ফটাঢোল

স্বত্ব ৰক্ষা – অসমীয়া ভাবানুবাদ : ৰাজশ্ৰী শৰ্মা (মূল হিন্দী: মুন্সী প্ৰেমচন্দ)

মীৰ দিলাৱৰ আলী চাহাবৰ এটা দীঘল কজলা ঘোঁৰা আছিল, চোঁৱৰো দীঘল তাৰ। মানুহক তেওঁ বৰ গৰ্বত শুনাইছিল তেওঁ হেনো জীৱনৰ আধা উপাৰ্জন ঘোঁৰাটোৰ নামটেই খৰচ কৰিছে। পিছে আচলতে সেইটো চিপাহী পল্টনৰ পৰা উলিয়াই দিয়া ঘোঁৰা আছিল। পল্টনৰ বিষয়াই তাক চাগে নিজৰ লগত ৰখাটো উচিত বুলি নাভাবি বিক্ৰী কৰি দিছিল। মীৰ চাহাব আছিল আদালতৰ মহৰি। ঘৰো চহৰৰ বাহিৰত।আদালতলৈ তিনি মাইল দূৰ, গতিকে জন্তু এটাৰ বৰ প্ৰয়োজন। এইটো ঘোঁৰা সেয়ে সুবিধাত পাই লৈ থ’লে। যোৱা তিনি বছৰে সি মীৰ চাহাবক সেৱা কৰিছে। দেখাত তাৰ ইমান ফিতাহি নাই, পিছে তাৰ আত্মসন্মানবোধ আছিল প্ৰৱল। তাৰ ইচ্ছাৰ বিৰুদ্ধে তাক অপমানজনক কামত লগোৱাটো আছিল কঠিন। যি নহঁওক,মীৰ চাহাবে কম দামতে ঘোঁৰা পাই আনন্দত আত্মহাৰা হ’ল।দুৱাৰ মুখতে বান্ধিলে,ইপিনে ঘোঁৰা চহিচ ৰখাও দিগদাৰ। বেচেৰা চাহাবে নিজেই পুৱা গধূলি তাক হাত ফুৰাই মৰম দেখাইছিল। ঘোঁৰাটোও চাগৈ এই ব্যৱহাৰত বৰ সন্তুষ্ট হৈছিল। সেই কাৰণে খোৰাকী কম হ’লেও সি কেতিয়াও অসন্তুষ্ট নহৈছিল। মীৰ চাহাবৰ প্ৰতি সি বহুত সহানুভূতিশীল আছিল। অতিমাত্ৰা স্বামী ভক্তিৰ ফলত তাৰ শৰীৰ জহি খহি গৈছিল যদিও সি মীৰ চাহাবক আদালত সময়মতে পোৱাই দিছিল। তাৰ খোজ কাটলত সি নিজেই প্ৰসন্ন আছিল। দৌৰা কামটো সি নিজৰ স্বাভাৱিক গাম্ভীৰ্য্যৰ প্ৰতিকূল বুলি ধাৰণা কৰিছিল। সি ইয়াক উশৃংখলতা বুলিহে গণ্য কৰিছিল।

স্বামী ভক্তিৰ নামত সি নিজৰ কিমান দিনৰ সঞ্চিত স্বত্ব বলি দিছে। এতিয়া যদি কিবা আৰাম বা নিজস্ব স্বত্বৰ মোহ আছিল তেন্তে ই আছিল দেওবৰীয়া শান্তি নিবাস। মীৰ চাহাব দেওবাৰে কাছাৰী নগৈছিল। সেইদিনা ঘোঁৰাক মালিচ কৰে, গা ধুৱায়,সাঁতোৰায়। এয়া তাৰ পৰম আনন্দৰ সময় আছিল।কাছাৰীত গ’লে গছত বান্ধ খাই ৰ’দত শুকান ঘাঁহ চোবাব লাগে। গৰম বতাহত গা পুৰি যায়, ক’তনো চালিৰ তলৰ ছাঁত শীতল মলয়া বতাহত সেউজীয়া বন চোবাব পায়।!! সেইকাৰণে দেওবাৰে দেওবাৰে আৰাম কৰাটো সি নিজৰ অধিকাৰ বুলি ভাবে আৰু কোনোবাই সিদিনা তাক সেই অধিকাৰৰ পৰা বঞ্চিত কৰাটোও সি সহ্য নকৰে। মীৰ চাহাবে কেতিয়াবা কেতিয়াবা সেই দিনটোত বজাৰে সমাৰে যাবলৈ মন নেমেলা নহয়, মেলিছে আৰু এনে প্ৰচেষ্টাত বেয়াকৈ বিফলো হৈছে। ঘোঁৰাই মুখত লেকাম ল’বলৈয়েই মান্তি নহয়। অৱশেষত চাহাবে পৰাজয় বৰণ কৰি ঘোঁৰাটোৰ আত্মসন্মানত আঘাত হানি নিজৰ অংগ ক্ষত কৰাৰ পৰীক্ষা দিবলৈ মন নেমেলিলে‌।

