ফটাঢোল

স্বাৰ্থপৰ পৃথিৱীত নিঃস্বাৰ্থ হোৱাটোও এটা ভুল – বিকাশ শইকীয়া

পল্টন বজাৰ,পল্টন বজাৰ, পল্টন বজাৰ ……৷ খালি গাড়ী, খালি গাড়ী, খালি গাড়ী……… ৷ এই “খালি গাড়ী” শব্দটো শুনাৰ লগে লগে অৰ্ণৱে বাছ ষ্ট’পত বহি থকা বেঞ্চখনৰ পৰা উঠিল৷ যদিও সি জানে গাড়ীখন খালি নহয়৷ বহিবলৈ চিট পোৱাটো টান৷ তথাপি খালি গাড়ী মাতষাৰ শুনিলে ঠিয় হৈ যোৱাৰ সাহসকণ হয়৷

বাছত থিয়হৈ অৰ্ণৱে ভাবি আহি আছে৷ সেই ডেকা ল’ৰাজনে খালি গাড়ী বুলি চিঞৰি চিঞৰি কিমানৰ যে পেট ভৰাই আছে! মালিক,ড্ৰাইভাৰ,মেকানিক আদিসকলৰ ওপৰিও ট্ৰেফিক পুলিচলৈকে তাৰ মিছা কথাষাৰত নিৰ্ভৰশীল৷ সকলোৰে স্বাৰ্থত সি মিছা ক’লেই যেনিবা তাতে কি ক্ষতি হ’ল! এনে এখন স্বাৰ্থপৰ পৃথিৱীত সি যদি মিছা কথাষাৰৰ ঠাইত সঁচাকৈ “পল্টন বজাৰ চিট নাই” বুলি চিঞৰি যায় তাৰ চাকৰিটো থাকিবনে? সেই মিছা কথাষাৰ বেলেগ কোনোবাই ক’ব৷ কিন্তু সঁচা কোনেও নকয়৷ সেইবাবে অৰ্ণৱে মনতে ভাবি আহিছে৷ আজিৰ “স্বাৰ্থপৰ পৃথিৱীখনত নিঃস্বাৰ্থ হোৱাটোও এটা ভুল৷”

“আস্  আস্ আস্৷” বাছৰ ভিৰৰ মাজতে অৰ্ণৱে হঠাৎ চিঞৰি উঠিল৷ কিন্তু কোনেও বুজি পোৱা নাছিল কিয় তাৰ সেই বিকট চিঞৰ৷

“আস্ বাইদেউ আঁতৰি দিয়ক দোষ পাইছো৷” অৰ্ণৱে পুনৰ চিঞৰি উঠিল৷ কিন্তু বাইদেৱে বুজিকে পোৱা নাই যে তেওঁৰ জোঙা হাই হিলৰ চেপাত অৰ্ণৱে চিঞৰি আছে৷ যেতিয়া দেখিছে তেতিয়ালৈ অৰ্ণৱৰ ভৰিত চিন লাগি গৈছে৷ বিষত কিছু দূৰ গৈ অৰ্ণৱ আৰু বিদিশাই ফাৰ্মেচিৰ পৰা ঔষধ,বেণ্ডেড লগালে৷

“ছ’ৰি মোৰ চেণ্ডেলৰ চেপাত আপুনি ইমান দুখ পাব বুলি ভৱা নাছিলোঁ৷ অজানিতে লাগি গ’ল৷” বিদিশাই ক’লে৷

