ফটাঢোল

সৰল সমীকৰণ – দিগন্ত বৰুৱা

কথাটো সেইদিনা একেবাৰে গুৰুত্ব দিয়া নাছিলো৷ নাছিলো মানে, একো বিশেষ গুৰুত্ব দিবলগীয়া কথাও নাছিল সেইটো৷ অৱশ্যে আগতেও কোনোদিন গুৰুত্ব দিয়া নাছিলো মোলোকাৰ কথা৷

হয়, মোলোকাৰ কথাই কৈছো!

মোলোকা দোকানী।

মোলোকা তাৰ গাঁৱত প্ৰচলিত নামহে৷ আচল নাম মুহিধৰ হাজৰিকা৷ গোটেই অঞ্চল জুৰি এতিয়া মোলোকা নামেৰেহে পৰিচিত সি৷ মুহিধৰ নামটো এতিয়া কালৰ কুটিল গৰ্ভত।

প্ৰায় চাৰে চাৰিমাহৰ মুৰত গাঁৱৰ ঘৰখনলৈ আহিছো৷ আগতে ওচৰৰ টাউনখনত থাকোতে প্ৰতি শনিবাৰেই আহিছিলো৷ শনিবাৰে আবেলি আহি সোমবাৰে ৰাতিপুৱা ঘূৰি গৈ বাহিৰে বাহিৰে অফিছ কৰিছিলোগৈ৷ চাকৰি গুৱাহাটীলৈ ট্ৰেন্সফাৰ হোৱাৰ পাছত এতিয়া আৰু আগৰ দৰে অহা-যোৱা কৰিব নোৱাৰা হ’লো৷ একেৰাহে তিনি-চাৰিদিন বন্ধ পালেহে আহিব পাৰো৷

মোলোকা আৰু মই হাইস্কুলত একেলগে পঢ়া৷ গাওঁখনৰ আন দহোটা ল’ৰা আমাৰ সহপাঠী আছিল যদিও মোলোকাৰ সৰুকালৰ বন্ধু বুলিবলৈ কেৱল মইহে আছিলো৷ কিয় জানো, সি মোক কিয় ইমান ভাল পাইছিল৷ এতিয়াও যেতিয়াই গাঁৱৰ ঘৰখনলৈ আহো, তেতিয়াও বেছিভাগ সময় মোলোকাৰ দোকানত বহিয়েই তাৰ সৈতে কথাৰ মহলা মাৰি কটাওঁ৷ সুখ-দুখৰ কথা পাতো দুয়োটাই দুয়োটাৰ।

আমাৰ গাওঁখন যথেষ্ট ডাঙৰ৷ প্ৰায় পাঁচশ ঘৰ মানুহ৷ গোটেই পঞ্চায়ত খনৰ প্ৰায় অৰ্ধেক ভোটাৰ আছে গাওঁখনত৷ নামঘৰ কিন্তু এটাই। সেইবাবেই নেকি নামঘৰত হোৱা সবাহ-ভাওনাৰ দিনা মানুহৰ বিৰ দি বাট পাবলৈ নোপোৱা বিধৰ অৱস্থা হয়৷ বছৰেকৰ বিহু তিনিটাতো সেই একেই অৱস্থা৷ নামঘৰৰ ভিতৰত যিমান মানুহ, তাৰ তিনিগুণ মানুহ নামঘৰৰ চোতালত৷ সেইবাবে চাকৰিসূত্ৰে গাঁৱৰ পৰা বহু নিলগত থাকিলেও বিহুৰ দিনা যেনেতেনে গাঁৱৰ ঘৰখনলৈ ঢাপলি মেলো৷ উদ্দেশ্যে এটাই, নামঘৰৰ সেই মেলা সদৃশ পৰিবেশৰ মাজত নিজকে বিলীন কৰি দিয়াৰ৷ সকলোৰে লগত হাঁহি-ফুৰ্ত্তিৰে দুষাৰ সুখ-দুখৰ কথা পতাৰ।

যোৱা বহাগ বিহুতো আহিছিলো মই৷ ঠিক আজিৰ পৰা চাৰে চাৰিমাহৰ আগত।

কিন্তু ক’ৰবাত যেন কিবা এটা হৈছে। যিটো নামঘৰত বহাগ বিহুৰ দিনা দিয়া ৰাজহুৱা শৰাইখনত ঘৰে বাহিৰে মানুহ নধৰা হৈ থাকে, সেই নামঘৰতে সেইদিনা প্ৰায় অৰ্ধেক ঢৰা খালী৷ বাহিৰৰ চোতালখন একেবাৰে নিমাওমাও৷

হয়, ক’ৰবাত কিবা এটা হৈছে! সেইদিনা আবেলি পৰ্য্যন্ত সেই একেটা প্ৰশ্নই খুলি খুলি খাইছিল মোক৷

আচলতে হৈছে কি গাঁওখনত?

