ফটাঢোল

সৰু সৰু কথা : প্ৰেৰণা – চন্দনা শৰ্মা

বাছখনত উঠিয়েই চাৰিওফালে চকু ফুৰালো৷ চিট এটা পালে ভাল আছিল, কান্ধৰ বেগটোৰ ওজনো বেচি আৰু গাড়ীখনত বেগটো থব পৰাকে ৰেক নাই৷ আশাত পানী পৰিল যেতিয়া দ্বিতীয়বাৰলৈও হাতৰ মুঠিতে পায়ো চিট হেৰুৱাব লগা হ’ল৷ খিড়িকীৰ বতাহ ভালদৰে লগা ঠাই অকণ বিচাৰি থিয় দিলোহি৷ ওচৰত মহিলা এগৰাকী থিয় দি আছে৷ দুয়োজনীয়ে এখন হাত ওপৰৰ হেণ্ডেলডালত আৰু আনখন হাত চিট এটাৰ ওপৰত থৈছো৷ দুবাৰমান হেঁচা থেলাত মোৰ হাতখনে তেওঁৰ হাতখন চুই গৈছে৷ হঠাৎ কিয় জানো অনুভৱ হ’ল তেওঁ হাতখনত স্পৰ্শ হ’লে অলপ ইতঃস্ততঃ বোধ কৰে৷ এবাৰ চকু দিলো তেওঁৰ হাতখনত কটা চিঙাৰ দাগ৷ হয়তো পাছলি কাটোতে বা ভাত ৰন্ধা বঢ়া কৰোতে দাগবোৰ পৰিছে৷ কিন্তু মোৰ চকুত ধৰা পৰিব বুলি তেওঁ লুকুৱাব চাইছে৷
মনতে ভাবিলো, যিবিলাক মহিলাই ৰন্ধা বঢ়াৰ কাম কৰে, কটা চিঙা হোৱাটো সাধাৰণ কথা৷ কিছুমানে নখত ৰং লগাই ঢাকিবও খোজে৷ কিন্তু আনৰ দাগবিহীন হাত এখন দেখি মনত হেয় ভাৱ অনাটোত কোনো যুক্তি দেখা নাই৷ বৰঞ্চ এয়া তেওঁৰ কৰ্মজীৱনৰ পৰিচায়কহে৷ অৱশ্যে ন্যূনতম হানি বিঘিনি নোহোৱাকৈ কাম কৰিব জনা ব্যক্তি সকল সদায় অনুপ্ৰেৰণাৰ যোগ্য৷
নিজে ৰন্ধা বঢ়া কৰো যদিও নিজক এতিয়াও পাকৈত কৰি তুলিব পৰা নাই৷
সৰু কালৰ এটা ঘটনা মনত পৰিল৷ বয়স চাগে ৬ -৭ বছৰ৷ ঘৰত গেছ অহা নাই৷ চৌকাত ৰন্ধা বঢ়া কৰিব লাগে৷ অৱশ্যে ঘৰৰ পানী গৰম কৰা বা সৰু সুৰা কিবা ৰন্ধাকে এটা চাহচৌকাৰ ব্যৱস্থা আছিল, য’ত মন কৰিলে আমিও আলু পোৰা বা পানী গৰম কৰাৰ নিচিনা দুই এটা কাম কৰো৷ প্ৰথম শ্ৰেণীত পঢ়ো বাবে স্কুল সোনকালেই চুটি হ’ল৷ ঘৰত আহি এইখিনি সময় খুব উপভোগ কৰো৷ কাৰণ এই সময়ত ঘৰত মেকুৰিটো বাদে কোনো নাথাকে৷ যি ইচ্ছা তাকেই কৰিব পাৰি৷ মা দেউতা নিজৰ কৰ্মক্ষেত্ৰত আৰু বাকীবোৰ স্কুলত৷ হঠাৎ এদিন দুপৰীয়া এনেকুৱা সময়তে এজন মানুহ আহি ওলাল৷ তেখেতে দেউতাক বিচাৰি আহিছে সুদূৰ মাজুলীৰ পৰা৷ হয় দেও মাজুলীখন আমি কিতাপতহে দেখিছো, মেপত, কিমান যে দূৰ৷ ময়ো বহিবলৈ দিলো কিতাপৰ ভাষাত ঃ “নমস্কাৰ আহক বহক”৷ কুঁহিপাঠত তেনেকৈয়ে ভাটৌটোৱে কৈছিল৷ স্মিত হাঁহিৰে তেখেতে ক’লে, “মাজনী পানী এগিলাছ দিয়াছোন”৷
