ফটাঢোল

সোঁৱৰণিৰ কুঁৱলীয়ে – জিতু শৰ্মা

সোঁৱৰণিৰ কুঁৱলীয়ে
চিঞৰি চিঞৰি কয়
অতীতৰ সীমা ৰেখা নাই …..

নগাঁৱৰ ফটাঢোল মীটলৈ নগ’লোঁ যদিও ঘৰতে বহি কাকতি দাৰ গান লাইভ চাই আছোঁ। জয়ন্ত হাজৰিকাই গোৱা মোৰ এটা অতি প্ৰিয় গান। সঁচাই সোঁৱৰণিও কাৰোবাৰ বাবে মধুৰ হ’ব পাৰে, মোৰ বাবে কিন্তু বৰ গধুৰ। গান শুনি শুনি সোৱঁৰণিৰ কুৱঁলীত অতীতলৈ ফ্লেচবেক,

ডিগ্ৰী ফাইনেল ইয়েৰ ….

পুৱাৰ সুৰুযে ঢাকিলে মুখৰ ছবি
দুৰৰ আকাশ জুৰি …..

বাইদেৱে লগাই দিয়া ৰেডিঅ’ত গীতাঞ্জলী শুনি লৰালৰিকৈ কিতাপ সামৰি মাক চিঞৰিলোঁ,

: মা ভাত হ’লনে? কলেজ যাবৰ হ’ল।

লগে লগে মাৰ উত্তৰ

: আজি ফাকুৱাৰ দিনাও তোৰ কলেজ খোলা নে?

: অ পাহৰিছিলোঁৱই আজি ফাকুৱা বুলি। চেঃ পঢ়ি থাকিলে এইবোৰ কথা পাহৰিয়ে থাকোঁ নহয়।

: হ’ব দে মা, কি বনাইছ দে, ভোক লাগিছে।

ডাইনিং টেবুলত বহি মায়ে বনাই দিয়া লুচি আৰু সৰু সৰু আলু ভাজি আগত লৈ লুচিখনত একামোৰ মাৰিছোঁঁহে,

এইচি ৰং দে পিয়া
দাগ না লাগে কভি ….

সন্মুখৰ সোনপাহীহঁতৰ ঘৰৰ পৰা ভাহি আহিল সেই সুমধুৰ গানটো। গম পালোঁ সেইটো সোনপাহীয়েই বজাইছে।

ওচৰ চুবুৰীয়া হিচাপে সিহঁতৰ ঘৰখনৰ লগত আমাৰ সু-সম্পৰ্ক৷ একেবাৰে ঘৰৰ সদস্যৰ দৰে। তাই সেইবাৰ ডিগ্ৰীত এডমিচন লৈছে, পঢ়াত সিমান ভাল নহয় যদিও বৰ এটা বেয়াও নহয়। মাকে মোক প্ৰায়েই কয়,

: জিতু তইতো চোকা ল’ৰা, এইক অকমান চাই দিবিচোন। পঢ়া শুনাত মন নাই অকল চিনেমা আৰু গান।

ময়ো কওঁ,

: হ’ব বৰমা চাই দিম বাৰু।

মাজে মাজে তাইক পঢ়া চাই দিওঁ। এনেয়ো সেই সময়ত মই টিউচন কৰিয়েই পকেট খৰচ উলিয়াওঁ। কিন্তু তাইক কিবা এটা ভাল লাগে। এই লৈ বন্ধু মহলত আলোচনা নোহোৱাও নহয়। আলোচনাবোৰ শুনি সিহঁতক কৃত্ৰিম গালি দিওঁ যদিও মনে মনে ভালেই লাগে৷ প্ৰায়ে ভাবোঁ সোনপাহী, তোকতো মই কেতিয়াও ভনী বুলি ভাবিব নোৱাৰোঁ। তই মোৰ বেলেগ কিবাহে হ’বি ছাগে। সদায় ভাবোঁ এই কথাটো তাইক ক’ম বুলি। কিন্তু তাইৰ সন্মুখত পৰিলে দেখোন পঢ়া শুনা কথা আৰু ক’ৰ বেবেৰিবাং কথাহে ওলাই মুখত। গানটো শুনিয়েই ভাবিলোঁ, গানটো তাই মোকে শুনোৱা নাইতো? যাহ আজি কিবা এটা হেষ্ট নেষ্ট কৰিবই লাগিব।

মাৰ পৰা টকা বিশটা লৈ ওলাই আহিলোঁ জগতহঁতৰ ঘৰলৈ, মোৰ খাচ বন্ধু৷ কাকো নোকোৱা কথাবোৰ তাক ক’ব পাৰোঁ। তাক লগত লৈ ওলাই আহিলোঁ। মুখত গুণগুণাই আছোঁ এইচি ৰং দে পিয়া দাগ…

: বাবুখন চাই ভাল লাগিল ন?