সন্ধিয়া মোলোকাৰ দোকানত বহি কথাটো উলিয়াওঁতে তাৰ পৰা যিটো উত্তৰ পালো, সেইটোৱে অলপ সময়ৰ বাবে মোক ভবাই তুলিলে যদিও সি যে এদিন খুউব গুৰুত্বপূৰ্ণ কথা হৈ উঠিব সেইটো মই ভুলতো অনুধাৱন কৰিব পৰা নাছিলো৷

“কিন্তু আজি নামঘৰত ৰাইজৰ সেৰেঙা উপস্থিতিৰ লগত ৰাজনীতিৰ কি সম্বন্ধ আছে? নামঘৰৰ ভিতৰলৈ ৰাজনীতি আহিবই বা কিয়?“

মোৰ প্ৰশ্ন শুনি ৰহস্যময় এক হাঁহিৰে উত্তৰ দিছিল সি।

“চা, আজিকালি সকলোৱেই ৰাজনৈতিক ক্ষেত্ৰখনত নিজকে সাঙুৰি ল’ব বিচাৰে৷ নিজকে সংস্থাপিত কৰিব বিচাৰে৷ সেইবাবে প্ৰত্যেকেই নিজৰ সুবিধাজনক ক্ষেত্ৰখনত বিচৰণ কৰে৷ নিজৰ নিজৰ মাজত যেতিয়া মতৰ অমিল হয়, তেতিয়া পৰস্পৰৰ মাজত মতানৈক্য আহি পৰে৷ এই মতানৈক্যই যেতিয়া দ লৈ শিপাই তেতিয়াই ৰাজনৈতিক দল সমূহে কিছুমান অন্ধ সমৰ্থক লাভ কৰে৷ এই মতানৈক্য এতিয়া গাওঁখনৰ ইঘৰ-সিঘৰ বা ইজন-সিজনৰ মাজত আবদ্ধ হৈ থকা নাই৷ ই লাহে লাহে একে ঘৰতে থকা ককাই-ভাইৰ মাজতো শিপাইছে৷ ৰাজনীতিয়ে মানুহৰ মনত প্ৰতিহিংসাৰ ভাৱ জগাই তুলিছে৷ এই প্ৰতিহিংসাৰ জুইৰ লেলিহান শিখাই খুউব কম দিনৰ ভিতৰতে যে গাওঁখনক গ্ৰাস কৰি আনিব সেইটো খাটাং৷ তই চাই থাক, ইয়াৰ পাছৰবাৰ তই আহিলে হয়তো এই উমি উমি জ্বলি থকা জুইকুৰাই ছাৰখাৰ কৰি থৈ যোৱা গাওঁখনহে দেখা পাবি।“

আৰু একো কথা পতাৰ ইচ্ছা নগৈছিল সেইদিনা৷ খৰধৰকৈ ঘৰলৈ বুলি বাট বুলিছিলো মই। কিন্তু আজি প্ৰায় চাৰে-চাৰিমাহৰ মুৰত গাওঁখনলৈ আহি মোৰ প্ৰতিটো খোজতে অনুভৱ কৰিছো মোলোকাই সেইদিনা কোৱা সেই কথাখিনি৷

সঁচাকৈয়ে সঁচা আছিল নেকি বাৰু সি কোৱা কথাখিনি! হয়, আংশিক হ’লেও সঁচা আছিল চাগে সি কোৱা কথাখিনি৷ নহ’লেনো আজি জন্মাষ্টমীৰ দিনাখন চাৰিটা বেলেগ বেলেগ দলে আমাৰ ঘৰত চান্দা বিচাৰি আহে নে? মই অহা গম পাই বৰদেউতাৰ ল’ৰা কৌশিক আহিছিল ৰাতিপুৱা৷ সি সুধিবলৈ আহিছিল মই এতিয়া কোনটো খেলত থাকিম।