অৰ্ণৱৰ উত্তৰ – “ইটচ্ অ’কে৷ হৈ যায়৷ এতিয়া বিষ অলপ আছে৷ পিছত ভাল হৈ যাব৷” স্মিত হাঁহিটোৰ সৈতে অৰ্ণৱক দেখাত বেচ হেণ্ডচাম লাগিছে৷ তাতে তাৰ অমায়িক কণ্ঠ আজিৰ প্ৰজন্মৰ ডেকা ল’ৰাৰ মাজত বিদিশাই প্ৰথম দেখিছে৷ অৰ্ণৱে আৰু কিবা কওক বুলি বিদিশাই আশা কৰি আছে৷ ইমান পৰে নামটোও সোধা নাই৷ নিশ্চয় গাৰ্ল ফ্ৰেণ্ড থকা ল’ৰা হ’ব৷ দেখাত ইমান ধুনীয়া এটা ল’ৰাৰ গাৰ্ল ফ্ৰেণ্ড নাই! হ’বই নোৱাৰে৷ ছোৱালীজনী হৈ প্ৰথমে সুধিবও নোৱাৰে তাৰ নাম ঠিকনা৷
“আপুনি কোনফালে যাব?”- অৰ্ণৱে হঠাতে সুধি দিলে ৷
“পল্টন বজাৰ যাম৷ আপুনি ?”- বিদিশাইও তপৰাই উত্তৰটো দিলে৷
“ময়ো পল্টন বজাৰে যাম৷ কিন্তু এইবাৰ বৰ বেছি ভিৰ থাকিলে বাছত নুঠিম৷ আকৌ লাগি যাব পাৰে৷”
“হয়৷ মই যে হাই হিল নিপিন্ধোঁৱে, আজিহে আকৌ কি মন গ’ল৷ গুৱাহাটীত সবে পিন্ধি থকা দেখি বোলোঁ ময়ো পিন্ধি যাওঁ৷ পিন্ধি আহি আপোনকহে কষ্ট দিলোঁ৷”
“তেন্তে দোষটো বাকীবোৰ হিল পিন্ধা ছোৱালীৰ গাত হে৷ হাঃহাঃহাঃ”
“নাই নহয়৷ তেনেকৈ কোৱা নাই৷ অ’হ গাড়ী এখন আহিছে৷ খালি যেন লাগিছে৷ চিট পাম ব’লক এইখনতে যাওঁ৷”
দুয়ো গৈ একেটা চিটতে বহিল৷
“কথা এটা সুধিম বেয়া পাব নেকি?”-অৰ্ণৱে সুধোঁ-নুসুধোঁকৈ সুধিলে৷
“নাই নাপাওঁ কওক৷”-বিদিশাই আগ্ৰহ দেখুৱালে৷
“আপুনি যে ক’লে-গুৱাহাটীৰ ছোৱালীবোৰ হাই হিল পিন্ধে৷ আপুনি গুৱাহাটীৰ নহয় নেকি?”
“নাই নহয়৷ মই তেজপুৰৰ৷ গুৱাহাটীলৈ এটা কামতহে আহিছিলোঁ৷ আজিয়ে যাম গৈ৷”
“অহ৷ আপোনাৰ নামটো?”
“বিদিশা৷ বিদিশা শইকীয়া৷”
“মোৰ নাম অৰ্ণৱ বৰা৷ মই যোৰহাটৰ ৷ ইয়তে সৰু ৰূম এটা ভাৰা কৰি আছোঁ৷ পিছে মই এটা বুলি কৈ দুটা কথা সুধিলোঁ৷” অকণমান হাঁহি অৰ্ণৱে ক’লে৷
কপালৰ পৰা গালত পৰা চুলি কেইডাল পুনৰ মূৰলৈ টানি বিদিশাইও হাঁহি হাঁহি ক’লে-“হ’ব দিয়ক ৷ একো নাই৷ নামটোহে জানিলে৷”
“কথাটো হওঁতে হয়৷ কিন্তু ছোৱালী মানুহক কিবা ক’লে সাৱধান হ’ব লাগে৷ মই বেছি কথা কোৱা নাইতো?”
“নাই নাই৷ ঠিকে আছে৷ আপোনাৰ কণ্ঠ অমায়িক৷ মোৰ ভালে লগিছে৷ ভবাই নাছিলোঁ আজিৰ প্ৰজন্ম ইমান অমায়িক হ’ব পাৰে বুলি৷”
“ধন্যবাদ৷ আচলতে আমিবোৰ গাঁৱৰ ল’ৰা৷ সমনীয়াৰ সৈতে নৈশ ক্লাবলৈ নাযাওঁ৷ নামঘৰ,বিহু আদিত যাওঁ৷ গতিকে অমায়িক নোহোৱাটোহে ডাঙৰ কথা আমাৰ বাবে৷”
“হয় হয়৷ মোৰো ভাল লাগে অসমীয়া সংস্কৃতি৷ কিন্তু আজিলৈকে বিহু নাচিবলৈ শিকা নহ’ল৷”
“শিকিব পাৰিব৷ বিহু আমাৰ তেজত আছে৷ আমি য’তে যাওঁ ব’হাগী আমাৰ লগতে থাকে৷ সেই বাবেই আজি বিশ্বৰ যি ঠাইত অসমীয়া মানুহ;বিহুও তাত আছে৷ অৱশ্যে ইয়াৰ প্ৰসাৰ বৰ মন্থৰ৷ শামুকীয়া গতিতকৈও কম৷”