জগতৰ প্ৰশ্ন৷

: ধেই একো ভাল নেলাগিল। এই গানটোহে অলপ ভাল লাগিল৷

: লাগিবই, ৰাতিপুৱাই সোনপাহীহঁতৰ ডেকত গানটো বাজিছেতো।

জগতৰ কটাক্ষ।

: ধেই তোৰ পৰা উপাই নাই আৰু। বাৰু বাদ দে, এতিয়া কি কৰ সেইটো ক।

: এই ফাকুৱা চাকুৱা খেলিবলে নাই দেই। পইচা কিমান আছে?

: মাৰ পৰা বিশ টকা এটা খুজি আনিছোঁ। মোৰ লগতো পোন্ধৰ টকামান আছে।

মোৰ উত্তৰ।

: হ’ব দে মোৰ লগতো পঞ্চাশ টকামান হ’ব। হাফ এটা আনি চাপৰি লৈকে যাওঁগৈ৷ চানা দহ টকামানৰ ল’ম। হৈ যাব।

জগতে ক’লে।

দুইটাই নাও লৈ ব্ৰহ্মপুত্ৰৰ চাপৰিত বহি ল’লোঁগৈ। লাহে লাহে গা মন ৰিমঝিম কৰি আহিছে।

: অই সদায়ে যে মোৰ আগত ট্ৰেজেডী ফালি থাক, তাইক কৈ নিদিয় কিয়?

জগতৰ প্ৰশ্ন।

বাদাম এটা মুখত ভৰাই লৈ মোৰ উত্তৰ,

: তোক দেখোন কৈছোঁৱেই সদাই ক’ম ক’ম বুলিয়ে যাওঁ কিন্তু তাইৰ ওচৰত দেখোন কথাবোৰ নোলায়েই

: হ’ব তেনেহ’লে ফালিবি তই।

: কিবা এটা কৰ না, তয়েই যদি সহায় নকৰ মোক কোনে কৰিব ক।

: হ’ব দে, এটা বাজিলেই। যাওঁ ব’ল, ভোক লাগিছে। আৰু তই মতা হয় নে নহয়? এই সামান্য কামটোকে কৰি ল’ব নোৱাৰ।

: মই নোৱাৰোঁ দেই যদি তাই ভুল বুজে।

ইতিমধ্যে দুয়োটাৰ নিচা তুংগত৷

: ইমানেই খাচ ফ্ৰেণ্ড তই মোৰ? নেলাগে দে তোৰ নিচিনা ফ্ৰেণ্ড৷ কৰিম নিজেই কৰিম।

দুইটা গুচি আহিলোঁ। সাহস অলপ অলপ বাঢ়ি আহিছে। ঘৰৰ মুখ পাইছোঁহি দেখিলোঁ বাইদেউ, মা আৰু বৰমা মানে সোনপাহীৰ মাক ফাকু খেলিবলৈ ওলাই আহিছে। ঘৰত নোসোমালোঁ। চিধা সিহঁতৰ ঘৰ। বাপেক বাৰাণ্ডাতে বহি পেপাৰ পঢ়ি আছে।

: বৰতা ভাত খালে?

মই সুধিলোঁঁ৷

: অ অ, খালোঁ। ক’ৰ পৰা আহিলি? আজি তোক দেখাই নাই যে?

: নাই বৰতা পৰীক্ষা পালেহি যে, সেই কাৰণে ওলাই অহা নাই। নোটচ্ বোৰ চাই আছোঁ।

: ঘৰত কোনো নাই নেকি?

এইচি ৰং দে পিয়া …..

আকৌ ভিতৰৰ পৰা ভাঁহি আহিল। পাক্কা গম পাই গ’লোঁ মোকেই শুনাইছে।

: দেখিছনে এইজনীৰ কাম, ৰাতিপুৱাৰ পৰাই এই গানটোকে বজাই আছে৷ ঐ গান বন্ধ কৰিলি নে? ৰাতিপুৱাৰ পৰা এই একেটা গানকে লগাই আছ যে? বেলেগ ভাল হোলী গীত এটা লগাব নোৱাৰ নেকি?

বৰতাই ভিতৰলে চাই চিঞৰিলে।

: বৰতা এইটোওতো হোলী গীতেই হয়৷

মই ক’লোঁ।

: থ থ বৰ একেবাৰে হোলীগীত। আমাৰ কি ধুনীয়া ধুনীয়া হোলী গীত আছে বৰপেটা বৰদোৱা …..

