ফটাঢোল

স্মৃতিভাৰ (২)– দীপামণি শইকীয়া

sometimes memories sneak out of our eyes and roll down our cheeks!

পাৰ হৈ অহা বাটলৈ উভতি চালে, সময়ৰ সোঁতত এৰি আহিব লগীয়াখিনিয়ে দুখ আৰু ক্ষোভৰ শিল হৈ  আমাৰ উশাহবোৰ গধূৰ কৰি তোলে। কিন্তু পাৰ হৈ অহা সেই সুন্দৰ সময়ে আমাৰ জীৱনক একেদৰে  হাঁহিৰে ধন্যও কৰে। তাৰে কত কাহিনী লৈ মনত পৰিলে এতিয়াও মৌন ওঁঠত হাঁহিৰ ফুল ফুলি উঠে। জীৱনতো সুখ-দুখ, হাঁহি-কান্দোনৰে এক বৰ্ণাধ্য আয়োজন!  মূলতঃ বাস্তৱৰ পৰা তুলি সামান্য সা-সলনি কৰি লিখা তাৰেই  কিয়দংশ…….

বাৰিষাৰ সময়৷ ঘৰৰ আগফালৰ পুখুৰীটো পুখুৰী গুছি নদীৰ দৰে হৈ পৰিছে। চপচপিয়া পানীৰে ভৰি পৰিছে পথাৰ সমাৰ সকলোবোৰ। পিচে হ’লে কি হ’ব, পুখুৰীত গৈ পানীৰ লগত খেলাৰ পাৰ্মিচন নাই ঘৰত। আগতে এবাৰ গৈ পানীত খেলি থাকোঁতে মায়ে, পাৰতে গজি  থকা কেঁচা তৰা গছৰ ঠাৰিৰে, ভৰিৰ ছাল উৰুৱাই দিছিল কোবাই, গতিকে এনে ভুল কৰি দুবাৰ সেই পিতন খাবলৈ সাহস নাই।

পিচে সিদিনা আছিল ছমহীয়া পৰীক্ষাৰ শেষৰ দিন। আগবেলা পৰীক্ষা দি মই, মমী আৰু নিৰ্মালী ঘূৰি আহি আমাৰ ঘৰতে সোমালোঁ। সিহঁত দুজনীৰ ঘৰলৈ আৰু কিছু দূৰ। ক্লাচ ফাইভত আছিলোঁ তেতিয়া। হঠাৎ আমাৰ মনত পৰিল, পৰীক্ষা শেষৰ দিনা ল’ৰা ছোৱালীবোৰ যিমান সোনকালে স্কুলৰ পৰা ঘূৰে, টিছাৰবোৰ সিমান পলমকৈ ঘূৰে। গতিকে মা ঘৰ আহি পাবলৈ বহু সময় আছে। লগালগ সিদ্ধান্ত হ’ল আজি পুখুৰীত সাঁতুৰিবলৈ যোৱা যাওক। মই নিজৰ কাপোৰ সলাই ললোঁ। মমী, নিৰ্মালীয়ে স্কুলৰ ড্ৰেছ সলাই মোৰ টিচাৰ্ট দুটা পিন্ধিলে আৰু এখন এখন গামোচা ৰেপলন ষ্টাইলত কঁকালত মেৰিয়াই পিন্ধি ল’লে। নিজৰ এপদ বস্ত্ৰ তিয়াব লাগিলেও ঘৰলৈ ঘূৰি যোৱাত অসুবিধা হ’ব বাবে নিজৰ কাপোৰখিনি ভালকৈ সামৰি থৈ দিলে।

হাতত সময় বেছি নাই বাবে আমি দৌৰি গৈ পুখুৰীৰ পাৰ পালোঁগৈ৷ পুখুৰীৰ পাৰত পৰিতক্ত ভঙা নাও এখন লগাই থোৱা আছিল৷ আন কোনো কথা চিন্তা নকৰি আমি সেই ভঙা নাওখনতে উঠি  দিগন্ত উপলক্ষে পাল তৰি দিলোঁঁ৷ নাওখনৰ মাজত থকা কাগজৰ সোপাৰে কোনোমতে বন্ধ কৰি থোৱা  প্ৰকাণ্ড ফুটা দুটাত চকু পৰাতো আমি চকু আঁতৰাই থলোঁ।

লাহে লাহে ইপাহৰ পিছত সিপাহ কৈ ভেট ফুল চিঙি, ইজনীয়ে সিজনীৰ গালৈ পানী চটিয়াই বিভিন্ন  জলক্ৰীয়াত মগ্ন আৰু আচ্ছন্ন হৈ আমি পুখুৰীৰ গভীৰতকৈয়ো গভীৰখিনিত গৈ উপনীত হলোঁগৈ।

উলাহত আমি তেতিয়ালৈ মনেই নকৰিলোঁ যে  নাওখনত থকা বৃহৎ ফুটা দুটাৰে ঘৰঘৰাই পানী সোমাবলৈ কেতিয়াবাই আৰম্ভ হৈ গৈছে।

 প্ৰকৃত কষ্ট মৃত্যু নহয়, প্ৰকৃত যাতনা হ’ল একো নকৰাকৈ মৃত্যুুুলৈ অপেক্ষা কৰিব লগীয়া হোৱাটোহে।  গতিকে সেই যাতনাৰ পৰা হাত সাৰিবলৈ আমি নাওখন ডুবাৰ আগেআগে পানীলৈ জঁপিয়াই নামি দিলোঁ।

