ফটাঢোল

সেয়াও এক প্ৰেম – দিগন্ত কুমাৰ ভট্টাচাৰ্য

মেনকা হাতীবৰুৱা আমাৰ কলেজতে পঢ়িছিল৷ সহপাঠী আমাৰ৷
ফে’চবুক জগতৰ বহুতেই মেনকা হাতীবৰুৱাক চিনি পায়৷ ৰঙা চিফনৰ শাৰী আৰু ক’লা শ্লিভলেছ ব্লাউজ পিন্ধি উঠা তাইৰ প্ৰ’ফাইল ফ’টোখন দেখাৰ লগে লগে সকলোৰে এবাৰ হ’লেও ‘এড ফ্ৰেণ্ড’ত ক্লিক কৰিবলৈ মন যায়েই৷ তাই ‘এক্সেপ্ট’ কৰা নকৰাটো পাছৰ কথা, কিন্তু মন যায়৷ ‘ফ্ৰেইণ্ড’ হোৱাৰ পাছত মেছেজ এটা দি ‘আপুনি ইমান ধুনীয়া’ বুলি লিখিবও মন যাবই৷ ‘ৰিপ্লাই’ পোৱা-নোপোৱা পাছৰ কথা, কিন্তু মন নোযোৱাটোহে হয়তো অস্বাভাৱিক৷ ইমান ধুনীয়াকৈ হাঁহিব পাৰে মেনকাই! সেই হাঁহিতে তপস্যা ভংগ হোৱা আমাৰ লগত পঢ়া দুজন বিশ্বামিত্ৰ আছিল – বৃকোদৰ বৰ্মন আৰু পৰশুৰাম পাঠক৷

এবাৰ যিদিনা বৃকোদৰহঁতৰ হোষ্টেললৈ মেনকা ‘ফ্ৰেছাৰ্চ পাৰ্টি’ত আহিছিল, সিদিনাই সি তাইৰ প্ৰেমত পৰিছিল৷ এশ বিছ কিলোগ্ৰাম ওজনৰ প্ৰকাণ্ড চেহেৰাৰ বৃকোৱে মেনকাহঁতৰ হোষ্টেলৰ ৰান্ধনী এজনৰ হতুৱাই পিছদিনাই এখন চিঠি দিছিল তাইলৈ – ‘জানা মেনকা, মোৰ গেৰেলা কোমোৰাহেন চেহেৰাটো দেখি সকলোৱে কয় যে মোৰ ভাগ্যত হেনো কোনো ছোৱালী নাই৷ কিন্তু কালি তুমি চিকেন চাৰি-পাঁচ বাতি পাঁচমিনিটতে খাই শেষ কৰা দেখি লাগিছে তোমাৰ আৰু মোৰ ইমান যে মিল! এনেদৰে খাই থাকিলে তুমি মোৰ সমান হ’বলৈ বেছি দিন নালাগিব, তুমি মাত্ৰ নেৰিবা….’৷ পিছত শুনিবলৈ পাইছিলোঁ মেনকাক চিঠি দিয়া সেই ৰান্ধনীজনৰো হেনো চাকৰি যাওঁ যাওঁ অৱস্থা এটা হৈছিল৷

আনজন -পৰশুৰাম পাঠক৷ ক্লাছত আমাতকৈ দুবছৰ ছিনিয়’ৰ আছিল৷ মেনকাক এৰি যোৱাৰ দুখতে দুবাৰ পৰীক্ষাই নিদি কলেজতে ৰৈ গ’ল৷ সদায় ৰাতি মেনকাহঁত থকা হোষ্টেলৰ তলেৰে দহবজাৰ পৰা একবজালৈ এশ পাক মৰাটো তাৰ এটি অভ্যাস আছিল৷ মেনকাৰ হোষ্টেল পাহাৰৰ ওপৰত৷ ওপৰলৈ মূৰ কৰি কৰি সি মেনকাৰ ৰূমটো বিচাৰে, কিজানিবা তাইক দেখা পায়েই- ক’ৰবাত খিড়িকীৰ কাষত, পৰ্দাৰ আঁৰত৷ সেই তেতিয়াই তাৰ স্প’নদিল’চিচ আৰম্ভ হ’ল, এতিয়াও আছে৷ বেছি দেৰি তললৈ মূৰ কৰি থাকিলে ওপৰ কৰিব নোৱাৰে, ওপৰ মূৰ কৰি থাকিলে চকু দুটাই ইফালৰপৰা সিফাললৈ দৌৰি ফুৰে৷ এদিন ৰাতি গাৰ্লছ হোষ্টেলৰ চকীদাৰজনক টকা বিছটা দি পৰশুই হাতলৈ আনিলে মেনকাৰ হালধীয়া ৰঙৰ দোপাট্টাখন৷ সেইখনৰ পৰা এটা ‘এ-ফোৰ’ চাইজৰ টুকুৰা কাটি উলিয়াই সি লিখিলে ৰঙা আখৰেৰে মেনকালৈ চিঠি – ‘বুকুৰ তেজেৰে লিখা মোৰ মৰমৰ আখৰকেইটা যেন তুমি সদায়েই নিজৰ কাষত ৰাখা…’৷ মেনকাৰ হয়তো ফেব্ৰিক কালাৰৰ গোন্ধটি বুজি পাবলৈ বেছি সময় নালাগিল৷ সেইখন চিঠি মেনকাৰ হাতৰপৰা বাগৰি প্ৰিঞ্চিপাল ছাৰৰ ওচৰ পালে৷ কলিতে মৰহি গ’ল পৰশুৰ প্ৰেম, ৰৈ গ’ল মাথোঁন তাৰ হাতত হালধীয়া দোপাট্টাখনৰ আনটো টুকুৰা৷

