’ল এশ ত্ৰিশটকা। সি মানি বেগটো খুঁচৰি দেখিলে এখন এশ টকাৰ লগতে এখন পঞ্চাশ টকাৰ নোট আৰু চাৰিখন বিশটকীয়া নোট আছে। সি ভাবিলে শেষবাৰৰ বাবে ফটা বিশ টকাখন চলোৱাৰ চেষ্টা এটা কৰা যাওক! সি বিশটকীয়া নোট কেইখন মানিবেগটোৰ ভিতৰতে খেপিয়াই চাই গ’ল। বেয়াখন মাজতে জাপি দিব লাগিব।

কিন্তু ফটা নোটখন নাই যে!
হাঃ হাঃ। তাৰমানে সি ক’ব নোৱাৰাকৈয়ে সেইখন ক’ৰবাত চলি গ’ল! নিশ্চয় ৰামবিলাসৰ দোকানতে চলি গ’ল। হাঃ হাঃ।
মতিয়ে মনৰ ভিতৰতে হাঁহিলে। তাৰ এনেকুৱা লাগিল এই মুহূুৰ্তত সিয়েই পৃথিৱীৰ আটাইতকৈ সুখী ব্যক্তি! এটা ডাঙৰ বোজা যেন তাৰ মূৰৰপৰা আঁতৰি গ’ল!

: কি হ’ল মতিকাই! আজি বৰ ফুৰ্তি দেখিছো।

: এঃ, আমাৰনো আৰু ক’ৰ ফুৰ্তিদাল হ’ব! পিছে ঈদ মোবাৰক! কাইলৈ যাম কিন্তু।
মতিয়ে হাঁহি হাঁহি টকাকেইটা নুৰুলৰ ফালে আগবঢ়াই দিলে।

: এ, দাদা কি যে কয় আৰু! কাইলৈ আপুনি আহিবই লাগিব। অকলে নহয় কিন্তু। লগত বৌক লৈ আনিব লাগিব।
নুৰুলে মতিৰপৰা টকাকেইটা লৈ লাইটটোৰ ফালে এখন এখনকৈ ধৰি চাই হাঁহি হাঁহি কৈ থাকিল।

: দাদা, এই বিশ টকাখন চেঞ্জ কৰি দিব নেকি? ফুটা এটা আছে!
নুৰুলে প্ৰায় লগে লগেই কৈ উঠিল।

☆★☆★☆

2 Comments

  • বেচেৰা মতি, হাজাৰ চেষ্টা কৰিও নোটখন চলাব নোৱাৰিলে। পঢ়ি ভাল লাগিল।

    Reply
  • অনুৰূপ মহন্ত

    চাল্লা কোন হাৰামিয়ে তাক নোট খন দিলে!😊😊

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *