ফটাঢোল

সৰ্বোত্তম উপহাৰ – ডা° বিকাশ বৰুৱা

হাততে ৰচিদ বহীৰ নিচিনা কিবা এখন লৈ যেতিয়া তিনি-চাৰিজন মানুহ একেলগে আহে, সাধাৰণতে কিহবাৰ চান্দা তুলিবলৈ অহা যেনেই লাগে। বিশেষকৈ মাহটো যদি মাৰ্চৰ পৰা আগষ্টৰ ভিতৰত হয়, তেনেহলে সেয়া নিৰ্ঘাত ‘বাপতিসাহোন’। মানে অসমীয়াই কোনোপধ্যেই ‘নাপাতি থাকিব নোৱাৰা’ অতি হেঁপাহৰ ৰঙালী বিহুটি। যদি জানুৱাৰীত আহে তেনেহলে সৰস্বতী, অক্টোবৰমানত হ’লে দুৰ্গা পূজা। ইয়াৰ বাহিৰেও বছৰটোত কিমান কি ওলাই থাকিব, নেদেখাজনায়ো নাজানে। কলেজ ফাংচনৰ পৰা আৰম্ভ কৰি নাট্যমন্দিৰ, শিৱমন্দিৰ, আছু, সাহিত্যসভা, নমামি, শংকৰ উৎসৱ..। কোনোবাই বঙাইগাওঁত এটা নামঘৰ সাজি আছে, তাৰ বাবে পইচা বিচাৰি ঘৰে ঘৰে কলিংবে’ল বজাই ফুৰিব যোৰহাট, শিৱসাগৰ বা তিনিচুকীয়াত। ৰমজানৰ মাহটোত বাংলাদেশীও ভাগি-গুমৰি আহে। ৰক্ষা নাই।

সেই চান্দা তোলাৰ ষ্টাইলটোতে মানুহকেইজন সোমাই আহিল।

– ভালে আছে ?

– হয় আছো। আহক।

– আমি এইবাৰ এটা বৰ দৰকাৰী কাম কৰিব খুজিছো । আলিবাটবোৰৰ অৱস্থা দেখিছেই নহয়। চাৰিওফালে কেৱল মস্ত মস্ত গাঁত। পানী, বোকা, দাঁত নিকটাই থকা শিলগুটি। তাৰ ওপৰেৰে ফৰিং জাম্প, বেং জাম্প, হাই জাম্প, লং জাম্প…

সেইটো আৰু ক’ব লাগিছেনে ? জাম্পৰ সীমা-সংখ্যা নাই। জঁপিয়াই জঁপিয়াই এনেকুৱা এটা অভ্যাস হ’লগৈ যে ঘৰৰ ভিতৰতো আজিকালি এঠাইৰ পৰা সিঠাইলৈ জাঁপ মাৰিহে যাওঁ। খোজবোৰ পোনকৈ নপৰাই হ’ল। আঁতৰৰ পৰা চাই থকা যিকোনো মানুহেই ভাবিব, আ.. হা.. এইজনে চাগে’ ৰাতিপুৱা শুই উঠাৰ পৰাই মিহি মিহিকৈ ৰঙা পানীটুপি ধৰি আছে।

– আমি জানোঁ, ৰাস্তাৰ সমস্যা লৈ আপুনি কম যুদ্ধ কৰা নাই। অফিছে অফিছে বহুত ঘূৰিলে। বুজালে, লিখিলে, গালি পাৰিলে।