আচৰিত হৈ সুধিছিলো তাক, “খেল মানে? গোটেই গাওঁখনৰ ৰাইজ মিলি নামঘৰৰ চোতালত একেটা মেজিৰ জুইত অগ্নি সেৱা কৰা গাওঁখনত আকৌ খেল ক’ৰ পৰা আহিল? আৰু এই খেলবোৰ নামঘৰৰ ভিতৰলৈ শিপালে কেনেকৈ?“

“চা দাদা, গাঁৱৰ প্ৰত্যেকেই আজিকালি প্ৰত্যক্ষ ৰাজনীতি কৰে৷ প্ৰায় সকলোৱেই কোনোবা নহয় কোনোবা ৰাজনৈতিক দলক সমৰ্থন কৰে মুক্তভাবে৷ এই লৈ সকলোৰে মাজত যুক্তি-তৰ্কও চলে৷ তৰ্কাতৰ্কি আৰু দুই-একৰ মাজত কেতিয়াবা হতাহতিও নোহোৱা নহয়৷ যোৱা বিধানসভাৰ নিৰ্ব্বাচনৰ সময়ত তই নাছিলি৷ গম নাপাৱ সকলো কথা৷ গাঁৱৰ সকলোৱে নিজৰ পছন্দৰ দলটোৰ হৈ দেহেকেহে খাটিছিল৷ শেষত যেনিবা কোনোবা এটা দলৰ এজন জিকি বিধায়ক হ’ল৷ বিজয়ী দলৰ সমৰ্থকসকলে পৰাজিত দলৰ সমৰ্থকসকলৰ ঘৰৰ সন্মুখত ৰৈ ৰৈ তীৰ্যক বাক্যবাণ তথা ৰাষ্টাই ঘাটে কৰা শ্লেষাত্মক মন্তব্যই গাওঁখনৰ একতাৰ ডোলদাল ছিঙি পেলালে অ’ দাদা৷ কোনেও কাৰো মুখ চাই নামঘৰত বহি একেলগে মাহ-প্ৰসাদ খাব নোৱাৰা পৰিবেশৰ সৃষ্টি হ’ল৷
আনকি বিয়া সবাহো! আজিকালি গাওঁখনত অনুষ্ঠিত হোৱা সকাম- নিকাম, উৎসৱ – পাৰ্বন আদিবোৰ খেল অনুযায়ীহে হ’বলৈ লৈছে৷ খেল বেলেগ হ’লে নিজৰ ককাই ভাইকো নামাতে সকাম নিকামলৈ। সেইবাবেই তোক ক’বলৈ আহিছো আমি আমাৰ বংশটোৰ ককাই-ভাই কেইঘৰ একেলগে থাকো৷ দেউতায়ো সেইটোকে বিচাৰিছে।“ একেৰাহে কথাখিনি কৈ থকাৰ বাবে তাৰ নাকৰ আগটোত দোটোপালমান ঘাম বিৰিঙি উঠিল৷ হয়তো কথাখিনি কৈ থাকোতে অলপ উত্তেজিত হৈ গৈছিল সি।

হা না একো নকৈ তাৰ লগত আৰু কথা বহলাবলৈ নিবিচাৰিলো৷ গাওঁখনৰ মানুহবোৰৰ প্ৰতি ঘৃণাত নাক কোঁচ খাই গ’ল মোৰ৷ এইবাৰ জন্মাষ্টমীলৈ বৰ আশা কৰি ছুটি লৈ আহিছিলো৷
নহাই ভাল আছিল কিজানি! !

কথাবোৰ পাগুলি পাগুলি আগফালৰ বাৰাণ্ডাত থকা আৰামী চকীখনতে কেতিয়ানো টোপনি গ’লো গমেই নাপালো৷ সন্ধিয়া নামঘৰত বাজি উঠা ডবাৰ শব্দটোৱে পুনৰ মগজুত এটা নতুন প্ৰশ্নৰ জন্ম দি গ’লহি৷
মই যাম নে নাযাম জন্মাষ্টমীলৈ?

যদি যাওঁ, কোনটো খেলে পতা জন্মাষ্টমীলৈ যাম?

অৱশেষত একো সিদ্ধান্তত উপনীত হ’ব নোৱাৰি মোলোকাৰ দোকানৰ ফালে ওলাই যোৱাটোৱেই ঠিক কৰিলো৷ এতিয়া আন্ধাৰ হৈ আহিছে৷ গাঁৱৰ সকলো মানুহ নিজৰ নিজৰ জন্মাষ্টমীত ছাগৈ ব্যস্ত হৈ আছে৷ মোলোকাৰ দোকানত আজি মানুহৰ ভিৰ নাথাকে৷ ভালকৈ জানিব লাগিব কথাখিনি আজি৷
প্ৰকৃততে আচল কেৰোণটোনো ক’ত, মোলোকাৰ বাদে আন কোনেও ভালকৈ নাজানিব হয়তো!

