ফটাঢোল

সোণসেৰীয়া স্মৃতি – ডাঃ অঞ্জনজ্যোতি চৌধুৰী

১৯৭২ চন। প্রি-মেডিকেল শ্ৰেণীৰ সহপাঠী আৰু শুভাকাংক্ষী বন্ধু বান্ধৱীসকলৰ মৰমৰ দাবীত মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃশ্রেণী সংগীত প্রতিযোগিতাৰ দুটা শাখাত যোগ দিলোঁ‌। এটা অসমীয়া আধুনিক গীত আৰু আনটো জ্যোতি সংগীত। লগৰ সকলোৱে মই আখৰা কৰি থাকোতে দিহাপৰামৰ্শ দি আছে। এবাৰ ডাঃ প্ৰফুল্ল ডেকা আৰু ডাঃ নীতিন বৰুৱা কাষলৈ আহি ক’লে— “জ্যোতি সংগীতটো ভাল গাইছা যদিও প্রকৃত সুৰটো লৈ আমাৰ অলপ সন্দেহ আছে। তুমি প্ৰখ্যাত শিল্পী দিলীপ শৰ্মাদেৱক লগ ধৰা। তেওঁ প্ৰায়েই আবেলি জিলা পুথিভঁৰালৰ আগেদি পাণবজাৰলৈ যায়।” কথা মতে কাম। পিছদিনা আমি তিনিও গৈ জিলা পুথিভঁৰালৰ আগত ৰৈ আছো। তেনেতে পাইজামা-পাঞ্জাবী পৰিহিত শৰ্মাদেৱ আহি ওলাল। কান্ধত এখন কাপোৰৰ মোনা। লগত আছিল কুইন (সুদক্ষিণা শৰ্মা) বাইদেউ। সুদক্ষিণা বাইদেউক মই মাজে মাজে মোৰ মাৰ ওচৰলৈ যোৱা দেখা পাইছিলোঁ‌। ‘মণিৰাম দেৱান’ কথাছবিত তেওঁ গোৱা ‘সংগ্রাম লগ্নে আজি’ গানটো শুনি এটা সময়ত আমি সন্মোহিত হৈ পৰিছিলোঁ‌। মই আগুৱাই গৈ বাটতে তেওঁলোকক মাত দিলোঁ‌। মই গাবলৈ ওলোৱা জ্যোতি সংগীতটোৰ সুৰৰ শুদ্ধতাৰ বিষয়ে সুধিলোঁ‌ আৰু মই যে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ সেইটোও জনালোঁ‌। তেওঁ মোৰ গায়ে-মূৰে হাত বুলাই বাটতে গীতটো গাই শুনালে আৰু ক’লে,—”তোমাৰ জ্যোতি সংগীতৰ প্ৰতি ৰাপ দেখি মই কিমান যে আনন্দ পাইছোঁ‌ বুজাব নোৱাৰো। মোৰ ভাল লাগিছে এই কাৰণেই যে তুমি চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ হৈও নিজৰ মাটিৰ গোন্ধ থকা গান শিকিবলৈ লৈছা। মাটিৰ গোন্ধ থকা গান গালে ৰাইজে আদৰি ল’বই। তুমি মোৰ ঘৰলৈ আহিবা, মই তোমাক শুদ্ধ স্বৰলিপিৰে জ্যোতি সংগীত শিকাই দিম।” মোৰ নিজকে দোষী দোষী যেন লাগিল। মই যে কেৱল প্রতিযোগিতাত যোগ দিবলৈহে গীতটো শিকিছোঁ‌, সেইটো কৈ তেওঁলোকৰ মনত দুখ নিদিলো। প্রতিযোগিতা হৈ গ’ল। মই অসমীয়া আধুনিক গীত আৰু জ্যোতি সংগীত দুয়োটা শাখাতে প্রথম হৈ হঠাৎ গায়ক হৈ গ’লোঁ।