ঠিকেই। পিছে সকলো ফুটুকাৰ ফেন। ফলাফল মহাশূন্য।

– ৰাস্তাটো ভাল হওক বুলিয়েই এবাৰ শৰৎ বৰকটকী বোলা প্ৰাচীন গড়কাপ্তানি মন্ত্ৰীজনাক ঘৰলৈকে মাতি আনি সাদৰেৰে ৰাতিপুৱাৰ চাহ-জলপান খুৱাইছিলো। ‘গাঁতবোৰ সৰু হৈ থাকোতেই কিয় নোপোতে, ডাঙৰ হোৱালৈ কিয় ৰৈ থাকে’ বুলি সোধোতে তেখেতে দাঁত নিকটাই মাত্ৰ হাঁহিছিল। লগত অহা চেলা-চামুণ্ডা লিটিকাইবোৰে ভাবিছিল, ইমান ডাঙৰ মন্ত্ৰী এজনকনো অকণমানি গাঁতটোৰ কথা ক’ব লাগেনে? তাৰ বাবে ৰাজ্যখনৰ হাজাৰ বিজাৰ অফিছত কিমানবোৰ মানুহে শকত শকত দৰ্মহা খাই বহি আছে। আপুনি নগৰৰ দুটা ৰাস্তাক আদৰ্শ পথ কৰিব খুজি, অভিযন্তাকো লগত লৈ, বুজাই, দেখুৱাই, এষ্টিমেট পৰ্যন্ত সাজু কৰাইছিল। ডনাৰৰ অফিছলৈ গৈছিল। ৰাজ্যপালক লগ কৰিছিল। কোনোফালে একো নোহোৱাত ঠেলাগাড়ীত শিল ইটা লৈ ৰাইজৰ সতে নিজেই গাঁত পুতিবলৈ লাগিল। নহয়নে বাৰু ?

এইবিলাক কথাও যে কোনোবাই মনত ৰাখিছে ভবাই নাছিলোঁ। শুনি আচৰিত লাগিল।

– আলিবাটৰ কাষত গছপুলি ৰোৱা, টোকলাই নদীত পাৰ্ক সাজিব খোজা, শব্দ প্ৰদূষণৰ কথা লৈ চুপ্ৰিম ক’ৰ্টলৈ যোৱা, সেইবোৰো মনত আছে। সপ্তাহজোৰা ‘অখণ্ড ভাগৱত পাঠ’ৰ মাইক, ক’ৰ্ট ফিল্ডত দিনেনিশাই ফুল চুইঙত চলি থকা বাণিজ্য মেলা, আনন্দ মেলা, গাড়ী-মটৰৰ ভেকুৱাম হৰ্ণ আদিত অতিষ্ঠ হৈ চক্ৰৱৰ্তী লে’নৰ শ্ৰীমতী চিনু দাসে বাতৰিকাকতত প্ৰৱন্ধ আকাৰে আপোনালৈ চিঠি লিখিছিল। আপুনি উত্তৰো দিছিল। বহুত মানুহ কলা হৈ গ’ল। পঢ়া-শুনা কৰা ল’ৰা-ছোৱালী আৰু ৰোগীয়ে ভীষণ যন্ত্ৰণাত চটফটাবলৈ ধৰিলে। ইয়াত একো কৰিব নোৱাৰি আপুনি চুপ্ৰিম ক’ৰ্ট পালেগৈ। ক’ৰ্টে ৰায়দানো কৰিলে। বিদ্যুতৰ লুকাভাকু, নলা-নৰ্দমা, পানী নিষ্কাশন,জাৱৰ-জোথৰ, ফুটপাথৰ পাচলিৰ বজাৰ.. এইবোৰ লৈয়ো কম যুঁজিলেনে? বাপ্পা ঐ…

ঠিকেই। পিছে শেষ ফলাফল কি? যুদ্ধক্ষেত্ৰতে বীৰগতি। এইযে ভাৰত-পাকিস্থানৰ ফাইনেল খেলখনত ভাৰতে পাছলৈ হাত দাঙি দিলে তেনেকৈ ময়ো হাত, ভৰি, নাক, কাণ সকলো দাঙি ছাৰেণ্ডাৰ কৰি দিলোঁ।

– গতিকে এতিয়া মোক আৰু নতুনকৈ এইবোৰত নুসুমুৱাব। নলগা জেঙত লাগি থকাটো মই পূৰাপুৰি বন্ধ কৰি দিলোঁ। ৰোহিত, বিৰাট, শিখৰ, ধোনী আটাইবোৰে যিদৰে ক্ৰীজ এৰি সুৰসুৰকৈ গেলেৰীলৈ ঘূৰি আহিল ময়ো ঠিক তেনেকৈয়ে নেগুৰ দাঙি পলালোঁ। বৰ্তমান চুপচাপ পেভেলিয়নত, ক’লা আইনাৰ সিপাৰে। কিছুদিনলৈ মোক আৰু কোনেও বিচাৰি নাপায়।

মানুহকেইজনে কথা কোৱা বন্ধ কৰি এক মুহুৰ্তৰ বাবে ইজনে সিজনলৈ চোৱা-চুই কৰি ল’লে।

– তেনেহলে বৰ ভাল খবৰ। আচলতে আমিও এতিয়া সেইটোকেহে বিচাৰিছোঁ। আপুনি যুঁজ-বাগৰ সমূলঞ্চে এৰি দিয়ক। আলিবাটৰ গাঁতবিলাক পুতি পেলোৱাতকৈ থাকিবলৈ দিয়াটোহে ভাল হ’ব। এইবোৰৰ পৰা ৰাইজৰ সাংঘাতিক উপকাৰ হৈছে। সেই কথাটো ইতিমধ্যে আমাৰ পৰম পূজনীয় বিধায়ক ছাৰ আৰু মাননীয় সাংসদ ছাৰেও খুব ভালদৰে বুজি পাই গাঁত পোতা বা ৰাস্তা মেৰামতি কৰাৰ বিষয়টো মনৰ পৰা সম্পূৰ্ণকৈ মচি পেলাইছে। পৰহিলৈ আমি দুয়োকে বিশেষভাবে সম্বৰ্ধনা জনাম। নিৰ্বাচনৰ সময়ত তেখেতসকলে ঘপহকৈ প্ৰতিশ্ৰুতিবোৰ দি দিলে ঠিকেই, পিছে খুব ভাল কথা যে ইমানদিনে দুয়োৰে লাওখোলাৰ পৰা ভুল ধাৰণাবোৰ আঁতৰিল। প্ৰতিশ্ৰুতি মতেই কামবিলাক কৰি পেলোৱা হ’লে ৰাইজৰ মহা সৰ্বনাশ হ’লহেঁতেন। ইতিমধ্যে দুয়োজনে খুব ভালদৰে বুজি পালে যে ব্ৰহ্মপুত্ৰৰ পৰা পানী আনিলে আমাৰ লোকেল পানীবোৰে মনত কষ্ট পাব। ন-আলিৰ অ’ভাৰব্ৰীজখন সাজিলে তলত থকা স্থানীয় মানুহখিনিৰ ভীষণ লটিঘটি হ’ব। এইযে সিদিনা ভগা ৰাস্তাটো মেৰামতি কৰিম বুলি মহা ধুমধামেৰে বঙালপুখুৰীৰ চুকত মিটিং-চিটিং পাতি চাহ-তামোল খাই নিজৰ বিখ্যাত নাম দুটাৰে সৈতে বৰ ধুনীয়া আধাৰশিলা এটাকে ফিটিং কৰি থৈ গ’ল, এই মুলুকৰ সকলোবোৰ কাম সাইলাখ তেনেকুৱাই হোৱা উচিত। মিতিৰো ৰ’ল, চাউলো সিজিল। হয়নে নহয় কওক?

– কিন্তু আলিবাটৰ গাঁতে ৰাইজৰ কি উপকাৰ কৰিলে?

