ফটাঢোল

সেই সময় – অসীমা শইকীয়া দত্ত

আগতে পৰীক্ষাৰ সময়ত মোৰ টোপনি বেছি হয়। তেতিয়া শুৱালকুছিৰ মাহীৰ পুতেক এটা আমাৰ ঘৰত আছিল। তাক আপা বুলি মাতো। মই ৰাতি পৰীক্ষালৈ পঢ়োতে প্ৰায়ে টেবুলত মূৰ থৈ সপোন দেখি থাকো। মূৰৰ চুলিৰ মাজডোখৰ পুৰি গোন্ধ ওলালে ঘৰৰ মানুহে গম পাই খুব গালি দিয়ে। মায়ে ৰাতিয়েই বকিবলৈ আৰম্ভ কৰে বহি লৈ।

“হ’ল আইদেউ তুমি ফালিবা। লোকৰ ছোৱালীয়ে ৰাতি দুই বজালৈকে লাইট জ্বলাই পঢ়ে। আমাৰ এওঁক চোৱা।”

“এ এ হ’ব, মোক তহঁতেহে লাইট জ্বলাবলৈ নিদিয়। একেটা ৰুমতে শুৱ, টোপনি খতি হয় বুলি। লাইট জ্বলাই পঢ়িলে মোৰো চুলি নোপোৰে। ইমান ওপৰত লাইটটো। কেনেকৈ চুলি পুৰিব!” (মনতে ভাবো দেতাই এইগৰাকীকহে পালে ভাল পাবলৈ, অত ধুনীয়া নাকটো লৈ)

তেতিয়ালৈ আঁঠুৱা তলৰপৰা মা আহি, “কি কৈছ তই” বুলি মোৰ মূৰত আঠা লগাদি লাগেহি। মানে চুলি জোকোৰা দিয়ে।

মায়ে এই কথাই কথা নহয় বুলি তেতিয়াৰপৰা মাহীৰ পুতেকটোক মোৰ ৰখীয়া হ’বলৈ দিলে। সি চকীদাৰি কৰে ৰাতি মই শোওঁ নে পঢ়ো চাবলৈ। মই টোপনিয়ালেই সি বিছনাৰপৰা তললৈ হাতখন নি চেণ্ডেল এপাত গালৈ দলিয়াই দিয়ে। দুদিন গাত পৰিছে অ’ দেতাৰ গধপা চেণ্ডেল। এদিন জিম কৰবেটৰ বিষয়ে মেলি লৈ ইমান ধুনীয়াকৈ টেবুলত মূৰ থৈ গাঁৱৰ মূৰত বিয়া খাই আছোঁ, কিতাপৰ চুক এটা চোবাই চোবায়। হঠাৎ হাত ধুবলৈ গৈ টিউৱেলৰ পাৰত পিছল খাই পৰোঁতে চকীৰপৰা ধউউমকে পৰিলো। চকু মেলি চাওঁতেহে বুজিলো, মই আচলতে ঘৰতহে আছোঁ। তাৰপিছতে মাহীৰ পুতেকে দলিওৱা চেণ্ডেলৰ কি কোব! মায়ে টোপনিতে বলকিছে, “আইদেৱে, এইবাৰ ফেইল মাৰিবই। নাক, কাণ সব যাব এইজনীৰ যহত। অমুকৰ জীয়েকৰ ৰিজাল্ট চাবাচোন।”
মাহীৰ পুতেকে পিছদিনা সবতে মোৰ মাৰ্কেট গেলাই দিলে। “পাপু গেধীয়ে পঢ়োতে টোপনিয়াই চকীৰপৰা পৰিল।”
তাৰপিছত মোক যেয়ে দেখে সেয়ে সোধে, “হয়নে অ’ পাপু, তোৰ বোলে চকীৰপৰা পৰি আগ দাঁত সৰিল, তহঁতৰ আপাই কৈছে। সি হেনো তোক চেণ্ডেলে দগৰা জাৰনো দিলে।”