 সভাই সমিতিয়ে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত গান গাবলৈ আৰম্ভ কৰিলোঁ। কিন্তু ক’তো শ্ৰোতাৰ সঁ‌হাৰি নাপালো। প্ৰয়াত দিলীপ শৰ্মাদেৱে কোৱা কথাষাৰ মনত পৰিল । -“নিজৰ মাটিৰ গোন্ধ থকা গান ৰাইজে সদায় আদৰিবই। কিন্তু মাটিৰ গোন্ধ থকা গান কেনেকুৱা হ’ব পাৰে, তাৰ কোনো সম্যক ধাৰণা মোৰ আৰু মোৰ লগৰবোৰৰ নাছিল। বন্ধু ডাঃ প্রেমানন্দ শৰ্মাই ক’লে – “যিটো মাইক্রফোন লৈ গান গাবি, তাত অলপ ঘৰৰ চোতালৰ মাটি সানি দিবিচোন। তেতিয়া তই গান গাওঁতে তোৰ মুখৰ বতাহ লাগি মাটিৰ গোন্ধ নিশ্চয় বিয়পি যাব।” কিন্তু তেনে কৰাৰ পিছতো ৰাইজৰ সঁহাৰি নোপোৱা দেখি বান্ধৱী ডাঃ চিত্ৰলেখা দাসে ক’লে- “অলপ গোবৰ মিহলি থকা মাটি সানি চাচোন। কিজানি মাটিৰ গোন্ধ বেছি হ’লে গান ভাল হৈ যায়।” এদিন বিখ্যাত শব্দযন্ত্ৰী অচ্যুত বিষয়াই মোক আহি সুধিলে— “ভাইটি, তুমি গান গোৱাৰ পিছত মাইক্রফোনটো গোবৰ গোবৰ গোন্ধায়। কিয় এনে হয় মই বুজিবই পৰা নাই।“ ময়ো একো নজনাৰ দৰে ভাও ধৰি মাইক্রফোনত আৰু কেতিয়াও মাটি নলগাওঁ বুলি শপত খালোঁ।

জ্যোতি সংগীতত প্রথম হোৱাৰ পিছত মোৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু জ্যোতি সংগীতৰ বিষয়ে জানিবলৈ বৰ আগ্ৰহ হ’ল। ভাবিলো, মোৰ দেউতা লক্ষ্যধৰ চৌধুৰীয়ে নিশ্চয় জ্যোতিপ্ৰসাদৰ বিষয়ে জানিব। মই দেউতাক জ্যোতিপ্ৰসাদক কেতিয়াবা লগ পাইছিল নেকি সুধিলোঁ‌ আৰু লগতে মাটিৰ গোন্ধ থকা গান মানেনো কি সুধিলোঁ। দেউতাই তেতিয়া কোৱা মনত পৰে,

“এই যে আমাৰ বৰগীত, বনগীত, লোকগীত, জ্যোতি সংগীত -সেইবিলাকেই নিজৰ মাটিৰ গোন্ধ থকা গীত। যিসকলে নিজৰ মাটিৰ গোন্ধ থকা সাহিত্য সংস্কৃতিৰ সাধনা কৰে, তেওঁলোক হ’ল খেতিয়ক শিল্পী আৰু যি আনৰ সাহিত্য সংস্কৃতিৰ সাধনা কৰে, তেওঁলোক হ’ল আধিয়াৰ শিল্পী। গুৱাহাটীৰ খাৰঘূলিত প্ৰথমে মই জ্যোতিপ্ৰসাদক পাইছিলোঁ‌। তাতেই প্ৰথম অসমীয়া কথাছবি ‘জয়মতী’ৰ চিত্ৰগ্ৰহণ হৈছিল। কথাছবি মানে কি? ছবিয়ে য’ত কথা কয়। নির্বাক ছবিৰ মুখ নেদেখাকৈ একেকোবে অসমীয়া শিল্পীয়ে পোন প্ৰথমবাৰতে কথাছবিত অভিনয়ৰ পাতনি মেলিছিল। ১৯৩৫ চনত উজান বজাৰৰ ভাস্কৰ নাট্য মন্দিৰত ‘জয়মতী’ কথাছবি প্রদর্শন হৈছিল। সেই সময়তো তেওঁক পাইছিলোঁ‌। ১৯৪০ চন। সেই বাৰেই গুৱাহাটীৰ লতাশিলৰ প্ৰথম মুকলি পথাৰত ৰভা আৰু তোৰণ সাজি ব’হাগ বিহু পতা হৈছিল। সেই বছৰ বিহুত সাংস্কৃতিক বিভাগৰ দায়িত্বত মই আছিলো। এই বিহুতে তেওঁ মুকলি সভাৰ সভাপতি ৰূপে আহিছিল।