এইদৰে  কথা পাতি কিছুসময় আহি দুয়ো বাছৰ পৰা নামিল৷ অৰ্ণৱৰ কথা আৰু বিদিশাৰ আচৰণে পৰস্পৰ পৰস্পৰক প্ৰভাৱান্বিত কৰিলে৷ অৰ্ণৱে জানে ছোৱালীজনীয়ে কেতিয়াও আগতে ফোন নাম্বৰ নিবিচাৰে৷ সি নিজে বিচাৰিব লাগিব৷ আজিলৈকে কোনো ছোৱালীয়ে তাক নিৰাশ কৰা নাই৷ এইবাৰ যদি ৰেকৰ্ডটো ভাগি যায়৷ নাই সিও ৰেকৰ্ড ভাঙিবলৈ দিব নোৱাৰে৷ দৰকাৰ হ’লে নাম্বাৰেই নালাগে৷ কিন্তু নল’লেও যে জন-সমুদ্ৰত তাই হেৰাই যাব৷ আনহাতে বিদিশাৰ মনতো একে ভাৱ৷ ফোন নাম্বাৰটো বিচাৰিলে দিম নে নিদিম৷ দিলেও নিজৰ ৱেইট কমি যাব৷ নিদিলেও বেয়া হ’ব৷ তাতে ল’ৰাটোৰ কথাতে বুজিব পাৰি ফোন নাম্বাৰ লৈ আমনি কৰা জাতৰ নহয়৷
“আপুনি ফেইচবুকত আছে নে ?”-অৰ্ণৱে সুধিলে ৷
“অঁ হয় আছোঁ৷”
“তেন্তে ৰিকুৱেষ্ট দিওঁ৷ কথা পাতি ভাল লাগিল আপোনাৰ লগত৷”
“অঁ দিব পাৰে৷”

দুদিন মানৰ পিছৰ অৰ্ণৱে দেখে “বিদিশা হেজ চেঞ্জড হাৰ প্ৰফাইল পিক”৷ সি লাইক দিলে আৰু কমেণ্টচত লিখিলে “ধুনীয়া”৷ বিদিশাৰ ৰিপ্লাই “ধন্যবাদ”৷
অৰ্ণৱে এইবাৰ পোনেই ইনবক্সলৈ আহি ক’লে-“হাই,ইনবক্সলৈ অহা বাবে চ’ৰি! চিনি পাইছে নে বাৰু?”
বিদিশা – “ইটচ অ’কে৷ কিয় চিনি নাপাম! পাইছোঁ৷ আহিব পাৰে মোৰ ইনবক্সলৈ৷”
অৰ্ণৱ – “অহ ৷ ঠিক আছে তেন্তে৷ ভাল নে?”
বিদিশা – “মোৰ ভাল৷ আপোনাৰ  ভাল নে ?”
অৰ্ণৱ – “ভাল মোৰ৷ পিছে এতিয়া কথা পাতিব নোৱাৰিম৷ ভাত ৰান্ধিবলৈ আছে৷ অকলে থাকোঁযে! পিছত কথা পাতিম৷ গুড নাইট৷”
বিদিশা – “ঠিক আছে ৰান্ধক৷ গুড নাইট৷”