– উৱা.. তাতে লাং খাই ভাং খাই উজুটি খাই পৰি পৰি ৰাইজে বিনাপইচাতে নিজৰ নিজৰ দাঁতবোৰ সৰোৱা নাই জানো ? কিমান পইচা বাচিছে। গাঁত আৰু দাঁত, দুয়োৰে ওতঃপ্ৰোত সম্বন্ধ। বিদেশত ডেণ্টিষ্টৰ ফীজ হেনো এবাৰত এহেজাৰ ডলাৰ। টকাৰ হিচাপত প্ৰায় সত্তৰ হাজাৰ। দাঁত এনে এটা বস্তু য’ত হাত দিয়াৰ লগে-লগেই সিফালে মিটাৰ উঠি গৈ থাকে। আৰচিটি, কেপিং, ফিলিং, মেডিছিন, সকলোবোৰ লৈ এটা এটা দাঁতৰ লগত কমেও দুই লাখ টকা খৰচ। তাক বত্ৰিছেৰে পূৰণ কৰক। কিমান হ’ল? তাতকৈ আমাৰ গাঁতকেইটাই উত্তম। কোনো টেন্সন নাই। সিদিনা দাঁত দেখুৱাবলৈকে কুতুবুদ্দিন ডিব্ৰুগড়লৈ গৈছিল। পিছে নাপালেগৈয়ে। মৰাণতে আটাইকেউটা সৰি-মেলি আজৰি। তাৰ কি আনন্দ। কেৱল টকা বচাই নহয়, ডাক্তৰৰ ছেম্বাৰত বহি বা থিয় হৈ ঘণ্টাৰ পিছত ঘণ্টা বোন্দাপৰ দি থকা, এক্সৰে’, ব্লাড, ষ্টুল, ইউৰিণ, প্ৰে’ছাৰ, ছুগাৰ, কলেষ্টেৰল, ইউৰিক এছিড, ইছিজি, দামী দামী দৰৱ…

– এতিয়া মই আপোনালোকক চান্দা দিব লাগিবনেকি?

আটাইকেউজনে উচপ খাই উঠিল।

– নাই নাই। নালাগে। আপুনি মাত্ৰ সম্বৰ্ধনা সভাখনত উপস্থিত থাকিলেই হৈ যাব।

– ছাৰসকলক কি দিব? গামোচা, শৰাই, চেলেং চাদৰ, ছাটি, লাখুটি, গীতা, ভাগৱত, কীৰ্তন, মানপত্ৰ, তাম্ৰপত্ৰ, আৰু কিবা..?

– আপোনাৰ পৰা সেই বিষয়েও কিবা এটা পৰামৰ্শ পাম বুলি আশা কৰি আহিছিলোঁ। আমি ভাবিছোঁ, চাৰি পাৰি দাঁত দি দিওঁ। এজনৰ দুপাৰিকৈ দুজনৰ টোটেল চাৰিপাৰি। অৱশ্যে যদু মধু, নৰেন হৰেন, ঘটিৰাম বাতিৰামৰ নিচিনা অৰ্ডিনেৰি প্ৰজাবোৰে যেনেকুৱা দাঁত লগায়, তেনেকুৱা কম দামী, ক্ষয় যোৱা বিধৰ, অৰ্ডিনেৰি দাঁত নহয়। এই ধৰি লওক বত্ৰিছটাৰ ভিতৰত কমেও চৈধ্যটা হীৰাৰ, দহটা প্লেটিনামৰ, 6টা সোণৰ, দুটা ৰূপৰ..। কেনেকুৱা হ’ব বাৰু? কওকচোন।

অতি আচৰিত হ’লোঁ।

– দাঁত উপহাৰ দিব খুজিছে কিয় ?