“আহ, বহ৷ মই ভাবিয়েই আছিলো তই আহি ওলাবিহি বুলি।“
মুখত এমোকোৰা ৰহস্যময় হাঁহি লৈ দোকানৰ গাদীৰ কাষতে থকা টুলখনৰ ফালে আঙুলিয়াই দিলে মোলোকাই৷ বৰ অসহ্য লাগে তাৰ এই কুৰ্চুতীয়া হাঁহিটো দেখিলে।

“আচ্ছা কচোন, আমাৰ গাঁৱত এতিয়া খেল কেইটা?“ কোনো পাতনি নেমেলাকৈয়ে কৰা মোৰ পোনপটীয়া প্ৰশ্নটোৰ বাবেহে যেন ইমানসময়ে অপেক্ষা কৰি আছিল সি৷ মুখখন হঠাত উজ্বলি উঠিল তাৰ।

“গাঁৱত এতিয়া সৰ্বমুঠ খেল আঠটা৷ আমাৰ নামঘৰতো এতিয়া আঠখেলীয়া নামঘৰ হৈ পৰিল বুজিছ।“ কথাষাৰ কৈয়েই ঢেকঢেকাই হাঁহি পেলালে সি।

“কিন্তু কিয়? কি এনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হ’ল গাওঁখন, য’ত নেকি আঠোটাকৈ খেলৰ সৃষ্টি কৰিহে মানুহখিনিয়ে শান্তি পালে ?“

“ৰাজনীতি বুজিছ, ৰাজনীতি৷ এইবোৰ সকলো ৰাজনীতিৰ খেল। চা, কংগ্ৰেছৰ দুটা খেল৷ এটা হৈছে আগৰ বিধায়কজনৰ সমৰ্থনকাৰী সকলৰ খেল, যিজনে এইবাৰৰ নিৰ্ব্বাচনত টিকটৰ পৰা বঞ্চিত হ’ল৷ আৰু আনটো হৈছে সেইসকলৰ খেল যি সকলে এইবাৰ টিকট পাই হৰাজনৰ হৈ নিৰ্বাচনত দেহেকেহে খাটিছিল৷ আগৰজনৰ বিৰুদ্ধাচৰণ কৰি এইজনৰ হৈ ওলাই অহাৰ বাবে আগৰজনৰ গাঁৱত থকা সাংগো-পাংগো সকলৰ লগত হতাহতি পৰ্য্যন্ত হৈছিল যাৰবাবে সকলোৱে মিলি একেখন ৰভাৰ তলত বহাটো দূৰৰে কথা, নামঘৰত বহি মাহ- প্ৰসাদো ল’ব নোৱাৰা পৰিস্থিতিৰ উদ্ভৱ হ’ল।“

“সেয়া বাৰু বুজিলো৷ অৱধাৰিত৷ কিন্তু বাকী খেল কেইটা?“

“দুটা খেল বিজেপিৰ৷ এটা পূৰণি বিজেপি সকলৰ, যিসকল আজিৰ ৰাজনীতিত এলাগী, অকলশৰীয়া৷
আনটো খেল ন-বিজেপিৰ, যিসকল ইটো দল সিটো দলৰ পৰা আহি চল চাই কঠিয়া পাৰিছেহি।
ঠিক তেনেকৈ অগপৰো দুটা খেল৷ এটা মহন্ত পন্থী আৰু আনটো অতুল পন্থী।
আৰু দুটা খেল আছে চিপিএমৰ – চিপিআইক সমৰ্থন কৰাসকলৰ, যি সকলে সদায় সোঁতৰ বিপৰীতে সাঁতোৰ মেলি আহিছে।“

কথাবোৰ শুনি গাওঁখনৰ মানুহখিনিৰ প্ৰতি এক বিতৃঞ্চাৰ ভাবে দোলা দি গ’ল মনত৷ মনৰ খু-দুৱনি মাৰিব নোৱাৰি অসহায় মানুহৰ দৰে পুনৰ সুধি পেলালো তাক- “কিন্তু এইবিলাকৰ পৰা কাৰ কি লাভ হৈছে? “

“হৈছে বুজিছ, হৈছে৷ ৰাজনীতি কৰাসকলৰ তামাম লাভ হৈছে৷ সেইবাবে ময়ো এইবাৰ ৰাজনীতিৰ পথাৰত নামিম বুলি থিৰাং কৰিছো।“