জ্যোতিপ্ৰসাদৰ লক্ষ্য আছিল জাতিটোক কেনেকৈ সংগীতমুখৰ আৰু আনন্দমুখৰ কৰি তুলিব পাৰি। ইয়াৰ পিছত ভাৰত ত্যাগ আন্দোলনৰ সময়ত আন্দোলনৰ কামত কলিকতালৈ যাওঁতে জ্যোতিপ্ৰসাদক লগ পাইছিলো। ত্যাগবীৰ হেমচন্দ্র বৰুৱাই মোক জ্যোতিপ্ৰসাদৰ স্বাস্থ্যৰ বুজ লৈ আহিবলৈ কৈছিল। কলিকতালৈ গৈ দেখিলে তেওঁৰ চেহেৰাত অকালতে বাৰ্ধক্যৰ চাপ পৰিছে। তেওঁৰ খবৰ সোধোতে কৈছিল- ‘পুৰণি টাপলি মৰা চাইকেলৰ টিউবৰ দৰে জোৰা-টাপলি মাৰি চলি আছে। এফালে বাতিলে আনফালে ফুটা ওলায়।’ বহুতে কয় শিল্পী আৰু লেখক-লেখিকাসকলে নিজৰ সৃষ্টি বা লেখাৰ বাহিৰে সততে আনৰ প্ৰশংসা কৰিব নোখোজে। কিন্তু জ্যোতিপ্ৰসাদৰ মুখত সেইদিনা বহুতৰে প্ৰশংসা শুনিলো। সেইসকলৰ মাজত আনন্দৰাম দাসৰ শলাগ লওঁতে মই পুলকিত হৈছিলো। কাৰণ, মোৰ কেইবাখনো নাটকত তেওঁৰ গীত সংযোগ কৰা হৈছে। ১৯৪৩ চনত জয়প্ৰকাশ নাৰায়ণ, আচত পট্টবৰ্ধনৰ লগত হোৱা আলোচনাত জ্যোতিপ্ৰসাদ, বিপ্লৱী বীৰ প্ৰয়াত শংকৰ বৰুৱা, প্ৰয়াত লক্ষী গোস্বামী, প্রয়াত সুবোধ হাজৰিকা আৰু মই ভাগ লৈছিলো।’ দেউতাৰ মুখত জ্যোতিপ্ৰসাদৰ কথাবোৰ শুনি তেওঁক লগ পাবলৈ বৰ হেঁপাহ হৈছিল। কিন্তু মোৰই দুৰ্ভাগ্য যে মোৰ জন্মৰ চাৰি বছৰ আগতেই তেওঁৰ মৃত্যু হৈছিল।”