বৰতাৰ কথা শেষ নহ’লেই একে কোবে তাইৰ ৰূম পালোঁগৈ। তাই বিচনাত পেট পেলাই “ষ্টাৰদাষ্ট” মেগাজিনখন চাই আছিল। সোমায়েই ডেকটো অফ কৰি দিলোঁ আৰু ক’লোঁ,

: বৰতাই যে চিঞৰি আছে শুনা নাই?

তাই একে জাঁপে উঠি আহি মোৰ ওচৰ পালেহি আৰু ক’লে,

: ডেকটো কেলে বন্ধ কৰিলি? ইমান ধুনীয়া গান এটা শুনি আছিলোঁ। ওঁ হোঁওও, ইমান ভেকেটা ভেকেট গোন্ধাইছে কি খাই আহিছ?

: চুপ তাইৰ মুখত চেপা মাৰি ধৰি ক’লোঁ মনে মনে থাক, বৰতাই ভাল হোলী গীত এটা লগাব কৈছে।

: ওওঁওহ এইটো কিবা বেয়া গান নেকি? ইমান ভাল লাগে। আৰু তই কি খাই আহিছ ক, নহ’লে মই খুড়ীক এতিয়াই কৈ দিম।

হাত যোৰ কৰি তাইক ক’লোঁ,

: প্লিজ মাক নক’বি, তোক যি লাগে তাকেই দিম। আজি হোলী বুলি অকমান…

: তামানে তই মদ খাই আহিছ। দেতাআ অ দেতা ই আজি হোলী বুলি…

তাইৰ কথা শেষ হ’বলে নেপালেই আকৌ তাইৰ মুখত হেঁচা মাৰি ধৰিলোঁ।

: অই তহঁত দুটা যেতিয়াই লগ হৱ তেতিয়াই তহঁতৰ কাজিয়া যে?

বাহিৰৰ পৰা বৰতাই কৈ উঠিল ।

: নহয় বৰতা, এইক মই পঢ়া কথা কওঁতে তাই মোক হে গালি পাৰিছে।

তাইৰ মুখত হেঁচা মাৰি ধৰিয়েই উত্তৰ দিলোঁ।

: আইজনী তোৰ অলপ বেছি হৈছে, সি ভাল কথাহে কৈছে।

বৰতাই উত্তৰ দিলে।

মোৰ মনটো গোলাপী গোলাপী হৈ আছিলেই, সাহস গোটাই লাহেকৈ ক’লোঁঁ,

: তোক কথা এটা কবলে আছিল অ’৷

: কি কথা?

তায়ো লাহেকৈ সুধিলে। অলপ সেপ ঢুকি লাহেকৈ ক’লোঁ,

: তোক তোক….. মালথাচৰ থিঅৰিটো কি আছিল?

: কি তোক তোক মালথাচৰ থিঅৰি?

তাই সুধিলে৷

এইবাৰ ডেকটো মই নিজেই বজাই দিলোঁ আৰু ক’লোঁ

: গানটো মোৰো ভাল লাগে।

: কি ক’বলে আহিছ সেইটো ক।

তাই কৈ উঠিল৷

: মানে মানে তোক…. এএএ মই যাওঁ ভোক লাগিছে ভাত খাওঁগৈ৷ ৰাতিপুৱা ৰুটি দুখনেই খোৱা।

: আগতে ক, কি ক’বলে আহিছিলি! ভাত ইয়াতে খাবি, ছাগলী মাংস বনাই থোৱা আছে।

: তেনেহলে দে ভাত খাই লওঁ তাৰ পাছত ক’ম।

: নহব, এতিয়াই ক.. নহ’লে খুড়ীক কৈ দিম তই মদ খাইছ বুলি।

: ত…তই বেয়া নেপাৱতো?

: বেয়া পোৱা কথা হ’লে বেয়া পামেই।

: মানে মানে এই গানটো তই ৰাতিপুৱাৰ পৰা কাক শুনাইছ কচোন। মোকেই শুনোৱা নাইতো? কি হ’ল একো নকলি যে?

: ভোক লাগিছে নহয়, ভাত দিছোঁ ব’ল।

এইবুলি সাউতকৈ তাই পাকঘৰ পালেগৈ। ময়ো তাইৰ পাছে পাছে পাকঘৰ পালোঁগৈ। ভাত আনি টেবুলত দিয়াৰ পাছত আকৌ সুধিলোঁঁ৷

: কি হ’ল নকলি যে?

