ফটাঢোল

সেই ফাটিফুটি যোৱা প্ৰেমবোৰ – কুসুমাঞ্জলি শৰ্মা

মই ন বছৰীয়া। শেঙুণ নাকা প্ৰেমিক মোতকৈ অলপ ডাঙৰ। একোটা কেন্দ্ৰতে বৃত্তি পৰীক্ষা দিলোঁ। টেলেকা চকুৰ থিয় চুলিৰ ল’ৰাটোৰ সকলোতকৈ আগতে শেষ হয়। তাক এম্বেচেদৰ (তেতিয়া আমি টেক্সী গাড়ী বুলিছিলোঁ ) আহি লৈ যায়। অবাক হওঁ। কাৰণ আমি আহোঁ চাইকেলৰ আগৰ লোহাত বন্ধা গাৰুত বহি। পিছলৈ স্থানীয় মাধ্যমিক বিদ্যালয়ৰ ক্লাছ ফাইভৰ এন্ট্ৰেছ পৰীক্ষা দি পাছ কৰাৰ পিছত নাম লগাব গৈছো। প্ৰত্যেক শ্ৰেণীতে তিনিটা শাখা থকা বৃহৎ স্কুল। কণমানি বেঙী হ’লেও মনত বিস্ময় নে খং উঠিছিল নাজানো, টেলেকা চকুৱা প্ৰথম হৈছে, মই দ্বিতীয় হেনো। একেটা শাখাতে নামভৰ্তি হ’ল। মোৰ বাঁওফালে থকা শাৰীৰ সোঁফালে তাৰ চিট। কিবা এটা ভাল লাগে।

এনেকৈয়ে ক্লাছ চেভেন পালোঁ। মাজতে কোনোবা এজন ল’ৰা আগবাঢ়ি মোৰ ৰোল নং তিনি কৰিলে। চেভেনৰ ছমহীয়া পৰীক্ষাৰ বহী দিলে। কিয় জানো সি খুজি নি প্ৰেমপত্ৰ লিখিলে। এনেদৰে চলিল। আজলী মই কুমলীয়া বয়স। চিঠি লুকুৱাব নাজানো। পাকঘৰৰ পিছৰ শাকনিৰ মাজত এটা এন্দুৰৰ গাত আছিল। তাতেই সোমাই থওঁ। বিশ্বাস কৰক কথাবোৰ পাহৰিলোঁ যদিও সেই বাৰ/ তেৰ বছৰীয়া ল’ৰাজনৰ চিঠিত লিখা এষাৰ কথা এতিয়াও মনত আছে,

“সুন্দৰৰ আৰধনা জীৱনৰ খেল”

আই ঐ! ক’ত পঢ়িছিল বা!

এন্দুৰৰ গাতৰ আশ্ৰয় নিৰাপদ হৈ নাথাকিল। বৰদেউতাৰ ল’ৰা দাদাই কেতিয়া উদ্ধাৰ কৰি মোৰ পিতৃৰ হাতত দিলে নাজানো, চোৰাংচোৱা, দেহৰক্ষীৰে অনবৰতে পৰিবেষ্টিত হৈ থকা হ’লোঁ। আনকি! যদিহে চকুৱে চকুৱেও চোৱা দেখো,”ওকোৰ বেঙেৰালৈ বিয়া দিম!” (এটা অদ্ভূত আকৃতিৰ মানুহ সেই অঞ্চলত আছিল। যাৰ নাম লৈ সকলোৱে ছোৱালীবিলাকক বিয়া দিম বুলি ভয় দেখুৱাইছিল)। ক্লাছ এইটলৈ উঠাৰ পিছত শাখা সলনি কৰোৱা হ’ল। সিফালে সিহঁতৰ ঘৰত পঞ্চায়ত বহিল। মোলৈ লিখা চিঠিবোৰ তাৰ পিতৃৰ হাতত পেলাই দিয়া হ’ল। তাকো ভয় খুওৱা হ’ল হেনো যদিহে তহঁতক মতা দেখো কথা বেয়া হব।