ময়ো পাকঘৰত বিচাৰি বিচাৰি মোৰ সৰু আকাৰৰ পানী গিলাছটোত পানী দিলো৷ আমাৰ ঘৰত আমি সৰুবোৰৰ কাৰণে সৰু গিলাছ, ঘটি, বাতি আৰু কাহীৰ পুৰা ছেট আছিল৷ ডাঙৰ হ’লেহে ডাঙৰ কাহীত খাম, তেনেকুৱা কথা৷ সেইকণ পানীৰে তেখেতৰ ডিঙি ক’ত শুকাব? মোক আৰু এগিলাছ পানী সুধিলে৷ এইবাৰ কি ভাবি জানো মই মোৰ সৰু ঘটিটো আৰু গিলাছটো ভৰ্তি কৰি পানী লৈ গ’লো৷ তেখেতক ক’লো যে মা দেউতা ঘৰত নাই অলপ ৰ’ব লাগিব৷ বাতৰি কাকতখন পঢ়িব দি মই ওলাই আহিলো৷ চাহ একাপ খুৱাও বুলি চাহপাত চেনি বিচাৰিলো৷ ডেস্কখনত থোৱা কাৰণে ঢুকি পালো৷ পিচে বিস্কুটৰ টেমাটোহে! উপায় নাই, চকু ফুৰাই দেখিলো, আটাৰ টেমাটো৷ তাকে উলিয়াই বাতি এটাত চেনিৰে সানিলো৷ চৌকাত নাৰিকলৰ পাতৰ ওপৰত টিপচাকিৰ পৰা কেৰাচিন ঢালি জুই ধৰিলো৷ চাহৰ কেটলিত পানী দিলো আৰু তাৱাখন আনি লাহে লাহে দুখনমান মালপোৱা ভাজি আলহীক চাহ দিলো৷ মালপোৱাৰ আকাৰ দেখি তেখেতে সুধিলে কোনে বনালে বুলি? মই নিজেই কৰা বুলি ক’লো৷ তাৰপিছত তেখেতে চাহ আৰু মালপোৱা খাই অলপ বহিল৷ কিছু দেৰি পাছত মা আৰু দেউতা দুয়োজন আহি পালে৷ দেউতাৰ লগত কথা পাতি থাকোতে মায়ে চাহ আৰু ভাত দুয়োবিধেই যাচিলে৷ যাবৰ সময়ত তেখেতে মোক মাতিলে৷ মই গৈ ওচৰত থিয় দিয়াত ক’লে ঃ “বুজিছে শৰ্মা, এইজনীয়ে মোক চাহ মালপোৱা খুৱালে৷ মালপোৱাখিনি কেঁচাই আছিল, তথাপি মই গোটেইখিনি খালো৷ মোৰ কাৰণে তাই ইমান কষ্টৰে বনাইছে, মইনো নোখোৱাকৈ কেনেকৈ থাকো?” মুৰত হাতফুৰাই তেখেতে মোক জেপৰ পৰা ৫ টকা এটাও দিলে৷
আজিও মোৰ সেই মানুহজনলৈ মনত পৰে, সৰুতেই যি প্ৰেৰণা তেখেতে মনত সিঁচি থৈ গ’ল, সেয়া আপুৰুগীয়া৷

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.