মীৰ চাহাবৰ চুবুৰিতেই এজন মুন্সী সৌদাগৰলাল আছিল। তেওঁৰো কাছাৰীৰ লগত সম্পৰ্ক আছিল। তেওঁ মহৰি বা কৰ্মচাৰী নাছিল। কোনেও তেওঁক লিখা পঢ়া কৰাও নেদেখিছিল কিন্তু উকীল আৰু মুক্তিয়াৰৰ সমাজত তেখেতৰ বেছ মান সন্মান আছিল। মীৰ চাহাবৰ লগতো তেখেতৰ ঘনিষ্ঠ বন্ধুত্ব গঢ়ি উঠিছিল।

জেঠৰ মাহ,চাৰিওফালে বিয়াৰ পয়োভৰ।বেণ্ড পাৰ্টীবোৰেতো গপতে প্ৰথম কথাই নাপাতিছিল। আতজবাজীকৰৰ পদূলিতো গৰজ থকা মানুহে দিনটো গিজগিজাই আছিল। ভাৱৰীয়া,নাচ বাগ কৰা মানুহে তো গৃহস্থক নাকত ধৰি চাকত ঘূৰাইছিল।দোলাভাৰীসকল যেন শিলৰ দেৱতাহে, শকত মাননি লৈও লৰচৰেই নকৰে।এই দুৰ্যোগৰ মাজতো মুন্সী মহাশয়ে তেওঁৰ ল’ৰাৰ বিয়াৰ কথা ভাবিলে। হাত দীঘল মানুহৰ আকৌ কিহৰ অসুবিধা। লাহে লাহে বিয়াৰ গোটেই যা যোগাৰ কৰি অটাঁলে যদিও দোলা কোনোপধ্যেই গোটাব নোৱাৰিলে। দোলাভাৰীয়ে শেষ মুহূৰ্তত অগ্ৰিম ধন ওভোতাই দিলেহি।মুন্সীজীয়ে খঙত অগ্নিশৰ্মা ৰূপ ধৰিলে, ক্ষতিপূৰণৰ। ধমকি দিলে কিন্তু কি লাভ!! উপায় নাপাই ঠিক কৰিলে যে দৰাক ঘোঁৰাৰ পিঠিত বহুৱাই বৰ যাত্ৰাৰ নিয়ম খিনি পালন কৰিব। সন্ধিয়া ছয় বজাত বৰ যাত্ৰাৰ লগ্ন। চাৰি বজাত মুন্সী মহাশয়ে আহি মীৰ চাহাবক ক’লে – “বন্ধু, তোমাৰ ঘোঁৰাটো দিয়া হে। দৰাক ষ্টেচনলৈ লৈ যাওঁ। দোলাৰ ব্যৱস্থা কোনোমতেই নহ’ল।“