“তই আৰু ৰাজনীতি?“

“কি? নোৱাৰিম বুলি ভাবিছ? অহা দুমাহৰ পাছত পঞ্চায়ত নিৰ্ব্বাচন আহি আছে৷ মই সভাপতি খেলিম৷ নিৰ্দলীয় দলৰ হৈ৷ জিকিম মই।“- কণ্ঠত প্ৰবল আত্মবিশ্বাস তাৰ।

“ইমানবোৰ দল আৰু ফৈদ থকাৰ পাছতো তই জিকাৰ কথা ক’লি যে?“

“চা, মোৰ দোকানৰ মাল অকল আমাৰ গাওঁখনেই নহয়, ওচৰৰ আৰু দুই-তিনিখন গাঁৱৰ মানুহে খায়৷ সকলোৰে লগত ভাল সম্পৰ্ক মোৰ৷ কাৰোবাৰ অসুখ-বিসুখ হ’লে নাইবা বিপদে আপদে মোৰ পৰায়ে টকা পইচা ধাৰে নিয়ে মানুহখিনিয়ে।“

“ধুৰ… সেই ভাবিয়েই আকাশত চাং পাতিছ ন? হাঁহি উঠি গ’ল তাৰ সৰলতা দেখি৷

“ওঁহো, কেতিয়াও নহয়৷ মোৰ কেলকুলেচন বেলেগ৷ প্ৰথম কথা মানুহখিনিৰ লগত মোৰ ভাল৷ এই খেল মেলবোৰত মই নাই আৰু নামঘৰলৈও নাযাওঁ৷ গতিকে মোক বেয়া পোৱা মানুহৰ সংখ্যা কম৷ দ্বিতীয় তথা মেইন কথাটো কি জান? প্ৰত্যেক দলেটো নিদিষ্ট এজনকহে টিকট দিব৷ সেইজন মানুহোতো নিদিষ্ট এটা ফৈদৰ হে হ’ব৷ বাকী বিৰোধী ফৈদটোৱে তেতিয়া কৰিব কি? প্ৰত্যেক দলৰেইটো একোটাহঁত বিৰোধী ফৈদ আছে৷ সেই ভোটখিনিয়েই মোৰ সম্পদ বুজিছ। আৰু এই ভোটখিনিৰ বাবেই মই এতিয়াৰে পৰা যুঁজিছো৷ নামঘৰত ঘটি থকা ঘটনা-প্ৰৱাহত সাৰ পানী যোগাই আহিছো ৷ চাই থাক, আজি জন্মাষ্টমীৰ দিনাখন তাৰ পূৰ্ণ প্ৰতিফলন ঘটিব।“

অজানিতে মোৰ মুখত এসোপামান থু আহি গোট খালেহি৷

এই থু ঘৃণাৰ।

মোলোকাৰ প্ৰতি উদ্ভৱ হোৱা তীব্ৰ ঘৃণাৰ ভাব এটাই ভীৰ কৰিলেহি মোৰ মন-মগজুত৷
এতিয়াই যেন থু খিনি তাৰ মুখলৈ মাৰি পঠিয়াম মই। নিজকে সংযত কৰি দোকানৰ বাহিৰলৈ ওলাই আহি বহুদূৰলৈ থুখিনি মাৰি পঠিয়ালো৷ আকাশখন গোমা৷ বৰষুণ দিব পাৰে৷ সোনকালে ঘৰলৈ উভতি যোৱাই ভাল হ’ব।

হঠাত নামঘৰৰ ফালৰ পৰা এক কোলাহলৰ শব্দ আহি কাণত পৰিলহি মোৰ৷ প্ৰথমতে লাহে লাহে আহিছিল যদিও এতিয়া দেখোন কোলাহলৰ মাত্ৰা ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰিছে৷

আচলতে নামঘৰত হৈছে কি? জানিবলৈ মনটো উদগ্ৰীৱ হৈ উঠিল৷

কিবা সোধাৰ আগতেই দোকানৰ বাৰাণ্ডাত ঠিয় হৈ কাণ উনাই থকা মোলোকাই স্বগতোক্তি কৰাৰ দৰে কৈ উঠিল, “নামঘৰ এটা৷ আঠটা খেল৷ জন্মাষ্টমীও ৰাতিহে পাতে৷ এটা খেলে যদি জন্মাষ্টমী পতাৰ নামত যদি ঘণ্টা ঘণ্টা ধৰি নামঘৰটো দখল কৰি থাকে, তেন্তে আন খেল সমূহৰ ধৈৰ্য্যৰ বান্ধ ছিঙি কাজিয়া নহৈ পাৰেনে?“