এইদৰে বহুত দিন গুড নাইট,গুড মৰ্ণিং, ভাল-বেয়া,কি খালে, কি ৰান্ধিলে, ঘৰত সকলোৰে ভাল নে ইত্যাদি ইত্যাদি মেছেজৰ আদান-প্ৰদান চলিল৷ ইজনে-সিজনৰ ৰুচি-অভিৰুচিবোৰ জনা হ’ল৷ বিশেষকৈ অৰ্ণৱৰ প্ৰিয় খাদ্যবোৰ বিদিশাই ঘৰতে প্ৰস্তুত কৰি হোৱটচএপত ফটো দিবলৈ ধৰিলে৷ অৰ্ণৱৰ ৰন্ধন প্ৰকৰণবোৰৰ ফটো দেখিলেই বিদিশাই বুজি পায় যে অৰ্ণৱৰ সমান পাৰ্গত তাই নহয়৷ উত্তৰ ভাৰত,দক্ষিণ ভাৰত, পৰম্পৰাগত খাদ্য বহুতৰ নাম তাই প্ৰথমবাৰ অৰ্ণৱৰ মুখৰ পৰা শুনিছে৷ কোম্পানীত চাকৰি কৰা অৰ্ণৱে কেতিয়া সময় পায় এইবোৰ শিকিবলৈ৷ অৰ্ণৱৰ কবিতা,গল্পইও বহুতৰে অন্তৰ চুই গৈছে৷ সেইবোৰে তাইক একো প্ৰভাৱান্বিত কৰিব পৰা নাই৷ কিন্তু সদায় অৰ্ণৱক প্ৰশংসা কৰি গৈছে৷

গাঁৱৰ ল’ৰাবোৰ সঁচাই আচৰিত৷ পানীত নাও দিলেও চলাব, মাটিত গাড়ী পালেও চলাব৷ নাঙল দিলেও হাল চলাব, কম্পিউটাৰতো কিবৰ্ড চলাব৷ চহৰৰবোৰে কেৱল গাড়ীখন বা কিবৰ্ডখনহে পাৰে৷ এটা ভাল প্লেটফৰ্মৰ অভাৱতহে সিহঁতৰ প্ৰতিভাবোৰ সুপ্ত হৈ থাকে৷ এই কথাবোৰ ভবি থাকোঁতেই তাই পুৰণা প্ৰেমিকজনলৈ মনত পৰি গ’ল৷ তাৰ বাইক চলোৱা ষ্টাইল দেখিয়েইটো প্ৰথমবাৰ প্ৰেমত পৰিছিল তাই৷

দিল্লীত পিছত প্ৰথমবাৰ তাক লগ পাইছিল৷ অসমীয়া ল’ৰা এটাক দিল্লীত আপোন নকৰি তাই কাক কৰিব! দিল্লীত পঢ়িবলৈ গৈ তাৰ লগত হোৱা প্ৰেম পিছত সৰ্বজনবিদিত৷ পঢ়াৰ সময়ত তাৰ লগত বহু সময় পাৰ কৰে৷ তাৰ সান্নিধ্যত থাকিয়েই নৈশক্লাব, লেট নাইট পাৰ্টী ইত্যাদিৰ সৈতে বিদিশাৰ পৰিচয় ঘটিছিল৷ বহু সময় পাৰ কৰিছে তাই সেইবোৰৰ মাজত৷ কিন্তু তাই জনা নাছিল ভাললৈ নে কাললৈ৷