মীৰ চাহাব – “পিছে আপুনি নাজানে জানো আজি যে দেওবাৰ।“
মুন্সী জী- “ কিয় নাজানিম আকৌ, পিছে ঘোঁৰা ,ঘোঁৰা হে। কিবা এটা কৰি ষ্টেচন পোৱাই দিব দিয়ক। কিমান নো দূৰ বাট?”
মীৰচাহাব- “তাক আপোনাৰেই বুলি ভাবক। লৈ যাওঁক বাৰু। কিন্তু মই নাভাবো যে আজি সি গাত হাত লগাবলৈ দিব।“
মুন্সীজী- “হেৰি,বোলো মাৰৰ ভয়ত ভূত পলায়। আপুনি ভয় কৰে চাগে, সেইকাৰণে আপোনাৰ আগত বদমাছি কৰে।কিবাকে ল’ৰাটো পিঠিত বহি ল’ব পাৰিলে সি যিমানেই জাঁপ নামাৰক কিয় তাক লৰচৰ কৰাব নোৱাৰে।“
মীৰচাহাব –“ বাৰু তেন্তে, লৈ যাওঁক।যদি তাৰ এই জিদ আপুনি ভাঙিব পাৰে মই আপোনাৰ ওচৰত নথৈ কৃতজ্ঞ হ’ম।“

কিন্তু যেতিয়া মুন্সীজী আস্তাবললৈ গ’ল,ঘোঁৰাটোৱে শংকাৰ দৃষ্টিৰে চালে আৰু হিনহিনাই ঘোষণা কৰিলে যে আজি মোৰ শান্তি বিঘ্নিত কৰিবলৈ তুমি আকৌ কোন ওলালা। বেণ্ড পাৰ্টীৰ কাণফলা শব্দই ইতিমধ্যে তাক অতিষ্ঠ কৰি তুলিছে।মুন্সীজীয়ে যেতিয়া পঘাডাল।খুলিবলৈ আৰম্ভ কৰিলে, তেতিয়া সি কাণ থিয় কৰি অভিমানেৰে সেউজীয়া ঘাঁহ খাবলৈ ধৰিলে।
কিন্তু মুন্সীজীও কম চতুৰ নাছিল।তৎক্ষণাত ঘৰৰ পৰা অলপ দানা অনাই ঘোঁৰাৰ আগত ৰাখিলে।ঘোঁৰায়ো ভালেমান দিন দানাৰ মুখ দেখা নাছিল।বৰ তৃপ্তিৰে সি দানাত মুখ দিলে আৰু কৃতজ্ঞতাৰে মুন্সীজীৰ পিনে চালে যেন মালিকে অনুমতি দিলে মই আপোনাৰ লগত যাব পাৰোঁ বাৰু।

মুন্সীজীৰ পদূলিত বেণ্ড বাজিয়েই আছিল। দৰায়ো একেবাৰে চিকমিকীয়া পোছাকেৰে ঘোঁৰাৰ কাৰণে অপেক্ষা কৰি আছিল।চুবুৰীয়া তিৰোতাবোৰে দৰাক বিদায় দিবলৈ হাতত আৰতিৰ থাল লৈ ৰৈ আছিল।পাঁচ বাজি গ’ল।হঠাতে মুন্সীজীক ঘোঁৰা অনা দেখা গ’ল। বেণ্ড পাৰ্টীৰ মানুহ বোৰে দুগুণ উৎসাহেৰে বজাই বজাই আগলৈ খোজ ল’লে।এজনে দৌৰি গৈ মীৰচাহাবৰ ঘৰৰ পৰা জীন আনিলে।
ঘোঁৰাক লেকাম লগোৱাৰ চেষ্টা কৰা হ’ল,পিছে সি লেকাম দেখি মুখ ঘূৰাই ল’লে।মুন্সীয়ে আদৰ কৰিলে,পিঠিত মৰম কৰিলে,দানাৰ পাত্ৰ দেখুৱালে।কিন্তু ঘোঁৰাই মুখ নেমেলিলে‌।মুন্সীৰো উঠিল খং,দিলে লগাই কেইচাটমান।তথাপি ঘোঁৰাই মুখত লেকাম নলগোৱাত তেওঁ নাকতে চাবুকেৰে দুকোবমান বহালে।নাকৰ পৰা তেজ ওলাবলৈ ধৰাত সি অসহায়ভাবে ইফালে সিফালে চালে। সমস্যা জটিল আছিল, মীৰ চাহাবে কেতিয়াও তাক ইমান মাৰা নাছিল নিজৰ সম্পত্তি বুলি। ভাবিলে মুখ নেমেলিলে‌বা আৰু কিমান মাৰে,লেকাম মুখত ল’লে শেষত।মুন্সীজীয়ে যুদ্ধ জয় কৰা যেন পালে একেবাৰে। জীন কচি লগেই দৰাক বহুৱালে।