: অঅঁ তোকেই শুনাইছোঁ, বুজি যে পালি।

তাইৰ উত্তৰ৷

: সঁচাই কৈছ নে?

: অলপ আগলৈকে সঁচাই আছিল। কিন্তু ওওঁহু এতিয়া নহ’ব।

: মানে..?

: তোক মই বৰ ভাল বুলি ভাবিছিলোঁ, কিন্ত আজি গম পালোঁ তই মদ খোৱাৰ কথা আৰু মদ খোৱা ল’ৰাক মোৰ দেখিবলৈ মন নেযায়৷

: মই আজি কিয় মদ খালোঁ নোসোধ? তোক এই কথাটো সোধাৰ সাহস গোটাবলৈকে মদ খাইছোঁ। তইতো মোক কোনো দিনে নকলি।

: কি..ই? ছোৱালীয়ে ল’ৰাক আগতে প্ৰস্তাব দিয়ে নেকি?

: হব দে, এতিয়া যাওঁ। গধূলি আহিম, তোৰ পঢ়া চাই দিব লাগিব নহয়।

সেই দুই বজাৰ পৰা ৰাতি সাত বজালৈকে এবছৰ যেন লাগিল৷ ৰাতি তাইৰ পঢ়া টেবুলত,

: এতিয়াও গোন্ধায়ে আছে। কথা এটা ক’বলে সাহ নাই মদ খাই সাহস দেখুওৱাবলৈ আহে।

: হব দে আজিৰ পৰা নেখাওঁ আৰু।

তলমূৰ কৈ উত্তৰ দিলোঁ।

: মোৰ চকুত চকু থৈ শপত খোৱা।

: কি ক’লি কি ক’লি? একেবাৰে তইৰ পৰা তুমি পালিহি যে?

: যাহ লাজ নাইকিয়া আজিৰ পৰা তুমি।

: বাৰু যাওঁ দে।

ডিগ্ৰী শেষ হোৱাৰ পাছত ইতিমধ্যে ইউনিভাৰ্ছিটি হোষ্টেল পালোঁহি। হ’লেও জগতৰ যোগেদি অলপ দিন আমাৰ চিঠিৰ আদান প্ৰদান চলি আছিল। প্ৰথমবাৰ হোষ্টেলৰ পৰা ঘৰলৈ আহিছোঁ ফাকুৱাৰ আগদিনা৷
পিছদিনা পুৱা ন মান বজাত সিহঁতৰ ঘৰ পালোঁগৈ। আজি ফাকুৱাৰ দিনা যিটো গান শুনিম বুলি ইমান আশা কৰি আহিছিলোঁ সেই গানটো নাই শুনা যে?

: বৰতা ভালনে?

: অঅ তই কেতিয়া আহিলি?

: কালি ৰাতি পালোহি।

: তই আহিলি ভালেই হ’ল। আমাৰ সোনপাহীৰ বাবে ল’ৰা এটা ঠিক হৈছে…তায়ো পচন্দ কৰিছে। অইল’ত চাকৰি কৰে। ঘৰখনো বৰ ভাল। এই বহাগতে বিয়াখন পাতিম বুলি ভাবিছোঁ। আমি তাই ফাইনেলটো দি ল’বলে কৈছিলোঁ৷ দৰা ঘৰে নেমানে। বোলে পৰীক্ষা দিলেও সিহঁতৰ ঘৰৰ পৰাই দিব….।

আৰু কি কৈছিল কাণত নোসোমাল, কোনো মতে তাৰপৰা ওলাই আহিলোঁ। ঘৰত বিচাৰি বিচাৰি পুৰণি কেচেট এটা লগাই দিলোঁ। বাজি থাকিল..তাই শুনিছিল নে নাই নাজানো।

তেৰে গলিঅ’ মে না ৰখেংগে কদম
আআজ কে বাদ…….

☆★☆★☆

6 Comments

  • সোনপাহীয়ে প্ৰতাৰণা কৰিলে—-
    বৰ দুখ পালোঁ জানি।

    Reply
    • Anonymous

      নাইকৰা মইহে সেই সময়ত ……

      Reply
  • কাবেৰী মহন্ত

    অহ্‌ ! সোনপাহী বৰ বেয়া দেই

    Reply
  • ডলী তালুকদাৰ

    ইচ বৰ দুখ পালো।

    Reply
  • চিত্ৰলেখা দেৱী

    উঃ ! দেউৰ কৰুণ গাঁথাও আছে । এহালিছা মান সমবেদনা জনালো ।
    (ধেমালিহে কৰিছো দেই । ভাল পোৱাৰ অনুভূতিক সন্মান কৰো )

    Reply

Leave a Reply

Your email address will not be published.