পানীত নমাৰ পিছত আমাৰ কৰিবলগীয়া বিশেষ একো নাছিলেই৷ কাৰণ আমি তিনিওজনীয়ে সাঁতোৰৰ ‘স’টোও নাজানিছিলোঁ। পানীত পৰা মানুহে খেৰকুটাকো সাৱতি ধৰে বচনক সাৰোগত কৰি আমি কিছুপৰ দল ঘাঁহ যি পালোঁঁ তাৰে লগত জপজপাই যুঁজি ৰ’লোঁ।

২/৩ মিনিটৰ সেই সময়খিনিৰ ভিতৰতে কি হ’ল বুজি নাপাওঁ, নাৱৰ পদাৰ্থ বিজ্ঞান আৰু পানীৰ ৰাসায়নিক বিজ্ঞানৰ সকলো সূত্ৰৰ উৰ্দ্ধত গৈ নাওখন পানীত উভতি খাই উপঙি উঠিল। তফাৎ মাথো ইমানেই এইবাৰ নাওৰ তল ওপৰ ফালে  থাকিল। আমি লগালগ নাওখন ধৰি তাৰ উভটা পিঠিত কিবাকৈ বহি ল’লোঁ। এজনী এজনীকৈ তিনিওজনী বহি দিয়াৰ লগে লগে আমাৰ ওজনত নাওখন পানীৰ মাজলৈ সোমাই গ’ল৷ উপায় নাপাই আমি বহাৰ পৰা উঠি তাতে থিয় দিলোঁঁ৷ পানীৰ প্লাবিতাৰ সূত্ৰ অনুযায়ী আমাৰ মুঠ ওজনত নাওখন সিমান গভীৰলৈ সোমাই গ’ল, য’ত থিয় দিলে পানীৰ পৃষ্ঠৰ পৰা ওপৰলৈ আমাৰ ডিঙি কেইটা অন্ততঃ ওলাই থাকে।

 ইফালে ঘাঁটলৈ অহা  কাৰোবাৰ চকুত পৰিল পুখুৰীৰ পানীৰ মাজত আমি তিনিজনী থিয় হৈ আছোঁ।

লগে লগে জৰুৰীকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ হ’ল। অন্য এখন ডাঙৰ নাৱত দুজন মানে  আহি আমাক পানীৰ পৰা উঠাবলৈ চেষ্টা কৰিলে। পানীৰ পৰা নাৱত উঠাৰ কিটিপ আমাৰ জ্ঞাত নাছিল বাবে সেয়া সহজ নাছিল৷ অৱশেষত উদ্ধাৰকাৰী ককাইদেউ দুজনে ক’লে যে তহঁতে নাওখনত ধৰি ল  ভালকৈ, আৰু এনেকৈয়ে নাৱৰ লগে লগে পাৰলৈকে আহি যা।

কথা মতেই কাম৷ ইতিমধ্যে পাৰত মানুহৰ ভালকৈয়ে এটা জুম গোট খাইছেগৈ। নাৱৰ লগে লগে ওলমি  উটি উটি আমি গৈ পাৰ পালোঁগৈ। ভৰিৰ তলত মাটি চুব পৰা গভীৰতা হোৱাত পাৰলৈ উঠি আহি দেখোঁ, মানুহজাকৰ মাজত চকু পানীৰে চলচলিয়া হৈ মাও থিয় হৈ আছে। হাতলৈ চাই চিটিকনি এচাৰি নেদেখি  নিৰ্ভয় হৈ পাৰলৈ উঠি আহিলোঁ। কিন্তু মমী আৰু নিৰ্মালীয়ে পাৰলৈ অহাৰ নামেই লোৱা নাই। সৱে জোৰ কৰিছে কিন্তু সিঁহত দুজনী একঁকাল পানীৰ পৰা পাৰলৈ নাহে হে নাহে। মাক দেউতাকে দহোকুৰী শপত খাইছে, একো নকৰোঁঁ উঠি আহ, পিচে সিহঁতে নামানে। উপায় নাপাই মই আকৌ পানীত নামি সিহঁতৰ কাষ পালোঁগৈ। সুধিলোঁ উঠি নাহ কিয়? উত্তৰত মমীয়ে মোৰ কাণত ফুচফুচাই ক’লে,

: কেনেকৈ উঠি যাওঁ মানুহবোৰৰ আগত৷ আমি পিন্ধি থকা গামোচা দুখন পানীত ক’ৰবাত খোল খাই থাকি আহিল।

☆★☆★☆

9 Comments

  • হেমন্ত কাকতি

    সঁচাকৈ বহুত ভাল লাগিল৷

    Reply
  • মাধুৰীমা

    কি মজ্জা

    Reply
  • হা:হা: সাংঘাতিক লটিঘটি দেই।বৰ ভাল লাগিল।

    Reply
  • হা হা, তামাম🎇🎇

    Reply
  • ৰিণ্টু

    এনেকুৱা এটা অভিজ্ঞতা মোৰো আছিল।

    লিখনশৈলী অতি সাৱলীল আৰু সৰল, খুব ভাল লাগিল পঢ়ি। ভবিষ্যতেও এইখন প্লেটফৰ্মত তোমাৰ লিখা পঢ়িব পাম বুলি আশা ৰাখিলো

    Reply
  • MITALI Saharia

    হাঃ হাঃ। ভাল লাগিল পঢ়ি।

    Reply
  • ৰাজীৱ

    হাঁহি উঠিল যদিও বৰ ভয়লগা লটিঘটি আছিল।

    Reply
  • জয়ন্ত দাস

    বাপৰে বৰ শিহৰণ ৷ অৱশ্যে শেষৰ ফালে টামাম হাহিলো৷

    Reply
  • কাবেৰী মহন্ত

    বৰ সাহসী আছিল দেই ৷ সাঁতুৰিব নাজানিও বাৰিষা পানীত নামিবলৈ যোৱা কম কথা নহয় ! ভাল লাগিল ৷

    Reply

Leave a Reply

Your email address will not be published.