উৱৱৱ! ই মানে এগুনক দুগুন কৰি বিয়পাই পেলাইছে। সি এনেয়ে মোৰ ভয়ত পেপুৱা লাগি থাকে। মায়ে তাক চকীদাৰি পাৱাৰটো দিলে বাবে তাৰ টেম্পাৰ বাঢ়িল। মহামাৰীটো! ৰহ আজি তোৰ চকীদাৰগিৰি বাহিৰ কৰি আছোঁ।

সেইদিনা ৰাতি পঢ়ি আছোঁ। সব টোপনি গৈছে আৰু। মই লাহেকৈ উঠি আপাই খেপিওৱা চেণ্ডেল আঁতৰাই থ’লোহি বেলেগ এটা বস্তু তলত। তাৰপিছত চকীত আহি টোপনিওৱাৰ ভেশচন ধৰি ধউমকৈ পৰা যেন শব্দ কৰিলো। মায়ে ফিট কৰা চকীদাৰে নাগৰাজ বাসুকীৰ দৰে গাৰুৰপৰা মূৰ দাঙি মোক চাই তললৈ খেপিয়াইলেই নহয়। সি চেণ্ডেল বিছাৰি তলত খলক খলক মাৰিছে। এপাকত সি ‘কি অ’ এইবোৰ’ বুলি কাটি হৈ আঁঠুৱা দাঙি তললৈ চাওঁতেই দেতাই “এই অবালচন সব, কি খৰমৰাই থাকে অ’! শোৱাৰো শান্তি নাই” বুলি গোৰ মাৰি দিলে তাক। সি ধউমকৈ তলৰ খলক খলক কৰি থকা বস্তুটোতে পৰিলহি। মাৰ ভাগৰ পৰিয়ালৰ সম্পত্তি সি! চিকতা দেতাৰ এনেও হজম নহয় আগৰপৰাই তাক। খুলশালীয়েককে পোন্দোৱা পোন্দোৱি কৰে। সিফালে তলত পৰা আপাই নিজক চৰিয়া এটাত উদ্ধাৰ কৰি নিজকে শুঙি শুঙি ৰাউচি জুৰিবলৈ লাগিল।

“অ’ মাই অ’। অ’ই জেঠী মই তোৰ মুতাতে পৰলো। মুতাৰ চৰিয়াটো এতে কোনি থৈছিল! অ’ মই মৰলো অ’। গোটাই মুতাত ডুবি গেলো মই।”

তাৰ চিঞৰত সিটো ৰুমৰপৰা দাদাও আহিল দৌৰি, দেতাই টোপনিত কাৰোবাক মাৰিলে বুলি। মই ধুম ধাম কিতাপ মেলি লৈছোঁ। তেতিয়া মাজু বাৰ ডেলিভাৰিৰ সময়। তাইও ঘৰত আছিলহি। তাইও আহিল নিজৰ বিছনাৰপৰা উঠি। ঘটনাটোৰ তদন্ত কৰা হ’ল। আচুতীয়া কোঠাটোত থোৱা, ঘনে ঘনে মুতিব লগা, ডায়েবেটিছ থকা মাৰ ৰাতি মুত্ৰ বিসৰ্জনৰ চৰিয়াটো শুৱা বিছনাৰ কাণলৈ কোনে আনিলে! য’ত আপাই চেণ্ডেল খেপিয়াই নাপাই শেষত দেতাৰ গোৰত সাঁতুৰিব লগা হ’ল। দাদাৰ তদন্তত ৰুমৰ আঙুলিবোৰ মোৰ ফালে উঠিল। সিফালে মুতৰ অকটা গোন্ধৰ কোবত ৰুমটোত থাকিব নোৱাৰা গতি। সৱৰে মুখত সোপা। মই ভয়ত কিতাপ মেলি কি ভুনভুনাইছোঁ নিজেই নাজানো। দাদাই কেচৰ তদন্ত লোৱা দেখি জিভা শুকাই গৈছে। আপাক মায়ে ধুৱাবলৈ লৈ গ’ল টিউৱেলৰ পাৰলৈ।

“হ’ব অ’! কিমান কান্দ। মোৰ মুত হে। গৰুৰ মুতত পৰা নাই নহয়। মাৰজনীৰ মুততহে পৰিছ। কি হ’বনো!”