ডিগ্ৰী লৈ মেনকা কলেজৰ পৰা গুচি গ’ল৷ বৃকো আৰু পৰশুইও জনালে ক’লেজক ‘অলবিদা’৷ ডিগ্ৰী পালে নে নাপালে সেইটো অৱশ্যে এতিয়াও অজ্ঞাত৷ খাই ভাল পোৱা বৃকোৱে মেনকাৰ ঘৰৰ সন্মুখতে দিলে এখন মিঠাইৰ দোকান৷ তাৰে কাষতে শুৱালকুছিৰ পৰশুই দিলে এখন দোকান -পাট কাপোৰৰ৷ দুয়োটাৰ এটাই আশা সদায় দেখি দেখি সিহঁতৰ কোনোবা এজনক কিজানি মেনকাই মনৰ ওচৰ হ’বলৈ দিয়েই৷ কিন্তু দুৰ্ভাগ্য, মেনকাৰ বিয়া ঠিক হ’ল দুবছৰ পাছতে৷ সকলো বিধিৰেই লিখন বুলি শোকাৰ্ত দুয়োজনে মানি ল’লে৷ কলেজৰ সহপাঠী বুলি দুয়োজনে নিমন্ত্ৰণো পালে৷ পঞ্চাশ শতাংশ ৰেহাই মূল্যত বৃকোৰ দোকানৰপৰাই বিয়াৰ মিঠাই আহিল৷ ৰিচিপশ্যনত পিন্ধা হাজাৰ হাজাৰ গুণাৰ ফুলৰ পাটৰ কাপোৰযোৰত পৰশুই পাঁচহেজাৰ টকা কমকৈ ল’লে৷ কইনা যোৱাৰ সময়ত দুজনে হিয়া ঢাকুৰি কান্দিলে পৰিয়ালৰ আনবোৰৰ লগত৷ মেনকাৰ দেউতাকে দুয়োজনকে মাতি আনি সুধিলে – ‘বোপা, তোমালোকৰ পে’মেণ্ট কিবা বাকী আছে নেকি? ’

বৃকো আৰু পৰশুৰো বিয়া হৈ গ’ল কিছুদিন পিছত৷ কইনাঘৰলৈ যাওঁতে পাটৰ পাঞ্জাৱীটোৰ ওপৰত পৰশুই ডিঙিত মেৰিয়াই লৈছিল মেনকাৰ সেই দোপাট্টাৰ টুকুৰাটো৷ দৰা সাঁজি যোৱাৰ সময়ত উচুপি কান্দিলে সি -‘আজিৰ পৰা মই আনৰ হৈ গ’লো অ’ মেনকা! ’ দোপাট্টাখন তিতি গৈছিল তাৰ৷
কিছুদিন আগতে দুয়োজনকে ফে’চবুকত দেখিলোঁ৷ প্ৰ’ফাইলত নিজৰ ‘ফেমিলি’ৰ ফ’টো লগাইছে৷ গম পালোঁ দুয়োজন এজনীকৈ কন্যা সন্তানৰ পিতৃ৷ ছোৱালী দুয়োজনীৰে নাম ৰাখিছে -‘মেনকা’!

☆★☆★☆

7 Comments

  • মেনকা অ দিলা বৰ বেদনা। ভাল লাগিল

    Reply
  • Mitali saharia

    বহুত ধুনীয়া লাগিল।

    Reply
  • Rintumoni Dutta

    হা হা হা, চিকেন চাৰি-পাঁ‌চ বাতি পাঁ‌চ মিনিটতে খাই শেষ কৰা বাক্যটো মজ্জা লাগিল।

    এজ ইউজুৱেল, দ্য দিগন্ত পাঞ্চ

    Reply
  • তৃষ্ণা সো.

    এয়াহে প্ৰেম ।

    Reply
  • অনুৰূপ মহন্ত

    বিয়াৰ পাছতো “মেনকা” নাম তো এৰিব পৰা নাই দুই জনে। এইয়া হে প্ৰেম।

    Reply
  • শঙ্কৰ জ্যোতি বৰা

    বোপাই অ’,কিবা পেমেন্ট চেমেন্ট বাকী থাকিলনেকি?

    Reply
  • বঢ়িয়া

    Reply

Leave a Reply

Your email address will not be published.