দেউতা ঢুকোৱাৰ পিছত অসমীয়া সাহিত্যৰ পুৰোধা ব্যক্তি শ্ৰদ্ধেয় হোমেন বৰগোহাঞিৰ এটি প্ৰবন্ধ পঢ়িছিলোঁ‌। তাৰে কিছু অংশ পাঠক সমাজলৈ আকৌ আগবঢ়াই দিয়াৰ হেঁপাহ সামৰিব নোৱাৰিলো—”১৯৩৫ চনত গুৱাহাটীত বহা অসম সাহিত্য সভাৰ বছৰেকীয়া অধিবেশনলৈ সেই সময়ৰ অসমৰ কলীয়াপানী ঢকুৱাখনাৰ পৰাও কেইজনমান গাঁৱলীয়া মানুহ প্রতিনিধি হৈ আহিছিল। তেওঁলোকৰ ভিতৰত এজন আছিল মোৰ দেউতা। যিটো কথাই দেউতাৰ মনত বৰ দ’কৈ ৰেখাপাত কৰিছিল, সেইটো হ’ল সাহিত্য সভাত প্ৰফুল্ল বৰুৱাই গোৱা এটি অসমীয়া গীত আৰু শ্ৰোতাৰ মাজত হোৱা তাৰেই আৱেগবিহ্বল প্রতিক্রিয়া। প্রফুল্ল বৰুৱাই গীতটি গোৱাৰ আগতে সভাৰ সভাপতি লক্ষ্মীনাথ বেজবৰুৱাৰ কন্যা দুগৰাকীয়েও বোলে এটি অসমীয়া গীত গাইছিল। সেই সুৰটো আছিল সেই সময়ৰ অসমীয়াসকলৰ অতিকৈ পৰিচিত সুৰ। অর্থাৎ বঙলুৱা সুৰ। ঠিক তাৰ পিছতেই প্ৰফুল্ল বৰুৱাই গাবলৈ ধৰিলে ‘কোনে গছে গছে পাতি দিলে ফুলৰে শৰাই, ৰাম ৰাম’। সভাত উপস্থিত থকা সকলো মানুহেই গাৰ মাজেদি এটা বিজুলীৰ সোঁত বৈ যোৱা যেন অনুভৱ কৰিলে।

এদিন মই লক্ষ্যধৰ চৌধুৰীৰ ঘৰলৈ ফুৰিবলৈ গৈছিলোঁ। তেওঁ অসমৰ শিল্প-সংস্কৃতিৰ জগতৰ অলেখ স্মৃতিৰ থুনপাক। কথাই কথাই তেওঁ নিজেই উলিয়ালে ১৯৩৫ চনৰ অসম সাহিত্য সভাৰ অধিৱেশনৰ কথা। প্ৰফুল্ল বৰুৱাই বোলে যেতিয়া গীতটি গাবলৈ আৰম্ভ কৰিলে, তেতিয়া ক্ষীণ চেহেৰাৰ এজন ডেকাক সভাস্থলীৰ পৰা আঁতৰি পলাবলৈ চেষ্টা কৰা দেখা গ’ল। সমজুৱাসকলে কোৱাকুই কৰি জানিব পাৰিলে যে সেই ডেকাজনেই হ’ল গীতটিৰ ৰচক। তেওঁ নিজে জানে যে তেওঁ তেওঁৰ স্বজাতি অসমীয়াসকলক এটা অভিনৱ বস্তু উপহাৰ দিছে। কিন্তু আত্মবিস্মৃতি আৰু অনুকৰণমত্ত তেওঁৰ স্বজাতিয়ে সেই উপহাৰটোৰ প্ৰতি কেনেকুৱা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, সেই বিষয়ে তেওঁৰ মনত নানা সন্দেহ আছিল। কিন্তু সেই সন্দেহ এক মিনিটো স্থায়ী হ’বলৈ সুযোগ নাপালে। মুগ্ধ বিস্মৃতি সভাসদসকলে যি মুহূৰ্তৰ ভিতৰতে তেওঁক জনাই দিলে, সেই মুহূৰ্ততে অসমীয়া সংস্কৃতিৰ ইতিহাসত এটা নতুন অধ্যায়ৰ সূচনা হ’ল আৰু সেই অধ্যায়টোৰ উদ্গাতা হ’ল সেই ক্ষীণকায় আৰু সংকোচবিহ্বল ডেকাজন – জ্যোতিপ্ৰসাদ আগৰৱালা।