পিছে যেই দৰাই ঘোঁৰাৰ পিঠিত ধুনীয়াকৈ আসন পাতি ল’লে, সি যেন টোপনিৰ পৰাহে সাৰ পালে।ভাবিলে সামান্য অলপমান দানাৰ বাবদ নিজৰ স্বত্ব এৰি দিয়াৰ অৰ্থ হৈছে এবাতি পিঠাগুড়িৰ বাবদ নিজৰ জন্মস্বত্বক বিসৰ্জন দিয়া।তাৰ মনলৈ আহিল যে ইমান দিনে আজিৰ দিনটোত মই আৰাম কৰি আহিছো,তেনেহ’লে আজি কিয় মই ভাৰ বম? এইসকলে বা মোক ক’লৈকে লৈ যায়, এই দৰাটো আসন পাতি যি বহিল, বহিলেই।মোক ইহঁতে দৌৰাব,লঠিয়াব,চাবুকেৰে কোবাই কোবাই আধামৰা কৰিব।তাৰ পিছতো বা খাবলৈ দিয়েই নে নাই! এইদৰে ভাবি গুণি সি ঠিৰাং কৰিলে যে মই ইয়াৰ পৰা এখোজো নলৰো। বেছি কি কৰিব, মাৰিব তো।পিঠিত বহি থকা জনক লৈ মাটিতে বহি দিম,নিজেই এৰি দিব এটা সময়ত।এনেও মোৰ মালিক মীৰচাহাবেও কিজানি তাকেই কৈছে।তেওঁ মোক মাৰপিট কৰাটো পছন্দ নকৰিবয়ে,কাইলৈ নহ’লে তেওঁক কাছাৰীলৈ কেনেকৈ নিম।

ইপিনে দৰা ঘোঁৰাৰ পিঠিত বহাৰ লগে লগে তিৰোতাসকলে উৰুলি দিলে, বিয়াগীত গালে। বৰযাত্ৰী আগবাঢ়িল। কিন্তু ঘোঁৰা নাছোৰবান্দা,এখন ঠেঙো লৰচৰ নকৰে।দৰাই লথিয়ায়,চাবুক লগায়, লেকাম টানে।কিন্তু ঘোঁৰাৰ ভৰি যেন মাটিত পোট খাই গৈছে, উঠাৰ চিনেই নাই।
মুন্সীজী গৰজি উঠিল, আজি নিজৰ ঘোঁৰা হ’লে গুলিয়াই মাৰিলোহেঁতেন।কাষৰ মানুহে ক’লে,”জেদী ঘোঁৰা, এনেদৰে নহ’ব। পিছফালৰ পৰা দাণ্ডা মাৰিব লাগিব।“
মুন্সীজীয়ে এই প্ৰস্তাৱত সন্মতি জনাই পিছৰ পৰাই কেইচাটমান লগালে, ঘোঁৰাই পিছে ঠেং নাদাঙিলে।উঠালেও আগ ঠেং হে,তাকো আকাশমুখীকৈহে। দুবাৰমান পাছঠেঙো দাঙিলে,মুন্সীজী কোনোমতেহে লাঠ খোৱাৰ পৰা বাছিল।
তেতিয়া বেলেগ এজনে ক’লে, “ইয়াৰ নেগুৰৰ কাষত জুই ধৰা, জুইৰ তাপত থৰকাছুটি হেৰুৱাই দৌৰিব।“
তাকো কৰা হ’ল,লাভৰ মূৰত ঘোঁৰাৰ নেজ পুৰিল।সি জপিয়ালে দুবাৰমান, পিছে আগনাবাঢ়িল।এই যন্ত্ৰণাই তাৰ সত্যাগ্ৰহী মনটোৰ সংকল্প আৰু বেছি দৃঢ় কৰি তুলিলে।