সময় বাগৰি গ’ল৷ পঢ়াৰ পিছত চাকৰি পোৱা নাই৷ আনহাতে ঘৰৰ মানুহে বিয়াৰ কথাও কয়৷ তাইৰ প্ৰেমিকেও চাকৰি বিচাৰি হাবাথুৰি খায় ফুৰিছে৷ হাজাৰ গীতা, কোৰাণ, বাইবেলৰ জ্ঞান দিয়ক এই সময়খিনি কেনে লাগে শিক্ষিত নিবনুৱাৰ বাদে কোনেও বুজি নাপায়৷ খেতিত ধৰিলেও ক’ব-সেইজনাই দিল্লীত পঢ়ি আহি খেতিত ধৰিছে৷ খেতিকে যদি কৰে মাক-বাপেকৰ টকাসোপা কিয় পানীত পেলাব লাগে৷ নধৰিলেও ক’ব সোৰোপাৰ জাত৷ ইমানবোৰ পঢ়া শুনা কৰিও নাজানিলে কিবা এটা কৰিব লাগে বুলি৷ দোকান এখন দিলেও বাকী কৰি দোকানৰ স্বৰ্গ যাত্ৰা বাট কাটি দিব৷ বাকী নিদিলেও দোকানীজন ভাল নহয়৷ নাযাবি সেইখন দোকানলৈ৷ চাওঁতে চাওঁতে ভালে দিন পাৰ হৈ গ’ল৷ সময় বৰ নিষ্ঠুৰ৷ কাকো ক্ষমা নকৰে৷ ইফালে বিদিশাৰ বিয়া হেঁচা দিনক-দিনে বাঢ়ি আহিল৷ কোনোফালে একো নোহোৱা দেখি প্ৰেম-বিচ্ছেদ হোৱাটোৱেই খাটাং আৰু তাকেই হ’ল৷ বিদিশাৰ পুৰণা প্ৰেমিকে ৰাজনীতিৰ নেতাৰ লগত হাত মিলাই কামৰ যোগাৰ কৰিলে৷ যাৰ বাবেই তেওঁ বিদিশাক এৰি নেতাজনৰ ভাগিন সম্বন্ধীয় ছোৱালীক বিয়া কৰাব লগাত পৰিল৷ যাৰ বাবে বিদিশাই সৰ্বস্ব ত্যাগ কৰিছিল,যাক বহু সময় দিছিল-তেওঁ এৰি যোৱাটো বিদিশাৰ বাবে মৃত্যুসম হৈ পৰিল৷ বিদিশাৰ ৰূপ-লাৱণ্যত বেলেগ কোনো যে মোহ নাযাব তেনে নহয়৷ বেলেগ কোনোবা পাব খাটাং৷ কিন্তু তেওঁক দিয়া সময়খিনি ক’ৰ পৰা আহিব !

“ভাত খাহি আহ৷” মাকৰ কথাত বিদিশা বিচনাৰ পৰা উঠি গৈ পাকঘৰ পালেহি৷ খায়-বৈ আহি অৰ্ণৱলৈ ফোন লগালে৷ বহু সময় অৰ্ণৱৰ লগত কথা পাতি দুজনেই ভাল লগা কথা কিছুমান পৰস্পৰৰ মাজত স্বীকাৰ কৰিলে৷ এদিন গুৱাহাটীত লগ ধৰাৰ কথাও ক’লে৷

কথা মতেই কাম৷ দুজন এতিয়া গণেশগুৰিৰ পৰা দীঘলীপুখুৰীলৈ যাব৷ বহিব ৷ কথা পাতিব৷
অৰ্ণৱ – “বাছখন অলপ খালি দেখিছোঁ৷ ব’লা এইখনতেই যাওঁ৷”
বিদিশা – “নাযাওঁ এইখনত৷”
অৰ্ণৱ – “কিয় ?”
বিদিশা – “বাছখনৰ কালাৰটো বেয়া৷”
অৰ্ণৱে মনতে ভাবিলে-“ধুৰ চাল্লা !! এই ছোৱালীমখা থাকোঁতে নাটক লিখিবলৈ বেলেগ এজন শ্বেক্সপিয়াৰ নহ’লেও হ’ব ৷ কিহে পাইছিল মোক প্ৰেমত পৰিবলৈ !” অৰ্ণৱে সেমেনা-সেমেনি কৰিলে৷

দিনক-দিনে বিদিশাৰ নাটক বাঢ়িহে গ’ল৷ অৰ্ণৱ অফিচত থাকোঁতে বিদিশাই ফোনত কৰা নাটকবোৰে তাৰ কামত ব্যাঘাত জন্মালে৷ অৰ্ণৱে মেনেজাৰৰ ৰঙা চকু প্ৰতিদিনে দেখিবলৈ ধৰিল৷ সি কি কৰিব এতিয়া! চাকৰিও এৰিব নোৱাৰে,বিদিশাকো এৰিব নোৱাৰে৷ বিদিশাৰ প্ৰেমত পৰি সি বহু সময় নষ্ট কৰিলে৷