এচাটি বিজুলীৰ চমকনিয়ে পোহৰাই গ’ল আকাশখন৷ সেই পোহৰত স্পষ্টকৈ দেখা পালো মোলোকাৰ চকুৱে-মুখে ফুটি উঠিছে আত্মসন্তুষ্টিৰ ভাৱ। আৰু শুনিবলৈ ইচ্ছা নগ’ল তাৰ কথা৷ লাহে লাহে ঘৰৰ ফালে খোজ ল’লো৷ গাওঁখনত ঘটি থকা সকলো ঘটনাৰাজীৰ মূল হোতা যে মোলোকা দোকানীয়েই মোৰ আৰু বুজিবলৈ একো বাকী নাথাকিল৷ নিজৰ অভিস্পা সিদ্ধিৰ বাবেই মোলোকাহঁতৰ দৰে গাঁৱে-গাঁৱে একো একোটা ৰক্তবীজৰ জন্ম হয় আৰু সিহঁতৰ নিচিনাবোৰৰ বাবেই আজি মহাপুৰুষ দুজনাই সৃষ্টি কৰি থৈ যোৱা নামঘৰ সমূহত ভায়ে ভায়ে কন্দলৰ উকমুকনি উঠিছে৷ যি দুজনা মহাপুৰুষে জাতি বৰ্ণ নিৰ্বিশেষে উচ্চ – নীচ, ধনী- দুখীয়াক একেখন ছালিৰ তললৈ আনি একতাৰ ডোলেৰে বান্ধিবলৈ প্ৰয়াস কৰিছিল, সেই দুজনাৰদ্বাৰা সৃষ্ট নামঘৰত আজি একতাৰ জৰি ছিঙি-ভাঙি ঠানবান কৰি পেলোৱাৰ আখৰা চলিছে৷

ঘৰৰ ফাললৈ যিমান জোৰেৰে আগবাঢ়িব’লৈ চেষ্টা কৰিছো সিমান জোৰেৰে নামঘৰৰ পৰা উফৰি অহা কোনোবা দুজনমানৰ উচ্চবাচ্যই কৰ্ণকুহৰত ঠহৰ ঠহৰকৈ হাতুৰীৰে কোবোৱাদি কোবাই গৈছে মোৰ।

এৰা, এয়াও এক সমীকৰণ।

আমাৰ দৰে সৰ্বসাধাৰণৰ বাবে জটিল হ’লেও মোলোকা দোকানীহঁতৰ দৰে তেজপিয়া সকলৰ বাবে তেনেই সহজ সমীকৰণ। স্কুলীয়া জীৱনত কোনোদিন সৰল সমীকৰণৰ উত্তৰ উলিয়াব নোৱাৰা মোলোকা দোকানীৰ বাবে নিজৰ ক্ষুদ্ৰ ৰাজনৈতিক অভিস্পা সিদ্ধিত গাওঁখনৰ মানুহখিনিৰ মাজত বিভেদৰ বীজ সিঁচি ভাগ ভাগ কৰিব পৰাটো যেন পোনপটীয়া উত্তৰ ওলাই থকা এটা সৰল সমীকৰণ…।

*****

5 Comments

  • বৰ ভাল লাগিল। ৰাজনীতিৰ মেৰপাকত বন্দী সহজ সৰল গাঁৱৰ ৰাইজ–‘

    Reply
  • dhanjit baruah

    মনত আছে এইটো , সত্য ছবি ৷ কৰবাত হয়তু কম , কৰবাত বেছি

    Reply
  • বিকাশ শইকীয়া

    এইবোৰ সমীকৰণ আমাৰ বাবে নহয় অ’ গুৰুজী।

    Reply
  • বিকাশ শইকীয়া

    এইবোৰ সমীকৰণ আমাৰ বাবে নহয় অ’ গুৰুজী। ।

    Reply
  • দীপ চোলাধৰা

    ৰাজনীতিৰ কু প্ৰভাৱ কিদৰে একতাৰ এনাজৰীৰে বান্ধ খাই থকা গাঁও সমূহত পৰিছে তাক বৰ সুন্দৰকৈ প্ৰতিফলিত কৰিছে ।

    Reply

Leave a Reply

Your email address will not be published.