এনেতে সূৰ্য্যাস্ত হ’ব ধৰিলে। পূৰোহিত বাপুই ক’লে, “ সোনকালে কৰক,নহ’লে লগ্ন পাৰ হয় আৰু।“ পিছে সেয়া জানো নিজৰ হাতত!কেনেকৈ সোনকালে হয়।বৰযাত্ৰী গাঁৱৰ বাহিৰ পালে,দৰা ইপিনে চোতালতেই। ওচৰৰ তিৰোতা আৰু ল’ৰা ছোৱালীৰ মেলা এখন হৈছিল যেন। মানুহে কোৱা কুই কৰিবলৈ ধৰিলে ,” বাপৰে, কম ঘোঁৰা নহয় দেই,এটা খোজেই নেপেলায়।“এজন বুঢ়া মানুহে ক’লে,”মাৰধৰেৰে কাম নহ’ব।অলপ দানাকে দিয়া।এজন মানুহে আগে আগে দানাৰ বাচন দেখুৱাই আগবাঢ়া।দানাৰ লোভত সিও পিছে পিছে যাব।“
সেইটোও কৰি চোৱা হ’ল।পিছে লাভ নহ’ল।ঘোঁৰাটোৱে আপোন স্বত্ব কোনোপধ্যেই বিসৰ্জন নিদো বুলি শপত লৈছিল।এজন চহৰীয়া মানুহে ক’লে,” অলপ ফটিকা ধৰাই দিয়ক হে,নিচা লাগিলে দৌৰ দিব।“ ফটিকাৰো বটল আহিল, ঘোঁৰাৰ আগত বাতি এটাত ঢালি ধৰিলে।নাই, নুশুঙিলেই।

এতিয়া কি কৰে!! চাকি বন্তি জ্বলিল,লগন উকলি গ’ল।ঘোঁৰাই এইবোৰ দূৰ্গতি সহি অন্তৰত আনন্দ পাইছিল আৰু বাকীকেইজনৰ দুৰৱস্থা দেখি সন্তোষ লভিছিল।মানুহবোৰৰ তাক লৈ হোৱা ব্যগ্ৰতা দেখি সি এক দাৰ্শনিক ধৰণৰ সুখ পাইছিল। এতিয়া যিহেতু মাৰ খোৱাৰ সম্ভাৱনা নাই। মানুহবোৰেও বুজিলে মাৰি লাভ নাই। সি নিজৰ আত্মসন্মান ৰক্ষাৰ কথাকেই ভাবি তৰণি পোৱা নাছিল।
এনেতে পঞ্চমগৰাকী ভদ্ৰলোকে ক’লে,” এতিয়া এটা উপায় আছে। সেই যে আপোনাৰ খেতিলৈ সাৰ নিয়া দুচকীয়া গাড়ীখন আছে, সেইখন ঘোঁৰাৰ আগলৈকে আনক।ইয়াৰ সন্মুখৰ ঠেং দুখন তাত তুলি দি আমি গাড়ীখন টানো।তেতিয়া ই নিশ্চয় ভৰি চলাব।আগঠেং আগবাঢ়িলে পিছঠেং আপনা আপুনি চলিব।
মুন্সীজী বিপাঙত পৰিছিল, তেওঁৰ সন্মানত লাগিছিল এতিয়া ঘটনাটো।যিয়ে যি কয় মানিবলৈ ৰাজী আছিল তেওঁ এতিয়া। দুজন মানুহ গৈ দুচকীয়া গাড়ীখন আনিলে।দৰাই লেকাম টানিলে।চাৰি পাঁচজন মানুহ টাঙোন লৈ ঘোঁৰাৰ কাষত থিয় হৈ ৰ’ল। দুজনমানে জোৰ জবৰদস্তিৰে কোনোমতে তাৰ আগঠেং দুখন আনি গাড়ীত থ’লে।ঘোঁৰাই এইবাৰো নাযাওঁ বুলিয়েই ঠিক কৰিছিল কিন্তু যেতিয়া গাড়ী চলিল,তেতিয়া পিছঠেং দুখন যাবলৈ বাধ্য।তাৰ এনে লাগিল যেন পানীত হে উটি গৈ আছে! আপ্ৰাণ চেষ্টা কৰিও ঠেং দুখন নলৰোৱাকৈ থাকিব নোৱাৰিলে।চাৰিওপিনে উৎসাহে পাৰ ভাঙি গ’ল।“চলিল চলিল,গৈছে গৈছে” ।হাতচাপৰি আৰু মানুহৰ কিৰিলীত ঘোঁৰাই বহুত অপমানিত বোধ কৰিলে। সি কিন্তু ধৈৰ্য্য নেহেৰুৱালে। ভাবিলে,এনেকৈনো কিমানদূৰ নিবি?যেতিয়াই গাড়ী ৰখিব,ময়ো ৰখিম। মোৰেই ভুল, গাড়ীত ভৰি দিবয়ে নালাগিছিল।