পুনৰ বিদিশাৰ ঘৰত বিয়াৰ কথা চলিল৷ বিদিশাই অৰ্ণৱৰ কথা ক’লে৷ কিন্তু কোনো মান্তি হ’ব বিচৰা নাই৷ ‘এবাৰ তই যি কৰিলি কৰিলি৷ এইবাৰ তোৰ কথা মতে নহয়,আমাৰ কথা শুনিব লাগিব৷’ বিদিশাৰ ঘৰৰ মানুহৰ কাঢ়া কথা৷
বিয়াৰ প্ৰস্তাৱ লৈ বিদিশাৰ ঘৰলৈ যাবলৈ অৰ্ণৱৰ একবছৰ সময় বিচাৰিলে৷ কিন্তু এই পৰিস্থিতিত বিদিশাই  অৰ্ণৱক এক বছৰ দিয়াটো অসম্ভৱ৷ আনহাতে অৰ্ণৱ গাঁৱৰ ল’ৰা, ঘৰৰ মানুহে তাক পোনেই নাকচ কৰাৰ সেইটোৱেই আছিল প্ৰধান কাৰণ৷ গতিকে সিহঁতৰ প্ৰেমক পুনৰ বিচ্ছেদে হাত বাউলি মাতিলে আৰু তাকেই হ’ল৷

আজি অৰ্ণৱ অনুতপ্ত৷ প্ৰেম-বিচ্ছেদৰ বাবে নহয়৷ ভালেই হ’ল ৷ সেইজনী ছোৱালী বিয়া কৰোৱাহেঁতেন তাৰ ভৱিষ্যত জীৱনত আৰু সমস্যা হ’লহেঁতেন৷ বিদিশাও অনুতপ্ত৷ তাইও প্ৰেম-বিচ্ছেদৰ বাবে নহয়৷ সেই স্বাৰ্থপৰ প্ৰথম প্ৰেমিকজনৰ লগত বিয়া হোৱা হ’লেও তাই জীৱনত সুখ-শান্তি নাপালেহেঁতেন৷ অথবা অৰ্ণৱৰ লগত বিয়া হোৱা হ’লেও গাঁৱৰ ঘৰত তাই নিজক পাৰ কৰিবলৈ বৰ অশান্তি হ’লহেঁতেন৷ কিন্তু দুয়ো অনুতপ্ত কিয় ? এই যে প্ৰেমৰ বাবে দুজনেই বহু মূল্যৱান সময় নষ্ট কৰিলে-যিখিনি সময়ত নিজকে গঢ় দিয়াৰ অত্যন্ত প্ৰয়োজন আছিল৷ যৌৱন মানে কেৱল প্ৰেম নহয়৷ এইয়া হ’ল জীৱনৰ তলা খোলা চাবি-কাঠি৷

অৰ্ণৱে এতিয়া তাকেই সকলোকে কয়৷ বাছৰ হেণ্ডিমেনজনৰ পৰা প্ৰেম,বিবাহ সকলোতে সামান্যতম হ’লেও স্বাৰ্থ লুকাই থাকে৷ সমগ্ৰ পৃথিৱীখনেই স্বাৰ্থপৰ৷ স্বাৰ্থপৰ পৃথিৱীখনত নিঃস্বাৰ্থ হোৱাটোও এটা ভুল৷ স্বাৰ্থপৰ হ’ব লাগে সময়ক লৈ৷ আজিৰ পৃথিৱীখনত সময়ক লৈ স্বাৰ্থপৰ হোৱাত কোনো দোষ থাকিব নোৱাৰে৷

☆★☆★☆

6 Comments

  • তৃষ্ণা সো.

    “যৌৱন মানে কেৱল প্ৰেম নহয়৷ এইয়া হ’ল জীৱনৰ তলা খোলা চাবি-কাঠি। ” হয় এয়া অস্বস্তিকৰ হলেও নিৰ্মম সত্য।

    Reply
  • বাস্তব ধৰ্মী গল্প ।ভাল লাগিল ।

    Reply
  • Sikha Baruah

    Very nice…

    Reply
  • Mitali saharia

    ধুনীয়া লাগিল।

    Reply
  • বৰ ভাল লাগিল।

    Reply
  • দেৱজিৎ বৰুৱা

    ধুনীয়া লিখনি । পঢ়ি বৰ ভাল পালোঁ ।

    Reply

Leave a Reply

Your email address will not be published.