– চাওক। তেখেতসকল সাংঘাতিক ভিআইপি মানুহ। হয়নে নহয়? লগুৱা, লিকচৌ, লিটিকাই, ড্ৰাইভাৰ, বডিগাৰ্ড লৈ মস্ত মস্ত এছইউভি গাড়ীত ঘূৰে। গাঁতত পৰাৰ কোনো চান্স নাই। আৰু গাঁততেই যদি নপৰে, দাঁত কোনে সৰাব? বুঢ়া বয়সত নিজে নিজে সৰাৰ পাছত এই দুপাৰি কিমান কামত আহিব চিন্তা কৰক।

কথাটো বৰ এটা মিছাও নহয়। সঁচাকৈয়ে চিন্তা কৰিবলৈ লাগি গ’লোঁ।

– আমাৰ মতে এই মুহুৰ্তত, এই মুলুকত, দাঁতেই হৈছে প্ৰিয়জনক দিব পৰা সৰ্বোত্তম উপহাৰ। এতিয়াৰে পৰা আপুনিও আৰু গাঁত পোতা, ৰাস্তা মেৰামতি কৰা, নলা খন্দা, দলং সজা, মাইক নবজোৱা, লাইট লাগে, ফোন লাগে, গছ লাগে, এনেকুৱা কথাবোৰত লাগি নাথাকিব। আলিবাটত গাঁত যিমানে বাঢ়িব ৰাইজৰ সিমানেই লাভ। অ’কে?

■■

19 Comments

  • Krishna Borah Phukon

    স্কুলৰ দিনৰ পৰা পঢ়ি আহিছো আপোনাৰ লেখা। আলোচনীয়ে হওক বা বাতৰি কাগজ, মুঠতে আপোনাৰ নামটো দেখিলে প্ৰথমেই পঢ়ি লওঁ।

    আমাৰ ফটাঢোল পৰিয়ালৰ e magazine খনত আপোনাৰ লেখাটিয়ে আলোচনী খনক এনে শুৱনি কৰিছে যে বুজাবলৈ ভাষা নাই। ধন্যবাদ।

    Reply
  • শৈশৱৰ পৰা শুনি অহা এটি চিনাকী নাম ‘বিকাশ মামা’৷ আপোনাৰ লেখনি আমাৰ বাবে এক আৰ্হি৷ সমাজ সংস্কাৰেই যাৰ জীৱনৰ উদ্দেশ্য তেওঁ আমাৰ চিৰনমস্য৷ কৃতজ্ঞতা জনালো মামা আপোনাক৷

    Reply
  • Kamaljit Medhi

    আমাৰ নুনমাটি নাৰেংগী পথটোৰ একেই অৱস্থা। ভাল লাগিল

    Reply
  • Bijoy Mahanta

    আপোনাৰ লিখাই আলোচনীৰ মানদন্দ আৰু ওপৰলৈ নিলে।ধন্যবাদ

    Reply
  • ৰিণ্টু

    শৈশৱৰ পৰাই আপোনাৰ লেখাৰ গুণমুগ্ধ পাঠক। আপোনাৰ লেখাই ই-আলোচনীখনৰ সৌষ্ঠৱ এশ গুণে বৃদ্ধি কৰিলে। সুন্দৰ লেখনী, পঢ়ি আপ্লুত হ’লো চাৰ।

    আপোনাৰ সুস্বাস্থ্যৰ কামনা কৰিলো। লগতে আশা ৰাখিলো, ভবিষ্যতেও আপোনাৰ লেখনীৰে আলোচনীখন সমৃদ্ধ কৰিব

    Reply
  • গীতালি

    আৰম্ভনি কৰিছিলো মৌচাকৰ পৰা, তাৰপিছত প্ৰান্তিকৰ দৈনন্দিন। এতিয়াও সেই স্পৃহা কম হোৱা নাই। ক’ৰবাত আপোনাৰ লেখনী দেখিলেই গোগ্ৰাসে গিলো।

    আপোনাৰ লেখনীয়ে ই-মেগাজিনখনৰ মানদণ্ড আৰু ওপৰলৈ নিলে চাৰ।

    সুস্বাস্থ্যৰ কামনাৰে

    Reply
  • অঞ্জলি

    আপোনাৰ ৰঞ্জন শিতান মোৰ প্ৰিয় । এইখন আলোচনীত আপোনাৰ লিখা পঢ়িবলৈ পাই অতিশয় আনন্দিত হৈছোঁ । ভাল পালোঁ পঢ়ি