********

সেই নমতা নমতিয়ে চলি থাকিল।

কটনৰ হায়াৰচেকেণ্ডাৰী ক্লাছৰ দৌৰাদৌৰি। সিহঁত ফিজিক্স বিল্ডিঙলৈ যায়, আমি এন বিল্ডিংৰ পৰা এজিলৈ আহোঁ। প্ৰায়ে ভেঁটাভেঁটী হওঁ। দুয়ো নামাতো। কাষেৰে পাৰ হওঁ ।

এদিন সি ৰৈ সুধিলে,

“তুমি চাইন্স কেলেই নল’লা?”

হয়! সৌ পিতিকলিতে আমি ঠিৰাং কৰিছিলোঁ,সি ইঞ্জিনীয়াৰ হব আৰু মই ডাক্তৰ। বিয়া হম। হা হা হা—অকালপকা কুস্মাণ্ড!

********

কালক্ৰমত সি ডাক্তৰ হ’ল। ডাক্তৰণী বিয়া কৰালে। এতিয়া প্ৰখ্যাত ডাক্তৰ!

ৰ’ব ৰ’ব! শেষ হোৱা নাই সেই কাহিনী–

যেতিয়ালৈকে তাৰ ঘৰৰ আগৰ মাৰ্বল পাথৰৰ ফলকখন নেভাঙে, তেতিয়ালৈকে ঘৰটোৰ নাম মোৰ নাম হৈ থাকিব। কুসুমাঞ্জলি ভৱন নহয়, সি তাহানিতে মোক দিয়া নাম!

মই তাৰ ঘৰ দেখা নাই! তাকো দেখা নাই অনেক দিন। অনেক বছৰ।

********

হেই হান্টাৰৱালী!!!

না না না ঝাড়ুৱালী মোৰ নাম!

উস্ অজস্ৰ প্ৰণয় প্ৰাৰ্থী। দেউতা খুৰাৰ ভয়ত কোনো পদূলিৰ সমূখেৰে চাইকেল চলাই নাযায়! কিন্তু কিমানধৰণৰ যে পিয়নে কিমানৰ চিঠি মোৰ হাতত পেলাইহি! নোখোলাকৈ সেই চিঠিৰ জাপবোৰত ঝাড়ুৰ ছবি আঁকি ঘূৰাই পঠাই দিওঁ।

বুজাই ঠিকেই বুজি পায়, চিঠিৰ উত্তৰ ঝাড়ু!!

কথাবোৰ এতিয়াও মাজে মাজে উৰি থাকে।

*******

হেকাৰ! হেকাৰ!!

হয় মোক হেকাৰে পাইছিল। তাকো সেই তাহানিৰ বাৰ তেৰ বছৰীয়া বয়সতে। দাদাৰ এটা কেমেৰা আছিল। সি মোৰ এখন ছাগলী পোৱালি লৈ থকা ফটো তুলিছিল। ষ্টুডিঅ’ত ধুব দিয়াৰ পৰাই এজনে মনে মনে লৈ গৈ নিজৰ লগত লগ কৰি জুৰীয়া ফটো কৰি সবতে বিয়পাই দিছিল।

আমাৰ ঘৰৰ সকলোৰে অলক্ষিতে সেই ফটো ভাইৰেল হৈ পৰিছিল। মোক পাণদোকানীয়েও কথা শুনাইছিল “ওঁঠৰ পৰা গাখীৰ শুকোৱা নাই, ল’ৰাৰ লগত ফটো উঠে!”

কি মানসিক নিৰ্যাতন!

আৰু বহুতো—-

☆★☆★☆

 

One comment

  • Manash saikia

    এন্দুৰৰ গাঁতত প্ৰেমপত্ৰ৷হাঃ হাঃ৷

    Reply

Leave a Reply

Your email address will not be published.