মোৰ দেউতাই মোক এটি কাহিনী কৈছিল প্রায় দুকুৰি বছৰ আগতে। দুকুৰি বছৰৰ পিছত স্বতঃপ্রণোদিত হৈ মোক সেই একেই কাহিনী শুনালে লক্ষ্যধৰ চৌধুৰীয়ে। মোৰ দেউতা এজন সাধাৰণ গাঁৱলীয়া মানুহ। লক্ষ্যধৰ চৌধুৰী, অসমীয়া শিল্প-সংস্কৃতি জগতৰ এজন প্রধান দিকপাল। আলোচ্য প্ৰসংগত দুয়োৰে ভিতৰত মিল মাত্ৰ এইখিনিয়েই যে জ্যোতিপ্ৰসাদ আগৰৱালা যেতিয়া অসমীয়া নৱ জাগৰণৰ স্নিগ্ধ প্ৰভাতত বৈতালিকৰ ৰূপত অৱতীৰ্ণ হৈছিল, তেতিয়া দুয়োজন তাত উপস্থিত আছিল। দুয়োজনে সেই মধুৰ স্মৃতি বুকুৰ মাজত সাঁচি ৰাখিছে গোটেই জীৱন ধৰি।“

২০০২ চনতে পঢ়া লেখাটোৰ এই কথাখিনিয়ে মোৰ অন্তৰ এনেকৈ, পৰশি গ’ল যে তেতিয়াৰ পৰাই সভাই সমিতিয়ে মোৰ দুচকুৱে বিচাৰি ফুৰে নতুন প্ৰজন্মৰ মাজত ঠিক তেনে এজন নতুন জ্যোতিপ্ৰসাদক।

☆★☆

 

9 Comments

  • শঙ্কৰ জ্যোতি বৰা

    বৰ ভাল লাগিল পঢ়ি চাৰ৷

    Reply
  • Manash saikia

    পঢ়ি ভাল পালোঁ,চাৰ৷

    Reply
  • ভাল লাগিল ছাৰ।

    Reply
  • Rupam Nath

    আপ্লুত হলো ছাৰ

    Reply
  • বৰ ভাল লাগিল কথাখিনি।ধন্যবাদ আপোনাক। আপোনাৰ লেখাটিয়ে আলোচনীখনৰ মানদণ্ড উচ্চ কৰিলে। আগলৈও আপোনাৰ লেখা পঢ়িবলৈ আশাৰে বাট চাম।

    Reply
  • বৰ ভাল লাগিল চাৰ৷ খেতিয়কৰ আৰু আধিয়াৰ খেতিয়কৰ তুলনাটো আৰু মাইকত গোৱৰৰ গোন্ধ! হাঃ হাঃ, পঢ়ি ভাল লাগিল৷

    Reply
  • ৰিণ্টু

    খুব ভাল লাগিল পঢ়ি চাৰ। আপোনাৰ লেখা এই ই-আলোচনীতত পঢ়িবলৈ পাই নথৈ সুখী হ’লো, ভবিষ্যতেও আপোনাৰ লিখনীয়ে আমাৰ ই-আলোচনীখন সমৃদ্ধ কৰিব বুলি আশা ৰাখিলো

    Reply
  • দিম্পল

    মাইকত গোবৰ লৈ গীত
    আজিৰ সময়ত হলে নিউজৰ শিৰোনামা ত আহিল হয় ছাৰ
    ভাল লাগিল

    Reply
  • জাহ্নৱী গগৈ

    আপোনাৰ লিখনিৰ মই অন্যতম পাঠক। ভাল পাওঁ পঢ়ি। আজিও পঢ়ি আনন্দ পালোঁ।

    Reply

Leave a Reply

Your email address will not be published.