অৱশেষত সি যি ভাবিছিল সেয়াই হ’ল। মানুহবোৰে কোনোমতে এশ খোজমান টানিলে, তাৰ পিছত ভাগৰত হাত দাঙি দিলে।এয়াটো শ-দুশ খোজমান নহয়, ষ্টেচনলৈ পূৰা তিনি মাইল দূৰ। ইমান দূৰ ঘোঁৰা টনা মুখৰ কথা নাছিল।যেই গাড়ী ৰ’ল,সিও ৰ’ল।দৰাই আকৌ লেকাম টানিলে, লথিয়ালে। চাবুকেৰে মাৰিলে,কিন্তু ঘোঁৰাই তাৰ স্বত্ব নেৰিলে। নাকেৰে তেজ ওলাইছিল, চাবুকৰ কোবত গা বখলা বখল হৈছিল, পিছঠেঙতো জখম হৈছিল।কিন্তু সি তাৰ স্বত্ব ৰক্ষাৰ দৃঢ় প্ৰতিজ্ঞা এৰা নাছিল।

পুৰোহিত বাপুই ক’লে- “আঠ বাজিল।লগ্ন উকলি গ’ল।“ দীন কৃশ নিশকতীয়া ঘোঁৰাৰ জয় হ’ল। মুন্সীজীয়ে খঙত, দূখত কান্দি পেলালে।নিয়মমতে দৰাই এখোজো খোজকাঢ়িব নোৱাৰে। বিয়াৰ যাত্ৰাৰ সময়ত মাটিত ভৰি ৰখা নিষেধ, মান সন্মান নৰয়,অপযশ হয়।কুলত কলংক বাঢ়ে,কিন্তু এতিয়া খোজকাঢ়ি যোৱাৰ বাহিৰে একো উপায় নাই।মুন্সীজী আহি ঘোঁৰাৰ সন্মুখত থিয় দিলে আৰু সংকোচেৰে,আক্ষেপ মিহলি মাতেৰে থোকাথুকিকৈ ক’লে,” মহোদয়, আপোনাৰ অহোভাগ্য যে আপুনি মীৰচাহাবৰ ঘোঁৰা।মই যদি মালিক হ’লোহেঁতেন তেনেহ’লে আপোনাৰ হাড়-মূৰ একো নৰ’লহেঁতেন।ইয়াৰ লগতে ময়ো আজি ভাল এটা শিক্ষা পালোঁ যে নিমাত জন্তৱেও নিজৰ স্বত্ব কেনেদৰে ৰক্ষা কৰে। মই আপুনি ব্ৰতধাৰী বুলি নাজানিছিলো। বোপা অ,নামি আহা। বৰযাত্ৰী ষ্টেচন পালেগৈ বোধকৰোঁ।ব’লা আমি খোজকাঢ়িয়েই যাওঁ।আমি দহ বাৰজন নিজৰ ঘৰৰে মানুহ, হাঁহিবলৈ কোনো নাই। ৰং বিৰঙৰ কাপোৰ সলোৱা নহ’লে বাটত মানুহে হাঁহিব যে খোজকাঢ়ি বিয়া কৰাবলৈ যায়।ঐ জেদী ঘোঁৰা, ব’ল তোক মীৰ চাহাবক গতাই থৈ আহো।“

☆★☆★☆

7 Comments

Leave a Reply

Your email address will not be published.