    Reply
  • চাৰ আপোনাৰ লেখাই সদায় আপ্লুত কৰি আহিছে। মই নিজে কিবা কিবি লেখিবলৈ চেষ্টা কৰিলে আপোনাৰ লেখনি আৰু শৈলীৰ প্ৰভাৱ এৰাই চলিব নোৱাৰো। ফটাঢোলত আপোনাৰ লেখনি পঢ়িবলৈ পাই গৌৰৱান্বিত হৈছো।

    Reply
  • ৰাজজ্যোতি

    শৈশৱৰে পৰা অতিকৈ চিনাকি নাম, সবাতোকৈ প্ৰিয় লিখক। প্ৰথমবাৰৰ বাবে আপোনাৰ লেখা ই-আলোচনী এখনত পঢ়িবলৈ পালো। তাৰবাবে ফটাঢোলৰ সম্পাদনা সমিতিলৈ অশেষ ধন্যবাদ।

    আগলৈও আপোনাৰ লেখা এই আলোচনীত পঢ়ি থাকিব পাম বুলি আশা ৰাখিলো। ভগৱানে আপোনাক সদায় সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখক

    Reply
  • হিৰণ্যজ্যোতি দাস

    আপোনাৰ দৰে লেখকৰ লেখনী ফটাঢোলত পঢ়ি খুব ভাল লাগিছে ৷

    Reply
  • আপোনাক আমাৰ মাজত পাই বৰ গৌৰৱান্বিত হৈছো ৷ আমি প্ৰায় নব্বৈৰ দশকৰ পৰাই আপোনাৰ নিৰ্ভীক আৰু নিৰপেক্ষ ব্যংগ লেখাৰ অনুৰাগী পাঠক ৷ আপোনাৰ দীৰ্ঘাও কামনা কৰিলো ৷ অলপ সময় উলিয়াই ফটাঢোলৰ মজিয়াত আহি এনেদৰে আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিলো ৷

    Reply
  • ঈশান

    মোৰ অন্যতম প্ৰিয় লেখকজনৰ লেখা ফটাঢোলত পঢ়িবলৈ পাই নথৈ আনন্দিত হৈছোঁ। অশেষ ধন্যবাদ ছাৰ।আপুনি সদায় কুশলে থাকক‌ ।

    Reply
  • অভিজিত

    প্রিয় লেখকজনক ইয়াত পায় কিযে গৌৰৱ অনুভৱ কৰিছো।

    এইটো শ্বেয়াৰ নকৰি নোৱাৰা লেখা।

    Reply
  • Sankar Jyoti Bora

    মজ্জা…

    Reply
  • অনুৰূপ মহন্ত

    আপোনাৰ লেখা ফটাঢোলত পঢ়িবলৈ পাই নথৈ আনন্দিত হৈছো ছাৰ। বৰ ভাল লাগিল।

    Reply
  • আপোনাৰ লেখাবোৰৰ প্ৰতি সদাই এটা আকৰ্ষণ আছে। আজিও ব্যতিক্ৰম নহ’ল। ফটাঢোলত আপোনাৰ লেখনিয়ে সৌষ্ঠৱ বৃদ্ধি কৰিলে।

    Reply
  • দ্বীপেন শৰ্মা

    আন্তৰিক শুভেচ্ছা থাকিল ।

    Reply
  • মানৱেন্দ্ৰ

    আপোনাৰ ব্যঙ্গৰ শৈলীয়ে মোক খুব আকৰ্ষণ কৰে৷ ইয়াত আপোনাৰ লেখা পাই খুব ভাল লাগিল৷

    Reply
  • খুব ভাল লাগিল ……

    Reply

Leave a Reply

Your email address will not be published.