দেতাই গাৰুৰপৰা মূৰ দাঙি কৈছে, “ইস, বুজনি চা। যেনেকৈ কৈছে তেওঁৰ মুত যেন গংগাজলহে। মুত মুতেই। চেণ্টৰ বটলৰ আতৰটোপা নহয়তো। সেইটোক যে চুবলে নাই মই, মোৰ লগত শুবলেও নিদিওঁ। কত শুৱে শুৱক।”

দাদাই “এইজনীক কি কৰা যায় অ’” বুলি কি পঢ়িছোঁ চাবলে আহি থালৰ থালৰকৈ দিলেহি মোক। তাৰ আগলৈকে মোৰ কাণ্ড দেখি আপাক চাই চাই সি হাঁহিয়েই আছিল। মই পঢ়া কিতাপখন দেখিহে পিটিলে সি মোক। ৰুমটোত বাহঁতৰ হাঁহো নে কান্দো গতি। কাৰণ মই দাদাৰ ভয়ত মেলি লৈ ভুনভুনাই থকা কিতাপখন আছিল “গভৰ্ৱতী মহিলাৰ ল’ব লগা যতন”!

“মেট্ৰিক পৰীক্ষাত কোনজনী গৰ্ভৱতীৰ যতন ল’বি তই” বুলি যি দগৰা পিটন দিলে অ’! তাৰপাছৰেপৰা গৰ্ভ শব্দটো শুনিলেই জিকাৰ মৰা গতি হ’ল মোৰ।

☆★☆★☆

14 Comments

  • ৰাজশ্ৰী শৰ্মা

    অ বা,হাঁহি মৰিছো অ।

    Reply
  • Monalisha

    মৰি যাম অ’ হাহিঁ হাহিঁ ৷ ধেইত 😊😊😊😊

    Reply
  • ডলী তালুকদাৰ

    হাঃ হাঃ

    Reply
  • কমলা দাস

    ঠিকচে হাহিলো ঔ । পেট বিষাই গল ।

    Reply
  • Anonymous

    হাঃ হাঃ

    Reply
  • ৰিণ্টু

    ধেত তেৰি, হাঁ‌হি হাঁ‌হি পেট বিষাই গৈছে।

    Reply
  • Mridula Gogoi

    জমনি দেই । বাগৰি ফুৰিছো হাঁহিত

    Reply
  • কমল তালুকদাৰ

    কৃষ্ণ ! তামাম হাহিলোঁ‌ ।

    বঢ়িয়া লাগিল বাইদেউ ।

    Reply
  • পূৰ্ণময়ী

    অই মৰতি তহতৰ ঘৰতে কমেডী চাৰ্কাছৰ সব আছিল নি😂😂😂

    Reply
  • হেমন্ত কাকতি

    হাঃ হাঃ, কিছু জমনি দেই৷ এইটো মই আগতেও পঢ়িছিলো৷

    Reply
  • Anonymous

    শেষেই 😂

    Reply
  • Prodip Bora

    “গৰ্ভাৱতী মহিলাৰ ল’ব লগা যতন ” ঠিক কিতাপ পঢ়িছে দে পৰীক্ষাৰ বাবে ৷

    Reply
  • উষা মহন্ত

    কতযে ভাবি পোৱা এইবোৰ! খুব হাঁঁহিলো দেই ।

    Reply
  • মানসী বৰা

    কিছু জমনি দেই..পেট বিষাই গ’ল পঢ়ি ..

    Reply

Leave a Reply

Your email address will not be published.